অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Class 10 Assamese Important Notes

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Class 10 Assamese Important Notes to each chapter are provided in the list so that you can easily browse through different chapters অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Class 10 Assamese SEBA Important Notes and select need one.

Class 10 Assamese Important Notes অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Class 10 Assamese Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Assamese Important Notes অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Here we have given Solutions for All Subjects, You can practice these here.

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Chapter – 8

ASSAMESE

IMPORTANT NOTES

১। গৌতম বুদ্ধ ধৰ্মৰ মূল মন্ত্ৰ কি?

উত্তৰঃ গৌতম বুদ্ধ ধৰ্মৰ মূল মন্ত্ৰ হ’ল- অহিংসা পৰম ধৰ্ম।

২। লোকগীত কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ অনাদি কালৰে পৰা মুখে মুখে চলি অহা মৌখিক গীতসমূহকে লোকগীত বুলি কোৱা হয়।

উদাহৰণ স্বৰূপে – নিচুকনি গীত, নাওখেলোৱা গীত, বাৰমাহী গীত, আই নাম, বিয়া নাম, বিহুগীত,বনগীত ইত্যাদি।

৩। তান্ত্ৰিক ধৰ্ম কি?

উত্তৰঃ তান্ত্ৰিক ধৰ্ম হ’ল- প্ৰাচীন তন্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত হিন্দু ধৰ্ম।

৪। জাতি কাক বোলে?

উত্তৰঃ কুল, বংশ। কোনো এক ভূ-খণ্ডত সাধাৰণতে একে ভাষা, ধৰ্ম- সংস্কৃতিৰে বসবাস কৰা জনসমষ্টিকে জাতি বোলা হয়।

৫। আব্দুছ চাত্তাৰ ক’ত আৰু কেতিয়া জন্ম হৈছিল?

উত্তৰঃ যোৰহাট জিলাৰ তিতাবৰত। আৰু ১৯২২ চনত আব্দুছ ছাত্তাৰ জন্ম হৈছিল।

৬। আব্দুছ ছাত্তাৰ কেতিয়া অকাল মৃত্যু ঘটে?

উত্তৰঃ ১৯৮৭ চনত।

ৰচনাধৰ্মী

১। প্ৰব্ৰজন মানে কি? ইয়াণ্ডাবু সন্ধি চুক্তিৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ প্ৰব্ৰজন মানে হ’ল- এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আহি বাস কৰা কাৰ্য তাকে প্ৰব্ৰজন বোলে।

ইয়াণ্ডাবু সন্ধিঃ ১৮২৬ চনত মানৰজা আৰু বৃটিছৰ মাজত হোৱা সন্ধিচুক্তি। মানে অসম অধিকাৰ কৰি ইয়াত যি অবৰ্ণনীয় অত্যাচাৰ কৰিছিল, তাৰ অৱসান বিচাৰি অসমে বৃটিছৰ ওচৰত সহায় ভিক্ষা কৰিছিল। ফলত বৃটিছসকলে মানক অসমৰ পৰা খেদি পঠিয়াই দেশখন মানৰ হাতৰ পৰা নিজৰ হাতলৈ লৈ যায়। এই চুক্তি অনুসৰি আমাৰ স্বাধীনতা সূৰ্য মাৰ যায়। এই চুক্তি অনুযায়ী অসমদেশ মান ৰজাৰ পৰা বৃটিছৰ হাতলৈ যায় আৰু অসমৰ স্বাধীনতা সূৰ্য অস্তমিত হয়।

২। ডাকৰ বিষয়ে এটি বিৱৰণ দিয়া।

উত্তৰঃ কিংবদন্তী পুৰুষ ডাকৰ পিতৃ বৰাহমিহিৰ ব্ৰাহ্মণ আৰু মাতৃ কুমাৰ কুলৰ নাৰী। জন্মস্থান বৰপেটাৰ ওচৰৰ লেহিডঙৰা গাঁও বুলি কোৱা হয়। অসমৰ সামাজিক জীৱনত ‘ডাকৰ বচন বেদৰ বাণী সাদৃশ্য’ বুলি কোৱা হয়। এই বচনবোৰ ব্যৱহাৰিক জীৱনৰ বহু উপদেশ মূলক কথাৰে ভৰা, সৰহভাগেই খেতি-বাতি বিষয়ক। কৃষিজীবি মানুহে যুগ যুগ ধৰি লাভ কৰা অভিজ্ঞতাৰ ই বাহক। পুৰুষানুক্ৰমে বহুকাল মুখে মুখে চলি অহাৰ পিছতহে ই লিখিত ৰূপ হয়।

৩। ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’ কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।

উত্তৰঃ বিভিন্ন সময়ত অসমলৈ অহা বাহিৰা জনগােষ্ঠীসমূহে ৰজাঘৰীয়া পৃষ্ঠ পােষকতাত বা অসমীয়া মানুহৰ উদাৰতাৰ বাবেই অসমত স্থায়ীভাৱে ৰৈ গ’ল। এই বাহিৰা মানুহবােৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্পর্ক ছেদ কৰি অসমীয়া ভাষা–সংস্কৃতিকে নিজৰ বুলি আঁকোৱালি ল’লে। ফলত তেওঁলােকৰ প্রভাৱত সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।

এটা সম্প্রদায়ৰ ভাল ভাল আচাৰ–ব্যৱহাৰ, ৰীতি–নীতি সহজেই আনটোৱে গ্রহণ কৰিলে। সেয়ে খাদ্য–প্রণালী, ৰন্ধন–প্রণালী, সাজ–পাৰ, দৈনন্দিন ব্যৱহাৰৰ আচবাব।

আদি সকলােতে এক আমূল পৰিৱৰ্তন ঘটিল। এই পৰিৱৰ্তন বাধ্যতামূল কবা কোনেও কাকো জোৰ কৰি জাপি দিয়া পৰিৱৰ্তন নহয়। এয়া মানুহৰ মনৰ আৱেগৰ পৰা সৃষ্টি হােৱা। ফলত বিভিন্ন সংস্কৃতিৰ সংমিশ্ৰণত গঢ়ি উঠিল এক বলিষ্ঠ আৰু বৈচিত্র্যপূর্ণ বৃহৎ অসমীয়া সংস্কৃতি।

৪। অসমৰ বৈচিত্র্যপূর্ণ জনগােষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে— কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগােষ্ঠীৰ বৈচিত্রৰ কথা বর্ণনা কৰা।

উত্তৰঃ কথা ফাকিয়ে বর্তমানৰ অসমীয়া জাতিটো যে কোনাে এক বিশেষ গােষ্ঠীৰপৰা সৃষ্টি হােৱাৰ পৰিবৰ্তে বিভিন্ন ভাষা–গােষ্ঠীৰ কলা–সংস্কৃতিৰ ৰীতি নীতি বা আচাৰ–অনুষ্ঠানৰ সংমিশ্ৰণতহে বৃহৎ অসমীয়া জাতি গঢ় লৈ উঠিছে। তাকে বুজাব বিচাৰিছে। অর্থাৎ অসমীয়া জাতি বিভিন্ন জাতি–উপজাতি, জনগােষ্ঠী আদিৰ দ্বাৰা গঢ়িত নানাৰঙী ফুলেৰে গঠিত এডাল সুগন্ধি পুষ্পমালাস্বৰূপ ৷

বিভিন্ন সময়ত বিভিন্ন জনজাতীয় লােকসকলৰ অসমলৈ আগমন ঘটিছিল। ত্রয়ােদশ শতিকাত মংগােলীয় জনগােষ্ঠীৰ অসমলৈ আগমন ঘটিছিল৷ ইয়াৰে আগৰে পৰাই বড়ো, কছাৰী, কোচ–চুতীয়া, দেউৰী–ডিমাছা, মিচিং, তিৱা আৰু কাৰ্বি জনজাতিৰ লােকসকল অসমত আছিল। 

অতীত অসমৰ বাসিন্দা বুলিলে অকা, ডফলা, আবৰ–মিছিমি আদি জনগােষ্ঠীও অন্তর্ভুক্ত হৈছিল। এই জনজাতি সকলৰ সংস্কৃতিৰ ধৰ্মই বিশেষ স্থান লাভ কৰিছিল।

তদুপৰি অসমীয়া সংস্কৃতিত এই জনজাতিবােৰৰ যথেষ্ট উপাদান আছে। মিচিং, কছাৰী, তিৱা, কার্বি আদি সম্প্রদায়ে নিজ নিজ উপভাষা জীয়াই ৰখাৰ উপৰি অসমীয়া ভাষাকো আয়ত্ত কৰি নিজকে অসমীয়া বুলি পৰিচয় দিছিল।

ব্রিটিছে অসমত চাহ বাগান পতাত ইয়াত কাম কৰিবলৈ বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আদিৰ পৰাও চাওঁতালী, মুণ্ডা, ভুমিজ, তাতী আদি জনগােষ্ঠীয়ে অসমীয়া মাত–কথা গ্রহণ কৰি অসমীয়া আচাৰ, নীতি, সাজ–পাৰ গ্ৰহণ কৰি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰে।

চতুর্থ দশকত পূর্ববংগৰ পৰা অহা মৈমনসিংসকলেও নিজৰ মাতৃভাষা ত্যাগ কৰি অসমীয়া জনগােষ্ঠীক লৈয়েই অসমীয়া জাতি। সেয়েহে এওঁলােকৰ আচাৰ–নীতি, কলা সংস্কৃতিৰ লগতে বহুতাে জনজাতীয় শব্দ সম্ভাৰো অসমীয়া ভাষাত অন্তর্ভুক্ত হৈছে। সেয়ে লেখক আব্দুছ ছাত্তাৰদেৱে কৈছে, যে অসমৰ বৈচিত্র্যপূর্ণ জনগােষ্ঠীৰ গাঁথনিতে আসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা হৈছে।

৫। অসমত অসমীয়া মাধ্যমৰ বাহিৰে অইন মাধ্যমৰ বিদ্যালয় কোনে প্রতিষ্ঠা কৰা বুলি লিখকে উল্লেখ কৰিছে?

উত্তৰঃ বৃটিছৰ দিনত ৰেলগাড়ী প্ৰচলন হোৱাত, যাতায়তৰ সুবিধা হোৱাত ব্যবসায়-বাণিজ্য, পূজা-পাতল, চাকৰি-বাকৰি আদিৰ সুবিধা লৈ ৰাজস্থান, পঞ্জাৱ, বিহাৰ, উত্তৰপ্ৰদেশ আদিৰ পৰা অসমলৈ অহা লোকসকলে অসমীয়া ভাষা-সংস্কৃতি একো গ্ৰহণ নকৰাকৈয়ে সামাজিক আৰু ৰাজনৈতিক বিচাৰত অসমীয়া হ’ল। 

তেওঁলোকে নিজৰ ভাষা-ধৰ্ম-সংস্কৃতি অক্ষুণ্ণ ৰাখি অসমীয়া হৈ অসমৰ উপাৰ্জনেৰে নিজ নিজ ঠাইত একোখন ঘৰ চলাই থাকিল। এই সকল বহিৰাগত লোকেই অসমত অসমীয়া ভিন্ন হিন্দী, ইংৰাজী আদি মাধ্যমৰ বিদ্যালয় প্রতিষ্ঠা কৰা বুলি লিখকে উল্লেখ কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top