পদ্মধৰ চলিহা জীৱনী – অসমীয়া সাহিত্যিক | Padmadhar Chaliha Biography

পদ্মধৰ চলিহা | Padmadhar Chaliha Essay in Assamese | Biography of Padmadhar Chaliha in Assamese | পদ্মধৰ চলিহা বিষয়ে জীৱনী | পদ্মধৰ চলিহা বিষয়ে ৰচনা | পদ্মধৰ চলিহাৰ চমু পৰিচয়।

Join Telegram channel

আধুনিক অসমীয়া সাহিত্যৰ এজন বিশিষ্ট আৰু অক্লান্ত কৰ্মী আছিল পদ্মধৰ চলিহা (Padmadhar Chaliha)। ছাত্ৰ অৱস্থাৰ পৰাই জীৱনৰ শেষ মুহূৰ্ত্তলৈকে দেশ তথা জাতিৰ বাবে এটা উৎসৰ্গিত সত্বা আছিল তেওঁ। কম বয়সৰ পৰাই সংগীত সাহিত্য, নাট্য সাহিত্যৰ চৰ্চা কৰাৰ উপৰিও তীক্ষ্ণ মেধা বুদ্ধিৰ ছাত্ৰ আছিল পদ্মধৰ চলিহা। নানান সমস্যা, প্ৰত্যাহ্বানৰ মাজতো সমাজ নীতি, ৰাজনীতি সকলো কথাতে আগভাগ লৈ এখন সমন্বয়ৰ সমাজ গঢ়িবলৈ চেষ্টা কৰা পদ্মধৰ চলিহা এজন সু-নাগৰিক হোৱাৰ উপৰিও আছিল একেধাৰে সাহিত্যিক, গীতি-কবি, সাংবাদিক, শিক্ষাবিদ, ৰাজনৈতিক কৰ্মী, সংগীতজ্ঞ, আইনজ্ঞ, অভিনতা আৰু বাগ্মিতা গুণৰ অধিকাৰী এজন ব্যক্তি।

পদ্মধৰ চলিহা

পদ্মধৰ চলিহা জীৱনী | Padmadhar Chaliha Biography

নামপদ্মধৰ চলিহা (Padmadhar Chaliha[1])
জন্ম চন১৮৯৫ চন
জন্ম স্থানশিৱসাগৰ, অসম
পৰিয়ালপিতৃৰ নাম- ফণীধৰ চলিহা
মাতৃৰ নাম- গুণদালতা চলিহা
শিক্ষা১) শিৱসাগৰ চৰকাৰী হাইস্কুল
২) কটন কলেজ
৩) কলিকতাৰ প্ৰেছিডেন্সী কলেজ
৪) গুৱাহাটীৰ আৰ্ল ল কলেজ
মৃত্যু ১২ জুন, ১৯৬৯ চন

Also Read: জীৱনী: এ.পি.জে. আব্দুল কালাম – মিছাইলমেন | A. P. J. Abdul Kalam

পদ্মধৰ চলিহা প্ৰাৰম্ভিক জীৱন তথা শিক্ষা

১৮৯৫ চনত শিৱসাগৰত জন্ম গ্ৰহণ কৰিছিল পদ্মধৰ চলিহাই। শিশু অৱস্থাৰ পৰাই শিক্ষাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো আগৰণুৱা আছিল তেওঁ। বিভিন্ন সভা-সমিতিত নাচ গান, অভিনয়, আবৃত্তি আদি কৰাৰ লগতে ভাওনাতো অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছিল পদ্মধৰ চলিহাই। ইয়াৰ উপৰিও সেই সময়ত অনুষ্ঠিত বিভিন্ন বিষয়ৰ সাহিত্য-সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰষ্কৃত হৈছিল তেওঁ। আউনীআটী কমলদেৱ অসমীয়া ৰচনা প্ৰতিযোগিতাত সমগ্ৰ অসমৰ ভিতৰত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল পদ্মধৰ চলিহাই।

১৯০৮ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অসম চৰকাৰৰ বৃত্তি লাভ কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰাৰ লগতে ইংৰাজীত সৰ্বোচ্চ নম্বৰ পাই ১৯১০ চনত আই এ পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পৰৱৰ্তী সময়ত ১৯১২ চনত কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা ইংৰাজী অনাৰ্চ সহ: বি এ পৰীক্ষাত উত্তীৰ্ণ হয় পদ্মধৰ চলিহা। ইয়াৰ পৰৱৰ্তী সময়ত পদ্মধৰ চলিহাই ১৯১৬ চনত ইংৰাজীত এম এ আৰু ১৯২০ চনত গুৱাহাটীৰ আৰ্ল ল কলেজৰপৰা বি.এল ডিগ্ৰী লাভ কৰে।

কৰ্ম জীৱন

সৰুৰে পৰা বেৰিষ্টাৰ হোৱা, আই ছি এছ বিষয়া হ’বৰ বাবে আকাংক্ষা পুহি ৰখা পদ্মধৰ চলিহাই স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ফুলেশ্বৰী ইনষ্টিটিউশ্যনত প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত আৰ্ল ল কলেজৰ পৰা বি.এল ডিগ্ৰী লাভ কৰাৰ পিছত ১৯২৩ চনত ডিব্ৰুগড়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ত ১৯২৯ চনৰ পৰা ১৯৪৪ চন পৰ্য্যন্ত শিৱসাগৰত ওকালতি আৰম্ভ কৰিছিল পদ্মধৰ চলিহাই। গুৰুত্বপূৰ্ণ কথা যে ১৯৪৭ চনত বৰ্তমান সময়ৰ উজনি অসমৰ অন্যতম শিক্ষানুষ্ঠান শিৱসাগৰ কলেজ প্ৰতিষ্ঠা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পদ্মধৰ চলিহাই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কালৰে পৰা প্ৰায় বাৰ বছৰ সময় মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও ১৯৪৪ চনত অস্থায়ী ই এ চি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ।

গুৰুত্বপূৰ্ণ কথা যে আপোচ বিহীন মনৰ পদ্মধৰ চলিহাই মহাত্মা গান্ধীৰ নিদেৰ্শত ভাৰতৰ স্বাধীনতা সংগ্ৰামতো সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰিছিল। স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবেই কাৰাবাসো খাটিছিল তেওঁ। 

পদ্মধৰ চলিহা ১৯২৮-২৯ সময়চোৱাত সিংহদত্ত দেৱ অধিকাৰীৰ সহযোগত অৰ্ঘা নামৰ এখনি পষেকীয়া আলোচনীৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আলোচনী খনৰ যুটীয়া সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৩০ চনত আইন আন্দোলনৰ সময়ত গুৱাহাটীৰ পৰা প্ৰকাশিত সাদিনীয়া আৰু তিনিদিনীয়া অসমীয়া কাকতৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ১৯৩১-৩২ চনত পদ্মধৰ চলিহাই অসমীয়াৰ সম্পাদকৰ দায়িত্ব বহন কৰা সময়ত অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাই অতিশয় জটিল ৰূপ ধাৰণ কৰিছিল। অৰ্থনৈতিক বিপৰ্যয়ৰ মাজতো, অসহযোগ আন্দোলনৰ ভৰপক অৱস্থাৰ মাজতো সাদিনীয়া আৰু তিনিদিনীয়া অসমীয়া কাকতৰ সম্পাদনাৰ কাম সূচাৰুৰূপে পৰিচালনা কৰিছিল তেওঁ। ইয়াৰ উপৰিও বাঁহী আলোচনীৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল পদ্মধৰ চলিহাই। গুৰুত্বপূৰ্ণ কথা যে শিৱসাগৰ কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ৰ পদ্মধৰ চলিহাই শিৱসাগৰৰ পৰা এখন পূৰ্ণ পৰ্যায়ৰ সাপ্তাহিক কাকত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল যদিও নানান কাৰিকৰী অসুবিধা আৰু সীমাবদ্ধতাৰ মাজত পৰৱৰ্তী সময়ত অসমজ্যোতি নামেৰে এখন সংবাদ আলোচনী প্ৰকাশ কৰি উলিওৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সমান্তৰালকৈ আলোচনী খনৰ সম্পাদনাৰ দায়িত্ব বহন কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে পদ্মধৰ চলিহাই গুৱাহাটী কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত আজিৰ দৰে অলেখ সাংস্কৃতিক অনুষ্ঠান নাছিল, চৰকাৰী সাংস্কৃতিক বিভাগ নাছিল, সংগীত বিদ্যালয় নাছিল, অনাতাঁৰ কেন্দ্ৰ নাছিল। কিন্তু সেই সময়ত পদ্মধৰ চলিহাই ১৯৩১ চনত বাতৰি কাকত সম্পাদনা কৰাৰ সমান্তৰালকৈ গুৱাহাটীত এটা সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰাৰ বাবে প্ৰয়াস কৰিছিল। তেখেতে অতুল চন্দ্ৰ হাজৰিকা, নাৰায়ন চন্দ্ৰ বৰুৱা, শশী চন্দ্ৰ গোস্বামী, যোগেন্দ্ৰনাথ বৰকাকতি আদি কলানুৰাগী ব্যক্তি সকলৰ সহযোগত গুৱাহাটীত সন্ধিয়া সন্মিলনীৰ মাহেকীয়া অধিৱেশন অনুষ্ঠিত কৰি এটা কলাত্মক পৰিৱেশ গঢ়াৰ চেষ্টা কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে পদ্মধৰ চলিহা আছিল ১৯১৭ গুৱাহাটীত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনৰ প্ৰধান আহ্বায়ক তথা গুৰি ধৰোতা হোৱাৰ উপৰিও তেওঁ অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

পদ্মধৰ চলিহাই ১৯৩৪ চনত মঙ্গলদৈত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সংগীত শাখাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। ইয়াৰ উপৰিও পদ্মধৰ চলিহাই ১৯৫৮ চনত তিনিচুকীয়াত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ মূল অধিবেশনৰ সভাপতি দায়িত্ব পালন কৰিছিল।

Also Read: জীৱনী: বৰাহগিৰি ভেংকট গিৰি – ভাৰতীয় স্বাধীনতা সংগ্ৰামী | Varahagiri Venkata Giri

গীতিকাৰ হিচাপে

গীতিকাৰ হিচাপেও পদ্মধৰ চলিহাৰ আছিল বিশেষ খ্যাতি। স্বাধীনতা সংগ্ৰামৰ সময়তো তেখেতৰ গীত সমূহ হৈছিল বহু জনপ্ৰিয়। পদ্মধৰ চলিহাই বিশ্বাস কৰিছিল জাতীয় জাগৰণ আৰু জাতীয় ভাবৰ বিকাশত সংগীতৰ স্থান অতিশয় উচ্চ। তেওঁৰ গীত আৰু কবিতাৰ পুথি সমূহ হৈছে – ফুলনি (১৯১৫), স্বৰাজ সংগীত (১৯২১), গীতি-লহৰী (১৯২৩), শৰাই (১৯২৮), ৰংপুৰে কথা কয় (১৯৫৬)। উল্লেখ্য যে পদ্মধৰ চলিহাৰ ‘স্বৰাজ সংগীত’ৰ গীতসমূহ স্বাধীনতা সংগ্ৰামৰ সময়ত মানুহৰ মুখে মুখে প্ৰচলিত আছিল। ‘ৰংপুৰে কথা কয়’ নামৰ কবিতা পুথিখন পদ্মধৰ চলিহাৰ মতে স্বগতোক্তি (dramatic monologue)। এই কবিতা পুথি খনৰ জৰিয়তে পদ্মধৰ চলিহাই অতীতৰ ৰংপুৰ তথা অসমৰ প্ৰাচীন ভাষ্কৰ্য্য আৰু স্থাপতিবিদ্যাৰ কথা প্ৰতিফলিত কৰিছে। 

নাট্যকাৰ হিচাপে

কবি তথা গীতিকাৰ হোৱাৰ উপৰিও পদ্মধৰ চলিহা নাট্যকাৰ হিচাপেও জন-সমাজত পৰিচিত। সংখ্যাত কম হ’লেও আধুনিক নাটকৰ চালুকীয়া অৱস্থাত মাত্ৰ তিনিখন নাটক ৰচনা কৰিয়ে আধুনিক নাট্য সাহিত্যলৈ চলিহাই অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। ‘নিমন্ত্ৰণ’ (১৯১৭) হ’ল পদ্মধৰ চলিহাৰ প্ৰথমখন ধেমেলীয়া নাটক। পুৰণি গল্প এটাৰ আধাৰত চলিহাই ৰচনা কৰিছিল নিমন্ত্ৰণ নামৰ এই নাটকখন।

ইয়াৰ উপৰিও তেওঁৰ দ্বিতীয় খন ধেমেলীয়া নাটক হ’ল- ‘কেনেমজা’ (১৯২৩)। এইখন নাটকত অৱশ্যে পদ্মধৰ চলিহাই ধেমেলীয়া গীতি নাট্য বুলি অভিহিত কৰিছে। পদ্মধৰ চলিহাৰ তৃতীয় খন নাটক হ’ল চেক্সপিয়েৰৰ ৰোমিঅ’ জুলিয়েট নাটকৰ আধাৰত ভাৰতীয় পটভূমিত ৰচনা কৰা ‘অমৰ লীলা’ (১৯২০)।

পদ্মধৰ চলিহাই ৰচনা কৰা একমাত্ৰ চুটিগল্পটো হৈছে ‘বলিয়া’। লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদিত বাঁহীত প্ৰকাশ পাইছিল এই গল্পটো। 

আত্মজীৱনীমূলক গ্ৰন্থ

পদ্মধৰ চলিহাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হৈছে ১৯৬৩ চনত প্ৰকাশিত ‘জীৱন বীণৰ সুৰ’। এই গ্ৰন্থ খনত পদ্মধৰ চলিহাৰ জীৱনৰ বিভিন্ন ঘাট-প্ৰতিঘাট, সমস্যা, প্ৰত্যাহ্বান আদি প্ৰতিফলিত হ’লেও এই গ্ৰন্থ খনত অসমৰ সমাজ জীৱনৰ সামাজিক, ৰাজনৈতিক জীৱন বুৰঞ্জীও প্ৰতিফলিত হৈছে।

প্ৰৱন্ধ

পদ্মধৰ চলিহাই ৰচনা কৰা ‘Sahityarathi Bejbaruah’ হ’ল তেওঁ ৰচনা কৰা একমাত্ৰ ইংৰাজী বিষয়ক প্ৰৱন্ধ পুথি। ইয়াৰ উপৰিও তেখেত ৰচনা কৰা আন আন প্ৰৱন্ধ সংকলন সমূহ হ’ল- ১৯৫৬ চনত প্ৰকাশিত মহাবীৰ লাচিত বৰফুকন আৰু অসমীয়া সাহিত্যলৈ‌ ৰংপুৰৰ বৰঙণি। এইসমূহৰ উপৰিও তেওঁৰ দ্বাৰা সম্পাদিত গ্ৰন্থ হ’ল- ১৯৩২ চনত প্ৰকাশিত ‘গল্প মালা’।

সাহিত্য জগতলৈ অৱদান

প্ৰবীণ সাহিত্যক পদ্মধৰ চলিহাৰ সাহিত্য সাধনাৰ এক অন্যতম বৈশিষ্ট্য হ’ল- তেখেতে ইংৰাজীয়ে লিখক বা অসমীয়াই লিখক সদায় ব্যাকৰণ-অভিধান মানি পদ্মধৰ চলিহা এজন কৃতী অনুবাদকো। বিদেশী লিখকৰ মূলভাৱ অটুট ৰাখি অসমৰ বায়ু পানীৰ লগত মিলাই হৃদয়স্পৰ্শী ৰূপত অসমীয়া ভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত পদ্মধৰ চলিহা আছিল অতিশয় পাকৈত। বিদেশী সাহিত্যৰ পৰা সাৰ্থক আৰু সৰস অনুবাদ কৰি নিজৰ ভাষা সাহিত্যক সমৃদ্ধিশালী কৰা পদ্মধৰ চলিহাই স্থান অনুবাদক হিচাপে অসমীয়া ভাষাত ভাঙনি কোঁৱৰ হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আনন্দ চন্দ্ৰ আগৰৱালাৰ পিছত হিচাপেই ধৰা হয়। চাৰ ৱালটাৰ স্কটৰ বিখ্যাত কবিতাৰ অনুবাদ “স্বদেশপ্ৰেম” কবিতাটোৱে হৈছে পদ্মধৰ চলিহাৰ অনুবাদৰ উৎকৃষ্ট নিদৰ্শন। অন্যহাতে পদ্মধৰ চলিহাৰ অনুবাদ সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি হৈছে চেক্সপিয়েৰৰ বিশ্ববিখ্যাত ট্ৰেজেদি ৰোমিঅ’ জুলিয়েটৰ অনুদিত অসমীয়া ৰূপ “অমৰ লীলা”। নাটক খনৰ নামাকৰণতেই অনুবাদক হিচাপে চলিহাৰ দক্ষতা উমান পাব পাৰি।

Also Read: জীৱনী: হৰিশংকৰ ব্ৰহ্ম- প্ৰথমজন অসমীয়া মুখ্য নিৰ্বাচন আয়ুক্ত | Harishankar Brahma

সামৰণি

অমায়িক স্বভাৱৰ, নিৰহংকাৰী মনৰ, সাধাৰণ জীৱন অতিবাহিত কৰা অথচ শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী পদ্মধৰ চলিহা আছিল সময়ানুৱৰ্তিতা মানি চলা এজন ব্যক্তি। আলোচনী তথা কাকতৰ সম্পাদক হিচাপেও তেওঁ প্ৰতিনিয়ত ন-লিখাৰু সকলক গল্প প্ৰৱন্ধ লিখাত যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল। 

স্বাধীনচিতীয়া, দেশসেৱাত ব্ৰতি থকা পদ্মধৰ চলিহাই সাহিত্য ৰচনা কৰাৰ উপৰিও সাংবাদিক, শিক্ষাবিদ তথা সংগঠকৰূপে দেশৰ উন্নতিত বিশেষ ভাৱে অৰিহণা যোগাইছিল। পদ্মধৰ চলিহাৰ সামাজিক সৌজন্যবোধো আছিল সকলোৰে বাবে অনুকৰণীয়। এইজন কৰ্মযোগী ব্যক্তিয়ে ১৯৬৯ চনৰ জুন মাহৰ ১২ তাৰিখে ইহলীলা সম্বৰণ কৰে।

সৰু-বৰ, জাতি-ধৰ্ম, উচ্চ নীচৰ ভেদাভেদ পৰিহাৰ কৰি সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰা পদ্মধৰ চলিহা হ’ল অসমৰ প্ৰথম শ্ৰেণীৰ এজন নেতা, দেশপ্ৰেমিক, সাহিত্যিক, অসম সাহিত্য সভাৰ সভাপতি আসন অলংকৃত কৰা এজন পুৰোধা ব্যক্তি। তেখেতৰ ক্লান্তিহীন কৰ্মনিষ্ঠা হ’ল ভৱিষ্যত প্ৰজন্মৰ বাবে পাথেয়। 

Also Read: জীৱনী: দেৱকান্ত বৰুৱা – কলঙপাৰৰ কবি | Dev Kant Barooah 

FAQ

১) পদ্মধৰ চলিহা কোন?

উঃ- আধুনিক অসমীয়া সাহিত্যৰ এজন বিশিষ্ট আৰু অক্লান্ত কৰ্মী আছিল পদ্মধৰ চলিহা। তেওঁ আছিল একেধাৰে সাহিত্যিক, গীতি-কবি, সাংবাদিক, শিক্ষাবিদ, ৰাজনৈতিক কৰ্মী, সংগীতজ্ঞ, আইনজ্ঞ, অভিনতা আৰু বাগ্মিতা গুণৰ অধিকাৰী এজন ব্যক্তি।

২) পদ্মধৰ চলিহাৰ জন্ম কোতিয়া হৈছিল? 

উঃ- ১৮৯৫ চনত।

৩)  পদ্মধৰ চলিহাৰ পিতৃৰ নাম কি আছিল?

উঃ- ফণীধৰ চলিহা।

৪) ‘অমৰ লীলা’ কোনে লিখা? 

উঃ- ‘অমৰ লীলা’ হৈছে পদ্মধৰ চলিহাৰ অনুবাদ সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি যি চেক্সপিয়েৰৰ বিশ্ববিখ্যাত ট্ৰেজেদি ‘ৰোমিঅ’ জুলিয়েট’ৰ অসমীয়া অনুদিত ৰূপ।

৫) পদ্মধৰ চলিহাৰ মৃত্যু কোতিয়া হৈছিল?

উঃ- ১২ জুন, ১৯৬৯ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top