প্ৰভাত মুখাৰ্জী জীৱনী – চলচ্চিত্ৰ পৰিচালক | Prabhat Mukherjee

প্ৰভাত মুখাৰ্জী | Prabhat Mukherjee Essay in Assamese | Biography of Prabhat Mukherjee in Assamese | প্ৰভাত মুখাৰ্জী বিষয়ে জীৱনী | প্ৰভাত মুখাৰ্জী বিষয়ে ৰচনা | প্ৰভাত মুখাৰ্জীৰ চমু পৰিচয়।

Join Telegram channel

৫০ দশকৰ  মাজভাগত অসমীয়া চলচ্চিত্ৰ জগত খনৰ বাবে এক স্বৰ্ণময় বাট কাটিবলৈ সক্ষম হোৱা এজন পুৰোধা ব্যক্তি হ’ল প্ৰভাত মুখাৰ্জী  (Prabhat Mukherjee)। অসমীয়া চলচ্চিত্ৰৰ বাবে আন্তৰ্জাতিক দুৱাৰ মুকলি কৰি দিয়া প্ৰভাত মুখাৰ্জী কেৱল অসমীয়া চলচ্চিত্ৰ জগততেই নহয় বৰঞ্ছ সমগ্ৰ ভাৰতৰ জনতাৰ বাবে এজন জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা তথা এজন গ্ৰন্থ প্ৰণেতাও আছিল।

প্ৰভাত মুখাৰ্জী

প্ৰভাত মুখাৰ্জী  জীৱনী | Prabhat Mukherjee Biography

নামপ্ৰভাত মুখাৰ্জী (Prabhat Mukherjee[1])
জন্ম চন১৯১৭ চন
বঁটা১) ১৯৬৪ চনত প্ৰভাত মুখাৰ্জীৰ পৰিচালিত সাধনা নামৰ চলচ্চিত্ৰ খনে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিছিল।
‌২) ১৯৬৩ চনত প্ৰভাত মুখাৰ্জীৰ পৰিচালিত জীৱন সাথী নামৰ চলচ্চিত্ৰ খনে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিছিল।
৩) ১৯৬২ চনত প্ৰভাত মুখাৰ্জীৰ পৰিচালিত নুুুৱা বৌ নামৰ চলচ্চিত্ৰ খনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল
৪) ১৯৫৯ চনত প্ৰভাত মুখাৰ্জীৰ পৰিচালিত পুৱেৰুণ নামৰ অসমীয়া চলচ্চিত্ৰখনে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিছিল।
মৃত্যু ১৯৯৭ চন

Also Read: জীৱনী: অম্বিকাগিৰী ৰায়চৌধুৰী- অসমীয়া সাহিত্যিক | Ambikagiri Raichoudhury

প্ৰভাত মুখাৰ্জী প্ৰাৰম্ভিক জীৱন

একেধাৰে অভিনেতা, লেখক, চলচ্চিত্ৰ পৰিচালক প্ৰভাত মুখাৰ্জী (Prabhat Mukherjee) -ৰ জন্ম হৈছিল ১৯১৭ চনত। আকাশবাণী  (All India Radio) -ৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলা মুখাৰ্জীয়ে বঙালী, অসমীয়া, উৰিয়া আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় আৰু পৰিচালনাৰ জৰিয়তে পাৰদৰ্শিতা প্ৰদৰ্শন কৰি ৫০ দশকতে ভাৰতীয় চলচ্চিত্ৰ জগত খনত এক নতুন যুগৰ সূচনা কৰিছিল।

কৰ্মজীৱন

প্ৰভাত মুখাৰ্জীয়ে ‘মালঞ্চ’,’ ষোড়শী’,’ চলাচল’,’ মাহুত বন্ধুৰে’, ‘শনিবাৰ’ আদিত  অভিনেতাৰ ভূমিকা ৰূপায়ন কৰিছিল। তাৰ উপৰিও চলচ্চিত্ৰ পৰিচালনাতো তেওঁৰ ভুমিকা আছে। সেইসমূহ হ’ল-

‘মা’  (বঙালী, ১৯৫৬), ‘মমতা’  (বঙালী, ১৯৫৭), ‘পূবেৰুণ’  (অসমীয়া), ১৯৫৮), ‘বিচাৰক’ (১৯৫৯), ‘আকাশ-পাতাল’ (১৯৬০),’ দস্যু ৰত্নাকৰ’ (উৰিয়া, ১৯৬২), ‘নুৱা বৌ’  (উৰিয়া)  (১৯৬২), ‘জীৱন সাথী’ (১৯৬৩), ‘মানিক যদি’  (উৰিয়া, ১৯৬৪), ‘সাধনা’ (১৯৬৪), ‘দেৱতাৰ দ্বীপ’ (১৯৬৫) ইত্যাদি।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা  (Jyotiprasad Agarwala) -য়ে ১৯৩৫ চনতে জয়মতী বোলছবি নিৰ্মান কৰি অসমীয়া চলচ্চিত্ৰ জগতত সৃষ্টি কৰা নতুন ধাৰাটো নৱ-ৰূপ দি ১৯৫০ দশকৰ মাজভাগত প্ৰভাত মুখাৰ্জীয়ে জগতসভালৈ লৈ গৈছিল অসমীয়া চলচ্চিত্ৰক। প্ৰভাত মুখাৰ্জীৰ “পূবেৰুণ”-য়ে লাভ কৰিছিল আন্তজাৰ্তিক স্বীকৃতি। অসমীয়া চলচ্চিত্ৰৰ বাবে  আন্তৰ্জাতিক দুৱাৰ মুকলি কৰি ষষ্ঠ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱ (6th Berlin International Film Festival) -ত প্ৰদৰ্শিত হৈছিল পূবেৰুণ। বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া বোলছবি পূবেৰুণে ১৯৬০ চনত লাভ কৰিছিল ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক  (President’s Silver Medal)।

বহুকেইজন বিদেশী শিল্পীয়েও অভিনয় কৰা পুবেৰুণ নামৰ এই বোলছবি খন প্ৰযোজনা (Producers) কৰিছিল কে.চি ৰয় (K.C. Roy) আৰু পাজি দʼছ (Paji Doss)। মাতৃ-পুত্ৰৰ সম্পৰ্কৰ ওপৰত নিৰ্মাণ কৰা এই চলচ্চিত্ৰখনত অভিনয় কৰিছিল জ্ঞানন্দা কাকতি (Gyanada Kakoti), ৰাধা গোৱিন্দ বৰুৱা (Radha Gobinda Barua), গ্লʼৰিয়া, বীণা দেৱী  (Beena Devi), মাৰ্গাৰেট এণ্ডাৰছন (Margaret Anderson), ৰেবেকা আচাও  (Rebecca Achaw), তচদ্দুক ইউচুফ  (Tassaduck Yusuf), পাজী দʼছ  (Paji Doss), চঞ্চল দাস, ডাঃ খগেন ৰায় (Dr. Khagen Rai), গৌতম বৰুৱা (Gautam Borbora) আৰু বেবী ৰুমা আদিকে ধৰি বহু শিল্পীয়ে। গুৰুত্বপূৰ্ণ কথা যে পূবেৰুণ নামৰ এই চলচ্চিত্ৰখনৰ চিত্ৰনাট্য তথা সংলাপ ৰচনা কৰিছিল ৰমেশ শৰ্মাৰ ওপৰিও প্ৰভাত মুখাৰ্জীয়ে।

প্ৰভাত মুখাৰ্জীয়ে ৰচনা কৰা কেইখনমান গ্ৰন্থৰ নাম হ’ল- “Redemption at Shirdi”, “Lalitagiri, Udayagiri and Ratnagiri”,  “History of the Chaitanya Faith in Orissa”, “Pilgrim Tax And Temple Scandals: A Critical Study Of The Important Jagannath Temple Records During British Rule” ইত্যাদি।

Also Read: জীৱনী: আইদেউ সন্দিকৈ- অসমীয়া বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী | Aideu Handique

সামৰণি

১৯৯৭ চনত ৮০ বছৰ বয়সত মৃত্যু হোৱা প্ৰভাত মুখাৰ্জী হ’ল অসমীয়া চলচ্চিত্ৰ জগতত নৱজাগৰণৰ সূচনা কৰা এজন অন্যতম পুৰোধা ব্যক্তি। সাংসাৰিক জীৱনত দুবাৰ ব্যৰ্থ হ’লেও তেওঁ আছিল বহুমুখী প্ৰতিভাৰে সবল ব্যক্তিত্বৰ এজন ব্যক্তি।

Also Read: কনকলতা বৰুৱা জীৱনী | Biography of Kanaklata Barua

FAQ

১) প্ৰভাত মুখাৰ্জী কোন?

উঃ- ৫০ দশকৰ  মাজভাগত অসমীয়া চলচ্চিত্ৰ জগত খনৰ বাবে এক স্বৰ্ণময় বাট কাটিবলৈ সক্ষম হোৱা এজন পুৰোধা ব্যক্তি হ’ল প্ৰভাত মুখাৰ্জী  (Prabhat Mukherjee)। অসমীয়া চলচ্চিত্ৰৰ বাবে আন্তৰ্জাতিক দুৱাৰ মুকলি কৰি দিয়া প্ৰভাত মুখাৰ্জী কেৱল অসমীয়া চলচ্চিত্ৰ জগততেই নহয় বৰঞ্ছ সমগ্ৰ ভাৰতৰ জনতাৰ বাবে এজন জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা তথা এজন গ্ৰন্থ প্ৰণেতাও আছিল।

২) প্ৰভাত মুখাৰ্জীৰ জন্ম কেতিয়া হৈছিল?

উঃ- ১৯১৭ চনত।

৩) ‘পূবেৰুণ’ কি

উঃ- বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া বোলছবি আছিল পূবেৰুণ, ই ১৯৬০ চনত লাভ কৰিছিল ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক  (President’s Silver Medal)।

৪) প্ৰভাত মুখাৰ্জীয়ে প্ৰথমে কি কৰিছিল?

উঃ- আকাশবাণী  (All India Radio) -ৰ জৰিয়তে তেওঁ নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছিল।

৫) “History of the Chaitanya Faith in Orissa” কোনে লিখা?

উঃ- প্ৰভাত মুখাৰ্জীয়ে।

৬)  প্ৰভাত মুখাৰ্জীৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ১৯৯৭ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top