জিকিৰ Class 10 Assamese Important Notes

জিকিৰ Class 10 Assamese Important Notes to each chapter are provided in the list so that you can easily browse through different chapters জিকিৰ Class 10 Assamese SEBA Important Notes and select need one.

Class 10 Assamese Important Notes জিকিৰ

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. জিকিৰ Class 10 Assamese Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Assamese Important Notes বৰগীত Here we have given Solutions for All Subjects, You can practice these here.

জিকিৰ

Chapter – 2

ASSAMESE

IMPORTANT NOTES

১। জিকিৰ কাক বোলে?

উত্তৰঃ যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মক মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে-তাকে জিকিৰ বুলি কোৱা হয়।

২। মক্কা কি?

উত্তৰঃ মক্কা হ’ল মুছলমানসকলৰ ধৰ্মস্থান। তেখেতে সকলে বিশ্বাস কৰে যে মক্কা দৰ্শন কৰা জনে বেহেস্তত স্থান পায় আৰু সকলো পাপ নাশ হয়।

৩। আজান ফকিৰৰ ‘জিকিৰ আৰু জাৰি’ গীতটোৰ গুৰুত্ব কি?

উত্তৰঃ আজান ফকিৰৰ ‘জিকিৰ আৰু জাৰি’ৰ মাজেদি সংসাৰ যাত্ৰাৰ সংকেত প্ৰতিফলিত হৈছে। জীৱনৰ প্ৰতিটো খোজতে আমি সচেতনভাৱে খোজ দিব লাগে। মানৱ দেহ ক্ষণস্থায়ী। এই অস্থায়ী দেহক লৈ অহংকাৰ কৰাৰ কাৰণ নাই।

৪। তিৰবেণীৰ শব্দৰ অৰ্থ কি?

উত্তৰঃ তিৰবেণীৰ শব্দৰ অৰ্থ হ’ল- 

ত্ৰিবেণী। গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থল, পৱিত্ৰ ঠাই।

৫। আদম শব্দৰ অৰ্থ কি?

উত্তৰঃ আদম শব্দৰ অৰ্থ হ’ল- আদি মানৱ।

ৰচনাধৰ্মী প্ৰশ্ন

১। জিকিৰ কবিতাটিৰ মূলভাৱ লিখা। 

উত্তৰঃ অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব, আদৰ্শ আৰু আচাৰ-নীতিৰ মৌলিক ভাৱ-চিন্তা প্ৰকাশক ভক্তিমূলক গীত বিশেষ। অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী-পাৰ্চী মূলৰ শব্দও জিকিৰত অন্তৰ্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল।জিকিৰ শব্দটো আৰবী ‘জিকৰ’ শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ’ল ঘনে ঘনে উচ্চাৰণ কৰা।

ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্ম গুৰু সকলৰ ভিতৰত আজান ফকীৰ অন্যতম। তেওঁ অসমলৈ আহে কোনোৰ মতে আৰৱ দেশৰ পৰা আৰু কোনোৰ মতে আজমিৰৰ পৰা আজান ফকীৰৰ অসম আগমনৰ সময় সম্পৰ্কে নানান তথ্য পোৱা যায়। আনুমানিক খ্ৰীষ্টিয় সপ্তদশ শতিকাৰ মাজ ভাগত গদাধৰ সিংহৰ শাসন কালত অসমলৈ অহা আজান ফকিৰে কম সময়ত ভিতৰতে অসমীয়া মাত-কথা সুন্দৰকৈ শিকি, জিকিৰ আৰু জাৰী গীত ৰচনা কৰে। তেওঁৰ নাম হজৰত শ্বাহ মিলন।

অসমৰ বৈষ্ণৱ ধৰ্মৰ লগত আজান ফকীৰৰ চাহাবৰ প্ৰবৰ্তিত পন্থাৰ বহুতো সাদৃশ্য দেখা যায়। অনেক জিকিৰত বৈষ্ণৱ সাহিত্য আৰু লোকগীতৰ প্ৰতি ধ্বনি শুনা যায়। এই গীতটিৰ ভাববস্তুৰ জৰিয়তে ধৰ্ম-বৰ্ণৰ মাজত সম্নয়ৰ ভাব গঢ়ি তুলিব পৰা যাব বুলি আশা কৰিয়েই গীতটি ইয়াত সন্নিবিষ্ট কৰা হৈছে।

জনশ্ৰুতি মতে আজান ফকীৰেই পোনপ্ৰথম অসমত ‘আজান’ দি নামাজ পঢ়িবলৈ মুছলমান সকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। ফকীৰৰ জীৱন বৰ সংঘাত পূৰ্ণ আছিল। অসমত আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ’ব লগা হৈছিল। 

পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ শৰাগুৰি চাপৰিত মাটি-বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে ছকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে।

২। ব্যাখ্যা কৰাঃ

মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।

বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।

উত্তৰঃ উদ্ধৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত জিকিৰ নামৰ কাব্যাংশৰ অন্তর্গত। কাব্যাংশত উল্লিখিত ‘তিৰবেণী ঘাট’কথাষাৰে মক্কা এখন পৱিত্র তীৰ্থস্থান বুলি বুজাবলৈ যত্ন কৰিছে। অন্তৰত যাৰ ধর্মভাৱ থাকে বা যিজনে আল্লাৰ দর্শন। পাব বিচাৰে তেওঁহে মক্কালৈ যাব বিচাৰে। আল্লা বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ মানুহে সংসাৰৰ মায়া–মােহ ত্যাগ কৰিব পাৰিব লাগিব। 

কিন্তু সংসাৰৰ মায়া–মোহে আমাক এনেদৰে আচ্ছন্ন কৰি ৰাখে যে ভগৱানৰ সান্নিধ্য লাভতকৈ মানুহে পাৰ্থিৱ সুখ–ভােগতহে বেছিকৈ গুৰুত্ব দিয়ে। মানৱ জীৱন যে ক্ষণস্থায়ী বা সংসাৰ যে দুদিনীয়া সেই কথা মানুহে কেৱল মায়াৰ বান্ধোনত বান্ধ খাই থাকে বাবেই উপলব্ধি নকৰে। কিন্তু প্রকৃত শান্তি কেৱল ভগৱানৰ চিন্তা কৰিহে লাভ কৰিব পাৰি। 

৩। ত্ৰিবেণী বুলি কাক কোৱা হয়? জিকিৰৰ বিষয়ে উদাহৰণসহ আলোচনা কৰা।

উত্তৰঃ গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থলক ত্ৰিবেণী বুলি কোৱা হয়।

জিকিৰঃ অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব, আদৰ্শ আৰু আচাৰ-নীতিৰ মৌলিক ভাৱ-চিন্তা প্ৰকাশক ভক্তিমূলক গীত বিশেষ। অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী-পাৰ্চী মূলৰ শব্দও জিকিৰত অন্তৰ্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল। জিকিৰ শব্দটো আৰবী ‘জিকৰ’ শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ’ল ঘনে ঘনে উচ্চাৰণ কৰা।

আল্লাৰ নামৰ বাৰম্বাৰ উচ্চাৰণ কৰি উপাসনাত আত্মনিয়োগ কৰাটো ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি।

যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মক মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে-তাকে জিকিৰ বুলি কোৱা হয়। 

জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ, কলিমাৰ মহত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়ীত্ব, ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা ইত্যাদি। জিকিৰ দৰে জাৰী গীতসমূহো অসমীয়া ইছলাম সমাজত বহুলভাৱে প্ৰচলিত। আজান ফকীৰ ৰচিত জিকিৰ আৰু জাৰী গীতসমূহত শঙ্কৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে। 

উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত। যেনে- টোকাৰী গীত, দেহবিচাৰৰ গীত ইত্যাদিৰ সুৰৰ সৈতে জিকিৰ আৰু জাৰী গীতৰ গীতৰ সুৰৰ সাদৃশ্য মন কৰিবলগীয়া। অসমীয়া গীতি-সাহিত্যৰ ইতিহাসত জিকিৰ আৰু জাৰী গীতসমূহ অমূল্য সম্পদ।

৪। জিকিৰ কবিতাটিৰ কবি-পৰিচয় সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্ম গুৰু সকলৰ ভিতৰত আজান ফকীৰ অন্যতম। তেওঁ অসমলৈ আহে কোনোৰ মতে আৰৱ দেশৰ পৰা আৰু কোনোৰ মতে আজমিৰৰ পৰা আজান ফকীৰৰ অসম আগমনৰ সময় সম্পৰ্কে নানান তথ্য পোৱা যায়। আনুমানিক খ্ৰীষ্টিয় সপ্তদশ শতিকাৰ মাজ ভাগত গদাধৰ সিংহৰ শাসন কালত অসমলৈ অহা আজান ফকিৰে কম সময়ত ভিতৰতে অসমীয়া মাত-কথা সুন্দৰকৈ শিকি, জিকিৰ আৰু জাৰী গীত ৰচনা কৰে। তেওঁৰ নাম হজৰত শ্বাহ মিলন।

জনশ্ৰুতি মতে আজান ফকীৰেই পোনপ্ৰথম অসমত ‘আজান’ দি নামাজ পঢ়িবলৈ মুছলমান সকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। ফকীৰৰ জীৱন বৰ সংঘাত পূৰ্ণ আছিল।অসমত আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ’ব লগা হৈছিল। 

পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ শৰাগুৰি চাপৰিত মাটি-বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে ছকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে। তাতেই তেখেতৰ মৃত্যু হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top