ভোগেশ্বৰ বৰুৱা জীৱনী – অসমৰ ক্ৰীড়া জগতৰ তাৰকা | Bhogeswar Baruah

ভোগেশ্বৰ বৰুৱা | Bhogeswar Baruah Essay in Assamese | Biography of Bhogeswar Baruah in Assamese | ভোগেশ্বৰ বৰুৱা বিষয়ে জীৱনী | ভোগেশ্বৰ বৰুৱা বিষয়ে ৰচনা | ভোগেশ্বৰ বৰুৱাৰ চমু পৰিচয়।

Join Telegram channel

ঊন্নৈশশ ষাঠি (১৯৬০) দশকত ক্ৰীড়াৰ ক্ষেত্ৰ খনত আন্তঃগাথঁনিৰ অভাৱ আছিল। ক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰতি সাধাৰণ মানুহৰ আগ্ৰহ নাছিল। কাৰণ সেই সময়ত সহ: পাঠ্যক্ৰমিক বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাছিল। খেলক জীৱনৰ লক্ষ্য হিচাপে বাছি লোৱাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান আছিল। তেনে সময়তে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ জৰিয়তে পদক (Medal) লাভ কৰি ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল শিৱসাগৰৰ সন্তান ভোগেশ্বৰ বৰুৱাই। তেখেতে যেতিয়া ক্ৰীড়া জগতত ভৰি দিছিল সেই সময়ত অনুশীলনৰ বাবে ষ্টেডিয়ামৰো অভাৱ আছিল। তথাপিও মানসিক দৃঢ়তা, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ ফলতেই পদক অৰ্জন কৰাৰ লগতে কেইবাটাও অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল তেওঁ। বৰ্ণিল জীৱন প্ৰৰিক্ৰমাৰে নিজকে ক্ৰীড়াক্ষেত্ৰত প্ৰতিষ্ঠা কৰা  ভোগেশ্বৰ বৰুৱাৰ কৰ্মজীৱনো আছিল বৰ্ণিল। আন্তৰ্জাতিক ক্ৰীড়া ক্ষেত্ৰত ঈৰ্ষণীয় সফলতাৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্জুন বঁটা লাভ কৰা প্ৰথম জন ক্ৰীড়াবিদ আছিল ভোগেশ্বৰ বৰুৱা (Bhogeswar Baruah)।

ভোগেশ্বৰ বৰুৱা

ভোগেশ্বৰ বৰুৱা জীৱনী | Bhogeswar Baruah Biography

নামভোগেশ্বৰ বৰুৱা (Bhogeswar Baruah[1])
জন্ম চন৩ চেপ্তেম্বৰ, ১৯৪০ (3rd September, 1940)
জন্ম স্থানজয়সাগৰ পুখুৰীৰ পাৰৰ সুন্দৰপুৰ, শিৱসাগৰ
পৰিয়ালপিতৃৰ নাম- ভদ্ৰেশ্বৰ বৰুৱা
মাতৃৰ নাম- আইকণ বৰুৱা
শিক্ষা১) খালিকোট মহাবিদ্যালয়, মাদ্ৰাজ বিশ্ববিদ্যালয়, চেন্নাই
২) নেশ্যনেল ইউনিভাৰটিটী অৱ আয়াৰল্যাণ্ড, ডাৱলিন      
বঁটা১) ১৯৬৩ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া অ’পেন এথলেটিকছ মীটৰ ৰীলেত স্বৰ্ণপদক লাভ ।
২) ১৯৬৪ চনত চণ্ডীগড়ত আয়োজিত ৰাষ্ট্রীয় এথলেটিক প্রতিযোগিতাত স্বৰ্ণ পদক লাভ।
৩) ১৯৬৫ চনত বাংগালুৰুত অনুষ্ঠিত হোৱা ৰাষ্ট্রীয় এথলেটিক প্রতিযোগিতাত স্বর্ণপদক লাভ।
৪) ১৯৬৬ চনত বেংককত অনুষ্ঠিত হোৱা পঞ্চম এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত প্ৰথম স্থান দখল কৰি স্বৰ্ণ পদক লাভ।
৫) ১৯৭০ চনত ষষ্ঠ এছিয়ান গেমছৰ ৪০০ মিটাৰ ৰীলেত ৰূপৰ পদক লাভ।
৬) ১৯৬৭ চনত ভাৰত চৰকাৰে প্ৰদান কৰা ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান অৰ্জুন বঁটা লাভ।
৭) ২০১৫ চনত তাই আহোম যুৱ-পৰিষদৰ লাচিত বঁটা লাভ।
৮) ২০১৯ বৰ্ষত অসম চৰকাৰে প্ৰদান কৰা বীৰ চিলাৰায় বঁটা গ্ৰহণ।
মৃত্যু ২৪ জুন, ১৯৮০ চন

Also Read: জীৱনী: দিপাংকৰ ভট্টাচাৰ্য | Biography of Dipankar Bhattacharjee

ভোগেশ্বৰ বৰুৱা প্ৰাৰম্ভিক জীৱন

শিৱসাগৰ জিলাৰ জয়সাগৰৰ সুন্দৰপুৰত জন্ম গ্ৰহণ কৰিছিল ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই। ১৯৪০ চনৰ ৩ চেপ্তেম্বৰত জন্ম গ্ৰহণ কৰা এক বৰ্ণিল জীৱনৰ গৰাকী ভোগেশ্বৰ বৰুৱাই ঐতিহাসিক শিৱসাগৰতে শৈশৱ অতিবাহিত কৰিছিল। প্ৰথমতে ফুটবল খেলৰ প্ৰতিহে আকৃষ্ট হোৱা ভোগেশ্বৰ বৰুৱাই অৱশ্যে ফুটবল খেলৰ লগতে সেই সময়ত বৰুৱাই বক্সিং, সাতোঁৰ আদিও খেলিছিল।

১৯৬০ চনত তেখেতে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ EME বিভাগত যোগদান কৰিছিল। এই বিভাগত যোগদান কৰাৰ পাছত ক্ৰমান্বয়ে তেখেতৰ জীৱনৰ গতিপথ সলনি হৈ পৰে। এই বিভাগত যোগদান কৰাৰ পাছত তেওঁ ফুটবলৰ সলনি দৌৰতহে মনোনিবেশ কৰিলে।

খেলুৱৈ জীৱন | Sportsman life

ভোগেশ্বৰ বৰুৱাই পোন প্ৰথমবাৰৰ বাবে ১৯৬৩ চনত নতুন দিল্লী (New Delhi) ত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া অʼপেন এথলেটিকছ মীট (All India Open Athletics Meet) ৰ ৰীলে (Relay) ত অংশগ্ৰহণ কৰিছিল। ইতিবাচক কথা যে তেওঁ এই ৰীলেত স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত ভোগেশ্বৰ বৰুৱাই পিছলৈ আৰু ঘূৰি চাবলগীয়া হোৱা নাই।

১৯৬৪ চনত শ্রীলংকাত অনুষ্ঠিত হোৱা ʼপেন এথলেটিকছ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ইতিবাচক কথা যে তেওঁ এই প্ৰতিযোগিতাতো  স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ 

অন্যহাতে ১৯৬৪ চনতে ভোগেশ্বৰ বৰুৱাই চণ্ডীগড় (Chandigarh)-ত আয়োজিত ৰাষ্ট্রীয় এথলেটিক প্রতিযোগিতা (National Athletic Competition)-ত অংশগ্ৰহণ কৰাৰ লগতে ১৯৬৫ চনত বাংগালুৰু (Bangalore)-ত অনুষ্ঠিত হোৱা ৰাষ্ট্রীয় এথলেটিক প্রতিযোগিতাতো অংশগ্ৰহণ কৰিছিল।

জীৱনৰ কীৰ্তিস্তম্ভ | Achievements

গুৰুত্বপূৰ্ণ কথা যে তেওঁ এই ১৯৬৪-১৯৬৫ চনৰ প্রতিযোগিতাতো স্বর্ণপদক লাভ কৰিবলৈ সক্ষম হয়। অৱশ্যে কেৱল পদক লাভ কৰাই নহয় ১৯৬৫ চনত এক নতুন অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল বৰুৱা। তেওঁ ৮০০ মিটাৰ দৌৰ ১মিনিট ৪৯. ছেকেণ্ডত সমাপ্ত কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল

ইয়াৰ পৰৱৰ্তী সময়ত ১৯৬৬ চনত ভোগেশ্বৰ বৰুৱাই ঈৰ্ষণীয় সাফল্যৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। তেখেতে ১৯৬৬ চনত বেংকক (Bangkok)ত অনুষ্ঠিত হোৱা পঞ্চম এছিয়ান গেমছ (5th Asian Games)-ত ৮০০ মিটাৰ দৌৰত প্ৰথম স্থান দখল কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। গুৰুত্বপূৰ্ণ কথা যে, ইয়াৰ পিছতেই আন্তৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদকপ্ৰাপক প্ৰথমগৰাকী অসমীয়াৰূপে পৰিগণিত হয় ভোগেশ্বৰ বৰুৱা।কেৱল মাত্ৰ স্বৰ্ণ পদক লাভ কৰাই নহয় তেওঁ এছিয়ান গেমছত এটা নতুন অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ৮০০ মিটাৰ দৌৰত মাত্ৰ ১ মিনিট ৪৯.৪ ছেকেণ্ডৰ প্ৰয়োজন হৈছিল ভোগেশ্বৰ বৰুৱাক। এইটো আছিল তেতিয়াৰ নতুন এছিয়াৰ ৰেকৰ্ড।

১৯৬৩ চনত দিল্লীত অনুষ্ঠিত হোৱা এথলেটিক্ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত এথলেটিক্‌ছ জীৱন আৰম্ভ কৰা ভোগেশ্বৰ বৰুৱাই এই  ক্ষেত্ৰত ভৰি দিয়া মাত্ৰ ২ বছৰ পিছতে ১৯৬৬ চনত প্ৰথমটো আন্তৰ্জাতিক সাফল্য অৰ্জন কৰিছিল। বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অভিলেখ সৃষ্টি কৰি পদক লাভ কৰিবলৈ সক্ষম হোৱা ভোগেশ্বৰ বৰুৱাক ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰলৈ অগবঢ়োৱা অৱদানৰ বাবে ১৯৬৭ চনত ভাৰত চৰকাৰে সেই সময়ৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান অৰ্জুন বঁটা প্ৰদান কৰে। গুৰুত্বপূৰ্ণ কথা যে ভোগেশ্বৰ বৰুৱা হ’ল অৰ্জুন বঁটা বিজয়ী প্ৰথমজন অসমীয়া

১৯৭০ চনত ষষ্ঠ এছিয়ান গেমছৰ ৪০০ মিটাৰ ৰীলেত ৰূপৰ পদক দখল কৰা ভাৰতীয় দলটোৰ দলৰ অন্যতম সদস্য আছিল ভোগেশ্বৰ বৰুৱা।

অল ইণ্ডিয়া কাউন্সিল অৱ স্পৰ্টছ আৰু ৰাষ্ট্রীয় এথলেটিক দলৰ নির্বাচক কমিটীৰ সদস্য ৰূপেও ৬ বছৰ ধৰি দায়িত্ব পালন কৰিছিল অৰ্জুন ভোগেশ্বৰ বৰুৱাই। গুৰুত্বপূৰ্ণ কথা যে অর্জুন বঁটা সমিতিৰ নির্বাচক হিচাপেও ভোগেশ্বৰ বৰুৱাই ১৯৬৭ চনৰ পৰা দীৰ্ঘকালৰ বাবে অৰ্থাৎ প্রায় ৫০ বছৰ সফলতাৰে কাৰ্য্যনিৰ্বাহ কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে এক বৰ্ণিল জীৱনৰ গৰাকী ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনটো অৰ্থাৎ ৩ ছেপ্টেম্বৰৰ দিনটো প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি প্ৰত্যেক বছৰেই সমগ্র অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। ১৯৮৪ চনৰ পৰা সমগ্ৰ অসমজুৰি এই দিৱস পালন কৰি অহা হৈছে। উল্লেখযোগ্য কথা যে, অসম হৈছে ভাৰতৰ একমাত্ৰ ৰাজ্য যিয়ে জীৱন্ত ক্ৰীড়া কিংবদন্তিৰ জন্মদিনত ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন কৰে।

এই অভিৰুচি ক্ৰীড়া দিৱসৰ আৰম্ভণিৰ এটা সুন্দৰ ইতিহাস আছে। সেই সময়ত অসমৰ ক্ৰীড়াজগতৰ লগত জড়িত ব্যক্তিসমাজৰ বাবে এক চিনাকি নাম আছিল অভিৰুচি” আলোচনী। এই আলোচনীখনৰ স্বত্বাধিকাৰী বলেন চক্ৰৱৰ্তীয়ে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ স্মৃতি অনন্তকাললৈ সঞ্জীৱিত কৰি ৰাখিবলৈ পোন প্ৰথমে অভিৰুচি ক্ৰীড়া দিৱস ৰ আৰম্ভণি কৰিছিল। পৰৱৰ্তী সময়ত অসম চৰকাৰে তথা অসমৰ ৰাইজে এই ছেপ্টেম্বৰ দিনটো অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস ৰূপে প্ৰতি বছৰেই পালন কৰি আহিছে।

নব্বৈৰ দশকৰ আৰম্ভণিতে অৰ্জুন ভোগেশ্বৰ বৰুৱাই শিৱসাগৰ জিলাৰ অন্তৰ্গত ডিমৌত এখন ক্ৰীড়া একাডেমী প্ৰতিষ্ঠা কৰিছিল। এই একাডেমী খনৰ জৰিয়তে বৰুৱাই নিজৰ অভিজ্ঞতা সমূহ বিলাই দিয়াৰ লগতে নতুন প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহাম্বিত কৰি তুলিবলৈ আৰু খেলুৱৈ সকলে নিজৰ লক্ষ্যত কিদৰে আগবাঢ়ি যাব সেই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল এইখন ক্ৰীড়া একাডেমী। কিন্তু দুৰ্ভাগ্যবশতঃ পুঁজিৰ অভাৱত প্ৰতিষ্ঠা কৰা প্ৰায় তিনি বছৰ পিছতেই এই একাডেমী খন বন্ধ হৈ যায়।

Also Read: জীৱনী: তয়াবুন নিছা | Biography of Tayabun Nisha

ক্ৰিয়া জগতলৈ অৱদান | Contribution to the World of Sports

কিন্তু গুৰুত্বপূৰ্ণ কথা যে, প্ৰাক্তণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী সৰুসজাই স্থিত ক্ৰীড়া কমপ্লেক্সত ভোগেশ্বৰ বৰুৱা ৰাজ্যিক ক্ৰীড়া বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ২০১৯ বৰ্ষত।

গুৰুত্বপূৰ্ণ কথা যে, ২০২০ বৰ্ষত সেই সময়ৰ শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই গ্ৰহণ কৰা ‘ছৌলফুল শিৱসাগৰ’ অভিযানৰ অধীনত পৰিকল্পনা কৰা এটা অভিলাষী ক্ৰীড়া পদক্ষেপৰ “খেল’ শিৱসাগৰ খেল’” ৰ ব্ৰেণ্ড এম্বেচেডৰ ৰূপেও দায়িত্ব পালন কৰিছিল অৰ্জুন ভোগেশ্বৰ বৰুৱাই।

ধিং এক্সপ্ৰেছ হিচাপে জনাজাত অসমৰ পঞ্চম গৰাকী অৰ্জুন বঁটা বিজয়ী হিমা দাসকো অৰ্জুন ভোগেশ্বৰ বৰুৱাই যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল।

গুৰুত্বপূৰ্ণ কথা যে ২০১৯ বৰ্ষত ডাঃ নাৰায়ণ বৰদলৈয়ে ভোগেশ্বৰ বৰুৱাৰ জীৱন দৰ্শন, তেওঁৰ একাগ্ৰতা, কৰ্মস্পৃহা তথা ভোগেশ্বৰ বৰুৱাৰ সফলতাৰ কাহিনী নতুন পুৰুষৰ বাবে প্ৰেৰণাৰ উৎস হৈ ভৱিষ্যত প্ৰজন্মৰ বাবে ৰাখি থৈ যাবলৈ সোণালী দৌৰ : ভোগেশ্বৰ বৰুৱাৰ আত্মকথা নামেৰে এখন গ্ৰন্থ প্ৰণয়ন কৰে।

ইতিবাচক কথা যে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ তথা জীৱনযোৰা সাধনা আৰু সাহসৰ বাবে অসম চৰকাৰে ‌অৰ্জুন সন্মানপ্রাপ্ত প্রবীণ ক্রীড়াবিদ ভোগেশ্বৰ বৰুৱাক ২০১৯ বর্ষৰ বীৰ চিলাৰায় বঁটা প্ৰদান কৰে। ইয়াৰ ওপৰিও ২০১৫ চনত তাই আহোম যুৱ-পৰিষদে ভোগেশ্বৰ বৰুৱাক লাচিত বঁটা প্ৰদান কৰে।

Also Read: জীৱনী: মণিৰাম দেৱান- অসমৰ চাহৰ আৱিষ্কাৰক | Maniram Dewan

সামৰণি | Conclusion

ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰা প্ৰথম জন খেলুৱৈ হ’ল অসম গৌৰৱ তথা শিৱসাগৰৰ সন্তান ভোগেশ্বৰ বৰুৱা। মনত অদম্য ইচ্ছাশক্তি, কামৰ প্ৰতি হেঁপাহ থাকিলে লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত কোনো কাৰকে যে হেঙাৰ সৃষ্টি কৰিব নোৱাৰে এই কথাকে নিজৰ কামৰ জৰিয়তে প্ৰতীয়মান কৰি ভোগেশ্বৰ বৰুৱাই সমাজত দাঙি ধৰিলে এক নতুন দৃষ্টান্ত।  যথেষ্ট কষ্ট তথা ত্যাগ স্বীকাৰ কৰি একাগ্ৰতা আৰু অধ্যাবসায়ৰ জৰিয়তে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা ভোগেশ্বৰ বৰুৱা‌ হ’ল নতুন প্ৰজন্মৰ বাবে আইকন (Icon)। আন্ত: গাঁথনিৰ অভাৱ হ’লেও ভোগেশ্বৰ বৰুৱাৰ কঠোৰ জীৱন সংগ্ৰামে প্ৰতিপন্ন কৰিল যে, কৰ্তব্যনিষ্ঠা,সাহস, একাগ্ৰতা, বুদ্ধিদীপ্ততা, লক্ষ্যত উপনীত হ’বলৈ দৃঢ়তা থাকিলে কোনো কাৰকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব নোৱাৰে।

অসমীয়া হিচাপে অৰ্জুন ভোগেশ্বৰ বৰুৱা প্ৰাপ্তিক লৈ অসমবাসী সদায় গৌৰৱান্বিত হৈ থাকিব। ভোগেশ্বৰ বৰুৱাই ক্ৰীড়াৰ ক্ষেত্ৰখনত এটা বাট কাটি তেওঁৰ আদৰ্শৰে বহু অসমীয়া যুৱক-যুৱতীক ক্ৰীড়া ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিলে। সমগ্ৰ বিশ্বৰ আগত ক্ৰীড়া ক্ষেত্ৰখনত তেঁৱেই অসমৰ নাম প্ৰথমবাৰৰ বাবে উজ্বলাই তুলিলে। অসমৰ ক্ৰীড়া জগতত ভোগেশ্বৰ বৰুৱাৰ নাম আৰু কাম সদায় একক আৰু অদ্বিতীয় হৈ থাকি যাব।

Also Read: জীৱনী: অমলেন্দু গুহ- ভাৰতীয় ইতিহাসবিদ | Amalendu Guha

FAQ

১) ভোগেশ্বৰ বৰুৱা কোন?

উঃ- ভোগেশ্বৰ বৰুৱা অসমৰ ক্ৰিয়া জগতৰ এক তাৰকা। আন্তৰ্জাতিক ক্ৰীড়া ক্ষেত্ৰত ঈৰ্ষণীয় সফলতাৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্জুন বঁটা লাভ কৰা প্ৰথম জন ক্ৰীড়াবিদ আছিল ভোগেশ্বৰ বৰুৱা।

২) ভোগেশ্বৰ বৰুৱাৰ জন্ম কʼত হৈছিল?

উঃ- জয়সাগৰ পুখুৰীৰ পাৰৰ সুন্দৰপুৰ, শিৱসাগৰ।

৩)  ভোগেশ্বৰ বৰুৱাৰ পিতৃৰ নাম কি?

উঃ- ভদ্ৰেশ্বৰ বৰুৱা।

৪) ভোগেশ্বৰ বৰুৱাক বীৰ চিলাৰায় বঁটা কেতিয়া দিয়া হৈছিল?

উঃ- ২০১৯ চনত।

৫) ভোগেশ্বৰ বৰুৱা কোন খেলৰ খেলুৱৈ?

উঃ- দৌৰৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top