জীৱনী: ড° জয়ন্তী চুতীয়া- ভাৰতীয় পদাৰ্থবিজ্ঞানী | Joyanti Chutia Biography

ড° জয়ন্তী চুতীয়া | Joyanti Chutia Essay in Assamese | Biography of Joyanti Chutia in Assamese | ড° জয়ন্তী চুতীয়া বিষয়ে জীৱনী | ড° জয়ন্তী চুতীয়া বিষয়ে ৰচনা | ড° জয়ন্তী চুতীয়াৰ চমু পৰিচয়।

Join Telegram channel

নাৰীসকল হ’ল এখন সমাজৰ প্ৰগতিৰ মূল চালিকাশক্তি। নাৰী আৰু পুৰুষৰ উমৈহতীয়া প্ৰচেষ্টাতহে এখন সমাজ প্ৰগতিৰ পথত গতি কৰে। ভাৰতীয় সংবিধানে নাৰীসকলক সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শিক্ষা-দিক্ষা আদি সকলো ক্ষেত্ৰতে অধিকাৰ প্ৰদান কৰিলেও অসমৰ দৰে ৰাজ্যত ক’ৰবাত নাৰী সমাজ পিছ পৰি আছে। কিন্তু ইয়াৰ মাজতেই বহু নাৰীয়ে বিভিন্ন সীমাবদ্ধতাৰ মাজতো নিজৰ কৰ্মদক্ষতা, প্ৰজ্ঞাৰ সাধনাৰে  সমগ্ৰ জাতিটোকে গৌৰৱান্বিত কৰিছে। তেনে এগৰাকী নাৰী হ’ল- ড° জয়ন্তী চুতীয়া (Joyanti Chutia)। অসমৰ দৰে বিভিন্ন সীমাবদ্ধতাৰে আগুৰি থকা ৰাজ্যত ড° জয়ন্তী চুতীয়াই প্লাজমা ফিজিক্সৰ দৰে জটিল বিষয়ৰ ওপৰত গৱেষণা কৰি সমাজৰ লগতে বিজ্ঞানৰ ক্ষেত্ৰখনলৈ বহুবোৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

জয়ন্তী চুতীয়া Joyanti

জয়ন্তী চুতীয়া জীৱনী | Joyanti Chutia Biography

নাম (Name)ড° জয়ন্তী চুতীয়া (Dr. Joyanti Chutia[1])
জন্ম চন (Date of Birth)১ আগষ্ট ১৯৪৮ চন (1st August, 1948)
জন্ম স্থান (Place of Birth)আমগুৰি, শিৱসাগৰ জিলা (Amguri, Sivsagar)
অভিভাৱক (Parents)পিতৃ/Father- সোণাৰাম চুতীয়া
মাতৃ/Mother- কুঞ্জলতা চুতীয়া
শিক্ষা (Education)১) কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক (১৯৬৭ চন)
২) গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক (১৯৬৯ চন)
৩) ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ পৰা Solid state Physics বিষয়ত পি এইচ ডিগ্ৰী লাভ (১৯৮১ চন)
বঁটা / সন্মান (Awards)১) কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা (২০০৫ চন)
২) সাধনী শৌৰ্য বঁটা (২০০৫ চন)
৩) বাসন্তী বৰদলৈ বঁটা (২০০২ চন)
৪) মহিলা পদাৰ্থ বিজ্ঞানী বঁটা (২০১০ চন)
৫) ঘনশ্যাম গোস্বামী বঁটা(২০০৪ চন)
৬) দুলৰ্ভ ডেকা স্মাৰক বঁটা (১৯৯৮ চন)

Also Read: জীৱনী: হেমচন্দ্ৰ গোস্বামী | Biography of Hemchandra Goswami

জয়ন্তী চুতীয়া (Joyanti Chutia) প্ৰাৰম্ভিক জীৱন

ড° জয়ন্তী চুতীয়া হ’ল অসম তথা ভাৰতৰ এগৰাকী উল্লেখযোগ্য পদাৰ্থ বিজ্ঞানী। ইয়াৰ উপৰিও  বিজ্ঞান সাহিত্যৰ মাজেদিও বিজ্ঞান শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ড° জয়ন্তী চুতীয়াই (Joyanti Chutia)।  ১৯৪৮ চনৰ ১ আগষ্ট তাৰিখে শিৱসাগৰ জিলাৰ আমগুৰিত জন্ম গ্ৰহণ কৰিছিল এইগৰাকী বিদুষী মহিলাই। এটা শৈক্ষিক পৰিৱেশৰ মাজত ডাঙৰ হোৱা ড° জয়ন্তী চুতীয়াৰ পিতৃ সোণাৰাম চুতীয়া আমগুৰি বয়জ স্কুলৰ প্ৰধান শিক্ষক ৰূপে কৰ্ম সম্পাদন কৰাৰ লগতে মাতৃ কুঞ্জলতা চুতীয়াও আছিল শিক্ষয়িত্ৰী।  শিক্ষকতাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়াৰ উপৰিও  ড° চুতীয়াৰ পিতৃ সামাজিক ক্ষেত্ৰৰ লগতে সাহিত্যৰ ক্ষেত্ৰখনৰ লগতো ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছিল। সোণাৰাম চুতীয়াই কেইবাখনো কিতাপ ৰচনা কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে সোণাৰাম চুতীয়াৰ বহু কেইটা ৰচনাক একত্ৰিত কৰি বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ লগত  ড° জয়ন্তী চুতীয়া (Joyanti Chutia) এ  সম্পাদনা কৰিছিল “এজন অসাধাৰণ সাধাৰণ মানুহ” নামেৰে এটা সংকলন।

ভাৰতীয় এগৰাকী উল্লেখযোগ্য বিজ্ঞানী তথা গৱেষক হিচাপে ড° জয়ন্তী চুতীয়াই solid-state physics আৰু plasma physics ৰ বিষয়ে অধ্যয়ন কৰিছিল। Plasma physics হ’ল পদাৰ্থ বিজ্ঞানৰ এটা নতুন শাখা। তেওঁ আছিল উত্তৰ-পূব ভাৰতৰ প্ৰথম অন্যতম গৱেষণা প্ৰতিষ্ঠান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ প্ৰথম গৰাকী মহিলা সঞ্চালক। ২০০৫ চনত তেওঁ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (Institute of Advanced Study in Science and Technology) ৰ সঞ্চালক ৰূপে দায়িত্ব গ্ৰহণ কৰে। অন্যহাতে তেওঁ National Academy of Sciences ৰ পৰাও জলপানী লাভ কৰিছিল। ইয়াৰ উপৰিও ড° জয়ন্তী চুতীয়াই ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগত অৱসৰৰ পিছতো একেটা পদতে বিজ্ঞানী হিচাপে দায়িত্ব পালন কৰিছিল।

ইতিবাচক কথা যে, ড° জয়ন্তী চুতীয়া ( Joyanti Chutia) ৰ নাম Indian Academy of Sciences-য়ে প্ৰকাশ কৰা ১০০ গৰাকী ভাৰতীয় মহিলা বিজ্ঞানীৰ বিষয়ে উল্লেখ থকা “Lilavati’s Daughters: The Woman Scientists of India”ত সন্নিৱিষ্ট হৈ আছে।

Also Read: জীৱনী: গুণাৰাম খনিকৰ- অসমৰ প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ | Gunaram Khanikar Biography

শিক্ষা | Education

গুৰুত্বপূৰ্ণ কথা যে বিদ্যালয়ত পঢ়ি থকা সময়ত ড° জয়ন্তী চুতীয়াই গণিত বিষয়টোক অপচনেল (elective subject) বিষয় হিচাপে বাচি লোৱা বিদ্যালয়খনৰ প্ৰথমগৰাকী ছাত্ৰী আছিল। ১৯৬৭ চনত কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত ১৯৬৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল পদাৰ্থ বিজ্ঞান বিষয়তে। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পৰৱৰ্তী সময়ত তেওঁ কিছুদিন আমগুৰি গাৰ্লছ হাইস্কুলত আৰু পৰৱৰ্তী সময়ত দুলীয়াজান মহাবিদ্যালয় শিক্ষয়িত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ড° চুতীয়াই ‌১৯৮১ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা Solid state Physics বিষয়ত পি এইচ ডিগ্ৰী লাভ কৰে। পি এইচ ডি ডিগ্ৰী লাভ কৰাৰ পৰৱৰ্তী সময়ত ড° চুতীয়াই ১৯৮১ৰ পৰা ১৯৮৩ লৈকে CSIR-ৰ Post Doctorate Fellow ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ আহমেদাবাদৰ  Physical Research Laboratory আৰু গান্ধী নগৰৰ Institute for Plasma Research ত কাৰ্যনিৰ্বাহ কৰি plasma physics ৰ ওপৰত বিভিন্নধৰণৰ গৱেষণাৰ কাম আগবঢ়াই নিছিল।

কৰ্মজীৱন তথা জীৱনৰ কীৰ্তিস্তম্ভ | Professional Life & Achievements

ইয়াৰ পৰৱৰ্তী সময়ত ড° জয়ন্তী চুতীয়াই Institute of Advanced Study in Science and Technology অধ্যাপক ৰূপেও দায়িত্ব পালন কৰাৰ সমান্তৰালকৈ the Plasma Physics Laboratory স্থাপন কৰে। উল্লেখযোগ্য কথা যে, ড° জয়ন্তী চুতীয়াই ১৯৮৮ চনত  জাপান চৰকাৰে আগবঢ়োৱা জলপানীৰ জৰিয়তে টকিঅ’ (Tokyo) ৰ অৱস্থিত Institute of Space and Astronautical Science ৰ Plasma Laboratory ত বিভিন্ন গৱেষণাৰ কাম কৰিছিল।

ইতিবাচক কথা যে, ড° জয়ন্তী চুতীয়াই তেওঁৰ গৱেষণাত  bio-medicine ৰ লগতে জৈৱ-প্ৰযুক্তিৰ ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়। তেওঁ গৱেষণাৰ জৰিয়তে পাট-মুগাৰ এটা দীৰ্ঘম্যাদি আৰু পচনশীল সামগ্ৰী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

বিজ্ঞান শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এগৰাকী ড° জয়ন্তী চুতীয়াই ভাৰতৰ লগতে বিদেশতো  বিভিন্ন প্ৰান্তত অনুষ্ঠিত বহুকেইখন আলোচনা চক্ৰ (Seminar), কনফাৰেন্স (conference) ত অংশগ্ৰহণ কৰিছে। ১৯৭৬ চনত  ড° চুতীয়াই পোন প্ৰথমবাৰৰ বাবে কলিকতাত অনুষ্ঠিত International Seminar on Solid state physics ত অংশগ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত আহমেদাবাদ (Ahmadabad), ইন্দোৰ (Indore), জাপানৰ হিৰোশ্বিমা বিশ্ববিদ্যালয় (Hiroshima University, Japan), কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয় (Jadavpur University, kolkata), নতুন দিল্লীৰ জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU, Delhi), আমেৰিকাৰ উইলিয়ামচবাৰ্গ (Williamsburg, America), বোম্বে বিশ্ববিদ্যালয় (University of Mumbai), জাৰ্মানী (Germany), এলাহবাদ বিশ্ববিদ্যালয় (Allahabad University), কুঁৱালালামপুৰৰ মালয় বিশ্ববিদ্যালয়, বেংককৰ চোলালাংকাৰ্ণ বিশ্ববিদ্যালয়, বাংগালোৰ, লণ্ডন, ইটালী আদি দেশ-বিদেশৰ বিভিন্ন ঠাইত পদাৰ্থ বিজ্ঞানৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ ওপৰত অনুষ্ঠিত চেমিনাৰ, ৱৰ্কশ্বপত অংশগ্ৰহণ কৰি নিজৰ মেধাৱী গুণৰ পৰিচয় দিয়াৰ লগতে অসমলৈও গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বৰ্তমানলৈও  ড° জয়ন্তী চুতীয়াৰ ১৫৬ খন গৱেষণা পত্ৰ বিভিন্ন জাৰ্ণেলত প্ৰকাশ পোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৯২ খন গৱেষণা পত্ৰ প্ৰকাশ পাইছে।

ইতিবাচক কথা যে, বিজ্ঞান বিষয়টোক সহজবোধ্য ভাৱে সাধাৰণ মানুহৰ ওচৰ চপাই নিবলৈ ড° জয়ন্তী চুতীয়াই বিভিন্ন বিজ্ঞানীৰ জীৱনী, বিজ্ঞান মূলক ভ্ৰমণ কাহিনী আদি বিষয়ৰ ওপৰত বহু কেইখন কিতাপো ৰচনা কৰিছে। এই সমূহৰ ভিতৰত অন্যতম হ’ল-

         ১) বিদুষীৰ জগতত ইতিহাস প্ৰসিদ্ধ কেইগৰাকীমান মহিলা বিজ্ঞানীৰ কৰ্মময় জীৱন কথা।

         ২) বিজ্ঞান চৰ্চাৰ দোকমোকালিৰ পৰা কুৰি শতিকালৈ

         ৩) দূৰবীক্ষণ

         ৪) শিল্পীৰ দৃষ্টিত জীৱন আৰু জগত

         ৫) মেডাম কুৰী’

         ৬) কুৰি শতিকাৰ পদাৰ্থ বিজ্ঞান’ 

         ৭) ৰেড ইণ্ডিয়ানৰ দেশত

         ৮) নিভৃত আলাপ ইত্যাদি

ইয়াৰ ওপৰিও ড° জয়ন্তী চুতীয়াই জাপানীসকলৰ মাজত জনপ্ৰিয় হাইকু কবিতাৰ জনক মাৎছুয়ো বাছৰ “হাইকু ভ্ৰমণ” নামেৰে এখন হাইকু কবিতাৰ কিতাপ অসমীয়ালৈ অনুবাদ কৰিছে। অৱশ্যে এই কিতাপখন হ’ল গদ্য আৰু কবিতাৰ সংমিশ্ৰণ। 

অসমীয়া ভাষাত জীৱনী সাহিত্যৰ অভাৱ পৰিলক্ষিত হোৱাৰ সময়তে ১৯৮৭ চনত ড° জয়ন্তী চুতীয়াই প্ৰকাশ কৰিছিল নবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা আৰু দুবাৰকৈ নবেল বঁটা বিজয়ী প্ৰথমগৰাকী ব্যক্তি মেৰী কুৰীৰ  জীৱন কাহিনীৰে “মেডাম কুৰী” শীৰ্ষক গ্ৰন্থখন। ১১২ পৃষ্ঠাৰ কিতাপ খনত তেখেতে সন্নিৱিষ্ট কৰিছে প্ৰজ্ঞাৰ সাধনাৰে, কঠোৰ পৰিশ্ৰমৰ মাজত মানৱ জাতিলৈ আগবঢ়োৱা অৱদানৰ কথা। অসমীয়া ভাষাত প্ৰসিদ্ধ বিজ্ঞানী মেৰী কুৰীৰ জীৱনৰ ইতিবৃত্তৰে ৰচনা কৰা এইখন কিতাপ অমূল্য সম্পদ।

অন্যহাতে “বিদুষীৰ জগতত ইতিহাস প্ৰসিদ্ধ কেইগৰাকীমান মহিলা বিজ্ঞানীৰ কৰ্মময় জীৱন কথা” জৰিয়তেও ড° জয়ন্তী চুতীয়াই ইতিহাস-প্ৰসিদ্ধ বহু কেইগৰাকী মহিলা বিজ্ঞানীৰ কৰ্মময় জীৱন-কথা সুন্দৰ ৰূপে প্ৰতিফলিত কৰিছে। ড° জয়ন্তী চুতীয়াৰ আন এখন অন্যতম গ্ৰন্থ “শিল্পীৰ দৃষ্টিত জীৱন আৰু জগতত” মহৎ চিত্ৰশিল্প, ভাষ্কৰ্য্য, বহুকেইজন মহান চিত্ৰশিল্পী আদিৰ সম্পৰ্কীয় সাতটা প্ৰবন্ধ সন্নিৱিষ্ট কৰিছে। ইয়াৰ উপৰিও এইখন গ্ৰন্থত বহু কেইটা ছৱি আৰু  ভাষ্কৰ্য্যৰ প্ৰতিলিপিও সংযোজিত কৰা হৈছে। সাহিত্য, বিজ্ঞানৰ লগত ড° চুতীয়া সাংস্কৃতিক দিশৰ লগতো শৈশৱ কালত জড়িত হৈ আহিল। তেখেতে ‘বেহেলা’ বজোৱাৰ লগতে বেহেলাত বিশাৰদো লাভ কৰিছিল।

সন্মুখীন হোৱা প্ৰতিটো সমস্যাক প্ৰত্যাহ্বান হিচাবে গ্ৰহণ কৰি নিজৰ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰ মাজেৰে আগবাঢ়ি গৈ সমগ্ৰ দেশৰ ভিতৰতে উল্লেখযোগ্য পদাৰ্থ বিজ্ঞানী হিচাপে পৰিচিত হোৱা ড° জয়ন্তী চুতীয়া হ’ল অসমৰ তথা ভাৰতৰ গৌৰৱ।

যি সময়ত বিজ্ঞান শিক্ষাৰ প্ৰসাৰ হোৱা নাছিল, অসমৰ দৰে ৰাজ্যত বিজ্ঞান গৱেষণাৰ বাবে কোনো বিশেষ সুবিধা নাছিল তেনে সময়তে প্ৰতিটো সমস্যাক আওকাণ কৰি বিজ্ঞানৰ ক্ষেত্ৰখনত নিজৰ অধ্যাৱসায়ৰ মাজেৰে প্ৰতিষ্ঠা লাভ কৰিছিল ড° জয়ন্তী চুতীয়াই।

ড° হীৰেণ গোহাঁইয়ে তেখেতৰ সন্দৰ্ভত মত পোষণ কৰিছিল যে, অসমৰ নাৰীসকলৰ মাজৰ পৰা যিসকল বিজ্ঞানী ওলাই আহি অসমীয়া মহিলাৰ লগতে সমগ্ৰ অসমীয়া জাতিকে গৌৰৱাম্বিত কৰিছে তেওঁলোকৰ ভিতৰত এগৰাকী নবীন উত্তৰসূৰী হ’ল ড° জয়ন্তী চুতীয়া।অসমৰ অনুন্নত পৰিবেশতে প্লাজমা ফিজিক্সৰ দৰে জটিল বিষয়ৰ ওপৰত গৱেষণা কৰি তেওঁ আগবঢ়াইছে বহুবোৰ মৌলিক অৱদান।

Also Read: জীৱনী: উদ্ধৱ ভৰালী | Biography of Uddhab Bharali

সামৰণি | Conclusion

পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনত সুকীয়া মৰ্যাদা লাভ কৰা অসমীয়াৰ ভিতৰত এটা উল্লেখযোগ্য নাম হৈছে ড° জয়ন্তী চুতীয়া। কেৱল বিজ্ঞানী হিচাপে নহয় এগৰাকী সাহিত্যক হিচাপে, এগৰাকী শক্তিশালী ( empowered women) হিচাপে তেওঁ হ’ল নৱ-প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা উৎস। সাধাৰণ তথা শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী এইগৰাকী অসম সন্তান কেৱল অসমৰৰেই নহয় সমগ্ৰ ভাৰত তথা বিশ্বৰ পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনৰ বাবে এটা চিনাকি নাম। তেওঁ‌ হ’ল অসমৰ গৌৰৱ। গৱেষণাৰ জৰিয়তে পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ তেওঁ অনবদ্য অৱদান আগবঢ়াই আহিছে।

FAQ

১) জয়ন্তী চুতীয়া কোন হয়?

উঃ- বিভিন্ন সীমাবদ্ধতাৰ মাজতো নিজৰ কৰ্মদক্ষতা, প্ৰজ্ঞাৰ সাধনাৰে  সমগ্ৰ জাতিটোকে গৌৰৱান্বিত কৰা এগৰাকী নাৰী হৈছে ড° জয়ন্তী চুতীয়া ( Joyanti Chutia)। অসমৰ দৰে বিভিন্ন সীমাবদ্ধতাৰে আগুৰি থকা ৰাজ্যত ড° জয়ন্তী চুতীয়াই প্লাজমা ফিজিক্সৰ দৰে জটিল বিষয়ৰ ওপৰত গৱেষণা কৰি সমাজৰ লগতে বিজ্ঞানৰ ক্ষেত্ৰখনলৈ বহুবোৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

২) জয়ন্তী চুতীয়াৰ জন্ম কেতিয়া হৈছিল?

উঃ-  ১ আগষ্ট ১৯৪৮ চন।

৩) জয়ন্তী চুতীয়াৰ পিতৃৰ নাম কি?

উঃ- সোণাৰাম চুতীয়া।

৪) জয়ন্তী চুতীয়াই ‘কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা’ কেতিয়া পাইছিল?

উঃ- ২০০৫ চনত।

৫) জয়ন্তী চুতীয়াই কʼৰ পৰা P.Hd লাভ কৰে? 

উঃ- ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ পৰা Solid state Physics বিষয়ত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top