দ্বিতীয় বিশ্বযুদ্ধ Class 10 Elective History Important Notes

দ্বিতীয় বিশ্বযুদ্ধ Class 10 Elective History Important Notes to each chapter are provided in the list so that you can easily browse through different chapters দ্বিতীয় বিশ্বযুদ্ধ Class 10 Elective History SEBA Important Notes and select need one.

Class 10 Elective History Important Notes দ্বিতীয় বিশ্বযুদ্ধ

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective History Important Notes দ্বিতীয় বিশ্বযুদ্ধ These solutions are part of SCERT All Subject Solutions. Class 10 Elective History Important Notes দ্বিতীয় বিশ্বযুদ্ধ Here we have given Class 10 Elective History Important Notes দ্বিতীয় বিশ্বযুদ্ধ Solutions for All Subjects, You can practice these here.

দ্বিতীয় বিশ্বযুদ্ধ

Chapter – 4

ELECTIVE HISTORY

IMPORTANT NOTES

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। কিমান চনত জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰে —

(ক) ১৯৩৬ চনত।

(খ) ১৯৩৭ চনত।

(গ) ১৯৩৮ চনত।

(ঘ) ১৯৩৯ চনত।

উত্তৰঃ (ঘ) ১৯৩৯ চনত।

২। জাৰ্মানীৰ ছোভিয়েট ৰাছিয়া আক্ৰমণ কিমান চনত হৈছিল —

(ক) ১৯৪১ চনত।

(খ) ১৯৪২ চনত।

(গ) ১৯৪৩ চনত।

(ঘ) ১৯৪৪ চনত।

উত্তৰঃ (ক) ১৯৪১ চনত।

৩। অপাৰেচন টৰ্চ কিমান চনত সংঘটিত হৈছিল —

(ক) ১৯৪১ চনত।

(খ) ১৯৪২ চনত।

(গ) ১৯৪৩ চনত।

(ঘ) ১৯৪৪ চনত।

উত্তৰঃ (খ) ১৯৪২ চনত।

৪। নৰওৱে আক্ৰমণত হিটলাৰে কিমানখন যুদ্ধ জাহাজ ব্যৱহাৰ কৰিছিল —

(ক) ৬০০ খন।

(খ) ৭০০ খন।

(গ) ৮০০ খন।

(ঘ) ৯০০ খন।

উত্তৰঃ (গ) ৮০০ খন।

৫। দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল —

(ক) ১৯৩৬ চনত।

(খ) ১৯৩৭ চনত।

(গ) ১৯৩৮ চনত।

(ঘ) ১৯৩৯ চনত।

উত্তৰঃ (ঘ) ১৯৩৯ চনত।

অতি চমু প্ৰশ্নোত্তৰ

১। মার্কিন যুক্তৰাষ্ট্ৰৰ সেনাধ্যক্ষ দোগলাছ মেক আৰ্থাৰৰ ওচৰত জাপানে ক’ত আত্মসমর্পণ কৰিছিল?

উত্তৰঃ মার্কিন যুক্তৰাষ্ট্ৰৰ সেনাধ্যক্ষ দোগলাছ মেক আৰ্থাৰৰ ওচৰত জাপানে টকিঅ’ উপসাগৰত মিছৌবী নামে যুদ্ধ জাহাজত আত্মসমর্পণ কৰিছিল।

২। অপাৰেচন ছিলায়ন নাম ভূমিকাত হিটলাৰে কোন দেশ আক্রমণ কৰিছিল?

উত্তৰঃ অপাৰেচন ছিলায়ন নাম ভূমিকাত হিটলাৰে ইংলেণ্ড আক্রমণ কৰিছিল।

৩। ভাইডকুন কুইজলিং কোন আছিল?

উত্তৰঃ ভাইডকুন কুইজলিং নৰওৱেৰ লোক আছিল। তেওঁ ফেচীবাদৰ সমৰ্থক আছিল। ভাইডকুন কুইজলিঙৰ নেতৃত্বত নৰওৱেত এটা ফেচিষ্ট দল সংগঠন কৰি হিটলাৰৰ সৈতে যোগাযোেগ আৰম্ভ কৰা হৈছিল।

৪। নাগাচাকিত এটম বোমা পেলোৱা বৈমানিকজনৰ নাম কি?

উত্তৰঃ নাগাচাকিত এটম বোমা পেলোৱা বৈমানিকজনৰ নাম আছিল মার্কিন, বৈমানিক চার্লছ ডব্লিউ ছোইনী।

৫। ছিংগাপুৰৰ সমীপত কোন দেশে ব্রিটিছ যুদ্ধ জাহাজ প্রিন্স অব ওৱেলছ আৰু ৰিপালছক বিধ্বস্ত কৰিছিল?

উত্তৰঃ ছিংগাপুৰৰ সমীপত জাপানে ব্ৰিটিছ যুদ্ধ জাহাজ প্রিন্স অব ওৱেলছ আৰু ৰিপাল্ল্পক বিধ্বস্ত কৰিছিল।

৬। ফৰমোছাৰ নতুন নামটো কি?

উত্তৰঃ ফৰমোছাৰ নতুন নামটো হৈছে টাৱাইন।

৭। ১৯৪৩ চনৰ আগষ্টৰ পিছত মিত্র শক্তিৰ সামৰিক প্ৰধান কোন আছিল?

উত্তৰঃ ১৯৪৩ চনৰ আগষ্টৰ পিছত মিত্রশক্তিৰ সামৰিক প্ৰধান আছিল লর্ড লুই মাউন্টবেটেন।

৮। কোন কোন দেশে অপাৰেচন ওভাৰলর্ড গুপ্ত নামেৰে নাজী জার্মানী আক্ৰমণ কৰিছিল?

উত্তৰঃ ইংগ-মার্কিন বাহিনীয়ে অপাৰেচন-ভাৰলৰ্ড গুপ্ত নামেৰে-নাজী ও জার্মানী আক্রমণ কৰিছিল।

৯। ডিজার্ট ফক্‌ ৰূপে পৰিচিত লোকজন কোন আছিল ?

উত্তৰঃ ডিজার্ট ফক্‌ছ ৰূপে পৰিচিত লোকজন হিটলাৰৰ এগৰাকী সুদক্ষ সেনাধ্যক্ষ আছিল। তেওঁৰ নাম আছিল আবউইন ৰোমেল।

১০। মুছোলিনিৰ ঘৈনীয়েকৰ নাম কি?

উত্তৰঃ মুছোলিনিৰ ঘৈনীয়েকৰ নাম হৈছে ক্লাট্টো পেটাচ্চী।

চমু প্ৰশ্নোত্তৰ

১। গ্রীচত সংগঠিত প্ৰতিৰোধ সংগ্রাম।

উত্তৰঃ ১৯৪০ চনৰ অক্টোবৰ মাহত মুছোলিনিয়ে গ্রীচৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ গ্ৰীচ আক্রমণ কৰে। গ্রীকসকলে এই আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰতিৰোধ সংগ্রাম গঢ়ি তুলিছিল আৰু তাত সফলতা লাভ কৰিছিল। মুছোলিনীয়ে গ্ৰীচ দখল কৰিবলৈ আহি ব্যৰ্থ হৈ উভতি যোৱাৰ পিছত হিটলাৰে এই দেশ আক্রমণ কৰি দখল কৰাত গ্ৰীচ চৰকাৰৰ পতন ঘটে আৰু ৰজাই কাইৰোলৈ পলায়ন কৰি তাত এখন পলৰীয়া চৰকাৰ গঠন কৰে। এনে অৱস্থাত গ্রীক কমিউনিষ্টসকলে জাতীয় মুক্তি বাহিনী আৰু জাতীয় জনপ্রিয় মুক্তি বাহিনী গঠন কৰি জাৰ্মান নাজি বাহিনীৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্রাম গঢ়ি তোলে।

গ্রীক কমিউনিষ্টসকলে আন আন দেশপ্রেমিক দল আৰু ব্যক্তিৰ সহায়ত এই প্ৰতিৰোধ সংগ্ৰামৰ যোগেদি ১৯৪৪ চনৰ শেষলৈ নাজি দখলৰ পৰা দেশখন মুক্ত কৰি ৰাখে। আনহাতে গ্ৰীচৰ অভ্যন্তৰত থাকি প্ৰতিৰোধ সংগ্ৰামৰ নেতৃত্ব দিয়া কমিউনিষ্ট দল আৰু অন্যান্য দল আৰু ব্যক্তিৰ বিৰুদ্ধে কাইৰোত থকা পলৰীয়া চৰকাৰে অতি সোনকালে সংঘৰ্ষত লিপ্ত হৈ পৰে। তেওঁলোকে ব্ৰিটিছৰ সহায়ত গ্ৰীচত চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰাত দুয়োেপক্ষৰ মাজত সংঘাতে দেখা দিয়ে আৰু ইয়ে শেষত গৃহ যুদ্ধলৈ পৰিৱৰ্তিত হয়। ১৯৪৬ চনৰ মে’ মাহৰ পৰা ১৯৪৯ চনৰ অক্টোবৰ মাহলৈ চলা এই যুদ্ধই গ্ৰীচক অতি দুৰ্বল কৰি পেলাইছিল।

২। কি পৰিস্থিতিত মার্কিন যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধত অংশ গ্রহণ কৰিছিল? 

উত্তৰঃ ১৯৪১ চনৰ ৭ ডিচেম্বৰ তাৰিখে জাপানে অতর্কিতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত নিজ আধিপত্য বিস্তাৰৰ বাবে আক্রমণ চলায়। সেই সময়তে জাপানৰ প্রতিনিধি দল এটাই লোকক দেখুওৱাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ৱাশ্বিংটনত শান্তি চুক্তি এটা স্বাক্ষৰ কৰাৰ বাবে আলোচনা কৰি আছিল। আমেৰিকাত হোৱা অতর্কিত আক্ৰমণৰ পিছ দিনাখনেই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেন্ডে জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এইদৰে যুদ্ধ আৰম্ভ হোৱাৰ প্ৰায় দুবছৰৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধত লিপ্ত হৈ পৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই যুদ্ধত অংশ গ্রহণ কৰি যিকোনো প্ৰকাৰে জাপানক পৰাস্ত কৰিবলৈ প্রাণেপনে চেষ্টা চলায়। আমেৰিকা যুক্তৰাষ্ট্ৰই ইউৰোপৰ ৰণাংগণত ফেচিষ্ট জোঁটৰ পৰাজয়ৰ বাবে যুদ্ধৰ আৰম্ভণিৰ পৰাই ব্রিটেইন আৰু ফ্রান্সক অস্ত্র-শস্ত্ৰেৰে সহায় কৰি আহিছিল। পৰৱৰ্তী কালত মার্কিন যুক্তৰাষ্ট্ৰই নিজেই যুদ্ধৰ অংশীদাৰ হৈ পৰে।

৩। পোলেণ্ডত সংগঠিত প্রতিৰোধ সংগ্রাম।

উত্তৰঃ পোলেণ্ডত হিটলাৰে কৰা আক্রমণ প্ৰতিৰোধ কৰিবলৈ প্ৰতিৰোধ সংগ্রাম সংগঠিত কৰা হৈছিল। দেশপ্রেমিকলোক জেনেৰেল ছিকোবস্কীৰ নেতৃত্বত প্রথমে ফ্রান্স আৰু পিছত লণ্ডনত এখন পলৰীয়া চৰকাৰ গঠন কৰি পোলেণ্ডৰ প্ৰতিৰোধ সংগ্রাম পৰিচালনা কৰা হৈছিল। ১৯৪২ চনত পোলেণ্ডৰ কমিউনিষ্ট দলে সুকীয়াকৈ জার্মানীৰ আক্ৰমণৰ বিৰুদ্ধে প্রতিবোধ সংগ্রাম গঢ়ি তুলিছিল। পৃথক পৃথক ভাৱে সংগঠিত আৰু পৰিচালিত হোৱা এই প্ৰতিৰোধ সংগ্রামে জনসাধাৰণৰ মাজত বিশেষ প্রভাৱ বিস্তাৰ কৰিব পৰা নাছিল।

৪। দ্বিতীয় বিশ্বযুদ্ধত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধত দেশসমূহ অর্থনৈতিকভাবে অত্যন্ত ক্ষতিগ্রস্থ হৈছিল।

ঐতিহাসিক কার্লটন হেইজে দেখুৱাইছে যে অকল আমেৰিকা যুক্তৰাষ্ট্ৰৰে এই যুদ্ধত খৰচ হৈছিল ৩৫০ বিলিয়ন ডলাৰ। অন্যান্য দেশসমূহৰ এচ হৈছিল মঠতে ১০০০ বিলিয়ন ডলাৰ আৰু সা-সম্পত্তিৰ ধ্বংসৰ মাধ্যমত হোৱা ক্ষতিৰ পৰিমাণ আছিল ১০০০ বিলিয়ন ডলাৰ।

এই যুদ্ধত প্রায় ২২ মিলিয়ন লোক নিহত আৰু প্রায় ৩৪ মিলিয়ন লোক আহত হৈছিল। তদুপৰি যুদ্ধৰ বাবে সমগ্র বিশ্বতে প্রায় ২০ মিলিয়ন সাধাৰ লোক নিহত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই হিৰচিমা আৰু নাগাছাকিত আণবিক বোমা নিক্ষেপ কৰাৰ ফলত প্রায় ৩,২০,০০০ লোক নিহত হৈছিল।

যুদ্ধৰ সময়ত আকাশমাৰ্গেৰে বোমা নিক্ষেপ কৰাৰ ফলত গোটেই বিশ্বতে নিহত হোৱা সাধাৰণ নাগৰিকৰ পৰিমাণ আছিল ১৫,০০,০০০ জন। এই যুদ্ধত ব্যাপক হাৰত সাধাৰণ নাগৰিকৰ মৃত্যুৰ ঘটনাৰপৰা যুদ্ধৰত দেশবিলাকৰ লোকসকল কিমান বর্বর্তালৈ নামি গৈছিল আৰু মানুহে মানুহৰ ওপৰত কিমান নির্মম অত্যাচাৰ চলাইছিল তাক অনুমান কৰিব পাৰি।

৫। দ্বিতীয় বিশ্বযুদ্ধৰ স্তৰকেইটা কি কি আছিল?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ ঘটনা প্রবাহৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ৫ টা ভৰত ভাগ কৰিব পাৰি। 

সেই স্তৰসমূহ হ’ল —

(ক) প্রথম স্তৰ ১৯৩৯ চনৰপৰা ৪০ চনলৈ।

(খ) দ্বিতীয় স্তৰ ১৯৪০ চনৰপৰা ৪১ চনলৈ।

(গ) তৃতীয় স্তৰ ১৯৪১ চনৰপৰা ৪২ চনলৈ।

(ঘ) চতুৰ্থ স্তৰ ১৯৪২ চনৰপৰা ৪৪ চনলৈ। আৰু

(ঙ) পঞ্চম স্তৰ-১৯৪৪ চনৰপৰা ৪৫ চনলৈ।

দীঘলীয়া প্ৰশ্নোত্তৰ

১। ইংলেণ্ডৰ ওপৰত জার্মান আক্ৰমণ সম্পর্কে আলোচনা কৰা।

উত্তৰঃ ফ্ৰান্সৰ ওপৰত নিজয় সাব্যস্ত কৰাৰ অস্তত হিটলাৰে ইংলেণ্ড অধিকাৰ কৰিবলৈ মন মেলে। জার্মানীদ্বাৰা ইংলেণ্ড আক্রান্ত হোৱা ঘটনাই দ্বিতীয় বশ্বযুদ্ধত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কাৰণ ফ্ৰান্সৰ পতনৰ পিছত হিটলাৰ আৰু মুছোলিনিব বিপক্ষে ইংলেন্ডে ৰণক্ষেত্ৰত অকলশৰীয়া হৈ পৰিছিল। কিন্তু ভীষণভাবে আক্ৰমণ কৰাৰ পিছতো ইংলেণ্ডৰ বিপক্ষে জার্মানীয়ে জয়লাভ কৰিব নাৱাৰি “অপাৰেচন ছি লায়ন” সাংকেতিক নামেৰে আৰম্ভ কৰা যুদ্ধখন নাময়িকভাবে স্থগিত ৰাখিবলগীয়া হয়। ১৯৪০ চনৰ আগষ্ট মাহৰ ৮ তাৰিখে নশাৰ ভাগত আতর্কিতে ধাৰাষাৰ বোমা বৰ্ষণেৰে আৰম্ভ হোৱা এই যুদ্ধখন সেই বছৰৰে ১৭ চেপ্তেম্বৰ শেষ হৈছিল।

এই যুদ্ধত হিটলাৰে ইংলেণ্ডব সামুদ্রিক বন্দব উপৰিও বিমান ঘাটি, বিমান তৈয়াৰ কৰা কাৰখানা আৰু সাধাৰণ নাগৰিকৰ বসতি অঞ্চলসমূহো আক্ৰমণ কৰিছিল। প্রতিৰোধ সংগ্রামৰূপে ইংলেন্ডেও জার্মানীৰ বাৰ্লিন চহৰৰ ওপৰত অহৰহ প্ৰতি আক্ৰমণ চলাইছিল। হিটলাৰৰ ধাৰাধাৰ বোমা বৰ্গৰ ফলত ব্রিটেইনৰ ভালেমান চহৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ উপৰিও অকল লণ্ডন চহৰতে ২০,০০০ তকৈ অধিক সাধাৰণ নাগৰিকৰ মৃত্য হৈছিল। ১৯৪১ চন আৰম্ভ হোৱা ইংলেণ্ডৰ প্রতিৰোধ আক্রমণত ব্রিটিছ ৰাজকীয় বিমানবাহিনী প্রায় ২,৪০০ যখন জার্মান যুদ্ধ জাহাজ গুলীয়াই ভূপতিত কৰি ধ্বংস কৰিছিল এই যুদ্ধক বেটল অৱ ব্রিটেইন বোলা হয়। এই যুদ্ধত ইংলেণ্ড বাহিনীয়ে জয়লাভ কৰিছিল।

হিটলাৰৰ বিৰুদ্ধে ইংলেণ্ডৰ এই বিজয়ৰ মূলতে আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক সাহার্য প্রদান। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেন্ট ফেংকলিন ডেলানো ৰুছভেন্ট হিটলাৰৰ সামৰিক অভিযানৰ আৰম্ভণিৰেপৰাই ফেছিষ্ট জোঁটক পৰাভূত কৰিবলৈ মনস্থ কৰিছিল। সেইবাবে তেওঁ হিটলাৰে ইংলেণ্ড আক্রমণ কৰাৰ পিছত ইংলেণ্ডক অস্ত্র-শস্ত্ৰৰে সকলো ধৰণৰ সহায় আগবঢ়াইছিল।

ব্রিটিছ অধিকৃত নিউ ফাউণ্ডলেগু আৰু পশ্চিম ভাৰতীয় দ্বীপপুঞ্জত মার্কিন নৌ ঘাটি স্থাপন কৰিবলৈ দিয়াৰ বিনিময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই ইংলেণ্ডক ৫০ খন ডেষ্ট্ৰয়াৰৰ যোগান ধৰিছিল। ইয়াৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰই মিত্ৰ পক্ষক সহায় কৰাৰ বাবে ১৯৪১ চনৰ মার্চ মাহত “লেগু লিজ এক্স” নামে এখন আইন প্রণয়ন কৰি একছছি শক্তি জোঁটৰ বিৰুদ্ধে থকা দেশসমূহক বাকীকৈ অস্ত্র শস্ত্র যোগান ধৰাৰ নীতি গ্রহণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই নীতিয়ে ফেছিষ্ট বিৰোধী শক্তিসমূহক যুদ্ধত জয়ী হোৱাৰ বাবে যথেষ্ট পৰিমাণে সহায়ৰ হাত আগবঢ়াইছিল।

২। দ্বিতীয় বিশ্বযুদ্ধৰ তৎক্ষণিক পৰিণতি কি আছিল আলোচনা কৰা।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ তৎক্ষণিক পৰিপতিৰ বিষয়ে আলোচনা কৰা হ’ল। এই যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্র প্রত্যক্ষভাৱে আক্রাস্ত হোৱা নাছিল। আনহাতে এই সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্র যুদ্ধৰ অস্ত্রশস্ত্র নির্মাণৰ এক বিশাল কাৰখানালৈ পৰিৱর্তিত হৈছিল। মিত্র পক্ষই এই অস্ত্র-শস্ত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰি নিছিল।গতিকে যুদ্ধৰ পৰৱৰ্তীকালছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অর্থনৈতিক অৱস্থা টনকিয়াল হৈ ৰৈছিল আৰু এই দেশ বিভিন্ন দেশক অর্থনৈতিক পুনৰ গঠনৰ বাবে বিপুল পৰিমাণৰ অৰ্থৰ যোগান ধৰিব পাৰিছিল। ফলত এই দেশ বিশ্বৰ অন্যতম বৃহৎ শক্তিত পৰিণত হ’ব পাৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰিও কানাডা আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহো যুদ্ধৰদ্বাৰা অৰ্থনৈতিকভাৱে লাভাম্বিত হৈছিল। আনহাতে উপর্যুপৰি সংঘটিত হোৱা জার্মান আক্রমণে ব্রিটেইনৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল। যুদ্ধৰ পূর্বে বিশ্বৰ অৰ্থনীতিত ইংলেণ্ডৰ যি অৱস্থান আৰু প্ৰতিপত্তি আছিল, যুদ্ধৰ শেষত তাৰ অৱসান ঘটিছিল। ব্রিটেইনৰ উপৰিও ইউৰোপৰ আন আন দেশবোৰৰো অর্থনৈতিক অধঃপতন ঘটিছিল। ঘৰ-দুৱাৰ, কল-কাৰখানা, খেতি- পথাৰ সকলো ধ্বংসপ্রাপ্ত হৈ হাজাৰ-হাজাৰ লোক কর্মহীন, গৃহহীন আৰু প্ৰতিপক্ষৰ হাতত যুদ্ধবন্দী হৈ পৰিছিল। ১৯৪৬ চনত ইটালী এখন প্ৰজাতন্ত্ৰত পৰিণত হৈছিল। যুদ্ধৰ ফলত ইটালীয়ে নিজৰ সকলো উপনিবেশ হেৰুৱাৰ উপৰিও অর্থনৈতিকভাৱেও দুৰ্বল হৈ পৰিছিল। 

এই যুদ্ধৰ দ্বাৰা জার্মানীও অতি ভয়ানকভাৱে ক্ষতিগ্রস্ত হৈছিল। অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক সকলো দিশতে ক্ষতিগ্রস্ত এই দেশখন সম্পূর্ণ মুহ্যমান হৈ পৰিছিল। দেশখন দুটা ভাগত বিভক্ত কৰি পূৱফালে ছোভিয়েট ৰাচিয়া আৰু পশ্চিমফালে আমেৰিকা যুক্তৰাষ্ট্র, ইংলেণ্ড আৰু ফ্রান্সে আধিপতা স্থাপন কৰিছিল। ছোভিয়েট ৰাচিয়াৰ অধিকৃত অঞ্চলৰ নাম হয় জার্মান গণতান্ত্রিক প্রজাতন্ত্র আৰু অন্য অঞ্চলৰ নাম হয় জার্মান ফেডাৰেল ৰিপাব্লিক।

দ্বিতীয় বিশ্বযুদ্ধৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়া বিশ্বত প্রধান ৰাজনৈতিক শক্তিৰূপে পৰিগণিত হয়। এই দুয়োখন ৰাষ্ট্র দুটা পৃথক আৰু পৰস্পৰবিৰোধী ৰাজনৈতিক মতাদর্শত বিশ্বাসী আছিল। এটা পুঁজিবাদী আদর্শত বিশ্বাসী আৰু আনটো সমাজবাদী আদর্শত বিশ্বাসী। ইয়াক কেন্দ্ৰ কৰিয়েই বিশ্বৰ দেশসমূহৰ মাজত ৰাজনৈতিক মেৰকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু তাৰ লগে লগে শীতল যুদ্ধৰ আৰম্ভ হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধত জাপানেও যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিল। ৰাজনৈতিকভাৱে জাপানে তৎকালেই নিজৰ সার্বভৌমত্ব আৰু স্বাধীনতা হেৰুৱাই পেলাইছিল। অৱশেষত জাপানৰ সমৰকৰ্তা তথা ভূতপূর্ব প্রধানমন্ত্রী ট জোসহ অন্যান্য কেইজনমানক যুদ্ধৰ অপৰাধী গণ্য কৰি ফাঁচী দি হত্যা কৰা হৈছিল।

১৯৫১ চনত জাপানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছানফ্রাঞ্চিছকো চহৰত বিশ্বৰ ৪৯ খন ৰাষ্ট্ৰৰ সৈতে এটি চুক্তি সম্পাদন কৰি নিজৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব ওভোটাই পাইছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ ফলত বিশ্বত ঔপনিৱেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ অস্ত পৰাৰ প্ৰক্ৰিয়াৰ সূচনা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ ফলত ইংলেণ্ডৰ ৰাজনৈতিক, সামৰিক আৰু অর্থনৈতিক শক্তি সামর্থ্য কমি অহাত সেই দেশৰদ্বাৰ। পদানত ভাৰতবৰ্ষকে ধৰি বিশ্বৰ বহু দেশক আৰু অধিক কালৰ বাবে নিয়ন্ত্ৰণ কৰি ৰখাটো অসম্ভৱ হৈ পৰিল। এছিয়া মহাদেশত প্রথমে ফিলিপাইনে ১৯৪৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আৰু ভাৰত আৰু পাকিস্তানে ১৯৪৭ চনত ব্রিটেইনৰ পৰা স্বাধীনতা লাভ কৰাৰ লগে লগে বিশ্বত সাম্রাজ্যবাদ আৰু ঔপনিৱেশিকতাবাদৰ অস্ত পৰিবলৈ ধৰে। এয়াই হৈছে দ্বিতীয় মহাযুদ্ধৰ স্থায়ী আৰু গুৰুত্বপূৰ্ণ পৰিণতি। 

৩। জাপানৰদ্বাৰা পার্ল হাৰ্বাৰ আক্ৰান্ত হোৱাৰ পিছত সুদূৰ প্ৰাচাত দ্বিতীয় বিশ্বযুদ্ধৰ অগ্রগতি সম্পর্কে লিখা।

উত্তৰঃ ১৯৪১ চনৰ ৭ ডিচেম্বৰ তাৰিখে জাপানে অতর্কিতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাই দ্বীপপুঞ্জৰ পার্ল হাৰ্বাৰৰ ওপৰত আক্রমণ চলায়। ১৯৪০ চনত জাপানে বিশ্বযুদ্ধত কৃতকার্যতা লাভ কৰিবলৈ উৎসাহিত হৈ পৰিছিল। তেওঁলোকে চীন, প্রশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ আৰু দক্ষিণ-পূর্ব এচিয়াৰ ফৰাচী অধিকৃত ইন্দোচীন আৰু থাইলেণ্ড, ব্ৰিটিছৰ অধীনত থকা ব্রহ্মদেশ, মালয় আদি দেশ দখল কৰিবলৈ এক বৃহৎ আঁচনি প্রস্তুত কৰি তাক আন্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হৈছিল।

জাপানৰ এই আঁচনিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰক সচকিত কৰি তুলিছিল। ১৯৪০ চনৰ ছেপ্তেম্বৰ মাহত জাপানে ইন্দোচীন দখল কৰে। ১৯৪১ চনৰ এপ্রিল মাহত জাপানে ছোভিয়েট ৰাচিয়াৰ সৈতে এক অনাক্রমণাত্মক চুক্তি স্বাক্ষৰ কৰে। সেই বছৰৰ জুলাই মাহত জাপানে ভিয়েটনাম দখল কৰে। দক্ষিণ-পূব এছিয়াত জাপানৰ এই আগ্রাসন কার্য চলি থাকোতেই জাপানত এক সামৰিক অভ্যুত্থানৰ জৰিয়তে সামৰিক গোটে ক্ষমতা অধিকাৰ কৰে আৰু জেনেৰেল হাইডেকী ট জো প্রধানমন্ত্রী হয়। ইফালে জাপানে ইন্দোচীন আক্ৰমণ কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰই জেনেৰেল মেক আৰ্থাৰক সুদূৰ প্ৰাচ্যৰ সেনাধ্যক্ষ নিযুক্ত কৰে।

পার্ল হাৰ্বাৰত মার্কিন নৌ-বাহিনীৰ ওপৰত জাপানে কৰা আক্ৰমণৰ সময়তে জাপানৰ প্রতিনিধি দল এটাই লোকদৰ্শিতভাৱে আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে ওৱাছিংটনত শাস্তি চুক্তি এটা স্বাক্ষৰ কৰা সম্পৰ্কে আলোচনা কৰি আছিল।

পার্ল হার্বাৰত সংঘটিত হোৱা এই আক্রমণৰ পিছদিনাখন আমেৰিকা যুক্তৰাষ্ট্ৰই ইংলেণ্ড আৰু জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এই যুদ্ধ হোৱাৰ প্রায় দুবছৰৰ পিছত আমেৰিকা যুক্তৰাষ্ট্র দ্বিতীয় বিশ্বযুদ্ধত লিপ্ত হৈ পৰে।

পার্ল হার্বাৰত কৃতকার্যতা লাভ কৰাৰ পিছত জাপানে এফালৰ পৰা প্রশান্ত মহাসাগৰীয় অঞ্চল আৰু দক্ষিণ-পূর্ব এচিয়াত নিজৰ সাম্রাজ্য বিস্তাৰ কৰিবলৈ অগ্ৰসৰ হয়। জাপানে ১৯৪১ চনৰ ২৫ ডিচেম্বৰত হংকং দখল কৰে। তাৰ আগতে জাপানে ১৯৪১ চনৰ ডিচেম্বৰ মাহৰ ১০ তাৰিখে ছিংগাপুৰৰ ওচৰত দুখন ব্রিটিছ যুদ্ধ জাহাজ ধ্বংস কৰে। পিছৰ বছৰৰ জানুৱাৰী মাহত জাপানে ফিলিপাইনছ, ফেব্ৰুৱাৰীত ছিংগাপুৰ আৰু মালায়েছিয়া, মার্চ মাহত ইন্দোনেচিয়া আৰু মে’ মাহত ব্রহ্মদেশ দখল কৰে। তাৰ পাছত জাপানে ক্রমে জোভা, বর্ণিও, সুমাত্রা, বালি আদি আক্ৰমণ কৰি অধিকাৰ কৰে।

জাপানে প্রশান্ত মহাসাগৰীয় অঞ্চলত গোৱাম আৰু ওৱেক দ্বীপ কেইটা আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা আৰু গিলবার্ট দ্বীপপুঞ্জ ব্রিটেইনৰপৰা দখল কৰে। ১৯৪২ চনৰ ১৫ ফেব্ৰুৱাৰীত ছিংগাপুৰত জাপানৰ ওচৰ আত্মসমর্পণ কৰে। ৮ মাৰ্চত জাপানৰ হাতত ব্ৰহ্মদেশৰ ৰাজধানী ৰেংগুনৰ পতন ঘটে আৰু মে’ মাহৰ ভিতৰত ব্ৰিটিছক তেওঁলোকে ব্ৰহ্মদেশৰপৰা ভাৰতবৰ্ষলৈ খেদি পঠিয়ায়। ইয়াৰ লগে লগে গোটেই বিশ্বতে ব্ৰিটিছৰ সামৰিক শক্তিৰ ক্ষেত্ৰত থকা যশস্য ম্লান হৈ পৰে।

পূৰ্বৰেপৰা জাপানে প্রশান্ত মহাসাগৰীয় অঞ্চলত উপনিৱেশ স্থাপন কৰি এফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত প্রতিদ্বন্দবিতাত নামিছিল আৰু আনফালে চীনৰ স্বাধীনতা আৰু ৰাষ্ট্ৰীয় অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছিল। এই অঞ্চলত জাপানে ক্রমে ১৮৯৫ চনত ফৰমোছা, ১৯০৬ চনত কোৰিয়া, ১৯৩১ ৩৩ চনত মাঞ্চুবিয়া আৰু ১৯৩৮ চনত নানকিং দখল কৰি সেই দেশবিলাকত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল।

৪। পোলেণ্ড আৰু বাল্টিক সাগৰীয় দেশসমূহৰ ওপৰত জার্মানীৰ আক্রমণ সম্পর্কে চমুকৈ বিবৃত কৰা।

উত্তৰঃ ১৯৩৯ চনৰ ১ চেপ্তেম্বৰ তাৰিখে জার্মানীয়ে পোলেণ্ড আক্রমণ কৰে। ২৭ চেপ্তেম্বৰৰ দিনা পোলেণ্ডৰ ৰাজধানী জার্মানসকলে হস্তগত কৰে। জার্মানীয়ে পোলেণ্ড আক্রমণ কৰাৰ কেইদিনমান পিছতে ৰাচিয়ায়ো নিজ নিৰাপত্তা ৰক্ষাৰ বাবে পুৱ দিশৰ পৰা পোলেণ্ড আক্রমণ কৰে আৰু পুৱ অংশটো দখল কৰে। ইয়াৰ পশ্চিম অংশটো জার্মানীয়ে হস্তগত কৰিছিল। পোলেণ্ডৰ বিৰুদ্ধে জয় লাভ কৰাৰ পিছত হিটলাৰে বিজয় উল্লাসত মতলীয়া হৈ ১৯৭০ চনৰ এপ্রিল মাহত ডেনমার্ক আৰু নৰৱে আৰু মে’ মাহত বেলজিয়াম, লুকছেম্বার্গ আৰু হলেণ্ডৰ ওপৰত আক্রমণ চলাইছিল। নৰৱে আক্রমণ কৰোঁতে হিটলাৰে মুঠতে ৮০০ খন যুদ্ধ জাহাজ আৰু ২৫০ খন পৰিবহণ জাহাজ ব্যবহাৰ কৰিছিল। এই আক্রমণ স্থল আৰু জল দুয়োফালৰ পৰাই সংঘটিত হৈছিল। সেই সময়ত নৰৱেত ভাইডকুন কুইজলিং বোলা লোক এজনৰ নেতৃত্বত এটা ফেচিষ্ট দল গঠন কৰা হৈছিল আৰু কুইজলিঙে হিটলাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰিছিল। এওঁৰ সহায়ত হিটলাৰে সহজতে নওৱে দখল কৰি সুইজলিঙৰ নেতৃত্বত এখন পুতলা চৰকাৰ পাতি তাত জার্মান আধিপত্য স্থাপন কৰিছিল।

ইয়াৰ পিছত মে’ মাহৰ ২৮ তাৰিখে বেলজিয়ামৰ ৰজাই হিটলাৰৰ ওচৰত আত্মসমর্পণ কৰে। এই ঘটনাই মিত্ৰপক্ষৰ বাবে ভীষণ বিপদৰ সৃষ্টি কৰিছিল। মিত্রপক্ষই ২৮ মে’ৰ পৰা ৪ জুনৰ ভিতৰত যুদ্ধক্ষেত্ৰৰপৰা মুঠতে ১৩,৩৮,০০০ – সৈনিক আঁতৰাই নিছিল।

হিটলাৰৰ হাতত পৰাস্ত হোৱাৰ পিছত নৰৱে বেলজিয়াম আৰু হলেণ্ডৰ পূৰ্বৰ প্ৰতিষ্ঠিত চৰকাৰৰ মুৰব্বীসকলে ইংলেণ্ডলৈ পলায়ণ কৰে আৰু লণ্ডনলৈ গৈ নিজ নিজ দেশৰ বাবে একোখন নির্বাসিত চৰকাৰ গঠন কৰে।

জার্মানীৰ বিৰুদ্ধে পোলেণ্ড, নৰৱে, বেলজিয়াম আৰু হলেণ্ডত মিত্র শক্তি জোঁট তথা ইংলেণ্ড আৰু ফালৰ পৰাজয়ে ইংলেণ্ডত এক ৰাজনৈতিক পৰিৱৰ্তন সংঘটিত কৰায়। সেই সময়ত ইংলেণ্ডৰ প্রধানমন্ত্রী নিউৱিল ছেম্বাৰলেইন ক্ষমতাৰ পৰা অপসাৰিত হয় আৰু তেওঁৰ ঠাইত ১৯৪০ চনৰ ১০ মে’ত ৰক্ষণশীল দলৰ নেতা উইনষ্টন ছার্চিলক সংযুক্ত মন্ত্রীসভাৰ প্ৰধানমন্ত্ৰী আৰু শ্রমিক দলৰ নেতা ক্লিমেন্ট এটীক উপ-প্রধানমন্ত্রী ৰূপে নিযুক্তি দিয়া হয়। উইনস্টন ছার্চিলে দ্বিতীয় বিশ্বযুদ্ধত কঠোৰ পৰিশ্ৰম কৰি মিত্রপক্ষৰ বিজয় সুনিশ্চিত কৰিছিল। 

যুদ্ধৰ প্ৰথম অৱস্থাত উপর্যুপৰি লাভ কৰা বিজয়ে হিটলাৰক অনতিপলমে ফ্রান্স আক্রমণ কৰিবলৈ প্রৰোচিত কৰিছিল। তেওঁ নিজেও হয়তো ইমান সোনকালে বিজয় লাভ কৰিব বুলি আশা কৰা নাছিল। সেয়ে তেওঁ জুন মাহৰ প্ৰথম সপ্তাহতেই ফ্রান্স আক্রমণ কৰে। এই আক্রমণ অতি ভয়াবহ আছিল। ফ্ৰান্সৰ প্রধানমন্ত্রীৰ আসনত থকা প’ল বেইনাই ৫ জুন তাৰিখে আক্রমণ সংঘটিত হোৱাৰ পিছতে ভীতিবিহ্বল হৈ ৯ তাৰিখে ৰাজধানী পেৰী চহৰ পৰিত্যাগ কৰি পলায়ন কৰে আৰু ১৬ জুন তাৰিখে পদত্যাগ কৰে। ইতিপূর্বে ইটালীয়েও জার্মানীৰ সমৰ্থনত ১০ জুন তাৰিখে ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ৰেইনাৰ পদত্যাগৰ পিছত প্রথম বিশ্বযুদ্ধ খ্যাত মাৰ্ছাল হেনৰী ফিলিপে পেঁটা ফ্ৰান্সৰ প্রধানমন্ত্রী হয়।

তেওঁ প্রধানমন্ত্রী হৈয়ে হিটলাৰৰ সৈতে যুদ্ধ বিৰতিৰ প্রস্তাৱ দাঙি ধৰে। অৱশেষত ২২ জুন তাৰিখে দুয়োখন দেশৰ মাজত এখন যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি মতে ফ্ৰান্সৰ অর্ধেক হিটলাৰে দখল কৰি নিজ ৰাজ্যভূক্ত কৰে আৰু বাকীখিনি পেঁটাৰ অধীনত থাকে। সেই অৱশিষ্ট অংশটোক ফ্ৰান্সৰ ইতিহাসত ভীকি ফ্রান্স বোলা হৈছিল।

হিটলাৰৰ হাতত ফ্ৰান্সৰ পৰাজয়ৰ পৰিপ্ৰেক্ষিতত ভালেমান ফৰাচী সামৰিক বলয়াই ইংলেণ্ডলৈ পলায়ন কৰিছিল। এই সামৰিক বিষয়াসকলে তাত “মুক্ত ফ্ৰান্সৰ আন্দোলন” নামে এটা সংগঠন গঠন কৰিছিল আৰু মিত্ৰ শক্তি জোঁটৰ সৈতে লগ লাগি নাজি জার্মানীৰ বিৰুদ্ধে যুদ্ধৰ আয়োজন কৰি প্ৰতিৰোধ সংগ্রাম গঢ়ি তুলিছিল।

৫। মিত্র শক্তি আৰু কেন্দ্রীয় শক্তি জোঁটৰ মাজত আফ্রিকা আৰু ভূমধ্য সাগৰীয় অঞ্চলত চলা দ্বিতীয় বিশ্বযুদ্ধৰ অগ্রগতি সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ মিত্র শক্তি আৰু কেন্দ্রীয় শক্তি জোঁটৰ মাজত আফ্রিকা আৰু ভূমধ্যসাগৰীয় অঞ্চলত ব্যাপক সংঘৰ্ষৰ সূত্রপাত হোৱা দেখা গৈছিল। হিটলাৰে ইংলেণ্ড অধিকাৰ কৰিবলৈ যুদ্ধ কৰি থাকোতে ইটালীয়ে ১৯৪০ চনৰ আগষ্ট মাহত আফ্রিকাৰ ছোমালিলেগু অধিকাৰ কৰি ইজিপ্ত আৰু ছুয়েজ খাল অভিমুখে অগ্ৰসৰ হয়। চেপ্তেম্বৰ মাহত ইটালীয়ান সেনাধ্যক্ষ মাৰ্ছাল গ্লেজিয়ানিৰ নেতৃত্বত  এটি বিশাল সেনাবাহিনী লিবিয়াৰ পৰা ইজিপ্ত অভিমুখে ৰাওনা হয়।

ইফালে ইউৰোপত ইটালীয়ে জার্মানী আৰু জাপানৰ সৈতে এটি ত্রিপাক্ষিক চুক্তি স্বাক্ষৰ কৰি নিজৰ সাম্রাজ্যিক স্বাৰ্থ পূৰণৰ পথ মুকলি কৰি লৈছিল। এই চুক্তিৰ মৰ্ম আছিল পাৰস্পৰিক সামৰিক সহযোগিতা। ইয়াৰদ্বাৰা ইটালী আৰু জার্মানীয়ে দক্ষিণ-পূৱ এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত জাপানৰ আগ্রাসন নীতিক সম্পূর্ণভাৱে মানি লৈছিল। গতিকে এনে এটা পৰিস্থিতিত ইটালীয়ে আফ্রিকাৰ ব্ৰিটিছ অধিকৃত দেশসমূহ আক্রমণ কৰাটো স্বাভাৱিক কথা আছিল।

গ্রেজিয়ানিয়ে প্রথম অৱস্থাত ব্ৰিটিছৰ বিৰুদ্ধে আফ্রিকাৰ বৰ্ণাংগণত অগ্রগতি লাভ কৰিছিল যদিও ব্ৰিটিছৰ প্ৰতি আক্ৰমণত পৰাজয় বৰণ কৰে। বহুতো ইটালীয়ান সৈন্যই ব্রিটিছৰ ওচৰত আত্মসমর্পণ কৰাৰ লগতে বহুতো সৈন্য যুদ্ধবন্দী হয় আৰু অপর্যাপ্ত পৰিমাণৰ অস্ত্র-শস্ত্র হস্তগত কৰা হয়। এইদৰে ব্রিটিছসকলে ইজিপ্ত আৰু ছুয়েজ খাল অঞ্চলত নিজৰ স্থিতি মঞ্জুত কৰি লয়।

১৯৪১ চনৰ জানুৱাৰী মাহত ব্রিটিছ সেনাবাহিনীয়ে চুদান আৰু কেনিয়াৰপৰা ছোমালিলেখ অভিমুখে ৰাওনা হয়। ছোমালিলেণ্ড অধিকাৰ কৰি তেওঁলোকে ইটালীৰ হাতৰ পৰা ইথিওপিয়া মুক্ত কৰে। আফ্রিকাৰ মিত্র দেশ ইটালীৰ এই বিপর্যয়ৰ সংবাদ পাই হিটলাৰে তেওঁৰ এজন সুদক্ষ সেনাধ্যক্ষ আৰউইন ৰোমেলৰ নেতৃত্বত এক সেনাবাহিনী প্রেৰণ কৰে। এই সেনাবাহিনীয়ে উত্তৰ আফ্রিকাত উপনীত হৈ ত্রিপলী আৰু লিবিয়াত ব্রিটিছ সেনাবাহিনীক পৰাজিত কৰি ইজিপ্তলৈ আঁতৰাই পঠিয়ায়।

আফ্রিকাত ইটালী আৰু জার্মানীৰ বিৰুদ্ধে ব্রিটিছে “অপাৰেচন বেটল একছ” সাংকেতিক নামেখে যুদ্ধ’ অৱতীৰ্ণ হৈছিল। এই যুদ্ধ নিষ্ফল হোৱাত “অপাৰেচন ‘ক্রুছেদা” সাংকেতিক নামেৰে পুনৰ যুদ্ধত অৱতীর্ণ হয়। কিন্তু এই যুদ্ধও বিফল হয়।

ইয়াৰ পিছত ৰোমেলে ইজিপ্তৰ পিনে আগুৱাই যায়। এই যাত্রাত তেওঁ এল আলামেইন নামে ঠাইত পুনৰ ব্রিটিছ বাহিনীৰ দ্বাৰা প্ৰতিৰোধৰ সন্মুখীন হয়। এইবাৰ ইটালী আৰু জার্মানীৰ বিৰুদ্ধে মিত্ৰ পক্ষৰ যুদ্ধ প্ৰক্ৰিয়াৰ কিছু সাল সল ঘটোৱা হয়।

এইখিনিতে উল্লেখ কৰিব পাৰি যে হিটলাৰে ছোভিয়েট ৰাচিয়া আক্ৰমণ কৰাৰ লগে লগে ব্রিটেইন প্রধানমন্ত্রী ছার্চিল আৰু আমেৰিকাৰ প্ৰেচিডেন্ট ৰুচভেন্টে ছোভিয়েট ৰাচিয়াৰ সৈতে লগলাগি ফেচিষ্ট জোঁটক পৰাভূত কৰিবলৈ কাৰ্যসূচী তৈয়াৰ কৰি কামত অগ্ৰসৰ হয়। তেতিয়ালৈকে মার্কিন যুক্তৰাষ্ট্ৰই এই যুদ্ধত প্রত্যক্ষভাৱে জড়িত হোৱা নাছিল নাইবা প্রতিপক্ষৰ কোনো এখন দেশৰদ্বাৰা আক্ৰাস্তও হোৱা নাছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিটেইনে ৰাচিয়াক প্ৰচুৰ পৰিমাণৰ অস্ত্র-শস্ত্ৰ আৰু সামৰিক সাহার্য প্রদান কৰি যুদ্ধত জয়ী হোৱাত সহায় কৰিছিল।

ইফালে আফ্রিকাতো হিটলাৰ আৰু মুছোলিনিৰ বিৰুদ্ধে মিত্র বাহিনীয়ে বুটীয়াভাৱে সমৰ ক্ষেত্ৰত অৱতীর্ণ হোৱাৰ প্ৰস্তুতি চলাইছিল। ফলত ১৯৪২ চনৰ অক্টোবৰ মাহত এফালে মন্টোগোমাৰিয়ে টিউনিছিয়া, ত্রিপলী আৰু লিবিয়াত ব্ৰিটিছ সেনাধ্যক্ষ ৰোমেলৰ ওপৰত প্ৰচণ্ড আক্রমণ চলায়। আনফালে ইংগ মার্কিন সেনাবাহিনীৰ নেতৃত্বত মার্কিন সেনাধ্যক্ষ আইছেনহাৱাৰে মৰক্কো আৰু মালজেৰিয়াত ফেচিষ্ট বাহিনীৰ ওপৰত তীব্র আক্রমণ চলায়। এই আক্রমণক “অপাৰেচন টর্চ” বুলি কোৱ হয়। এই আক্রমণত বোমেল পিছ হুহুকি যাবলৈ বাধ্য হয়। এনেতে ফেছিষ্ট জোঁটৰ বাবে যুদ্ধ পৰিস্থিতিৰ যথেষ্ট অৱনতি ঘটে। মিত্র শক্তিয়ে কাছাব্লাংকা, ওবাণ আৰু আলাজেৰিয়াৰ ৰাজধানী আলজিৰাচত নিজ সৈনিক অৱতৰণ কৰায়। মিত্ৰ পক্ষৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি ফেচিষ্ট বাহিনী এই যুদ্ধত পৰাভূত হয়। এই যুদ্ধত জার্মানসকলে মুঠ ৫০ খন টেংক হেৰুৱায়। মে মাহত মিত্ৰ পক্ষই ইটালীৰ বিৰুদ্ধে চূড়ান্ত বিজয় লাভ কৰে। আফ্রিকাৰ ৰণাংগণত মিত্রপক্ষৰ বিজয়ে ফেচিষ্ট বাহিনীৰ পতনৰ কাল চমু চপাইছিল।

ইতিপূর্বে দক্ষিণ-পূর্ব ইউৰোপত ৰাজ্য বিস্তাৰ কৰাৰ অভিপ্ৰায়েৰে ১৯৪০ চনৰ অক্টোবৰ মাহত ইটালীয়ে গ্রীচ দেশ আক্ৰমণ কৰায়। কিন্তু গ্রীকসকলে তীব্র প্ৰতিৰোধ সংগ্ৰামৰ জৰিয়তে ইটালীয়ানসকলৰ এই আক্রমণ ব্যর্থ কৰি তেওঁলোকক পিছ হুহকায় পঠিযায়।

গ্ৰীচৰ ওপৰত ইটালীৰ আক্রমণে ফেছিষ্ট জোঁটৰ বিৰুদ্ধে অন্য এটি ৰাংগণ মুকলি কৰি সিহঁতক বিভ্রান্ত কৰিবলৈ ছাৰ্চিলৰ বাবে এটি নতুন সুযোগ আনি দিয়ে। ছার্চিলে ১৯৪১ চনত গ্রীছ দেশ আক্রমণ কৰায়। কিন্তু হিটলাৰে হোভিয়েট ৰাচিয়া আক্রমণ নকৰালৈ ছাৰ্চিলৰ এই উদ্দেশ্য ব্যর্থ হয়। হিটলাৰে ৰাচিয় আক্রমণ কৰাতহে ছার্চিলে ভবাৰ দৰে মিত্রশক্তিয়ে ভূমধ্যসাগৰীয় অঞ্চল আৰু মধ্য প্রাচ্যত নিজৰ অৱস্থান মজবুত কৰি তুলিছিল। মিত্রশক্তিৰ এই অবস্থানে প্রধানকৈ আফ্রিকাত ফেছিষ্ট জোঁটৰ বিৰুদ্ধে মিত্রশক্তি জোটক প্রভূত পৰিমাণে সহায় কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top