কৃষক নেতা চৌধাৰী চৰণ সিং জীৱনী | Chaudhary Charan Singh

কৃষক নেতা চৌধাৰী চৰণ সিং | Chaudhary Charan Singh Essay in Assamese | Biography of Chaudhary Charan Singh in Assamese | কৃষক নেতা চৌধাৰী চৰণ সিং বিষয়ে জীৱনী | কৃষক নেতা চৌধাৰী চৰণ সিং বিষয়ে ৰচনা | কৃষক নেতা চৌধাৰী চৰণ সিংৰ চমু পৰিচয়।

Join Telegram channel

দেশপ্ৰেমী, দক্ষ প্ৰশাসক, এজন চতুৰ ৰাজনীতিবিদ, ভাৰতৰ কৃষকসকলৰ কাৰণে মাত মতা চৌধাৰী চৰণ সিং (Chaudhary Charan Singh) আছিল অনবদ্য ব্যক্তিত্বৰে এজন মানৱতাবাদী ব্যক্তি। উত্তৰ প্ৰদেশ বিধান সভাৰ দীৰ্ঘদিনীয়া সদস্য, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ‌ পদত অধিষ্ঠিত হৈ ভাৰতৰ‌ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱা চৰণ সিঙে আছিল ভাৰতীয় ক্ৰান্তি দল আৰু লোক দলৰ এজন অন্যতম প্ৰতিষ্ঠাপক। কৃষক আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলৰ উন্নতিৰ বাবে নিৰন্তৰ চেষ্টা কৰা চৰণ সিঙে প্ৰধানমন্ত্ৰী হিচাপে সাধাৰণ মানুহৰ কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণৰ প্ৰয়াস কৰিছিল।

চৌধাৰী চৰণ সিং

চৌধাৰী চৰণ সিং জীৱনী | Chaudhary Charan Singh Biography

নামচৌধাৰী চৰণ সিং (Chaudhary Charan Singh[1])
জন্ম চন২৩ ডিচেম্বৰ, ১৯০২ চন
জন্ম স্থাননুৰপুৰ, মীৰাট জিলা, উত্তৰ প্ৰদেশ
অভিভাৱকপিতৃৰ নাম – মীৰ সিং
মাতৃৰ নাম – নেত্ৰ কৌৰ
বঁটা১) আগ্ৰা মহাবিদ্যালয়
২) চৰকাৰী উচ্চ বিদ্যালয়, মিৰাট চহৰ
মৃত্যু২৯ মে’, ১৯৮৭ চন

Also Read: জীৱনী: ড° ৰাজেন্দ্ৰ প্ৰসাদ – স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি | Rajendra Prasad

চৌধাৰী চৰণ সিং প্ৰাৰম্ভিক জীৱন

ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা চৌধাৰী চৰণ সিঙৰ জন্ম হৈছিল ১৯০২ চনৰ ২৩ ডিচেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ মীৰাট জিলাৰ অন্তৰ্গত নুৰপুৰ গাঁৱত। চৌধাৰী চৰণ সিঙৰ পিতৃৰ নাম হ’ল মীৰ সিঙ আৰু মাতৃৰ নাম হ’ল নেত্ৰ কৌৰ। চৰণ সিং আছিল মীৰ সিং আৰু নেত্ৰ কৌৰৰ পাঁচটা সন্তানৰ ভিতৰত জেষ্ঠ আছিল চৌধাৰী চৰণ সিং। চৰণ সিঙৰ পিতৃ পেচাগত ভাৱে আছিল এজন খেতিয়ক। 

শিক্ষা

চৌধাৰী চৰণ সিঙে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল জানি খুৰ্দ গাঁৱত। সৰুৰে পৰা মেধাসম্পন্ন  চৰণ সিঙে ১৯১৯ চনত মিৰাট চহৰৰ চৰকাৰী উচ্চ বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯২৩ চনত আগ্ৰা মহাবিদ্যালয়ৰ পৰা বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ১৯২৫ চনত ইতিহাস বিষয়ত স্নাতকোত্তৰ আৰু ১৯২৬ চনত LLB ডিগ্ৰী লাভ কৰে চৌধাৰী চৰণ সিঙে। আইনৰ ডিগ্ৰী লাভ কৰাৰ পিছত গাজিয়াবাদত ১৯২৮ চনৰ পৰা আইনৰ অনুশীলন আৰম্ভ কৰি বৃত্তিগত জীৱনৰ পাতনি মেলিছিল চৰণ সিঙে। কিন্তু ১৯২৯ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ পৰৱৰ্তী সময়ত সম্পূৰ্ণ ভাৱে ৰাজনৈতিক দিশৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে তেওঁ।

ৰাজনৈতিক জীৱন

মহাত্মা গান্ধীৰ জীৱনাদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈছিল চৌধাৰী চৰণ সিং। যাৰ বাবে তেওঁ মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছৰ সূচনা হোৱা স্বাধীনতা আন্দোলনত সক্ৰীয় অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ প্ৰত্যক্ষ ভাৱে ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতো জড়িত হৈ পৰিছিল। গুৰুত্বপূৰ্ণ কথা যে, মহাত্মা গান্ধীৰ পদ অনুসৰণ কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰা চৌধাৰী চৰণ সিঙে কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। উল্লেখ্য যে ১৯৩০ চনত নিমখ আইন উলংঘা কৰাৰ বাবে ব্ৰিটিছে তেওঁক ১২ বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত সত্যাগ্ৰহ আন্দোলনৰ বাবে ১৯৪০ চনৰ নৱেম্বৰত চৰণ সিঙক পুনৰ এবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল ব্ৰিটিছে। পুনৰ ১৯৪২ চনৰ আগষ্ট মাহত চৰণ সিঙক  ডি আই আৰৰ অধীনত ব্ৰিটিছে পুনৰ গ্ৰেপ্তাৰ কৰি ১৯৪৩ চনৰ নৱেম্বৰত মুক্তি দিয়ে।

চৌধাৰী চৰণ সিং মাত্ৰ ৩৪ বছৰ বয়সতে চাপ্ৰাউলি বিধানসভা সমষ্টিৰ পৰা উত্তৰ-প্ৰদেশৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল। উল্লেখ্য যে বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত বিধানসভাত চৰণ সিঙে সক্ৰিয় ভূমিকা পালন কৰাৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। এই প্ৰশ্নসমূহ আছিল কৃষকৰ অধিকাৰৰ হকে। গুৰুত্বপূৰ্ণ কথা যে নিজৰ কৰ্ম দক্ষতাৰে সেই সময়ৰ উত্তৰ প্ৰদেশৰ মুৰব্বী গোবিন্দ বল্লভ পন্তৰ প্ৰিয় হৈ পৰা চৰণ সিঙে ১৯৪৬ চনৰ পৰা ১৯৫০ চনলৈকে কংগ্ৰেছ চৰকাৰৰ সংসদীয় সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজহ মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে, চৰণ সিং ১৯৪৬, ১৯৫২, ১৯৬২ আৰু ১৯৬৭ চনতলৈকে চাপ্ৰাউলি সমষ্টিৰ পৰাই উত্তৰ প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ১৯৫১ চনত প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশত কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰাৰ লগতে ন্যায় আৰু তথ্য বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰিছিল। ইয়াৰ পিছত ১৯৫২ চনত তেওঁ চৰণ সিঙে ৰাজহ আৰু কৃষি মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। ১৯৬০ চনত চৰণ সিঙে চি.বি গুপ্তাৰ মন্ত্ৰালয়ৰ গৃহ আৰু কৃষি মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। ১৯৬২-৬৩ চনলৈকে চৰণ সিঙে  সুচেতা কৃপলানিৰ মন্ত্ৰালয়ৰ কৃষি আৰু বন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

উত্তৰ প্ৰদেশৰ কংগ্ৰেছ দলৰ এজন শক্তিশালী নেতা হিচাপে আত্মপ্ৰকাশ কৰা চৰণ সিঙে জৱাহৰলাল নেহৰুৰ ছোভিয়েট শৈলীৰ অৰ্থনৈতিক সংস্কাৰৰ বিৰোধিতা মুকলিকৈ কৰিছিল। চৰণ সিঙৰ অভিমত আছিল যে সমবায় ফাৰ্মসমূহ ভাৰতত সফল নহ’ব। কৃষকৰ সন্তান চৰণ সিঙে ব্যক্তিগত অভিজ্ঞতাৰে মত প্ৰকাশ কৰিছিল যে  কৃষকৰ বাবে মালিকীস্বত্বৰ অধিকাৰ গুৰুত্বপূৰ্ণ। তেওঁ কৃষকৰ স্বত্বাধিকাৰীত্বৰ ক্ষেত্ৰত সংশোধনী বিচাৰিছিল। যাৰ বাবে নেহৰুৰ অৰ্থনৈতিক নীতিক মুকলিকৈ সমালোচনা কৰাৰ ফলত চৰণ সিঙৰ ৰাজনৈতিক জীৱনতো প্ৰভাৱ পৰিছিল।

ভাৰতীয় ক্ৰান্তি দলৰ গঠন

এইসমূহ কাৰণৰ পৰিপ্ৰেক্ষিতত ১৯৬৭ চনত চৰণ সিঙে ভাৰতীয় জাতীয় কংগ্ৰেছ দল ত্যাগ কৰি নিজাকৈ ভাৰতীয় ক্ৰান্তি দল নামেৰে এটা নতুন ৰাজনৈতিক দল গঠন কৰে। গুৰুত্বপূৰ্ণ কথা যে ৰাজ নাৰায়ণ আৰু ৰাম মনোহৰ লোহিয়াৰ প্ৰত্যক্ষ সহযোগ আৰু সমৰ্থনত ১৯৬৭ চনত চৰণ সিঙে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৭০ চনত কংগ্ৰেছ দল দুটা ভাগত বিভক্ত হোৱাৰ পিছত কংগ্ৰেছ দলৰ সমৰ্থনত ১৯৭০ চনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰে। কিন্তু ১৯৭৫ চনত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী জৰুৰীকালীন অৱস্থা ঘোষণা কৰি আন আন বিৰোধী নেতাৰ লগতে চৰণ সিঙকো কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। কাৰাগাৰৰ পৰা লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত মুক্তি লাভ কৰাৰ পিছত চৰণ সিঙে তেওঁ গঠন কৰা ৰাজনৈতিক দলটোক মোৰাৰজী দেশাইৰ জনতা পাৰ্টিৰ সৈতে একত্ৰিত কৰিছিল। লোকসভা নিৰ্বাচনত মোৰাৰজী দেশাইৰ নেতৃত্বত গঠন হোৱা মিত্ৰজোঁট চৰকাৰত চৰণ সিঙে ১৯৭৭ চনৰ পৰা ৭৮ চনলৈকে গৃহমন্ত্ৰী হিচাপে আৰু ১৯৭৯ চনত উপ-প্ৰধানমন্ত্ৰী  হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

গুৰুত্বপূৰ্ণ কথা যে, মোৰাৰজী দেশাইৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত চৰণ সিং আৰু মোৰাৰজী দেশাইৰ মাজত মতানৈক্য উদ্ভৱ হৈ ১৯৭৯ চনৰ ২৮ জুলাই তাৰিখে চৰণ সিঙে ইন্দিৰা গান্ধীৰ কংগ্ৰেছ দলৰ সমৰ্থনত যশৱন্তৰাও চৱনক উপ-প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব দি প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কিন্তু লোকসভাত সংখ্যাগৰিষ্ঠতা নিশ্চিত কৰাৰ ঠিক আগতে, ইন্দিৰা গান্ধীয়ে চৰণ সিঙৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰে। 

চৌধুৰী চৰণ সিং ভাৰতৰ একমাত্ৰ প্ৰধানমন্ত্ৰী আছিল যিয়ে সংসদৰ মুখামুখি হোৱা নাছিল।

লেখক হিচাপে চৌধুৰী চৰণ সিং

এজন ৰাজনীতিজ্ঞ হোৱাৰ সমান্তৰালকৈ চৌধাৰী চৰণ সিং এজন লেখকো আছিল। তেওঁ ৰচনা কৰা কেইখনমান উল্লেখযোগ্য কিতাপ হ’ল- 

  • ১৯৫৭ চনত প্ৰকাশিত ‘Agrarian Revolution in Uttar Pradesh’, 
  • ১৯৫৯ চনত প্ৰকাশিত ‘Joint Farming X-rayed’, 
  • ১৯৭৮ চনত প্ৰকাশিত ‘India’s Economic Policy – The Gandhian Blueprint’, 
  • ১৯৮১ চনত প্ৰকাশিত ‘Economic Nightmare of India: Its Cause and Cure’, 
  • ১৯৪৭ চনত প্ৰকাশিত ‘Abolition of Zamindari’, 
  • ১৯৬৪ চনত প্ৰকাশিত ‘India’s Poverty and It’s Solution’, 
  • ১৯৮৬ চনত প্ৰকাশিত ‘Land Reforms in UP and the Kulaks’, ‘Co-operative Farming X’, ‘Prevention of Division of Holdings Below a Certain Minimum’ ইত্যাদি।

Also Read: জীৱনী: এ.পি.জে. আব্দুল কালাম – মিছাইলমেন | A. P. J. Abdul Kalam

সামৰণি

গুৰুত্বপূৰ্ণ কথা যে, ২৩ ডিচেম্বৰ তাৰিখটো প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কৃষক নেতা চৌধাৰী চৰণ সিঙৰ জন্ম জয়ন্তী উপলক্ষে কিষাণ দিৱস বা ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয়। কৃষক দিৱস উদযাপন কৰাৰ অশ্তৰালৰ ধাৰণাটো হ’ল দেশৰ অৰ্থনীতিৰ মেৰুদণ্ড গঠন কৰা কৃষকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা। উল্লেখ্য যে  “কৃষকৰ চেম্পিয়ন” বুলি অভিহিত কৰা ‌কৃষকৰ‌ সন্তান চৌধাৰী চৰণ সিঙে কৃষকসকলক শক্তিশালী কৰাৰ বাবে বহু কেইটা নীতি প্ৰৱৰ্তন কৰাৰ লগতে কৃষি ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে কেইবাটাও পদক্ষেপ হাতত লৈছিল। 

চৌধাৰী চৰণ সিঙে ৮৪ বছৰ বয়সত ১৯৮৭ চনৰ ২৯ মে’ তাৰিখে ইহলীলা সম্বৰণ কৰে। উল্লেখ্য যে চৌধাৰী চৰণ সিঙৰ মৃত্যুৰ পিছত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আমাউচী বিমানবন্দৰৰ নাম  চৌধাৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৰখা হয় আৰু ভাৰতৰ উত্তৰ প্ৰদেশৰ মিৰাট বিশ্ববিদ্যালয়কো তেওঁৰ সন্মানাৰ্থে চৌধাৰী চৰণ সিং বিশ্ববিদ্যালয় হিচাপে নামাকৰণ কৰা হয়। সমগ্ৰ জীৱন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰা চৌধাৰী চৰণ সিঙৰ দৰে এজন আপোচ বিহীন স্বাধীনতা সংগ্ৰামী, সুদক্ষ ৰাজনীতিবিদ, কৰ্মদক্ষ সাংসদ হিচাপে তেওঁৰ বৌদ্ধিক দৃষ্টিভংগী,কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰ বৰ্তমান সময়ৰ আদৰ্শ।

Also Read: জীৱনী: পদ্মধৰ চলিহা – অসমীয়া সাহিত্যিক | Padmadhar Chaliha

FAQ

) কিষাণ দিৱস কিয় উদযাপন কৰা হয়?

উত্তৰকৃষকৰ ‘চেম্পিয়ন’ বুলি অভিহিত কৰা ‌কৃষকৰ‌ সন্তান চৌধাৰী চৰণ সিঙৰ জন্ম জয়ন্তী উপলক্ষে ২৩ ডিচেম্বৰ তাৰিখটো কিষাণ দিৱস বা ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয়।

) প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত সংসদৰ মুখামুখি কোন হোৱা নাছিল?

উত্তৰ চৌধাৰী চৰণ সিঙে প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত সংসদৰ মুখামুখি কোন হোৱা নাছিল।

) ভাৰতীয় ক্ৰান্তি দল আৰু লোক দলৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ ভাৰতীয় ক্ৰান্তি দল আৰু লোক দলৰ অন্যতম প্ৰতিষ্ঠাপক হ’ল চৌধাৰী চৰণ সিং।

) চৌধাৰী চৰণ সিঙৰ জন্ম হৈছিল?

উত্তৰচৌধাৰী চৰণ সিঙৰ জন্ম হৈছিল ১৯০২ চনৰ ২৩ ডিচেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ মীৰাট জিলাৰ অন্তৰ্গত নুৰপুৰ গাঁৱত।

৫) চৌধাৰী চৰণ সিঙৰ পিতৃ মাতৃৰ নাম কি?

উত্তৰ- চৌধাৰী চৰণ সিঙৰ পিতৃৰ নাম হ’ল মীৰ সিঙ আৰু মাতৃৰ নাম হ’ল নেত্ৰ কৌৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top