ভাৰতীয় সংস্কৃতি Class 10 Assamese Important Notes to each chapter are provided in the list so that you can easily browse through different chapters ভাৰতীয় সংস্কৃতি Class 10 Assamese SEBA Important Notes and select need one.
Class 10 Assamese Important Notes ভাৰতীয় সংস্কৃতি
Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. ভাৰতীয় সংস্কৃতি Class 10 Assamese Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Assamese Important Notes ভাৰতীয় সংস্কৃতি Here we have given Solutions for All Subjects, You can practice these here.
ভাৰতীয় সংস্কৃতি
Chapter – 7
ASSAMESE
| IMPORTANT NOTES |
১। নৈৰাস্য মানে কি?
উত্তৰঃ নৈৰাস্য মানে হ’ল- নিৰাশ ভাৱ।
২। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
উত্তৰঃ ক্ৰমবৰ্দ্ধমান শক্তিয়েই হৈছে প্ৰকৃত শক্তি। ক্ৰমবৰ্দ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।
৩।কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিৰ পাৰি?
উত্তৰঃ বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।
| ৰচনাধৰ্মী |
১। অজন্তাৰ গুহাৰ শিল্পকলাৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ভাৰতীয় চিত্রকলাৰ সর্বশ্রেষ্ঠ পৰিপূৰ্ণ ৰূপ অজন্তা গুহাৰ শিল্পকলাত দেখা যায়। পশ্চিমঘাট পর্বতমালাৰ ইন্দ্রিয়াদি নামৰ অশ্বখুৰাকৃতিৰ পাহাৰৰ গাত অজন্তা গুহা অৱস্থিত। ইয়াৰ শিল্প কলা অনন্তকালৰ বাবে সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি–প্রগতিৰ সমন্বয় উজ্জ্বল হৈ আছে।
ইয়াৰ ছবিবােৰত দুটা ভাৱ বস্তু প্রকাশ পাইছে। এটা হৈছে সন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়ােবিধ ভাৱ বস্তু ছবি একেলগে গুহাত অংকিত হৈছে। সমূহীয়া জীৱন প্রকাশক ছবিবােৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্রেম আৰু যৌৱন। সন্যাস জীৱনৰ ছবিবােৰত আছে দয়া, ধ্যান আৰু মৌনতা।
ভাৱ বস্তুৰ পৰা পৃথক যদিও দুয়ােবিধ ছবিয়ে একেলগে অংকিত হৈছে। জীৱনৰ অ–সামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই শিল্পকলাত আছে। প্রাক্ মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও এই শিল্পকলাত দেখা যায়। পুরুষ, মহিলা, শিশু বিবিধ ভংগিমাত সকলােবােৰ একে ঠাইতে অংকিত হৈছে।
জীৱনৰ প্রাচুর্যই যেন শিল্পীক মতলীয়া কৰিছে। ছবিবােৰৰ ভাৱবস্তুৰ অসামঞ্জস্যৰ মাজতাে বাস্তৱৰ অখণ্ডতাৰ কথা বিস্তৃত হােৱানাই। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় ইয়াত স্থাপিত হৈছে।
২। ভাৰতীয় সংস্কৃতিৰ গঠনৰ সৰলতা আৰু সুক্ষ্মতাৰ এটি বিৱৰণ দিয়া।
উত্তৰঃ গঠনৰ সৰলতা আৰু সুক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ৰেখাৰ লগত ৰেখাৰ সমন্বয়- ইয়াতোকৈ অনাৱশ্যকীয় আৰু একো নাথাকে। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল।
আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু। ইয়াক কোনো প্ৰকাৰেই সম্পূৰ্ণৰূপে ইছলামীয় বুলিব নোৱাৰি। এইবোৰৰ জৰিয়তে প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিৱিষ্ট হৈ নতুন এক ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। হিন্দু ভাস্কৰ্যই ইছলামীয় ভাস্কৰ্যক কাৰু-কাৰ্য প্ৰদান কৰিছে। এইদৰেই এক নতুন ধাৰাৰ উৎপত্তি হৈছে। এই সমন্বয়ৰ আদৰ্শ য’তেই সফল হৈছে, ত’তেই আমি তাজমহলৰ নিচিনা অপূৰ্ব সৃষ্টি দেখিবলৈ পায়।
আনকি হিন্দু ভাস্কৰ্যৰ কলহ আৰু পদুম ফুল মুছলমানৰ বাদছাহসকলৰ সমাধি স্থানত ব্যৱহৃত হৈছে। সাংকৃতিক ক্ষেত্ৰত দুয়োটা সম্প্ৰদায়ৰ মন উদাৰ আছিল। এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনৰ জন্ম দিছিল। একোটা জাতি বিশেষ সুকুমাৰ কলা-সংস্কৃতিৰ। জৰিয়তে জীয়াই থাকে। সুকুমাৰ কলাৰ ভিতৰত সম্ভৱতঃ শিল্পই বেছি স্থায়ী।
কিটছে ‘গ্ৰেচিয়ান আৰ্ণ’ কবিতাত ইয়াৰে জয়গান গাইছে। ভাষা মানুহৰ সামাজিক আদান-প্ৰদানৰ বাহক। সমাজ পৰিবৰ্তনৰ লগত ইয়াৰ গতি-বিধি জড়িত। একোটা গীত বা সংগীতৰ ৰীতি অতি কম সময়ৰ কাৰণেহে জীয়াই থাকে। সংগীতে আকাৰ-শূন্য ক্ষণস্থায়ী অনুভূতিৰ জন্ম দিয়ে অন্তৰত হিল্লোল তোলাৰ সময়খিনিৰ বাহিৰে ই সৰহ সময় তিষ্ঠি নাথাকে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:



Inter net tor tita question answer