গুলজাৰিলাল নন্দা জীৱনী – স্বাধীনতা সংগ্ৰামী তথা ৰাজনীতিবিদ | Gulzarilal Nanda

গুলজাৰিলাল নন্দা | Gulzarilal Nanda Essay in Assamese | Biography of Gulzarilal Nanda in Assamese | গুলজাৰিলাল নন্দা বিষয়ে জীৱনী | গুলজাৰিলাল নন্দা বিষয়ে ৰচনা | গুলজাৰিলাল নন্দাৰ চমু পৰিচয়।

Join Telegram channel

ঊনবিংশ শতিকাত ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনৰ এটা চিনাকী নাম হ’ল গুলজাৰিলাল নন্দা (Gulzarilal Nanda)। শিক্ষক, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ গুলজাৰিলাল নন্দাৰ সমগ্ৰ জীৱন আছিল দেশৰ বাবেই উৰ্চগিত। সৰল ব্যক্তিত্ব, নিকা ভাৱমূৰ্তিৰ গৰাকী গুলজাৰিলাল নন্দা হ’ল সমগ্ৰ সমাজৰ বাবেই এক আদৰ্শ।

গুলজাৰিলাল নন্দা

গুলজাৰিলাল নন্দা জীৱনী | Gulzarilal Nanda Biography

নামগুলজাৰিলাল নন্দা (Gulzarilal Nanda[1])
জন্ম চন৪ জুলাই, ১৮৯৮ চন
জন্ম স্থানছিয়ালকোট, পঞ্জাৱ, ব্ৰিটিছ ভাৰত (বৰ্তমান পঞ্জাৱ)
অভিভাৱকপিতৃৰ নাম – বুলাকী ৰাম নন্দা
মাতৃৰ নাম – ঈশ্বৰী দেৱী নন্দা
বঁটা ভাৰত ৰত্ন (১৯৯৭ চন)
মৃত্যু১৫ জানুৱাৰী, ১৯৯৮ চন

Also Read: জীৱনী: ড° শংকৰ দয়াল শৰ্মা – ভাৰতীয় ৰাজনীতিবিদ | Shankar Dayal Sharma

গুলজাৰিলাল নন্দা প্ৰাৰম্ভিক জীৱন

ভাৰতীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এজন উল্লেখযোগ্য ৰাজনৈতিক নেতা হ’ল গুলজাৰিলাল নন্দা। গুলজাৰিলাল নন্দা বিশেষকৈ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ ভূমিকাৰ বাবে সৰ্বাধিক জনাজাত। গুৰুত্বপূৰ্ণ কথা যে ৰাজনৈতিক জীৱনত দুবাৰকৈ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল গুলজাৰিলাল নন্দাই। প্ৰধানমন্ত্ৰী হিচাপে যথেষ্ট কম দিন দায়িত্ব ‌ল’লেও ভাৰতৰ সমাজ জীৱনলৈ গুলজাৰিলাল নন্দাৰ অৱদান অনস্বীকাৰ্য্য।

গুলজাৰিলাল নন্দাৰ জন্ম হৈছিল ১৮৯৮ চনৰ ৪ জুলাই তাৰিখে ব্ৰিটিছ ভাৰতৰ শাসনৰ তদানীন্তন পঞ্জাৱ প্ৰদেশ ছিয়ালকোটত খাত্ৰী জাতিৰ এটা পাঞ্জাৱী হিন্দু পৰিয়ালত। তেওঁৰ পিতৃৰ নাম হ’ল- বুলাকী ৰাম নন্দা আৰু মাতৃৰ নাম হ’ল- ঈশ্বৰী দেৱী নন্দা। গুলজাৰিলাল নন্দাই আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিছিল লাহোৰ, অমৃতসৰ, আগ্ৰা আৰু এলাহাবাদৰ পৰা।

আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰাৰ পিছত গুলজাৰিলাল নন্দাই এলাহাবাদ বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰ হিচাপে যোগদান কৰিছিল।  তেওঁ ১৯২০ চনৰ পৰা ১৯২১ চনলৈকে শ্ৰমিক সকলৰ সমস্যাক মূল বিষয় হিচাপে লৈ গৱেষণা কাম সমাপ্ত কৰিছিল। 

কৰ্মজীৱন

পৰৱৰ্তী সময়ত বোম্বাইৰ নেচনেল কলেজত অৰ্থনীতি বিষয়ৰ অধ্যাপক হিচাপে বৃত্তিগত জীৱন আৰম্ভ কৰে গুলজাৰিলাল নন্দা। গুলজাৰিলাল নন্দাই ১৯২২ চনৰ পৰা ১৯৪৬ চনলৈকে আহমেদাবাদ টেক্সটাইল লেবাৰ এছ’চিয়েচনৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে তেওঁ ১৯৩৭ চনত বোম্বাই বিধানসভাৰ এটা গুৰুত্বপূৰ্ণ পদ গ্ৰহণ কৰে আৰু ১৯৩৭ চনৰ পৰা ১৯৩৯ চনলৈকে দুবছৰৰ বাবে শ্ৰম আৰু আবকাৰী বিভাগৰ সংসদীয় সচিব হিচাপে নিৰ্বাচিত হয়।

স্বাধীনতা আন্দোলনত ভূমিকা

উল্লেখ্য যে গুলজাৰিলাল নন্দাই ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা ভাৰতৰ স্বাধীনতা আন্দোলনতো সক্ৰীয় অংশগ্ৰহণ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে স্বাধীনতা আন্দোলনত সক্ৰীয় অংশগ্ৰহণ কৰিবৰ কাৰণেই সেই সময়ৰ তেওঁ ‌শিক্ষকতা বৃত্তি ত্যাগ কৰিছিল।মহাত্মা গান্ধীৰ অনুগামী গুলজাৰিলাল নন্দাই ব্ৰিটিছৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে সূচনা কৰা আন্দোলনৰ কাৰ্যসূচী সমূহত সক্ৰীয় অংশগ্ৰহণ কৰাৰ লগতে সত্যাগ্ৰহতো অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে আন্দোলনত অংশগ্ৰহণ কৰি দুবাৰকৈ কাৰাবৰণো কৰিব লগা হৈছিল গুলজাৰিলাল নন্দাই। ১৯৩২ চনত এবাৰ কাৰাবাস খটাৰ পিছতো পুনৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত দ্বিতীয়বাৰৰ বাবে ১৯৪২ চনত পুনৰ ব্ৰিটিছ চৰকাৰে গুলজাৰিলাল নন্দাক গ্ৰেপ্তাৰ কৰি ১৯৪৪ চনলৈকে কাৰাবন্দী কৰি ৰাখে।  

বোম্বাই বিধান সভাৰ সদস্য হিচাপে গুলজাৰিলাল নন্দাই বোম্বাই চহৰৰ প্ৰগতি তথা উন্নয়নৰ গতি তৰাম্বিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৪৬ চনৰ পৰা ১৯৫০ চনলৈকে বোম্বাই চৰকাৰৰ শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু উল্লেখ্য যে শ্ৰম মন্ত্ৰী হিচাপে ৰাজ্যিক বিধানসভাত শ্ৰমিক বিবাদৰ বিধেয়ক খনৰ গুৰুত্বতা সকলোৱে বুজি পাবলৈ প্ৰয়াস কৰিছিল নন্দাই। ইয়াৰ ওপৰিও তেওঁ কস্তুৰবা মেম’ৰিয়েল ট্ৰাষ্টৰ ট্ৰাষ্টী, হিন্দুস্তান মজদুৰ সেৱক সংঘৰ সচিব, বোম্বাই হাউচিং ব’ৰ্ডৰ অধ্যক্ষ, ভাৰতীয় শ্ৰমিক কল্যাণ সংস্থাৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে গুলজৰিলাল নন্দাই  ভাৰতীয় ৰাষ্ট্ৰীয় বাণিজ্য সংঘ কংগ্ৰেছ গঠন কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

১৯৪৭ চনত গুলজৰিলাল নন্দাই ভাৰতক প্ৰতিনিধিত্ব কৰি জেনেভাত অনুষ্ঠিত আন্তৰ্জাতিক শ্ৰমিক সন্মিলনত অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে এই সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত গুলজৰিলাল নন্দাই দ্য ফ্ৰীডম অৱ এছ’চিয়েচন কমিটিত কাম কৰাৰ সুযোগ লাভ কৰি চুইডেন, ফ্ৰান্স, চুইজাৰলেণ্ড, বেলজিয়াম আৰু ইংলেণ্ড আদি ইউৰোপীয় দেশবোৰৰ  শ্ৰমিক আৰু বাসস্থানৰ পৰিস্থিতি অধ্যয়ন কৰিবলৈ এই দেশসমূহ ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিছিল।

ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫০ চনৰ মাৰ্চ মাহত গুলজাৰিলাল নন্দাই ভাৰতীয় পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহন কৰিছিল ইয়াৰ পৰৱৰ্তী সময়ত ১৯৫১ চনত নন্দা ভাৰতৰ পৰিকল্পনা মন্ত্ৰী নিৰ্বাচিত হয় আৰু তেওঁৰ ক্ষেত্ৰখন অধিক সম্প্ৰসাৰিত হৈ ভাৰত চৰকাৰৰ জলসিঞ্চন আৰু শক্তি মন্ত্ৰালয়ৰৰ দায়িত্ব গ্ৰহণ কৰে।

১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত বোম্বাই লোকসভাৰ সমষ্টিৰ পৰা সাংসদ হিচাবে নিৰ্বাচিত হৈ গুলজাৰিলাল নন্দাই জলসিঞ্চন আৰু শক্তি মন্ত্ৰালয়ৰৰ দায়িত্ব গ্ৰহণ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ১৯৫৫ চনত ছিংগাপুৰত অনুষ্ঠিত পৰিকল্পনা পৰামৰ্শদাতা সমিতিত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় দলটোৰ নেতৃত্ব বহন কৰিছিল আৰু ১৯৫৯ চনত জেনেভাত অনুষ্ঠিত জেনেভাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছিল।

১৯৫৭ চনৰ সাধাৰণ নিৰ্বাচনত গুলজাৰিলাল নন্দা দ্বিতীয় বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈ কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি, পৰিকল্পনা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰিছিল আৰু পৰৱৰ্তী সময়ত পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ দায়িত্ব গ্ৰহণ কৰিছিল। উল্লেখ্য যে তেওঁ ১৯৫৯ চনত ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানী যুগোশ্লাভিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিছিল।

১৯৬২ চনৰ সাধাৰণ নিৰ্বাচনত গুজৰাটৰ সাবৰকান্থা সমষ্টিৰ পৰা গুলজাৰিলাল নন্দা পুনৰ লোকসভালৈ নিৰ্বাচিত হৈছিল। গুৰুত্বপূৰ্ণ কথা তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৩ চনলৈকে কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি মন্ত্ৰী আৰু ১৯৬৩ চনৰ পৰা ১৯৬৬ চনলৈ গৃহ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ ওপৰিও তেওঁ ১৯৬২ চনত কংগ্ৰেছ ফ’ৰাম ফৰ ছ’চিয়েলিষ্ট একচন আৰম্ভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ৰাজনৈতিক জীৱন

গুৰুত্বপূৰ্ণ কথা যে ১৯৬৪ চনত ভাৰত আৰু চীনৰ মাজত এটা অপ্ৰীতিকৰ পৰিস্থিতি বিৰাজ কৰি থকাৰ সময়তে সেই সময়ৰ ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল। সেই সময়ত ভাৰতক নেতৃত্বৰ প্ৰয়োজন হৈছিল আৰু গুলজাৰিলাল নন্দাই ভাৰতৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰিছিল ১৯৬৪ চনৰ ২৭ মে’ তাৰিখৰ পৰা ১৯৬৪ চনৰ ৯ জুন তাৰিখলৈকে মাত্ৰ ১৩ দিনৰ বাবে।

উল্লেখ্য যে ইয়াৰ পৰৱৰ্তী সময়ত লাল বাহাদুৰ শাস্ত্ৰীয়ে ভাৰতৰ দ্বিতীয় জন তদানীন্তন প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ পিছত গুলজাৰিলাল নন্দাই অন্তৱৰ্তীকালীন পদৰ পৰা পদত্যাগ কৰে। কিন্তু ১৯৬৬ চনত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত পুনৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হয় গুলজাৰিলাল নন্দা। সেই সময়তো মাত্ৰ ১৩ দিনৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল তেওঁ। গুলজাৰিলাল নন্দাৰ সেই সময়ৰ কাৰ্যকাল আছিল, ১৯৬৬ চনৰ ১১ জানুৱাৰীৰ পৰা ১৯৬৬ চনৰ ২৪ জানুৱাৰী। উল্লেখ্য যে অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে গুলজাৰিলাল নন্দাই দায়িত্ব গ্ৰহণ কৰাৰ সময়টো ভাৰতৰ বাবে এক অতি গুৰুত্বপূৰ্ণ সময় আছিল কাৰণ সেই সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈ আছিল। 

সৰল ব্যক্তিত্বৰ অধিকাৰী গুলজাৰিলাল নন্দাই কেতিয়াও ক্ষমতাৰ অপব্যৱহাৰ কৰা নাছিল। নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে কেতিয়াবা নিজৰ পদবী ব্যৱহাৰ কৰা নাছিল। তেওঁ বিশিষ্ট ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, বৃত্তিগত জীৱনৰ আৰম্ভণিতে শিক্ষকতাও কৰিছিল অথচ তেখেতৰ কোনো সম্পত্তি নাছিল। এটা ভাৰাঘৰতহে তেওঁ পৰিয়ালৰ সৈতে বসবাস কৰিছিল।

বস্তুগত জীৱনৰ প্ৰতি কোনো লালসা নথকা গুলজাৰিলাল নন্দাৰ বিষয়ে এটা প্ৰতিবেদনত প্ৰকাশ পাইছিল তেওঁ উপাৰ্জনৰ কোনো নিৰ্দিষ্ট উৎস নাছিল কাৰণে তেওঁৰ এজন ঘনিষ্ঠ বন্ধুৰ প্ৰচেষ্টাত জীৱনৰ শেষৰ ফালে স্বাধীনতা সংগ্ৰামী হিচাপে তেওঁৰ অৱদানৰ বাবে মাহে ৫০০ টকাকৈ পেঞ্চন পাইছিল। উল্লেখ্য যে দেশৰ প্ৰতি তেওঁৰ অৱদানক স্বীকৃতি দি ভাৰত চৰকাৰে  ১৯৯৭ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিছিল গুলজাৰিলাল নন্দাক। মহাত্মা গান্ধীৰ অনুগামী গুলজাৰিলাল নন্দাই জীৱনৰ ‌শেষ সময়লৈকে গান্ধীবাদী নীতি অনুসৰণ কৰি সাধাৰণ নাগৰিকৰ দৰে জীৱন যাপন কৰিছিল। তেওঁৰ জীৱনটোৱে সমাজলৈ বাৰ্তা দিয়ে যে, “Simple Living and High Thinking”

Also Read: জীৱনী: মফিজুদ্দিন আহমদ হাজৰিকা – চুফীবাদী দাৰ্শনিক কবি | Mafizuddin Ahmed Hazarika 

সামৰণি

ঊনবিংশ শতিকাত ভাৰতৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গুলজাৰিলাল নন্দাই নতুন দিল্লীস্থিত বাসগৃহত ১৯৯৮ চনৰ ১৫ জানুৱাৰীত ৯৯ বছৰ বয়সত  শেষ নিশ্বাস ত্যাগ কৰে।

Also Read: জীৱনী: ড° ৰাজেন্দ্ৰ প্ৰসাদ – স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি | Rajendra Prasad

FAQ

১) গুলজাৰিলাল নন্দা কিহৰ বাবে বেছিকৈ জনাজাত?

উত্তৰগুলজাৰিলাল নন্দা বেছিকৈ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ ভূমিকাৰ বাবে সৰ্বাধিক জনাজাত। তেওঁ দুবাৰকৈ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰিছিল। প্ৰথম বাৰ ১৯৬৪ চনৰ ২৭ মে’ তাৰিখৰ পৰা ১৯৬৪ চনৰ ৯ জুন তাৰিখলৈকে মাত্ৰ ১৩ দিনৰ বাবে। দ্বিতীয় বাৰ ১৯৬৬ চনৰ ১১ জানুৱাৰীৰ পৰা ১৯৬৬ চনৰ ২৪ জানুৱাৰীলৈকে ১৩ দিনৰ বাবেই দায়িত্ব গ্ৰহণ কৰিছিল।

২) গুলজাৰিলাল নন্দাৰ জন্ম ক’ত হৈছিল?

উত্তৰগুলজাৰিলাল নন্দাৰ জন্ম হৈছিল ১৮৯৮ চনৰ ৪ জুলাই তাৰিখে ব্ৰিটিছ ভাৰতৰ শাসনৰ তদানীন্তন পঞ্জাৱ প্ৰদেশ ছিয়ালকোটত খাত্ৰী জাতিৰ এটা পাঞ্জাৱী হিন্দু পৰিয়ালত। 

৩) গুলজাৰিলাল নন্দাৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰগুলজাৰিলাল নন্দাৰ পিতৃৰ নাম হ’ল- বুলাকী ৰাম নন্দা আৰু মাতৃৰ নাম হ’ল- ঈশ্বৰী দেৱী নন্দা।

৪) ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ গুলজাৰিলাল নন্দাৰ অৱদান কি?

উত্তৰগুলজাৰিলাল নন্দাই ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰীয় অংশগ্ৰহণ কৰিছিল।  স্বাধীনতা আন্দোলনত সক্ৰীয় অংশগ্ৰহণ কৰিবৰ কাৰণেই  তেওঁ ‌শিক্ষকতা বৃত্তি ত্যাগ কৰিছিল।  ১৯৩২ চনত আন্দোলন কৰাৰ বাবে প্ৰথমবাৰৰ বাবে কাৰাবাস খাটিছিল কিন্তু পুনৰ  আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে ১৯৪২ চনত দ্বিতীয়বাৰৰ বাবে ব্ৰিটিছ চৰকাৰে গুলজাৰিলাল নন্দাক গ্ৰেপ্তাৰ কৰি ১৯৪৪ চনলৈকে কাৰাবন্দী কৰি ৰাখিছিল।

৫) গুলজাৰিলাল নন্দাৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰ- ১৯৯৮ চনৰ ১৫ জানুৱাৰীত ৯৯ বছৰ বয়সত  গুলজাৰিলাল নন্দাই শেষ নিশ্বাস ত্যাগ কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top