দৃশ্যান্তৰ Class 10 Assamese Important Notes

দৃশ্যান্তৰ Class 10 Assamese Important Notes to each chapter are provided in the list so that you can easily browse through different chapters দৃশ্যান্তৰ Class 10 Assamese SEBA Important Notes and select need one.

Class 10 Assamese Important Notes দৃশ্যান্তৰ

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. দৃশ্যান্তৰ Class 10 Assamese Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Assamese Important Notes দৃশ্যান্তৰ Here we have given Solutions for All Subjects, You can practice these here.

দৃশ্যান্তৰ

Chapter – 5

ASSAMESE

IMPORTANT NOTES

১। হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ হৰেকৃষ্ণ ডেকাই ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

২। হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?

উত্তৰঃ হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম হল – ‘আগন্তুক’।

৩। হৰেকৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল?

উত্তৰঃ হৰেকৃষ্ণ ডেকা ‘The Sentinel’ নামৰ কাকতৰ সম্পাদক আছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now
ৰচনাধৰ্মী

১। “বৰ শান্তিত আছোঁ এই পঁজাটিত।” – কোনে, কিয় এইদৰে কৈছিল? কথাষাৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা।

উত্তৰঃ কবিয়ে লগপােৱা মানুহজনে নিজৰ গাঁৱৰ ঘৰখনত যে শান্তিত বাস কৰিছিল তাকে এইদৰে কৈছে।

কুকুৰীকণা মানুহজনে তেওঁ বাস কৰা পঁজাঘৰটোৰ চাৰিওফালে বিৰাজ কৰা। প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ কোলাহলহীন। কিন্তু আন্তৰিকতা ব্যৱস্থা থকা, আত্মসন্তুষ্টি লাভ কৰাৰ বাবে পঁজাঘৰটোত শান্তিত থকা বুলি কৈছে। কাৰণ সেই পঁজাঘৰটোত তেওঁ মানুহৰ সহজ- সৰল, আন্তৰিকতাৰ অনূভৱ কৰে। সেই পঁজাঘৰটোত কোনো কৃত্ৰিমতা নাই। মানুহে মানুহৰ মৰম-চেনেহ বুজি পাই। মানুহবোৰৰ মনবোৰ উদাৰ, সেউজীয়া প্ৰকৃতিৰ কোমল সেউজ বুলি কৈছে।

২। ব্যাখ্যা কৰাঃ

“ভাৰাঘৰ বিচাৰি আহিছা

এই কুবেৰৰ মহলাত! ক’ত পাবা আৰু পালেও 

কি শান্তিৰ থাকিবা ইয়াত।”

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত `দৃশ্যান্তৰ’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। 

কবিয়ে বৰ্তমান সময়ত মানুহে বাস কৰা ঘৰবোৰ ডাঙৰ হৈ পৰিলেও মানুহৰ মনবোৰ যেন দিনে দিনে ঠেক হৈ পৰিছে আৰু মানৱীয় গুণ তথা শান্তি বোৰ নাইকিয়া হৈ গৈছে তাকে কৈছে।

সময় পৰিৱৰ্তনৰ লগে লগে প্ৰাকৃতিক, সামাজিক পৰিৱেশ আদিও সলনি হয়। কবিয়ে ভাৰাঘৰ বিচাৰি যোৱা মানুহ বুলি ভাবি সাতমহলীয়া ঘৰটোত থকা বৃদ্ধ মানুহজনে সুধিছিল। লগতে মানুহজনে কবিক কৈছিল যে কুবেৰৰ মহলাত ভাৰাঘৰ পোৱাৰ সম্ভাৱনা কম আৰু যদিও পাই তাত শান্তিত থাকিব নোৱাৰিব। কবিক মানুহজনে ভাৰাঘৰ নাই বুলি কলেও তাত থকা মানু্হবোৰৰ মনৰ কথাও কৈছে। ঘৰবোৰ যিমান ডাঙৰ বা বিশাল হলেও তাত থকা মানুহবোৰৰ মনবোৰ ঠেক বুলি কৈছিল। 

যিদৰে কৃপনৰ ধন কোনো কামত নাহে, একেদৰে নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো একো মূল্য নাই বুলি কৈছে। সাতমহলীয়া ঘৰটোত বাস কৰা লোকসকলে কেৱল ধন-সোণ উপাৰ্জ্জন কৰি যখৰ দৰে ৰাখিবহে জানে। কাৰোবাৰ বিপদত সহায় কৰিবলৈ বা কোনোবা মৰিলে দাহ কৰিবলৈ এটকা দিবলৈ তেওঁলোক অনিচ্ছৃক। গতিকে যি স্থানৰ স্বাৰ্থপৰ মানুহে বাস কৰে আৰু যি নিজেই প্ৰকৃত সুখৰ পৰা বঞ্চিত, তেনে স্থানৰ মানুহে শান্তিত থাকিব নোৱাৰিব বুলি তেওঁ ক’ব বিচাৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top