প্ৰাচীন ভাৰতীয় শিক্ষা Class 10 Assamese Important Notes

প্ৰাচীন ভাৰতীয় শিক্ষা Class 10 Assamese Important Notes to each chapter are provided in the list so that you can easily browse through different chapters প্ৰাচীন ভাৰতীয় শিক্ষা Class 10 Assamese SEBA Important Notes and select need one.

Class 10 Assamese Important Notes প্ৰাচীন ভাৰতীয় শিক্ষা

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. প্ৰাচীন ভাৰতীয় শিক্ষা Class 10 Assamese Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Assamese Important Notes প্ৰাচীন ভাৰতীয় শিক্ষা Here we have given Solutions for All Subjects, You can practice these here.

প্ৰাচীন ভাৰতীয় শিক্ষা

Chapter – 16

ASSAMESE

IMPORTANT NOTES

১। আৰ্য শিক্ষাৰ মূলমন্ত্ৰ কি?

উত্তৰঃ আৰ্য শিক্ষাৰ মূলমন্ত্ৰ হ’ল মোক্ষ লাভ।

২। নালন্দা বিশ্ববিদ্যালয়ৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে মুঠ দহ হাজাৰ ছাত্ৰ সংখ্যা আছিল।

৩। হেমচন্দ্ৰ গোস্বামীদেৱে কিমান চনত আৰু কত জন্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৮৭২ চনত গোলাঘাটৰ ওচৰৰ ঢেকিয়ালত হেমচন্দ্ৰ গোস্বামীদেৱে জন্মগ্ৰহণ কৰিছিল।

৪। চাণক্য কি?

উত্তৰঃ মৌৰ্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰী। ৰাষ্ট্ৰ বিজ্ঞানৰ এগৰাকী অতি বিচক্ষণ বুদ্ধিৰ লোক। এওঁৰ আন দুটি নাম বিষ্ণুগুপ্ত আৰু কৌটিল্য। ‘অৰ্থশাস্ত্ৰ’ হ’ল তেওঁৰ বিশ্ব বিখ্যাত গ্ৰন্থ।

ৰচনাধৰ্মী

১। তক্ষশীলা বিশ্ববিদ্যালয়ৰ বিষয়ে এটি চমু টোকা লিখা।

উত্তৰঃ বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেবাখনাে চতুম্পাঠী আছিল। তাত ওঁঠৰ বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ-বিদ্যা, চিত্রাংকন, মূর্তিকটা আৰু আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। ইয়াতে অত্রেয় ঋষিয়ে আয়ুর্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্র হ’ল—বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চানক্য।

এই বিশ্ববিদ্যালয়লৈ পাৰস্য, বেকত্রিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্র আহিছিল। ই প্রথমে হিন্দু বিশ্ববিদ্যালয়। আছিল যদিও পিছলৈ ই বুদ্ধ বিশ্ববিদ্যালয় হ’ল।

২। আজিকালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্য কথা বহলাই আলােচনা কৰা। 

উত্তৰঃ আজি কালি শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ বহুতো পাৰ্থক্য দেখিবলৈ পোৱা যায়। আগৰ দিনত ছাত্র শিক্ষা লাভ কৰিবৰ বাবে নতুন নতুন তত্ত্ব আৰু সত্য আদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল।

কিন্তু আজিৰ ছাত্ৰই তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই আগৰ দিনত শিক্ষাৰ গ্ৰহণৰ উদ্দেশ্য আছিল জ্ঞান আহৰণ কৰা, আনহাতে আজিৰ দিনত শিক্ষাৰ উদেশ্য হ’ল- চাকৰি গ্ৰহণ কৰা। 

প্ৰাচীন কালত গুৰুসকল বিষয় আছিল গভীৰ জ্ঞান। ছাত্ৰসকলক জ্ঞান দিবলৈ তেওঁলোকে বুদ্ধপৰিকৰ আছিল। শিক্ষাৰ উদ্দেশ্য আছিল তেওঁলোকৰ বাবে কেৱল জ্ঞানদান। ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠন তেওঁলোকৰ বাবে অন্যতম উদ্দেশ্য আছিল। 

আনহাতে, আধুনিক শিক্ষা ব্যৱস্থা আছিল পাঠ্যকেন্দ্ৰিক। নিৰ্দিষ্ট সময়ত পাঠ্যক্ৰম শেষ কৰি ছাত্ৰ-ছাত্ৰীক নম্বৰৰ প্ৰতি আকৰ্ষিত কৰা। নৈতিক চৰিত্ৰ গঠন দিবলৈ আছিল শিক্ষা ব্যৱস্থাত সুযোক কমেই। আগৰ শিক্ষা খণ্ডত চৰকাৰে বহুত কম টকা পইচা খৰছ কৰিছিল তথাপিও শিক্ষা পদ্ধতি আজিৰ শিক্ষা পদ্ধতিৰ তুলনাত বহু গুনেই উৎকৃষ্ট আছিল।

৩। বাক্য ৰচনা লিখা

সাহিত্য।

যুগে-যুগে।

জেতুকা।

ভমকা।

উত্তৰঃ সাহিত্য:- সাহিত্য সমাজৰ দাপোন স্বৰূপ।

যুগে-যুগে:- অসমীয়া ভাষাও যুগে-যুগে পৰিৱৰ্তিত হৈ আহিছে।

জেতুকা:- বিহু আহিলে ছোৱালীবোৰে হাতত জেতুকা বুলায়।

ভমকা:- আই শালৰ গামোছাখনত ভমকা ফুল দি কাটিলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top