ড° শংকৰ দয়াল শৰ্মা জীৱনী – ভাৰতীয় ৰাজনীতিবিদ | Shankar Dayal Sharma

ড° শংকৰ দয়াল শৰ্মা | Shankar Dayal Sharma Essay in Assamese | Biography of Shankar Dayal Sharma in Assamese | ড° শংকৰ দয়াল শৰ্মা বিষয়ে জীৱনী | ড° শংকৰ দয়াল শৰ্মা বিষয়ে ৰচনা | ড° শংকৰ দয়াল শৰ্মাৰ চমু পৰিচয়।

Join Telegram channel

যিসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু দেশ প্ৰেমৰ ফলশ্রুতিত ভাৰতবৰ্ষ এখন আধুনিক, শক্তিশালী দেশ হিচাপে গঢ় লৈ উঠিছে তাৰ ভিতৰত এজন অন্যতম ব্যক্তি হ’ল ড° শংকৰ দয়াল শৰ্মা (Shankar Dayal Sharma)। সমগ্ৰ জীৱন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰা ড° শংকৰ দয়াল শৰ্মা আছিল এজন আপোচ বিহীন স্বাধীনতা সংগ্ৰামী, সুদক্ষ ৰাজনীতিবিদ, কৰ্মদক্ষ সাংসদ।

ড° শংকৰ দয়াল শৰ্মা

ড° শংকৰ দয়াল শৰ্মা জীৱনী | Shankar Dayal Sharma Biography

নামড° শংকৰ দয়াল শৰ্মা (Shankar Dayal Sharma[1])
জন্ম চন১৯ আগষ্ট ১৯১৮ চন
জন্ম স্থানআমন গাওঁ, ভূপাল (বৰ্তমান মধ্যপ্ৰদেশ)
পৰিয়ালপিতৃৰ নাম- খুশীলাল শৰ্মা
মাতৃৰ নাম- সুভ্ৰদা শৰ্মা
শিক্ষা১) চেইণ্ট জনচ্ কলেজ
২) এলাহাবাদ বিশ্ববিদ্যালয়
৩) লক্ষ্ণৌ বিশ্ববিদ্যালয়
৪) ফিটজ ৱিলিয়াম কলেজ, 
৫) কেমব্ৰিজ বিশ্ববিদ্যালয় আৰু
৬) লিংকনচ্ ইন এণ্ড হাভাৰ্ড ল কলেজ
বঁটা১) LL. D ডিগ্ৰী লাভ বিক্ৰম বিশ্ববিদ্যালয় আৰু ভূপাল বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা।
২) সমাজ সেৱাৰ বাবে সোণৰ পদক লাভ লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা।
মৃত্যু২৬ ডিচেম্বৰ, ১৯৯৯ চন

Also Read: জীৱনী: ভোগেশ্বৰ বৰুৱা – অসমৰ ক্ৰীড়া জগতৰ তাৰকা | Bhogeswar Baruah

ড° শংকৰ দয়াল শৰ্মা প্ৰাৰম্ভিক জীৱন 

ভাৰতীয় সংসদীয় ৰাজনীতিৰ এক উল্লেখযোগ্য ৰাজনৈতিক সত্বা শংকৰ দয়াল শৰ্মাৰ জন্ম হৈছিল ১৯১৮ চনৰ ১৯ আগষ্ট তাৰিখে বৰ্তমানৰ মধ্যপ্ৰদেশ কিন্তু সেই সময়ত ভূপালৰ আমন গাওঁত। তেওঁৰ পিতৃৰ নাম আছিল খুশিলাল শৰ্মা আৰু মাতৃৰ নাম আছিল সুভ্ৰদা শৰ্মা। 

শিক্ষা | Education

পঢ়া-শুনাৰ ক্ষেত্ৰত অত্যন্ত মেধাৱী শংকৰ দয়াল শৰ্মাই শিক্ষা গ্ৰহণ কৰিছিল চেইণ্ট জনচ্ কলেজ, এলাহাবাদ বিশ্ববিদ্যালয়, লক্ষ্ণৌ বিশ্ববিদ্যালয়, ফিটজ ৱিলিয়াম কলেজ, কেম্ব্ৰিজ বিশ্ববিদ্যালয় আৰু লিংকনচ্ ইন এণ্ড হাভাৰ্ড ল কলেজত।

ইংৰাজী সাহিত্য, হিন্দী আৰু সংস্কৃত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা শংকৰ দয়াল শৰ্মাই লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ এল. এল. এম ডিগ্ৰী গ্ৰহণ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডিগ্ৰী লাভ কৰিছিল শংকৰ দয়াল শৰ্মাই। গুৰুত্বপূৰ্ণ কথা যে তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডিপ্লমা ইন পাব্লিক এডমিনিষ্ট্ৰেচনৰ বঁটা লাভ কৰিছিল। ড° শংকৰ দয়াল শৰ্মাই লক্ষ্ণৌ বিশ্ববিদ্যালয়ত আইন বিভাগত ন বছৰ কাল অধ্যাপনা কৰাৰ লগতে ১৯৪৬ চনৰ পৰা ১৯৪৭ চনলৈকে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৪৭ চনৰ পৰা ১৯৪৮ চনলৈকে লিংকনচ্ ইন এণ্ড হাভাৰ্ড লʼ কলেজত Fellow হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে প্ৰচুৰ মেধাৱী আৰু সমাজহিতৈষী মনৰ অধিকাৰী শংকৰ দয়াল শৰ্মাক লক্ষ্ণৌ বিশ্ববিদ্যালয়ে সমাজ সেৱাৰ বাবে সোণৰ পদক প্ৰদান কৰিছিল। ইয়াৰ ওপৰিও বিক্ৰম বিশ্ববিদ্যালয় আৰু ভূপাল বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা শংকৰ দয়াল শৰ্মাক সন্মানীয় LL. D ডিগ্ৰী প্ৰদান কৰা হৈছিল। উল্লেখ্য যে শংকৰ দয়াল শৰ্মাই ১৯৫৬ চনৰ পৰা ১৯৫৯ চনলৈকে সাগৰ বিশ্ববিদ্যালয়ত Pro-Chancellor হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে আন্তৰ্জাতিক পৰিক্ৰমা, গ্ৰাম্য উন্নয়ন, আইন, দৰ্শন, ধৰ্ম আৰু শিক্ষাৰ তুলানামূলক অধ্যয়নৰ প্ৰতি আগ্ৰহী ড° শংকৰ দয়াল শৰ্মাই মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ত ক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰতিও যথেষ্ট আগ্ৰহী আছিল। এথলেটিক, সাঁতোৰ আদি খেলত শংকৰ দয়াল শৰ্মাই উৎকৃষ্ট প্ৰৰ্দশন কৰি এজন খেলুৱৈ হিচাপেও সুখ্যাতি অৰ্জন কৰিছিল।

সমাজলৈ অৱদান

ড° শংকৰ দয়াল শৰ্মাই লক্ষ্ণৌত ১৯৪০ চনত আইনৰ অনুশীলন আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও ‌তেঁও‌ ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰাৰ লগতে যোগদান কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছত।  ড° শৰ্মাই ১৯৫০ চনৰ পৰা ১৯৫২ চনলৈকে ভূপাল কংগ্ৰেছ সমিতিৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ড° শংকৰ দয়াল শৰ্মাই ৩২ বছৰতকৈও অধিক সময় ১৯৫২ চনৰ পৰা ১৯৮৪ চনলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন সাংগঠনিক বিষয়বাবত অধিষ্ঠিত হৈ আছিল। ১৯৬৭ চনৰ পৰা ১৯৬৮ চনলৈকে ড° শংকৰ দয়াল শৰ্মাই মধ্যপ্ৰদেশ কংগ্ৰেছ সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কংগ্ৰেছ ৱৰ্কিং কমিটীত ২০ বছৰ ধৰি নিজৰ দায়িত্ব পালন কৰিছিল। 

গুৰুত্বপূৰ্ণ কথা যে ভূপাল একত্ৰীকৰণ আন্দোলনত সক্ৰীয় অংশগ্ৰহণ কৰি ১৯৪৮ চনত কাৰাবৰণো কৰিব লগা হৈছিল ড° শংকৰ দয়াল শৰ্মাই। উল্লেখ্য যে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ভূপাল প্ৰদেশৰ সেই সময়ৰ নৱাবে ভাৰতৰ লগত সংযুক্ত হোৱাৰ পৰিৱৰ্তে স্বাধীন ভাৱে থাকিব বিচাৰিছিল। যাৰ বাবে ড° শংকৰ দয়াল শৰ্মাকে প্ৰমুখ্যে কৰি আন বহু ব্যক্তিৰ নেতৃত্বত নৱাবৰ বিৰুদ্ধে ভূপাল ভাৰতৰ লগত চামিল কৰিবলৈ এক গণতান্ত্ৰিক আন্দোলনৰ সূচনা কৰা হৈছিল। এই গণতান্ত্ৰিক আন্দোলনত সক্ৰীয় অংশগ্ৰহণ কৰি নেতৃত্ব বহন কৰাৰ বাবেই শংকৰ দয়াল শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত ভূপাল প্ৰদেশ চামিল হৈছিল ভাৰত গণৰাজ্যৰ লগত। ভাৰতৰ লগত চামিল হোৱাৰ পৰৱৰ্তী সময়ত ড° শংকৰ দয়াল শৰ্মাই ভূপালৰ মুখ্যমন্ত্ৰী হিচাপে ১৯৫২ চনৰ ১ এপ্ৰিল তাৰিখৰ পৰা ১৯৫৬ চনৰ নৱেম্বৰ মাহলৈকে দায়িত্ব পালন কৰিছিল। উল্লেখ্য যে ড° শংকৰ দয়াল শৰ্মাই আছিল মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰা সেই সময়ৰ সকলোতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী।

ৰাজনৈতিক জীৱন

ৰাজ্য পুন:গঠনৰ পৰৱৰ্তী সময়ত ১৯৫৬ চনত ভূপালকে প্ৰমুখ্যে কৰি বহু কেইখন প্ৰদেশক একত্ৰিত কৰি মধ্য প্ৰদেশ গঠন কৰা হৈছিল। উল্লেখ্য যে মধ্যপ্ৰদেশ গঠনৰ পিছত ড° শংকৰ দয়াল শৰ্মাই এক দীঘলীয়া সময় মধ্যপ্ৰদেশৰ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন কৰিছিল। ড° শৰ্মাই মধ্যপ্ৰদেশ চৰকাৰৰ কেবিনেট মন্ত্ৰী, শিক্ষা, আইন, উদ্যোগ আৰু বাণিজ্য, ৰাষ্ট্ৰীয় সম্পদ আৰু ৰাজহ বিভাগৰ মন্ত্ৰী হিচাপে ১৯৫৬ চনৰ পৰা ১৯৬৭ চনলৈকে দায়িত্ব পালন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ড° শংকৰ দয়াল শৰ্মাই ১৯৭৪ চনৰ ১০ অক্টোবৰ পৰা ১৯৭৭ চনৰ ২৪ মাৰ্চলৈকে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। 

ড° শংকৰ দয়াল শৰ্মাই ১৯৮৪ চনৰ ২৯ আগষ্টত অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি ১৯৮৫ চনৰ ২৫ নৱেম্বৰলৈকে এই পদত অধিষ্ঠিত হৈ থাকে। অন্ধ্ৰ প্ৰদেশৰ পিছত ড° শংকৰ দয়াল শৰ্মাই ১৯৮৫ চনৰ ২৬ নৱেম্বৰ তাৰিখে পাঞ্জাৱৰ ৰাজ্যপাল হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি ১৮৮৬ চনৰ ২ এপ্ৰিললৈকে এই পদত অধিষ্ঠিত হৈ থাকে। পাঞ্জাবৰ পৰৱৰ্তী সময়ত ড° শংকৰ দয়াল শৰ্মাই মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহন কৰি ১৯৮৭ চনলৈকে দায়িত্ব পালন কৰে। উল্লেখ্য যে সংসদীয় ৰাজনীতিত এক দীঘলীয়া সময় বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰিছিল ড° শংকৰ দয়াল শৰ্মাই। 

ড° শংকৰ দয়াল শৰ্মাই ভাৰতৰ অষ্টম উপ-ৰাষ্ট্ৰপতি হিচাপেও দায়িত্ব পালন কৰিছিল। ইয়াৰ ওপৰিও ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে ৫ বছৰৰ কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছিল ড° শৰ্মা। ড° শংকৰ দয়াল শৰ্মাই ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে সংসদ খন সূচাৰু ৰূপে পৰিচালিত কৰিবলৈ প্ৰতিটো নীতি নিয়মৰ ক্ষেত্ৰত অটল আছিল বুলি জনা যায়।

১৯৯২ চনত জৰ্জ গিলবাৰ্ট স্বেলৰ বিৰুদ্ধে ৬৬% ভোট পাই ড° শংকৰ দয়াল শৰ্মা ভাৰতৰ নৱম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ ১৯৯৭ চনলৈকে দায়িত্ব পালন কৰিছিল। 

লেখনিসমূহ

সংসদীয় ৰাজনীতিত সক্ৰীয় ভাৱে জড়িত থাকিলেও সাহিত্য চৰ্চাও কৰিছিল ড° শংকৰ দয়াল শৰ্মাই।  উল্লেখ্য যে শৰ্মাই ১৯৭০ ৰ দশকত কোৰাণৰ ওপৰত এটা কবিতা লিখিছিল যিটো ভাৰত আৰু পাকিস্তানৰ হিন্দী/উৰ্দু ভাষী মুছলমানসকলৰ মাজত যথেষ্ট গণ্য কৰা হয়। ইয়াৰ ওপৰিও বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় আলোচনীত প্ৰৱন্ধ প্ৰকাশ কৰিছিল ড° শংকৰ দয়াল শৰ্মাই। ড° শৰ্মাৰ উল্লেখযোগ্য ৰচনা সমূহ হৈছে- Congress Approach to International Affairs, Kranti Drishta, Indo-Soviet Relations, Rule of Law and Role of Police. 

ড° শংকৰ দয়াল শৰ্মাই  মাদ্ৰাজ বিশ্ববিদ্যালয়কে ধৰি কেইবাখনো বিশ্ববিদ্যালয়ত সমাৱৰ্তন ভাষণ প্ৰদান কৰাৰ লগতে হায়দৰাবাদৰ ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীত দ্বিতীয় চৰ্দাৰ পেটেল স্মাৰক বাৰ্ষিক বক্তৃতাও প্ৰদান কৰিছিল।

Also Read: জীৱনী: এ.পি.জে. আব্দুল কালাম – মিছাইলমেন | A. P. J. Abdul Kalam

সামৰণি

উল্লেখ্য যে  ড° শংকৰ দয়াল শৰ্মাই আফগানিস্তান, অষ্ট্ৰিয়া, বাংলাদেশ, বেলজিয়াম, বুলগেৰিয়া, কানাডা, চীন, ডেনমাৰ্ক, ইজিপ্ত,  জাৰ্মানী, ফিনলেণ্ড, ফ্ৰান্স, গ্ৰীচ, হংকং, হ’লেণ্ড, হাংগেৰী, ইটালী, জাপান, কেনিয়া, কোৰিয়া, কুৱেইট, লাক্সেমবাৰ্গ, মালয়েছিয়া, মৰিচাছ, পাকিস্তান, ছিংগাপুৰ, চুইজাৰলেণ্ড, থাইলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰকে আদি কৰি বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰিছিল।

১৯৯৯ চনত হৃদৰোগত আক্ৰান্ত হৈ দিল্লীৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ২৬ ডিচেম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰে ড° শংকৰ দয়াল শৰ্মাই।

Also Read: জীৱনী: লালবাহাদুৰ শাস্ত্ৰী – স্বাধীন ভাৰতৰ দ্বিতীয় জন প্ৰধান মন্ত্ৰী | Lal Bahadur Shastri

FAQ

) কেতিয়া ° শংকৰ দয়াল শৰ্মা ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল?

উত্তৰ – ১৯৯২ চনত জৰ্জ গিলবাৰ্ট স্বেলৰ বিৰুদ্ধে ৬৬% ভোট পাই ড° শংকৰ দয়াল শৰ্মা ভাৰতৰ নৱম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ ১৯৯৭ চনলৈকে দায়িত্ব পালন কৰিছিল। 

) ° শংকৰ দয়াল শৰ্মাই জন্মগ্ৰহণ কৰিছিল?

উত্তৰ ড° শংকৰ দয়াল শৰ্মাৰ জন্ম হৈছিল ১৯১৮ চনৰ ১৯ আগষ্ট তাৰিখে বৰ্তমানৰ মধ্যপ্ৰদেশ কিন্তু সেই সময়ত ভূপালৰ আমন গাওঁত।

) ° শংকৰ দয়াল শৰ্মাৰ পিতৃ মাতৃৰ নাম কি?

উত্তৰ ড° শংকৰ দয়াল শৰ্মাৰ পিতৃৰ নাম হ’ল খুশিলাল শৰ্মা আৰু মাতৃৰ নাম হ’ল সুভ্ৰদা শৰ্মা। 

) ১৯৪৮ চনত শংকৰ দয়াল শৰ্মাই কিয় কাৰাবাস খাটিব লগা হৈছিল?

উত্তৰ ভূপাল একত্ৰীকৰণ আন্দোলনত সক্ৰীয় অংশগ্ৰহণ কৰি ১৯৪৮ চনত কাৰাবাস খাটিব লগা হৈছিল ড° শংকৰ দয়াল শৰ্মাই। কাৰণ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ভূপাল প্ৰদেশৰ সেই সময়ৰ নৱাবে ভাৰতৰ লগত সংযুক্ত হোৱাৰ পৰিৱৰ্তে স্বাধীন ভাৱে থাকিব বিচাৰিছিল আৰু ইয়াৰ বিৰুদ্ধাচৰণ কৰিছিল  ড° শংকৰ দয়াল শৰ্মাকে প্ৰমুখ্যে কৰি আন বহু ব্যক্তিয়ে।

৫) ড° শংকৰ দয়াল শৰ্মাৰ কেতিয়া মৃত্যু হৈছিল?

উত্তৰ – ১৯৯৯ চনত হৃদৰোগত আক্ৰান্ত হৈ দিল্লীৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ২৬ ডিচেম্বৰ তাৰিখে মৃত্যুবৰণ কৰিছিল ড° শংকৰ দয়াল শৰ্মাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top