অৰুণিমা সিনহা Class 10 Assamese Important Notes

অৰুণিমা সিনহা Class 10 Assamese Important Notes to each chapter are provided in the list so that you can easily browse through different chapters অৰুণিমা সিনহা Class 10 Assamese SEBA Important Notes and select need one.

Class 10 Assamese Important Notes অৰুণিমা সিনহা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. অৰুণিমা সিনহা Class 10 Assamese Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Assamese Important Notes অৰুণিমা সিনহা Here we have given Solutions for All Subjects, You can practice these here.

অৰুণিমা সিনহা

Chapter – 10

ASSAMESE

IMPORTANT NOTES

১। অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?

উত্তৰঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল।

২। জয়শ্রী গোস্বামী মহন্তই কোনখন বাতৰি কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে?

উত্তৰঃ জয়শ্রী গোস্বামী মহন্তই ‘এদিনৰ সংবাদ’  বাতৰি কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে।

৩। কোন চনত ভাৰত চৰকাৰে ড° জয়শ্ৰী গোস্বামী মহন্তক পদ্মশ্ৰী উপাধিৰে সম্মানিত কৰিছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ২০১৮ চনত ভাৰত চৰকাৰে ড° জয়শ্ৰী গোস্বামী মহন্তক পদ্মশ্ৰী উপাধিৰে সম্মানিত কৰিছিল।

8। ড° জয়শ্ৰী গোস্বামী মহন্ত কোন চনত ৰাজ্য সভাৰ সাংসদ প্ৰতিষ্ঠিত হৈছিল?

উত্তৰঃ ড° জয়শ্ৰী গোস্বামী মহন্ত ১৯৯৯ চনত ৰাজ্য সভাৰ সাংসদ প্ৰতিষ্ঠিত হৈছিল।

ৰচনাধৰ্মী

১। অৰুণিমা সিনহা ৰেভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। 

উত্তৰঃ এভাৰেষ্ট অভিযানৰ আগতে লাড়াখত থকা মাউন্ট চামছেৰ কাংৰি অভিযানত ব্যর্থ হ’লেও অৰুণিমাৰ এভাৰেষ্ট বিজয়ৰ সপােন ভাগি যােৱা নাছিল। এইবাৰ নতুন উদ্যম আৰু মনােবলেৰে মাউন্ট এভাৰেষ্ট বগাবলৈ সাজু হ’ল অৰুণিমা।

মাউন্ট এভাবেষ্টৰ শৃংগত থিয় হৈ ফটো তােলাৰ, ভিডিঅ’ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনােৱাৰ অভিপ্রায়েৰে দুটাকৈ কেমেৰা লগত লৈ গৈছিল ৷ 

লৈছিল পানী আৰু অক্সিজেন। চাৰি নং কেম্প পাওঁতে দুয়ােখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেনাে প্রায় শেষ হওঁ হওঁ হৈছিল গৈ। লগত যােৱা শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে সকীয়াই দিছিল, যে যিকোনাে মুহূর্ততে লগত নিয়া অক্সিজেন শেষ হৈ যাব পাৰে। তেতিয়া মৃত্যু নিশ্চিত।

পিছে কোনাে সকীয়নিকে মন নকৰি তেওঁ আগুৱাই গৈ থাকিল। বাটত যাওঁতে তেওঁ আঁঠু দুটাৰ পৰা নিগৰি অহা তেজবােৰ ৰুমালেৰে মচি গৈ থাকোঁতে বহুতে অভিযাত্রীৰ মৃত দেহ দেখা পাইছিল।

কিন্তু একোৱে তেওঁক নিৰস্ত কৰিব পৰা নাছিল। প্রচণ্ড পৰিশ্রম, অদম্য মনােবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল। যাত্রা কৰাৰ দিনৰ অন্তত নিশা প্রায় ৮ বজাত অৰুণিমাই ৮৮৪৮ মিটাৰ উচ্চতাত অবস্থিত মাউন্ট এভাৰেষ্ট শৃংগত পদার্পণ কৰিবলৈ সমৰ্থ হ’ল।

তেওঁৰ অক্সিজেন শেষ হ’বলগীয়া হৈছিল। লগত যােৱা শ্বেৰপাজনক মাউন্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো আৰু ভিডিঅ’ ল’বলৈ অনুৰােধ কৰিলে। সপােন পূৰ হােৱাৰ আনন্দত তেওঁ সেই শিখৰত প্রায় ডেৰঘণ্টা সময় আছিল। তাৰিখটো আছিল ২০১৩ চনৰ ২১ মে।

২। অৰুণিমা সিন্‌হাৰ  বিষয়ে এটি টোকা যুগুত কৰা। 

উত্তৰঃ অৰুণিমা সিন্‌হা এগৰাকী দৃঢ় মনৰ সাহসী ২৬ বছৰীয়া যুৱতী আছিল। তেওঁৰ ঘৰ আছিল উত্তৰ প্ৰদেশত। তেওঁ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃতী ভলীবল খেলুৱৈ হিচাপে পৰিচিতি লাভ কৰিছিল। তেওঁ অত্যন্ত সাহসী, দৃঢ় মনৰ যুৱতী আছিল।

তেওঁ সকলো ধৰণৰ প্ৰতিকূল পৰিস্থিতিক প্রত্যাহ্বান জনাব পৰা মনোবলৰ অধিকাৰী আছিল। সেয়ে দুৰ্ঘটনাত এখন ভৰি হেৰুৱাই আনখন ভৰিতো লোৰ ৰড লগাই চলা-ফিৰা কৰিবলগা অৱস্থাতো কৃত্ৰিম ভৰি লগাই লৈ পর্বতাৰোহণৰ স্বপ্ন দেখি। সেই স্বপ্ন দিঠগত পৰিণত কৰিবলৈ আহত অৱস্থাত হস্পিতালৰ চিকিৎসা শেষ কৰিয়ে ঘৰলৈ নগৈ পৰ্বতাৰোহণৰ পৰামৰ্শ বিচাৰি এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ ওচৰ চাপিছিল। 

তাৰ পিছত বাচেন্দ্রি পালৰ  তত্ত্বাবধানত এবছৰ পৰ্বতাৰোহণৰ অনুশীলন চলাই। অৱশেষত মাউন্ট এভাৰেষ্ট শৃংগত অৰোহণ কৰি যুগমীয়া কীৰ্তি স্থাপন কৰিবলৈ সক্ষম হৈছিল। 

এই সাফল্যৰ বাবে তেওঁ ৰাষ্ট্ৰীৰ দ্বাৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত হৈছিল।

এইবোৰৰ মূলতে আছিল অৰুণিমা সিন্‌হাৰ জীৱনত হাৰ মানিব নোখোজো অদ্যম সাহস, ইচ্ছাশক্তি আৰু মনৰ দৃঢ়তা যিবোৰ তেওঁক উন্নতিৰ শিখৰত বগাবলৈ সততে উদ্বুদ্ধ কৰিছিল।

4 thoughts on “অৰুণিমা সিনহা Class 10 Assamese Important Notes”

  1. It is quite fascinated!
    I’m glad to write notes and question answer ( specially Assamese) apart from this web site. But, I will be more thankful to you, if the grammar portion of Assamese ( that gives all the common examples+ Essay+Letter+etc) is addeD. ALSO I want to know about your profile moreee! (Whether it has any channel or any app?) . “That’s all and Thanks a lot with a great day!”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top