অন্তিমজন গৱৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী জীৱনী | Chakravarti Rajagopalachari

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী | Chakravarti Rajagopalachari Essay in Assamese | Biography of Chakravarti Rajagopalachari in Assamese | চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী বিষয়ে জীৱনী | চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী বিষয়ে ৰচনা | চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীৰ চমু পৰিচয়।

Join Telegram channel

যিসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু দেশ প্ৰেমৰ ফলশ্রুতিত ভাৰতবৰ্ষ এখন আধুনিক, শক্তিশালী দেশ হিচাপে গঢ় লৈ উঠিছে তাৰ ভিতৰত এজন অন্যতম ব্যক্তি হ’ল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী (Chakravarti Rajagopalachari)।

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী জীৱনী | Chakravarti Rajagopalachari Biography

নামচক্ৰৱৰ্তী ৰাজাগোপালাচাৰী (Chakravarti Rajagopalachari[1])
জন্ম চন৯ ডিচেম্বৰ, ১৮৭৮ চন
জন্ম স্থানথোৰাপল্লী গাওঁ, কৃষ্ণগিৰি জিলা, তামিলনাডু
অভিভাৱকপিতৃৰ নাম – চক্ৰৱৰ্তী ভেঙ্কটৰিয়ান
মাতৃৰ নাম – চক্ৰৱৰ্তী চিঙ্গাৰামমা
শিক্ষা১) আৰ.ভি. চৰকাৰী বয়জ হায়াৰ চেকেণ্ডেৰী স্কুল, 
২) চেণ্ট্ৰেল কলেজ, বাংগালোৰ, 
৩) প্ৰেচিডেন্সি কলেজ, মাদ্ৰাজ
বঁটা১) ভাৰত ৰত্ন (১৯৫৪ চন)
২) সাহিত্য অকাডেমী বঁটা (১৯৫৮ চন)
মৃত্যু২৫ ডিচেম্বৰ, ১৯৭২ চন

Also Read: জীৱনী: গুলজাৰিলাল নন্দা – স্বাধীনতা সংগ্ৰামী তথা ৰাজনীতিবিদ | Gulzarilal Nanda

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী প্ৰাৰম্ভিক জীৱন

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীৰ জন্ম হৈছিল ১৮৭৮ চনৰ ৯ ডিচেম্বৰ তাৰিখে তামিলনাডুৰ কৃষ্ণগিৰি জিলাৰ থোৰাপল্লী গাওঁত। তেওঁৰ পিতৃৰ নাম হ’ল চক্ৰৱৰ্তী ভেঙ্কটৰিয়ান আৰু মাতৃৰ নাম হ’ল চক্ৰৱৰ্তী চিঙ্গাৰামমা। 

শিক্ষা

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল নিজ গাওঁ স্থিত শিক্ষানুষ্ঠানত। কিন্তু পাঁচ বছৰ বয়সত তেওঁ পৰিয়ালে নিজৰ বাসস্থান স্থানান্তৰ কৰাৰ পিছত আৰ.ভি. চৰকাৰী ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰে আৰু তাৰ পৰাই ১৮৯১ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পৰৱৰ্তী সময়ত ১৮৯৪ চনত বাংগালোৰৰ চেণ্ট্ৰেল কলেজৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত আইন অধ্যয়নৰ বাবে মাদ্ৰাজৰ প্ৰেচিডেন্সি কলেজত নাম ভৰ্তি কৰে চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে আৰু ১৮৯৭ চনত আইনৰ ডিগ্ৰী লাভ কৰে। একে বছৰতে তেওঁ আলামেলু মঙ্গলাম্মাৰ লগত বিবাহ পাশত আৱদ্ধ হয়। আৰু তেওঁ তিনিজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তানৰ পিতৃত্ব দায়িত্ব লাভ কৰে।

ৰাজনৈতিক জীৱন

১৯০০ চনত চালেমত আইন অনুশীলন আৰম্ভ কৰি বৃত্তিগত জীৱনৰ পাতনি মেলা চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে ২৮ বছৰ বয়সত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল। ইয়াৰ পৰৱৰ্তী সময় ১৯০৬ চনত কলিকতা অধিৱেশনত কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰাৰ‌ লগতে ১৯০৭ চনত চুৰাট অধিৱেশনতো অংশগ্ৰহণ কৰিছিল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে।

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী ১৯১১ চনত চালেম পৌৰসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯১৭ চনত তেওঁ পৌৰসভাৰ চেয়াৰমেন হিচাপে নিৰ্বাচিত হৈ ১৯১৭ চনৰ পৰা ১৯১৯ চনলৈকে এই দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে, ১৯১৭ চনত তেওঁ ভাৰতীয় স্বাধীনতা কৰ্মী P. Varadarajulu Naidu ক ৰাজদ্ৰোহৰ অভিযোগৰ বিৰুদ্ধে আদালতত অধিবক্তা হিচাপে নিজৰ যুক্তি প্ৰদৰ্শন কৰি তেওঁক দুখ মুক্ত হোৱাৰ পৰা উদ্ধাৰ কৰিছিল। 

গুৰুত্বপূৰ্ণ কথা যে, ১৯১৯ চনত মহাত্মা গান্ধীয়ে ভাৰতীয় স্বাধীনতা আন্দোলনত যোগদান কৰাৰ পিছত, ৰাজাগোপালাচাৰী তেওঁৰ এজন অনুগামী হৈ পৰে।  ইয়াৰ পৰৱৰ্তী সময়ত ৰাজাগোপালাচাৰীয়ে ৰ’লাট আইনৰ বিৰুদ্ধে সূচনা হোৱা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৯২০-২২ চনত মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা অসহযোগ আন্দোলনত সক্ৰীয় অংশগ্ৰহণ কৰিবৰ কাৰণেই ৰাজাগোপালাচাৰীয়ে নিজৰ আইনৰ বৃত্তি ত্যাগ কৰিছিল। ১৯২১ চনত তেওঁ কংগ্ৰেছ ৱৰ্কিং কমিটিলৈ নিৰ্বাচিত হয় আৰু কংগ্ৰেছ দলৰ দলৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহন কৰে।

১৯২৪-২৫ বৰ্ষত অস্পৃশ্যতাৰ বিৰুদ্ধে সূচনা হোৱা ভাইকোম সত্যাগ্ৰহত চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে ৰাজহুৱা সভা সমিতিত তেওঁ বক্তব্য প্ৰদান কৰিও অস্পৃশ্যতা নিৰাময়ৰ বাবে প্ৰয়াস কৰিছিল। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

স্বাধীনতা আন্দোলনত ভূমিকা

১৯৩০ দশকৰ আৰম্ভণিতে, তামিলনাডু কংগ্ৰেছৰ অন্যতম মুখ্য নেতা হিচাপে আত্মপ্ৰকাশ কৰা ৰাজাগোপালাচাৰীয়ে ১৯৩০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা দাণ্ডি পদযাত্ৰাৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। উল্লেখ্য যে, ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা অন্যতম সংগ্ৰামী Sardar Vedaratnam ৰ লগত Vedaranyam ত নিমখ আইন ভঙ্গ কৰিছিল। যাৰ বাবে ব্ৰিটিছ চৰকাৰে ৰাজাগোপালাচাৰীক Trichinopoly কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে ছয় মাহৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।

পৰৱৰ্তী সময়ত তামিলনাডু কংগ্ৰেছ কমিটিৰ সভাপতি নিৰ্বাচিত হয় চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী। উল্লেখ্য যে ১৯৩৭ চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছক অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰাজাগোপালাচাৰীয়ে।

১৯৩৭ চনৰ নিৰ্বাচনৰ পিছত, মাদ্ৰাজ প্ৰেচিডেন্সিত কংগ্ৰেছ দল ক্ষমতালৈ আহে আৰু চি ৰাজাগোপালাচাৰীয়ে মাদ্ৰাজ প্ৰেচিডেন্সিৰ প্ৰিমিয়াৰ হিচাপে দায়িত্ব গ্ৰহন কৰে । মাদ্ৰাজ প্ৰেচিডেন্সিৰ প্ৰিমিয়াৰ হিচাপে তেওঁ Temple Entry Authorization and Indemnity Act 1939 প্ৰণয়ন কৰি দলিত সকলক মন্দিৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ ওপৰিও কৃষকৰ ঋণ হ্ৰাস কৰিবলৈ তেওঁ ১৯৩৮  চনত কৃষি ঋণ সকাহ আইন প্ৰৱৰ্তন কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পৰৱৰ্তী সময়ত ১৯৪০ চনত ভাৰতৰ সন্মতি অবিহনে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ ভাইচৰয়ৰ সিদ্ধান্তৰ পিছত, ৰাজাগোপালাচাৰীকে ধৰি কংগ্ৰেছ মন্ত্ৰীসকলে প্ৰতিবাদত একেলগে পদত্যাগ কৰে আৰু ৰাজ্যপালক প্ৰশাসনৰ শাসনভাৰ গ্ৰহণ কৰিবলৈ এৰি দিয়ে। কিন্তু ডিফেন্স অৱ ইণ্ডিয়াৰ নিয়ম অনুসৰি, ১৯৪০ চনৰ ডিচেম্বৰত যুদ্ধ ঘোষণাৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ বাবে ৰাজাগোপালাচাৰীক গ্ৰেপ্তাৰ কৰা হয় আৰু এবছৰৰ কাৰাদণ্ডেৰে দণ্ডিত কৰা হয়।

গুৰুত্বপূৰ্ণ কথা যে চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে ভাৰত ত্যাগ আন্দোলনৰো বিৰোধিতা কৰিছিল। আন্দোলনৰ পৰিৱৰ্তে তেওঁ  ব্ৰিটিছসকলৰ সৈতে আলোচনাৰ পোষকতা কৰিছিল। ইয়াৰ উপৰিও ৰাজাগোপালাচাৰীয়ে ভাৰত বিভাজনৰ দাবী তৈয়াৰ কৰা মুছলিম লীগৰ সৈতে আলোচনাৰ পোষকতা কৰিছিল। এই সমূহ কাৰণৰ বাবেই পৰৱৰ্তী সময়ত মাদ্ৰাজ কংগ্ৰেছ বিধায়িনী দলৰ দ্বাৰা গৃহীত প্ৰস্তাৱ আৰু মাদ্ৰাজ প্ৰাদেশিক কংগ্ৰেছৰ নেতা কে. কামৰাজৰ সৈতে মতবিৰোধ হয় আৰু তেওঁ পৰৱৰ্তী সময়ত দল আৰু বিধানসভাৰ পৰা পদত্যাগ কৰে। 

১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধ সমাপ্তিৰ পিছত ১৯৪৬ চনত মাদ্ৰাজ প্ৰেচিডেন্সিত নিৰ্বাচন অনুষ্ঠিত হয়। যুদ্ধৰ অন্তিম বছৰত কে. কামৰাজক নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল আৰু মৌলানা আবুল কালাম আজাদে ৰাজাগোপালাচাৰীক মাদ্ৰাজ প্ৰেচিডেন্সিৰ প্ৰধান হিচাপে গঢ়ি তুলিবলৈ অনুৰোধ কৰিছিল। অৱশ্যে ৰাজাগোপালাচাৰীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাছিল। গুৰুত্বপূৰ্ণ কথা যে, জৱাহৰলাল নেহৰুৱে তেওঁৰ অন্তৱৰ্তীকালীন চৰকাৰত ১৯৪৬ চনৰ পৰা ১৯৪৭ চনলৈ উদ্যোগ, যোগান, শিক্ষা আৰু বিত্ত মন্ত্ৰী হিচাপে ৰাজাগোপালাচাৰীক দায়িত্বভাৰ দিছিল।

উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰাৰ লগে লগে, বংগ দুটা ভাগত বিভক্ত কৰা হয়। আৰু  জাগোপালাচাৰীয়ে পশ্চিম বংগৰ প্ৰথম ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহন কৰে। ৰাজ্যপাল হিচাপে ৰাজাগোপালাচাৰীয়ে হিন্দু আৰু মুছলমান দুয়ো পক্ষৰ সৈতে নিৰপেক্ষ আৰু দৃঢ়তাৰে মোকাবিলা কৰি ৰাজ্যখনৰ শান্তি আৰু স্থিৰতা বৰ্তাই ৰখাৰ বাবে গুৰুত্ব আৰোপ কৰিছিল। তেওঁ উৰিষ্যা আৰু বিহাৰৰ কিছু অঞ্চল পশ্চিম বংগত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিছিল। 

গুৰুত্বপূৰ্ণ কথা যে, ১৯৪৭ চনৰ ১০ নৱেম্বৰ তাৰিখৰ পৰা ২৪ নৱেম্বৰলৈকে ৰাজাগোপালাচাৰীয়ে গভৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্টবেটেনৰ অনুপস্থিতিত ভাৰতৰ কাৰ্যকৰী গভৰ্ণৰ জেনেৰেল হিচাপে দায়িত্ব পালন কৰিছিল। উল্লেখ্য যে, গভৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ৰাজাগোপালাচাৰীয়ে অতি সৰল জীৱন অতিবাহিত কৰিছিল, নিজৰ কাপোৰ নিজে ধোৱাৰ লগতে আৰু নিজৰ জোতা নিজে পালিচ কৰিছিল। যাৰ বাবে মাউণ্টবেটেনে বল্লভভাই পেটেলৰ পিছত ৰাজাগোপালাচাৰীক তেওঁৰ উত্তৰাধিকাৰী হ’বলৈ দ্বিতীয় পচন্দ কৰিছিল।

উল্লেখ্য যে, ১৯৪৮ চনৰ জুনত ভাৰত ত্যাগ কৰাৰ  ৰাজাগোপালাচাৰীয়ে ভাৰতৰ অন্তিম গভৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৪৮ চনৰ জুন মাহৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ এই পদত অধিষ্ঠিত আছিল। গুৰুত্বপূৰ্ণ কথা যে গভৰ্ণৰ জেনেৰেল হিচাপে অধিষ্ঠিত হোৱা একমাত্ৰ ভাৰতীয় হ’ল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী।

ইয়াৰ পৰৱৰ্তী সময়ত ৰাজাগোপালাচাৰী মাদ্ৰাজৰ পৰা সংবিধান সভালৈ নিৰ্বাচিত হৈছিল। উল্লেখ্য যে, ১৯৫০ চনত জৱাহৰলাল নেহৰুৱে ৰাজাগোপালাচাৰীক তেওঁৰ মন্ত্ৰীসভাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল। প্ৰাৰম্ভিক সময়ছোৱাত কোনোবা দপ্তৰৰ মন্ত্ৰী হিচাপে ৰাজাগোপালাচাৰীয়ে কাৰ্যনিৰ্বাহ কৰা নাছিল যদিও চৰ্দাৰ বল্লভভাই পেটেলৰ পৰলোকপ্ৰাপ্তিৰ পিছত তেওঁ গৃহমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰে। কিন্তু দায়িত্ব গ্ৰহন কৰাৰ পিছত জৱাহৰলাল নেহৰুৰ লগত বিভিন্ন বিষয়ত মতভেদ সৃষ্টি হোৱা বাবে ৰাজগোপালাচাৰীয়ে পদত্যাগ কৰি মাদ্ৰাজলৈ উভতি আহে। 

গুৰুত্বপূৰ্ণ কথা যে, ১৯৫২ চনত মাদ্ৰাজত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ পিছত কোনো দলে সংখ্যা গৰিষ্ঠতা লাভ নকৰাৰ ফলত তদানীন্তন ৰাজ্যপাল Sri Prakasa -য়ে ৰাজগোপালচাৰীক মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ দিয়ে। কিন্তু বিভিন্ন ৰাজনৈতিক অস্থিৰতা, কুটনৈতিক অদুৰদৰ্শিতাৰ বাবে ১৯৫৪ চনৰ ১৩ এপ্ৰিলত ৰাজগোপালাচাৰীয়ে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।

তাৎপৰ্যপূৰ্ণ কথা যে, ১৯৫৭ চনৰ জানুৱাৰী মাহত ৰাজাগোপালাচাৰীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰি Congress Reform Committee (CRC) নামৰ আন এটা ৰাজনৈতিক দল গঠন কৰিছিল। ৰাজাগোপালাচাৰীৰ নেতৃত্বত নৱ-গঠিত এই ৰাজনৈতিক দলটোৱে ৰাজ্যিক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ লগতে ১৩ খন আসনত জয় লাভ কৰি মাদ্ৰাজৰ দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছিল।

Also Read: জীৱনী: ৰামপ্ৰসাদ বিসমিল – স্বাধীনতা সংগ্ৰামৰ এটা উল্লেখযোগ্য নাম | Ram Prasad Bismil

সামৰণি

সক্ৰীয় ৰাজনীতিবিদ হোৱাৰ উপৰিও মাতৃভাষা তামিলৰ লগতে ইংৰাজী দুয়োটা ভাষাতে এজন দক্ষ লেখক ৰাজাগোপালাচাৰী আছিল ‘Salem Literary Society’ -ৰ প্ৰতিষ্ঠাপক। তেওঁ ১৯২২ চনত Siraiyil Thavam (Meditation in jail) প্ৰকাশ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ‘Tamil Scientific Terms Society’ স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৫১ চনত তেওঁ ইংৰাজীত মহাভাৰত ৰচনা কৰাৰ পিছত ১৯৫৭ চনত ৰামায়ণ অনুবাদ কৰিছিল। ইয়াৰ উপৰিও ইংৰাজীত ভাগৱত, গীতা আৰু উপনিষদ অনুদিত কৰাৰ লগতে তামিল ভাষাত ছক্ৰেটিছ আৰু Marcus Aurelius -ৰ ওপৰত গ্ৰন্থ প্ৰণয়ন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে, ১৯৫৮ চনত তেওঁক তামিল ভাষাত আগবঢ়োৱা বিভিন্ন সাহিত্য কৃতিৰ বাবে সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয়।

এক দীঘলীয়া সময় সক্ৰীয় ৰাজনীতিৰ লগতে সাহিত্যৰ ক্ষেত্ৰখনলৈ  অনবদ্য অৱদান আগবঢ়োৱা ৰাজাগোপালাচাৰীয়ে ১৯৭২ চনৰ ২৫ ডিচেম্বৰত ৯৪ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।

Also Read: জীৱনী: ড° শংকৰ দয়াল শৰ্মা – ভাৰতীয় ৰাজনীতিবিদ | Shankar Dayal Sharma

FAQ

১) চি. ৰাজাগোপালাচাৰী কোন?

উঃ- চি. ৰাজাগোপালাচাৰী ভাৰতীয় ৰাজনীতিবিদ, লেখক, উকীল আৰু সক্ৰিয় স্বাধীনতা কৰ্মী আছিল। ৰাজাগোপালাচাৰী ভাৰতৰ অন্তিম গভৰ্ণৰ জেনেৰেল আছিল।

২) চি. ৰাজাগোপালাচাৰীৰ জন্ম কʼত হৈছিল?

উঃ- তামিলনাডু ৰাজ্যৰ কৃষ্ণগিৰি জিলাৰ থোৰাপল্লী গাৱঁত।

৩) চি. ৰাজাগোপালাচাৰীৰ সম্পূৰ্ণ নাম কি?

উঃ- চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী (Chakravarti Rajagopalachari)।

৪) চি. ৰাজাগোপালাচাৰীক ভাৰত ৰত্ন কেতিয়া দিয়া হৈছিল? 

উঃ- ১৯৫৪ চনত।

৫)  Salem Literary Society -ৰ প্ৰতিষ্ঠাপক কোন?

উঃ- চি. ৰাজাগোপালাচাৰী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top