এ.পি.জে. আব্দুল কালাম জীৱনী – মিছাইলমেন | A. P. J. Abdul Kalam

এ.পি.জে. আব্দুল কালাম | A. P. J. Abdul Kalam Essay in Assamese | Biography of A. P. J. Abdul Kalam in Assamese | এ.পি.জে. আব্দুল কালাম বিষয়ে জীৱনী | এ.পি.জে. আব্দুল কালাম বিষয়ে ৰচনা | এ.পি.জে. আব্দুল কালামৰ চমু পৰিচয়।

Join Telegram channel

ভাৰতক বিশ্বৰ বুকুত শীৰ্ষত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ড০ এ.পি.জে. আব্দুল কালাম (Dr. A.P.J. Abdul Kalam)-ৰ অৱদান আছিল অতুলনীয়। আব্দুল কালাম ৰূপে সকলোৰে মাজত জনপ্ৰিয় হ’লেও তেওঁৰ প্ৰকৃত নাম আছিল আবুল পকিৰ জৈনুলাবেদিন আব্দুল কালাম। এজন বিশ্বপ্রসিদ্ধ বিজ্ঞানী হোৱাৰ লগতে আৰু বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ ১১তম ৰাষ্ট্ৰপতি আছিল ড০ এ পি জে আব্দুল কালাম। ‘মিছাইলমেন’ নামাৰেও জনতাৰ মাজত পৰিচিত আছিল আব্দুল কালাম।

আব্দুল কালাম

ড০ এ.পি.জে. আব্দুল কালাম জীৱনী | Dr. A.P.J. Abdul Kalam Biography

নামড০ এ.পি.জে. আব্দুল কালাম (Dr. A.P.J. Abdul Kalam[1])
সম্পূৰ্ণ নামআবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম
জন্ম চন১৫ অক্টোবৰ, ১৯৩১ চন
জন্ম স্থানৰামেশ্বৰম (বৰ্তমান তামিলনাডু), ভাৰত
পৰিয়ালপিতৃৰ নাম- জৈনুল আবেদিন
মাতৃৰ নাম- আচিয়াম্মা
শিক্ষা১) ৰামেশ্বৰমৰ প্ৰাথমিক বিদ্যালয়
২) শ্বাৰ্টজ হাইস্কুল
৩) ছেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থবিজ্ঞানত  স্নাতক ডিগ্ৰী গ্ৰহণ
৪) মাদ্ৰাজ ইনষ্টিটিউট অফ টেকন’ল’জীৰ পৰা এৰ’স্পেছ ইঞ্জিনীয়াৰিংত স্নাতকোত্তৰ ডিগ্ৰী লাভ।   
বঁটা /সন্মান১) পদ্মভূষণ (১৯৮১ চন)
‌‌২) মাদ্ৰাজৰ আন্না  বিশ্ববিদ্যালয়ৰ সৰ্ব্বোচ্চ সন্মান ‘ডক্টৰ অব্‌ ছায়েন্স’(১৯৯৮)
৩) যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ‘ডক্টৰ অব্‌ ছায়েন্স সন্মান (১৯৯০)
৪) পদ্মবিভূষণ (১৯৯০)
৫) মুম্বাই আই.আই.টিৰ ‘ডক্টৰ অব্‌ ছায়েন্স’ (১৯৯১)
৬) ভাৰত ৰত্ন (১৯৯৭)
৭) ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় সংহতি বঁটা (১৯৯৭)
৮) বীৰ চাভাৰকাৰ বঁটা (১৯৯৮)
৯) ৰামানুজন বঁটা (২০০০)
১০) University of Wolverhampton, U.K ৰ Honorary Doctorate of Science (২০০৭)
১১) Royal Society, U. K. ৰ  King Charles 2 Award(২০০৭)
১২) Nanyang Technological University, Singapore ৰ Doctor of Engineering (২০০৮)
১৩) California Institute of Technology, USA ৰ International von Karman Wings Award (২০০৯)
১৪) ASME Foundation, USA ৰ Hoover Medal (২০০৯)
১৫) University of Waterloo ৰ Doctor of Engineering (২০১০)
১৬) IEEE Honorary Membership (২০১১)
১৭) Simon Fraser University ৰ Doctor of Laws (২০১২)
১৮) National Science Society ৰ Von Brown Award (২০১৩)
১৯) Edinburgh University, UK ৰ Doctor of Science (২০১৪)
মৃত্যু ২৭ জুলাই, ২০১৫ চন

Also Read: জীৱনী: ড° জয়ন্তী চুতীয়া- ভাৰতীয় পদাৰ্থবিজ্ঞানী | Joyanti Chutia

এ.পি.জে. আব্দুল কালাম প্ৰাৰম্ভিক জীৱন | Early Life of A.P.J. Abdul Kalam

এক বৰ্ণাঢ্য জীৱনৰ গৰাকী হ’লেও আব্দুল কালামে বহু সমস্যাৰ মাজত শৈশৱ অতিবাহিত কৰিছিল। শৈশৱত আৰ্থিকভাৱে বহু সমস্যাৰ মুখামুখি হৈছিল কালাম। কালামৰ পিতৃ জয়নাল আবদিন আছিল নাৱৰ ব্যৱসায়ী। অন্যহাতে তেওঁৰ পিতৃৰ নাছিল কোনো আনুষ্ঠানিক শিক্ষা।

আৰ্থিক সমস্যাৰ বাবেই কালামে কম বয়সৰ পৰাই পিতৃক আৰ্থিক সকাহ দিবলৈ বিভিন্ন ধৰণৰ কাম কৰিবলৈ চেষ্টা কৰিছিল। কালামে সেই সময়ত বাতৰি কাকত বিক্ৰী কৰাৰ কাম হাতত লৈছিল। যদিও আৰ্থিক সমস্যা আছিল তথাপিও কালামৰ পৰিয়ালৰ মাজত সাধুতা, সৰলতা, মানৱতা, সকলো ধৰ্মৰ লোককে সম ভাৱেৰে চোৱা আদি দিশসমূহত গুৰুত্ব আৰোপ কৰা হৈছিল। নৈতিক শিক্ষাৰে পৰিপুষ্ট কৰি জয়নাল আবদিন আৰু আচিয়াম্মাই পাঁচজন ল’ৰা-ছোৱালীক ডাঙৰ দীঘল কৰিছিল।

শৈশৱৰ পৰাই পঢ়া-শুনা প্ৰতি আগ্ৰহী আছিল এ পি জে আব্দুল কালাম । তেওঁ ৰামেশ্বৰম প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত ৰামনাথপুৰত মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৫৪ চনত পদাৰ্থ বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল তিৰুবিনাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা। তাৰ পিছত এৰ’স্পেছ ইঞ্জিনীয়াৰিংত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল মাদ্ৰাজ ইনষ্টিটিউট অফ টেকন’ল’জীৰ পৰা। গুৰুত্বপূৰ্ণ কথা যে মাদ্ৰাজ ইনষ্টিটিউট অফ টেকন’ল’জীত নামভৰ্তি কৰিবলৈ সেই সময়ত আব্দুল কালামৰ পইচাৰ নাটনি হৈছিল। যাৰ বাবে জোহৰা নামৰ ভনীয়েকজনীয়ে নিজৰ হাতৰ কাণৰ সোণৰ গহণা কেইপদমান বন্ধকত থৈ নাটনি হোৱাৰ টকা কেইটাৰ যোগাৰ কৰিছিল।

কৰ্মজীৱন আৰু কীৰ্তিস্তম্ভ | Professional Life & Achievements

আনুষ্ঠানিক শিক্ষা শেষ কৰাৰ পিছত আব্দুল কালামে প্ৰথম কৰ্ম জীৱন আৰম্ভ কৰিছিল ২৫০ টকাকৈ দৰমহাৰে দিল্লীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত জ্যেষ্ঠ বিজ্ঞানীৰ সহায়কৰূপে কাম কৰি।

ইয়াৰ পৰৱৰ্তী সময়ত কালামে বাংগালোৰৰ DRDO ৰ Aeronautical Development Establishment ত মুখ্য বিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মুখ্য বিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত এ পি জে আব্দুল কালাম  সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰ দ্বাৰা এখন Hover craft নিৰ্মাণ কৰিছিল। আৰু এই Hover craft খনৰ নাম দিয়া হৈছিল “Nandi”. 

১৯৬৯ চনত আব্দুল কালামে ISRO ত যোগদান কৰে। ISRO ত যোগদান কৰা পৰৱৰ্তী সময়ত দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ হ’বলগা ৰকেট Satellite Launch Vehicle-3 (SLV-3) ৰ প্ৰকল্প নিদেৰ্শক হিচাপে নিযুক্তি লাভ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ভাৰতীয় কৃত্ৰিম উপগ্ৰহ ৰোহিনী’ৰ কক্ষপথত সংস্থাপিত কৰিছিল Satellite Launch Vehicle-3 ৰকেটেই।

১৯৭০ চনত এ পি জে আব্দুল কালাম  এ Satellite Launch Vehicle ৰকেট প্ৰযুক্তিৰ দ্বাৰা Ballistic missile নিৰ্মাণৰ দুটা প্ৰজেক্ট লাভ কৰিছিল। এই প্ৰজেক্ট দুটাৰ নাম আছিল Project devil and project valiant. ভাৰতৰ প্ৰথম পাৰমাণৱিক পৰীক্ষা Smiling Buddha ৰো এজন প্ৰতিনিধি আছিল এ পি জে আব্দুল কালাম।

১৯৮২ চনত কালামে “The Defense Research & Development Laboratory (DRDL)” নিযুক্তি লাভ কৰিছিল। আৰু ইয়াতেই কালামে আৰম্ভ কৰিলে “Integrated Guided Missile Development Program”

ইয়াৰ ওপৰিও দেশীয় ক্ষেপনাস্ত্ৰ নিৰ্মাণৰ এক কমিটিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ডঃ আব্দুল কালামে।

১৯৮৫ চনৰ ১৬ ছেপ্টেম্বৰত প্ৰথম ভাৰতৰ কৃত্ৰিম উপগ্ৰহ ত্ৰিশূল উৎক্ষেপন কৰা হয় কালামৰ পৃষ্ঠপোষকতাত। অন্যহাতে ১৯৮৮ চনৰ ২৫ ফেব্ৰুৱাৰীত আব্দুল কালামৰ‌ নেতৃত্বত Prithvi উৎক্ষেপন কৰা হয়। Prithvi হ’ল পাৰমাণৱিক ক্ষমতা সম্পন্ন মিছাইল

Prithvi উৎক্ষেপণৰ পৰৱৰ্তী সময়ত ১৯৮৯ৰ ২২ মে’ত কালাম ডাঙৰীয়াৰ নেতৃত্বত ভাৰতে উৎক্ষেপন কৰিলে অগ্নি মিছাইল। আৰু ইয়াৰ পিছত ক্ৰমান্বয়ে কালামৰ নেতৃত্বতে ভাৰতে উৎক্ষেপন কৰিলে নাগ আৰু আকাশ মিছাইল।

গুৰুত্বপূৰ্ণ কথা যে আব্দুল কালামে ১৯৯২ চনৰ পৰা ১৯৯৯ চনলৈকে Defence Research and Development Organisation সচিব আৰু প্ৰধানমন্ত্ৰীৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

এই সময়চোৱাতে ভাৰতে Pokhran-II ৰ সফল পৰীক্ষণ কৰিছিল, গুৰুত্বপূৰ্ণ কথা Pokhran-II পৰীক্ষণত আব্দুল কালামৰো ভূমিকা আছিল লেখত ল’বলগীয়া।

বিভিন্ন ধৰণৰ বৈজ্ঞানিক চিন্তা ধাৰা, মিছাইল উন্নয়ন তথা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নত গুৰুত্ব আৰোপ কৰাৰ বাবেই এ পি জে আব্দুল কালাম  ক ‘মিছাইল মেন’ বুলিও জনা যায়।

১৯৯৮ ত কালামে হৃদৰোগ বিশেষজ্ঞ  ডঃ ছুমা ৰাজুৰ সৈতে এক কমখৰচী Coronary Stent নিৰ্মাণ কৰি উলিয়াইছিল। আৰু ইয়াক Kalam-Raju Stent বুলি নামাকৰণ কৰা হয়। Stent ৰ ওপৰিও ২০১২ চনত কালামে ডাঃ ছুমা ৰাজুৰ সৈতে স্বাস্থ্যৰ ক্ষেত্ৰত এটা টেবলেট ডিজাইন কৰিছিল যাক কালামৰাজু টেবলেট নামেৰে জনা যায়। 

ডঃ আব্দুল কালাম ১৯৯৯ চনৰ পৰা ২০০২ চনলৈকে  ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টাৰ লগতে  কেন্দ্ৰীয় কেবিনেটৰ  “Scientific Advisory Committee” ৰ চেয়াৰমেন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

Also Read: জীৱনী: মহাত্মা গান্ধী- জাতিৰ পিতা | Mahatma Gandhi

সাহিত্যিক কীৰ্তি | Literary Fame

বিজ্ঞানৰ সমান্তৰালকৈ দৰ্শন, ভাষা তথা সাহিত্যৰ ক্ষেত্ৰতো এ পি জে আব্দুল কালাম  ৰ দখল আছিল। তেওঁ ৰচনা কৰিছিল ১৮খনকৈ কিতাপ। গুৰুত্বপূৰ্ণ কথা যে তামিল ভাষাত আব্দুল কালামে বহুকেইটা কবিতা ৰচনা কৰিছে। আৰু এই কবিতাসমূহৰ ভিতৰতে ১৭টা কবিতা ইংৰাজীলৈ অনুবাদ কৰি ১৯৯৪ চনত ‘My Journey’  নামৰ এটা কবিতা সংকলনখন প্ৰকাশ কৰি উলিয়াইছিল। তেওঁৰ প্রকাশিত ইংৰাজী গ্রন্থকেইখনৰ নাম হ’ল India 2020: A vision for the new Millennium (ভাৰতবৰ্ষ ২০২০: নতুন সহস্ৰাব্দৰ ৰূপৰেখা), ‘Wings of Fire: An Autobiography’ (অগ্নিৰ ডেউকা), ‘Ignited Minds- unleashing the power within India ‘ (তেজস্বী মন), You Are Born To BLOSSOM (চিৰ জ্যোতিষ্মান হোৱা), Indomitable Spirit (অদম্য শক্তি), Turning Points: A journey through challenges (টাৰ্নিং পইণ্ট্‌ছ: প্ৰত্যাহ্বান ভৰা এক যাত্ৰা), Advantage India: From Challenge to Opportunity আদি প্ৰধান।

আব্দুল কালামৰ ৰচনা কৰা প্ৰতিখন গ্ৰন্থই হ’ল এক লক্ষ্য আৰু উদ্দেশ্যৰে উঠি অহা প্ৰজন্মক সঠিক সপোনেৰ আগুৱাই নিয়াত অভিভাৱকৰ দৰে কাম কৰা, সফলতাৰ মন্ত্ৰ থকা আৰু আধুনিক ভাৰতৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত এটা নতুন পথৰ সন্ধান দিয়া একোখন মূল্যবান কিতাপ।

ড° কালাম এজন  সাহিত্যৰ সমান্তৰালকৈ শিল্পপ্ৰেমী এজন ব্যক্তি তথা সংস্কৃতিৰ  সাধকো আছিল। আজৰি সময়ত বীণা বজায় সময় অতিবাহিত কৰাৰ লগতে কর্ণাটকী সংগীতৰ এজন ৰসগ্রাহী পণ্ডিত আছিল আব্দুল কালাম। 

এই বিজ্ঞানী, সাহিত্য সংস্কৃতিৰ সাধকজনেই ২০০২ চনৰ ২৫ জুলাই তাৰিখে ভাৰতৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈছিল। ভাৰতৰ ১১তম ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। এই সময়ত তেওঁৰ বয়স হৈছিল ৭০ বছৰ ৯ মাহ ১০ দিন। ৰাষ্ট্ৰপতি হিচাপে তেওঁ দায়িত্ব পালন কৰাৰ সময়ত দেশৰ সামৰিক আৰু অর্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ লগতে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্রাসবাদ বন্ধ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ উপৰিও তেওঁ বিশেষ ভাবে গুৰুত্ব আৰোপ কৰিছিল দেশৰ পৰা দৰিদ্রতা দূৰ কৰা, নিৱনুৱা সমস্যা দূৰ কৰা, ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰা আদিৰ ওপৰত। ২০০২ চনৰ ২৫ জুলাই ৰ পৰা ২০০৭ চনৰ ২৫ জুলাইলৈকে এ পি জে আব্দুল কালাম  ভাৰতবৰ্ষৰ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হৈ আছিল।

যুৱ প্ৰজন্মৰ মাজত এ পি জে আব্দুল কালাম জনপ্ৰিয় আছিল। তেওঁৰ বক্তৃতা আৰু আলোচনা সমূহে যুৱ প্ৰজন্মৰ সমাদৰ লাভ কৰিছিল। জীৱিত কালত আব্দুল কালামে কোৱা প্ৰতিটো কথাই হ’ল বৰ্তমান প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শক স্বৰূপ। আব্দুল কালামে মই কি দিব পাৰোঁ” (What Can I Give Movement) নামেৰে এক আন্দোলনৰ সূচনা কৰিছিল ২০১১ চনত। ইয়াৰ প্ৰধান লক্ষ্য আছিল দুৰ্নীতি নিৰ্মূলকৰণ।

প্ৰতিনিয়ত ৰাইজৰ বাবেই উৎসৰ্গিত ডঃ আব্দুল কালামে শ্বিলঙৰ আই আই এম (IIM) ত তেওঁ Livable Planet Earth ৰ ওপৰত বক্তৃতা দি থাকোতেই অসুস্থ হয়, তাৰ পৰাই ২০১৫ চনৰ ২৭ জানুৱাৰী তাৰিখে মৃত্যুক সাৱটি লয়। 

Also Read: জীৱনী: তৰুণ গগৈ- ভাৰতীয় ৰাজনীতিবিদ | Tarun Gogoi

সামৰণি | Conclusion

প্ৰবল ইচ্ছাশক্তি, আত্মবিশ্বাস আৰু উচ্চাকাংক্ষাৰ জৰিয়তে জীৱনত সফলতা লাভ কৰিছিল আব্দুল কালামে। ড° আব্দুল কালাম আছিল এজন আশাবাদী মনৰ ব্যক্তি। কোনো ধৰণৰ নিৰাশাক ঠাই ল’বলৈ নিদিয়াকৈ, জীৱনৰ কোনো ঘাত-প্ৰতিঘাত সমুহক গুৰুত্ব নিদি দেশমাতৃৰ প্ৰগতিৰ হকে জীৱন উৎসৰ্গা কৰা আব্দুল কালাম হ’ল প্ৰতিজন ভাৰতীয়ৰ কাৰণে চিৰস্মৰণীয় ব্যক্তি। তেওঁৰ কোৱা প্ৰতিটো কথাই আছিল আশা আৰু নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব পৰা মূল্যবান বাণী।

Also Read: জীৱনী: অম্বিকাগিৰী ৰায়চৌধুৰী- অসমীয়া সাহিত্যিক | Ambikagiri Raichoudhury

FAQ

১)  এ.পি.জে. আব্দুল কালাম কোন আছিল?

উঃ- এজন বিশ্বপ্রসিদ্ধ বিজ্ঞানী হোৱাৰ লগতে আৰু বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ ১১তম ৰাষ্ট্ৰপতি আছিল ড০ এ পি জে আব্দুল কালাম। মিছাইলমেন” নামাৰেও জনতাৰ মাজত পৰিচিত আছিল আব্দুল কালাম।

২) এ.পি.জে. আব্দুল কালামৰ সম্পূৰ্ণ নাম কি?

উঃ-  আবুল পকিৰ জৈনুলাবেদিন আব্দুল কালাম। 

৩)  এ.পি.জে. আব্দুল কালামৰ জন্ম কেতিয়া হৈছিল?

উঃ- ১৫ অক্টোবৰ, ১৯৩১ চনত।

৪) এ.পি.জে. আব্দুল কালাম স্বাধীন ভাৰতৰ কেই নম্বৰ ৰাষ্ট্ৰপতি আছিল?

উঃ- ১১তম। 

৫) আব্দুল কালামৰ পাৰমাণৱিক মিছাইলটোৰ নাম কি?

উঃ- ‘Prithvi’।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top