ভাৰতবৰ্ষৰ বৈদেশিক নীতি Class 10 Elective History Important Notes

ভাৰতবৰ্ষৰ বৈদেশিক নীতি Class 10 Elective History Important Notes to each chapter are provided in the list so that you can easily browse through different chapters ভাৰতবৰ্ষৰ বৈদেশিক নীতি Class 10 Elective History SEBA Important Notes and select need one.

Class 10 Elective History Important Notes ভাৰতবৰ্ষৰ বৈদেশিক নীতি

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective History Important Notes ভাৰতবৰ্ষৰ বৈদেশিক নীতি These solutions are part of SCERT All Subject Solutions. Class 10 Elective History Important Notes ভাৰতবৰ্ষৰ বৈদেশিক নীতি Here we have given Class 10 Elective History Important Notes ভাৰতবৰ্ষৰ বৈদেশিক নীতি Solutions for All Subjects, You can practice these here.

ভাৰতবৰ্ষৰ বৈদেশিক নীতি

Chapter – 8

ELECTIVE HISTORY

IMPORTANT NOTES

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। বান্দুং সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল —

(ক) ১৮৭১ চনত।

(খ) ১৮৭৬ চনত।

(গ) ১৯৫৫ চনত।

(ঘ) ১৯৬০ চনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (গ) ১৯৫৫ চনত।

২। কিমান চনত ভাৰতে চীনৰ লগত এক চুক্তি কৰি তিব্বতক চীনৰ এক অংগ বুলি স্বীকাৰ কৰিছিল —

(ক) ১৯৫৪ চনত।

(খ) ১৯৬৯ চনত।

(গ) ১৯৭০ চনত।

(ঘ) ১৯৭৩ চনত।

উত্তৰঃ (ক) ১৯৫৪ চনত।

৩। চিমলা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল —

(ক) ১৯৫৩ চনৰ ২ জুলাইত।

(খ) ১৯৫৫ চনৰ ২ জুলাইত।

(গ) ১৯৬৮ চনৰ ২ জুলাইত।

(ঘ) ১৯৭২ চনৰ ২ জুলাইত।

উত্তৰঃ (ঘ) ১৯৭২ চনৰ ২ জুলাইত।

৪। শ্রীলংকা ভাৰতবৰ্ষৰপৰা কিমান কিলোমিটাৰ দক্ষিণে মহাসাগৰত অৱস্থিত —

(ক) ৫০ কিলোমিটাৰ।

(খ) ৮০ কিলোমিটাৰ।

(গ) ৭০ কিলোমিটাৰ।

(ঘ) ৯০ কিলোমিটাৰ।

উত্তৰঃ (খ) ৮০ কিলোমিটাৰ।

৫। চাৰ্কৰ প্ৰথমখন সন্মিলন কোনে সভাপতিত্ব কৰিছিল —

(ক) লেফটেনেন্ট জেনেৰেল এৰছাদে।

(খ) ইন্দিৰা গান্ধী।

(গ) জৱাহৰলাল নেহৰু।

(ঘ) ৰাজীৱ গান্ধী।

উত্তৰঃ (ক) লেফটেনেন্ট জেনেৰেল এৰছাদে।

৬। টাচখণ্ডৰ চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল —

(ক) ১৯৫৪ চনত।

(খ) ১৯৫৫ চনত।

(গ) ১৯৬০ চনত।

(ঘ) ১৯৬৬ চনত।

উত্তৰঃ (ঘ) ১৯৬৬ চনত।

৭। দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগিতা সংগঠন কেতিয়া প্ৰতিষ্ঠা হয় —

(ক) ১৮৭৬ চনত।

(খ) ১৮৮৪ চনত।

(গ) ১৯৮৪ চনত।

(ঘ) ১৯৮৯ চনত।

উত্তৰঃ (গ) ১৯৮৪ চনত।

৮। চিমলা চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল —

(ক) ইন্দিৰা গান্ধী।

(খ) চৌ-এন-লাই।

(গ) জৱাহৰলাল নেহৰু।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ইন্দিৰা গান্ধী।

৯। স্বাধীন বাংলাদেশৰ কেতিয়া জন্ম হৈছিল —

(ক) ১৯৫৭ চনত।

(খ) ১৯৬৩ চনত।

(গ) ১৯৭০ চনত।

(ঘ) ১৯৭১ চনত।

উত্তৰঃ (ঘ) ১৯৭১ চনত।

১০। চাৰ্কৰ তৃত্বীয়খন সন্মিলন কেতিয়া নেপালৰ ৰাজধানী কাঠমাণ্ডুত অনুষ্ঠিত হৈছিল —

(ক) ১৮৭১ চনত।

(খ) ১৮৮৭ চনত।

(গ) ১৮৯০ চনত।

(ঘ) ১৮৯৫ চনত।

উত্তৰঃ (খ) ১৮৮৭ চনত।

অতি চমু প্ৰশ্নোত্তৰ

১। ভাৰতৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্য এটা লিখা?

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্য হ’ল গোষ্ঠী নিৰপেক্ষতা।

২। সপ্তম গোষ্ঠী নিৰপেক্ষ শীৰ্ষ সন্মিলন ক’ত হৈছিল?

উত্তৰঃ সপ্তম গোষ্ঠী নিৰপেক্ষ শীৰ্ষ সন্মিলন ভাৰতবৰ্ষৰ নতুন দিল্লীত হৈছিল।

৩। ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কোনটো সন্মিলনত সভাপতিত্ব কৰিছিল?

উত্তৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে চাৰ্কৰ দ্বিতীয়খন সন্মিলনত সভাপতিত্ব কৰিছিল।

৪। চীন আৰু ভাৰতৰ মাজত চুক্তি কেতিয়া হয়?

উত্তৰঃ ১৯৫৪ চনৰ ২০ এপ্ৰিলত চীন আৰু ভাৰতৰ মাজত চুক্তি হয়।

৫। ভাৰতৰ বৈদেশিক নীতিৰ বিশেষত্ব কি?

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ বিশেষত্ব হৈছে বিশ্বশান্তি স্থাপন আৰু আন্তৰ্জাতিক সহযোগিতা।

৬। ‘আৱামী লীগ’ কোনখন দেশৰ এক ৰাজনৈতিক দল?

উত্তৰঃ ‘আৱামী লীগ’ বাংলাদেশৰ এক ৰাজনৈতিক দল।

৭। কিমান চনত দক্ষিণ আফ্ৰিকাই ‘কমনৱেলথ’ ত্যাগ কৰিব লগা হৈছিল?

উত্তৰঃ ১৯৬১ চনত দক্ষিণ আফ্ৰিকাই ‘কমনৱেলথ’ ত্যাগ কৰিব লগা হৈছিল।

৮। ভাৰতে কেতিয়া বিশ্ব-বাণিজ্য সংস্থাত চীনৰ প্ৰৱেশক সমৰ্থন জনাইছিল?

উত্তৰঃ ২০০০ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতে বিশ্ব-বাণিজ্য সংস্থাত চীনৰ প্ৰৱেশক সমৰ্থন জনাইছিল।

৯। ভাৰত-চীনৰ সিমাৰেখাডালক কি নামেৰে জনা যায়?

উত্তৰঃ ভাৰত-চীনৰ সিমাৰেখাডালক ‘মেকমোহন সীমাৰেখা’ নামেৰে জনা যায়।

১০। ‘পঞ্চশীল’ নীতিৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ ‘পঞ্চশীল’ নীতিৰ এটা বৈশিষ্ট্য হৈছে – 

প্ৰত্যেক ৰাষ্ট্ৰৰে ভৌগোলিক এখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা।

চমু প্ৰশ্নোত্তৰ

১। ভাৰতৰ লগত পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে লিখা।

উত্তৰঃ পাকিস্তানৰ সৈতে ভাৰতবৰ্ষৰ সম্পৰ্ক বৰ মধুৰ নহয়। সাম্রাজ্যবাদ বিৰোধী স্বাধীনতা আন্দোলনত সমানে অংশগ্রহণ কৰা পাকিস্তান ধৰ্মৰ ভিত্তিত বিভাজনৰ নীতি মানি লৈ সৃষ্টি হৈছিল। যদিও আজিলৈকে তাত শান্তি স্থাপন হোৱা নাই। পাকিস্তানে এফালে ধর্মীয় মানসিকতাৰে ভাৰতবৰ্ষৰ বিৰোধিতা কৰে আৰু আনফালে জম্মু আৰু কাশ্মীৰৰ প্ৰতি অনাহক দাবী কৰে। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত সুসম্পর্ক কেতিয়াও স্থাপন হোৱা নাই।

স্বাধীনতা প্ৰাপ্তিৰ সময়ৰে পৰা পাকিস্তানে ভাৰতবৰ্ষৰ বিৰুদ্ধে জম্মু আৰু কাশ্মীৰৰ দখলৰ নামত ৰাজনৈতিক আৰু সামৰিক অভিযান চলাই আছে, ফলত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পর্ক সদায় উত্তেজনাপূর্ণ হৈ আছে। পাকিস্তানে এই উদ্দেশ্যতে ১৯৬৫ চন আৰু ১৯৭১-৭২ চনত দুবাৰকৈ ভাৰতবৰ্ষ আক্রমণ কবি সফল হ’ব পৰা নাই। পাকিস্তানে এনেদৰে বিফল হৈও জম্মু আৰু কাশ্মীৰ অঞ্চলক লৈ গোপনে সন্ত্রাসবাদী কার্যকলাপ চলাই সামৰিক উত্তেজনাৰ সৃষ্টি কৰাৰ ফলত ভাৰতৰ্থৰ শাস্তি বিঘ্নিত হৈছে। দুয়োখন দেশৰ মাজত বিবদমান সমস্যাবোৰ সমাধান কৰিবলৈ দুখনকৈ দ্বিপাক্ষিক চুক্তি সম্পদান কৰা হৈছে যদিও পাকিস্তানে এই নীতিৰ বিৰোধিতা কৰিছে। পাকিস্তানে বাৰে বাৰে সামৰিক শক্তিৰ সহায়েৰে সমস্যা সমাধানৰ পথ লোৱাত এতিয়ালৈকে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শত্রুভাবাপন্ন হৈ আছে।

২। ভাৰতৰ লগত বাংলাদেশৰ সম্পৰ্কৰ বিষয়ে লিখা।

উত্তৰঃ বাংলাদেশেৰ স্বাধীনতা আন্দোলনত ভাৰতবৰ্ষই বাংলাদেশক সামৰিক সাহাৰ্য প্রদান কৰিছিল আৰু দেশখনে স্বাধীনতা পোৱাৰ পাছতো অধিকাংশ লোক ভাৰতবৰ্ষত ৰৈ গৈছিল। ভাৰতবৰ্ষ আৰু বাংলাদেশৰ মাজত কেইবাটাও দ্বিপাক্ষিক সমস্যা আছে তাৰ ভিতৰত মুখ্য হৈছে ভগনীয়া সমস্যা, লোকপ্রব্রজন, ফাৰাক্কা বেৰেজ সমস্যা, সীমা বিবাদ, তিন বিঘা আৰু চাকম সমস্যা। বাংলাদেশৰ ভগনীয়াসকলে উত্তৰ পূৰ্বাঞ্চলৰ বৈদেশিক আৰু অর্থনৈতিক নিৰাপত্তাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে আৰু ই সৃষ্টি কৰা অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাবোৰ সমাধান কৰিবলৈ বাংলাদেশ চৰকাৰ অসন্মত। বাংলাদেশৰ পৰা হোৱা অবৈধ লোকপ্রব্রজনে ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ আভ্যন্তৰীণ অৱস্থা শংকিত কৰাৰ লগতে দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ঘটিছে। ফাৰাক্কা বেৰেজ সমস্যাটো দুয়োখন দেশৰ মাজত আলাপ-আলোচনাৰ মাজেদি, সমাধান কৰা হৈছিল যদিও বাংলাদেশ আজিও সন্মত হোৱা নাই। তদুপৰি ভাৰত আৰু বাংলাদেশৰ মাজত থকা সীমা সম্পর্কীয় বিবাদ এতিয়াও চলি আছে। বাংলাদেশ আৰু ভাৰতবৰ্ষৰ মাজত গুৰুতৰ সামৰিক সংঘৰ্ম্ম হোৱা নাই যদিও মাজে মাজে চলি থকা সীমা বিবাদে দুয়োখন দেশৰ পাৰস্পৰিক সম্পর্ক অৱনতি ঘটোৱাত সহায় কৰিছে। বাংলাদেশৰপৰা হোৱা ব্যাপক প্রব্রজনে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিশেষকৈ অসম, মেঘালয়, আৰুণাচল প্রদেশ আৰু পশ্চিমবংগত জনসাধাৰণৰ মাজত বাংলাদেশৰ প্রতি বিদ্বেষভাৱ আহিছে।

৩। ভাৰতৰ লগত চীনৰ সম্পৰ্কৰ বিষয়ে লিখা।

উত্তৰঃ চীন আৰু ভাৰতবৰ্ষ দুয়োখন দেশ একোটা প্রাচীন সভ্যতাৰ গৃহভূমি। আদিতে চীনৰ সৈতে ভাৰতবৰ্ষৰ সম্পৰ্ক মধুৰ আছিল। এই দেশ দুখনৰ মাজত প্রাচীন কালৰেপৰা বাণিজ্যিক তথা শৈক্ষিক-সাংস্কৃতিক আদান-প্রদান চলি আছিল। ভাৰতবৰ্ষত সৃষ্টি হোৱা বৌদ্ধ ধর্মই চীন আদি প্রাচ্যৰ দেশসমূহত বিস্তৃতি লাভ কৰাৰ পাছৰেপৰা চীন আৰু ভাৰতবৰ্ষৰ সৈতে সাংস্কৃতিক আদান-প্রদান আৰু বৌদ্ধিক চিন্তা-চৰ্চাৰ পথ মুকলি হৈছিল। দুয়োখন দেশৰ চৰকাৰে পঞ্চশীল নীতিৰ আধাৰত পাৰস্পৰিক সহযোগিতাৰে ৰাষ্ট্র গঠন তথা বিশ্ব শান্তি প্রতিষ্ঠাত নিজ নিজ ভূমিকা পালন কৰিবলৈ প্রতিশ্রুতিবদ্ধ হৈছিল। কিন্তু ১৯৬২ চনৰ শেষৰফালে দুয়োখন দেশৰ মাজত সীমা বিবাদক কেন্দ্ৰ কৰি সামৰিক সংঘৰ্ষই দেখা দিছিল আৰু ইয়ে পূৰ্বৰ বন্ধুত্বপূর্ণ সম্পৰ্কৰ অৱনতি ঘটাইছিল। সম্প্রতি দুয়োখন দেশৰ মাজত পুনৰ এই সম্পর্ক গঢ়লৈ উঠিছে। দুয়োখন দেশেই এতিয়াও পঞ্চশীল নীতিক বিশ্বাস কৰি তাৰ আধাৰতেই দ্বিপাক্ষিক সম্পর্ক চলাই আছে আৰু দুয়োখন দেশৰ যুটীয়া কাৰ্যকৰী গোটে বিবদমান আন্তঃৰাষ্ট্ৰীয় সীমাৰ প্ৰশ্নটো সমাধান কৰিবলৈ যত্নপৰ হৈছে।

দীঘলীয়া প্রশ্নোত্তৰ

১। কি ঐতিহাসিক পৰিস্থিতিত পঞ্চশীল ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ আধাৰৰূপে পৰিগণিত হৈছে আলোচনা কৰা।

উত্তৰঃ প্রথম বিশ্বযুদ্ধৰ পাছৰে পৰা বিশ্বৰ প্রধান দেশসমূহ কম-বেছি পৰিমাণে দুটা প্রধান ৰাজনৈতিক শিৱিৰত ভাগ হৈছে। পুঁজিবাদী শিৱিৰৰূপে এটা ভাগত আছিল আমেৰিকা যুক্তৰাষ্ট্র, ফ্রান্স, ব্রিটেইন আদি আৰু আনটো শিৱিৰত সমাজতান্ত্রিক দেশ ছোভিয়েট ৰাছিয়াকে ধৰি সেই দেশৰ সহানুভূতিশীল আৰু সমর্থক ৰাষ্ট্রসমূহ আছিল। ভাৰতবৰ্ষকে ধৰি সদ্য স্বাধীনতাপ্রাপ্ত দেশসমূহ উক্ত কোনো এটা শিৱিৰৰে সদস্য নহৈ আন এক তৃতীয় শিৱিৰৰ সদস্য তথা অন্তর্ভুক্ত হৈ পৰিল।

ছোভিয়েট ৰাচিয়াৰ অভ্যুদয়ৰ সময়ৰপৰাই সমাজবাদী আৰু পুঁজিবাদী সাম্রাজ্যবাদী শিৱিৰৰ মাজত চলি অহা ৰাজনৈতিক মতাদর্শগত সংগ্রাম, সংশয়, অবিশ্বাস আৰু সন্দেহৰ ফলত দুয়োটা শিবিৰৰ মাজত শীতল যুদ্ধৰ সৃষ্টি হৈছিল। এই শীতল যুদ্ধৰ ফলত বিশ্বৰ বিভিন্ন দেশৰ মাজত ৰাজনৈতিক মেৰ-কৰণ প্ৰক্ৰিয়াৰ সূচনা হৈছিল। নিজ নিজ দেশত প্রচলিত মতাদর্শ অনুসৰি বিভিন্ন দেশসমূহ উক্ত দুয়োটা শিৱিৰৰ যিকোনো এটা শিৱিৰত অন্তৰ্ভূক্ত হৈ পৰিছিল।

ভাৰতবৰ্ষকে আদি কৰি ঔপনিৱেশকতাবাদ আৰু সাম্রাজ্যবাদৰপৰা সদ্য স্বাধীনতাপ্রাপ্ত তৃতীয় বিশ্বৰ অন্তর্গত কেইখনমান দেশে তেনে কোনো শিৱিৰত অংশগ্রহণ নকৰি এক পৃথক ৰাজনৈতিক সমীকৰণৰ প্ৰতি আগ্রহান্বিত হৈ পৰিছিল। উক্ত দেশসমূহ লাহে লাহে নিজাববীয়াকৈ এক আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক সংগঠন গঢ়ি তোলাৰ দিশত অগ্ৰসৰ হৈছিল। ফলস্বৰূপে বিশ্বৰ ৰাজনীতিত গোষ্ঠী নিৰপক্ষে আন্দোলন সৃষ্টি হৈছিল বুলি ক’ব পাৰি। গোষ্ঠী নিৰপেক্ষ আন্দোলন পঞ্চশীল নীতিৰ আধাৰত গঢ়ি উঠিছিল। পঞ্চশীল নীতিসমূহ বৌদ্ধধৰ্মৰ পাঁচটা নৈতিক আচৰণ বিধিৰপৰা গ্ৰহণ কৰা হৈছে।

পঞ্চশীল তথা ৰাষ্ট্ৰসমূহৰ পাৰস্পৰিক সহাৱস্থানৰ পাঁচটা নীতি চীনত কমিউনিষ্ট বিপ্লৱ সফল হোৱাৰ পিছৰ কালছোৱাত দেশৰ ৰাষ্ট্ৰ প্ৰধান মাও জে-দঙে উদ্ভৱন কৰিছিল। চীনদেশৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্য সম্পর্কে উল্লেখ কৰি মাও জে-দঙে কৈছিল যে সেই দেশৰ উদ্দেশ্য আছিল, “সমানাধিকাৰৰ নীতি মানিব খোঁজা, পাৰস্পৰিক সুবিধা লাভৰ প্ৰতি আগ্ৰহী আৰু ৰাষ্ট্ৰীয় অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্রদ্ধাত বিশ্বাসী সকলোবোৰ দেশৰ সৈতেই কূটনৈতিক সম্পর্ক স্থাপন কৰিবলৈ আগ্রহী।” 

ব্যৱহাৰিক ৰাজনীতিত এই পঞ্চশীল নীতি প্রথমে প্রয়োগ কৰা হৈছিল ১৯৫৪ চনৰ ২৯ মে’ত স্বাক্ষৰিত ভাৰত-চীন দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে। এই চুক্তিটো নতুন দিল্লীত ভাৰতবৰ্ষৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰু আৰু চীনৰ প্ৰধানমন্ত্ৰী চৌ-এন লাইয়ে স্বাক্ষৰ কৰিছিল। ২৮ জুন তাৰিখে যুটীয়াভাৱে এই বিবৃতিটো বাতৰিকাকত লৈ প্ৰেৰণ কৰি উক্ত চুক্তিৰ চৰ্তাৱলীৰ কথা সাদৰি কৰা হৈছিল।

উক্ত চর্তাৱলী আছিল —

(i) স্বাভৌমত্ব আৰু ৰাষ্ট্ৰীয় অখণ্ডতাৰ প্ৰতি পাৰস্পৰিক স্বীকৃতি আৰু শ্রদ্ধা প্রদান কৰা।

(ii) পৰস্পৰৰ প্ৰতি অনাক্রমণ নীতিত বিশ্বাস কৰা।

(iii) নৰস্পৰৰ আভ্যন্তৰীণ ৰাজনৈতিক বিষয়ত হস্তক্ষেপ কৰাৰপৰা বিৰত থকা।

(iv) সমান অধিকাৰৰ ভিত্তিত পাৰস্পৰিক সুবিধাৰ সৃষ্টি কৰা। আৰু

(v) শান্তিপূর্ণ সহ অৱস্থান।

তিবৃতক কেন্দ্ৰ কৰি চীন আৰু ভাৰতবৰ্ষৰ মাজত স্বাক্ষৰিত এই চুক্তিয়ে পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত পঞ্চশীল নীতিৰ প্ৰয়োগ কৰা দেখা যায়। ইয়াৰ পিছত ১৯৫৫ চনৰ ১৭-২৪ এপ্রিলত ইন্দোনেছিয়াৰ বান্দুঙত অনুষ্ঠিত প্রথম আফ্রো-এছীয় সম্মিলনৰ বিশ্ব শান্তি আৰু সহযোগিতা শীর্ষক ঘোষণা পত্রতো এই নীতিসমূহ সন্নিৱিষ্ট কৰা হৈছিল।

২। ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি?

উত্তৰঃ ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ মূল লক্ষ্য আৰু উদ্দেশ্যসমূহ — 

(ক) ঔপনিৱেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ অবসান ঘটোৱা।

(খ) পদানত আৰু নিপীড়িত জাতি তথা দেশসমূহৰ প্রতি সমর্থন আগবঢ়াই মুক্তি আৰু স্বাধীনতাৰ পথ মুকলি কৰা।

(গ) ভিন্ন ৰাজনৈতিক মতাৱলম্বী আৰু অর্থনৈতিক আদৰ্শৰ প্রতি অনুগত দেশৰ সৈতে সহাৱস্থান কৰা আৰু সহযোগিতা আগবঢ়োৱা 

(ঘ) আত্মনির্ভৰশীলতা অর্জন কৰা।

(ঙ) গোষ্ঠী নিৰপেক্ষতা।

(চ) বর্ণ-বৈষম্যবাদৰ বিৰোধিতা কৰা।

(ছ) বিভিন্ন দেশৰ মাজত থকা ৰাজনৈতিক বৈষম্যৰ অৱসান ঘটোৱা।

(জ) নিৰস্ত্ৰীকৰণ কৰা।

(ঝ) পাৰস্পৰিক বিবাদসমূহৰ শান্তিপূর্ণ সমাধান কৰা। আৰু

(ঞ) পৰৰাজ্য বা ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা।

(ট) যিকোনো দেশৰে ভৌগোলিক আৰু ৰাষ্ট্রীয় অখণ্ডতা ৰক্ষা কৰা আদি। বৈদেশিক নীতিৰ আধাৰ হিচাপে ভাৰতবৰ্ষই উক্ত লক্ষ্য আৰু আদর্শসমূহ গ্রহণ কৰিছিল। প্ৰায় ১৯১৭ চন মানৰ পৰাই বিশ্বৰ প্ৰধান দেশসমূহ কম বেছি পৰিমাণে দুটা প্রধান ৰাজনৈতিক শিৱিৰত ভাগ হৈ পৰিছিল পুঁজিবাদী আৰু সমাজবাদী দেশ হিচাপে। পুঁজিবাদী শিৱিৰত আছিল আমেৰিকা যুক্তৰাষ্ট্র, ব্রিটেইন, ফ্রান্স আদি আৰু সমাজবাদী শিৱিৰত আছিল ছোভিয়েট ৰাছিয়া আৰু সেই দেশৰ প্ৰতি সহানুভূতিশীল আৰু সমর্থক ৰাষ্ট্রসমূহ। ভাৰতবৰ্ষই এই দুয়োটা শিৱিবৰ কোনোটোতে অংশগ্রহণ নকৰি অন্য এটা তৃতীয় শিৱিৰত অন্তর্ভূক্ত হৈছিল। ভাৰতবৰ্ষকে ধৰি ঔপনিৱেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ পৰা সদ্য স্বাধীন তৃতীয় বিশ্বৰ দেশকেইখনমানে পুঁজিবাদী আৰু সমাজবাদী শিৱিৰত অংশগ্ৰহণ নকৰি এক পৃথক ৰাজনৈতিক সমীকৰণৰ প্রতি আগ্রহান্বিত হৈছিল। এফালে পুঁজিবাদী সাম্রাজ্যবাদী আৰু আনফালে কমিউনিষ্ট সমাজবাদী শিৱিব দুটাৰ কোনো এটি প্রতিষ্ঠিত ৰাজনৈতিক সামৰিক শিৱিৰতে অংশ গ্রহণ নোলোৱাকৈ সদ্য স্বাধীন দেশসমূহে নিজাববীয়াকৈ এক আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক সংগঠন গঢ়ি তোলাৰ দিশত অগ্ৰসৰ হৈছিল।

তাৰে পৰিণতিতেই ভাৰতবৰ্ষৰ গোষ্ঠী নিৰপেক্ষ আন্দোলন সৃষ্টি হৈছিল আৰু এই আন্দোলন পঞ্চশীল নীতিৰ আধাৰত গঢ়ি উঠিছিল। স্বাধীন ভাৰতৰ প্ৰথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে বৈদেশিক নীতিৰ ক্ষেত্রত মুখ্য ভূমিকা গ্রহণ কৰিছিল আৰু তেওঁৰ শাসনকালতেই ভাৰতৰ বৈদেশিক নীতিৰ বুনিয়াদ ৰচনা হৈছিল। ভাৰতবৰ্ষ তাৰ কাৰণে নিৰপেক্ষতাৰ অৰ্থ হৈছে কোনো নামৰিক শিৱিৰতে অংশ গ্রহণ নকৰি আন্তর্জাতিক সমস্যা সমাধানৰ ক্ষেত্রত আনৰ সতে সহযোগিতা কৰা। এনে এক লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখিয়ে ভাৰতবৰ্ষত বৈদেশিক নীতিসমূহ কাৰ্যকৰী কৰা হৈছিল।

৩। কি ঐতিহাসিক পৰিস্থিতিত দক্ষিণ এছিয়া মাগুলিক সহযোগি। সংগঠন গঢ়ি উঠিছে সেই সম্পর্কে আলোচনা কৰা।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়লৈকে বিশ্বত গঢ়লৈ উঠা অধিকাংশ সংগঠনেই, আছিল সামৰিক সংগঠন। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এই অৱস্থাৰ কিছু পৰিৱৰ্তন ঘটিছিল। কেৱল যুদ্ধ প্রতিহত কৰা আৰু শাস্তি প্রতিষ্ঠা কৰা কামতেই ব্যক্ত নাথাকি দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰপৰা বিভিন্ন দেশে লাহে লাহে অর্থনৈতিক, সামাজিক, সাংস্কৃতিক সহযোগিতামূলক সংগঠন জন্ম দিবলৈ আৰম্ভ কৰিছিল। একোটা ভৌগোলিক অঞ্চলৰ মানুহৰ জীৱনধাৰণ পদ্ধতি, অর্থনৈতিক উৎপাদন ব্যৱস্থা, প্রাকৃতিক সম্পদ আহৰণৰ উপায়, সাংস্কৃতিক জীৱনবোধ আদিৰ ওপৰত নৰ্ভৰ কৰি মানুহে নতুন নতুন আঞ্চলিক সহযোগিতাকেন্দ্ৰীক আন্তঃৰাষ্ট্ৰীয় সংগঠন গঢ়ি তুলিছিল। আঞ্চলিক সহযোগিতাৰ সংগঠনসমূহ মহাদেশ বা উপমহাদেশতেই সীমাবদ্ধ আছিল। তেনে এক প্রয়োজন এছিয়া মহাদেশৰ লোকসকলেও অনুভৱ কৰিছিল আৰু তেনে পৰিস্থিতিতেই দক্ষিণ এছিয়া মাগুলিক সহযোগিতা সংগঠন গঢ় লৈ উঠিছিল।

বিশ্বৰ বিভিন্ন দেশত সংগঠিত হোৱা আঞ্চলিক সংস্থাবোৰৰ আৰ্হি-আদর্শতেই ১৯৮৫ চনত দক্ষিণ এছিয়া সহযোগিতা সংস্থা [South Asian Association for Regional Corporation বা চমুকৈ SAARC] সংগঠিত হয়। এই মাগুলিক সহযোগিতা সংগঠনটোৰ অন্তর্ভুক্ত দেশ কেইখন হৈছে ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ, ভুটান, নেপাল, শ্রীলংকা আৰু মালদ্বীপ। এই আটাইকেইখন দেশেই পূর্বতে ব্রিটিছৰ ভাধিপত্য চলিছিল। নেপালৰ বাহিৰে বাকী কেইখন দেশৰে ব্রিটিছৰ কঠোৰ ঔপনিৱেশিক সাম্রাজ্যবাদী শাসন-শোষণ চলিছিল। ইয়াৰ ফলত অঞ্চলটোৰ আটাইবোৰ দেশতে কৃষিকে ধৰি আন সকলো ক্ষেত্রতে অর্থনৈতিক পশ্চাদপদতা, নিৰক্ষৰতা, স্বাস্থ্যহীনতা আদি মানুহৰ লগৰীয়া আছিল। সেইবাবে অঞ্চলটোৰ জনসাধাৰণৰ সামগ্রিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংগঠনটো গঢ়ি তোলা হৈছে। সাতখন দেশক লৈ গঠিত এই সংগঠনটোৰ প্ৰথম তথা সাংগঠনিক শীর্ষ সম্মিলনখন ১৯৮৫ চনৰ ডিচেম্বৰ মাহৰ ৭ তাৰিখে বাংলাদেশৰ ৰাজধানী ঢাকা চহৰত অনুষ্ঠিত হৈছিল।

এই সহযোগিতা সংস্থাটো গঢ়ি তোলাৰ মুখ্য উদ্দেশ্য আছিল ব্রিটিছ ঔপনিৱেশিকতাবাদে চলোৱা শোষণ আৰু লুণ্ঠনৰ অৱসান ঘটোৱা মানুহৰ জীৱননিৰ্বাহ পদ্ধতি উন্নত কৰা, অৰ্থনৈতিক উৎপাদন ব্যৱস্থা উন্নত কৰা, প্রাকৃতিক সম্পদ আহৰণত মনোনিৱেশ কৰা, সাংস্কৃতিক জীৱনবোধকে ধৰি সকলো ক্ষেত্ৰতে জনসাধাৰণৰ বিকাশ সাধন কৰা। দক্ষিণ এছিয়াৰ এই সাতখন দেশক লৈ চার্ক সংগঠনটো হৈছে। চাৰ্কৰ মুখ্য কাৰ্যালয় নেপালৰ ৰাজধানী কাঠমাণ্ডুত অৱস্থিত। দ্বিতীয় বিশ্বযুদ্ধত দক্ষিণ এছিয়াৰ দেশসমূহ অধিক ক্ষতিগ্রস্ত হৈছিল আৰু অর্থনৈতিক তথা সামাজিকভাৱে অনগ্ৰসৰ হৈছিল। তেনে এক পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈকে দক্ষিণ এছিয়া মাগুলিক সহযোগিতা সংগঠনৰ জন্ম হৈছিল আৰু ইয়ে দেশসমূহৰ মাজত সহযোগিতা আৰু একতা অক্ষুণ্ণ ৰখাত সহায় কৰিছিল। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top