⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

পাৰস্যত এভূমুকি Class 10 Assamese Important Notes

পাৰস্যত এভূমুকি Class 10 Assamese Important Notes to each chapter are provided in the list so that you can easily browse through different chapters পাৰস্যত এভূমুকি Class 10 Assamese SEBA Important Notes and select need one.

Class 10 Assamese Important Notes পাৰস্যত এভূমুকি

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. পাৰস্যত এভূমুকি Class 10 Assamese Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Assamese Important Notes পাৰস্যত এভূমুকি Here we have given Solutions for All Subjects, You can practice these here.

পাৰস্যত এভূমুকি

Chapter – 12

ASSAMESE

IMPORTANT NOTES

১। ‘আগা’’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘আগা’’ শব্দৰ অৰ্থ হ’ল- শ্ৰীযুত।

২। চেনি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ সম্ৰাট জামছেদে নৱৰোজৰ কোনো এটা পৱিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল।

৩। ইৰাণৰ ৰাজধানীৰ নাম কি?

উত্তৰঃ ইৰাণৰ ৰাজধানীৰ নাম হ’ল- টেহৰাণ।

৪। জাগ্ৰছ পর্বতশ্রেণী ক’ত? এই পর্বতশ্রেণীৰ কেনেকৈ সৃষ্টি হৈছিল?

উত্তৰঃ জাগ্ৰছ পর্বতশ্রেণী ইৰাণত অৱস্থিত। আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাত বা সংঘৰ্ষৰ ফলত সাগৰৰ কুকুৰপৰা জাগ্ৰত হৈ জাগ্ৰছ পর্বতমালৰ সৃষ্টি হৈছিল। হিমালয় পর্বতৰো সেইদৰেই সৃষ্টি হৈছিল।

৫। ইৰাণৰ ইতিহাসৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ ইৰাণ মানৱ সভ্যতাৰ প্রাচীন ইতিহাসৰ ধ্বজাবাহক। প্রত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু কীর্তিস্তম্ভৰ যােগেদি ইৰাণৰ প্রাচীন সভ্যতা আজিও সজীৱ হৈ আছে। 

প্রায় চাৰি হাজাৰ বছৰ পূর্বে ইৰাণলৈ আর্য গােষ্ঠীৰ লােকসকল বসবাস কৰিবলৈ আহিছিল। খ্রীষ্টপূর্ব ছশ শতিকামান পূর্বে বিখ্যাত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ ‘মেডেছসকলক’ পৰাস্ত কৰি ইৰাণবাসীক একগােট কৰিছিল। 

খ্রীষ্টপূর্ব ৫২৯ ত ছাইৰাছৰ মৃত্যু হােৱাত নতুন ৰজা দাৰিয়াছে সাম্রাজ্য প্রসাৰৰ প্ৰয়াস কৰিছিল।   পৰৱৰ্তী কালত (৪ র্থ শতিকাত) আলেকজেণ্ডাৰৰ আগমনে ছাইৰাছৰ পাৰ্চেপলিছ সাম্রাজ্যৰ পতন ঘটাইছিল। 

খ্রীষ্টপূর্ব দ্বিতীয় শতিকালৈকে গ্রীক শাসনৰ পাছত পার্থিয়াসকলে ইৰাণৰ শাসনভাৰ লৈছিল। তেওঁলােকৰ শাসনকালত জোৰাষ্ট্রিয়ান ধর্মই ৰাজধর্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। ৩৫০ বছৰীয়া পার্থিয়ান শাসনৰ পাছত ছাজানিকসকলে চাৰিটা শতিকা ইৰাণ শাসন কৰিছিল।  

আৰৱসকলে ইৰাণীলৈ ইছলামধৰ্মৰ আগমন ঘটাইছিল আৰু কিছুকাল পাছত ইছলামক ইৰাণৰ মুখ্য ধৰ্মৰূপে স্বীকৃতি দিয়া হৈছিল। কেইবা শতিকা জুৰি চলা আগৰ শাসনৰ পৰৱৰ্তী কালত বহুতাে বিদেশী শক্ৰিৰ আক্ৰমণত আৰব বিধবস্তু  হৈছিল। 

ছাফাভিদ বংশৰ শাসন কালত ইৰাণে পূর্বৰ খিয়াতি কিছু পৰিমাণে ঘূৰাই পাবলৈ সক্ষম হৈছিল। স্থাপত্যৰ প্রতি শ্বাহ তপধ্বজ (প্রথম)ৰ বিশেষ অনুৰাগ আছিল। তেওঁৰ দিনত ইছলাম ধৰ্মৰ ছিয়া সম্প্রদায়ে ৰাজধৰ্মৰ কিতাপ লাভ কৰিছিল। 

পৰৱৰ্তী কালত আফগানসকলৰ আক্ৰমণৰ বাবে ছাফাভিদ ৰাজত্বৰ পতন ঘটে। ইৰাণৰ শাসকসকলৰ কথা আলােচনা কৰিলে মনলৈ ভাহি অহা শাসকজন হ’ল নাদিৰশ্বাহ। তেওঁ বেছিদিন ৰাজত্ব কৰা নাছিল (১৭৩৭-৪৭)। কিন্তু তেওঁৰ ৰাজত্বই আমাৰ দেশত বিভীষিকাৰ সৃষ্টি কৰিছিল। 

তেওঁ আফগানিস্তানৰ পাছত ভাৰত আক্ৰমণ কৰিছিল  আৰু মােগল সম্রাট মহম্মদ শাহক পৰাস্ত কৰি (১৭৩৯) এটা বিশাল ৰাজভঁৰাল লুট কৰিছিল। তেওঁ বহুতাে নাগৰিকক হত্যা কৰিছিল আৰু কহিনুৰ, হীৰা, মুক্তা আদিৰ উপৰি হাতী, ঘোঁৰা, উট লৈ গৈছিল। 

নাদিৰ শ্বাহৰ পিছত দুটা শাসকবংশৰ মাজত সংঘাত হয়। ১৭৯০ খ্রীষ্টাব্দত কাজাৰ বংশ জয় হয় আৰু তেওঁলােকে প্রথম বিশ্বযুদ্ধলৈকে ৰাজত্ব কৰে। কেইবা শতিকাজুৰি আৰবৰ ৰাজত্বৰ অধীন হােৱাৰ বাবে ইৰাণৰ সম্পর্ক আন দেশৰ সৈতে নােহােৱাৰ দৰেই হৈছিল।

প্রথম বিশ্বযুদ্ধৰ পিছত ৰেহাশ্বাহ পল্লহাভিয়ে ইৰানৰ শাসনভাৰ হাতত ল’লে আৰু তেতিয়াৰে পৰা আধুনিকীকৰণৰ প্রচেষ্টাই গতিশীলতা লাভ কৰে।

১৯৪১ চনত ছােভিয়েট ৰাছিয়া আৰু ইংলেণ্ড ইৰাণৰ আভ্যন্তৰীণ বিষয়ৰ সৈতে জড়িত হৈ পৰিছিল। আৰাছ নদীৰ উত্তৰে থকা সকলাে অঞ্চল ছােভিয়েট ৰাছিয়াই দখল কৰিছিল। ইৰাণৰ তৈলক্ষেত্ৰৰ ব্যৱসায়িক স্বত্ব ইংলেণ্ডে লাভ কৰিছিল। প্রকৃততে ইৰাণৰ শাসনতন্ত্র শক্তিহীন হৈ পৰিছিল। 

১৯৭৯ চনৰ বিখ্যাত ধর্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্রিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে। বিপ্লৱৰ নেতা ইমাম আয়াতুল্লাৰ খােমেনি এই গণতন্ত্ৰৰ প্রতিষ্ঠাপক। ধর্মীয় বিপ্লৱে দেশখনৰ আভ্যন্তৰীণ ব্যৱস্থাত আমূল পৰিৱৰ্তন আনি দিলে। শ্বাহৰ শাসন কালত যিখন দেশৰ আদৱ–কায়দা পশ্চিমীয়া দেশৰ দৰে হৈ পৰিছিল। হঠাতে সেইখন দেশৰ সম্বন্ধ বহুতৰে স’তে ছেদ হ’ল।

আমেৰিকা তেওঁলােকৰ শত্ৰুৰ দৰে হৈ পৰিল। আৰৱৰ দেশবােৰৰ সৈতে বৈদেশিক নীতিগত পার্থক্যৰ বাবে ইৰাণৰ ব্যৱসায় বাণিজ্য হ্রাস পালে। তেনে সময়তে ইৰাকৰ সৈতে হােৱা দীঘলীয়া যুদ্ধত দুয়ােখন দেশৰে প্ৰচুৰ ক্ষতি হ’ল। এই সময়ত এবছৰ জুৰি আমেৰিকাৰ নৌসেনাৰ সৈতে যুদ্ধ হ’ল। 

এনেবােৰ কাৰণত দেশখন বহুত পিছুৱাই গ’ল। প্ৰচুৰ তৈলভাণ্ডাৰ থকা সত্ত্বেও দেশখনে সম্পদসমূহ সঠিকভাৱে আহৰণ কৰি নিজৰ বিকাশত ব্যৱহাৰ কৰিব নােৱাৰিলে।

৬। টেহৰাণক কোন ঠাইৰ লগত তুলনা কৰা হৈছে? তাৰ জলবায়ু কেনেকোৱা আছিল?

উত্তৰঃ টেহৰাণক কোনো কোনোৱে পেৰিচৰ লগত তুলনা কৰে। গ্ৰীষ্মৰ দুটা মাহৰ বাহিৰে বছৰৰ বাকী কেইমাহ তেহৰাণৰ জলবায়ু অতি মনোৰম আৰু আৰামদায়ক।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top