জীৱনী: জিতেন্দ্ৰনাথ গোস্বামী- অসমীয়া বিজ্ঞানী | Jitendra Nath Goswami Biography

জিতেন্দ্ৰনাথ গোস্বামী | Jitendra Nath Goswami Essay in Assamese | Biography of Jitendra Nath Goswami in Assamese | জিতেন্দ্ৰনাথ গোস্বামী বিষয়ে জীৱনী | জিতেন্দ্ৰনাথ গোস্বামী বিষয়ে ৰচনা | জিতেন্দ্ৰনাথ গোস্বামীৰ চমু পৰিচয়।

Join Telegram channel

মহাকাশৰ বুকুত ইতিহাস ৰচা চন্দ্ৰযান-২ (Chandrayaan-2) সৈতে জড়িত এজন অসমীয়া বিজ্ঞানী আছিল জিতেন্দ্ৰনাথ গোস্বামী (Jitendra Nath Goswami)। কেৱল চন্দ্ৰযান-২ নহয়, ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ (Chandrayaan-1) ৰ মুখ্য বিজ্ঞানী হোৱাৰ সমান্তৰালকৈ  এই অভিযানৰ পৰিকল্পনা আৰু ৰূপায়নতো এইজন অসম সন্তানৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। দীৰ্ঘকাল অপেক্ষাৰ অন্তত চন্দ্ৰযান-২ সফলভাৱে প্ৰক্ষেপন কৰি কোটি কোটি ভাৰতীয়ক বিৰল এই মুৰ্হূতৰ সাক্ষী কৰাৰ অন্তৰালত থকা অসমৰ সন্তান জিতেন্দ্ৰনাথ গোস্বামীক লৈ গৌৰৱান্বিত অসমবাসী।

জিতেন্দ্ৰনাথ গোস্বামী jitendra

জিতেন্দ্ৰনাথ গোস্বামী জীৱনী | Jitendra Nath Goswami Biography

নাম (Name)জিতেন্দ্ৰ নাথ গোস্বামী (Jitendra Nath Goswami[1])
জন্ম চন (Date of Birth)১৮ নৱেম্বৰ, ১৯৫০ (18th November, 1950)
জন্ম স্থান (Place of Birth)যোৰহাট, অসম (Jorhat, Assam)
বয়স (Age)৭০ বছৰ (70 Years)
শিক্ষা (Education)• যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক
• বহুমুখী বালক বিদ্যালয়
• কটন মহাবিদ্যালয়
• গুৱাহাটী বিশ্ববিদ্যালয়
• টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্ছ
• গুজৰাট বিশ্ববিদ্যালয়                  
বঁটা / সন্মান (Awards)১) ভাৰতীয় জাতীয় বিজ্ঞান একাডেমি (INSA)-ৰ যুৱ বিজ্ঞানী বঁটা (১৯৭৮)
২) নাছাৰ পাব্লিক চাৰ্ভিচ গ্ৰুপ এচিভমেণ্ট বঁটা (১৯৮৬)
৩) শান্তি স্বৰূপ ভটনাগৰ বঁটা (১৯৯৪)
৪) বিজ্ঞান আৰু প্ৰযুক্তিৰ কমল কুমাৰী বঁটা (২০০৩)
৫) এছিয়া অ’চেনিয়া জিঅ’ছায়েঞ্চ ছ’চাইটীৰ ‘এক্সফ’ৰ্ড’ বঁটা (২০১৪)
৬) অসম ৰত্ন (২০১৫),
৭) পদ্মশ্ৰী (২০১৭)

Also Read: জীৱনী: গুণাৰাম খনিকৰ- অসমৰ প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ | Gunaram Khanikar Biography

জিতেন্দ্ৰনাথ গোস্বামী প্ৰাৰম্ভক জীৱন | Jitendra Nath Goswami Early Life

যোৰহাটৰ এটা শৈক্ষিক সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ড০ জিতেন্দ্ৰনাথ গোস্বামী (Dr.Jitendra Nath Goswami) সৰুৱে পৰা পৰিচয় দিছিল নিজৰ মেধা সম্পন্ন গুণৰ। সেই সময়ত ষষ্ঠ শ্রেণীৰ বৃত্তি পৰীক্ষাৰ ফলাফলত শ্রেণীত বৃত্তি পোৱা একমাত্ৰ ছাত্ৰ আছিল গোস্বামী। যোৰহাটতেই শিক্ষা জীৱন আৰম্ভ কৰা গোস্বামীয়ে ১৯৬৫ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানক মূল বিষয় হিচাপে লৈ স্নাতক শাখাত নামভৰ্তি কৰিছিল গোস্বামীয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত  পি. এইচ. ডি.ৰ বাবে নামভৰ্তি কৰিছিল। ইয়াৰ সমান্তৰালকৈ স্নাতকোত্তৰ মহলাৰ গৱেষক ছাত্ৰ হিচাপে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত গৱেষণাৰ কাম আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৮ চনত পি এইচ ডি ডিগ্ৰী লাভ কৰে। বিজ্ঞানৰ প্ৰতি তেওঁক আকৰ্ষিত হোৱাৰ এটা অন্যতম কাৰণ আছিল তেখেতৰ খুৰাক স্বৰ্গীয় ত্ৰৈলোক্য গোস্বামী(জে বি কলেজৰ অধ্যাপক তথা পৰৱৰ্তী সময়ত তিনিচুকীয়া কলেজৰ অধ্যক্ষ) ভূমিকা। খুৰাকৰ লগতে গোস্বামীৰ জীৱনত তেওঁৰ শিক্ষাগুৰু সকলৰ অনবদ্য ভূমিকা আছিল। গুৰুত্বপূৰ্ণ কথা যে গোস্বামীয়ে Science Talent Scholarship ৱো লাভ কৰিছিল।

জীৱনৰ কীৰ্তিস্তম্ভ | Achievements

ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পৰৱৰ্তী সময়ত তেওঁ গৱেষণাৰ কাম কৰিছিল কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ৱাশ্বিংটন বিশ্ববিদ্যালয়, হা’ষ্টন লুনাৰ এণ্ড প্লেনেটৰী ইনষ্টিটিউত আৰু মেক্স-প্লাংক ইনষ্টিটিউটকে আদি কৰি বিভিন্ন প্ৰতিষ্ঠানত।  গোস্বামীৰ গৱেষণাৰ মূল বিষয় আছিল সৌৰজগত অধ্যয়ন আৰু জ্যোতিপদাৰ্থ বিজ্ঞান। সৌৰজগত সৃষ্টিৰ সময়ত 26Al নিউক্লাইড কণাই শক্তিৰ উৎসৰ হিচাপে কাম কৰিছিল বুলি প্ৰমাণ কৰি দেখুওৱাৰ লগতে আন বহুতো গুৰুত্বপূৰ্ণ তথ্য ডাঙি ধৰিছিল গোস্বামীৰ লগতে আন আন সহযোগী বিজ্ঞানীসকলে।

এইসমূহৰ ওপৰিও গোস্বামীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ ফলাফল ডাঙি ধৰিছে  মহাজাগতিক ৰশ্মি, টেকটনিক প্লেট আদিৰ সম্পৰ্কত। তেওঁ ২০০৪-০৭ বৰ্ষত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ গ্ৰহ বিজ্ঞান আৰু এক্সপ্ল’ৰেচন প্ৰকল্পৰ প্ৰাৰম্ভিক পৰ্যায়ত তত্বাবধায়কৰ ভূমিকাও পালন কৰিছিল। ইয়াৰ লগতে গোস্বামীয়ে মহাকাশযান স্পেচলেব-৩ ত হোৱা ভাৰতীয় মহাজাগতিক ৰশ্মি পৰীক্ষাৰ সহঃযোগী তত্বাবধায়ক আৰু চান্দ্ৰ নমুনা (Lunar Samples)ৰ মুখ্য তত্বাবধায়ক ৰূপেও দায়িত্ব পালন কৰিছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO’)ৰ দ্বাৰা উৎক্ষেপিত Mars Orbiter Missionৰ এজন অন্যতম উপদেষ্টা আছিল এইজন অসম সন্তান। অন্যহাতে 

ভাৰতীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ সভাপতি হিচাপেও ২০০৭ বৰ্ষত নিৰ্বাচিত হৈছিল জিতেন্দ্ৰ নাথ গোস্বামী। বৰ্তমান গোস্বামী আহমেদাবাদৰ ফিজিকেল ৰিচার্ছ লেবৰেটৰিৰ সঞ্চালকৰ দায়িত্বত থকাৰ লগতে ইছৰোৰ সৈতেও জড়িত হৈ আছে। অন্যহাতে ড° গোস্বামী    দ্য ৱৰ্ল্ড একাডেমি অৱ ছায়েন্স, ইণ্ডিয়ান একাডেমি অৱ ছায়ে্ন্সেছ, ইউৰোপিয়ান এছ’চিয়েশ্যন অৱ জিঅʼকেমিষ্ট্ৰি আদি বিভিন্ন সংস্থাৰো সন্মানীয় সদস্য।

Also Read: জীৱনী: কুইন ওজা | Biography of Queen Oja

গোস্বামীৰ লগতে আন দুই এজন বিজ্ঞানীয়ে পোন প্ৰথমে এপল’ মিছনৰ সময়ত চন্দ্ৰৰ পৰা অনা শিল আৰু ধূলিত থকা মহাজাগতিক ৰশ্মিকণাৰ অনুসন্ধান কৰিছিল। এইবোৰ কাৰণৰ লগতেই চন্দ্ৰৰ ওপৰত কাম কৰাৰ আগ্রহৰ বাবেই ১৯৯০ চনৰ পৰাই তেওঁলোকে এই বিষয়ত এলানি আলোচনা-চক্র প্রতি বছৰে পাতিছিল। যাৰ পৰিণতিত ২০০৮ চনত এই মিছনটো সম্ভৱ হৈ উঠিছিল। 

এই মহাকাশযান চন্দ্ৰৰ কক্ষপথত সফলভাবে প্ৰৱেশ কৰিছিল ২০০৮ চনৰ ৮ নৱেম্বৰত। চন্দ্ৰযান-১ ৰ প্রযুক্তিগত লক্ষ্য আছিল চন্দ্ৰলৈ যাত্রা কৰি আৰু তাৰ চাৰিওফালে প্রদক্ষিণ কৰাৰ লগতে বৈজ্ঞানিক, অর্থাৎ চন্দ্রপৃষ্ঠৰ অনুসন্ধান কৰি পোৱা সবিশেষ তথ্য পৃথিবীবাসীক যাতে জনোৱাৰ। এই চন্দ্রাযান-১‌ ৰ প্ৰধান সফলতা আছিল চন্দ্ৰত প্রথমবাৰৰ কাৰণে পানী আৱিষ্কাৰ কৰা।

চন্দ্রায়ান-১ ৰ লগতে মংগল অভিযানতো জড়িত আছিল বিজ্ঞানী জিতেন্দ্ৰ নাথ গোস্বামী। ২০১০ চনৰ পৰাই মংগল অভিযানৰ গবেষণা আৰম্ভ হৈছিল। প্রথম পদক্ষেপতে মংগল অভিযান সফল হৈছিল। তেওঁলোকৰ মংগল-যানখনে মংগল গ্ৰহৰ চাৰিওফালে সক্ষমতাৰে পৰিভ্ৰমণ কৰিছিল। উল্লেখ্য যে এইটোৱে আছিল পৃথিৱীৰ প্রথম অভিযান য’ত মংগলৰ চাৰিওফালে পৰিভ্ৰমণ কৰাত একেবাৰতে কৃতকার্য লাভ কৰিছিল। মংগলয়ান’ত ব্যৱহৃত pay load সমূহ থলুৱাভাৱে নির্মিত কৰা হৈছিল।মঙ্গলযানৰ মৌলিক উদ্দেশ্য আছিল দেশীয় বৈজ্ঞানিক আহিলা ব্যৱহাৰ কৰি মঙ্গলগ্ৰহৰ পৃষ্ঠভাগৰ সংৰচনা, গ্ৰহটোৰ গঠন, অবয়ব ইত্যাদি আৰু খনিজ পদাৰ্থ আদিৰ বিষয়ে অধ্যয়ন কৰা। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা সফলতাৰে মংগলযানক পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হয় ২০১৩ চনৰ ৫ নৱেম্বৰত। এই মংগল অভিযানত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ বাবে ৫টা আহিলা আছিল। মংগলযান হ’ল ভাৰতৰ প্ৰথম আন্তঃগ্ৰহীয় অভিযান আৰু ISRO হ’ল মঙ্গল গ্ৰহলৈ পৃথিৱীৰ চতুৰ্থটো মহাকাশ সংস্থা।

চন্দ্ৰযান-১ ৰ লগতে চন্দ্ৰযান-২ ৰ সফল উক্ষেপণ; অভিযানৰো অংশীদাৰ আছিল অসমীয়া বিজ্ঞানী ড০ জিতেন্দ্ৰ নাথ গোস্বামী। ২০১৯ চনৰ ২২ জুলাই তাৰিখে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই দুপৰীয়া ২ বাজি ৪৩ মিনিটত শ্ৰহৰি কোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা ভাৰতৰ দ্বিতীয় চন্দ্ৰলৈ অভিযান ‘চন্দ্ৰযান-২’ সফলভাৱে উক্ষেপণ কৰিছিল। ‘ইছৰো’ৰ দ্বাৰা সফলভাৱে আৰম্ভ হোৱা চন্দ্ৰযান-২ মিছনত উপদেষ্টা সঞ্চালক হিচাপে জড়িত হৈ আছিল অসমৰ গৌৰৱ মহাকাশ বিজ্ঞানী  ড০ জিতেন্দ্ৰনাথ গোস্বামী। চন্দ্ৰযান-২ পৃথিৱীৰ কক্ষপথলৈ উক্ষেপন কৰা হৈছিল শ্ৰীহৰিকোটা স্পেছ চেন্টাৰৰ পৰা ‘বাহুৱলী’ নামাকৰণ কৰা GSLV-MKlII-M1 ৰকেটৰ সহায়ত। 

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই উক্ষেপন কৰা চন্দ্ৰযান-২ খনে প্ৰায় ৩,৮৪,৪০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি চন্দ্ৰৰ দক্ষিণ প্ৰান্তত প্ৰৱেশ কৰিছিল। চন্দ্ৰযান-২ জৰিয়তে চন্দ্ৰৰ দক্ষিণ প্ৰান্তলৈ অভিযান চলোৱা বিশ্বৰ প্ৰথমখন দেশ আছিল ভাৰতবৰ্ষ। উল্লেখ্য যে এই অভিযানত মুঠ ব্যয় হৈছিল ৯৭৮ কোটি টকা। চন্দ্ৰযান-২’ৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল জেষ্ঠ মহাকাশ বিজ্ঞানী জিতেন্দ্ৰ নাথ গোস্বামীয়ে। ইতিবাচক কথা যে,চন্দ্ৰযান-২ লগত জিতেন্দ্ৰ নাথ গোস্বামীয়ে নহয় আন দুজন অসমৰে সন্তান  দীপক কুমাৰ দাস আৰু হিদাম ৰাজীৱ সিঙে ক্ৰমে ইছৰোৰ স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ সঞ্চালক আৰু প্ৰডাকশ্যন ষ্টেজৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল।

উত্তৰ-পূবত মহাকাশ বিজ্ঞানৰ অধ্যয়নৰ বাবে আগবাঢ়িব যোৱাৰ সন্দৰ্ভত গোস্বামীৰ মত হ’ল- মহাকাশ বিজ্ঞানৰ প্রতি ছাত্র-ছাত্ৰীৰ আকর্ষণ বঢ়োৱাৰ ওপৰত পৰিকল্পনা কৰাটো অতিকৈ প্ৰয়োজন। উল্লেখ্য যে শ্বিলঙত North-East Space Application Centre (NESAC) বুলি ISROৰ এটা অনুষ্ঠানৰ জৰিয়তে Satellite Remote Sensingৰ সকলো স্তৰতে তথ্য বিশ্লেষণৰ প্রশিক্ষণ দিয়া হয়। অৱশ্যে এই বিষয়ত এতিয়াও বিশেষ বলিষ্ঠ পদক্ষেপ সুদূৰপ্ৰসাৰী ব্যৱস্থা ল’ব  ছাত্র-ছাত্রীৰ সহায়ক হোৱাকৈ লোৱা হোৱা নাই তথাপিও B.Sc./B.Tech levelত এটা বা দুটা পাঠ্যক্রম আৰম্ভ কৰিলে গোস্বামীৰ মতে ইচ্ছুক বিদ্যার্থীয়ে এই বিষয়ে কলেজত থাকোঁতেই কিছু আভাস পাব পাৰে। তেওঁৰ মতে শিক্ষাৰ্থীসকলে এই বিষয়ত guidance ISROৰ Indian Institute of Science & Technology ৰ পৰাও ল’ব পাৰে।

গোস্বামীৰ মতে ছাত্ৰ-ছাত্ৰী সকলে নিজৰ মনত যি বিষয়তে পঢ়া বা কাম কৰাৰ ইচ্ছা থাকে সেইটোৱেই কৰা উচিত। কিন্তু এনে এটা বাছনি কৰাৰ আগতে চিন্তা কৰিব লাগে যে ইয়াৰ বাবে নিজৰ সম্যক জ্ঞান আৰু অনুভূতি আছেনে নাই। অৱশ্যে গোস্বামীৰ মতে এই সন্দৰ্ভত সকলো কথা পুংখানুপুংখ ভাৱে আলোচনা,বিশ্লেষণ তথা পৰামৰ্শ গ্ৰহণ কৰিবৰ বাবে এজন Mentor ৰ প্রয়োজন। 

বিগত সময়ছোৱাত নাছাৰ পাব্লিক ছার্ভিচ গ্রুপ অৱ এচিভমেণ্ট এৱার্ড শান্তি স্বৰূপ ভাটনাগৰ এৱার্ড, কমল কুমাৰী ৰাষ্ট্রীয় বঁটা, অক্সফ’র্ড এৱার্ডৰ লগতে অসমৰত্ন সন্মানেৰে সন্মানিত হোৱাৰ লগতে ২০১৭ বৰ্ষত বিজ্ঞান তথা ইঞ্জিনিয়াৰিং ক্ষেত্রত আগবঢ়োৱা অৱদানৰ বাবে ড° জিতেন্দ্রনাথ গোস্বামীলৈ আগবঢ়োৱা হৈছিল পদ্মশ্রী সন্মান। 

Also Read: জীৱনী: নোমল চন্দ্ৰ বৰা- অসমৰ চিকিৎসা জগতৰ তাৰকা | Nomal Chandra Borah Biography

সামৰণি | Conclusion

ড০ জিতেন্দ্ৰনাথ গোস্বামী (Jitendra Nath Goswami)-ৰ দৰে অসম সন্তানে চন্দ্ৰাযান” বা ‘‘মংগলাযানৰ” দৰে ইতিহাস ৰচিব পৰা মহাকাশ অভিযানত ওতপ্ৰোতভাৱে জড়িত হৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ আন এক জোৱাৰ আনি  ভাৰতবাসীৰ বাবে প্ৰগতিৰ জয়গান গোৱাত অৰিহণা যোগোৱাটো এটা ইতিবাচক খবৰেই নহয় ই হ’ল অসমৰ নৱ-প্ৰজন্মই অনুকৰণ আৰু অনুসৰণ কৰিব লগীয়া এটা পথ। চন্দ্ৰযান-১, মংগল-যান, চন্দ্ৰযান- ২ ৱেই নহয় ড° জিতেন্দ্ৰ নাথ গোস্বামীৰ লগতে তেওঁৰ সহযোগীসকলে সৌৰ জগতৰ জন্মত যে আন এটা প্ৰতিবেশী নক্ষত্ৰ বিস্ফোৰণৰ অৱদান আছে ,এই বিষয়ে নতুন মতবাদ প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁলোকে পিপলিয়া কালান উল্কাৰ বিশ্লেষণ কৰাৰ লগতে আন বহুতো তথ্য উদ্ঘাটন কৰিছিল।

বিভিন্ন সময়ত অসমৰ সন্তানে বিশ্ব দৰবাৰত অসমৰ নাম প্ৰজ্জ্বোলিত কৰিছে। বিভিন্ন সময়ত অসম সন্তানে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত দক্ষতা দেখুৱাবলৈ সক্ষম হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ক্ষেত্ৰখনত সুকীয়া মৰ্যাদা লাভ কৰা অসমীয়াৰ ভিতৰত এটা উল্লেখযোগ্য নাম হৈছে ড° জিতেন্দ্ৰ নাথ গোস্বামী। ঐতিহ্যমণ্ডিত যোৰহাটত জন্ম লাভ কৰা এইজন অসম সন্তান কেৱল অসমৰৰেই নহয় সমগ্ৰ ভাৰতৰ বাবে এটা চিনাকি নাম। গোস্বামী হ’ল অসমবাসীৰ গৌৰৱ।

Also Read: জীৱনী: দিপাংকৰ ভট্টাচাৰ্য | Biography of Dipankar Bhattacharjee

FAQ

১) জিতেন্দ্ৰনাথ গোস্বামী (Jitendra Nath Goswami) কোন হয়?

উঃ- মহাকাশৰ বুকুত ইতিহাস ৰচা চন্দ্ৰযান-২ (Chandrayaan-2) সৈতে জড়িত এজন অসমীয়া বিজ্ঞানী আছিল জিতেন্দ্ৰনাথ গোস্বামী। কেৱল চন্দ্ৰযান-২ নহয়, ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ (Chandrayaan-1) ৰ মুখ্য বিজ্ঞানী হোৱাৰ সমান্তৰালকৈ  এই অভিযানৰ পৰিকল্পনা আৰু ৰূপায়নতো এইজন অসম সন্তানৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। 

২) জিতেন্দ্ৰনাথ গোস্বামীৰ বয়স কিমান?

উঃ- ৭০ বছৰ।

৩) জিতেন্দ্ৰনাথ গোস্বামীৰ জন্ম কʼত হৈছিল?

উঃ- অসমৰ যোৰহাট জিলাত।

৪) জিতেন্দ্ৰনাথ গোস্বামীয়েঅসম ৰত্ন’ বঁটা কেতিয়া পাইছিল?

উঃ- ২০১৫ চনত।

৫) জিতেন্দ্ৰনাথ গোস্বামীক ‘পদ্মশ্ৰী’ সন্মান কিয় দিয়া হৈছিল?

উঃ- বিজ্ঞান তথা ইঞ্জিনিয়াৰিং ক্ষেত্রত আগবঢ়োৱা অৱদানৰ বাবে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top