জীৱনী: মহাত্মা গান্ধী- জাতিৰ পিতা | Mahatma Gandhi

অহিংসা-সত্যাগ্ৰহৰ অস্ত্ৰৰে অতিকৈ শক্তিশালী ব্ৰিটিছ সাম্ৰাজ্যবাদী শক্তিক পৰাভূত কৰি পৰাধীনতাৰ শিকলিৰ পৰা ভাৰতক মুক্ত কৰিবলৈ প্ৰধান ভূমিকা পালন কৰা এজন ব্যক্তি হৈছে মহাত্মা গান্ধী (Mahatma Gandhi)। 

Join Telegram channel
মহাত্মা গান্ধী

মহাত্মা গান্ধী জীৱনী | Mahatma Gandhi Biography

নাম (Name)মহাত্মা গান্ধী (Mahatma Gandhi[1])
প্ৰকৃত নাম (Real Name)মোহন দাস কৰমচান্দ গান্ধী
অনান্য নাম (Other Names)মহাত্মা গান্ধী, বাপু, জাতিৰ পিতা
জন্ম চন (Date of Birth)২ অক্টোবৰ, ১৮৬৯ চন
জন্ম স্থান (Place of Birth)পোৰবন্দৰ, গুজৰাট
পৰিয়াল (Family)পিতৃৰ নাম-  কৰমচান্দ গান্ধী
মাতৃৰ নাম- পুতলীবাই 
শিক্ষা (Education)১) ছামালদাস কলেজ, ভৱনগৰ
২) লণ্ডন ইউনিভাৰ্ছিটি     
মৃত্যু (Death)৩০ জানুৱাৰী, ১৯৪৮ চন

Also Read: জীৱনী: জিতেন্দ্ৰনাথ গোস্বামী- অসমীয়া বিজ্ঞানী | Jitendra Nath Goswami

মহাত্মা গান্ধী প্ৰৰম্ভিক জীৱন | Early Life of Mahatma Gandhi

মহাত্মা গান্ধীৰ জন্ম হৈছিল গুজৰাটৰ পোৰবন্দৰত ১৮৬৯ চনৰ ২ অক্টোৱৰ তাৰিখে। ভাৰতৰ ত্ৰাৰ্ণকৰ্তা বুলি অভিহিত কৰা মহাত্মা গান্ধীৰ যাৰ সম্পূৰ্ণ নাম হ’ল মোহনদাস কৰমচাঁদ গান্ধী। গুজৰাটৰ এটা সাধাৰণ পৰিয়ালত ডাঙৰ দীঘল হোৱা মহাত্মা গান্ধীৰ পিতৃৰ নাম হ’ল- কৰমচান্দ গান্ধী আৰু মাতৃৰ নাম হ’ল – পুতলীবাই। 

শিক্ষা | Education

পঢ়া-শুনাত মধ্যমীয়া ছাত্ৰ মহাত্মা গান্ধীয়ে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল পোৰবন্দৰত। ইয়াৰ পৰৱৰ্তী সময়ত হাইস্কুলীয়া শিক্ষা লাভ কৰে ৰাজকোটত। গুৰুত্বপূৰ্ণ কথা যে ওঠৰশ শতিকাৰ এই সময়ছোৱাত ভাৰতীয় সমাজ ব্যৱস্থাত বাল্যবিবাহৰ প্ৰচলন আছিল। যাৰ বাবে মাত্ৰ তেৰ বছৰ বয়সতে কস্তুৰীবাঈৰ সৈতে বিবাহ-পাশত আবদ্ধ হয় মহাত্মা গান্ধী। অৱশ্যে বিবাহ পাশত আবদ্ধ হ’লেও শিক্ষা গ্ৰহণ সমাপ্ত কৰা নাছিল মহাত্মা গান্ধীয়ে। গুজৰাটৰ ভৱনগৰৰ ছামালদাস কলেজৰ  প্ৰৱেশিকা পৰীক্ষা উত্তীর্ণ হোৱাৰ পৰৱৰ্তী সময়ত বিলাতলৈ যাত্ৰা কৰে বেৰিষ্টাৰী শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আৰু লণ্ডনৰ ইউনিভাৰ্ছিটিত নাম ভৰ্তি কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ১৮৯১ চনত বেৰিষ্টাৰী উত্তীৰ্ন হৈ পুনৰ ভাৰতলৈ ঘূৰি আহে মহাত্মা গান্ধী।

কৰ্মজীৱন | Career

উল্লেখ্য যে ভাৰতলৈ ঘূৰি অহাৰ পৰৱৰ্তী সময়ত বােম্বাই হাইকোর্টত কৰ্মজীৱনৰ পাতনি মেলে মহাত্মা গান্ধীয়ে। কিন্তু বিভিন্ন কাৰণবশতঃ তেখেতে কৰ্মজীৱনত সফলতা লাভ কৰিব নোৱাৰিলে যাৰ বাবে আৰ্জি লেখক’ হিচাপে নতুন কামৰ পাতনি মেলে। কিন্তু বিভিন্ন কাৰকৰ বাবে এই কামৰো অন্ত পৰে তেওঁৰ। ইয়াৰ পৰৱৰ্তী সময়ত দক্ষিণ আফ্ৰিকাৰ নাটালত অৱস্থিত এক ভাৰতীয় কোম্পানী দাদা আব্দুল্লা এণ্ড কো লগত এবছৰীয়া চুক্তিত স্বাক্ষৰ কৰে আৰু ১৮৯৩ চনত দক্ষিণ আফ্ৰিকালৈ যাত্ৰা কৰে মহাত্মা গান্ধীয়ে। গুৰুত্বপূৰ্ণ কথা যে আফ্ৰিকাৰ নাটালত সেই সময়ত বহু ভাৰতীয় লোকে বসবাস কৰিছিল। কিন্তু সেই সময়ত প্রবাসী ভাৰতীয় ব্যৱসায়ী আৰু শ্ৰমিকসকলৰ ওপৰত বৃটিছ প্রভুসকলৰ অমানুষিক অত্যাচাৰ, নির্যাতনৰ বলি হৈছিল। কাৰণ, আফ্ৰিকাত সেই সময়ত বৰ্ণভেদ প্ৰথা ব্যাপক ৰূপে প্ৰচলিত আছিল আৰু ভাৰতীয় তথা কৃষ্ণাঙ্গসকল প্ৰচলিত বৈষম্যৰ চিকিৰ হ’ব লগা হৈছিল। গুৰুত্বপূৰ্ণ কথা যে মহাত্মা গান্ধীও এই বৰ্ণ বৈষম্যৰ মুখামুখি হৈছিল। যাৰ পৰিণতিত বৰ্ণভেদ, কু-সংস্কাৰৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে সংঘবদ্ধ ভাৱে বিভিন্ন প্ৰত্যাহবানৰ সন্মুখীন হৈও এক বিপ্লৱৰ সূচনা কৰিছিল যাক সত্যাগ্রহ আন্দোলন নামেৰে অভিহিত কৰা হয়। কেৱল এইয়াই নহয় কৰ্মই ধৰ্ম এই কথাত বিশ্বাস কৰা মহাত্মা গান্ধীয়ে নাটালৰ দাৰৱান ষ্টেচনৰ ওচৰত ‘ফিনিক্স ফার্ম’ স্থাপন কৰাৰ লগতে কিছুমান বছৰৰ পিছ ‘টলষ্টয় ফার্ম’ স্থাপন কৰি কৰ্মই ধৰ্ম এই আদৰ্শ বিয়পাই দিবলৈ চেষ্টা কৰিছিল। ইয়াৰ ওপৰিও ইণ্ডিয়ান অপিনিয়ন নামৰ এখন কাকত সম্পাদনা কৰাৰ লগতে নিয়মীয়াকৈ প্ৰকাশৰ সু-ব্যৱস্থা কৰি বৌদ্ধিক ভাৱেও বৰ্ণভেদ, কুসংস্কাৰ আৰু অবিচাৰৰ বিৰুদ্ধে জনতাক একত্ৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০ বছৰতকৈ অধিক সময় নাটালত থকা মহাত্মা গান্ধীয়ে ভাৰতীয়সকলক ৰাজনৈতিকভাবে সংঘবদ্ধ কৰিবলৈ ১৮৯৪ চনত গান্ধীয়ে নাটাল ইণ্ডিয়ান কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল।

১৯১৫ চনত আফ্ৰিকাৰ নাটালৰ পৰা ভাৰতলৈ প্ৰত্যাবৰ্তন হোৱা মহাত্মা গান্ধীয়ে সবৰমতী নদীৰ পাৰত আহমদাবাদ চহৰত এখন আশ্রম প্রতিষ্ঠা কৰি জন-কল্যাণমূলক কামত আত্মনিয়ােগ কৰিছিল। উল্লেখ্য যে এই আশ্ৰমৰ নীতি আদৰ্শ তথা গান্ধীয়ে অনুকৰণ আৰু অনুসৰণ কৰা নীতিৰ মূল বিষয়সমূহ আছিল—সত্য, অহিংসা, ব্রহ্মচার্য, ভীতিহীনতা, আত্মসংযম, অস্পৃশ্যতা দূৰীকৰণ, মাতৃ ভাষাৰ মাজেদি শিক্ষা গ্রহণ, আৰু খাদী আৰু স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ। 

Also Read: জীৱনী: মণিৰাম দেৱান- অসমৰ চাহৰ আৱিষ্কাৰক | Maniram Dewan

ইংৰাজবিৰোধী আন্দোলন

উল্লেখ্য যে মহাত্মা গান্ধীয়ে আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি অহাৰ পিছত বিহাৰৰ চম্পাৰণৰ নীলখেতিৰ বনুৱা আৰু আহমেদাবাদৰ মিল বনুৱাৰ আন্দোলনক পৰিচালিত কৰি নিজৰ সু-নেতৃত্বৰ পৰিচয় দিছিল। গুৰুত্বপূৰ্ণ কথা যে ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত মহাত্মা গান্ধীয়ে ভাৰতীয়সকলক ইংৰাজকহে সহায় কৰিবলৈ আহ্বান জনাইছিল। কাৰণ তেওঁ ভাবিছিল যে ইংৰাজে ভাৰতক স্বৰাজ দিব। কিন্তু ইয়াৰ বিপৰীতে ইংৰাজে ভাৰতত ৰাওলাট আইনহে প্ৰণয়ন কৰিছিল।  বৃটিছৰ অকৃতজ্ঞতাত মহাত্মা গান্ধীয়ে শক্তিশালী নেতৃত্ব লৈ সমগ্ৰ দেশজুৰি হৰতাল পালন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯১৯ চনত ব্ৰিটিছ সকলে অমৃতসৰৰ জালিয়ানৱালাবাগত নিৰস্ত্ৰ জনতাৰ ওপৰত অমানুষিক হত্যাকাণ্ড সংঘটিত কৰাইছিল। ইয়াৰ পৰিণতিত ইংৰাজৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে আন্দোলনৰ সূচনা কৰিছিল।

অসহযোগ আন্দোলন | Non-Cooperative Movement

এই অমানুষিক হত্যাকাণ্ডৰ পিছত মহাত্মা গান্ধীয়ে ১৯২০ চনত ঐতিহাসিক অসহযোগ আন্দোলনৰ সূচনা কৰিছিল। অসহযোগৰে তেওঁ বৃটিছ শাসন বিকল কৰি দিবলৈ বিচাৰিছিল। কাৰণ তেওঁ বিশ্বাস কৰিছিল যে ভাৰতবাসীৰ সহযোগ নাপালে ইংৰাজে শাসন বৰ্তাই ৰাখিব নোৱাৰে। এই অসহযোগ সম্পূৰ্ণ অহিংসাৰে পালন কৰিবলৈ তেওঁ আহ্বান জনাইছিল আৰু বিদেশী বস্তু বৰ্জন কৰি খদ্দৰৰ লগতে আন স্বদেশী বস্তু ব্যৱহাৰ কৰি আৰ্থিক স্বাৱলম্বীতাৰ  দিশ শক্তিশালী কৰিবলৈ  তেওঁ সকলোকে আহ্বান জনাইছিল। গুৰুত্বপূৰ্ণ কথা যে মহাত্মা গান্ধীৰ এই আহ্বানৰ প্ৰতি সমগ্ৰ ভাৰতীয় লোকসকলে স্বতঃস্ফুত ভাৱে সঁহাৰি প্ৰদান কৰিছিল। উল্লেখ্য যে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সূচনা কৰাৰ বাবে মহাত্মা গান্ধীয়ে ৰাজদ্ৰোহীতাৰ অপৰাধত কেইবাবাৰো কাৰাবাস খাটিব লগীয়া হৈছিল। 

অসহযোগ আন্দোলন ব্যৰ্থ হোৱাৰ পিছত মহাত্মা গান্ধীয়ে ১৯৩০ চনত আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে তেওঁ নিজে সবৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডীলৈ এদল সত্যাগ্ৰাহীৰ সৈতে লোণ আইন ভংগ কৰিবলৈ পদযাত্ৰা কৰিছিল। এই আন্দোলনে সমগ্ৰ ভাৰতত এক ব্ৰিটিছৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ নেতৃত্বত এক নতুন বলিষ্ঠ দিশৰ উন্মোচন কৰিছিল। উল্লেখ্য যে মহাত্মা গান্ধীৰ এই দাণ্ডী যাত্ৰাক বহু লোকে শ্ৰী ৰাম চন্দ্ৰৰ লংকা যাত্ৰাৰ লগতো তুলনা কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে মহাত্মা গান্ধীৰ নেতৃত্বত সূচনা হোৱা আইন অমান্য আন্দোলনৰ তীব্ৰতাৰ ফলতেই ইংৰাজ চৰকাৰৰ নিৰুপায় হৈ ভাৰতক স্বায়ত্ত শাসন দিয়াৰ উদ্দেশ্য আলাপ-আলােচনা কৰিবলৈ বিলাতত ঘূৰণীয়া মেজমেলৰ আয়ােজন কৰিছিল আৰু তিনিবাৰকৈ ঘূৰণীয়া মেজমেলত বহিছিল। কিন্তু এই মেজমেলে সফলতা লাভ কৰা নাছিল। গুৰুত্বপূৰ্ণ কথা যে সাম্ৰাজ্যবাদী ব্ৰিটিছ প্ৰধানমন্ত্ৰী চাৰ্চিলে মহাত্মা গান্ধীক নঙঠা ফকীৰ উপলুঙাহে কৰিছিল। 

ভাৰত ত্যাগ আন্দোলন | Quit India Movement

১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পৰৱৰ্তী সময়ত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ সূচনা কৰিছিল।কৰিম নহয় মৰিম বাণীৰে সূচনা কৰা এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত মহাত্মা গান্ধীকে প্ৰমুখ্যে কৰি বহু হাজাৰ নেতা কাৰাৰুদ্ধ হ’ল। বহু জনে দেশৰ বাবে প্ৰাণ আহুতি দিলে। ভাৰত বাসীৰ এই আপোচ বিহীন সংগ্ৰামৰ বাবেই ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতে হেৰুৱা স্বাধীনতা ঘূৰাই পালে কিন্তু হিন্দু আৰু মুছলমানৰ মাজত বিভেদ সৃষ্টি হৈ ভাৰত আৰু পাকিস্তান নামৰ দুখন দেশৰ সৃষ্টি হ’ল।  গুৰুত্বপূৰ্ণ কথা যে ধৰ্মৰ ভিত্তিত ভাৰত পাকিস্তান সৃষ্টিৰ কথাই মহাত্মা গান্ধীক মনত অপৰিসীম কষ্ট দিছিল।

সৰল জীৱন যাপন অতিবাহিত কৰা আৰু উন্নত চিন্তা চৰ্চা কৰাটোৱেই আছিল মহাত্মা গান্ধীৰ জীৱনৰ লক্ষ্য। দৈনন্দিন জীৱনৰ প্ৰতিটো কাম কাৰো সহায় নোলোৱাকৈ নিজে সম্পন্ন কৰিছিল তেওঁ। শুদ্ধ মতৰ সৈতে কেতিয়াও আপোচ নকৰা মহাত্মা গান্ধীয়ে দুখীয়াক দান দি, ৰােগীক শুশ্রুষা কৰি ভাল পাইছিল। জীৱনৰ এটা সময়ত অসৎ লোকৰ সংগত পৰা মহাত্মা গান্ধীয়ে নিজে আত্ম সংশোধন কৰিছিল। ইয়াৰ ওপৰিও মহাত্মা গান্ধী আছিল সম্পূৰ্ণ নিৰামিষাহাৰী।

আত্মজীৱনীমূলক গ্ৰন্থ | Autobiographical Books

ব্ৰিটিছৰ বিৰুদ্ধে সূচনা কৰা আন্দোলনৰ নেতৃত্ব বহন কৰা মহাত্মা গান্ধী আছিল একেধাৰে এজন লেখক তথা সম্পাদক। তেওঁ ৰচনা কৰা কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল- তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ- The Story of my Experiments with Truth, ইয়াৰ ওপৰিও তেখেতে ৰচনা কৰা Hind Swaraj, India of my Dreams, Village Swaraj, Constructive Program- Its Meaning and Place.

ইয়াৰ ওপৰিও মহাত্মা গান্ধীয়ে ১৯০৩ চনৰ পৰা ১৯১৫ চন পৰ্যন্ত ইংৰাজী, হিন্দী, গুজৰাটী আৰু তেলুগু ভাষাত প্ৰকাশিত কাকত Indian Opinion, ১৯১৯ চনৰ পৰা ১৯৩১ চন পৰ্যন্ত ইংৰাজী, গুজৰাটী আৰু হিন্দী ভাষাৰ প্ৰকাশিত পত্ৰিকা Harijan আৰু ইংৰাজী, গুজৰাটী ভাষাত প্ৰকাশিত ‘Young India’ সম্পাদনা কৰিছিল।

মৃত্যু | Death

এখন সমৃদ্ধিশালী ৰামৰাজ্য গঢ় দিয়াৰ সপোন পুহি ৰখা মহাত্মা গান্ধীক ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে গুলিয়াই হত্যা কৰা হয়। নাথুৰাম গডছে এজন হিন্দু মৌলবাদীয়ে নতুন দিল্লীৰ বিৰলা ভৱনৰ সমীপত প্ৰাৰ্থনা সভাত অংশ লৈ থকাৰ সময়ত গুলিয়াই হত্যা কৰিছিল। উল্লেখ্য যে নতুন দিল্লীৰ ৰাজঘাটত আছে গান্ধীৰ স্মৃতিসৌধ। গুৰুত্বপূৰ্ণ কথা যে মহাত্মা গান্ধীয়ে শেষ মুহূৰ্ত্তত উচ্চাৰণ কৰা শেষ শব্দটো আছিল হে ৰাম।

Also Read: জীৱনী: সৰোজনী নাইডু- ভাৰতীয় নাইটিংগেল | Sarojini Naidu

সামৰণি | Conclusion

অহিংসা, প্ৰেম, সত্য আৰু মূল্যবোধৰ প্ৰতীক মহাত্মা গান্ধীৰ ভাৰতীয় জাতিয়ে বাপুজী অর্থাৎ জাতিৰ পিতা আখ্যাৰে বিভূষিত কৰিছে। গুৰুত্বপূৰ্ণ কথা যে কবি ৰবীন্দ্রনাথ ঠাকুৰে মহাত্মা গান্ধীক ‘মহাত্মা’, জৱাহৰলাল নেহৰু আৰু বল্লভভাই পেটেলে তেখেতক ‘বাপুজী’ আৰু তেওঁৰ ইংৰাজ শিষ্যা মেডেলাইন শ্লেড বা মীৰাবেনে তেওঁক প্রথমে ‘বাপু’ বুলি সম্বােধন কৰিছিল। উল্লেখ্য যে ২ অক্টোবৰ মহাত্মা গান্ধীৰ জন্মদিনটো প্ৰতি বছৰে গান্ধী জয়ন্তী হিচাপে পালন কৰাৰ লগতে সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয়। বিশ্বৰ সর্বশ্রেষ্ঠ মনীষীৰূপে অভিহিত মহাত্মা গান্ধীৰ মানৱ প্রেম, মানৱ-সেৱা আৰু ঈশ্বৰ পৰায়ণতা আছিল অপৰিসীম। মহাত্মা গান্ধীৰ হ’ল সমগ্ৰ দেশ তথা  পৃথিৱীৰ আদৰ্শ।

FAQ

১) মহাত্মা গান্ধীৰ প্ৰকৃত নাম কি আছিল?

উঃ- মোহন দাস কৰমচান্দ গান্ধী।

২) গান্ধীজীৰ জন্মৰ তাৰিখ কি?

উঃ- ২ অক্টোবৰ, ১৮৬৯ চন।

৩) গান্ধীজীৰ জন্মৰ স্থান কি?

উঃ- পোৰবন্দৰ, গুজৰাট।

৪) মহাত্মা গান্ধীৰ আত্মজীৱনীমূলক গ্ৰন্থৰ নাম কি?

উঃ- ‘The Story of my Experiments with Truth’।

৫) গান্ধীজীৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ৩০ জানুৱাৰী, ১৯৪৮ চন।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising