⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

ইণ্টাৰনেটৰ তিতা-মিঠা Class 10 Assamese Important Notes

ইণ্টাৰনেটৰ তিতা-মিঠা Class 10 Assamese Important Notes to each chapter are provided in the list so that you can easily browse through different chapters ইণ্টাৰনেটৰ তিতা-মিঠা Class 10 Assamese SEBA Important Notes and select need one.

Class 10 Assamese Important Notes ইণ্টাৰনেটৰ তিতা-মিঠা

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. ইণ্টাৰনেটৰ তিতা-মিঠা Class 10 Assamese Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Assamese Important Notes ইণ্টাৰনেটৰ তিতা-মিঠা Here we have given Solutions for All Subjects, You can practice these here.

ইণ্টাৰনেটৰ তিতা-মিঠা

Chapter – 9

ASSAMESE

IMPORTANT NOTES

১। কিমান চনৰপৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল?

উত্তৰঃ ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল। 

২। প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?

উত্তৰঃ প্রাচীন কালৰে পৰা অসম দেশ যাদু–মন্ত্র আৰু ঐন্দ্রজালিক বিদ্যাৰ কাৰণে প্রসিদ্ধ আছিল।

৩। কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?

উত্তৰঃ ভাষিক সংমিশ্রণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিছিল।

৪। অগ্ৰিম শব্দৰ অৰ্থ কি?

উত্তৰঃ আগেয়ে দিয়া বা দিব লগা।

ৰচনাধৰ্মী

১। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?

উত্তৰঃ ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে বিভিন্ন ধৰণৰ নতুন অভিজ্ঞতা আহৰণ কৰিলে। কুঁৱলী অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল পঠিয়াই তাৰ সঁহাৰি ৰূপে বন্ধত শ্বেৰণৰ মাক-দেউতাৰ সৈতে ফুৰিবলৈ যোৱা ছেইণ্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে তাইৰ অভিজ্ঞতাৰ বৰ্ণনাৰ বিষয়ে জানিব পাৰিলে।

ভিডিঅ’কলিঙ উপভোগ কৰি তাই যেন মুখামুখিকৈ কাৰোবাৰ লগত বহি কথা পাতি আছে সেয়া অনুভৱ কৰিলে। ইন্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকি ললে। সপ্তাহৰ নিৰ্দ্ধাৰিত কেইটামান দিনত কুঁৱলীয়ে পঢ়া সামৰি অলপ সময় মনোঞ্জন আমেজ ললে। 

নীতি শিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহ শুনা আৰু দৰ্শন কৰাৰ লগতে খেল-ধূলাও উপভোগ কৰিলে। ইণ্টাৰনেটত কুঁৱলীয়ে দক্ষিণ ভৰতলৈ যোৱাৰ টিকট কাটিলে, হোটেল বন্দবস্ত কৰিলে।

আনকি থাকিবলগীয়া হোটেলৰ অগ্ৰিম ভাড়া জমা দিলে। ই-কমাৰ্চৰ সুবিধাত সাজ-পোছাক আৰু লাগতিয়াল সামগ্ৰী ক্ৰয় কৰিলে। এইদৰে কুঁৱলীয়ে ইণ্টাৰনেট ব্যৱহাৰ কৰি বিভিন্ন সুবিধা লাভ কৰিলে।

২। ইন্টাৰনেটৰ তিতা মিঠা’ গল্পটোৰ নামকৰণ সাৰ্থকতা বিচাৰ কৰা।

উত্তৰঃ ইন্টাৰনেটৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণভাৱে ধাৰণা এটি দিৱলৈ গৈ লেখিকা ড° প্ৰণয়ী দত্তই এই গল্পটিৰ নাম ‘ইন্টাৰনেটৰ তিতা মিঠা’ ৰাখিব বুলি ধাৰণা কৰিলে।

পৃথিৱীৰ সকলো বস্তুৰে ভাল বা দুয়োটা দিশ আছে। লেখিকা  ড॰ প্ৰণয়ী দত্ত নিজেও ইলেক্ট্ৰনিক মাধ্যমৰ হোৱা হেতুকে সেই মাধ্যমৰ সুবিধা-অসুবিধা দুয়ো দিশতে তেওঁ জ্ঞাত।

ইন্টাৰনেটৰ বহুল প্ৰসাৰ তথা উপযোগিতাই মানুহৰ শ্ৰম লাঘৱ কৰি থাকোতে বিভিন্ন বতৰা দিৱলৈ সক্ষম হৈছে, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নজনাৰ বাবে বহুলোক বিশেষকৈ ছাত্ৰসমাজ বিভিন্ন ক্ষতিৰো মুখামুখি হৈছে।

এটা মূদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। সূৰ্য সৰ্বশক্তিৰ আধাৰ। সূৰ্যৰ তাপ পোঁহৰ নথকা হলে এই ধৰণিত জীৱ আৰু উদ্ভিদকুলৰ একো অস্তিত্ব নাথাকিলেহেতেন। আকৌ ইয়াৰ বিপৰীতফালে সূৰ্যৰ উৎকট তাপত জহকালি আমি বাটলৈ ওলাব নোৱাৰোঁ, ঠায়ে ঠায়ে মানুহ তথা জীৱ জন্তুৰ লগতে গছ-লতিকাও মৃত্যুমুখত পৰে। 

একেদৰে ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত আগবঢ়াই নি উন্নতিৰ সপোণ ৰচিব পাৰিব। 

অৱেশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব। এই ক্ষেত্ৰত পূৰ্ণমাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব, তেতিয়া সেই বেয়া দিশ তথা কু-ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ় প্ৰতিজ্ঞ হব। 

ইন্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও জানিব পাৰি। মনোৰঞ্জনৰ বাবে নীতিশিক্ষা থকা পুৰণি চিনেমা, সু-গায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাও উপভোগ কৰিব পাৰি। 

মুঠতে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞান আৰু খা-খবৰ ইন্টাৰনেটৰ জৰিয়তে লব পাৰি বুলি লেখিকা গৰাকীয়ে উল্লেখ কৰিছে। ইন্টাৰনেটৰ এনে সুবিধাবোৰক মিঠা সুবিধা বোলা হৈছে।

ইন্টাৰনেটৰ আনহাতে কিছুমান অসুবিধাও আছে। ইন্টাৰনেটে এতিয়াৰ নতুন প্ৰজন্মক কিতাপৰ জগতৰ পৰা, খেলা-ধূলাৰ জগতখনৰ পৰা, সাহিত্য-সংস্কৃতি আদিৰ পৰা বহুত আঁতৰাই আনিছে। 

ইন্টাৰনেটৰ জৰিয়তে কিছুমান মিছা তথা ভুৱা বাতৰিৰ প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে।

গতিকে কোনেও যেন ইন্টাৰনেটৰ পৰা এনে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হবলগীয়া নহয়। তাৰ বাবে সীমিতভাৱে আৰু সচেতনাৰে ব্যৱহাৰ কৰিব লাগে। সেইবাবে এই গল্পটোৰ নাম ‘ইন্টাৰনেটৰ তিতা মিঠা’ নামেৰে সাৰ্থক কৰা হৈছে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “ইণ্টাৰনেটৰ তিতা-মিঠা Class 10 Assamese Important Notes”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top