দেৱকান্ত বৰুৱা জীৱনী – কলঙপাৰৰ কবি | Dev Kant Barooah 

দেৱকান্ত বৰুৱা | Dev Kant Barooah Essay in Assamese | Biography of Dev Kant Barooah in Assamese | দেৱকান্ত বৰুৱা বিষয়ে জীৱনী | দেৱকান্ত বৰুৱা বিষয়ে ৰচনা | দেৱকান্ত বৰুৱাৰ চমু পৰিচয়।

Join Telegram channel

আৱাহন যুগৰ এজন অন্যতম শ্ৰেষ্ঠ কবি হ’ল দেৱকান্ত বৰুৱা (Devakanta Barooah)। অতীন্দ্ৰিয়বাদ সুৰৰ পৰিৱৰ্তে দেৱকান্ত বৰুৱাৰ কবিতাত ৰোমান্টিক ভাবধাৰাই পাইছিল এটা নতুন ৰূপ, আয়তন। আধুনিক আৰু ৰোমান্টিক এই দুই যুগৰ সন্ধিক্ষণত ভৰি থৈ দেৱকান্ত বৰুৱাই অসমীয়া কাব্য সাহিত্যত সৃষ্টি কৰিছিল এটা নতুন ধাৰাৰ। ৰোমান্টিক কবিতাৰ মূল ধাৰাৰ পৰা কিছু আঁতৰি আহি এক নব্য ৰোমান্টিক চিন্তা চেতনা প্ৰসাৰিত কৰা দেৱকান্ত বৰুৱাক ৰোমান্টিক কাব্যপ্ৰবাহৰ শেষৰ জন কবি বুলিও অভিহিত কৰা হয়।

দেৱকান্ত বৰুৱা

দেৱকান্ত বৰুৱা জীৱনী | Devakanta Barooah Biography

নামদেৱকান্ত বৰুৱা (Devakanta Barooah[1])
জন্ম চন২২ ফেব্ৰুৱাৰী, ১৯১৪ চন
জন্ম স্থানডিব্ৰুগড়, অসম
পৰিয়ালপিতৃৰ নাম- নীলকান্ত বৰুৱা 
মাতৃৰ নাম- স্বৰ্ণলতা বৰুৱা
শিক্ষা১) বৰপেটাৰ প্ৰাইমেৰী বিদ্যালয়
২) মাণিক চন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়, গুৱাহাটী
৩) কটন কলেজিয়েট হাইস্কুল
৪) নগাওঁ চৰকাৰী বিদ্যালয়
৫) বেনাৰচ হিন্দু বিশ্ববিদ্যালয়        
মৃত্যু ২৮ জানুৱাৰী, ১৯৯৬ চন

Also Read: জীৱনী: কুমাৰ ভাস্কৰ বৰ্মন- শেষৰজন বৰ্মন ৰজা | Kumar Bhaskar Varman

দেৱকান্ত বৰুৱা প্ৰাৰম্ভিক জীৱন তথা শিক্ষা জীৱন

অসমীয়া কাব্য সাহিত্যত কলঙপাৰৰ কবি তথা সংক্ৰান্তিকালৰ কবি বুলি অভিহিত কৰা দেৱকান্ত বৰুৱাৰ জন্ম হয় ১৯১৪ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ ২২ তাৰিখে ডিব্ৰুগড়ত । তেওঁৰ পিতৃৰ নাম হ’ল – নীলকান্ত বৰুৱা আৰু মাতৃৰ নাম হ’ল – স্বৰ্ণলতা বৰুৱা।

বৰপেটাৰ প্ৰাইমেৰী বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰা দেৱকান্ত বৰুৱাই পিতৃৰ কৰ্মসূত্ৰে অসমৰ বিভিন্ন প্ৰান্তত শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰিছিল। বৰপেটাৰ প্ৰাইমেৰী বিদ্যালয়ত প্ৰাথমিক শিক্ষা সাং কৰাৰ পৰৱৰ্তী সময়ত গুৱাহাটীৰ মাণিক চন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়, কটন কলেজিয়েট হাইস্কুলত শিক্ষা গ্ৰহণ কৰে দেৱকান্ত বৰুৱাই। ইয়াৰ পৰৱৰ্তী সময়ত নগাওঁ চৰকাৰী বিদ্যালয়ত অষ্টম শ্ৰেণীত নামভৰ্তি কৰি এই বিদ্যালয়ৰ পৰাই ১৯৩০ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।

গুৰুত্বপূৰ্ণ কথা যে দেৱকান্ত বৰুৱাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা সময়তে সমগ্ৰ ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। সেই সময়ত স্বাভীমানি আৰু জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধ দেৱকান্ত বৰুৱাও স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি ছমাহ কাৰাবাস খটাৰ লগতে ২০০ টকা জৰিমনা বিহিছিল। গুৰুত্বপূৰ্ণ কথা যে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি কাৰাবাস খটাৰ বাবেই প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈও দেৱকান্ত বৰুৱাই কটন কলেজ, প্ৰেছিডেন্সী কলেজত নামভৰ্তি কৰিব পৰা নাছিল। কিয়নো দুয়োখন কলেজ কৰ্তৃপক্ষই ভৱিষ্যতে মুক্তি সংগ্ৰামত অংশগ্ৰহণ নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিলেহে পঢ়িব পাৰিব বুলি স্বৰ্ত আৰোপ কৰিছিল। চৰ্তত অমান্তি হৈ দেৱকান্ত বৰুৱাই বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। বেনাৰছ আছিল সেই সময়ৰ স্বাধীনতা সংগ্ৰামৰ এক অন্যতম কেন্দ্ৰ। এই বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ পৰাই দেৱকান্ত বৰুৱাই ১৯৩৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত বেনাৰছতে ইংৰাজীত এম এ আৰু আইন পঢ়ি আইনৰ স্নাতক হৈ অসমলৈ ঘূৰি আহে দেৱকান্ত বৰুৱা। 

কবিৰূপে

১৯২৯ চনত আৱাহন আলোচনীৰ পাতত কবি হিচাপে আত্মপ্ৰকাশ কৰা দেৱকান্ত বৰুৱাই ১৯৪৬ চনত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অমিয় কুমাৰ দাসৰ পৰামৰ্শ অনুসৰি দৈনিক অসমীয়া কাকতৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰি ১৯৪৭ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ১৯৪৯ চনত ৰামধেনু প্ৰকাশ লিমিটেডৰ পৰা প্ৰকাশিত নতুন অসমীয়া কাকতৰ সম্পাদনাৰ দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে নতুন অসমীয়াত দেৱকান্ত বৰুৱাই ‘লতাকটা ৰণ’, ‘স্বৰ্গদেউ আৰু বুঢ়াগোহাঁয়ী সংবাদ’ আদি বহু কেইটা স্থায়ী মূল্য থকা সম্পাদকীয় নিৱন্ধ লিখিছিল। সম্পাদক হিচাপে দেৱকান্ত বৰুৱা আছিল ভাষাৰ শুদ্ধতা আৰু শৃংখলা সম্পৰ্কে অতিশয় কঠোৰ। 

নিষ্ঠা সহকাৰে সম্পাদনাৰ দায়িত্ব বহন কৰাৰ উপৰিও সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিছিল দেৱকান্ত বৰুৱাই। ১৯৩৮ চনত অসম প্ৰদেশ কংগ্ৰেছ দলত যোগদান কৰি দেৱকান্ত বৰুৱাই ১৯৪৫ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহকাৰী সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। 

কৰ্ম জীৱন

১৯৫০ চনত সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে দুবছৰৰ বাবে পাৰ্লিয়ামেন্টৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৫২ চনত লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় দেৱকান্ত বৰুৱা। সংসদ হিচাপে নিৰ্বাচিত হোৱা পিছত জৱাহৰলাল নেহৰুৱে দলালবাহাদুৰ শাস্ত্ৰীৰ লগতে দেৱকান্ত বৰুৱাক লোকসভা ডেপুটি চীফ হুইপ পাতিছিল। ইয়াৰ পৰৱৰ্তী সময়ত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল বৰুৱাই। গুৰুত্বপূৰ্ণ কথা যে সেই সময়ত জৱাহৰলাল নেহেৰু নেতৃত্বাধীন কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সৰ্বকনিষ্ঠ সদস্য আছিল দেৱকান্ত বৰুৱা। ১৯৫৭ চনৰ পৰা ১৯৫৯ চনলৈ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সমান্তৰালকৈ সেই বছৰতে গুৱাহাটী তেল শোধনাগাৰৰ অধ্যক্ষ হিচাপেও দায়িত্ব পালন কৰিছিল দেৱকান্ত বৰুৱাই। ১৯৬২ চনত বিধানসভা নিৰ্বাচনত জয় লাভ কৰি দেৱকান্ত বৰুৱাই বিমলা প্ৰসাদ চলিহাৰ মন্ত্ৰীসভাত  ১৯৬২ চনৰ পৰা ১৯৬৬ চনলৈকে শিক্ষা, পৰ্যটন আৰু সমবায় দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ১৯৬৮ চনৰ পৰা ১৯৭০ চনলৈকে ভাৰতীয় তেল নিগমৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭১ চনত বিহাৰৰ ৰাজ্যপাল হিচাপে মনোনীত হৈ দায়িত্বভাৰ পালন কৰিছিল দেৱকান্ত বৰুৱাই। ১৯৭৩ চনত কেন্দ্ৰীয় কেবিনেটত পেট্ৰলিয়াম আৰু ৰসায়ন দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা দেৱকান্ত বৰুৱাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে ১৯৭৪ চনত কাৰ্যনিৰ্বাহ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে দিল্লীৰ ৰাজনৈতিক মহলত দেৱকান্ত বৰুৱা জনাজাত আছিল ডি কে বি হিচাপে।

গুৰুত্বপূৰ্ণ কথা যে উজনি অসমৰ উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাত দেৱকান্ত বৰুৱাৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত বৰুৱাই অসমত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। সাংসদ হিচাপেও দেৱকান্ত বৰুৱা আছিল দুৰদৰ্শী। 

সাহিত্যৰাজি

আবাহনৰ পাততে আত্মপ্ৰকাশ কৰা দেৱকান্ত বৰুৱাই সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণৰ সমান্তৰালকৈ কাব্য চৰ্চাও কৰিছিল। তেওঁৰ একমাত্ৰ কবিতা সংকলনটো হৈছে ১৯৪৫ চনত প্ৰকাশিত “সাগৰ দেখিছা”। অসমীয়া কবিতাৰ পাঠকৰ মাজত সমাদৃত হোৱা জনপ্ৰিয় কবিতাৰ সংকলন সাগৰ দেখিছা সন্নিবিষ্ট আছে মুঠ ৩৫ টা কবিতা। গুৰুত্বপূৰ্ণ কথা যে প্ৰকাশিত কবিতা পুথি মাত্ৰ এখন হ’লেও অসমীয়া কাব্য জগতত দেৱকান্ত বৰুৱাৰ আছে এক সুকীয়া স্থান। সৰ্বভাৰতীয় স্তৰত প্ৰেম আৰু বিৰহৰ কাব্য হিচাপে কালিদাসৰ ‘মেঘদূত’ৰ পাঠক সমাজৰ মাজত যি সমাদৰ আছে ঠিক একেদৰেই অসমীয়া ৰোমাণ্টিক কবিতা আৰু নতুন কবিতাৰ মাজৰ সংযোগ সেতু ৰূপে চিহ্নিত দেৱকান্ত বৰুৱাৰ ‘সাগৰ দেখিছা’ও অসমীয়া কাব্য সাহিত্যত সিমানেই সমাদৃত। সাগৰ দেখিছা কবিতা পুথিত সন্নিৱিষ্ট হোৱা প্ৰায় সমূহ কবিতা ৰচনা কৰিছিল কুৰি শতিকাৰ তৃতীয় দশকত আৰু সেই দশকৰ জনপ্ৰিয় আলোচনী আবাহনৰ পাতত প্ৰকাশিত হৈছিল এইসমূহ কবিতা। দেৱকান্ত বৰুৱা আছিল মূলতঃ প্ৰেমৰ কবি। গুৰুত্বপূৰ্ণ কথা যে দেৱকান্ত বৰুৱাৰ কবিতাত কলং নৈয়ে এক সুকীয়া অস্তিত্ব, এক নান্দনিক অৱয়ব লাভ কৰিছিল। তেওঁৰ কবিতাসমূহত কলং নৈয়ে পাইছিল বিশেষ প্ৰাধান্য। যাৰ বাবে অসমীয়া কাব্য সাহিত্যত দেৱকান্ত বৰুৱাক ‘কলঙপাৰৰ কবি’ বুলিও অভিহিত কৰা হয়।

Also Read: জীৱনী: তৰুণ ৰাম ফুকন | Biography of Tarun Ram Phukan

সাহিত্য জগতলৈ অৱদান

আলি দোমোজাৰ কবি অথবা যুগসন্ধিৰ কবি হিচাপেও‌ পৰিচিত দেৱকান্ত বৰুৱাই ৰোমান্টিক পৰ্ব আৰু আধুনিক যুগৰ সন্ধিক্ষণত স্বকীয় চিন্তা আৰু দৃষ্টিভংগীৰে অসমীয়া কাব্য সাহিত্যত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। দেৱকান্ত বৰুৱাৰ কবিতাত বাস্তৱ জীৱনৰ সুবাস আছে। বিষয়বস্তু, প্ৰকাশ ভংগী, শব্দ শক্তি, ভাষাৰ তেজস্বিতা, আৱেগৰ গাম্ভীৰ্য তথা স্বতস্ফুত প্ৰকাশে দেৱকান্ত বৰুৱাৰ কবিতাত বিশেষ আয়তন তথা মৰ্যদা প্ৰদান কৰা পৰিলক্ষিত হয়। গুৰুত্বপূৰ্ণ কথা যে দেৱকান্ত বৰুৱাৰ কাব্য ভাষাত শক্তি আৰু সৌন্দৰ্য সমানে বিদ্যমান। ভাবক তুলি ধৰিবলৈ ভাষাৰ যি অফুৰন্ত শক্তি আৰু সুষমা সেইয়া দেৱকান্ত বৰুৱাৰ কবিতাত প্ৰতিফলিত হয়। ইয়াৰ উপৰিও তেওঁৰ কবিতাত নাটকীয় পৰিৱেশন ৰীতিয়ে অতিৰিক্ত আনন্দ আৰু সুমধুৰ ব্যঞ্জনা প্ৰদান কৰিছে। নাটকীয় পৰিৱেশন সন্দৰ্ভত দেৱকান্ত বৰুৱাৰ কবিতাত ৰত্নকান্ত বৰকাকতিৰ প্ৰভাৱ আৰু ইংৰাজ কবি ব্রাউনিঙৰ নাটকীয় স্বগতোক্তি (ড্ৰেমেটিক ম’ন’লগ) ৰ প্ৰভাৱ পৰিলক্ষিত হয়। ব্রাউনিঙৰ নাটকীয় গীতিধৰ্মিতাক নিজস্ব সাঁচত ঢালি সুন্দৰ ভাবে ন-ৰূপ প্ৰদান কৰাত দেৱকান্ত বৰুৱা সফল।

দেৱকান্ত বৰুৱাৰ কবিতাত প্ৰেমৰ অকপট স্বীকাৰোক্তি প্ৰতিফলিত হয়। কবিতাৰ জৰিয়তে বৰুৱাই প্ৰেমৰ ধাৰণাক জীৱন্ত আৰু স্পষ্ট ৰূপত প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰে। মানৱ প্ৰেমৰ গৌৰৱ ঘোষণা দেৱকান্ত বৰুৱাৰ কবিতাৰ এক অন্যতম বৈশিষ্ট্য। এক কথাত দেৱকান্ত বৰুৱাৰ কবিতাত ৰোমান্টিক প্ৰেমৰ যি উৎসাহ, কমনীয়তা, স্পন্দনশীলতা, আন্তৰিক সতেজতা, গতিশীলতা, সংবেদনশীলতা সেইয়া আন কবিৰ কবিতাত বৰকৈ পৰিলক্ষিত নহয়। বিশিষ্ট আলোচক, কবি নীলমণি ফুকনৰ মতে, অসমীয়া সাহিত্যৰ এজন ‌শ্ৰেষ্ঠ প্ৰেমৰ কবি হ’ল দেৱকান্ত বৰুৱা। ত্ৰিশৰ দশকত অসমীয়া ৰোমাণ্টিক কাব্য জগতলৈ নাটকীয় মনোকথনৰ প্ৰয়োগ আৰু এক লাবণ্যময় পৰিচন্ন ভাষাৰ ৰীতিৰে এক যৌৱনসুলভ তেজ আৰু সৌন্দৰ্য আনিছিল দেৱকান্ত বৰুৱাই। অসমীয়া ৰোমাণ্টিক কবিতাত প্ৰথমৰ পৰাই প্ৰবাহিত প্ৰেমৰ স্বৰূপক সলনি কৰি দেৱকান্ত বৰুৱাই কাব্য ধাৰাটোকে এক নতুন ৰূপ দিলে। দেৱকান্ত বৰুৱাৰ কবিতাত প্ৰেমৰ অৰ্থ আৰু অনৰ্থ, আশা আৰু আশা ভংগ, কল্পনাৰ মাধুৰ্য আৰু বিষাদ সন্নিৱিষ্ট হৈ থকা দেখা যায়।

Also Read: জীৱনী: গুণাৰাম খনিকৰ- অসমৰ প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ | Gunaram Khanikar Biography

সামৰণি

দেৱকান্ত বৰুৱাই জীৱনৰ শেষৰ প্ৰায় ২০ বছৰৰ সময়খিনি দিল্লীত নিৰৱে জীৱন নিৰ্বাহ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ৰাজনৈতিক জীৱনত মন্ত্ৰী, ৰাজ্যপাল, অইল ইণ্ডিয়াৰ চেয়াৰমেন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আদি অনেক গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰাৰ পিছতো তেওঁৰ স্থাৱৰ সম্পত্তি বুলিবলৈ তেওঁৰ একমাত্ৰ পৈতৃক সম্পত্তি খিনিহে আছিল। পাছলৈ নগাঁৱৰ পৈতৃক ঘৰখনো তেওঁৰ হৈ থকা নাছিল। মৃত্যু পৰ্যন্ত দিল্লীত থকাৰ সময়ত তেওঁৰ ঠিকনা আছিল ভাৰাঘৰহে।

আধুনিকতাৰ অগ্ৰদূত, ৰাষ্ট্ৰীয় ৰাজনীতি জগতৰ প্ৰবীণ ৰাজনীতিজ্ঞ, কলঙপৰীয়া কবি দেৱকান্ত বৰুৱাৰ নতুন দিল্লীৰ গংগাৰাম চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ১৯৯৬ চনৰ ২৮ জানুৱাৰীত মৃত্যু হয়।

Also Read: জীৱনী: মহাত্মা গান্ধী- জাতিৰ পিতা | Mahatma Gandhi

FAQ

১)  দেৱকান্ত বৰুৱা কোন আছিল?

উঃ- আৱাহন যুগৰ এজন অন্যতম শ্ৰেষ্ঠ কবি হ’ল দেৱকান্ত বৰুৱা। অতীন্দ্ৰিয়বাদ সুৰৰ পৰিৱৰ্তে দেৱকান্ত বৰুৱাৰ কবিতাত ৰোমান্টিক ভাবধাৰাই পাইছিল এটা নতুন ৰূপ, আয়তন। আধুনিক আৰু ৰোমান্টিক এই দুই যুগৰ সন্ধিক্ষণত ভৰি থৈ দেৱকান্ত বৰুৱাই অসমীয়া কাব্য সাহিত্যত সৃষ্টি কৰিছিল এটা নতুন ধাৰাৰ। 

২)   দেৱকান্ত বৰুৱাৰ জন্ম কেতিয়া আৰু কʼত হৈছিল?

উঃ- ১৯১৪ চনৰ ২২ ফেব্ৰুৱাৰীত অসমৰ ডিব্ৰুগড় জিলাত।

৩) দেৱকান্ত বৰুৱাৰ পিতৃৰ নাম কি?

উঃ- নীলকান্ত বৰুৱা।

৪) ‘ সাগৰ দেখিছা’ কোনে লিখা?

উঃ- দেৱকান্ত বৰুৱায়ে।

৫) কলঙপাৰৰ কবি কোন?

উঃ- দেৱকান্ত বৰুৱা, তেওঁৰ কবিতাসমূহত কলং নৈয়ে পাইছিল বিশেষ প্ৰাধান্য। যাৰ বাবে অসমীয়া কাব্য সাহিত্যত দেৱকান্ত বৰুৱাক ‘কলঙপাৰৰ কবি’ বুলিও অভিহিত কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top