উদ্যোগী হওঁ আহাঁ Class 10 Assamese Important Notes

উদ্যোগী হওঁ আহাঁ Class 10 Assamese Important Notes to each chapter are provided in the list so that you can easily browse through different chapters উদ্যোগী হওঁ আহাঁ Class 10 Assamese SEBA Important Notes and select need one.

Class 10 Assamese Important Notes উদ্যোগী হওঁ আহাঁ

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. উদ্যোগী হওঁ আহাঁ Class 10 Assamese Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Assamese Important Notes উদ্যোগী হওঁ আহাঁ Here we have given Solutions for All Subjects, You can practice these here.

উদ্যোগী হওঁ আহাঁ

Chapter – 6

ASSAMESE

IMPORTANT NOTES

১। সৃজনশীল শব্দৰ অৰ্থ কি?

উত্তৰঃ সৃজনশীল শব্দৰ অৰ্থ হ’ল- সৃজন গুণৰ সংযোগ।

২। টমাচ আলভা এডিছনে ইলেকট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল?

উত্তৰঃ টমাচ আলভা এডিছনে ইলেকট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ মন্তবয় কৰিছিল। ”মই বিফল হোৱা নাই। মাত্ৰ বুজিলোঁ যে ১০০০০ ধৰণে ই কাম নকৰে”।

ৰচনাধৰ্মী

১। এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।”—কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।

উত্তৰঃ এজন উদ্য়োগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। প্ৰথম অৱস্থাত এজন উদ্য়োগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব। সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ ছাল-বাকলি এৰাই যায়। 

যিসকলে  ছাল বাকলি যোৱাৰ পাছত বা হাত-ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছালবাকলি এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাঁপ মাৰি ওপৰত উঠি হাফ পেদেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেদেল মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা, লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱৰ্তীণ হয়। 

এজন উদ্যোগী হবলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই তিনিবাৰ বিফল হলে এৰি দিয়ে। 

কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্যোগী হয়গৈ। এজন উদ্য়োগী হবৰ বাবে কোনো শিক্ষাগত অৰ্হতা প্ৰয়োজন নাই। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ’বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই।

কিন্তু এইবোৰ ব্যৱসায়তো কৃতকাৰ্য হ’বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টি.ভি. ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা Skill থকাটো প্ৰয়োজন।

 বৰ্তমান সময় প্ৰযুক্তি, তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ’ব বিচাৰিলে। এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। 

২।  ভাৱ সম্প্ৰসাৰণ কৰাঃ

১। আপোন ভালে জগত ভাল।

উত্তৰঃ এই জগতত অগণন মানুহ আছে। তাৰে কিছুমান সদায় বিমোৰত থকা দেখা যায়। তেওঁ আন মানুহক কেতিয়াও বিশ্বাস নকৰে, কাকো ভাল বুলি নাভাবে। তেওঁ ভাৱে তেওঁত বাহিৰে জগতৰ সকলো মানুহেই অসজ আৰু বেয়া। 

তেওঁৰ বাবে জগতখনেই বেয়া যেন লাগে। কিন্তু আনফালে আন কিছুমান মানুহ আছে ।যিসকলে সদায় আনন্দৰ মাজত দিন  নিযায়। কোনোবাই তেওঁৰ ক্ষতি কৰিলেও তেওঁ তাক খঙ নকৰে; তেওঁ ভুল কৰিছে ভাবি হাঁহি এটা মাৰে। মুঠতে তেওঁ সকলোকে ভাল পায় বাবে তেওঁৰ শত্ৰু একো নাই। 

দৰাচলতে তেওঁ নিজে ভাল বুলি গোটেই জগতখন তেওঁৰ বাবে ভাল। আনহাতে বেয়া মানুহৰ বাবে জগতখনেই বেয়া। সেই দেখি আমি সকলোৱে। নিজে ভাল হবলৈ চেষ্টা কৰিব লাগে। তেনেহলে মাথোন জগতখন নহয়, নিজৰ জীৱনটো আমাৰ বাবে সুখৰ আৰু আনন্দৰ জীৱন এটা হৈ পৰিব। 

২। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।

উত্তৰঃ উদ্যোগী নাইবা পৰিশ্ৰমী মানুহে জীৱনত সাফল্য লাভ কৰে। উদ্যোগী নোহোৱা হলে কোনোবাই জীৱনত উন্নতি কৰিব নোৱাৰে। আনকি দিনৰ দিনটো শিক্ষক নিয়াবলৈ অলপ অচৰপ কাম কৰিবই লাগিব। এলেহুৱা হৈ শুই থাকিলে মানুহে  জীৱনত দুখ পোৱাত বাহিৰে একো পন্থা নাই। আমি জানো শিয়ালে হাঁহ ধৰিবলৈ আৰু মাৰি খাবলৈ খুবেই পাৰ্গত। কিন্তু তাৰ বাবে হাঁহ বিচাৰি বিচাৰি তাক হাবিৰ এমূৰৰ পৰা আনটো মূৰলৈ দৌৰিব লাগে। তেনে উদ্যোগ আৰু শ্ৰম কৰিহে সি খাব পায়। 

তেনেদৰে কোৱা হৈছে ন হি সুপ্তস্য সিংহস্য মুখে প্রবিশন্তি মৃগাঃ— অর্থাৎ টোপনিত লাল-কাল দি শুই থকা সিংহৰ মুৰ্খত হৰিণা আহি নিজেই কেতিয়াও নোসোমায়। তাক হৰিণা বিচাৰি চিকাৰ কৰি হৰিণা মাৰিব লাগে।

৩।  অলপ অর্জন, বিস্তৰ ভোজন, সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ।

উত্তৰঃ ইংৰাজীত এটা ফকৰা আছে-Cut your coat according to your cloth অর্থাৎ কাপোৰখিনিৰ জোখেৰে কোটটো কটা (তৈয়াৰ কৰা)। অকল কোট চোলা নহয়, জীৱনৰ সকলো ক্ষেত্ৰত এই ফকৰাটো সমানে উপযোগী/ লাগতীয়াল। মানুহৰ আয় যিমান তেওঁ সেই হিচাবে খৰছ কৰিব লাগে। তাতকৈ বেছি খৰছ কৰি থাকিলে অলপতেই তেওঁ ধাৰত পোত খাই যাব। পিছত আৰু ধাৰ না পাব। তেতিয়া দৰিদ্ৰতাই তেওঁক গ্ৰাস কৰিব। গতিকে আয় মতে ব্যয় অবশ্যই কৰিব লাগিব ।

৩। লিংগ পৰিৱৰ্তন কৰাঃ

মনোহৰ।

যুৱক।

ছাত্ৰ।

সখা।

শিক্ষক।

উত্তৰঃ মনোহৰ – মনোহৰী।

যুৱক – যুৱতী।

ছাত্ৰ – ছাত্ৰী।

সখা – সখী।

শিক্ষক – শিক্ষয়িত্ৰী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top