ড° ৰাজেন্দ্ৰ প্ৰসাদ জীৱনী – স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি | Rajendra Prasad Biography

ড° ৰাজেন্দ্ৰ প্ৰসাদ | Rajendra Prasad Essay in Assamese | Biography of Rajendra Prasad in Assamese | ড° ৰাজেন্দ্ৰ প্ৰসাদ বিষয়ে জীৱনী | ড° ৰাজেন্দ্ৰ প্ৰসাদ বিষয়ে ৰচনা | ড° ৰাজেন্দ্ৰ প্ৰসাদৰ চমু পৰিচয়।

Join Telegram channel

যিসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু দেশ প্ৰেমৰ ফলশ্রুতিত ভাৰতবৰ্ষ এখন আধুনিক, শক্তিশালী দেশ হিচাপে গঢ় লৈ উঠিছে তাৰ ভিতৰত এজন অন্যতম ব্যক্তি হ’ল ড° ৰাজেন্দ্ৰ প্ৰসাদ (Dr. Rajendra Prasad)। স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পৰৱৰ্তী সময়ত বিভিন্ন প্ৰত্যাহ্বানৰ সম্মুখীন হৈও ভাৰতক এখন শক্তিশালী ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিল ড° ৰাজেন্দ্ৰ প্ৰসাদে। 

ড° ৰাজেন্দ্ৰ প্ৰসাদ

ড° ৰাজেন্দ্ৰ প্ৰসাদ জীৱনী | Dr. Rajendra Prasad Biography

নামড° ৰাজেন্দ্ৰ প্ৰসাদ (Dr. Rajendra Prasad[1])
জন্ম চন৩ ডিচেম্বৰ, ১৮৮৪ চন
জন্ম স্থানজীৰাদেঈ গাওঁ, সাৰণ জিলা, বিহাৰ
পৰিয়ালপিতৃৰ নাম- মুঞ্চি মহাদেউ সহায়
মাতৃৰ নাম- কমলেশ্বৰী দেৱী
শিক্ষা১) প্ৰেছিডেন্সী কলেজ, কলিকতা
২)  ৰিপন কলেজ (বৰ্তমান সুৰেন্দ্ৰ নাথ আইন মহাবিদ্যালয়), কলিকতা      
বঁটা১) ভাৰত-ৰত্ন বঁটা (১৯৬২)
২) এলাহাবাদ বিশ্ববিদ্যালয়ৰ এল-এল-ডি উপাধি
৩) পাটনা, কাশী আৰু আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ
মৃত্যু ২৮ ফ্ৰেব্ৰুৱাৰী, ১৯৬৩ চন

Also Read: জীৱনী: এ.পি.জে. আব্দুল কালাম – মিছাইলমেন | A. P. J. Abdul Kalam

ড° ৰাজেন্দ্ৰ প্ৰসাদ প্ৰাৰম্ভিক জীৱন

বিহাৰৰ সাৰণ জিলাৰ জিৰাদেঈ গাওঁৰ এটা কায়স্থ পৰিয়ালত ১৮৮৪ চনৰ ৩ ডিচেম্বৰ তাৰিখে ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল- মুঞ্চি মহাদেউ সহায় আৰু মাতৃৰ নাম আছিল- কমলেশ্বৰী দেৱী।ৰাজেন্দ্ৰ প্ৰসাদৰ পিতৃ মুঞ্চি মহাদেউ সহায় সংস্কৃত আৰু পাৰ্চী ভাষা দুয়োটা ভাষাৰ দখল থকাৰ বিপৰীতে তেওঁৰ মাতৃ কমলেশ্বৰী দেৱী আছিল এগৰাকী ভক্ত প্ৰাণ মহিলা। এটা শৈক্ষিক পৰিৱেশৰ মাজত ডাঙৰ হোৱা ৰাজেন্দ্ৰ প্ৰসাদে আছিল সৰুৱে পৰা নিজৰ মেধাৰ পৰিচয় দিছিল।

শিক্ষা

এজন মৌলবীৰ তত্বাবধানত ঘৰতে প্ৰাথমিক শিক্ষা আৰম্ভ কৰা ৰাজেন্দ্ৰ প্ৰসাদে আনুষ্ঠানিক শিক্ষা চাপ্ৰা জিলাৰ এখন বিদ্যালয়ত আৰম্ভ কৰিছিল ৯ বছৰ বয়সত। ইয়াৰ পৰৱৰ্তী সময়ত পাটনাৰ পাটনাৰ টি কে ঘোষৰ একাডেমীত শিক্ষা গ্ৰহণ কৰা ৰাজেন্দ্ৰ প্ৰসাদে ১৯০২ চনত কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ লগতে শিক্ষা বৃত্তিও লাভ কৰি কলিকতাৰ প্ৰেচিডেন্সি কলেজত বিজ্ঞান বিভাগত নামভৰ্তি কৰে। ১৯০৪ চনত এফ এ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পৰৱৰ্তী সময়ত ১৯০৫ চনত ৰাজেন্দ্ৰ প্ৰসাদে প্ৰথম শ্ৰেণীত স্নাতক ডিগ্ৰী লাভ কৰে। গুৰুত্বপূৰ্ণ কথা যে স্নাতক ডিগ্ৰী লাভ কৰাৰ পৰৱৰ্তী সময়ত ৰাজেন্দ্ৰ প্ৰসাদে কলা শাখাত অধ্যয়নৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ১৯০৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 

কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰত সময়ত Eden Hindu Hostel-ত ভাতৃৰ সৈতে বাস কৰা ৰাজেন্দ্ৰ প্ৰসাদ সেই সময়ত Dawn Society ৰো সক্ৰীয় সদস্য আছিল। কিন্তু গুৰুত্বপূৰ্ণ কথা যে, অধ্যয়নৰ লগতে পৰিয়ালৰ প্ৰতিও প্ৰচুৰ কৰ্তব্য আৰু দায়িত্ববোধ থকা ৰাজেন্দ্ৰ প্ৰসাদে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবৰ বাবেই Servants of India society ত যোগদান কৰা নাছিল। কাৰণ সেই সময়ত ৰাজেন্দ্ৰ প্ৰসাদৰ মাতৃয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ লগতে তেখেতৰ ১৯ বছৰীয়া ভগ্নীয়ে অকাল বৈধ্যৱৰ বাবে ঘৰলৈ উভতি আহিব লগা হোৱাকে ধৰি বিভিন্ন প্ৰত্যাহ্বানৰ মুখামুখি হ’ব লগা হৈছিল তেওঁ।

পৰিয়ালৰ লগতে সমাজৰ প্ৰতিও দায়বদ্ধ ৰাজেন্দ্ৰ প্ৰসাদে ১৯০৬ চনত পাটনা মহাবিদ্যালয়ত বিহাৰী ছাত্ৰ সন্মিলন গঠন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে চম্পাৰণ আন্দোলন, অসহযোগ আন্দোলনত সক্ৰীয় ভূমিকা পালন কৰা অনুগ্ৰহ নাৰায়ণ সিংহা, কৃষ্ণ সিঙৰ দৰে নেতা সৃষ্টি কৰাত এই বিহাৰী ছাত্ৰ সন্মিলনৰ বৰঙণি আছে। উল্লেখ্য যে এই ছাত্ৰ সন্মিলনে বিহাৰৰ উল্লেখনীয় ভাৱে ৰাজনৈতিক নেতৃত্ব দিবলৈ সক্ষম হৈছিল। 

কৰ্মজীৱন

আনুষ্ঠানিক শিক্ষা অন্ত পেলোৱাৰ পৰৱৰ্তী সময়ত ৰাজেন্দ্ৰ প্ৰসাদে শিক্ষক হিচাপে নিজৰ বৃত্তিগত জীৱন আৰম্ভ কৰিছিল। বিহাৰৰ মুজাফাপুৰৰ Langat Singh College-ত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাজেন্দ্ৰ প্ৰসাদে কলকাতাৰ ৰিপন কলেজ (বৰ্তমান সুৰেন্দ্ৰ নাথ আইন মহাবিদ্যালয়)-ত আইনী শিক্ষা আহৰণ কৰিবলৈ লোৱাৰ বাবে সাময়িকভাৱে শিক্ষকতা বৃত্তি ত্যাগ কৰিছিল যদিও আইন শিক্ষা গ্ৰহণ কৰাৰ সমান্তৰালকৈ ১৯০৯ চনত কলিকতাৰ চিটি কলেজত অৰ্থনীতিৰ অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

১৯১৫ চনত ৰাজেন্দ্ৰ প্ৰসাদে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আইন বিভাগৰ পৰা সোণৰ পদক সহ: স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯১৬ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছত বিহাৰ আৰু উৰিষ্যাৰ উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰেচম চহৰ হিচাপে খ্যাত বিহাৰৰ ভগলপুৰতো আইনৰ অনুশীলন কৰিছিল। ইয়াৰ ওপৰিও ড° ৰাজেন্দ্ৰ প্ৰসাদ পাটনা বিশ্ববিদ্যালয়ৰ চিনেট আৰু চিণ্ডিকেটৰ প্ৰথম সদস্য হিচাপে নিৰ্বাচিত হৈছিল।

Also Read: জীৱনী: বৰাহগিৰি ভেংকট গিৰি – ভাৰতীয় স্বাধীনতা সংগ্ৰামী | Varahagiri Venkata Giri

স্বাধীনতা আন্দোলন

সমাজ হৈতেষী মনৰ অধিকাৰী ড° ৰাজেন্দ্ৰ প্ৰসাদে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতে সূচনা কৰা স্বাধীনতা আন্দোলনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেখেতে ১৯১১ চনত কলিকতাত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনতে কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে জাতিৰ পিতা হিচাপে অভিহিত মহাত্মা গান্ধীৰ আদৰ্শ, সততা,নিষ্ঠাৰ প্ৰতি প্ৰৱল ভাৱে অনুপ্ৰাণিত হোৱা ৰাজেন্দ্ৰ প্ৰসাদে অধিবক্তাৰ দৰে এটা সন্মান জনক বৃত্তি তথা বিশ্ববিদ্যালয়ৰ কৰ্তব্যৰ‌ পৰা অব্যাহতি গ্ৰহন কৰি স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল। উল্লেখ্য যে মহাত্মা গান্ধীৰ নেতৃত্বৰ প্ৰতি বিশ্বাসী ৰাজেন্দ্ৰ প্ৰসাদে সেই সময়ত গান্ধীৰ বিদেশী বস্তু বৰ্জন ত্যাগ আন্দোলনৰ প্ৰতি সহাঁৰি জনাই তেওঁৰ পুত্ৰ মৃত্যুঞ্জয় প্ৰসাদক পশ্চিমীয়া শৈক্ষিক প্ৰতিষ্ঠান বৰ্জন কৰি পৰম্পৰাগত ভাৰতীয় শিক্ষা প্ৰতিষ্ঠান বিহাৰ বিদ্যাপীঠত নাম ভৰ্তি কৰাই দিয়ে। 

ভাৰতৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ বদ্ধপৰিকৰ ৰাজেন্দ্ৰ প্ৰসাদে সেই সময়ত আন্দোলনৰ বিভিন্ন কাৰ্যসূচী সমূহত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰি স্বাধীনতা আন্দোলনৰ নীতি সমূহ সাধাৰণ জনতাৰ সন্মুখত বক্তৃতা, লিখনিৰ জৰিয়তে স্পষ্ট ভাৱে দাঙি ধৰাৰ প্ৰয়াস কৰিছিল। উল্লেখ্য যে ১৯১৪ চনত বিহাৰ আৰু বেংগলত বানপানীয়ে কাল ৰূপ ধাৰণ কৰাৰ সময়ত বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

১৯৩৪ চনত জাতীয় কংগ্ৰেছৰ বোম্বে অধিৱেশনত ৰাজেন্দ্ৰ প্ৰসাদ প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৩৯ চনত সুভাষ চন্দ্ৰ বসুৱে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পৰৱৰ্তী সময়ত ৰাজেন্দ্ৰ প্ৰসাদেই কংগ্ৰেছৰ‌ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে জাতীয় কংগ্ৰেছে ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে বোম্বাইত ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত কৰে যাৰ পৰিপ্ৰেক্ষিতত ব্ৰিটিছে স্বাধীনতা আন্দোলনত সক্ৰীয় ভূমিকা পালন কৰা অধিসংখ্যক নেতাক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে ৰাজেন্দ্ৰ প্ৰসাদকো ব্ৰিটিছে পাটনাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সূচনা কৰা বাবে ৰাজেন্দ্ৰ প্ৰসাদে এক দীঘলীয়া সময় অৰ্থাৎ প্ৰায় তিনি বছৰ কাল কাৰাবন্দীত্বৰ জীৱন অতিবাহিত কৰাৰ পিছত ১৯৪৫ চনৰ ১৫ জুন তাৰিখে মুক্তি লাভ কৰে।

Also Read: জীৱনী: সৰোজনী নাইডু- ভাৰতীয় নাইটিংগেল | Sarojini Naidu

ৰাজনৈতিক জীৱন

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী সময়ত জৱাহৰলাল নেহৰুৰ নেতৃত্বাধীন অন্তৰ্ৱতী কালিন চৰকাৰ গঠন হোৱাৰ পিছত ড° ৰাজেন্দ্ৰ প্ৰসাদে খাদ্য আৰু কৃষি দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে ৰাজেন্দ্ৰ প্ৰসাদে সংবিধান সভাৰ সভাপতি হিচাপেও ১৯৪৬ চনত কাৰ্যনিৰ্বাহ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ১৯৪৭ চনৰ ১৭ নৱেম্বৰত জাতীয় কংগ্ৰেছৰ জে বি কৃপালানীয়ে পদত্যাগ পত্ৰ দিয়াত ৰাজেন্দ্ৰ প্ৰসাদেই তৃতীয়বাৰৰ বাবে কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পালন কৰি কংগ্ৰেছক এক সঠিক পথৰ নিদেৰ্শনা দিবলৈ সক্ষম হৈছিল।

স্বাধীনতা আন্দোলনত সক্ৰীয় ভূমিকা পালন কৰা,  প্ৰচুৰ মেধা সম্পন্ন তথা শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী ৰাজেন্দ্ৰ প্ৰসাদ সাৰ্বভৌম ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে। ভাৰতৰ দৰে সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্যৰ ৰাষ্ট্ৰপতি হিচাপে বিদেশী ৰাষ্ট্ৰ সমূহৰ সৈতে কুটনৈতিক সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৫২ চন আৰু ১৯৫৭ চনতো একেৰাহে আকৌ দুটা কাৰ্যকালৰ বাবে ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হৈছিল। দীৰ্ঘসময়ৰ বাবে ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈ থকা ৰাজেন্দ্ৰ প্ৰসাদ হ’ল একমাত্ৰ ভাৰতীয়। সংবিধানৰ পদমৰ্যাদা বৰ্তাই ৰাখি ভাৰতীয় ৰাজনীতিত এক নতুন ধাৰাৰ সূচনা কৰিছিল ড° ৰাজেন্দ্ৰ প্ৰসাদে। তেখেতে ভাৰতত শিক্ষাৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। প্ৰায় ১২ বছৰ কাল ৰাষ্ট্ৰপতিৰ পদত কাৰ্যনিৰ্বাহ কৰা ৰাজেন্দ্ৰ প্ৰসাদে ১৯৬২ চনত দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰি পাটনালৈ উভতি আহে। 

দেশৰ কোটি কোটি জনতাৰ মাজত ৰাজেন্দ্ৰ বাবু বুলি পৰিচিত ড॰ ৰাজেন্দ্ৰ প্ৰসাদক ১৯৬২ চনত ভাৰত চৰকাৰে তেওঁৰ নিষ্ঠা আৰু চৰম ত্যাগৰ দেশ সেৱাৰ বাবে শ্ৰেষ্ঠ অসামৰিক সন্মান ভাৰত-ৰত্ন উপাধিৰে বিভূষিত কৰি সন্মানিত কৰিছিল।

Also Read: জীৱনী: মহাত্মা গান্ধী- জাতিৰ পিতা | Mahatma Gandhi

সাহিত্যৰাজি

স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ, অধিবক্তা হিচাপে জনপ্ৰিয় ড° ৰাজেন্দ্ৰ প্ৰসাদে সাহিত্যিক আৰু সাংবাদিক হিচাপেও জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেখেতে চাৰ্চলাইট আৰু দেশ নামৰ হিন্দী বাতৰি কাকত প্ৰকাশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ বাহিৰেও ড° ৰাজেন্দ্ৰ প্ৰসাদৰ ১৯৪৬ চনত আত্মজীৱনীমূলক গ্ৰন্থ আত্মকথা প্ৰকাশ পায়। ইয়াৰ ওপৰিও তেখেতৰ প্ৰকাশিত আন আন গ্ৰন্থ সমূহ হ’ল- India divide (১৯৪৬), Mahatma Gandhi and Bihar, Some Reminiscences (১৯৪৯), Satyagraha in Champaran, Universe and Life ইত্যাদি।

Also Read: জীৱনী: লালবাহাদুৰ শাস্ত্ৰী – স্বাধীন ভাৰতৰ দ্বিতীয় জন প্ৰধান মন্ত্ৰী | Lal Bahadur Shastri

সামৰণি

ড° ৰাজেন্দ্ৰ প্ৰসাদৰ ৰাজনৈতিক সততা, প্ৰমূল্যবোধ , শক্তিশালী ব্যক্তিত্ব, আদৰ্শ নতুন প্ৰজন্মৰ মাজত সদায় চিৰ উজ্জীৱিত হৈ থাকিব। অধিবক্তা, ৰাজনীতিবিদ, সাহিত্যৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে সমাদৃত ৰাজেন্দ্ৰ প্ৰসাদৰ বৌদ্ধিক দৃষ্টিভংগী,কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো সকলোৰে মাজত জনপ্ৰিয় তথা বৰ্তমানো ড° ৰাজেন্দ্ৰ প্ৰসাদৰ চিন্তাৰ প্ৰাসংগিকতা আছে। সমাজ জীৱনলৈ অফুৰন্ত অৱদান আগবঢ়াই থৈ যোৱা ড° ৰাজেন্দ্ৰ প্ৰসাদে মৃত্যু বৰণ কৰে ১৯৬৩ চনৰ ২৮ ফ্ৰেব্ৰুৱাৰী তাৰিখে।

Also Read: জীৱনী: জৱাহৰলাল নেহৰু – স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী | Jawaharlal Nehru

FAQ

১) ৰাজেন্দ্ৰ প্ৰসাদ কোন আছিল?

উঃ- ড° ৰাজেন্দ্ৰ প্ৰসাদ স্বাধীনতা সংগ্ৰামী তথা স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি আছিল।

২)  ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম কʼত হৈছিল? 

উঃ- জীৰাদেঈ গাওঁ, সাৰণ জিলা, বিহাৰ।

৩) ৰাজেন্দ্ৰ প্ৰসাদে কৰ্মজীৱন কেনেকৈ আৰম্ভ কৰিছিল?

উঃ- শিক্ষক ৰূপে।

৪) ৰাজেন্দ্ৰ প্ৰসাদক ভাৰতৰত্ন বঁটা কেতিয়া দিয়া হৈছিল? 

উঃ- ১৯৬২ চনত।

৫) ৰাজেন্দ্ৰ প্ৰসাদৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ২৮ ফ্ৰেব্ৰুৱাৰী, ১৯৬৩ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top