⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

প্ৰশস্তি Class 10 Assamese Important Notes

প্ৰশস্তি Class 10 Assamese Important Notes to each chapter are provided in the list so that you can easily browse through different chapters প্ৰশস্তি Class 10 Assamese SEBA Important Notes and select need one.

Class 10 Assamese Important Notes প্ৰশস্তি

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. প্ৰশস্তি Class 10 Assamese Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Assamese Important Notes প্ৰশস্তি Here we have given Solutions for All Subjects, You can practice these here.

প্ৰশস্তি

Chapter – 3

ASSAMESE

IMPORTANT NOTES

১। মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যঁচা বুলি কবিয়ে কৈছে?

উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্রেম পৰিমল যঁচা বুলি কবিয়ে কৈছে।

২। বিহঙ্গ মানে কি?

উত্তৰঃ বিহঙ্গ মানে হ’ল-চৰাই; পক্ষী।

৩। ৰঘুনাথ চৌধাৰীয়ে লিখা-পঢ়া কিমান শ্ৰেণীলৈকে পঢ়িছিল?

উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে লিখা-পঢ়া অষ্টম শ্ৰেণীলৈকে পঢ়িছিল।

৪। ৰঘুনাথ চৌধাৰীৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ বৰ্তমান নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰত লাউপাৰা গাঁৱত। আৰু ১৮৭৯ চনত ৰঘুনাথ চৌধাৰীৰ জন্ম হৈছিল।

৫। ‘অসম সাহিত্য সভা’ৰ অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ‘অসম সাহিত্য সভা’ৰ অধিৱেশন ১৯৩৫ চনত অনুষ্ঠিত হৈছিল।

৬। ৰঘুনাথ চৌধাৰীৰ কোন কোন কাকত আলোচনীত কবিতা প্ৰকাশ পাইছিল?

উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ ‘জোনাকী’, ‘আলোচনী’ আৰু ‘বাঁহী’ কাকত আলোচনীত কবিতা প্ৰকাশ পাইছিল।

৭। ৰঘুনাথ চৌধাৰীয়ে লিখা কবিতা পুথি কেইখনৰ নাম লিখা।

উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে লিখা কবিতা পুথি কেইখনৰ নাম হ’ল- 

১। ‘সাদৰী’ (১৯১০)।

২। ‘কেতেকী’ (১৯১৮)।

৩। ‘কাৰ বালা’ (১৯২৩)।

৪। ‘দহিকতৰা’ (১৯৩১)।

৫। ‘নৱমল্লিকা’(১৯৫৮)।

৬। ‘মইনা বৰাগী’।

৭। ‘পচতীয়া’।

৮। ৰঘুনাথ চৌধাৰীয়ে প্ৰথম স্তৰত লিখা কবিতাসমূহ কোনখন পুথিত প্ৰকাশ পাইছিল?

উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে প্ৰথম স্তৰত লিখা কবিতাসমূহ ‘সাদৰী’ পুথিত প্ৰকাশ পাইছিল।

৯। প্ৰশস্তি শব্দৰ অৰ্থ কি?

উত্তৰঃ আৰাধনা বা গুণানুকীৰ্তন কৰা।

২। ব্যাখ্যা কৰাঃ

১। “উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,

উঠা যত মুক্তি পথযাত্ৰী।’’

কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।

উত্তৰঃ প্রশস্তি কবিতাটিত কবিয়ে ৰাতিপুৱাৰ এক মনমােহা বর্ণনা দিছে। নিশাৰ অৱসান ঘটাই পূৱ দিশত হেঙুলী আভাৰে সূৰ্য্য দেৱতাই সুকি মৰাৰ লগে লগে গােটেই প্রকৃতি জগততে এক অপৰূপ ৰূপ সৌন্দৰ্যৰ সৃষ্টি হৈছে।

কবিৰ দৃষ্টিত এই জগতখনেই যেতিয়া আনন্দ সন্ধানী–আলােক সন্ধানী,

তেনে ক্ষেত্ৰত অমৃতৰ সন্তান মানুহে জীৱ শ্রেষ্ঠ হৈও কিয় পােহৰৰ সন্ধান কৰা নাই। প্ৰকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়ে কবিয়ে মানুহক ‘ঋত্বিক ধ্যানী অমৃতৰ পুত্র’ বুলি বিশেষণ কৰি এলাহ ত্যাগ কৰিবলৈ আহ্বান জনাইছে।

ৰচনাধৰ্মী

১। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।

উত্তৰঃ প্ৰকৃতিৰৰূপ আৰাধনাৰ আঁৰত কবি ৰঘুনাথ চৌধাৰীৰ ‘প্ৰশস্তি’ কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সােমাই আছে। প্রকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। কালৰাত্ৰিৰ অন্তত যিদৰে পূৱাৰ সূৰুয়ে।

পােহৰৰ সম্ভাৰ কঢ়িয়াই আনি সর্বত্রতে বিলাই দিয়ে, জল–স্থল আনকি অন্তৰীক্ষও জিলিকি উঠে। সেইদৰে গছ বন, ফুল–ফলেও যেন আনন্দত আত্মহাৰা হৈ পৰিছে, চৰাই–চিৰিকটি আদিয়েও সকলােতে দেৱতাৰ সন্ধান কৰিছে।

৩। প্ৰশস্তি কবিতাটোৰ মুলভাৱ লিখা।

উত্তৰঃ প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ আৰাধনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে-বনে ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰায় আনন্দৰে ভৰি পৰিছে। চৰাই-চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান দিছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহবান জনাইছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহবান জনাইছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। 

প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰৰ ভক্তি স্বৰূপ সোমাই আছে। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ আৰাধনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাঁহক কৰি তুলিছে। সৃষ্টি কৰ্তাৰ সন্তানে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিছে।

৩। সমাৰ্থক শব্দ।

বসুধা।

তেজী।

কুসুম।

দীৰ্ণ।

তন্দ্ৰালস।

উত্তৰঃ বসুধা – পৃথিৱী।

তেজী – ত্যাগ কৰি।

কুসুম – ফুল।

দীৰ্ণ – বিদাৰিত।

তন্দ্ৰালস – শ্ৰান্ত ক্লান্ত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top