মই অসমীয়া Class 10 Assamese Important Notes

মই অসমীয়া Class 10 Assamese Important Notes to each chapter are provided in the list so that you can easily browse through different chapters মই অসমীয়া Class 10 Assamese SEBA Important Notes and select need one.

Class 10 Assamese Important Notes মই অসমীয়া

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. মই অসমীয়া Class 10 Assamese Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Assamese Important Notes মই অসমীয়া Here we have given Solutions for All Subjects, You can practice these here.

মই অসমীয়া

Chapter – 4

ASSAMESE

IMPORTANT NOTES

১। বিহগ মানে কি?

উত্তৰঃ বিহগ মানে হ’ল- পক্ষী।

২। কোন চনত অসম সাহিত্য সভাৰ অধিৱেশনত চৈয়দ আব্দুল মালিকে সভপতিত্ব কৰিছিল?

উত্তৰঃ ১৯৭৭ চনত অভায়াপুৰী অসম সাহিত্য সভাৰ অধিৱেশনত চৈয়দ আব্দুল মালিকে সভপতিত্ব কৰিছিল।

৩। চৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা পাইছিল?

উত্তৰঃ চৈয়দ আব্দুল মালিকে ‘অঘৰী আত্মাৰ কাহিনী’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা পাইছিল।

৪। বিপৰীত শব্দঃ 

চৈতন্য।

জনমভূমি।

জনাকীৰ্ণ।

দুৰ্দন।

দীৰ্ঘম্যাদী।

উত্তৰঃ চৈতন্য – অচৈত্য।

জনমভূমি – বিদেশ।

জনাকীৰ্ণ – জনাশূণ্য।

দুৰ্দন – সজ্জন।

দীৰ্ঘম্যাদী – হ্ৰস্বম্যাদী।

ৰচনাধৰ্মী

১। ‘ক’ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আঁজলিত।’’

  • কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ কবিতাটোত কবিয়ে অসমীয়া জাতিৰ অতীত ইতিহাস অৱলােকন কৰি কৈছে, যে ভাৰত জয়ী মােগলে কিয় অসম দেশত থমকি ৰবলগীয়া হৈছে। বীৰত্বৰে যুঁজি মােগলক পৰাজিত কৰিছে। তিওৱা চাউল ভাজি খুন্দি প্রস্তুত কৰা। জলপান শুকান সান্দহ একাজলি পানীত সানি খােৱা অসমীয়া সেনানীয়ে এনে বল শক্তি ক’ৰ পৰা পালে।

অলপমান সান্দহ লৈ তাত পানী দিলে ফুলি পৰিমাণটো বাঢ়ি যায়। ঠিক সেইদৰে মাতৃভূমিৰ আসন্ন বিপদ দেখাৰ লগে লগে অসমৰ সেনানীৰ যেন বল–বিক্রম দুগুণে বৃদ্ধি পালে। কবিয়ে আচৰিত হৈ ভাবিছে, অসমীয়াৰ শৌর্য বীর্য সচাকৈয়ে অলৌকিক শক্তিৰে বলৱান।

২। ‘মই অসমীয়া’ কবিতাটোৰ সাৰাংশ লিখা।

উত্তৰঃ ‘মই অসমীয়া’ কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকষৰ্ণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে। কবিতাটোত নিজৰ আবেগক কিছু সময়লৈকে মোগলৰ কথক সাজি তুলিছে।

মোগল সকল আছিল প্ৰবল পৰাক্ৰমী জাতি কবিৰ মতে। ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰিব বাবে মোগল সকল আহিছিল। মোগল সকল যেতিয়া অসম আক্ৰমণ কৰিবৰ বাবে অসমত সোমাই তেতিয়া মোগল সকলে অসমীয়া মানুহৰ বিৰত্ব দেখি অৱাক হৈছিল।

যি মোগলে ৰাজপুতক জয় কৰিছিল সেই মোগলেই। পিছে সমুখ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰিলে। অসমীয়া পুৰুষ মহিলাৰ প্ৰচণ্ড  আত্মবিশ্বাস আৰু বীৰত্বতে যুঁজি অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগল সকল যি বাটে আহিছিল। সেই বাটে অসমীয়াই ওভোতাই পঠালে। সেইবাবে কবিয়ে অসমক কবিয়ে এই বিজয়ক সুৱৰি কবি আনন্দিত হৈ পৰে। 

কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাইছে। কবিয়ে অসমৰ ৰূপ, গুণ, সৌন্দৰ্য আৰু সেউজীয়া পৰিৱেশ দেখি মোগল সকল অসমত থাকি গ’ল বুলিও কৈছে। 

অসমৰ অসমীয়া ভাষাক কবিয়ে সগৰীয় ভাষা বুলিও গণ্য কৰিছে বুলি কবিয়ে কৈছে। কবিয়ে মৃত্যুৰ পাছতো এই ভাষা সৰগত শুনিব বিচাৰিছে। এই মাটিৰ মায়াই কবিক আকুল কৰিছে। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰে আৰু নিজ দেশৰ হকে মৰিবও বিচাৰে।

পৰম্পৰাগত নিয়ম বা প্ৰথাৰ বৰ্ণনাৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ সচাঁ ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top