ড° বিৰিঞ্চি কুমাৰ বৰুৱা জীৱনী – অসমীয়া সাহিত্যিক | Birinchi Kumar Barua

ড° বিৰিঞ্চি কুমাৰ বৰুৱা | Birinchi Kumar Barua Essay in Assamese | Biography of Birinchi Kumar Barua in Assamese | ড° বিৰিঞ্চি কুমাৰ বৰুৱা বিষয়ে জীৱনী | ড° বিৰিঞ্চি কুমাৰ বৰুৱা বিষয়ে ৰচনা | ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ চমু পৰিচয়।

Join Telegram channel

ড° বিৰিঞ্চি কুমাৰ বৰুৱা (Birinchi Kumar Barua) হ’ল বহুমুখী প্ৰতিভাৰ অধিকাৰী এজন ব্যক্তি। তেওঁ আছিল একেধাৰে ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, প্ৰৱন্ধকাৰ, অনুবাদক, শিশু সাহিত্যিক, ভ্ৰমণ আৰু জীৱনী সাহিত্যৰ ৰচক, গ্ৰন্থ আলোচনীৰ সম্পাদক তথা সংকলক, ভূগোল, বুৰঞ্জী আদি বিষয়ৰ বিদ্যালয়ৰ পাঠ্যপুথিৰ লেখক, অসমীয়া লোক-সংস্কৃতিৰ আজীৱন গৱেষক। গুৰুত্বপূৰ্ণ কথা যে ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ অধীনতে গৱেষণা কৰি প্ৰথিতযশা সাহিত্যিক, ভাষাবিদ ড° মহেশ্বৰ নেওগ, ড° সত্যেন্দ্ৰ নাথ শৰ্মা, ড° গোলোক গোস্বামীয়ে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰখন চহকী কৰিছে।

বিৰিঞ্চি কুমাৰ বৰুৱা

বিৰিঞ্চি কুমাৰ বৰুৱা জীৱনী | Birinchi Kumar Barua Biography

নামবিৰিঞ্চি কুমাৰ বৰুৱা (Birinchi Kumar Barua[1])
জন্ম চন১৬ অক্টোবৰ ১৯০৮ চন
জন্ম স্থানপুৰণিগুদাম, নগাঁও জিলা
পৰিয়ালপিতৃৰ নাম- বিজয় ৰাম বৰুৱা
মাতৃৰ নাম- লীলাৱতী বৰুৱা
শিক্ষা১) নগাঁও চৰকাৰী বিদ্যালয়
২) প্ৰেচিডেন্সি কলেজ, কলিকতা
৩) লণ্ডন বিশ্ববিদ্যালয়      
বঁটাসাহিত্য অকাডেমি বঁটা (১৯৬৪ চন) 
মৃত্যু৩০ মাৰ্চ ১৯৬৪ চন

Also Read: জীৱনী: জৱাহৰলাল নেহৰু – স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী | Jawaharlal Nehru

বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰাৰম্ভিক জীৱন

ৰাস্না বৰুৱা আৰু বীণা বৰুৱাৰ ছদ্মনামেৰে অসমীয়া কথা সাহিত্যৰ ক্ষেত্ৰখন সমৃদ্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিৰিঞ্চি কুমাৰ বৰুৱাৰ জন্ম হৈছিল ১৯০৮ চনৰ ১৬ অক্টোবৰ তাৰিখে নগাঁৱৰ পুৰণিগুদামত। তেওঁৰ পিতৃৰ নাম আছিল- বিজয় ৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল- লীলাৱতী বৰুৱা। 

শিক্ষা

নগাঁওতে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা বিৰিঞ্চি কুমাৰ বৰুৱাই ১৯২৮ চনত নগাঁও চৰকাৰী বিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ কলিকতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে উচ্চ শিক্ষাৰ বাবে ১৯৩২ চনত Ishan শিক্ষাবৃত্তি লাভ কৰা বিৰিঞ্চি কুমাৰ বৰুৱা আছিল অসমৰ প্ৰথমজন ছাত্ৰ। ১৯৩৪ চনত প্ৰেচিডেন্সি কলেজৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বিৰিঞ্চি কুমাৰ বৰুৱাই ইয়াৰ পৰৱৰ্তী সময়ত অধ্যয়ন কৰে লণ্ডন বিশ্ববিদ্যালয়ত। উল্লেখ্য যে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ১৯৪৮ চনত অসমৰ সাংস্কৃতিক ইতিহাসৰ বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল তেওঁ। তেখেতৰ গৱেষণা গ্ৰন্থ খনৰ নাম হ’ল- ‘A Cultural History of Assam’

কৰ্মজীৱন

কলিকতা বিশ্ববিদ্যালয়ত ১৯৩৮ চনত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ড° বিৰিঞ্চি কুমাৰ বৰুৱাই কটন কলেজতো কিছুদিন অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ওপৰিও তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত লোক সংস্কৃতিৰ ভিজিটিং প্ৰফেছাৰ হিচাপে ৮ মাহ কাৰ্যনিৰ্বাহ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ড° বিৰিঞ্চি কুমাৰ বৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ উপৰিও বিশ্ববিদ্যালয়ৰ‌ অসমীয়া বিভাগৰ ৰিডাৰ হিচাপে যোগদান কৰি পৰৱৰ্তী সময়ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ড° বিৰিঞ্চি কুমাৰ বৰুৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ কলাগুৰু সন্মানিত কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত কলাগুৰু হিচাপেই  বিশ্ববিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰে তেওঁ।

অসমীয়া সাহিত্যলৈ অৱদান

অসমীয়া সাহিত্য জগতৰ এক অন্যতম উজ্জ্বল জ্যোতিষ্ক হ’ল ড° বিৰিঞ্চি কুমাৰ বৰুৱা। বিংশ শতিকাত আবাহন আলোচনীৰ জৰিয়তে আত্মপ্ৰকাশ কৰা বিৰিঞ্চি কুমাৰ বৰুৱা হ’ল অসমীয়া গদ্য সাহিত্যৰ এক উল্লেখযোগ্য সত্বা। আবাহনৰ পাছতেই ৰাস্না বৰুৱা আৰু বীণা বৰুৱাৰ ছদ্মনামত গল্প, উপন্যাস আৰু আলোচাত্মক সৃষ্টিৰ জৰিয়তে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ সৃষ্টিৰাজীৰ উল্লেখযোগ্য বৈশিষ্ট হৈছে- তেওঁ সাহিত্যিক সৃষ্টিৰাজীৰ জৰিয়তে গ্ৰাম্য আৰু নগৰীয়া উভয় জীৱনত চিত্ৰ সুন্দৰ ৰূপত প্ৰতিফলিত কৰে। 

অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতেই মূল্যবান গ্ৰন্থ ৰচনা কৰা ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ দুখন গল্প পুথি হ’ল ‘আঘোণী বাই’ আৰু ‘পট পৰিৱৰ্তন’। 

উপন্যাস

গল্প ৰচনাৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিলেও বিৰিঞ্চি কুমাৰ বৰুৱা হ’ল আধুনিক যুগৰ এগৰাকী শ্ৰেষ্ঠ উপন্যাসিক। বীণা বৰুৱাৰ ছদ্মনামত ড° বিৰিঞ্চি কুমাৰ বৰুৱাই ৰচনা কৰা ১৯৪৪ চনত প্ৰকাশ পোৱা ‘জীৱনৰ বাটত’ উপন্যাস খন হ’ল অসমীয়া উপন্যাস সাহিত্যৰ এক কালজয়ী কৃতি। অসমীয়া উপন্যাস সাহিত্যৰ মাইলৰ খুঁটি স্বৰূপ জীৱনৰ বাটত উপন্যাস খনৰ জৰিয়তে ড° বিৰিঞ্চি কুমাৰ বৰুৱাই গ্ৰাম্য সমাজৰ এক নিখুঁত ছৱি প্ৰতিফলিত কৰিছে। জীৱন বাটত ৰচনা হোৱাৰ পিছত অৰ্থাৎ স্বৰাজত্তোৰ কালত অসমীয়া উপন্যাসৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পালে আৰু জনপ্ৰিয়তাও অৰ্জন কৰিলে। বহুতৰ মতে  জীৱনৰ বাটত উপন্যাস খন হ’ল অসমীয়া উপন্যাস সাহিত্যৰ প্ৰথম সৰ্বাঙ্গ সুন্দৰ প্ৰকাশ। বহুতৰ মতে এইখন উপন্যাস হ’ল অসমীয়া উপন্যাস সাহিত্যৰ অপ্ৰতিদ্বন্দী উপন্যাস। অন্যহাতে বহুতৰ মতে এইখন উপন্যাস হ’ল অসমীয়া উপন্যাস সাহিত্যৰ মাইলৰ খুঁটি। এখন সাৰ্থক কালজয়ী উপন্যাস তথা মহাকাব্যিক উপন্যাস বুলিও অভিহিত কৰা ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ এইখন উপন্যাস হ’ল অসমীয়া সাহিত্যৰ এখন অন্যতম শ্ৰেষ্ঠ উপন্যাস। তেখেতৰ আন এখন উপন্যাস ‘সেউজ পাত’ৰ কাহিনীৰ পটভূমি হ’ল চাহ বাগান আৰু ইয়াৰ চৰিত্ৰ সমূহৰ বেছিভাগেই বনুৱা।

গুৰুত্বপূৰ্ণ কথা যে প্ৰথম আধুনিক চিন্তা চেতনা উমান ড° বিৰিঞ্চি কুমাৰ বৰুৱা উপন্যাসতে পোৱা গৈছিল। সংস্কাৰকামী মনোভাৱ বা ব্যাঙ্গাত্মক দৃষ্টিভংগীৰে সমাজৰ আচাৰ, ৰীতি-নীতি, জীৱনধাৰা আদি বিশ্লেষণ কৰি উপন্যাসৰ মাজেৰে প্ৰতিফলিত কৰিছিল তেওঁ। ড° বিৰিঞ্চি কুমাৰ বৰুৱা হ’ল আধুনিক উপন্যাসৰ এজন বাটকটীয়া। যুদ্ধোত্তৰ কালছোৱাত তেওঁৰ উপন্যাসে খলকনি সৃষ্টি কৰিছিল। ড° বিৰিঞ্চি কুমাৰ বৰুৱা উপন্যাসৰ আন এক বৈশিষ্ট্য হ’ল- অসমীয়া নিম্ন মধ্যবিত্তৰ শ্ৰেণীৰ ৰূপায়ন, অসমীয়া গাঁৱলীয়া চৰিত্ৰ অধ্যয়ন, পাৰিবাৰিক জীৱনৰ প্ৰাত্যাহিক চিত্ৰাংকন আৰু চৰিত্ৰৰ মানসিক অভিব্যক্তি সুন্দৰ ৰূপত প্ৰতিফলিত ৰাস্না বৰুৱাৰ ছদ্ম নামত ড° বৰুৱাই ৰচনা কৰা সেউজী পাতৰ কাহিনী নামৰ উপন্যাসখনৰ জৰিয়তে জনসমাজত চাহ বাগিচাৰ বাস্তৱ ছৱিখন প্ৰতিফলিত কৰিছে। সেইদৰে ‘প্ৰফেছৰ বৰুৱাৰ চিঠি’ গ্ৰন্থখন ভ্ৰমণ কাহিনী হৈও উপন্যাসৰ দৰে অনুপম।

Also Read:লক্ষ্মীনাথ বেজবৰুৱা | Lakshminath Bezbaroa

ভ্ৰমণ বৃত্তান্ত মূলক গ্ৰন্থ

চুইজাৰলেণ্ড ভ্ৰমণ আৰু আমেৰিকাৰ ভ্ৰমণ কালত চিঠিৰ ৰূপত লিখা প্ৰফেছাৰ বৰুৱাৰ চিঠি হ’ল ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ ভ্ৰমণ বৃত্তান্ত মূলক গ্ৰন্থ। উল্লেখ্য যে ১৯৬৮ চনত প্ৰকাশিত প্ৰফেছাৰ বৰুৱাৰ চিঠিৰ মাজেৰে ড° বৰুৱাই বিংশ শতিকাৰ ৬০ দশকৰ আমেৰিকাৰ শিক্ষা, সংস্কৃতি, গাৰ্হস্থ্য, ৰীতি-নীতিৰ বিষয়ে সৱিশেষ বৰ্ণনা কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ড° মহেশ্বৰ নেওগে ড° বিৰিঞ্চি কুমাৰ বৰুৱাক ভ্ৰমণ সাহিত্যৰ বাটকটীয়া বুলি অভিহিত কৰিছিল।

অন্যান্য

কেৱল গল্প উপন্যাসৰ ক্ষেত্ৰতেই নহয় সাহিত্য-সংস্কৃতিৰ আলোচনা, ভাষা-তত্বৰ বিচাৰ, লোক-সংস্কৃতিৰ অধ্যয়ন আদি দিশতো ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ অৱদান আছিল লেখত ল’বলগীয়া। অসমীয়া সংস্কৃতিৰ গৱেষণা আৰু অসমত সংস্কৃতি চৰ্চাৰ পদ্ধতিগত অধ্যয়নৰ ক্ষেত্ৰখনতো বিৰিঞ্চি কুমাৰ বৰুৱা আছিল বাটকটীয়া স্বৰূপ। সংস্কৃতিৰ অধ্যয়ন তথা গৱেষণাৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় পৰ্যায়তে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি অৰ্জন কৰিছিল বিৰিঞ্চি কুমাৰ বৰুৱাই। তেখেতৰ গৱেষণা মূলক গ্ৰন্থ সমূহ হ’ল- অসমৰ লোক সংস্কৃতি, অসমীয়া কথা সাহিত্য, অসমীয়া ভাষা আৰু সংস্কৃতি (১৯৫৭) আদি উল্লেখযোগ্য। 

ইংৰাজী ভাষাত লিখা গ্ৰন্থ

ইয়াৰ উপৰিও তেখেতে ইংৰাজী ভাষাত ৰচনা কৰিছিল- ‘Assamese Literature’, ‘Studies in Ancient Assamese Literature’, ‘Sankardev :  A Vaishnavite Saint of Assam’, ‘A Cultural History of Assam’, ‘Modern Assamese Literature’।

উল্লেখযোগ্য যে ১৯৬১ চনত প্ৰকাশিত অসমৰ লোক সংস্কৃতি গ্ৰন্থ খনৰ বাবে ড° বিৰিঞ্চি কুমাৰ বৰুৱাক ১৯৬৪ চনত মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।

সম্পাদিত গ্ৰন্থ

ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদিত গ্ৰন্থ অংকীয়া নাট হ’ল এখন সৰ্বোৎকৃষ্ট সম্পাদিত গ্ৰন্থ। ইয়াৰ উপৰিও অৰুণোদইৰ ধলফাট, বব্ৰুৱাহন আৰু তাম্ৰধ্বজৰ যুদ্ধ, মনসাকাব্য, শত্ৰুজয়, মধুমালতী আদি বহু কেইখন গ্ৰন্থ সম্পাদনা কৰিছিল। 

নাটক

তেখেতে বীণা বৰুৱাৰ ছদ্মনামত ৰচনা কৰিছিল “এবেলাৰ নাট” নামৰ এখন নাটক। উল্লেখ্য যে ড° বিৰিঞ্চি কুমাৰ বৰুৱাই ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘চিত্ৰাঙ্গদা’ খনো বীণা বৰুৱাৰ ছদ্মনামত অসমীয়ালৈ অনুবাদ কৰিছিল। ইয়াৰ ওপৰিও তেওঁৰ আন আন গ্ৰন্থ সমূহ হ’ল- অসমীয়া ভাষা, বৌদ্ধ ধৰ্ম আৰু সাহিত্য, কাব্য আৰু অভিব্যঞ্জনা, ভাৰত বুৰঞ্জী, বুৰঞ্জীৰ কথা, জাতকৰ মালা, দেশ বিদেশৰ সাধু ইত্যাদি।

ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ সাহিত্যৰাজিৰ অন্যতম বৈশিষ্ট্য হ’ল- তেওঁৰ প্ৰবন্ধৰ ভাষা আৰু গদ্যশৈলী উপন্যাসৰ দৰে মনোগ্ৰাহী আৰু ব্যাখ্যাত্মক। বৰ্ণনাত জটিলতা নথকাকৈ সৰ্বসাধাৰণে বুজিব পৰাকৈ সাৱলীল ভাষা প্ৰয়োগ কৰাৰ সমান্তৰালকৈ ৰচনাত কোনো কঠিন শব্দ ব্যৱহাৰ নকৰাকৈ বৰ্ণনীয় বিষয় সমূহ তেওঁ আগবঢ়ায় নিয়ে। অনাৱশ্যক দীঘলীয়া বাক্যৰ প্ৰয়োগ তেওঁ নকৰে।

বয়সৰ লেখেৰে মাত্ৰ দুকুৰি ষোল্লতা বছৰ জীৱন অতিবাহিত কৰা ড° বিৰিঞ্চি কুমাৰ বৰুৱাই এই কম সময়তে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাম সম্পাদন কৰি অসমৰ বৌদ্ধিক তথা সাহিত্যৰ জগতখন সমৃদ্ধ কৰি থৈ গৈছে। তেখেত হ’ল অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি জগতৰ এজন প্ৰাতঃস্মৰণীয় ব্যক্তি। গুৰুত্বপূৰ্ণ কথা যে ১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালয়ত বি. এ. আৰু আই. এ. শ্ৰেণীত অসমীয়া বিষয় অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত কলিকতাত অধ্যয়নৰত আন অসমীয়া ছাত্ৰৰ সমান্তৰালকৈ বিৰিঞ্চি কুমাৰ বৰুৱাইও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

Also Read: জীৱনী: অম্বিকাগিৰী ৰায়চৌধুৰী- অসমীয়া সাহিত্যিক | Ambikagiri Raichoudhury

সামৰণি

আজীৱন শিক্ষকতাৰ লগত জড়িত থকা ড° বিৰিঞ্চি কুমাৰ বৰুৱা পাণ্ডিত্য কেৱল দেশতে নহয় বিদেশতো আছিল জনপ্ৰিয় আৰু সমাদৃত। অসমীয়া সাহিত্যৰ একনিষ্ঠ সাধনা কৰা ড° বিৰিঞ্চি কুমাৰ বৰুৱা হ’ল অসমৰ গৌৰৱ তথা অসমীয়াৰ স্বাভিমান। জন্মভূমিৰ প্ৰতি ড° বৰুৱাৰ অকৃত্ৰিম আৰু বিমল ভালপোৱা হ’ল নতুন প্ৰজন্মৰ বাবে পাথেয়। সবল ব্যক্তিত্ব আৰু উচ্চ চিন্তাৰ অধিকাৰী ড° বিৰিঞ্চি কুমাৰ বৰুৱা হ’ল  একাধাৰে  সাহিত্যক,  শিক্ষাবিদ, লোক সংস্কৃতিৰ গৱেষক আৰু লগতে এজন একনিষ্ঠ সমাজ সেৱক।

১৯৬৪ চনৰ ৩০ মাৰ্চ তাৰিখে ইহলীলা সম্বৰণ কৰা ড° বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া সাহিত্য সংস্কৃতিক বিভিন্ন আৰু বিচিত্ৰ দিশত সমৃদ্ধিশালী কৰাৰ লগতে ৰামধেনু যুগৰ পৰৱৰ্তী লেখক সকললৈও অনুপ্ৰেৰণা যোগাই থৈ গৈছে।

Also Read: জীৱনী: দেৱকান্ত বৰুৱা – কলঙপাৰৰ কবি | Dev Kant Barooah 

FAQ

১) বিৰিঞ্চি কুমাৰ বৰুৱা কোন আছিল?

উঃ– ড° বিৰিঞ্চি কুমাৰ বৰুৱা হ’ল বহুমুখী প্ৰতিভাৰ অধিকাৰী এজন ব্যক্তি। তেওঁ আছিল একেধাৰে ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, প্ৰৱন্ধকাৰ, অনুবাদক, শিশু সাহিত্যিক, ভ্ৰমণ আৰু জীৱনী সাহিত্যৰ ৰচক, গ্ৰন্থ আলোচনীৰ সম্পাদক তথা সংকলক, ভূগোল, বুৰঞ্জী আদি বিষয়ৰ বিদ্যালয়ৰ পাঠ্যপুথিৰ লেখক, অসমীয়া লোক-সংস্কৃতিৰ আজীৱন গৱেষক।

২) বিৰিঞ্চি কুমাৰ বৰুৱাৰ জন্ম কেতিয়া হৈছিল?

উঃ- ১৬ অক্টোবৰ ১৯০৮ চনত।

৩)  ‘জীৱনৰ বাটত’ কোনে লিথা?

উঃ- ড° বিৰিঞ্চি কুমাৰ বৰুৱা।

৪) বিৰিঞ্চি কুমাৰ বৰুৱাক সাহিত্য অকাডেমি বঁটা কেতিয়া দিয়া হৈছিল? 

উঃ- ১৯৬৪ চনত।

৫) বিৰিঞ্চি কুমাৰ বৰুৱাৰ গৱেষণা গ্ৰন্থৰ নাম কি?

উঃ- ‘A Cultural History of Assam’

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top