জীৱনী: তৰুণ গগৈ- ভাৰতীয় ৰাজনীতিবিদ | Tarun Gogoi Biography

তৰুণ গগৈ | Tarun Gogoi Essay in Assamese | Biography of Tarun Gogoi in Assamese | তৰুণ গগৈ বিষয়ে জীৱনী | তৰুণ গগৈ বিষয়ে ৰচনা | তৰুণ গগৈৰ চমু পৰিচয়।

Join Telegram channel

স্বৰ্গীয় তৰুণ গগৈ (Late Tarun Gogoi) অসমৰ ৰাজনীতিৰ নিকা চৰিত্ৰ এটিৰ সোণালী অধ্যায়। স্বৰ্গীয় তৰুণ গগৈ হৈছে অসমৰ  ইতিহাসৰ আটাইতকৈ অন্ধকাৰ সময়ত মুখ্যমন্ত্ৰীৰ কাৰ্য গ্ৰহণ কৰি আটাইতকৈ দীৰ্ঘতম কাৰ্যনিৰ্বাহ কৰা মন্ত্ৰী। তেওঁ কেৱল জনসাধাৰণৰ মুখ্যমন্ত্ৰীয়ে নহয় , জীৱনৰ অন্তিম সময়লৈকে তেওঁ অসমৰ অন্যতম জনপ্ৰিয় ৰাজনৈতিক নেতা আছিল। স্বৰ্গীয়  তৰুণ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ (Indian National Congress) দলৰ এজন আগশাৰীৰ নেতা আছিল। ২০০১ চনৰ পৰা ২০১৬ চনলৈক তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লয়।

তৰুণ গগৈ

স্বৰ্গীয়  তৰুণ গগৈ জীৱনী | Late Tarun Gogoi Biography

নাম (Name)স্বৰ্গীয়  তৰুণ গগৈ (Late Tarun Gogoi[1])
জন্ম চন (Date of Birth)১ এপ্ৰিল, ১৯৩৬ চন
জন্ম স্থান (Place of Birth)ৰঙাজান চাহবাগিছা, যোৰহাট, অসম
পৰিয়াল (Family)পিতৃ (Father) : স্বৰ্গীয় ডা° কমলেশ্বৰ গগৈ
মাতৃ (Mother) : উষা গগৈ
দাম্পত্যসঙ্গী (Spouses): ডলি গগৈ (Dolly Gogoi) 
পুত্ৰ (Son) – গৌৰৱ গগৈ (Gaurav Gogoi) 
পুত্ৰী (Daughter) – চন্দ্ৰিমা গগৈ (Chandrima Gogoi) 
শিক্ষা (Education)১) প্ৰাৰ্থমিক শিক্ষা (Primary Education): ৰঙাজান নিম্ন বুনয়াদী বিদ্যালয় । 
২) হাইস্কুল শিক্ষা (High School Education): যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়।
৩) স্নাতক শিক্ষা (Collage): জগন্নাথ বৰুৱা মহাবিদ্যালয় (J.B collage) 
৪) আইনৰ স্নাতক শিক্ষা (L.L.B): গুৱাহটী বিশ্ববিদ্যালয় (Guwahati University)         
বঁটা / সন্মান (Awards)পদ্মভূষণ (Padma Bhushan)
ৰাজনৈতিক দল (Political Party)ভাৰতীয় জাতীয় কংগ্ৰেছ (Indian National Congress) 
মৃত্যু (Death)২৩ নৱেম্বৰ, ২০২০ চন

Also Read: জীৱনী: অম্বিকাগিৰী ৰায়চৌধুৰী- অসমীয়া সাহিত্যিক | Ambikagiri Raichoudhury

 ব্যক্তিগত তথ্য | Personal Information

১৯৩৬ চনৰ ১ এপ্ৰিলত যোৰহাট জিলাৰ ৰঙজান চাহ বাগিছাত এটা আহোম পৰিয়ালত স্বৰ্গীয় তৰুণ গগৈৰ  জন্ম হয়। তেওঁৰ পিতৃৰ নাম হ’ল স্বৰ্গীয়  ডা° কমলেশ্বৰ গগৈ আৰু মাতৃৰ নাম হ’ল উষা  গগৈ । 

স্বৰ্গীয় তৰুণ গগৈৰ শৈশৱ শিক্ষা ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয় , ভোলগুৰি হাইস্কুলৰ পৰা সমাপ্ত কৰে আৰু যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰে । তাৰ পিছত তেখেতে জগন্নাথ  বৰুৱা মহাবিদ্যালয় পৰা কলা শাখাত স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয় পৰা আইনৰ স্নাতক ডিগ্ৰী ( L.L.B ) লাভ কৰে। আসাম বাৰ কাউন্সিলত অধিবক্তাৰূপে পোনতে তেখেতে কৰ্মজীৱনৰ পাতনি মেলে। তেওঁ Assam Small – Scale Industries Development Corporation ৰ চেয়াৰমেন পদটোত অধিষ্ঠিত আছিল।

স্বৰ্গীয় তৰুণ গগৈ ১৯৭২ চনৰ ৩০ জুলাই ডলী গগৈৰ সৈতে  বিবাপাশত আৱদ্ধ হয় । তেওঁলোকৰ দুই সন্তান আছে । এজন পুত্ৰ আৰু এগৰাকী কন্যা। তেওঁৰ পুত্ৰৰ নাম হ’ল গৌৰৱ গগৈ  যি বৰ্তমান কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আৰু তেওঁৰ কন্যাৰ নাম হল চন্দ্ৰিমা গগৈ।

জীৱনৰ কৃতিস্তম্ভ | Achievement

স্বৰ্গীয়  তৰুণ গগৈয়ে নিজৰ ৰাজনৈতিক যাত্ৰাৰ আৰম্ভণি কৰে ১৯৬৮ চনত যোৰহাট পৌৰনিগমৰ সদস্য হিচাপে নিৰ্বাচিত হয় । তাৰ পিছত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগ দিয়ে আৰু ১৯৭১ চনৰ পঞ্চমটো লোকসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ হৈ যোৰহাট সমষ্টিত অৱতীৰ্ণ হয়। তেওঁ প্ৰতিদ্বন্দিতা কৰা জীৱনৰ প্ৰথমটো লোকসভা নিৰ্বাচনত জয়ী হৈ সাংসদ ৰূপে দিল্লীত কাৰ্য্য নিৰ্বাহ কৰে। 

১৯৭৬ চনৰ লোকসভা নিৰ্বাচনত স্বৰ্গীয়  তৰুণ গগৈয়ে সাংসদ হিচাপে জয়ী হোৱাৰ উপৰিও ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটীৰ যৌথ সম্পাদক ৰূপেও পোনপ্ৰথমবাৰৰ বাবে কাৰ্যনিৰ্বাহ কৰে। নিজৰ কৰ্মদৈক্ষতা আৰু ৰাজনৈতিক বিচক্ষণতাৰ বাবে যোৰহাটবাসীয়ে আকোৱালি লোৱাৰ ফলস্বৰূপে ১৯৭৭ আৰু ১৯৮৩ চনৰো লোকসভালৈও নিৰ্বাচিত হ’ল । স্বৰ্গীয়  তৰুণ গগৈ ভাৰতৰ  প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ অতিকৈ প্ৰিয়পাত্ৰ আছিল। নিকা চৰিত্ৰ  স্বৰ্গীয় তৰুণ গগৈ  ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলৰ মাজত জনপ্ৰিয় হোৱা হেতুকে তেওঁক ১৯৮৩ চনত পুনৰাই সদৌ ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটীৰ যৌথ ৰাষ্ট্ৰীয় সম্পাদক আৰু ১৯৮৫ চনত  ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰূপে পদত অধিষ্ঠিত কৰা হয়। তাৰ পিছত নিজৰ কৰ্মদক্ষতাৰ বাবে স্বৰ্গীয়  তৰুণ গগৈ বিভিন্ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ ভিতৰত ১৯৯১ চনৰ পৰা ১৯৯৩ চনলৈ প্ৰধামন্ত্ৰী পি. ভি নৰসিংহৰাওৰ মন্ত্ৰীসভাত খাদ্যদপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আৰু ১৯৯৩ চনৰ পৰা ১৯৯৫ চনলৈ খাদ্যসংসাধন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ মাজতে তেওঁ ১৯৬৮ চনৰ পৰা ১৯৯০ চনলৈ তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি দায়িত্ব পালন কৰে। 

স্বৰ্গীয় তৰুণ গগৈ যদিও নিজৰ জনপ্ৰিয়তাৰ বাবে ১৯৯৮ আৰু ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ জয়ী হৈছিল তথাপিও নব্বৈৰ দশকৰ শেষৰফালে তেওঁ ৰাজ্যৰ ৰাজনীতিত অধিক মনোনিৱেশ কৰিব লয়। ২০০১ চনৰ মে মাহত অসমত  কংগ্ৰেছ দলৰ চৰকাৰ গঠন হোৱাত দলে স্বৰ্গীয় তৰুণ গগৈ মুখ্যমন্ত্ৰী পদত দি চৰকাৰ চম্ভালিব দিয়ে। তেতিয়া  স্বৰ্গীয় তৰুণ গগৈয়ে লোকসভাৰ সাংসদ পদৰ পৰা ইস্তিফা দি অসমৰ মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰে আৰু সেই বছৰৰ অক্টোবৰ মাহত তিতাবৰ সমষ্টিৰ বিধায়ক হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হয়। 

ইয়াৰ পিছত স্বৰ্গীয় তৰুণ গগৈ একেৰাহে দেৰ দশককাল ৰাজ্যৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰিৰূপে সুদক্ষতাৰে কাৰ্যনিৰ্বাহ কৰে । মুখ্যমন্ত্ৰী হৈ থকা কালৰ পৰা আমৃৰ্ত্যু বিধায়ক হৈ থকা  স্বৰ্গীয় তৰুণ গগৈ নিজ গৃহসমষ্টি তিতাবৰ বিধানসভা সমষ্টিৰ পৰা চাৰিবাৰকৈ (২০০১, ২০০৬, ২০০১১, ২০১৬  চন ) বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। এই প্ৰবীণ ৰাজনৈতিকজনে ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈ মাৰ্ঘেৰিটা সমষ্টিৰ পৰাও বিধায়ক ৰূপে অসম বিধানসভাত কাৰ্য্য কৰে।

অসমৰ ৰাজনীতিৰ বটবৃক্ষ স্বৰূপ স্বৰ্গীয় তৰুণ গগৈয়ে ৰাজনীতিৰ হতোৰাৰে আধুনিক অসমৰ নিৰ্মান সম্ভৱ কৰি তুলিছিল। তেওঁ মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ লওঁতে অসম সকলো দিশৰ পৰাই বিধ্বস্ত প্ৰায় অৱস্থাত আছিল। কিন্তু এই সকলো প্ৰত্যাহবান নেওঁচি স্বৰ্গীয় তৰুণ গগৈয়ে মৃতপ্ৰায় অসমক সকলো দিশৰ পৰা আগৰণুৱা ৰাজ্য হিচপে গঢ় দিলে। অসমবাসিলৈ আগবঢ়োৱা তেওঁৰ অলেখ অৱদান সমূহৰ বাবে অসমৰ ইতিহাসৰ পাতত তেঁওৰ নামটি সোণালী আখৰেৰে চিৰযুগমিয়া হৈ জিলিকি থাকিব।

ব্যাখ্যা | Descriptions

স্বৰ্গীয় তৰুণ গগৈৰ সুশাসনৰ  প্ৰথম কৃতিত্ব হ’ল ৰাজ্যবাসিক গুপ্তহত্যা আৰু আলফা- ছালফাৰ মাজৰ ভাতৃঘাটি সংঘৰ্ষৰ পৰিস্থিতিৰ পৰা মুক্ত কৰা । স্বৰ্গীয়  তৰুণ গগৈৰ আগৰ সময়ছোৱাত সাধাৰণ ৰাইজে সমালোচনা কৰিলে বা চৰকাৰী দুৰ্নীতিৰ বিৰুদ্ধে মাত দিলে গুপ্তঘাতকৰ হতুৱাই হত্যা কৰা হৈছিল। সমগ্ৰ ৰাজ্যজুৰি ভয়ৰ পৰিৱেশ বিৰাজমান আছিল স্বৰ্গীয় তৰুণ গগৈৰ দায়িত্বভাৰ গ্ৰহণ কৰি ৰাজ্যবাসিক এই সংকটৰ পৰা মুক্তি কৰিছিল। তাৰপিছত তেওঁ মাহৰ পিছত মাহ ধৰি দৰমহা নোপোৱা চৰকাৰী কৰ্মচৰীসমূহৰ প্ৰাপ্য দৰমহা নিয়মীয়াকৰণ কৰিছিল। কৰ্মপটু  স্বৰ্গীয় তৰুণ গগৈয়ে নিজে বিত্ত দপ্তৰ হাতত লৈ আগৰ চৰকাৰৰ কালত বিধস্ত কৰি থৈ যোৱা অসমৰ অৰ্থনীতি সুস্থিৰ কৰি তুলিছিল। ৰাজ্যবাসীৰ ওপৰত থকা  ঋণৰ বোজা কমাই আনিছিল। ৰাজ্যত থকা মৃত উদ্যোগ পুনৰুজ্জীৱিত কৰিছিল। ৰাজ্যৰ অৰ্থনীতিত প্ৰভূত অৱদান যোগোৱা সমবায় সমূহো স্বৰ্গীয় তৰুণ গগৈৰ কৃতিত্ব। তেওঁৱেই অসমৰ পৰ্যটন উদ্যোগতো বহু কেইটা আঁচনিৰ যোগেৰে এক নতুন মাত্ৰা প্ৰদান কৰে। তেওঁৰ হাতত থকা গৃহ দপ্তৰৰ প্ৰধান সাফল্যটো হ’ল হিংসা জৰ্জৰিত বড়োভূমিত শান্তি ঘূৰাই অনা। তেওঁৰ নেতৃত্বতে  বড়ো  উগৰপন্থী সংগঠন বিয়েলটিয়ে অস্ত্ৰসম্বৰণ কৰে আৰু মূল সুঁতিলৈ ঘূৰি আহি হেই সময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানিৰ লগত বিতিচি চুক্তি স্বাক্ষৰ কৰে । তাৰফলতে হিংসা – প্ৰতিহিংসাৰে ৰক্তাক্ত বড়োলেণ্ডত এতিয়া শান্তি বিৰাজমান। স্বৰ্গীয় তৰুণ গগৈৰ বিচক্ষণ নেতৃত্বত মন্ত্ৰী অঞ্জন দত্তই ৰাজ্যৰ মৃত পৰিবহণ উদ্যোগতো পুনৰ আটকধুনীয়াকৈ সজাই পৰাই তুলিছিল । তেওঁৰ শাসনতে স্বাস্থ্য বিভাগতো অত্যাধুনিকভাৱে  সজাই পৰাই তোলা হৈছিল। ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য আঁচনি, মৃত্যুজ্ঞয়  আঁচনি, হেজাৰ হেজাৰ আশাকৰ্মী, স্বাস্থ্যকৰ্মী ডাক্তৰৰ নিযুক্তি আদিৰ জৰিয়তে সেই সময়ত স্বাস্থ্য বিভাগতো দেশৰ ভিতৰতে প্ৰথম শাৰীৰ কৰি তোলা হৈছিল। তাৰোপৰি তেঁওৰ দ্বিতীয় কাৰ্যকালত ৰাজ্যৰ শিক্ষা বিভাগতো আমূল পৰিৱৰ্তন অনা হৈছিল। এই সময়ছোৱাত টেট শিক্ষকৰ নিযুক্তি, বিদ্যালয়ত বৰ্ধিত অন্তঃগাঁথনিৰ অনুদান আদিৰ দৰে অতি ফলপ্ৰসূ আঁচনি সমূহ  কাৰ্যকৰী কৰি ৰাজ্যৰ শিক্ষাখণ্ডৰ সমস্যা সমূহ দূৰ কৰিব চেষ্টা কৰিছিল। তেওঁৰ কাৰ্য্যকালত আনন্দৰাম বৰুৱা বঁটাৰে স্কুলীয়া ছাত্ৰ – ছাত্ৰীৰ মাজত লেপটপ বিতৰণ কৰি কম্পিউটাৰ শিক্ষা জনপ্ৰিয় কৰাত সফল হৈছিল। তেওঁৰ অধীনতে গড়কাপ্তানি বিভাগে ৰাজ্যৰ জৰাজীৰ্ণ পথসমূহ ন ৰূপত সজাই তুলিছিল। তেওঁৰ দিনতে গড়কাপ্তানি বিভাগে ৰাজ্যত লাখ লাখ কিলোমিটাৰ পথ আৰু হেজাৰ হেজাৰ দলং নিৰ্মাণৰ অভিলেখ গঢ়িছিল। স্বৰ্গীয় তৰুণ গগৈৰ কাৰ্যকালতে সকলো চৰকাৰী বিভাগত চৰকাৰী নিযুক্তিৰ দুৱাৰ খোল খাইছিল যাৰফলত ৰাজ্যৰ লাখ লাখ নিবনুৱাই কৰ্মসংস্থাপন পাইছিল আৰু ভয়ংকৰ নিবনুৱা সমস্যাৰ গৰাহৰ পৰা ৰাজ্যবাসিক সকাহ দিছিল। স্বৰ্গীয় তৰুণ গগৈয়ে নিজ কাৰ্যকালত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সফল ৰূপায়ন কৰিছিল। যিয়ে বহুতো দৰিদ্ৰ পৰিয়ালক পকী ঘৰৰ সুবিধা কৰি দিছিল। তেওঁৰ দ্বিতীয়টো কাৰ্য্যকালতে অসমৰ প্ৰধান উগ্ৰপন্থী সংগঠন আলফাৰ এটি গোটে ২০০৭ চনত অস্ত্ৰ সম্বৰণ কৰে।

Also Read: জীৱনী: কুইন ওজা | Biography of Queen Oja

সামৰণি | Conclusion 

ৰাজ্যৰ ৰাজনীতিত ৮৪ বছৰীয়া এক বৰ্ণিল অধ্যায় সামৰি প্ৰবীণ ৰাজনতিবিদজনে কৰোণাত আক্ৰান্ত হৈ ২০২০ চনৰ ২৩ নৱেম্বৰত ৫ বাজি ৩৪ মিনিটত মৃত্যু  বৰণ কৰে। সাধাৰণ জীৱশৈলী তথা হাঁহিমুখেৰে সকলোকে আপোন কৰি ল’ব পৰা স্বৰ্গীয় তৰুণ গগৈৰ বিয়োগত শোকস্তদ্ধ হৈ পৰে ৰাজ্যৰ সকলো জনতা। নিৰ্বাচনী ৰণত কেতিয়াও পৰাজিত নোহোৱা অসমৰ ৰাজনীতিৰ এই মহিৰূপ গৰাকীৰ কৰ্মনিপুনতা অসমৰ ৰাজনীতিৰ ইতিহাসত চিৰযুগমীয়া হৈ ৰ’ব।

Also Read: জীৱনী: ড° জয়ন্তী চুতীয়া- ভাৰতীয় পদাৰ্থবিজ্ঞানী | Joyanti Chutia

FAQ

১) তৰুণ গগৈ কোন?

উঃ- স্বৰ্গীয় তৰুণ গগৈ হৈছে অসমৰ  ইতিহাসৰ  আটাইতকৈ অন্ধকাৰ সময়ত মুখ্যমন্ত্ৰীৰ কাৰ্য গ্ৰহণ কৰি আটাইতকৈ দীৰ্ঘতম  কাৰ্যনিৰ্বাহ কৰা মন্ত্ৰী। তেওঁ কেৱল জনসাধাৰণৰ মুখ্যমন্ত্ৰীয়ে নহয়, জীৱনৰ অন্তিম সময়লৈকে তেওঁ অসমৰ অন্যতম জনপ্ৰিয় ৰাজনৈতিক নেতা আছিল।  

২) তৰুণ গগৈৰ জন্ম কেতিয়া হৈছিল?

উঃ- ১৯৩৬ চনৰ ১ এপ্ৰিলত।

৩) তৰুণ গগৈ কোন দলৰ মন্ত্ৰী আছিল?

উঃ- ভাৰতীয় জাতীয় কংগ্ৰেছ (Indian National Congress)।

৪) তৰুণ গগৈৰ পুতেকৰ নাম কি?

উঃ- গৌৰৱ গগৈ।

৫) তৰুণ গগৈয়ে কʼৰ পৰা ডিগ্ৰী লাভ কৰে?

উঃ- জগন্নাথ বৰুৱা মহাবিদ্যালয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top