ধৰ ঝাডু ধৰ ভাই Class 10 Assamese Important Notes to each chapter are provided in the list so that you can easily browse through different chapters ধৰ ঝাডু ধৰ ভাই Class 10 Assamese SEBA Important Notes and select need one.
Class 10 Assamese Important Notes ধৰ ঝাডু ধৰ ভাই
Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. ধৰ ঝাডু ধৰ ভাই Class 10 Assamese Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Assamese Important Notes ধৰ ঝাডু ধৰ ভাই Here we have given Solutions for All Subjects, You can practice these here.
ধৰ ঝাডু ধৰ ভাই
Chapter – 14
ASSAMESE
| IMPORTANT NOTES |
১। অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’ আখ্যা দিয়া হৈছিল।
২। ধৰ ঝাডু ধৰ ভাই কবিতাটিৰ কবি কোন?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী।
৩। কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ ১৯৫০ চনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনত সভাপতিত্ব কৰিছিল।
৪। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কিমান চনত গুৱাহাটীলৈ আহে?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ১৮৯৯ চনত গুৱাহাটীলৈ আহে।
৫। অম্বিকাগিৰী ৰায়চৌধুৰী গুৱাহাটীলৈ অহাৰ পিছত কোনখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী গুৱাহাটীলৈ অহাৰ পিছত সোণাৰাম হাইস্কুলত ইংৰাজী শিক্ষা গ্ৰহণ কৰে।
| ৰচনাধৰ্মী |
১। অম্বিকাগিৰী ৰায়চৌধুৰীৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ অম্বিকাগিৰী ৰায় চৌধুৰী এজন কবি, সাহিত্যিক আছিল। ১৮৮৫ চনৰ ১৮ ডিচেম্বৰ বৰপেটাত তেখেতৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম আছিল কৃষ্ণৰাম ৰায়চৌধুৰী আৰু মাতৃৰ নাম দৈৱকী দেৱী। তেখেতে মাত্ৰ অষ্টম শ্ৰেণীলৈহে পঢ়িছিল। তাৰ পাছত তেখেতে স্বাধীনতা আন্দোলনত যোগদান কৰিলে। ১৯০৪ চনত তেখেতে গুৱাহাটীত ‘এনাৰ্কিষ্ট’ দল গঠন কৰে। ১৯০৭ চনত বন্দিনী ভাৰত নামৰ নাটক এখন ৰচনা কৰি মঞ্চস্থ কৰে। ১৯২৭ চনত তেখেতে গুৱাহাটীত সংগীত বিদ্যালয় স্থাপন কৰে। তেখেতৰ পত্নীৰ নাম কৌশল্যা ৰায়চৌধুৰী। তেখেতৰ তিমিগৰাকী কন্যা আৰু এটা লৰা সন্তান আছে।
২। ‘হ’ল এৱে তোৰ সময় হ’বৰ জাতিৰ ঝাড়ুদাৰ যে ভাই।’- ইয়াত কবিয়ে কি কাৰণে ‘জাতিৰ ঝাড়ুদাৰ’ হোৱাৰ সময় হ’লহি বুলি সকিয়াই দিছে?
উত্তৰঃ বহু বছৰ ধৰি ভাৰতীবাসীয়ে ব্রিটিছৰ গােলামী কৰি ‘ধাৰে–ঋণে জীৱন দিয়ে ‘হিনে–ঘিণে তেওঁলােকৰ চৰণৰ পূজা কৰি থাকিল। ভাৰতবাসীৰ মাজত ‘হিংসা–দ্বেষৰ, ভেদাভেদৰ, ঘৃণা–ঘৃণিৰ ভেমৰ কত কি যে মলি মামৰ পৰি ‘সােণৰ চোতাল–ঘৰ’ত ক’ত যুগৰ ভূহৰ পৰি’ পােত খালে, মুখত ‘কাজল–ছাই’ পৰিল।
এইবােৰ সাৰি–পুচি আঁতৰাই ভাৰতবৰ্ষৰ তথা অসমক পৰিষ্কাৰ কৰিবলৈ ‘জাতিৰ ঝাড়ুদাৰ’ হােৱাৰ সময় হ’লহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে। নহ’লে চিৰকালেই ভাৰতবাসী তথা অসমবাসীয়ে গােলামি কৰি দুর্বিসহ জীৱন কটাব লাগিব।
৩। ধৰ ঝাড়ু ধৰ ভাই কবিতাটিৰ মূলভাৱ লিখা ।
উত্তৰঃ দেশপ্রেমী বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধনীতাৰ কাৰণে যুঁজাৰ কাৰণেই সশ্রম কাৰাবাস খাটিব লগীয়া হৈছিল। তােমাৰ ভিতৰত ঝাড়ু ধৰি তেওঁ পায়খানা আদি সাৰি–পূচি ঘৰ দুৱাৰ চিকুণাই তােলাৰ দৰে। ইমান দিনে ব্রিটিছৰ গােলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ আমাৰ মাজত হিংসা–দ্বেষৰ, ভেদা–ভেদৰ, ঘৃণা–ঘৃণিৰ, ভেম–অহংকাৰৰ যিবােৰ মলি–মামৰ গােট খালে তাক সকলােৱে মিলিজুলি, সাৰি–পুছি আমাৰ অন্তৰখন, আমাৰ মাতৃভূমিখন পৰিষ্কাৰ কৰিব লাগে।
তেতিয়াহে আমাৰ গােলামীৰ শিকলি আঁতৰি যাব। আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ’ব পাৰিব। বিশ্বৰ সভাৰ সভ্য জাতিৰ একে শাৰীতে বহাৰ সুযােগ লাভ কৰিব। সেয়ে সকলােকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ.কবিয়ে আহ্বান জনাইছে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


