ঔপনিৱেশিকতা আৰু সাম্ৰাজ্যবাদৰ বিকাশ Class 10 Elective History Important Notes

ঔপনিৱেশিকতা আৰু সাম্ৰাজ্যবাদৰ বিকাশ Class 10 Elective History Important Notes to each chapter are provided in the list so that you can easily browse through different chapters ঔপনিৱেশিকতা আৰু সাম্ৰাজ্যবাদৰ বিকাশ Class 10 Elective History SEBA Important Notes and select need one.

Class 10 Elective History Important Notes ঔপনিৱেশিকতা আৰু সাম্ৰাজ্যবাদৰ বিকাশ

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective History Important Notes ঔপনিৱেশিকতা আৰু সাম্ৰাজ্যবাদৰ বিকাশ These solutions are part of SCERT All Subject Solutions. Class 10 Elective History Important Notes ঔপনিৱেশিকতা আৰু সাম্ৰাজ্যবাদৰ বিকাশ Here we have given Class 10 Elective History Important Notes ঔপনিৱেশিকতা আৰু সাম্ৰাজ্যবাদৰ বিকাশ Solutions for All Subjects, You can practice these here.

ঔপনিৱেশিকতা আৰু সাম্ৰাজ্যবাদৰ বিকাশ

Chapter – 1

ELECTIVE HISTORY

IMPORTANT NOTES

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। আমেৰিকাৰ স্বাধীনতা ৰণ কিমান চনত হৈছিল —

(ক) ১৭৮৩ চনত।

(খ) ১৭৮৪ চনত।

(গ) ১৭৮৫ চনত।

(ঘ) ১৭৮৬ চনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (ক) ১৭৮৩ চনত।

২। কিমান চনত ইংলিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ গঠন হৈছিল —

(ক) ১৬০০ চনত।

(খ) ১৬০১ চনত।

(গ) ১৬০২ চনত।

(ঘ) ১৬০৩ চনত।

উত্তৰঃ (ক) ১৬০০ চনত।

৩। পৃথিৱী পৰিভ্ৰমণকাৰী নাবিকজনৰ নাম কি —

(ক) ভাস্কো-ডা-গামা।

(খ) আলেকজেণ্ডাৰ গ্ৰাহাম বেল।

(গ) শৰ্থলোমিও ডিয়াজ।

(ঘ) ফাৰ্নিনান্দ মেগালেন।

উত্তৰঃ (ঘ) ফাৰ্নিনান্দ মেগালেন।

৪। ইউৰোপৰ পৰা ভাৰতবৰ্ষলৈ সামুদ্ৰিক পথৰ আৱিষ্কাৰ কোনে কৰিছিল —

(ক) আলেকজেণ্ডাৰ গ্ৰাহাম বেল।

(খ) ফাৰ্নিনান্দ মেগালেন।

(গ) ভাস্কো-ডা-গামা।

(ঘ) শৰ্থলোমিও ডিয়াজ।

উত্তৰঃ (গ) ভাস্কো-ডা-গামা।

৫। বিশ্বৰ কাৰখানা বুলি কোন দেশক কোৱা হৈছিল —

(ক) ইংলেণ্ড।

(খ) আমেৰিকা।

(গ) ফ্ৰান্স।

(ঘ) অষ্ট্ৰেলিয়া।

উত্তৰঃ (ক) ইংলেণ্ড।

৬। ইংৰাজসকলে কিমান চনত ভাৰ্জিনিয়া অঞ্চল দখল কৰিছিল —

(ক) ১৬০৪ চনত।

(খ) ১৬০৫ চনত।

(গ) ১৬০৬ চনত।

(ঘ) ১৬০৭ চনত।

উত্তৰঃ (ঘ) ১৬০৭ চনত।

৭। বন্দীৱাছৰ যুদ্ধ কিমান চনত সংগঠিত হৈছিল —

(ক) ১৭৬০ চনত।

(খ) ১৭৬১ চনত।

(গ) ১৭৬২ চনত।

(ঘ) ১৭৬৩ চনত।

উত্তৰঃ (ক) ১৭৬০ চনত।

৮। ষ্টেণ্ডাৰ্ড অয়ল কোম্পানীৰ প্ৰতিষ্ঠাতা কোন —

(ক) শৰ্থলোমিও ডিয়াজ।

(খ) আলেকজেণ্ডাৰ গ্ৰাহাম বেল।

(গ) ৰকফেলাৰ।

(ঘ) ফাৰ্নিনান্দ মেগালেন।

উত্তৰঃ (গ) ৰকফেলাৰ।

৯। কিমান চনত ওলণ্ডাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠন হৈছিল —

(ক) ১৬০১ চনত।

(খ) ১৬০২ চনত।

(গ) ১৬০৩ চনত।

(ঘ) ১৬০৪ চনত।

উত্তৰঃ (খ) ১৬০২ চনত।

১০। পলাশীৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল —

(ক) ১৭৫৭ চনত।

(খ) ১৭৫৮ চনত।

(গ) ১৭৫৯ চনত।

(ঘ) ১৭৬০ চনত।

উত্তৰঃ (ক) ১৭৫৭ চনত।

অতি চমু প্ৰশ্নোত্তৰ:

১। বিশ্বৰ কাৰখানা বুলি কোনখন দেশক কোৱা হৈছিল?

উত্তৰঃ বিশ্বৰ কাৰখানা বুলি ইংলেণ্ডক কোৱা হৈছিল।

২। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠনৰ সময়ত ইংলেণ্ডৰ ৰাণী কোন আছিল?

উত্তৰঃ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠনৰ সময়ত ইংলেণ্ডৰ ৰাণী এলিজাবেথ আছিল।

৩। টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ টেলিফোন আলেকজেণ্ডাৰ গ্রাহাম বেলে আৱিষ্কাৰ কৰিছিল।

৪। পশ্চিম ভাৰতীয় দীপপুঞ্জলৈ সামুদ্ৰিক পথৰ আৱিষ্কাৰ কৰা ব্যক্তিজন কোন আছিল?

উত্তৰঃ পশ্চিম ভাৰতীয় দীপপুঞ্জলৈ সামুদ্ৰিক পথৰ আৱিষ্কাৰ কৰা ব্যক্তিজন পর্তুগীজ নাবিক ভাস্কো-ডা-গামা আছিল।

৫। কাৰ নিৰ্দেশত ভাস্কো-ডা-গামাই সামুদ্ৰিক পথেৰে  ভাৰতলৈ আহিছিল?

উত্তৰঃ পৰ্টুগালৰ ৰজাৰ নিৰ্দেশত ভাস্কো-ডা-গামাই সামুদ্ৰিক পথেৰে  ভাৰতলৈ আহিছিল।

৬। কিমান চনত স্পেইনে প্রশান্ত মহাসাগৰত ফিলিপাইন দখল কৰিছিল?

উত্তৰঃ ১৫৬৫ চনত স্পেইনে প্রশান্ত মহাসাগৰত ফিলিপাইন দখল কৰিছিল।

৭। কিউবাৰ বিপ্লৱৰ নেতা কোন আছিল?

উত্তৰঃ ফিডেল কাস্ত্রো কিউবাৰ বিপ্লৱৰ নেতা আছিল।

৮। চলচ্চিত্ৰৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰঃ এডিচন আৰু জৰ্জ ইষ্টমেনে চলচ্চিত্ৰৰ আৱিষ্কাৰ কৰিছিল।

৯। স্পেনীয় নৌবহৰৰ পৰাজয় কেতিয়া হৈছিল?

উত্তৰঃ ১৫৮৮ চনত স্পেনীয় নৌবহৰৰ পৰাজয় হৈছিল।

১০। পানামা খাল কেতিয়া মুকলি কৰা হৈছিল?

উত্তৰঃ ১৯১৪ চনত পানামা খাল মুকলি কৰা হৈছিল।

চমু প্ৰশ্নোত্তৰ:

১। সাম্ৰাজ্যবাদ কি?

উত্তৰঃ সাম্রাজ্যবাদ হৈছে—অস্ত্রবলেৰে আনৰ ৰাজ্য জয় কৰি সেই ৰাজ্য বা দেশৰ ওপৰত সকলো প্ৰকাৰৰ নিয়ন্ত্রণ স্থাপন কৰাৰ মাধ্যমত সেই দেশ তথা দেশসমূহৰ সম্পদ লুণ্ঠন কৰি নিজ দেশক চহকী কৰিবলৈ লোৱা এক ৰাজনৈতিক প্রক্রিয়া বা ব্যৱস্থা। অর্থাৎ সাম্রাজ্যবাদ হৈছে পুঁজিবাদৰ বিকাশৰ সৰ্বোচ্চ স্তৰ। সাম্রাজ্যবাদৰ মূল চালিকাশক্তি হৈছে ৰজাৰ দখল, কেঁচামাল সংগ্রহ তথা অধিক মুনাফা অৰ্জনৰ লক্ষ্য আৰু অৰ্থনৈতিকৰ লগতে ৰাজনৈতিকভাৱে শোষণ কৰা। 

২। ‘নতুন পৃথীৱী’ বুলিলে কি বুজা?

উত্তৰঃ ‘নতুন পৃথিৱী’ হৈছে আমেৰিকাৰ দক্ষিণত থকা পাটাগোনিয়া বা বৰ্তমানৰ আর্জেন্টিনাৰ পুৰণি নাম। পর্তুগালৰ পৃষ্ঠপোষকতাত ফ্লোৰেন্সৰ আমেৰিগো ভেছপুচি [Amerigo Vespucci] নামৰ নাবিক এজনে দক্ষিণ আমেৰিকৰে একেবাৰে দক্ষিণত থকা পাটাগোনিয়া আৱিষ্কাৰ কৰি তাক ‘নতুন পৃথিৱী’ নামৰে নামাকৰণ কৰিছিল। সম্প্রতি এই ‘নতুন পৃথিৱী’ নমৰ ভূখণ্ড আমেৰিকাৰূপে জনাজাত।

৩। সাম্ৰাজ্যবাদৰ বিকাশৰ যিকোনো দুটা কাৰণ লিখা।

উত্তৰঃ সাম্ৰাজ্যবাদৰ বিকাশৰ দুটা কাৰণ হ’ল —

জনগাঁথনিগত কাৰণঃ পশ্চিমীয়া দেশসমূহত ১৯ শতিকাত জনসংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছিল। লাখ লাখ ইউৰোপীয়ই নতুন সুযোগ বিচাৰি উপনিবেশসমূহলৈ প্ৰব্ৰজন কৰিছিল। ইয়াৰ ফলত মহানগৰসমূহত নিবনুৱা সমস্যা আৰু সামাজিক অশান্তিৰ সমস্যা কমি আহিল। পৰিবহণ (ভাপ জাহাজ, ৰেল)ৰ উন্নতিৰ ফলত যাত্ৰা সহজ হৈ পৰিছিল।

ধৰ্মীয় কাৰণঃ সাম্ৰাজ্যবাদক বহু ক্ষেত্ৰত ন্যায্যতা প্ৰদান কৰা হৈছিল নিজৰ ধৰ্ম ৰক্ষা কৰা জনগোষ্ঠীসমূহক খ্ৰীষ্টানীকৰণ কৰাৰ ইচ্ছাৰ বাবে। কেথলিক আৰু প্ৰটেষ্টেণ্ট গীৰ্জাৰ মিছনেৰী কামৰ গুৰুত্ব আছিল অতিশয়: এছিয়া, আফ্ৰিকা আৰু ওচেনিয়াত মিছন প্ৰতিষ্ঠা কৰা হৈছিল।

৪। ঔপনিৱেশিকতাবাদ কি?

উত্তৰঃ কোনো এখন দেশৰ একাংশলোকে জীবন-জীৱিকাৰ সন্ধানত প্ৰব্ৰজনৰ যোগেদি আন এখন দেশত অস্থায়ীভারে বসবাস কৰিবলৈ লোৱা ব্যৱস্থাটোক ঔপনিবেশিকতাবাদ বোলা হয়। যিখন দেশত প্ৰব্ৰজনকাৰীসকলে অস্থায়ীভাবে বসবাস কৰে তাক উপনিবেশ [Colony] বোলে। উপনিবেশ স্থাপন কৰা দেশখনৰ স্বাৰ্থত উপনিবেশখনৰ ওপৰত এক ৰাজনৈতিক-অর্থনৈতিক আৰু পদ্ধতিগত নিয়ন্ত্রণ জাপি দিয়া হয় আৰু এই ব্যৱস্থাটোৱেই হৈছে ঔপনিৱেশিকতাবাদ।

৫। পুঁজিবাদ কি?

উত্তৰঃ মুক্ত বজাৰ অৰ্থনীতিৰ ওপৰত প্রতিষ্ঠিত অর্থনৈতিক ব্যৱস্থাটোৱেই হৈছে পুঁজিবাদ। যেতিয়া কোনো এখন ৰাষ্ট্ৰ অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰণয়নত প্রত্যেক ব্যক্তিকে স্বতন্ত্রতা দিয়া হয় তাকেই পুঁজিবাদ বুলি কোৱা হয়। কোনো দেশ অর্থনৈতিকভাৱে অধিক স্বাবলম্বী হ’লে আৰু শিল্প উদ্যোগত উন্নত হ’লে, তেনে দেশক পুঁজিবাদৰ অন্তর্গত বুলি কোৱা হয়। পুঁজিবাদে সাম্রাজ্যবাদৰ বিকাশৰ পথ মুকলি কৰে।

দীঘলীয়া প্রশ্নোত্তৰঃ

১। সুদূৰ প্ৰাচ্যত কেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ এক বৃহ ঔপনিবেশিক শক্তিৰূপে প্রতিভাত হৈছিল আলোচনা কৰা।

উত্তৰঃ শিল্প ৬ দ্যোগত উন্নত হৈ আমেৰিকা যুক্তৰাষ্ট্ৰ পুঁজিবাদী শক্তিলৈ পৰিৱর্তিত হৈছিল আৰু ডলাৰ কূটনীতিৰ জৰিয়তে আন আন দেশবোৰত অধিক পৰিমাণৰ অর্থ বিনিয়োগ কৰি আমেৰিকাই মধ্য প্রাচ্যৰ দেশসমূহত ৰাজনৈতিক আধিপত্য স্থাপন কৰিছিল। আমেৰিকাত হোবা বৈজ্ঞানিক আৱিষ্কাৰ আৰু অর্থনৈতিক ক্ষেত্রসমূহ অতি সোনকালে আমেৰিকা যুক্তৰাষ্ট্ৰক এক প্রধান সামৰিক আৰু পুঁজিবাদী ৰাষ্ট্ৰত পৰিণত কৰিছিল। ৰাজ্য সম্প্ৰসাৰণবাদী নীতি গ্রহণ কৰি আমেৰিকাই আলাস্কা ক্ৰয় কৰিছিল আৰু তাৰ পাছত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ আধিপত্য বিস্তাৰৰ নিশ্চিত প্রক্রিয়া আৰম্ভ কৰি ভাৰদ্বাৰা নিজকে বিশ্বৰ এক আগশাৰীৰ সাম্রাজ্যবাদী ৰাষ্ট্ৰৰূপে প্রতিষ্ঠা কৰিছিল। ১৮৮৭ চনতে আমেৰিকা যুক্তৰাষ্ট্ৰই হাৱাই দ্বীপৰ পাৰ্লহাবাৰত নৌ- ঘাটি স্থাপন কৰাৰ কর্তৃত্ব লাভ কৰা কাৰ্যৰ দ্বাৰা দেশখন প্ৰশান্ত মহাসাগৰীয় অঞ্চলত এক অপ্রতিহত সাম্রাজ্যবাদী শক্তিৰূপে প্রতিষ্ঠিত হৈছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ সাম্রাজ্যবাদী স্বাৰ্থৰ প্রতি লক্ষ্য ৰাখি ১৮৯৫ চনত পূৰ্বতে উদ্ভাৱন কৰা মন্ৰো নীতিৰ এক নতুন ব্যাখ্যা দাঙি ধৰিছিল। ব্রিটেইনৰ সামৰিক হস্তক্ষেপৰ প্ৰতি আশংকা কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই সেই দেশক তেনে কাৰ্যৰপৰা বিৰত থাকিবলৈ সকিয়নি দিছিল আৰু নিজকে সার্বভৌম ক্ষমতাৰ অধিকাৰী বুলি প্ৰতিপন্ন কৰিছিল। এনেদৰে আমেৰিকাই ভেনিজুৱেলাত নিজৰ সাম্রাজ্য স্থাপন কৰিছিল। ১৮৯৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই স্পেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল আৰু যুক্তৰাষ্ট্ৰৰ নৌ-বাহিনীয়ে মেনিলা উপসাগৰত থকা স্পেইনব যুদ্ধ-জাহাজবোৰ ধ্বংস কৰিছিল। ইয়াৰ পাছতেই অধিক সংখ্যক মার্কিন সৈন্যই ছান্টিয়াগো দখল কৰিছিল আৰু স্পেইন অধিকৃত বহুতো অঞ্চল যুক্তৰাষ্ট্ৰৰ অধীনলৈ আনিছিল। স্পেইনৰ বিৰুদ্ধে আমেৰিকাৰ বুদ্ধৰ সময়তেই আমেৰিকা যুক্তৰাষ্ট্রই প্রশান্ত মহাসাগৰত স্পেইন অধিকৃত ফিলিপাইন দ্বীপপুঞ্জ [Philippines] আৰু গোৱাম [Guam] অধিকাৰ কৰিছিল।

১৮৯৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু স্পেইনৰ মাজত হোৱা শান্তি চুক্তি অনুসৰি স্পেইনে বিশ লাখ ডলাৰৰ বিনিময়ত কিউবাক আমেৰিকাৰ হাতত অৰ্পণ কৰিছিল আৰু পটুবিক’ৰ লগতে প্রশান্ত মহাসাগৰত থকা সমগ্র ফিলিপাইন দ্বীপপুঞ্জ আক গোৱাম আমেৰিকাক এৰি দিছিল। এনেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰই ফিলিপাইন আৰু গোৱাম দখল কৰাৰ পাছৰেপৰা প্রশান্ত মহাসাগৰীয় অঞ্চলত এক বৃহৎ সাম্রাজ্যশালী শক্তিৰূপে পৰিগণিত হৈছিল। স্পেইনৰ বিৰুদ্ধে আমেৰিকাৰ বিজয়ে আমেৰিকা যুক্তৰাষ্ট্ৰক বিশ্বৰ ৰাজনৈতিক মঞ্চত এক উচ্চ আসনত অধিস্থিত কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই কিউবা, পৰ্টুৰিক’, ফিলিপাইনছ আৰু গোৱামত অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিপুল পৰিমাণৰ ধন ব্যয় কৰি মার্কিন সাম্রাজ্যবাদৰ স্থিতি টনকিয়াল কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰই পশ্চিম গোলার্ধৰ বিভিন্ন গ্রহণ দেশত ৰাজনৈতিক, সামৰিক হস্তক্ষেপ কৰাৰ নীতি অব্যাহত ৰাখিছিল আৰু ডমিনিয়ান বিপাব্লিকব অর্থনৈতিক ব্যৱস্থাপনাত নিজৰ নিয়ন্ত্রণ স্থাপন কৰি প্ৰায় তিনি দশক ধৰি তাত আধিপত্য বজ্রাহ ৰাখিছিল। আকৌ মধ্য আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহ অর্থনৈতিকভাৱে দুর্বল হোৱাত আৰু সেই দেশসমূহত শক্তিশালী চৰকাৰ নথকাত আমেৰিকা যুক্তৰাষ্ট্ৰই সততে সামৰিক হস্তক্ষেপ কৰিবলৈ সুবিধা পাইছিল। এনেদৰে শিল্প উদ্যোগৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰ উন্নত পুঁজিবাদী দেশলৈ পৰিণত হৈ ধনবল আৰু উন্নত প্রযুক্তিবিদ্যা তথা বৈজ্ঞানিক আৱিষ্কাৰেৰে সমৃদ্ধ হৈ প্রাচ্যৰ দেশসমূহত এক বৃহৎ ঔপনিৱেশিক শক্তিৰূপে বিকশিত হৈছিল।

২। আমেৰিকাত ব্ৰিটিছ ঔপনিবেশিক সাম্ৰাজ্য উৎপত্তি আৰু বিকাশ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ ব্ৰিটিছসকলে পশ্চিম গোলার্ধত উপনিৱেশ স্থাপন কৰাৰ ক্ষেত্ৰত কিছু পলমকৈ আৱির্ভাব হৈছিল যদিও অতি কম সময়ৰ ভিতৰতে তেওঁলোকে বহুতো দেশত নিজৰ স্থিতি সবল কৰি তুলিছিল। ইংৰাজসকলে প্রথমতে উত্তৰ আটলান্টিক মহাসাগৰত অৱস্থিত সৰু সৰু দ্বীপসমূহ অধিকাৰ কৰিছিল আৰু ১৬০৯-ৰ পৰা ১৬৩২ চনৰ ভিতৰত দক্ষিণ আমেৰিকাৰ উত্তৰপিনে থকা ক্ষুদ্র ক্ষুদ্র দ্বীপসমূহ অধিকাৰ কৰি তেওঁলোকৰ বসতি স্থাপন কৰিছিল। ইংৰাজসকলে অধিকাৰ কৰা দ্বীপসমূহ আছিল- ছেইন্ট কীছ [Saint Kitts], নেভীছ [Navis], বাৰবাডোছ [Barbados] আৰু বাৰমুদাছ [Barmudas]।

ইংৰাজসকলে উত্তৰ আমেৰিকাৰ বিভিন্ন অঞ্চল বিভিন্ন সময়ত দখল কৰি তাত ইংৰাজ উপনিৱেশৰ পাতনি মেলিছিল। ইংৰাজসকলে ১৬০৭ চনত ভার্জিনিয়া [Virginia], ১৬২০ চনত প্লাইমাউথ- [Plymouth], ১৬৩০ চনত মাছাচ্যুছেট [Massachusetts] আদি দখল কৰিছিল। ইয়াৰ পাছত ব্রিটিছসকলে মাছাচ্যুছে কেন্দ্ৰ কৰি নিউ হেস্পছায়াৰ [New Hampshire,] নিউ হেভেন [New Haven], কানেকটিকাট [Connecticut], ৰোড আইলেও [Rhode Island] আদি অঞ্চলসমূহত নিজৰ দখল আৰু আধিপত্য স্থাপন কৰিছিল।

পর্যায়ক্রমে ইংৰাজসকলে ১৬৩৪ চনত মেৰীলে [Maryland], ১৬৭০ চনত কেৰোলাই নাছ [Carolinas], পেনচিলভানিয়া [Pennsylvania] আৰু ১৬৮২ চনত ডিলৱাৰ [Delaware]ৰ লগতে ১৭৩২ চনত জর্জিয়া আদি অঞ্চল দখল কৰি নিজৰ ঔপনিৱেশিক সাম্রাজ্য বিস্তাৰ কৰিছিল।

উত্তৰ আমেৰিকাত থকা ইংলেণ্ডৰ অধিকাংশ উপনিৱেশতে বেছিভাগ ইংৰাজৰ বাসিন্দা অছিল আৰু পাছলৈকে কম সংখ্যক ফৰাছী, জার্মান, আইৰীছ, স্কটিছ আদি লোকে তাত বসবাস কৰিবলৈ লৈছিল। আমেৰিকাত থকা ইংলেণ্ডৰ উপনিৱেশসমূহ মূলতঃ কৃষিপ্রধান আছিল আৰু তাত ক্রীতদাসৰ সহায়ত ধান, ধঁপাত আৰু নীলৰ খেতি কৰিছিল। আনহাতে সেই সময়েতে ইংলেণ্ডৰ শিল্প বিপ্লৱ আৰম্ভ হোৱাত তাত উৎপাদিত শিল্পজাত সামগ্রীসমূহ উপনিৱেশবোৰত বাণিজ্যিক পণ্যৰূপে ব্যৱহাৰ কৰি ইংৰাজসকল অধিক লাভবান হৈছিল। ১৭৬৩ চনত ইংলেন্ডে ফৰাছীসকলৰ হাতৰ পৰা কানাডা দখল কৰি আমেৰিকাত উপনিৱেশৰ সম্প্ৰসাৰণ ঘটাইছিল। ইংলেণ্ড ইউৰোপৰ ভিতৰতে শিল্প আৰু উদ্যোগৰ ক্ষেত্ৰত অতি চহকী আৰু উন্নত দেশৰূপে পৰিগণিত হোৱাত আমেৰিকাৰ বজাৰত ব্রিটিছ শিল্পজাত পণ্যৰ আধিপত্য স্থাপিত হৈছিল। এনেদৰে ব্ৰিটিছসকলে আমেৰিকাত তেওঁলোকৰ উপনিৱেশৰ বিকাশ সাধন কৰিছিল। ১৭৭৫-ৰ পৰা ১৭৮৩ চনৰ ভিতৰত আমেৰিকাৰ ১৩ খন ইংৰাজৰ উপনিৱেশে একত্র স্বাধীনতা ঘোষণা কৰি ইংলেণ্ডৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈছিল আৰু তাৰ পাছত ক্রমান্বয়ে ব্ৰিটিছসকলৰ শক্তি হ্রাস পাবলৈ আৰম্ভ কৰিছিল।

৩। ঔপনিৱেশিকতাবাদৰ উৎপত্তিৰ কাৰকসমূহ উল্লেখ কৰা।

উত্তৰঃ ঔপনিৱেশিকতাবাদৰ উৎপত্তিৰ মূল কাৰকসমূহ হৈছে— 

শিল্প বিপ্লৱৰ বিকাশ আৰু বিস্তাৰ, কেঁচামালৰ প্ৰয়োজনীয়তা, মূলধন বিনিয়োগৰ বাবে থকা সা-সুবিধা, পৰিৱহণ ব্যৱস্থাৰ উন্নতি, জাতীয়তাবাদী চিন্তাধাৰা আৰু নিজ দেশৰ গৌৰৱ বৃদ্ধিৰ মানসিকতা, নিজৰ সম্পৰ্কে থকা উচ্চ ধাৰণা আদি। ভৌগোলিক আৱিষ্কাৰৰ লগতে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ তীব্র আকাংখা পূৰণৰ অদম্য স্পৃহা, বাণিজ্যিক পুঁজিৰ বিনিয়োগ, বহিঃবাণিজ্যৰ সম্প্ৰসাৰণ আৰু অধিক মুনাফা অৰ্জনৰ প্রৱণতা, সামুদ্রিক আৰু বাণিজ্যিক জাহাজ নির্মাণৰ বাবে অত্যাধুনিক কলা কৌশলৰ আৱিষ্কাৰ আৰু উপকূলৱর্তী অৱস্থানে ঔপনিৱেশিকতাবাদৰ উৎপত্তিৰ ঘাই কাৰণ আছিল।

ঔপনিৱেশিকতাবাদৰ অৰ্থ হৈছে এখন উন্নত বা শক্তিশালী দেশে অন্যান্য অনুন্নত বা নিশকতীয়া দেশ দখল কৰি নিজস্ব ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ স্থাপন কৰা। ঔপনিৱেশসমূহ শক্তিশালী দেশখনৰ শিল্পউদ্যোগৰ বাবে প্রয়োজনীয় কেঁচামাল যোগানৰ ক্ষেত্ৰৰূপে বিবেচিত হয় আৰু সেই দেশখনে উৎপাদন কৰা শিল্পজাত দ্ৰব্যৰ একচেতিয়া দ্ৰব্যৰ বজাৰ ৰূপে পৰিগণিত হয়। ঔপনিৱেশিকতাবাদৰ বিকাশত বাণিজ্যিক পুঁজিৰ বিনিয়োগৰ জৰিয়তেও ঔপনিৱেশিক দেশখনে বাণিজ্যৰ মাধ্যমত পোৱা লাভ সেই দেশখনৰ জাতীয় আয়ৰ মূল উৎসস্বৰূপ। ঔপনিবেশিকতাবাদৰ উৎপত্তিৰ মূল কাৰণ হৈছে সবল দেশবোৰে দুৰ্বল দেশসমূহক অর্থনৈতিকভাৱে শোষণ কৰা আৰু দুৰ্বল দেশবোৰৰ পৰা কেঁচামাল তথা প্রাকৃতিক সম্পদৰাজিৰে উন্নত দেশৰ পুঁজি টনকিয়াল কৰা। পদানত দেশসমূহক শোষণ কৰি বৰ্তি থকাটোৱেই ঔপনিবেশিকতাবাদৰ মস্তর্নিহিত উদ্দেশ্য।

ভৌগোলিক অনুসন্ধান তথা আৱিষ্কাৰৰ লগে লগে পশ্চিম ইউৰোপীয় দশসমূহৰ নেতৃত্বত প্রথমে উপনিৱেশ স্থাপনৰ প্ৰক্ৰিয়াৰ সূচনা হৈছিল। উৰোপৰ ইতিহাসত মধ্যযুগৰ অবসানৰ পিছত ক্রমাগতভাৱে জাতীয় ৰাষ্ট্ৰৰ মাৱিৰ্ভাবৰ প্রায় সমসাময়িকভাৱে উপনিৱেশ স্থাপনৰ এক প্ৰৱণতা মূৰ দাঙি উঠে। আধুনিক যুগত ঔপনিৱেশিকতাবাদৰ বিকাশ হৈছে মূলতঃ অধিক মুনাফাৰ বাবে বাণিজ্যিক পুঁজিৰ বিনিয়োগ কৰাৰ স্বার্থত।

৪। বিশ্বত সাম্রাজ্যবাদৰ প্রভাৱ সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ সাম্রাজ্যবাদৰ প্ৰভাৱ বিশ্বৰ বিভিন্ন দেশত কম-বেছি পৰিমাণে পৰিছিল। ষোড়শ শতিকাৰপৰা অষ্টাদশ শতিকাৰ শেষলৈকে এই সময়ছোৱাক সাম্রাজ্যবাদৰ প্রথম পর্যায় বা স্তব বুলি অভিহিত কৰিব পাৰি। পঞ্চদশ আৰু ষোড়শ শতিকাত ইউৰোপীয় নাৱিকসকলে অতি সাহসিকতাৰে সামুদ্রিক অভিযান চলাই বহুতো নতুন নতুন দেশ, মহাদেশ আব সমুদ্রপথ আবিষ্কাৰ কৰাৰ লগে লগে এচিয়া, আফ্রিকা আৰু আমেৰিকাত সাম্রাজ্যবাদী উপনিবেশ স্থাপন হৈছিল। এই ক্ষেত্রত আগভাগ লোৱা ইউৰোপীয় শক্তিকেইটা হৈছে- পটুগাল, স্পেইন, হলেগু, ইংলেণ্ড আৰু ফ্রান্স। এই সময়ছোৱাত ইউৰোপীয় শক্তিসমূহে নিজ নিজ উপনিৱেশৰ ওপৰত চলোবা লুণ্ঠন কাৰ্যৰ ফলত উপনিবেশসমূহৰ পৰা বিশাল পৰিমাণৰ ধন-সোণ আদি ইউৰোপীয় দেশসমূহলৈ প্রবাহিত হৈছিল।

১৮৭০ চনৰপৰা ১৯১৪ চনলৈকে সাম্রাজ্যবাদী যুগটোত সৃষ্টি হোবা প্রতিদ্বন্দুবিতাৰ বাবে পূৰ্বৰ কিছুমান সাম্রাজ্যবাদী শক্তিৰ অবনতি ঘটিছিল আৰু কিছুমান নতুন সাম্রাজ্যবাদী শক্তিৰ আৱিৰ্ভাৰ হৈছিল। নতুনকৈ সৃষ্টি হোৱা সাম্রাজ্যবাদী শক্তিসমূহ হৈছে- জার্মানী, ইটালী, বেলজিয়াম, আমেৰিকা যুক্তৰাষ্ট্র, জাপান সাম্রাজ্যবাদৰ ফলস্বৰূপে উপনিৱেশিক অঞ্চলসমূহ তুলনামূলকভারে পূর্বতকৈ অর্থনৈতিকভারে দুর্বল হৈ পৰিছিল। সাম্রাজ্যবাদী ৰাষ্ট্ৰসমূহে নিজ নিজ ৰাষ্ট্ৰৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ঔপনিৱেশিক অঞ্চলটোৰ অর্থনীতি নিয়ন্ত্ৰণ কৰিছিল। বর্ণবৈষম্য নীতিত বিস্তৃত সাম্রাজ্যবাদৰ আন এক প্রভার আছিল। সাম্রাজ্যবাদ বিস্তাৰৰ সময়ছোৱাত প্ৰতিখন দেশৰে নিজা সভ্যতা আছিল যদিও প্রত্যেকখন সাম্রাজ্যবাদী দেশে নিজকে আনতকৈ অধিক সভ্য আৰু উন্নত বুলি গণ্য কৰিছিল। সাম্রাজ্যবাদী ৰাষ্ট্ৰসমূহে শাসক আৰু শাসিতৰ মাজত সদায় এটা পার্থক্য বজাই ৰাখিবলৈ চেষ্টা কৰিছিল।

সাম্রাজ্যবাদৰ ফলত কিছুমান ৰাষ্ট্ৰত শিল্প উদ্যোগ তথা যোগাযোগ ব্যৱস্থাৰ উন্নয়ন হৈছিল। তদুপৰি সাম্রাজ্যবাদী শাসকসকলে তেওঁলোকৰ অধিকৃত দেশক শোষণ কৰাৰ উদ্দেশ্যে একোটা ৰাজনৈতিক আৰু অর্থনৈতিক গোটত পৰিণত কৰাত দেশত জনগণৰ মাজত ঐক্য আৰু জাতীয়তাবোধ গঢ়ি উঠিছিল।  সাম্রাজ্যবাদী শক্তিসমূহে নিজ শিল্পজাত সামগ্রী বিক্রী আৰু কেঁচামাল আহৰণৰ বাবে স্থাপন কৰা উপনিৱেশবোৰত বিভিন্ন শক্তিৰ মাজত প্রৱল প্রতিযোগিতা হৈছিল। এই শক্তিসমূহৰ মাজত মাজে সময়ে যুদ্ধ লগাৰ সম্ভাৱনায়ে গা কৰি উঠিছিল।

সাম্রাজ্যবাদৰ বিকাশ আৰু সম্প্ৰসাৰণৰ ফলস্বৰূপে বিশ্বত ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষেত্ৰত সুদূৰপ্ৰসাৰী পৰিৱৰ্তন সাধন হৈছিল। ৰাজনৈতিক পৰিৱর্তনে পদানত দেশসমূহত সাম্রাজ্যবাদী শক্তি আধিপত্য স্থাপন কৰিছিল আৰু আভ্যন্তৰীণভাৱে সেই দেশসমূহত পূৰ্বৰে প্রচলিত সামন্তবাদী শাসন ব্যৱস্থা আৰু উৎপাদন পদ্ধতি অক্ষুন্ন ৰাখিছিল। নিজ দেশত যি শাসনব্যৱস্থা প্রচলিত আছিল সাম্রাজ্যবাদী শক্তিসমূহে পদানত কৰা দেশবোৰত সেই ধৰণৰ শাসনব্যৱস্থা প্ৰৱৰ্তন কৰা নাছিল। সাম্রাজ্যবাদী দেশসমূহে উপনিৱেশবোৰক কেৱল নিজৰ দেশৰ পণ্যসামগ্ৰীৰ বজাৰ আৰু কেঁচামালৰ যোগান ধৰোঁতা ৰাজ্য ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। সাম্রাজ্যবাদে বিশ্বত সামগ্রীকভাৱে এক বজাৰ অৰ্থনীতিৰ প্ৰৱৰ্তন কৰিছিল। অর্থাৎ সাম্রাজ্যবাদৰ আগমন তথা অগ্রগতিৰ লগে লগে বিশ্ব অর্থনীতিত প্রথমবাৰৰ বাবে বজাৰ অৰ্থনীতিৰ প্ৰৱৰ্তন কৰিছিল। এনেদৰে সাম্রাজ্যবাদে বিশ্বৰ অৰ্থনীতিক প্রভাৱিত কৰিছিল।

৫। সাম্রাজ্যবাদৰ উৎপত্তিৰ কাৰকসমূহ উল্লেখ কৰা।

উত্তৰঃ সাম্রাজ্যবাদ হৈছে পুঁজিবাদৰ বিকাশৰ সর্বোচ্চ স্তৰ। সাম্রাজ্যবাদৰ মূল চালিকা শক্তি হৈছে বজাৰ দখল, কেঁচামাল সংগ্রহ আৰু অধিক মুনাফা অৰ্জনৰ লক্ষ্য। সাম্রাজ্যবাদ স্থাপনত আগভাগ লোৱা দেশসমূহ প্রধানকৈ ইউৰোপ মহাদেশৰ আছিল কাৰণ সেই দেশবোৰ প্রাচ্য বা আফ্রিকা মহাদেশৰ দেশসমূহতকৈ অর্থনৈতিক তথা ৰাজনৈতিক ক্ষেত্ৰত সুস্থিৰ আছিল।

সাম্রাজ্যবাদৰ উৎপত্তিৰ মূল কাৰক হৈছে — শিল্প বিপ্লৱৰ বিকাশ আৰু বিস্তাৰ। ইংৰাজসকল আছিল ইউৰোপৰ দেশসমূহৰ ভিতৰত ঔপনিৱেশিক সাম্রাজ্য গঢ়ি তোলাৰ ক্ষেত্ৰত সবাতোকৈ আগবঢ়া। অষ্টাদশ শতিকাৰ শেষৰ ফালে ইংলেণ্ডৰ শিল্প বিপ্লৱ আৰম্ভ হৈছিল। যন্ত্রপাতিৰ সহায়ত উদ্যোগৰ উৎপাদন ক্ষমতা বৃদ্ধি পোৱাত বস্ত্র-উদ্যোগ, কৃষি, লো-তীখা, জাহাজ নির্মাণ, পৰিবহণ ব্যৱস্থা আদি সকলো ক্ষেত্রতে এক অভূতপূর্ব পৰিৱৰ্তন হৈছিল। শিল্প-বিপ্লৱৰ প্রভাৱ আন ইউৰোপীয় দেশসমূহলৈ সম্প্ৰসাৰিত হোৱাত দেশীয় প্রয়োজনতকৈ অধিক পৰিমাণে উৎপাদন হৈছিল আৰু ফলস্বৰূপে শিল্পপ্রধান দেশসমূহে নতুন বজাৰৰ সন্ধানত আন দেশলৈ বাণিজ্য সম্প্ৰসাৰণ কৰিছিল।

সাম্রাজ্যবাদৰ উৎপত্তিৰ আন কাৰকসমূহ হৈছে- কেঁচামালৰ প্ৰয়োজনীয়তা, মূলধন বিনিয়োগৰ সা-সুবিধা, পৰিৱহণ ব্যৱস্থাৰ উন্নতি সাধন, জাতীয়তাবাদী চিন্তাধাৰা আৰু নিজ দেশৰ গৌৰৱ বৃদ্ধিৰ মানসিকতাৰ লগতে সাম্রাজ্যবাদী ৰাষ্ট্ৰসমূহৰ নিজৰ প্ৰতি থকা উচ্চ ধাৰণা। যিবোৰ দেশত প্ৰচুৰ পৰিমাণে কেঁচামাল পোৱা যায় তেনেবোৰ দেশ সাম্রাজ্যবাদী ৰাষ্ট্ৰৰ চকুত পৰে আৰু উপনিবেশ স্থাপনৰ বাবে উঠি পৰি লাগে। ইংৰাজসকলে ভাৰতত আধিপত্য বিস্তাৰ কৰিছিল আৰু ভাৰতৰ পৰা অনায়েসে কপাহী সূতা নিজ দেশলৈ ৰপ্তানি কৰি নিজ দেশৰ অৰ্থনীতি টনকিয়াল কৰিছিল।

আকৌ শিল্প বিপ্লৱৰ প্ৰসাৰৰ ফলত পুঁজিপতি সকলৰ হাতত প্ৰচুৰ পৰিমাণৰ ধন সম্পদ গোট খাইছিল আৰু সেই সম্পদেৰে অধিক লাভ কৰাৰ আশাত পুঁজিপতিসকলে আন আন অনুন্নত দেশসমূহত বিনিয়োগ কৰিছিল। ঊনবিংশ শতিকাৰ শেষৰ পিনে উদ্যোগপতিসকলে, উপনিৱেশিক ৰাষ্ট্ৰখনৰ সামগ্রিক উন্নয়নৰ বাবে মূলধন বিনিয়োগৰ কথা চিন্তা কৰা নাছিল, তেওঁলোকৰ মুখ্য উদ্দেশ্য আছিল কৰতলীয়া ৰাজ্যখনক অর্থনৈতিকভারে শোষণ কৰা। শিল্প বিপ্লবৰ ফলস্বৰূপে বাটপথবোৰ উন্নত হোৱাত সেই পথেৰে গধুৰ যানবাহন চলাচল কৰাত ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণ হৈছিল। ৰেলপথ নির্মাণ, ডাঙৰ ডাঙৰ জাহাজ নির্মাণ হোৱাত স্থলপথ, জলপথেদি মালবস্তু সৰবৰাহ কৰা সহজ হয়। শিল্পপ্রধান উন্নত দেশবোৰে এনে ব্যৱস্থাৰ জৰিয়তে বা অনগ্ৰসৰ অঞ্চলত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।

উনৈশ শতিকাত জাতীয় ৰাজ্য স্থাপনৰ বাবে ইউৰোপত এক সংগ্রাম আৰম্ভ হয় আৰু ঊনবিংশ শতিকাৰ শেষার্ধত জার্মানি আৰু ইটালীয়ে নিজৰ জাতিৰ মানুহক সামৰি দুখন ৰাষ্ট্ৰ গঠন কৰিছিল। জাতীয় গৌৰৱ প্ৰতিষ্ঠাৰ বাবে কিছুমান ইউৰোপীয় দেশ উপনিৱেশ স্থাপনৰ প্রতি আগ্রহী হৈছিল। তদুপৰি উপনিবেশ ৰক্ষণা-বেক্ষণৰ কাৰণেও বিভিন্ন উপনিৱেশৰ সৃষ্টি হৈছিল। উদাহৰণস্বৰূপে সমগ্র বিশ্বজুৰি গঢ়ি উঠা ব্ৰিটিছ সাম্ৰাজ্যৰ ৰক্ষণাবেক্ষণৰ বাবে ইংৰাজসকলে হংকং, চিংগাপুৰ, চাইপ্রাছ আদি ঠাইত নৌবাহিনী ৰখাৰ ফলত কেইবাখনো উপনিৱেশৰ সৃষ্টি হৈছিল। আকৌ সভ্যতা-সংস্কৃতিৰ ক্ষেত্ৰত ইউৰোপীয়সকলে নিজকে আন ঠাইৰ মানুহতকৈ অধিক আগবঢ়া বুলি বিবেচনা কৰিছিল আৰু অনুন্নত, অনগ্ৰসৰ অঞ্চলৰ লোকক সভ্যতাৰ পোহৰ বিলোৱাটো এক মহান কর্তব্য বুলি বিবেচিত কৰি উপনিবেশ স্থাপনত গুৰুত্ব দিছিল। সাম্রাজ্যবাদ উৎপত্তিৰ আন এক কাৰক আছিল খ্রীষ্টধর্ম প্ৰচাৰকসকল। খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ এক উদ্দেশ্য হৈছে মানর সেৱা আৰু এই ধৰ্ম প্ৰচাৰৰ জৰিয়তে তেওঁলোকে মানব সেৱা কৰিছিল। ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য তেওঁলোকে উপনিবেশ গঢ়ি তুলিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top