⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

চৈয়দ আব্দুল মালিক জীৱনী – অসমীয়া সাহিত্যিক | Syed Abdul Malik

চৈয়দ আব্দুল মালিক | Syed Abdul Malik Essay in Assamese | Biography of Syed Abdul Malik in Assamese | চৈয়দ আব্দুল মালিক বিষয়ে জীৱনী | চৈয়দ আব্দুল মালিক বিষয়ে ৰচনা | চৈয়দ আব্দুল মালিকৰ চমু পৰিচয়।

অতুলনীয়, আপুৰুগীয়া সাহিত্য সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা চৈয়দ আব্দুল মালিক (Syed Abdul Malik) হ’ল অসমীয়া সাহিত্যিৰ শ্ৰেষ্ঠ গদ্য লিখক সকলৰ ভিতৰত অন্যতম তথা অদ্বিতীয়। গুৰুত্বপূৰ্ণ কথা যে সুধাকন্ঠ ড° ভূপেন হাজৰিকাই চৈয়দ আব্দুল মালিকক অসমীয়া সাহিত্যৰ মালিক বুলি অভিহিত কৰিছিল। চৈয়দ আব্দুল মালিক আছিল একেধাৰে গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক আৰু কবি।

চৈয়দ আব্দুল মালিক

চৈয়দ আব্দুল মালিক জীৱনী | Biography of Syed Abdul Malik

নামচৈয়দ আব্দুল মালিক (Syed Abdul Malik[1])
সম্পূৰ্ণ নামকোচাৰিল ৰমন নাৰায়ণন
জন্ম চন১৫ জানুৱাৰী, ১৯১৯ চন
জন্ম স্থান নাহৰণি, গোলাঘাট, অসম
অভিভাৱকপিতৃৰ নাম – চৈয়দ ৰহমৎ আলি
মাতৃৰ নাম – চৈয়দা লুৎফুন্নিছা
শিক্ষা১) ৩৩ নং নাহৰণি নিম্ন বুনিয়াদী বিদ্যালয়
২) দেৰগাঁও মজলীয়া বিদ্যালয়
৩) যোৰহাট চৰকাৰী হাইস্কুল
৪) যোৰহাট মহাবিদ্যালয়
৫) কটন মহাবিদ্যালয়
৬) গুৱাহাটী বিশ্ববিদ্যালয়
১) সাহিত্য অকাডেমি বঁটা (১৯৭২ চন)
২) পদ্মশ্ৰী সন্মান (১৯৮৪ চন)
৩) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডি.লিট সন্মান (১৯৮৮ চন)
৪) পদ্মভূষণ সন্মান (১৯৯২ চন)
৫) অসম উপত্যকা সাহিত্য বঁটা (১৯৯৪ চন)  
৬) আজানপীৰ বঁটা (১৯৯৫ চন)
৭) শংকৰদেৱ বঁটা (১৯৯৫ চন)
৮) সাহিত্যাচাৰ্য উপাধি (১৯৯৭ চন)
৯) সাহিত্য অকাডেমিৰ ফেলোশ্বিপ (১৯৯৯ চন)
মৃত্যু২০ ডিচেম্বৰ, ২০০০ চন

Also Read: জীৱনী: কৃষক নেতা চৌধাৰী চৰণ সিং | Chaudhary Charan Singh

চৈয়দ আব্দুল মালিক প্ৰাৰম্ভিক জীৱন

আধুনিক অসমীয়া কথা সাহিত্যৰ ইতিহাসত চৈয়দ আব্দুল মালিকৰ স্থান অদ্বিতীয়। চৈয়দ আব্দুল মালিকৰ জন্ম হয় ১৯১৯ চনৰ ১৫ জানুৱাৰী তাৰিখে গোলাঘাট জিলাৰ নাহৰণি গাওঁত। তেখেতৰ পিতৃৰ নাম হ’ল- চৈয়দ ৰহমৎ আলি আৰু মাতৃৰ নাম হ’ল- চৈয়দা লুৎফুন্নিছা। 

শিক্ষা 

৩৩ নং নাহৰণি নিম্ন বুনিয়াদী বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা চৈয়দ আব্দুল মালিকে প্ৰাথমিক বৃত্তি লাভ কৰাৰ পিছত দেৰগাঁও মজলীয়া বিদ্যালয়ত নামভৰ্তি কৰে। ইয়াৰ পৰৱৰ্তী সময়ত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা ১৯৩৭ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাট কলেজত নামভৰ্তি কৰে আৰু যোৰহাট কলেজৰ পৰাই ১৯৩৯ চনত আই এ পৰীক্ষাত উত্তীৰ্ণ হয়। আই এ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পিছত কটন কলেজত নামভৰ্তি কৰে চৈয়দ আব্দুল মালিকে আৰু কটন কলেজৰ পৰাই ১৯৪১ চনত ইংৰাজীত অনাৰ্চ সহঃ স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ১৯৫১ চনত। 

কৰ্মজীৱন 

আবকাৰী বিভাগৰ চাব ইন্সপেক্টৰ হিচাপে ১৯৪২ চনত কৰ্মজীৱন আৰম্ভ কৰিছিল চৈয়দ আব্দুল মালিকে। সৈন্য বাহিনীটো কিছুদিন কাম কৰা মালিকে পৰৱৰ্তী সময়ত পাৰ্ছী ভাষাৰ প্ৰবক্তা হিচাপে ১৯৪৬ চনত যোৰহাট মহাবিদ্যালয়টো কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ওপৰিও প্ৰ’গেম এচিষ্টেণ্ট হিচাপেও কাৰ্যনিৰ্বাহ কৰি চৈয়দ আব্দুল মালিকে গোলাঘাটৰ ঢেকীয়াল হাইস্কুল আৰু কুৰালগুৰি হাইস্কুলত শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৫১ চনত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰি এই মহাবিদ্যালয়ৰ পৰাই ১৯৭৬ চনত অৱসৰ গ্ৰহণ কৰে।

সাহিত্যৰাজি

কাব্য

অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্রাট বুলি অভিহিত কৰা চৈয়দ আব্দুল মালিকে স্কুলীয়া ছাত্ৰ অৱস্থাতে সাহিত্য চৰ্চা কৰিছিল। শৈশৱতে কবিতা ৰচনা কৰা মালিকৰ প্ৰথম কবিতা প্ৰকাশিত হৈছিল ১৯৩৬ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ আলোচনী ‘জেউতি’ত। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁৰ পাঁচখন কবিতাৰ সংকলন প্ৰকাশ হৈছিল। চৈয়দ আব্দুল মালিকৰ  প্ৰকাশিত প্ৰথম খন কাব্য সংকলন হ’ল ১৯৪৮ চনত প্ৰকাশিত বেদুইন। ইয়াৰ ওপৰিও তেখেতৰ আন আন কাব্য সংকলন সমূহ হʼল- ১৯৬৫ চনত প্ৰকাশিত স্বাক্ষৰ, স্বপ্ন দুস্বপ্ন আৰু অন্য কিছু কথা, ছন্দহীন ছন্দ আৰু তোমাৰ কন্ঠ।

চুটি গল্প

উল্লেখ্য যে প্ৰায় দুহেজাৰতকৈ অধিক চুটি গল্প ৰচনা কৰা চৈয়দ আব্দুল মালিক চুটি গল্প ৰচনা কৰাৰ ক্ষেত্ৰত ৰুছ দেশৰ এন্টন চেকভ আৰু ফৰাচী দেশৰ গিদ মোপাচাৰ দ্বাৰা বিশেষ ভাৱে প্ৰভাৱান্বিত হৈছিল। তেখেতৰ কেইখনমান উল্লেখযোগ্য চুটি গল্পৰ সংকলন হৈছে পৰশমণি (১৯৮৬), ৰঙাগড়া (১৯৪৩), মৰহা পাপৰি (১৯৫৪), শিখৰে শিখৰে (১৯৬৩), অন্ধকুপ (১৯৭৭)। ইয়াৰ ওপৰিও তেওঁৰ অনান্য চুটি গল্প সংকলন হৈছে- তিনিচকীয়া গাড়ী, হাঁহি আৰু চকুলো, বীভৎস বেদনা, ত্ৰিশূল, আৱৰ্ত, অৰিহণা, শীল আৰু শিখা, ছয় নম্বৰ প্ৰশ্নৰ উত্তৰ, পোৰা গাঁৱত পহিলা বহাগ, হাঁহিৰে চকুলো ঢাকি, অসমীয়া প্ৰেমৰ গল্প ইত্যাদি।

উপন্যাস 

প্ৰায় ৭২ খন মান উপন্যাস ৰচনা কৰি আধুনিক অসমীয়া গদ্য সাহিত্যৰ ক্ষেত্ৰখনত সৰ্বাধিক উপন্যাস ৰচনা কৰা ব্যক্তি হিচাপে পৰিগণিত হোৱা লোকজন  চৈয়দ আব্দুল মালিক। তেখেতে ৰচনা কৰা উপন্যাস সমূহ হ’ল – লঃসাঃগু (প্ৰথমে বাঁহী আলোচনীত ১৯৪৫-৪৬ চনত খণ্ড খণ্ডকৈ প্ৰকাশ, পৰৱৰ্তী সময়ত ওমলা ঘৰৰ ধূলি নামেৰে ১৯৬৪ চনত ছপা আকাৰে প্ৰকাশ), বনজুই (১৯৪২), ৰথৰ চকৰী ঘূৰে (১৯৫৮), তীৰ্থযাত্ৰী (১৯৫০), কবিতাৰ নাম লাভা (১৯৫৬), ছৱিঘৰ (১৯৫৮), মাটিৰ চাকি (১৯৫৯), সূৰুযমুখীৰ স্বপ্ন (১৯৬০), আধাৰশিলা (১৯৬০), জীয়া জুৰিৰ ঘাট (১৯৬০), অন্য আকাশ অন্য তৰা (১৯৬২), ৰূপতীৰ্থৰ যাত্ৰী (১৯৬৩), ৰজনীগন্ধাৰ চকুলো (১৯৬৪), ৰূপতীৰ্থৰ যাত্ৰী ( দ্বিতীয় খণ্ড, ১৯৬৫), মোৰ বাবে নুৰুৱা তুমি মালতি ফুল (১৯৬৬), প্ৰাচীৰ আৰু প্ৰান্তৰ (১৯৬৮), জয়া মণিকা ইত্যাদি (১৯৬৮), অঘৰী আত্মাৰ কাহিনী (১৯৬৯), বিহ মেটেকাৰ ফুল (১৯৬৯), শৰীৰত এটুকুৰা জুই (১৯৭০), অমৰ মায়া (১৯৭০), অন্য নাম মৃত্যু (১৯৭০), উঁই হাফলু (১৯৭১), অগ্নিগৰ্ভা (১৯৭১), খোৰা নিদান (১৯৭১), প্ৰাণ সমুদ্ৰ (১৯৭২), সোণালী সূতাৰে বন্ধা (১৯৭২), এটা সূৰ্য, দুখন নদী আৰু এখন মৰুভূমি (১৯৭২), সিপাৰে প্ৰাণ সমুদ্ৰ (১৯৭২), পহুমৰা হাবিৰ বাট (১৯৭৩), মন জেতুকাৰ পাত (১৯৭৩), জেতুকা পাতৰ দৰে (১৯৭৩), নল বিৰিণা খাগৰি (১৯৭৩), একা বেকা বৃত্ত (১৯৭৫), ড° অৰুণাভৰ অসম্পূৰ্ণ জীৱনী (১৯৭৭), অন্ধকূপ (১৯৭৭), আৱৰ্ত (১৯৭৮), ৰূপাবৰিৰ পলস (১৯৮০), ফাগুনৰ শেষ হাঁহি (১৯৮৪), স্বপ্নভংগ (১৯৮৫), মৌ ডিমৰুৰ কোঁহ (১৯৮৫), কেৱল প্ৰেমেই যদি (১৯৮৫), নিঃসংগ মৌপিয়াৰ গীত (১৯৮৫), এটা ধুমকেতুৰ শৰশয্যা (১৯৮৭), গাঁথনিৰ তেজৰ কৰাল (১৯৮৮), স্বাতী নক্ষত্ৰৰ ভষ্ম (১৯৮৮), সুমেৰু-কুমেৰু আৰু এটা বাঁহী, ভূমি চম্পাৰ কঁপালৰ সেন্দুৰ ফোট (১৯৮৮), ধন্য নৰু তনু ভাল (১৯৮১), অন্য যুগ ভিন্ন তীৰ্থ (১৯৮৮), উভতি অহাৰ গান (১৯৮৯), বন্দৰ, কামিজ, বেলুন (১৯৯১), মৰহা পাপৰি, মনুষ্যত্বৰ মৰিশালী (১৯৯৪), ফুলনি বাৰীত ব্ৰজপাত (১৯৯৬), মুনি চুনিৰ চকা চমকা (১৯৯৬), মই মৰিনো নাযাও কিয় (১৯৯৭), আপোন আপোন স্বৰ্গ (১৯৯৮), নিজৰাৰ বুকুত জ্বলা জুইৰ শিখা (১৯৯৮), প্ৰেম অমৃতৰ নদী ইত্যাদি।

নাটক 

গল্প, উপন্যাস, কবিতাৰ ওপৰিও নাট্য সাহিত্যৰ চৰ্চা কৰিছিল চৈয়দ আব্দুল মালিকে। প্ৰায় ২১ খন মান নাটক ৰচনা কৰি অসমীয়া নাট্য সাহিত্যক সমৃদ্ধিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আব্দুল মালিকৰ উল্লেখযোগ্য নাটক সমূহ হ’ল- ৰাজদ্ৰোহী (১৯৫৭), মকৰা জাল (১৯৬৪), অন্ধকুপ (১৯৭৭)। ইয়াৰ ওপৰিও আব্দুল মালিকে ৰচনা কৰা অনাতাঁৰ নাটক সমূহ হ’ল- সুৰৰ দেৱতা (প্ৰচাৰ ১৯৪৮), আধা অকা ছৱি (প্ৰচাৰ ১৯৫২) ইত্যাদি।

জীৱনী মূলক গ্ৰন্থ

জীৱনী মূলক গ্ৰন্থৰ ভিতৰত চৈয়দ আব্দুল মালিকৰ উল্লেখযোগ্য গ্ৰন্থ হ’ল- হজৰত মহম্মদৰ জীৱন কাহিনী। মোৰ জীৱনৰ নহ’লবোৰ শীৰ্ষক আত্ম জীৱনী মূলক গ্ৰন্থৰ মাজেৰে বহুমুখী প্ৰতিভাৰ অধিকাৰী আব্দুল মালিকে ব্যক্তিগত জীৱনৰ ঘাট প্ৰতিঘাট, সমস্যা, সংঘাত, প্ৰত্যাহ্বানসমূহক প্ৰতিফলিত কৰিছে। ইয়াৰ ওপৰিও চৈয়দ আব্দুল মালিকৰ তত্বদৰ্শী, গভীৰ চিন্তাশীল ব্যক্তিত্ব প্ৰতিফলিত হয় চুফী আৰু চুফীবাদ প্ৰৱন্ধ গ্ৰন্থৰ লগতে তেওঁৰ এখন উল্লেখযোগ্য গৱেষণামূলক গ্ৰন্থ জিকিৰ আৰু জাৰিৰ মাজত। ৰাইজৰ মুখৰ মাত হ’ল চৈয়দ আব্দুল মালিকৰ আন এখন উল্লেখযোগ্য গ্ৰন্থ।

Also Read: জীৱনী: কে. আৰ. নাৰায়ণ – ভাৰতৰ প্ৰথম গৰাকী দলিত ৰাষ্ট্ৰপতি | K. R. Narayanan

শিশু সাহিত্য

শিশু সকলৰ বাবে কৰা সৃষ্টিৰ ভিতৰত চৈয়দ আব্দুল মালিকৰ উল্লেখযোগ্য গ্ৰন্থ হ’ল- কোৰান চৰিফৰ সাৰ কথা, আগলৈ পাছলৈ তললৈ ওপৰলৈ। আব্দুল মালিকৰ এখন উল্লেখযোগ্য ব্যংগ ৰচনাৰ পুথি হ’ল অকথ্য-অশ্ৰাব্য। গুৰুত্বপূৰ্ণ কথা যে চৈয়দ আব্দুল মালিকে হাস্য ব্যংগ মূলক গ্ৰন্থৰ মাজেৰে সমাজখনক সমালোচনাত্মক দৃষ্টিৰে চোৱাৰ সমান্তৰালকৈ পাঠক সমাজক সমাজৰ কিছুমান বিসংগতিৰ প্ৰতিও সজাগ কৰিবলৈ যত্ন কৰিছিল।

অন্যান্য ৰচনা

এইসমূহৰ ওপৰিও চৈয়দ আব্দুল মালিকে ২ খন হাস্য ব্যংগ মূলক গ্ৰন্থ, ৩ খন ভ্ৰমণ কাহিনী, ৯ খন গৱেষণামূলক গ্ৰন্থ, ৩ খন আত্মজীৱনী, ৫ খন শিশু গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।

সাহিত্য অকাডেমীৰ কাউন্সিলৰ সদস্য হিচাপে ১৯৬৩ চনৰ পৰা ১৯৬৯ চনলৈকে দায়িত্ব পালন কৰা ছৈয়দ আব্দুল মালিকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপেও ১৯৬৯ চনত কাৰ্যনিৰ্বাহ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ভাৰতীয় গণ নাট্য সংঘ আৰু কমিউনিষ্ট আন্দোলনৰ সৈতেও জড়িত থকা চৈয়দ আব্দুল মালিক  ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ১৯৮৩ চনত। ইয়াৰ ওপৰিও ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিবেশনৰ সভাপতি আসন অলংকৃত কৰিছিল তেওঁ। 

অসমৰ সাহিত্য জগতৰ অতি উজ্জ্বল জ্যোতিষ্ক স্বৰূপ চৈয়দ আব্দুল মালিকে তেওঁৰ উপন্যাস অঘৰী আত্মাৰ কাহিনীৰ বাবে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অসমীয়া সাহিত্য জগতলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা আব্দুল মালিকক ভাৰত চৰকাৰে ১৯৮৪ চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰাৰ লগতে ১৯৯২ চনত ভাৰত চৰকাৰৰ পদ্মভূষণ সন্মানেৰে বিভূষিত কৰিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ১৯৮৮ চনত ডি লিট উপাধি প্ৰদান কৰিছিল চৈয়দ আব্দুল মালিকক। ১৯৯৪ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল আব্দুল মালিকে।

Also Read: জীৱনী: ৰাম নাথ কোবিন্দ – ভাৰতৰ ৰাষ্ট্ৰপতি | Ram Nath Kovind

সামৰণি

ইয়াৰ ওপৰিও তেওঁ ১৯৯৫ চনত অসম চৰকাৰৰ আজানপীৰ বঁটা আৰু শংকৰদেৱ বঁটা, ১৯৯৭ চনত অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য উপাধি, ১৯৯৯ চনত সাহিত্য অকাডেমীৰ ফেলোশ্বিপ লাভ কৰিছিল চৈয়দ আব্দুল মালিকে।

অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা এই জন পুৰোধা ব্যক্তি ২০০০ চনৰ ২০ ডিচেম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰে।

Also Read: জীৱনী: ভোগেশ্বৰ বৰুৱা – অসমৰ ক্ৰীড়া জগতৰ তাৰকা | Bhogeswar Baruah

FAQ

১) চৈয়দ আব্দুল মালিক কোন?

উঃ- আপুৰুগীয়া সাহিত্য সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা চৈয়দ আব্দুল মালিক হ’ল অসমীয়া সাহিত্যিৰ শ্ৰেষ্ঠ গদ্য লিখক সকলৰ ভিতৰত অন্যতম তথা অদ্বিতীয়। সুধাকন্ঠ ড° ভূপেন হাজৰিকাই চৈয়দ আব্দুল মালিকক অসমীয়া সাহিত্যৰ মালিক বুলি অভিহিত কৰিছিল। চৈয়দ আব্দুল মালিক আছিল একেধাৰে গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক আৰু কবি।

২) চৈয়দ আব্দুল মালিকৰ জন্ম কেতিয়া হৈছিল?

উঃ- ১৫ জানুৱাৰী, ১৯১৯ চনত।

৩)  ‘আধা অকা ছৱি’ কোনে লিখা?  

উঃ- চৈয়দ আব্দুল মালিকে।

৪)   চৈয়দ আব্দুল মালিকে আজানপীৰ বঁটা কেতিয়া পাইছিল?

উঃ- ১৯৯৫ চনত।

৫) চৈয়দ আব্দুল মালিকৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ২০০০ চনৰ ২০ ডিচেম্বৰত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top