🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

বিষাদ যোগ Class 10 Assamese Important Notes

বিষাদ যোগ Class 10 Assamese Important Notes to each chapter are provided in the list so that you can easily browse through different chapters বিষাদ যোগ Class 10 Assamese SEBA Important Notes and select need one.

Class 10 Assamese Important Notes বিষাদ যোগ

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. বিষাদ যোগ Class 10 Assamese Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Assamese Important Notes বিষাদ যোগ Here we have given Solutions for All Subjects, You can practice these here.

বিষাদ যোগ

Chapter – 15

ASSAMESE

IMPORTANT NOTES

১। জনাৰ্দ্দন কাক বোলে?

উত্তৰঃ দুষ্টজনক অৰ্দন বা পীড়ন কৰে কাৰণে কৃষ্ণ বা বিষ্ণুক জনাৰ্দ্দন বোলে।

২। অগ্ৰগণী মানে কি?

উত্তৰঃ অগ্ৰগণী মানে হ’ল- প্ৰধান বা মুখ্য।

৩। মহাৰথী কাক বোলে?

উত্তৰঃ যিজন যোদ্ধাই একেলগে দহ হাজাৰ ধানুকী অৰ্থাৎ ধনুৰ্দ্ধৰ বীৰ লৈ যুদ্ধ কৰে তেওঁকেই মহাৰথী বোলে।

৪। ভট্টদেৱৰ সম্পূৰ্ণ নাম কি আছিল?

উত্তৰঃ ভট্টদেৱৰ সম্পূৰ্ণ নাম হ’ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য।

৫। কুলক্ষয় দোষক কিয় মহাপাপ বােলা হৈছে, আলােচনা কৰা ৷ 

উত্তৰঃ কুলক্ষয় হ’লে কুলধর্ম নষ্ট হয়, ধর্ম নষ্ট হ’লে অৱশিষ্ট কুলতাে অধর্ম বিয়পে। অধর্ম বিয়পিলে কুলস্ত্ৰীসকল দুষ্টা হ’ব। স্ত্রী দুষ্টা হ’লে বর্ণসংকৰ হ’ব, কুল নৰকগতি হ’ব, তেতিয়া পিতৃসকল লুপ্তপিণ্ড জ্বলাঞ্জলিহীন হৈ পৰিব। এই কথা শ্ৰুতিত আছে। ৰাজ্যসুখ  লােভত স্বজন বধ কৰাৰ দৰে মহাপাপ আচৰণ কৰিবলৈ আগবঢ়া বুলি মনলৈ অহাত তেওঁ অস্ত্র নধৰাে বুলি অংগীকাৰ কৰে। 

৬। ‘মহাপাপ কৰিতে আমি নিশ্চয় কৰিলো’—কথাষাৰ কোনে, কেতিয়া কৈছিল লিখা।

উত্তৰঃ কপিধ্বজ অর্জুনে যুদ্ধ ক্ষেত্ৰত কৌৰৱ সৈন্যসকলক দেখি সাৰথি শ্ৰীকৃষ্ণক দুয়োদল সেনাৰ মাজত তেওঁৰ ৰথ ৰখাবলৈ কলে। শ্ৰীকৃষ্ণই ৰথ ৰখাই কৌৰৱ সেনা সকলক চাবলৈ কোৱাত অর্জুনে চাই দেখিলে গুৰু-জ্ঞাতি, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ সকলো মৰণপণ কৰি যুদ্ধক্ষেত্ৰত উপস্থিত হৈছে। 

সেই দৃশ্য দেখি অর্জুন বিমৰ্ষ হৈ পৰিছে, যুদ্ধ কৰিব দূৰৰ কথা, তেওঁ তাত থিয় হৈ থাকিব নোৱাৰা হৈ পৰিছে। গুৰু, জ্ঞাতি, স্বজনক বধ কৰি তেওঁলোকে মহাপাপ কৰিবলৈ ওলাইছে বুলিহে অৰ্জুনৰ ধাৰণা হ’ল।

তেওঁ সেই মহাপাপ কৰিব নোৱাৰে বুলি ধনু-শৰ এৰি বিষণ্ণ বদনে ৰথৰ ওপৰত বহি পৰিল। মহাবীৰ অৰ্জুনে যুদ্ধক্ষেত্ৰত সৈন্যসকলক দেখি, সেইসকলে আপোনাৰ আত্মীয়-বন্ধু হোৱা বাবে বিষাদিত হৈ শ্ৰীকৃষ্ণক এই কথাষাৰ কৈছিল।

৭। ভীষ্মক জীৱনে আমাৰ জীৱন’—এই কথাষাৰ কোনে, কাক কৈছিল বুজাই লিখা।

উত্তৰঃ পাণ্ডৱৰ সেনাসকল বেহু পাতি ৰোৱা দেখি দুর্যোধন ভীতিগ্ৰস্ত হৈ গুৰু দ্রোণাচাৰ্যৰ ওচৰলৈ গৈ কৈছিল, যে পাণ্ডৱৰ সাত্যকি, বিৰাট, চেকিতান আদি ধনুৰ্দ্ধৰ বীৰসকল যুদ্ধক্ষেত্ৰত আছে।

কৌৰৱ পক্ষত পিতামহ ভীষ্ম, গুৰুদ্রোণ, মহাৰথী কৰ্ণ আদি বিশিষ্ট বীৰ সেনাপতিসকল থকা সত্ত্বেও কৌৰৱৰ একাদশ অক্ষৌহিণী সৈন্যই পাণ্ডৱৰ সাত অক্ষৌহিণী সৈন্যৰ সৈতে যুঁজাৰ অসমৰ্থ যেন অনুমান হৈছে। সেয়ে দুর্যোধন সৈন্যসকলক কৈছিল যাতে সেনাপতি ভীষ্ম পিতামহক সাৱধানে সুৰক্ষিত কৰি ৰাখে। 

ভীষ্মই সমুখৰ পিনে যুদ্ধ কৰি থাকোতে পিচফালৰপৰা–যাতে কোনেও আঘাত কৰিব নোৱাৰে তাৰ বাবে সাৱধান হবলৈ দুর্যোধনে কৌৰৱ সৈন্য সকলক সঁকিয়াই দিছিল। পিতামহ ভীষ্ম কৌৰৱৰ সেনাপতি। সেনাপতি ৰক্ষা পৰি থাকিলে যুদ্ধত জয়লাভৰ আশা কৰা হয়। গতিকেই ভীষ্ম জীয়াই থকা মানেই কৌৰৱৰ মঙ্গল। এই কথাকে বাক্যটিত কোৱা হৈছে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top