কানাইৰ চাতুৰী Class 10 Assamese Important Notes

কানাইৰ চাতুৰী Class 10 Assamese Important Notes to each chapter are provided in the list so that you can easily browse through different chapters কানাইৰ চাতুৰী Class 10 Assamese SEBA Important Notes and select need one.

Class 10 Assamese Important Notes কানাইৰ চাতুৰী

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. কানাইৰ চাতুৰী Class 10 Assamese Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Assamese Important Notes কানাইৰ চাতুৰী Here we have given Solutions for All Subjects, You can practice these here.

কানাইৰ চাতুৰী

Chapter – 13

ASSAMESE

IMPORTANT NOTES

১। কৃষ্ণৰ শঙ্খটোৰ নাম কি?

উত্তৰঃকৃষ্ণৰ শঙ্খটোৰ নাম হ’ল- পাঞ্চজন্য।

২। পাণ্ডু পুত্ৰ পঞ্চ পাণ্ডৱৰ নাম কি?

উত্তৰঃ পাণ্ডু পুত্ৰ পঞ্চ পাণ্ডৱৰ নাম আছিল। যুধিষ্ঠিৰ, ভীম, অৰ্জ্জুন, নকুল, আৰু সহদেৱ।

৩। অৰ্জুনে শ্ৰীকৃষ্ণৰ উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ অর্জনে সন্মুখত দেখি গাণ্ডীৱ ধনু ধৰি হৃষীকেশ ভগৱন্তক এই বাক্য বুলিলে— “হে অচ্যুত, এই উভয় সেনাৰ মধ্যত মােৰ ৰথখন ৰাখা। মই পাণ্ডৱৰ বিৰুদ্ধে যুঁজিবলৈ অহা বীৰসকলক চাওঁ।

যদি তুমি কোৱা যে তুমি যুঁজাৰু, যুদ্ধ চোৱা তােমাৰ কাম নহয়। তেন্তে অর্জুনেনো কাৰ বিৰুদ্ধে যুদ্ধ কৰিব, দুৰ্বোদ্ধি দুর্যোধনৰ প্রতি অনুগত হৈ যিসকল বী আহিছে তেওঁলােকক চাওঁ। গতিকে উভয় সেনাৰ মাজত মােৰ ৰথখন ৰাখিবা।

৪। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ হ’ল- তেওঁৰ গদায়েই উত্তৰ ভাৰতৰ ভিতৰত প্ৰথম গদ্য। ভট্টদেৱৰ গাদ্যত তত্ত্বগধুৰ অসমীয়া কথা প্রকাশ পাইছে। তেওঁৰ গদ্য বুৰঞ্জীৰ ভাষাৰ দৰে কথিত গদা নহয়। আনহাতে তেওঁৰ গদ্য পদ্যৰ ভাষাৰ দৰে। ছন্দ ৰীতিৰ কিছুমান লক্ষণ তেওঁৰ গদ্যভাষাত দেখা যায়। ভট্টদেৱৰ গদ্য অসমীয়া ভাষাৰ প্রথম গদ্য।

৫। মাকৰ কি কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা।

উত্তৰঃ যশোদাই কৃষ্ণক মাটি খোৱা বদনাম দিয়া, কৃষ্ণক কলীয়া বুলি মাতা, যশোদা ৰাজ পটেশ্বৰী হৈওঁ যে কৃষ্ণক সোণৰ বাঁহী এটা গঢ়াই দিয়া নাই। বাহৰ বাঁহী বজাওতে দুই ওঠ ফাটি তেজ ওলাই যায়, গৰু চৰাবলৈ যাওঁতে যে আধা পেটে যায়। গৰু আগুৰুতে কন্টক বলে বিন্ধে তথাপিও যে যশোদাই কৃষ্ণক গালি দিয়ে সেই কথা কবলৈ কৃষ্ণ লাজ লাগে বুলি কৈছে।

৬। তাৎপৰ্য ব্যাখ্যা কৰাঃ

 মোহিনী স্বৰূপে      অমৃত পিয়ালো

                সাধিলো দেৱৰ কাম।

তোমাৰ ঘৰে আসি      বৰ যশ পাইলো

                লৈলো দধিচোৰ নাম।।

উত্তৰঃ ভগৱান শ্ৰীকৃষ্ণই মোহিনীৰ অৱতাৰ ধাৰণ কৰি দেৱতাৰ সকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল। সেইজন কৃষ্ণই যশোদাৰ ঘৰত আহি  যেতিয়া দধি চোৰ নাম পাইছিল তেতিয়া কৃষ্ণই বহুত লাজ পাইছিল।

৭। কানাই চাতুৰী কবিতাটি মূলভাৱ লিখা।

উত্তৰঃ কানাইৰ চাতুৰী পাঠটিত শ্ৰীকৃষ্ণৰ শিশুসুলভ চাতুৰী প্রদর্শন কৰা হৈছে। এদিনাখন কৃষ্ণই ছল কৰি বেলি দুপৰীয়ালৈকে শুই থকাত তেওঁক বিচাৰি নন্দৰজাৰ ঘৰত গােপশিশুসকল উপস্থিত হয়। মাতৃ যশােদাৰ ওচৰত তেওঁলােকৰ খেলৰ লগৰীয়া কৃষ্ণক বিচাৰি তেওঁক সােনকালে টোপনিৰ পৰা জগাই দিবলৈ অনুৰােধ কৰে।

যশােদাই কৃষ্ণক জগাবৰ কাৰণে নানা ধৰণৰ তােষামােদ কৰিলে যদিও একোতে সৈমান নােহােৱা শিশু কৃষ্ণই অভিমান কৰি ক’লে যে তেওঁৰ মুখত পুত্র নামটো শােভা নাপায়। তেওঁ বৰঞ্চ নাখাই শুই শুইয়ে কটাব, আনকি গৰু চৰাবলৈয়াে নাযায়। 

কৃষ্ণই লগতে নিজৰ পৰাম পুৰুষত্বৰ ইংগিত দি ক’লে যে তেওঁ স্বয়ং নাৰায়ণ আৰু যশোদা এগৰাকী সাধাৰণ গােৱালৰ জীয়াৰী। মই যিমান খাই শুই থাকিলেও শৰীৰৰ  শ্রীবৃদ্ধি নহয়। নিজে ব্রহ্মাণ্ডৰ স্রষ্টা আৰু প্রতিপালক হৈয়াে মই তােমাৰ ঘৰত গৰু চৰায় কৰকৰা ভাত ভক্ষণ কৰি সাধাৰণ শিশুৰ দৰে জীৱন অতিবাহিত কৰিছোঁ। নাৰায়ণৰূপে মই জলত অনন্ত শয্যাত শয়ন কৰোঁ।

মােৰ নাভিপদ্মৰ পৰাই ব্রহ্মা জাত হৈছে। মানুহৰ অজ্ঞানতা দূৰ কৰিবৰ কাৰণে ময়েই ব্ৰহ্মৰ যােগেদি বেদৰ জ্ঞান জনসমাজত প্ৰচাৰ কৰিলাে। তােমাৰ ঘৰলৈ আহি মােৰ সকলাে ঐশ্বর্য্য ধূলিত পৰিণত হ’ল। দেৱতাসকলে অসুৰৰ ভয়ত মােক চিন্তা কৰাত মােৰ চতুর্ভুজ ৰূপ দেখি ত্রিদশৰ সকলাে মােহিত হৈছিল। এতিয়া তুমি মােক কলীয়া কলীয়া বুলি মাতি অপমান কৰিছা।

মােহিনী ৰূপ ধাৰণ কৰি দেৱতাৰ মংগল সাধন কৰা মােক তুমি দধিচোৰ নামহে দিলা। কপিল অৱতাৰত মাতৃ দেৱহুতিক ধৰ্মৰ তত্ত্ব উপদেশ দি, বামণ অবতাৰত মই বলিক ছলনা কৰিছিলোঁ। কিন্তু, তুমি মােক মাটিখােৱা বুলি ককৰ্থনাহে কৰিলা। মােৰ ইমানবােৰ মহিমা দেখাৰ পাছতাে তােমাৰ মনত আক্রোশৰ শেষ নাই।

ইমান দিনে কাঠবাজী বুলি সমস্ত জগতে তােমাক হাঁহিলে। মই পুত্রৰূপে উপজি তােমাৰ সেই দুখ দূৰ কৰিলোঁ। তথাপিও তুমি মােৰ মৰম নুবুজিলা। ৰাজপটেশ্বৰী হৈয়াে তুমি ছয়ৰতি খৰচ কৰি মােক এটা সােণৰ বাঁহী বনাই দিব নােৱাৰিলা। বাঁহৰ বাঁহী বজাই মােৰ দুই ওঁঠ ফাটি গৈছে, তালৈ তােমাৰ ভ্ৰূক্ষেপ  নাই। তুমি এনেদৰে কাৰবাবে ধনবােৰ সাঁচি থৈছা? এনেকৈ সাঁচোতে সাঁচোতে  তােমাৰ ধনত জুই লাগিব। 

গৰু চৰাবলৈ যাওঁতে মই ডােক গুচাই ভাত খাবলৈ নাপাওঁ। দিনৰ দিনটো গৰুৰ পিছে পিছে দৌৰােতে দৌৰােতে মােৰ অৱস্থা নােহােৱা হয়। গৰু চৰাওঁতে ধূলি লাগি মােৰ কেঁকোৰা চুলিত জট বান্ধে। কিমান দিন যে মূৰত তেল সানিবলৈ আহৰি পােৱা নাই। এইবােৰ কথা ক’বলৈ গ’লে মােৰ চকুলাে নিগৰি পৰে। ইমানবােৰ দুখ–কষ্ট সহ্য কৰিব নােৱাৰি মই বৃন্দাবন এৰি মথুৰালৈ গুচি যামগৈ। তােমাৰ কাষৰ পৰা গৈ মই দৈৱকী আইৰ ওচৰ পামগৈ।

তেতিয়াহে তুমি মােৰ মৰম বুজি পাবা। কৃষ্ণৰ কথা শুনি যশােদাই পুনৰ কৃষ্ণক তােষামােদ কৰিবলৈ ধৰিলে আৰু ক’লে যশােদাৰ বৰ ভুল হৈছে। গতিকে আজিৰ পিছত যদি এনে দোষ দেখে তেন্তে কৃষ্ণই মাকক গালি পাৰিব। মাকৰ কাতৰভৰা কথা শুনি কৃষ্ণই একে দেৱে গৈ মাকৰ কোলাত উঠি স্তনপান কৰিবলৈ ধৰিলে। যশােদায়াে কৃষ্ণৰ মুখলৈ চাই পৰম শান্তি পালে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top