বৰগীত Class 10 Assamese Important Notes to each chapter are provided in the list so that you can easily browse through different chapters Class 10 Assamese SEBA Important Notes and select need one.
Class 10 Assamese Important Notes বৰগীত
Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Assamese Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Assamese Important Notes বৰগীত Here we have given Solutions for All Subjects, You can practice these here.
বৰগীত
Chapter – 1
ASSAMESE
| IMPORTANT NOTES |
১। বৰগীতটি কি ৰাগত বন্ধা আছে?
উত্তৰঃ বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।
২। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল- ‘নামঘোষা’।
৩। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা।
নপাৱন্ত, তুমিসে, কহয়।
উত্তৰঃ নপাৱন্ত – নোৱাৰে।
ভৈলােহাে – হ’লো।
তুমিসে – তুমিহে।
কহয় – কয়।
৪। শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল?
উত্তৰঃ শংকৰদেৱে ‘বাৰকুৰি’ বৰগীত ৰচনা কৰিছিল।
| ৰচনাধৰ্মী প্ৰশ্ন |
১। বৰগীত কাক বোলে? বৰগীতৰ লক্ষণ কেইটা আৰু কি কি? বৰগীতৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতক বৰগীত আখ্যা দিয়া হয়। উচ্চমান বিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশ পূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱ-গধূৰ। শংকদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহহকে বৰগীত বোলা হয়।
বৰগীতৰ লক্ষণ পাঁচটা।
লক্ষণসমূহ হ’ল-
১। বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত।
২। বৰগীতৰ ভাষা ব্ৰজাৱলী।
৩। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক।
৪। বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে।
৫। মাধৱদৱৰ বৰগীতসমূহ ঘাইকৈ শিশু কৃষ্ণৰ লীলা বিষয়ক। অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ একোখনি ইয়াত চিত্ৰিত হৈছে।
বৰগীতঃ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। শঙ্কৰদেৱে বাৰকুৰি বৰগীত ৰচনা কৰিছিল বুলি চৰিত পুথিত পোৱা যায়। কমলা বায়ন নামৰ লোকজনে গীতখিনি শঙ্কৰদেৱৰ পৰা আওৰাবলৈ নিওঁতে বনপোৰা জুয়ে গীতখিনি পোৰে।
বৰ্তমান শঙ্কৰদেৱ বিৰচিত একুৰি চৈধ্যটা বৰগীত পোৱা যায়। মাধৱদেৱৰ ভণিতা থকা মুঠ ১৫৭-তা বৰগীত পোৱা যায়। ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা ১৯১-টা বা ন-কুৰি এঘাৰটা বুলি পণ্ডিত সকলে অনুমান কৰিছে।
২। ব্যাখ্যা কৰাঃ
(ক) “আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।”
উত্তৰঃ উদ্ধৃত বৰগীতফাঁকি আমাৰ পাঠ্য পুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত। শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটিৰ পৰা তুলি অনা হৈছে।
সংসাৰৰ বিষয় বাসনাত আতুৰ হৈ পৰা কবিয়ে তাৰপৰা উদ্ধাৰ পাৱলৈ ভগৱানৰ চৰণ কমলত পৰিছে। সংসাৰৰ মায়া–মোহৰ জৰী ডাল অতি বিচিত্র। তাৰ পৰা পৰিত্ৰাণ পােৱাৰ একমাত্র পথ, ভগৱানৰ চৰণত শৰণ লােৱা। যােগী পুৰুষ সকলৰ ধ্যানৰ বিষয়, সমস্ত বেদৰ বিচার্য, সহস্র মুখ অনন্তই যাৰ গুণ গাই অন্ত কৰিব নােৱাৰে সেইজনা পৰম পুৰুষৰ। মহিমা কবিৰ দৰে সাধাৰণ মানুহে ধৰিব নােৱাৰে। সংসাৰৰ দুখ যাতনাই কবিক অতিষ্ঠ কৰি তুলিছে।
সেয়ে, তেওঁ তাৰ পৰা পৰিত্ৰাণ বিচাৰি, ভগৱানক কাকুতি কৰিছে। ভগবানে যেন কবিক তেওঁৰ চৰণ কমলত ঠাই দি উদ্ধাৰ কৰে৷ এইদৰে ভগৱানৰ ওচৰত নিজকে সমর্পণ কৰি উদ্ধাৰ লভাৰ বাসনা বৰগীত ফাঁকিৰ মাজেৰে প্রকাশ পাইছে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:



I think 🤔 the lesson is very important that’s your important questions