গিয়ানী জেইল সিং জীৱনী – ভাৰতৰ প্ৰথমজন শিখ ৰাষ্ট্ৰপতি | Giani Zail Singh

গিয়ানী জেইল সিং | Giani Zail Singh Essay in Assamese | Biography of Giani Zail Singh in Assamese | গিয়ানী জেইল সিং বিষয়ে জীৱনী | গিয়ানী জেইল সিং বিষয়ে ৰচনা | গিয়ানী জেইল সিংৰ চমু পৰিচয়।

Join Telegram channel

১৯৮২ চনৰ পৰা ১৯৮৭ চনলৈকে দেশৰ সৰ্বোচ্চ সন্মানীয় পদত অধিষ্ঠিত হোৱা তথা ৰাজনৈতিক ক্ষেত্ৰখনত এজন সফল তথা আৰ্দশ ব্যক্তি হিচাপে বিবেচিত হোৱা প্ৰথমজন শিখ ধৰ্মাৱলম্বী ব্যক্তি হ’ল গিয়ানী জেইল সিং (Giani Zail Singh)। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰীয় সদস্যৰ পৰা কেন্দ্ৰীয় কেবিনেটত একাধিক মন্ত্ৰণালয়ৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি দেশৰ সৰ্বোচ্চ সন্মানীয় পদত অধিষ্ঠিত হোৱালৈকে তেওঁৰ ভাৰতীয় সমাজ জীৱনলৈ এক অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে।

গিয়ানী জেইল সিং

গিয়ানী জেইল সিং জীৱনী | Giani Zail Singh Biography

নামগিয়ানী জেইল সিং (Giani Zail Singh[1])
জন্ম চন৫ মে’ ১৯১৬ চন
জন্ম স্থানফৰিডকোট জিলা, সান্ধৱান, পাঞ্জাৱ
অভিভাৱকপিতৃৰ নাম – ভাই কৃষাণ সিং
মাতৃৰ নাম – ইন্দ কৌৰ
শিক্ষাশ্বাহিদ শিখ মিছনেৰী কলেজ, অমৃতসৰ
বঁটাঅৰ্ডাৰ অৱ ছেইণ্ট থমাছ সন্মান, ১৯৮২ চন
মৃত্যু২৫ ডিচেম্বৰ ১৯৯৪ চন

Also Read: জীৱনী: কৃষক নেতা চৌধাৰী চৰণ সিং | Chaudhary Charan Singh

গিয়ানী জেইল সিং প্ৰাৰম্ভিক জীৱন

দেশৰ সৰ্বোচ্চ সন্মানীয় পদত অধিষ্ঠিত হোৱা প্ৰথমজন শিখ ধৰ্মাৱলম্বী ব্যক্তি হ’ল গিয়ানী জেইল সিং। জেইল সিঙে ১৯৯২ চনত সপ্তম ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। ১৯১৬ চনৰ ৫ মে’ তাৰিখে ফৰিডকোট জিলাৰ সান্ধৱান অঞ্চলৰ পাঞ্জাৱত জন্ম হৈছিল জেইল সিং। 

জেইল সিঙৰ জন্ম প্ৰদত্ত নাম আছিল জাৰনাইল সিং, ইয়াৰ অৰ্থ হ’ল জেনেৰেল। কিন্তু পৰৱৰ্তীকালত জাৰনাইল সিঙৰ বিপৰীতে তেওঁ পৰিচিত হৈ পৰিল জেইল সিং নামেৰেহে। কাৰণ, সমাজহিতৈষী মনৰ অধিকাৰী জাৰনাইল সিঙে ১৯৩৮ চনত গৃহ জিলা ফৰিদকোটত কংগ্ৰেছ দলৰ সৈতে সম্পৰ্কিত ৰাজনৈতিক সংগঠন প্ৰজা মণ্ডল প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে ফৰিডকোটৰ মহাৰাজৰ শাসনৰ বিৰুদ্ধে বহুবাৰ প্ৰতিবাদ কৰি কেইবাবছৰ কাৰাবাস খাটিব লগীয়া হৈছিল অৰ্থাৎ  তেওঁ জেইলত আছিল। যাৰ বাবে জাৰনাইল সিঙৰ পৰিৱৰ্তে তেওঁৰ নামটো জেইল সিঙৰ ৰূপান্তৰিত কৰি লৈছিল আৰু সামাজিক জীৱনতো জেইল সিং নামেৰেই পৰিচিত হৈ পৰিছিল। ইয়াৰ উপৰিও আন এক উল্লেখযোগ্য কথা যে জেইল সিঙে শিখ ধৰ্মৰ পবিত্ৰ গ্ৰন্থসমূৰৰ ওপৰত পুংখানুপুংখ ভাৱে অধ্যয়ন কৰি প্ৰচুৰ জ্ঞান অৰ্জন কৰিছিল। তেওঁৰ এই পাণ্ডিত্যপূৰ্ণ নিপুণতাৰ বাবে গিয়ানি (“শিকা মানুহ”) উপাধি অৰ্জন কৰিছিল।

জেইল সিঙৰ পিতৃৰ নাম আছিল – ভাই কিষাণ সিং আৰু মাতৃৰ নাম আছিল – ইন্দ কৌৰ। তেওঁৰ পিতৃ ভাই কিষাণ সিং পেচাগত ভাৱে আছিল এজন কাঠমিস্ত্ৰী কিন্তু তেখেতৰ সৰল ব্যৱহাৰৰ বাবে সমগ্ৰ ফৰিডকোটতে বিখ্যাত আছিল। পাঁচজন ভাতৃ আৰু এগৰাকী ভগ্নীৰ ভিতৰত কনিষ্ঠ জেইল সিঙৰ শৈশৱ কাল আছিল নানা সংঘাত তথা সমস্যাৰে জৰ্জৰিত। শৈশৱতে তেওঁৰ মাতৃৰ মৰমৰ পৰা বঞ্চিত হ’ব লগা হৈছিল। মাতৃৰ অকাল বিয়োগৰ বাবে মাতৃৰ ভগ্নী দয়া কৌৰৰ তত্বাৱধানত ডাঙৰ-দীঘল হৈছিল জেইল সিং। 

শিক্ষা

আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিলেও ইয়াৰ সমান্তৰালকৈ পৰিয়ালৰ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা ধৰ্মীয় গ্ৰন্থ তথা পবিত্ৰ গ্ৰন্থ গুৰু গ্ৰন্থ চাহিব অধ্যয়ন কৰি ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিছিল জেইল সিঙে। অমৃতসৰৰ শ্বাহিদ শিখ মিছনেৰী কলেজত অধ্যয়ন কৰা জেইল সিঙ নিচেই কম বয়সৰ পৰাই আছিল বাকপটু। যাৰ বাবে তেওঁ সকলোৰে মাজত জনপ্ৰিয় আছিল।

মিছনেৰী কলেজৰ এজন শিক্ষাৰ্থী হিচাপে, জেইল সিঙে পাঞ্জাৱী কথিত ভাষাক অধিক মসৃণ কৰাৰ বাবে যত্ন কৰিছিল। ইয়াৰ উপৰিও ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়বোৰত তেওঁ অধিক সক্ৰীয় ভাৱে নিজৰ মত পোষণ কৰিছিল। উল্লেখ্য যে, জেইল সিঙৰ জন্ম স্থান ফৰিডকোট জিলাৰ সান্ধৱান অঞ্চল আছিল ভৌগোলিক ভাৱে এটা সৰু অঞ্চল। প্ৰচুৰ উচ্চাকাংক্ষাৰে পৰিপূৰ্ণ জেইল সিঙে নিজৰ অঞ্চলৰ প্ৰগতিৰ বাবেও যথেষ্ট আগবাঢ় লৈছিল। 

ৰাজনৈতিক জীৱন

দীৰ্ঘসময়ৰ ধৰি সামাজিক কাম কাজত জড়িত থকা জেইল সিঙক ১৯৪৯ চনত পাটিয়ালাৰ জিয়ান সিং ৰেয়াৰৱালাক মুখ্যমন্ত্ৰী হিচাপে লৈ গঠিত হোৱা চৰকাৰত ৰাজহ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিবলৈ আহ্বান জনোৱা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৫১ চনত কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা চৰকাৰত কৃষি মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৫৬ চনৰ পৰা ১৯৬২ চনলৈকে জেইল সিং সংসদৰ (ৰাজ্যসভা) সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৭২ চনৰ সাধাৰণ নিৰ্বাচনত পৰৱৰ্তী সময়ত পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি ১৯৭৭ চনলৈকে দায়িত্ব পালন কৰিছিল জেইল সিঙে। মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত থকা সময়ত জেইল সিঙে ধৰ্মীয় সমাৱেশ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল। ইয়াৰ ওপৰিও গুৰু গোবিন্দ সিঙৰ নামেৰে ৰাষ্ট্ৰীয় ঘাইপথ নামাকৰণ কৰাৰ লগতে গুৰু গোবিন্দ সিঙৰ পুত্ৰৰ নামেৰেও এখন নগৰৰ নাম নামাকৰণ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে পাঞ্জাৱৰ স্বাধীনতা সংগ্ৰামী সকলৰ বাবে জীৱনজোৰা পেঞ্চনৰ বাবে আঁচনি ৰূপায়ণ কৰাত বিশেষ ভূমিকা পালন কৰিছিল। 

১৯৮০ চনত জেইল সিং লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাৰ গৃহমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৮২ চনত জেইল সিঙক সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰপতি হিচাপে মনোনীত কৰাৰ পৰৱৰ্তী সময়ত ১৯৮২ চনৰ ২৫ জুলাইত প্ৰথমজন শিখ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। 

ৰাষ্ট্ৰপতি জেইল সিঙৰ ৰাষ্ট্ৰপতিত্বৰ কালতেই ১৯৮৪ চনত অপাৰেশ্যন ব্লু ষ্টাৰ অভিযান চলিছিল। ই আছিল এক প্ৰকাৰৰ সাম্প্ৰদায়িক, বিভৎস, প্ৰতিশোধমূলক আৰু পৰিকল্পিত আক্ৰমণ। অপাৰেশ্যন ব্লু ষ্টাৰে আঘাত সানিছিল শিখ সকলৰ ধৰ্মীয় চেতনাক। ১৯৮৪ চনত অপাৰেশ্যন ব্লু ষ্টাৰ অভিযানৰ বাবেই ৰাষ্ট্ৰপতি জেইল সিং শিখ ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতিক্ৰিয়া তথা ক্ষোভৰো সন্মুখীন হ’ব লগা হৈছিল।

অপাৰেশ্যন ব্লু ষ্টাৰে সূত্ৰপাত কৰা সাম্প্ৰদায়িক বিভেদৰ পৰিণতিতেই নিৰাপত্তাৰক্ষী ৰূপে থকা বিয়ান্ত সিং আৰু চতৱান্ত সিঙে হত্যা কৰিছিল ইন্দিৰা গান্ধীক। ইয়াৰ পৰৱৰ্তী সময়ত ইন্দিৰা গান্ধীৰ অনুগামী জেইল সিঙে ১৯৮৪ চনৰ ৩১ অক্টোবৰত ইন্দিৰা গান্ধীক হত্যা কৰা পৰৱৰ্তী সময়ত ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰাৰ বাবে বিশেষ ভূমিকা পালন কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত জেইল সিং বিভিন্ন ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সম্মুখীন হোৱাৰ সমান্তৰালকৈ কিছু কিছু ক্ষেত্ৰত সমালোচনাৰো সন্মুখীন হৈছিল। গুৰুত্বপূৰ্ণ কথা যে ১৯৮৬ চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে গৃহীত কৰা ভাৰতীয় ডাকঘৰ (সংশোধনী) বিধেয়কৰ সন্দৰ্ভত পকেট ভেটো প্ৰয়োগ কৰা, সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ বাবে সমালোচিত হৈছিল জেইল সিং।

গুৰুত্বপূৰ্ণ কথা যে, ১৯৮২ চনৰ ১২ ছেপ্টেম্বৰত ক’ট্টায়াম নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কেথলিকেট প্লেটিনাম জয়ন্তীত ইষ্ট বেচেলিঅছ জেইল সিঙক অৰ্ডাৰ অৱ ছেইণ্ট থমাছ সন্মানেৰে সন্মানিত কৰা হয়। উল্লেখ্য যে এই সন্মান হৈছে- ভাৰতীয় অৰ্থডক্স গীৰ্জাৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মানীয় বঁটা।

১৯৯৪ চনৰ ২৯ নৱেম্বৰত এটা পথ-দুৰ্ঘটনাত জেইল সিং গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চণ্ডীগড়ৰ এখন চিকিৎসালয়ৰ চিকিৎসাধীন অৱস্থাত বৰদিনৰ দিনা অৰ্থাৎ ১৯৯৪ চনৰ ২৫ ডিচেম্বৰত ইহসংসাৰ ত্যাগ কৰে। মৃত্যুৰ সময়ত জেইল সিঙৰ বয়স আছিল ৭৮ বছৰ। দিল্লীৰ ৰাজঘাটত শেষকৃত্য সম্পন্ন কৰা জেইল সিঙৰ মৃত্যুত ভাৰত চৰকাৰে সাতদিনীয়া শোকদিৱস পালন কৰে। গুৰুত্বপূৰ্ণ কথা যে, জেইল সিঙৰ স্মৃতিত ভাৰতীয় ডাক বিভাগে ১৯৯৫ চনত প্ৰথমটো মৃত্যুবাৰ্ষিকীত এটা বিশেষ ডাক টিকট উন্মোচন কৰিছিল।

Also Read: জীৱনী: অন্তিমজন গৱৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী | Chakravarti Rajagopalachari

সামৰণি

জেইল সিঙৰ ৰাজনৈতিক সততা, প্ৰমূল্যবোধ , শক্তিশালী ব্যক্তিত্ব, আদৰ্শ নতুন প্ৰজন্মৰ মাজত সদায় চিৰ উজ্জীৱিত হৈ থাকিব। ৰাজনীতিবিদ হিচাপে অৱদান আগবঢ়োৱাৰ সমান্তৰালকৈ বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে সমাদৃত জেইল সিঙৰ বৌদ্ধিক দৃষ্টিভংগী,কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো তেওঁ চিন্তা-দৰ্শনৰ সদায় প্ৰাসংগিক। যিসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু দেশ প্ৰেমৰ ফলশ্রুতিত ভাৰতবৰ্ষ এখন আধুনিক, শক্তিশালী দেশ হিচাপে গঢ় লৈ উঠিছে তাৰ ভিতৰত এজন অন্যতম ব্যক্তি হ’ল জেইল সিং।

Also Read: জীৱনী: গুলজাৰিলাল নন্দা – স্বাধীনতা সংগ্ৰামী তথা ৰাজনীতিবিদ | Gulzarilal Nanda

FAQs 

১) ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম শিখ ধৰ্মৰ ব্যক্তিজন কোন?

উত্তৰভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য জেইল সিং আছিল ভাৰতৰ প্ৰথম শিখ ৰাষ্ট্ৰপতি। ইয়াৰ উপৰিও সম্পূৰ্ণ পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত পুনৰ নিৰ্বাচিত হোৱা ৰাষ্ট্ৰপতি আছিল জেইল সিং। জেইল সিঙৰ ৰাষ্ট্ৰপতিত্বৰ কাৰ্যকাল আছিল- ১৯৮২ চনৰ ২৫ জুলাইৰ পৰা ১৯৮৭ চনৰ ২৫ জুলাই।

২) কিয় জাৰনাইল সিঙৰ নাম গিয়ানী জেইল সিঙলৈ পৰিৱৰ্তন হৈছিল?

উত্তৰ গিয়ানী জেইল সিঙৰ জন্ম প্ৰদত্ত নাম আছিল জাৰনাইল সিঙ। ইয়াৰ অৰ্থ হ’ল জেনেৰেল। কিন্তু পৰৱৰ্তী সময়ত তেওঁ পৰিচিত হৈছিল জেইল সিং নামেৰে। কাৰণ, ফৰিডকোটৰ মহাৰাজৰ শাসনৰ বিৰুদ্ধে বহুবাৰ প্ৰতিবাদ কৰি কাৰাবাস খাটিব লগীয়া হৈছিল  যাৰ বাবে জাৰনাইল সিঙৰ পৰিৱৰ্তে তেওঁ নামটো জেইল সিঙ হৈছিল। ইয়াৰ ওপৰিও আন এক উল্লেখযোগ্য কথা যে জেইল সিঙে শিখ ধৰ্মৰ পবিত্ৰ গ্ৰন্থসমূৰৰ ওপৰত পুংখানুপুংখ ভাৱে অধ্যয়ন কৰি প্ৰচুৰ জ্ঞান অৰ্জন কৰিছিল। তেওঁৰ এই পাণ্ডিত্যপূৰ্ণ নিপুণতাৰ বাবে গিয়ানি (“শিকা মানুহ”) উপাধি অৰ্জন কৰিছিল। এইসমূহ কাৰণতে জাৰনাইল সিঙৰ নাম গিয়ানী জেইল সিঙলৈ পৰিৱৰ্তন হৈছিল।

৩) জেইল সিঙৰ কেতিয়া মৃত্যু হৈছিল?

উত্তৰ ১৯৯৪ চনৰ ২৯ নৱেম্বৰত এটা পথ-দুৰ্ঘটনাত জেইল সিং গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চণ্ডীগড়ৰ এখন চিকিৎসালয়ৰ  চিকিৎসাধীন অৱস্থাত বৰদিনৰ দিনা অৰ্থাৎ ১৯৯৪ চনৰ ২৫ ডিচেম্বৰত মৃত্যুক সাৱটি লৈছিল।

৪) জেইল সিঙৰ জন্ম প্ৰদত্ত নাম কি আছিল?

উত্তৰ জাৰনাইল সিঙ। ইয়াৰ অৰ্থ হ’ল জেনেৰেল।

৫) জেইল সিঙৰ কেতিয়া জন্ম হৈছিল?

উত্তৰ ১৯১৬ চনৰ ৫ মে’ তাৰিখে ফৰিডকোট জিলাৰ সান্ধৱান অঞ্চলৰ পাঞ্জাৱত জেইল সিঙৰ জন্ম হৈছিল।

৬) জেইল সিঙৰ পিতৃ, মাতৃৰ নাম কি?

উত্তৰ – জেইল সিঙৰ পিতৃৰ নাম হ’ল – ভাই কৃষাণ সিং আৰু মাতৃৰ নাম হ’ল – ইন্দ কৌৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top