কে. আৰ. নাৰায়ণ জীৱনী – ভাৰতৰ প্ৰথম গৰাকী দলিত ৰাষ্ট্ৰপতি | K. R. Narayanan

কে. আৰ. নাৰায়ণ | K. R. Narayanan Essay in Assamese | Biography of K. R. Narayanan in Assamese | কে. আৰ. নাৰায়ণ বিষয়ে জীৱনী | কে. আৰ. নাৰায়ণ বিষয়ে ৰচনা | কে. আৰ. নাৰায়ণৰ চমু পৰিচয়।

Join Telegram channel

ভাৰতৰ দশম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা কে. আৰ. নাৰায়ণ আছিল ভাৰতৰ প্ৰথম গৰাকী দলিত ৰাষ্ট্ৰপতি। ইয়াৰ ওপৰিও কে আৰ নাৰায়ণ আছিল দলিত সম্প্ৰদায়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথম জন ব্যক্তি। ইয়াৰ উপৰিও কে. আৰ. নাৰায়ণ আছিল দলিত সম্প্ৰদায়ৰ প্ৰথম জন সাংবাদিক আৰু ১৯৯৮ চনৰ সাধাৰণ নিৰ্বাচনত ভোট দান কৰা প্ৰথম ৰাষ্ট্ৰপতি আছিল। কাৰণ কে. আৰ. নাৰায়ণনৰ আগত ভাৰতৰ ৰাষ্ট্ৰপতিসকল প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ পৰা বিৰত আছিল।

কে. আৰ. নাৰায়ণ

কে. আৰ. নাৰায়ণ জীৱনী | Biography of K. R. Narayanan

নামকে. আৰ. নাৰায়ণ (K. R. Narayanan[1])
সম্পূৰ্ণ নামকোচাৰিল ৰমন নাৰায়ণন
জন্ম চন২৭ অক্টোবৰ, ১৯২০ চন
জন্ম স্থান ট্ৰেভাংকৰ, উঝাভুৰ গাওঁ, কেৰেলা
অভিভাৱকপিতৃৰ নাম – কোচাৰিল ৰমন ভেয়দৰ
মাতৃৰ নাম – পুন্নাথুৰাভেট্টিল পাপ্পিয়াম্মা
শিক্ষা১) চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়, কুৰিচিথানম
২) আৱাৰ লেডি অৱ লাউৰদেছ প্ৰাথমিক বিদ্যালয়, উঝাভুৰ
৩) ট্ৰেভাংকুৰ বিশ্ববিদ্যালয় (এতিয়াৰ কেৰালা বিশ্ববিদ্যালয়) 
৪) লণ্ডনৰ স্কুল অৱ ইক’নমিক্স
মৃত্যু৯ নৱেম্বৰ, ২০০৫ চন

Also Read: জীৱনী: গিয়ানী জেইল সিং – ভাৰতৰ প্ৰথমজন শিখ ৰাষ্ট্ৰপতি | Giani Zail Singh

কে. আৰ. নাৰায়ণন পৰিয়াল তথা প্ৰাৰম্ভিক জীৱন

দেশৰ সৰ্বোচ্চ সন্মানীয় পদত অধিষ্ঠিত হোৱা কোচাৰিল ৰমন নাৰায়ণনৰ জন্ম হৈছিল এটা দলিত পৰিয়ালত ১৯২০ চনৰ ২৭ অক্টোবৰ তাৰিখে কেৰেলাৰ উঝাভুৰ গাঁৱত। উল্লেখ্য যে কে. আৰ. নাৰায়ন প্ৰকৃত জন্ম হৈছিল ১৯২১ চনৰ ৪ ফেব্ৰুৱাৰীত তাৰিখে। কিন্তু স্কুল যোৱা প্ৰথম দিনা তেওঁৰ লগত যোৱা খুৰাকে তেওঁৰ জন্মৰ প্ৰকৃত তাৰিখ নজনাৰ বাবে ৰেকৰ্ডৰ বাবে ১৯২০ চনৰ ২৭ অক্টোবৰ তাৰিখ বাচনি কৰিছিল আৰু পৰৱৰ্তী সময়ত কে আৰ নাৰায়ণনে ১৯২০ চনৰ ২৭ অক্টোবৰ তাৰিখটোকে অফিচিয়েল তাৰিখ হিচাপে ৰখাৰ সিদ্ধান্ত লৈছিল।

তেওঁৰ পিতৃৰ নাম হ’ল – কোচাৰিল ৰমন ভেয়দৰ আৰু মাতৃৰ নাম হ’ল – পুন্নাথুৰাভেট্টিল পাপ্পিয়াম্মা। কে. আৰ. নাৰায়ণন জন্মগত ভাৱে Paravan জাতিৰ অন্তৰ্গত আছিল। তেওঁলোকৰ বৃত্তিগত ভাৱে মীন পালন, নাৱ নিৰ্মাণ তথা সাগৰীয় বাণিজ্যৰ সৈতে জড়িত আছিল। দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিলেও, জীৱন যুঁজত নানান প্ৰত্যাহ্বানৰ সম্মুখীন হ’লেও কে. আৰ. নাৰায়ণনে কেতিয়াও হাৰ মনা নাছিল। 

শিক্ষা

কোচাৰিল ৰমন নাৰায়ণনে ১৯২৭ চনত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল কুৰিচিথানমৰ চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত। ইয়াৰ পৰৱৰ্তী সময়ত পিছত ১৯৩১ চনৰ পৰা ১৯৩৫ চনলৈকে শিক্ষা গ্ৰহণ কৰে উঝাভুৰৰ আৱাৰ লেডি অৱ লাউৰদেছ প্ৰাথমিক বিদ্যালয়ত। ১৯৩৫ চনৰ পৰা ১৯৩৬ চনলৈকে কোচাৰিল ৰমন নাৰায়ণনে শিক্ষা গ্ৰহণ কৰে ক’থাট্টুকোলামৰ ছেইণ্ট জনচ্ হাইস্কুলত।‌ ইয়াৰ পৰৱৰ্তী সময়ত ছেইণ্ট মেৰী হাইস্কুলৰ পৰা ১৯৩৭ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় কে. আৰ. নাৰায়ণন।

প্ৰচুৰ মেধাসম্পন্ন কে. আৰ. নাৰায়ণনে কোট্টায়ামৰ CMS কলেজত অধ্যয়নৰত সময়ত Travancore ৰাজ্যিক জলপানি লাভ কৰিছিল। উল্লেখ্য যে কে আৰ নাৰায়ণনে CMS কলেজত ১৯৩৮ চনৰ পৰা ১৯৪০ চনলৈকে অধ্যয়ন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ইংৰাজী সাহিত্যত ট্ৰেভাংকুৰ বিশ্ববিদ্যালয় (এতিয়াৰ কেৰালা বিশ্ববিদ্যালয়) স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে কে. আৰ. নাৰায়ণনে। গুৰুত্বপূৰ্ণ কথা যে তীক্ষ্ণ মেধাসম্পন্ন ছাত্ৰ কে. আৰ. নাৰায়ণনে বিশ্ববিদ্যালয়ত প্ৰথম স্থান দখল কৰি উত্তীৰ্ণ হৈছিল।

কৰ্মজীৱন

আনুষ্ঠানিক শিক্ষা শেষ কৰাৰ পৰৱৰ্তী সময়ত কে. আৰ. নাৰায়ণনে ১৯৪৪ – ১৯৪৫ চনত ‘The Hindu’ আৰু ‘The Times of India’ -ত সাংবাদিক হিচাপে কৰ্মজীৱনৰ আৰম্ভ কৰিছিল। উল্লেখ্য যে ১৯৪৫ চনত কে. আৰ. নাৰায়ণ ‘The Times of India’ -ত সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত মহাত্মা গান্ধীৰ সাক্ষাৎকাৰ লৈ তেওঁক অস্পৃশ্যতা, সামাজিক আচৰণ আৰু সেইবোৰৰ ৰাজনৈতিক গুৰুত্বৰ ওপৰত প্ৰশ্ন সুধিছিল। 

গুৰুত্বপূৰ্ণ কথা যে বিদ্যায়তনিক ক্ষেত্ৰখনত নিজৰ মেধা গুণেৰে আগবাঢ়ি যোৱা কে. আৰ. নাৰায়ণনে ১৯৪৪ চনত লণ্ডনৰ স্কুল অৱ ইক’নমিক্সত অধ্যয়ন কৰিবৰ কাৰণে টাটা স্কলাৰশ্বিপ লাভ কৰিছিল। উল্লেখ্য যে কে. আৰ. নাৰায়ণনে লণ্ডনৰ স্কুল অৱ ইক’নমিক্সত ৰাজনীতি বিজ্ঞানৰ লগতে অৰ্থনীতিৰ ওপৰতো অধ্যয়নৰ সুবিধা লাভ কৰিছিল। সেই সময়ত তেওঁ প্ৰখ্যাত পণ্ডিত হেৰ’ল্ড লাস্কি, কাৰ্ল প’পাৰ আদিৰ দৰে নমস্য পণ্ডিতৰ পৰা শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে লণ্ডনত অধ্যয়নৰত এই সময়চোৱাত কে আৰ নাৰায়ণন ইণ্ডিয়ান লীগৰ সৈতে জড়িত থকাৰ উপৰিও K. M. Munshi -ৰ দ্বাৰা প্ৰকাশিত সাপ্তাহিক কাকত Social Welfare -ৰ লণ্ডনৰ সংবাদদাতা হিচাপেও কাম কৰিছিল।

লণ্ডনত শিক্ষা সমাপ্ত কৰি কে. আৰ. নাৰায়ণন ভাৰতলৈ উভতি আহে ১৯৪৮ চনত। ভাৰতলৈ অহাৰ পিছৰ কে. আৰ. নাৰায়ণনে হেৰ’ল্ড লাস্কিৰ সহযোগত জৱাহৰলাল নেহৰুৰ সংগ লাভ কৰে। উল্লেখ্য যে জৱাহৰলাল নেহৰুৱে সেই সময়ত কে. আৰ. নাৰায়ণনক ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰিবলৈ অনুৰোধ জনাইছিল। ১৯৪৯ চনৰ পৰা কে. আৰ. নাৰায়ণনে কুটনৈতিক পদত কাৰ্যনিৰ্বাহ কৰি ১৯৭৮ চনত চীনত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছিল। উল্লেখ্য যে কে. আৰ. নাৰায়ণনে কূটনৈতিক কেৰিয়াৰৰ সমান্তৰালকৈ ১৯৫৪ চনত দিল্লী স্কুল অৱ ইক’নমিক্সত এবছৰৰ বাবে অধ্যাপনা কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৭০ – ৭২ চনত জৱাহৰলাল নেহৰুৰ Fellow হিচাপেও কাম কৰিছিল কে. আৰ. নাৰায়ণনে। উল্লেখ্য যে কে. আৰ. নাৰায়ণনে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ১৯৭৯ চনৰ পৰা ১৯৮০ চনলৈকে দায়িত্ব পালন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৮৪ চনত কে. আৰ. নাৰায়ণনে আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভ কৰিছিল।

ৰাজনৈতিক জীৱন

পণ্ডিত জৱাহৰলাল নেহৰুৱে দেশৰ শ্ৰেষ্ঠ কূটনীতিবিদ বুলি অভিহিত কৰা কে. আৰ. নাৰায়ণন সক্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰে ১৯৮৪ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অনুগ্ৰহত। উল্লেখ্য যে সক্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছত একেৰাহে তিনিটা কাৰ্যকালৰ বাবে ১৯৮৪, ১৯৮৯, ১৯৯১ চনত কেৰেলাৰ পালাক্কাডৰ পৰা সাধাৰণ নিৰ্বাচনত জয় লাভ কৰে কে আৰ নাৰায়ণনে কংগ্ৰেছ দলৰ তৰফৰ পৰা। ৰাজীৱ গান্ধীৰ চৰকাৰৰ আমোলত সাধাৰণ নিৰ্বাচনত জয় লাভ কৰা কে আৰ নাৰায়ণনে ১৯৮৫ চনত পৰিকল্পনা আৰু বৈদেশিক পৰিক্ৰমা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে, ১৯৯২ চনৰ আগষ্ট মাহত কে আৰ নাৰায়ণ ভাৰতৰ নৱম গৰাকী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৯৭ চনত ৯৫ শতাংশ ভোট লাভ কৰি দশম গৰাকী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় কে. আৰ. নাৰায়ণ। ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে উচ্চ পদত অধিষ্ঠিত হোৱা কে. আৰ. নাৰায়ণ আছিল প্ৰথমজন দলিত ব্যক্তি। গুৰুত্বপূৰ্ণ কথা যে এজন দলিতই এদিন দেশৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱাটো মহাত্মা গান্ধীৰ ইচ্ছা আছিল। গান্ধীয়ে কেতিয়াও ভবা নাছিল যে ‘The Times of India’ তেওঁৰ সাক্ষাৎকাৰ লোৱা কে আৰ নাৰায়ণ নামৰ যুৱ সাংবাদিক জনেই কেইবা দশকৰ পিছত তেওঁৰ ইচ্ছা পূৰণ কৰিব।

কে আৰ নাৰায়ণনে তেওঁৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকালত অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ অধিকাৰৰ হকে সবল ভাৱে নিজৰ মত প্ৰকাশ কৰিছিল। নিজকে কৰ্মশীল ৰাষ্ট্ৰপতি হিচাপে বিবেচনা কৰা কে আৰ নাৰায়ণনে ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ কাৰ্যকালত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সংবিধানৰ গণ্ডিৰ মাজত আৱদ্ধ থাকি তেওঁ নিজৰ দায়িত্ব পালন কৰিছিল।

Also Read: জীৱনী: মহাত্মা গান্ধী- জাতিৰ পিতা | Mahatma Gandhi

গ্ৰন্থ সমূহ

কূটনীতিবিদ, ৰাজনীতিবিদ, শিক্ষাবিদ কে. আৰ. নাৰায়নে ভাৰতীয় সমাজৰ প্ৰেক্ষাপটতত বহু কেইখন গ্ৰন্থও ৰচনা কৰিছিল। তাৰ ভিতৰত উল্লেখযোগ্য গ্ৰন্থ কেইখনমান হৈছে- ১৯৯৯ চনত প্ৰকাশিত ‘Nehru and his vision’, ১৯৯৮ চনত প্ৰকাশিত ‘India and America: essays in understanding’ আৰু ইয়াৰ দ্বিতীয় সংস্কৰণ ‘Asia book corporation of America’, তেওঁৰ আন উল্লেখ্যযোগ্য গ্ৰন্থ হ’ল ‘Images and insights’ আৰু যুটীয়া ভাৱে প্ৰকাশিত ‘Non-alignment in contemporary international relations’.

সামৰণি

ভাৰতীয় কূটনীতিবিদ, শিক্ষাবিদ আৰু ৰাজনীতিবিদ হিচাপে এক সুকীয়া স্থান দখল কৰা কে আৰ নাৰায়ণনে নিউমোনিয়া আৰু বৃক্ক জনিত ৰোগত আক্ৰান্ত হৈ ২০০৫ চনৰ ৯ নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ আৰ্মি ৰিচাৰ্চ এণ্ড ৰেফাৰেল হস্পিটেলত ৮৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।

সংবিধান, সাংবিধানিক নৈতিকতা আৰু ধৰ্মনিৰপেক্ষতা ৰক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কে আৰ নাৰায়ণনে জীৱনত বহু প্ৰত্যাহ্বানৰ সম্মুখীন হ’লেও তেওঁৰ বিশাল ব্যক্তিত্বৰ সমান্তৰালকৈ বৌদ্ধিক দৃষ্টিভংগী,কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো তেওঁ চিন্তা-দৰ্শনৰ সদায় প্ৰাসংগিক।

Also Read: জীৱনী: গুলজাৰিলাল নন্দা – স্বাধীনতা সংগ্ৰামী তথা ৰাজনীতিবিদ | Gulzarilal Nanda

FAQs

) ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম দলিত ব্যক্তিজন কোন?

উত্তৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম দলিত ব্যক্তিজন হ’ল- কে আৰ নাৰায়ণন। ১৯৯৭ চনত ৯৫ শতাংশ ভোট লাভ কৰি দশম গৰাকী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল কে আৰ নাৰায়ণ।

) দলিত সম্প্ৰদায়ৰ ব্যক্তি হিচাপে কোন কোন ক্ষেত্ৰত প্ৰথম জন ব্যক্তি হিচাপে চিহ্নিত হৈছিল কে আৰ নাৰায়ণ?

উত্তৰকে আৰ নাৰায়ণ আছিল ভাৰতৰ দশম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা ভাৰতৰ প্ৰথম গৰাকী দলিত ৰাষ্ট্ৰপতি। ইয়াৰ ওপৰিও কে আৰ নাৰায়ণ আছিল দলিত সম্প্ৰদায়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথম জন ব্যক্তি হোৱাৰ সমান্তৰালকৈ কে আৰ নাৰায়ণ আছিল দলিত সম্প্ৰদায়ৰ প্ৰথম জন সাংবাদিক।

) কে. আৰ. নাৰায়ণন ক জন্মগ্ৰহণ কৰিছিল?

উত্তৰ কে. আৰ. নাৰায়ণনৰ জন্ম হৈছিল এটা দলিত পৰিয়ালত ১৯২০ চনৰ ২৭ অক্টোবৰ তাৰিখে কেৰেলাৰ উঝাভুৰ গাওঁত।

) কে. আৰ. নাৰায়ণনৰ সম্পূৰ্ণ নাম কি?

উত্তৰকে. আৰ. নাৰায়ণনৰ সম্পূৰ্ণ নাম হ’ল- কোচাৰিল ৰমন নাৰায়ণন।

) কে. আৰ. নাৰায়ণনৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰ কে. আৰ. নাৰায়ণনৰ পিতৃৰ নাম হ’ল – কোচাৰিল ৰমন ভেয়দৰ আৰু মাতৃৰ নাম হ’ল- পুন্নাথুৰাভেট্টিল পাপ্পিয়াম্মা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top