দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় Class 10 Elective History Important Notes

দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় Class 10 Elective History Important Notes to each chapter are provided in the list so that you can easily browse through different chapters দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় Class 10 Elective History SEBA Important Notes and select need one. দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় Class 10 Elective History Important Notes.

Class 10 Elective History Important Notes দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়

Join Telegram channel

দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় Class 10 Elective History Important Notes Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective History Important Notes দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় These solutions are part of SCERT All Subject Solutions. Class 10 Elective History Important Notes দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় Here we have given Class 10 Elective History Important Notes দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় Solutions for All Subjects, You can practice these here.

দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়

Chapter – 6

ELECTIVE HISTORY

IMPORTANT NOTES

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। আফ্ৰিকাৰ জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল —

(ক) ১৯০৯ চনত।

(খ) ১৯১০ চনত।

(গ) ১৯১১ চনত।

(ঘ) ১৯১২ চনত।

উত্তৰঃ (ঘ) ১৯১২ চনত।

২। নেলচন মেণ্ডেলাই কিমান বছৰ জেইলত কটাইছিল —

(ক) ২৭ বছৰ।

(খ) ৩৭ বছৰ।

(গ) ৪৭ বছৰ।

(ঘ) ৫৭ বছৰ।

উত্তৰঃ (ক) ২৭ বছৰ।

৩। মিয়ানমাৰে কিমান চনত স্বাধীনতা লাভ কৰিছিল —

(ক) ১৯২৮ চনত।

(খ) ১৯৩৮ চনত।

(গ) ১৯৪৮ চনত।

(ঘ) ১৯৪৯ চনত।

উত্তৰঃ (গ) ১৯৪৮ চনত।

৪। ভাৰতবৰ্ষত নিখিল মুছলীম লীগ সংঘঠিত হৈছিল —

(ক) ১৯০৬ চনত।

(খ) ১৯০৭ চনত।

(গ) ১৯০৮ চনত।

(গ) ১৯০৯ চনত।

উত্তৰঃ (ক) ১৯০৬ চনত।

৫। কিমান চনত জাপানে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল —

(ক) ১৯১১ চনত।

(খ) ১৯১২ চনত।

(গ) ১৯১৩ চনত।

(ঘ) ১৯১৪ চনত।

উত্তৰঃ (ঘ) ১৯১৪ চনত।

৬। SWAPO-ৰ অৰ্থ কি —

(ক) South-West African People’s Organisation.

(খ) South-West American People’s Organisation.

(গ) South-West Australian People’s Organisation.

(ঘ) South-West Asian People’s Organisation.

উত্তৰঃ (ক) South-West African People’s Organisation.

৭। কিমান চনত ফৰাছী চৰকাৰে বেন বেলাক বন্দী কৰি জেলত ৰাখিছিল —

(ক) ১৯৩০ চনত।

(খ) ১৯৩৫ চনত।

(গ) ১৯৪০ চনত।

(ঘ) ১৯৫০ চনত।

উত্তৰঃ (ঘ) ১৯৫০ চনত।

৮। কিমান চনত দক্ষিণ আফ্ৰিকা ব্ৰিটেইনৰপৰা সম্পূৰ্ণৰূপে মুক্ত হয় —

(ক) ১৯৬০ চনত।

(খ) ১৯৬১ চনত।

(গ) ১৯৬২ চনত।

(ঘ) ১৯৬৩ চনত।

উত্তৰঃ (খ) ১৯৬১ চনত।

৮। ফিলিপাইনে কিমান চনত স্বাধীনতা লাভ কৰিছিল —

(ক) ১৯৪৪ চনত।

(খ) ১৯৪৫ চনত।

(গ) ১৯৪৬ চনত।

(ঘ) ১৯৪৭ চনত।

উত্তৰঃ (গ) ১৯৪৬ চনত।

৯। ১৮৮৫ চনত প্ৰতিষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভাত কোনে সভাপতিত্ব কৰিছিল —

(ক) উমেশ চন্দ্র বেনার্জীয়ে।

(খ) নেলচন মেণ্ডেলায়ে।

(গ) মহাত্মা গান্ধীয়ে।

(ঘ) জেমচ্ বেৰীয়ে।

উত্তৰঃ (ক) উমেশ চন্দ্র বেনার্জীয়ে।

১০। আফ্রিকাৰ জাতীয় কংগ্রেছৰ প্রতিষ্ঠাতা —

(ক) ডা ছান ইয়েৎ চেন।

(খ) জেমচ্ বেৰী

(গ) ছুংছিয়াও-জেন।

(ঘ) হাডিনীংঘাট।

উত্তৰঃ (খ) জেমচ্ বেৰী

অতি চমু প্ৰশ্নোত্তৰ

১। কোন মহাদেশক অন্ধকাৰ মহাদেশ বোলা হৈছিল?

উত্তৰঃ আফ্ৰিকা মহাদেশক অন্ধকাৰ মহাদেশ বোলা হৈছিল।

২। আফ্রিকাৰ জাতীয় কংগ্ৰেছৰ প্রতিষ্ঠাতা কোন আছিল?

উত্তৰঃ আফ্রিকাৰ জাতীয় কংগ্ৰেছৰ প্রতিষ্ঠাতা আছিল জেনেৰেল জেমচ্ বেৰী মান্নিক হাৰযোগ।

৩। চীনত কোনে টুংমুং-হাই সংগঠিত কৰিছিল? 

উত্তৰঃ চীনত ডা ছান ইয়েৎ চেনে টুং-মুং-হাই সংগঠিত কৰিছিল।

৪। স্বাধীনতা লাভ কৰা এছিয়াৰ প্রথম দেশখনৰ নাম লিখা।

উত্তৰঃ স্বাধীনতা লাভ কৰা এছিয়াৰ প্রথম দেশখনৰ নাম হৈছে ফিলিপাইন। 

৫। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্রতিষ্ঠাতা কোন আছিল?

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্রতিষ্ঠাতা আছিল এলেন অষ্ট্ৰোভিয়ান হিউম আৰু ব্রিটিছ বৰলাট লর্ড ডাণি। 

৬। ৰবার্ট মুগাৰে ক’ত তেওঁৰ কলেজীয়া শিক্ষা লাভ কৰিছিল?

উত্তৰঃ ৰবার্ট মুগাৰে ক’ত তেওঁৰ কলেজীয়া শিক্ষা দক্ষিণ আফ্রিকাৰ ফৰ্ট হেয়াৰ বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজত লাভ কৰিছিল। 

৭। ছুয়েজ খাল কোন কোম্পানীয়ে খনন কৰিছিল?

উত্তৰঃ ছুয়েজ খাল ফ্ৰান্সৰ ছুয়েজ কেনেল কোম্পানীয়ে খনন কৰিছিল।

৮। পিকিঙৰ বৰ্তমান নাম কি?

উত্তৰঃ পিকিঙৰ বৰ্তমান নাম হৈছে চীন প্রজাতন্ত্র।

৯। ইন্দোনেছিয়াৰ স্বাধীনতা আন্দোলনৰ দুজন নেতাৰ নাম উল্লেখ কৰা।

উত্তৰঃ ইন্দোনেছিয়াৰ স্বাধীনতা আন্দোলনৰ দুজন নেতা হৈছে হাডিনীংঘাট আৰু ৰাডেন আডজাং কাৰটিনী।

১০। স্বর্ণ উপকূলৰ বৰ্তমান নাম কি? 

উত্তৰঃ স্বর্ণ উপকূলৰ বৰ্তমান নাম হৈছে ঘানা।

চমু প্ৰশ্নোত্তৰ

১। শ্রীলংকাৰ মুক্তি আন্দোলনৰ বিষয়ে চমু টোকা লিখা। 

উত্তৰঃ শ্রীলংকাৰ প্রধানকৈ তিনিখন ইউৰোপীয় দেশ-পৰ্টুগাল, হলেগু আৰু ইংলেন্ডে বিভিন্ন সময়ত ঔপনিৱেশিক স্থাপন কৰিছিল। ভাৰতবৰ্ষত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনৰ সমসাময়িকভাৱে শ্রীলংকাতো ব্রিটিছ-বিৰোধী ৰাজনৈতিক কার্যকলাপ তথা স্বাধীনতা আন্দোলনৰ সূত্রপাত হৈছিল। শ্রীলংকাৰ বিভিন্ন ৰাজনৈতিক নেতা কর্মীয়ে দেশখনৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি একত্রিতভাৱে কাম কৰাৰ উদ্দেশ্যে ১৯১৯ চনত ছি’লন জাতীয় কংগ্ৰেছ গঠন কৰিছিল।

এই কংগ্ৰেছৰ নেতৃত্বত পৰিচালিত আন্দোলনৰ ফলস্বৰূপে ব্ৰিটিছ চৰকাৰে ১৯২০ চনত এখন সংবিধান প্রস্তুত কৰি শ্ৰীলংকাৰ শাসনৰ ক্ষেত্ৰত কিছু পৰিৱ সাধন কৰিছিল আৰু ইংৰাজ তত্ত্বাবধানত শ্রীলংকাত সাংবিধানিক গণত সূচনা হৈছিল। তাৰ পাছৰেপৰা সংখ্যালঘিষ্ট সকলে কংগ্রেছ ফালৰি কাটি আহি নিজস্ব পৃথক ৰাজনৈতিক সংগঠন গঢ়ি তুলিছিল। ১৯৩১ চনত ব্ৰিটিছ চৰকাৰে শ্ৰীলংকাৰ বাবে এখন নতুন সংবিধান প্রস্তুত কৰি তাত কাৰ্যকৰী কৰিছিল। ১৯৪৭ চনত ব্ৰিটিছ চৰকাৰে শ্ৰীলংকাত স্বায়ত্ব শাসন প্রদান কৰিছিল যদিও শ্রীলংকাবাসী সন্তুষ্ট হোৱা নাছিল আৰু ব্রিটিছ বিৰোধী আন্দোলন চলাই আছিল। ১৯৪৮ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে শ্রীলংকাৰ মুক্তি আন্দোলন থমাব নোৱাৰি ইংলেন্ডে শ্ৰীলংকা ত্যাগ কৰিছিল আৰু তেতিয়াৰে পৰা শ্ৰীলংকা স্বাধীন ৰাষ্ট্ৰত পৰিণত হৈছিল। তাৰ স্বাধীনতা প্রাপ্তিৰ সময়তে শ্রীলংকাৰ মুক্তি আন্দোলন সমাপ্ত হৈছিল।

২। পেলেষ্টাইনৰ মুক্তি সংগঠনৰ সম্পৰ্কে লিখা। 

উত্তৰঃ ইজৰায়েল ৰাষ্ট্র তৈয়াৰ কৰাৰ প্ৰতিবাদত পেলেষ্টাইন ৰাষ্ট্র পুনঃ প্রতিষ্ঠাৰ উদ্দেশ্যে পেলেষ্টাইন মুক্তি সংগ্রাম নামে এক ৰাজনৈতিক সংগঠন গঢ়ি উঠিছিল। ১৯৬৪ চনৰ মে’ মাহত জর্দানত পেলেষ্টাইন মুক্তি সংগঠনটোৰ জন্ম হয়। ইজৰায়েল ৰাষ্ট্র সৃষ্টি কৰাৰ পাছৰেপৰা পেলেষ্টাইন আৰু অন্যান্য চুবুৰীয়া দেশৰ লোকে পুনৰ এখন পেলেষ্টাইন ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ উদ্দেশ্যে প্রায় চাৰি দশক জুৰি অহৰহ সংগ্রাম কৰিছিল। পেলেষ্টাইন মুক্তি সংগঠনৰ নেতৃত্ব দিছিল ইয়াছেৰ আৰাফাট নামৰ এগৰাকী নেতাই। পেলেষ্টাইন মুক্তি সংগঠনে উদ্দেশ্যত উপনীত হ’বলৈ কূটনৈতিকভাৱে বিশ্বৰ জনগতৰ সমৰ্থন পাবলৈ চেষ্টা কৰিছিল। আৰম্ভণিতে এই সংগঠনটোৰ ওপৰত ছিৰিয়াৰ আলফাটাহ গোটটোৰ আধিপত্য আছিল। ইয়াৰ উপৰিও এই সংগঠনৰ সৈতে জড়িত আন উগ্রপন্থী গোটসমূহ হৈছে পেলেষ্টাইনৰ মুক্তি ফ্রন্ট, ব্লেক ছেপ্তেম্বৰ আদি। বিশ্বৰ বিভিন্ন ঠাইত সংঘটিত হোৱা কূটাঘাতমূলক কার্যত এই সংগঠন জড়িত থকা বুলি সন্দেহ কৰা হৈছিল।

জর্দানত গৃহ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাত পেলেষ্টাইন মুক্তি সংগঠনৰ গৰিলা যোদ্ধাসকল আঁতৰি চিৰিয়া আৰু লেবানন দেশত সোমাইছিল। পেলেষ্টাইন মুক্তি সংগঠনৰ উপস্থিতিৰ বাবে ছিৰিয়া, লেবানন আদি দেশৰ ওপৰত ইজৰায়েলে প্রায় আক্রমণ চলাইছিল। ১৯৭৪ চনত পেলেষ্টাইন মুক্ত সংগঠনৰ প্ৰধান কাৰ্যালয় আলজেৰিয়াৰ ৰাজধানী আলজিয়াছলৈ স্থানান্তৰিত কৰিছিল। সেই সময়ৰেপৰা ৰাষ্ট্ৰসংঘই এই সংগঠনটোক ৰাষ্ট্ৰসংঘত স্থায়ী পর্যবেক্ষকৰূপে স্বীকৃতি দিছিল।

৩। আলজেৰিয়াৰ মুক্তি আন্দোলনৰ সম্পৰ্কে লিখা।

উত্তৰঃ আলজেৰিয়া মুক্তি আন্দোলনৰ প্রধান নেতা আছিল ফৰাছী সেনাবাহিনীত সৈনিকৰূপে কাম কৰা বেন বেলা মৰ এগৰাকী প্রাক্তন সৈনিক। দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত আলজেৰিয়াক স্বাধীনতা প্রদান কৰা হ’ব বুলি দিয়া প্রতিশ্রুতি ফৰাছী সামৰিক শাসনে পালন কৰা নাছিল আৰু সেয়ে বেন বেলাৰ নেতৃত্বত মুক্তি আন্দোলনৰ সূত্রপাত হৈছিল। ১৯৫০ চনত ফৰাছী চৰকাৰে বেন বেলাক বন্দী কৰি জেলত ৰাখিছিল। ১৯৫২ চনত তেওঁ ফাইবোলৈ পলায়ন কৰি তাতেই ১৯৫৪ চনত আলজেৰিয়াৰ জাতীয় মুক্তি বাহিনী (National Liberation Front) গঠন কৰি ফ্ৰান্সৰ বিৰুদ্ধে সশস্ত্র সংগ্ৰাম আৰম্ভ কৰিছিল। ১৯৫৮ চনত আলজেৰিয়াৰ মুক্তিবাহিনীয়ে দেশৰ স্বাধীনতা ঘোষণা কৰি অস্থায়ী চৰকাৰ গঠন কৰাত ফ্রান্সে তাত নির্মম অত্যাচাৰ আৰম্ভ কৰিছিল। কিন্তু বিশ্বৰ বহু দেশেই আলজেৰিয়াৰ অস্থায়ী চৰকাৰক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্রদান কৰাত উপায়বিহীন হৈ শেষত জেনেৰেল ডি গলে আলজেৰিয়।” স্বাধীনতাৰ প্ৰশ্নটোৰ সমাধানৰ উদ্দেশ্যে ১৯৬০ চনত ফ্রান্সত ৰেফাৰেণ্ডাম পাতিছিল। ফৰাছী জনসাধাৰণে আলজেৰিয়াৰ স্বাধীনতাৰ দাবীটো বিপুল ভোেটত মানি লোৱাত ১৯৬২ চনৰ ৩ জুলাই তাৰিখে আলজেৰিয়া ফ্রান্সৰ কৱলৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে স্বীকৃতি লাভ কৰিলে। দেশে স্বাধীনতা লাভ কৰাৰ পাছত মুক্তি আন্দোলনৰ নেতা বেন বেলা প্রধানমন্ত্রী হয় আৰু তার লগে লগে আলজেৰিয়াৰ মুক্তি আন্দোলনৰ সমাপ্ত হয়।

৪। ইয়াছেৰ আৰাফটৰ বিষয়ে চমু টোকা লিখা।

উত্তৰঃ ইয়াছেৰ আৰাফট্ আছিল পেলেষ্টাইন মুক্তি সংগঠনৰ এগৰাকী অন্যতম নেতা। সু তেওঁ মুক্তি সংগঠনৰ উদ্দেশ্যত উপনীত হ’বলৈকে কূটনৈতিকভাৱে বিশ্বৰ জনতাৰ সমর্থন পাবলৈকে এই সংগঠনটো গঢ়ি তোলাত নেতৃত্ব দিছিল। ইয়াছেৰ আৰাফটে নেতৃত্ব দিয়া পেলেষ্টাইন মুক্তি সংগঠনৰ সৈতে ছিৰিয়াৰ আল ফাটাহ, পেলেষ্টাইনৰ মুক্তি ফ্রণ্টন্ট, ব্লোক ছেপ্তেম্বৰ আদি উগ্রপন্থী সংগঠন জড়িত আছিল। ১৯৮৮ চনৰ ১৫ নৱেম্বৰ তাৰিখে ইয়াছেৰ আবাফটে ৱেষ্ট বেংক আৰু গাজা দ্বীপক লৈ এখন স্বাধীন পেলেষ্টাইন ৰাষ্ট্র গঠন কৰা বুলি ঘোষণা কৰিছিল। তেওঁৰ এই ইয়াছেৰ আৰাফট ঘোষণাক ভাবতবর্ষকে ধৰি বিশ্বৰ ৮০ খন দেশে নতুন ৰাষ্ট্ৰখনৰ প্ৰতি স্বীকৃতি প্রদান কৰিছিল। পেলেষ্টাইন মুক্তি সংগঠন তথা পেলেষ্টাইন নতুন ৰাষ্ট্ৰখনক ইজৰাইল চৰকাৰে স্বীকৃতি প্রদান কৰা নাছিল। পাছত ইজৰায়েল পেলেষ্টাইন চুক্তিৰ মাধ্যমত ১৯৯৪ চনৰ ১৩ মে’ত ইয়াছেৰ আৰাফটৰ নেতৃত্বত পেলেষ্টাইনত সেই দেশৰ জনসাধাৰণৰ বাবে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰা হৈছিল।

৫। বানাৰ মুক্তি আন্দোলনৰ সম্পৰ্কে লিখা। 

উত্তৰঃ ঘানা দক্ষিণ আটলান্টিক মহাসাগৰৰ গুইনা উপসাগৰৰ উপকূলবর্তী আফ্রিকা মহাদেশৰ এখন সৰু দেশ। ১৮২১ চনত ব্রিটেইনে ঘানা দখল কৰি তাত এক উপনিৱেশ স্থাপন কৰিছিল। বহু বছৰ পূৰ্বৰে পৰা ঘানাৰ অধিবাসীসকলে – স্বায়ত্ব শাসনৰ দাবী কৰি আহিছিল আৰু ব্রিটেইনে প্ৰদান কৰা সা-সুবিধাত তাৰ জনসাধাৰণে সন্তুষ্ট হোৱা নাছিল। ইয়াৰ ফলত ৰাজনৈতিক আন্দোলন চলি আছিল আৰু বিশ্বযুদ্ধৰ অন্তত আন্দোলনৰ তীব্রতা বৃদ্ধি পাইছিল। ১৯৪৬ চনত ব্ৰিটিছ গৃহ চৰকাৰে ঘানাৰ বাবে এখন নতুন সংবিধান প্রস্তুত কৰিছিল যদিও ফলৱতী হোৱা নাছিল।

১৯৩৯ চনত ঘানাৰ কোৱামি এনকুমাৰ নেতৃত্বত Convention of People’s Party নামৰ দল গঠন হৈছিল আৰু এই দলৰ ব্যাপক প্ৰচাৰৰ জৰিয়তে জনসাধাৰণৰ ওচৰ চাপিছিল। এই ৰাজনৈতিক দলটোৱে ১৯৫১ চনৰ সাধাৰণ নিৰ্বাচনত সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হৈছিল আৰু ইয়াৰ ফলত স্বাধীনতাৰ আঁকাংখা অধিক উজ্জ্বল হৈ পৰিছিল। স্বাধীনতা আন্দোলনৰ তীব্রতা আৰু জনপ্ৰিয়তাৰ শীৰ্ষত উঠা অৱস্থাতেই কোৱামি এনক্রুমাই ১৯৫৬ চনত বিধান পৰিষদত ঘানাৰ স্বাধীনতাৰ দাৰীত এক প্রস্তাৱ উত্থাপন কৰিছিল আৰু এই প্রস্তাৱ বিধান পৰিষদত গৃহীত হৈছিল। ঘানাৰ জনসাধাৰণৰ স্বাধীনতাৰ প্ৰতি থকা উচ্চাকাংখাৰ প্ৰতি শ্ৰদ্ধা জনাই ব্রিটেইনে সেই দেশক স্বাধীনতা দিবলৈ সিদ্ধান্ত গ্রহণ কৰিছিল। ১৯৫৭ চনৰ ৬ মাচত স্বর্ণ উপকূল স্বাধীন হৈ ঘানাৰূপে পৰিচিত হৈছিল আৰু মুক্তি আন্দোলনৰ অন্ত পৰিছিল।

দীঘলীয়া প্ৰশ্নোত্তৰ

১। এছিয়াৰ দেশসমূহত আৰম্ভ হোৱা মুক্তি আন্দোলনসমূহৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ প্রথম বিশ্বযুদ্ধৰ পিছৰেপৰা এছিয়া মহাদেশৰ উপনিৱেশ। মুহত ব্যাপকতা লাভ কৰিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধ সামৰণিৰ স্বাধীনতা আন্দোলনে পাছত কেইবছৰমানৰ ভিতৰতে এছিয়াৰ বহুকেইখন দেশে মুক্তি আন্দোলনৰ যোগেদি স্বাধীনতা লাভ কৰিছিল। সেই সময়ছোৱাত ফেচিবাদ বিৰোধী আন্দোলনে জনজাগৰণত বিশেষভাৱে অৰিহণা যোগাইছিল। এছিয়াৰ বিভিন্ন দেশত ফেচিবাদ আৰু জাপানী আগ্রাসন বিৰোধী প্রতিৰোধ সংগ্রাম গঢ়ি উঠিছিল আৰু ফেচিবাদ আৰু জাপানৰ পতনৰ লগে লগে সেই আন্দোলনসমূহে ব্যাপক জাতীয় জাগৰণ তথা মুক্তি আন্দোলনলৈ উন্নীত হৈছিল। এছিয়াৰ ভাৰতবৰ্ষ, মিয়ানমাৰ, ভিয়েটনাম, চীন, ইন্দোনেচিয়া আদি দেশত এই মুক্তি আন্দোলনে ব্যাপকতা আৰু তীব্রতা লাভ কৰিছিল।

ভাৰতবৰ্ষত ঊনবিংশ শতিকাত এক ব্যাপক ব্রিটিছ বিৰোধী প্ৰতিৰোধ সংগ্রামে গা কৰি উঠিছিল আৰু তাৰ পাছৰেপৰা বিভিন্ন অঞ্চলত কৃষক বিদ্রোহ সংঘটিত হৈছিল। চিপাহী বিদ্ৰোহৰ সমসাময়িকভাৱে ইংৰাজী তথা পাশ্চাত্যৰ আর্হিত গঢ়ি উঠা শিক্ষা ব্যৱস্থা, গশ্চিমীয়া উদাৰতাবাদ আৰু গণতান্ত্রিক মূল্যবোধৰ লগতে ব্যক্তি স্বাতন্ত্র্যবোধৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ফলতেই ভাৰতবৰ্ষত মুক্তি আন্দোলন গঢ়ি উঠিছিল। মধ্যবিত্ত শ্ৰেণীৰ নেতৃত্বত গঢ় লৈ উঠা এই জাতীয়তাবাদী আন্দোলনে দেশখনক ব্ৰিটিছৰ কৱলৰপৰা মুক্ত কৰাত সহায় কৰিছিল। ভাৰতবৰ্ষত মুক্তি আন্দোলনৰ বিভিন্ন স্তৰকেইটা আছিল ১৯০৫-১১ চনৰ স্বদেশী আন্দোলন, মহাত্মা গান্ধীৰ দ্বাৰা পৰিচালিত ১৯২০-২২ চনৰ অসহযোগ আন্দোলন, ১৯৩০-৩৪ চনৰ আইন অমান্য আন্দোলন, ১৯৪২-৪৫ চনৰ গণ আন্দোলন আৰু ১৯৪৬ চনৰ নৌ বিদ্রোহ আদি।

ভাৰতবৰ্ষত চলি থকা স্বাধীনতা আন্দোলনৰ সময়ত ব্রিটিছে ১৯৩৭ চনত ব্রহ্মদেশক প্রশাসনিকভাৱে ভাৰতবৰ্ষৰপৰা আঁতবাই নি ইংলেণ্ডৰ ৰাজকীয় উপনিৱেশৰূপে ব্রিটিছ গৃহ চৰকাৰৰ প্ৰত্যক্ষ শাসনৰ অধীন কৰে। পাছত ব্রহ্মদেশৰ আং ছান আৰু ইউ নুৰ নেতৃত্বত এক প্রতিৰোধ সংগ্রাম গঢ়ি উঠে জাপানীসকলৰ বিৰুেদ্ধে। ১৯৪৮ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে নিটেইনৰ গৃহ চৰকাৰে এক আলোচনা মর্মে ব্রহ্মদেশক স্বাধীনতা প্রদান কৰি মিয়ানমাৰ নামে নামাকৰণ কৰি মুক্তি আন্দোলনৰ অন্ত পেলায়। 

ইন্দোনেছিয়াৰ ঊনবিংশ শতিকাৰ আৰম্ভণিৰে পৰা জাতীয়তাবাদী আন্দোলনে গা কৰি উঠে। বিংশ শতাব্দীৰ দ্বিতীয় দশকৰ পৰাই ইন্দোনেছিয়াত ওলন্দাজ বিৰোধী জাতীয়তাবাদী আন্দোলনে এক সুসংহত ৰূপ ধাৰণ কৰে। ইন্দোনেচিয়াত প্রধানকৈ তিনিটা ৰাজনৈতিক সংগঠনে এই আন্দোলনত মুখ্য ভূমিকা গ্রহণ কৰিছিল। বিংশ শতাব্দীৰ তৃতীয় দশকত ইন্দোনেছিয়াৰ বিভিন্ন ঠাইত ছাত্র-যুবক সকল জাতীয়তাবাদী আদৰ্শৰে উদ্বুদ্ধ হৈ ৰাজনৈতিক কর্মীৰূপে ওলাই আহিছিল আৰু সৰু সৰু গোট গঠন কৰিছিল। এই আন্দোলন দমন কৰিবলৈ ওলন্দাজ সকলে ইন্দোনেছিয়াৰ জনতাৰ ওপৰত তীব্র নির্যাতন আৰম্ভ কৰিছিল। পাছত ইন্দোনেছিয়াৰ মুক্তি সংগ্ৰামীসকলে জাপানৰ সহযোগত ১৯৪৫ চনত নিজ দেশৰ স্বাধীনতা ঘোষণা কৰিছিল যদিও প্রকৃততে ১৯৪৯ চনতহে ইন্দোনেছিয়া ওলন্দাজ সকলৰপৰা স্বাধীনতা লাভ কৰে।

একেদৰে শ্ৰীলংকাতো ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সমসাময়িকভাৱে ব্রিটিছ বিৰোধী ৰাজনৈতিক কার্যকলাপ তথা মুক্তি আন্দোলনৰ সূত্রপাত হৈছিল। ১৯১১ চনত শ্রীলংকাৰ প্ৰথম জাতীয়তাবাদী ৰাজনৈতিক সংগঠন ছিলন জাতীয় কংগ্রেছ গঠিত হৈছিল। প্ৰায় ৩০ বছৰীয়া সংগ্ৰামৰ অন্তত ১৯৪৮ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে ইংলেন্ডে শ্রীলংকা ত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু ১৯৪৮ চনৰ ২২ মে’ত শ্রীলংকাই স্বাধীনতা পাইছিল। এনেদৰে ঔপনিৱেশিক শক্তিসমূহৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্রাম তথা মুক্তি আন্দোলন গঢ়ি তুলি এছিয়াৰ দেশসমূহে বিংশ শতিকাৰ প্ৰায়, মাজভাগত স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ লগে লগে স্বাধীনতা মুক্তি আন্দোলনৰ সাও হৈছিল।

২। ১৯৪৯ চনৰ অক্টোবৰ মাহত চীনত প্রজাতান্ত্রিক সাধাৰণতন্ত্র স্থাপন হোৱালৈ তাত সংঘটিত হোৱা বিপ্লৱৰ এক খতিয়ান দাঙি ধৰা।

উত্তৰঃ ১৯৪৯ চনৰ অক্টোবৰ মাহত চীনত প্রজাতান্ত্রিক সাধাৰণতন্ত্র স্থাপন হোৱাৰ সময়লৈকে চীনত বিভিন্ন বিপ্লৱ সংঘটিত হৈছিল।

চীনত গৃহযুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা কেন্দ্রীয় চৰকাৰৰ দুৰ্বলতাৰ সুযোগলৈ প্ৰাদেশিক চৰকাৰৰ মুৰব্বীসকলে স্বাধীনভাৱে বৰ্তি থকাৰ উদ্দেশ্যে কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে ঘোষণা কৰিছিল। উদ্ভৱ চীন আৰু মধ্য চীনৰ যুদ্ধবাজ সামৰিক নেতাসকলৰ মাজত ৰাজনৈতিক ক্ষমতাৰ কেন্দ্ৰ কৰি প্ৰথমতে এই গৃহযুদ্ধ আৰম্ভ হৈছিল। চীনৰ এই ৰাষ্ট্ৰীয় বিপদৰ সময়ত স্থান ইয়েৎ-চেনে সকলো বিপ্লৱী শক্তিকে একত্রিত কৰি দেশৰ যুদ্ধবাজ সমৰকৰ্তাসকলৰ বিৰুদ্ধে যুঁজ কৰি ৰাষ্ট্ৰীয় সংহতি আৰু একতা বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। ছান ইয়েৎ-চেনে ওৰাম্পো সামৰিক একাডেমী [Whampoa Military Academy] স্থাপন কৰি তেওঁৰ ৰাজনৈতিক সহযোগী চিয়াং কাই চেকক সামৰিক প্রশিক্ষ লবলৈকে ছোভিয়েট ৰাছিয়ালৈ পঠাইছিল।

১৯২৪ চনত কোউমিনটাং দলৰ ৰাষ্ট্ৰীয় সন্মিলনত ছান ইয়েৎ-চেনে চীন প্রজাতান্ত্রিক চৰকাৰ স্থাপন কৰিবলৈ সহযোগীসকলক উদ্দেশ্য জাতীয়তাবাদ, গণতন্ত্ৰ আৰু সমাজবাদৰ ওপৰত ভাষণ প্রদান কৰিছিল। চেনৰ এই নীতিৰ ভিত্তিতেই ১৯২৫ চনত জাতীয় চৰকাৰ প্ৰতিষ্ঠা কৰা হৈছিল। কোউমিনটাং আৰু চীনৰ কমিউনিষ্ট দলে সাম্রাজ্যবাদ আৰু চীন সমৰকৰ্তাসকলক জাতীয়তবাদৰ শত্রু জ্ঞান কৰিছিল। তাৰ পাছৰেপৰা ছাংহাইত ছাত্রসকলে জাপানী উদ্যোগসমূহত শ্রমিকৰ দুৰাৱস্থাৰ বিৰুদ্ধে শাস্তিপূর্ণ প্রতিবাদী আন্দোলন গঢ়ি তুলিছিল। আন্দোলনকাৰীসকলৰ ওপৰত পুলিচে অত্যাচাৰ চলোৱাত তাৰ পৰিণতিস্বৰূপে সমগ্র দেশতে আন্দোলনৰ জোৱাৰ উঠিছিল।

পৰৱৰ্তী পর্যায়ত জনসাধাৰণৰ মাজত কমিউনিষ্টসকলৰ প্ৰতি গঢ়ি উঠা ক্রমবর্দ্ধমান আকর্ষণ আৰু তেওঁলোকে লাভ কৰা শক্তিৰ দ্বাৰা শংকিত হৈ ছিয়াং কাই-চেকে ১৯২৬ চনত কেণ্টনৰ ক্ষমতা দখল কৰিছিল। তেতিয়াৰেপৰা চীনৰ জাতীয়তাবাদীসকলে কমিউনিষ্টসকলৰ ওপৰত তীব্র নির্যাতন আৰম্ভ কৰিছিল। ১৯২৮ চনত জাতীয়তাবাদীসকলে পিকিং দখল কৰি কেন্দ্ৰত নিজৰ স্থিতি মজবুত কৰিছিল। ছিয়াং কাই-চেকৰ নেতৃত্বাধীন জাতীয়তাবাদী চীন চৰকাৰৰ প্রতি আমেৰিকা যুক্তৰাষ্ট্ৰই স্বীকৃতি প্রদান কৰিছিল।

চীনত কমিউনিষ্টসকলক নিঃশেষ কৰাৰ অৰ্থে ১৯৩১-৩৫ চনত ছিয়াং কাই চেকৰ নেতৃত্বত দেশৰ কমিউনিষ্ট বিৰোধী অভিযান আৰম্ভ হৈছিল আৰু ইয়াৰ ফলত হাজাৰ হাজাৰ কমিউনিষ্ট নেতা কর্মী জাতীয়তাবাদীসকলৰ হাতত নিহত হৈছিল। তাৰ ফলশ্রুতিত চীনত জাতীয় মুক্তি সংস্থা [National Salvation Association] গঢ় লৈ উঠিছিল আৰু ছাত্রসকলে সমগ্র দেশতে প্রত্যক্ষ প্রতিৰোধ সংগ্রাম গঢ়ি তুলিছিল। চীনৰ আভ্যন্তৰীণ ৰাজনীতিৰ এই ঘটনাৰ পাছত জাতীয়তাবাদী আৰু কমিউনিষ্টসকলৰ যৌথ উদ্যোগ আৰু সহযোগত জাপান বিৰোধী তীব্র আন্দোলনে গা কৰি উঠিছিল। ১৯৩৭ চনৰ পৰা জাপানৰ বিৰুদ্ধে পূর্ণ পৰ্যায়ৰ যুদ্ধ সংঘটিত হৈছিল। 

১৯৪৫ চনৰ আগষ্ট মাহত জাপানে দ্বিতীয় বিশ্বযুদ্ধত পৰাজয় বৰণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰত আত্মসমর্পণ কৰাত চীনত নব কোউমিনটাং আৰু কমিউনিষ্টসকলৰ মাজত গৃহযুদ্ধই মুৰ দাঙি উঠিছিল। প্রথমাৱস্থাত জাতীয়তাবাদী সকলে আমেৰিকাৰ সহায়ত বিজয়ী হৈছিল কিন্তু পাছলৈকে তেওঁলোকে কমিউনিষ্টসকলৰ হাতত হাৰ মানিছিল। ১৯৪৯ চনত জাতীয়তাবাদীসকলে কমিউনিষ্টসকলৰ ওচৰত আত্মসমর্পণ কৰিছিল যদিও ছিয়াং কাই-চেকে তেওঁৰ অনুগামীসকলক লৈ টাইৱানলৈ পলায়ন কৰিছিল। ১৯৪৯ চনৰ অক্টোবৰ মাহৰ ১ তাৰিখে মাও জে দঙে চীনক জনগণতান্ত্রিক চীনা সাধাৰণতন্ত্ৰ হিচাপে ঘোষণা কৰিছিল আৰু তেতিয়াৰেপৰা চীনত সংঘটিত বিপ্লৱসমূহৰ অস্ত পৰিছিল।

৩। ইন্দোনেছিয়াৰ মুক্তি আনোদলনৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ইন্দোনেছিয়া প্রায় ১৩,৫০০টা দ্বীপৰ সমষ্টি আৰু তাৰ প্ৰায় আধা অংশতহে জনবসতি আছে। ওলন্দাজসকলে ইন্দোনেছিয়াৰ দ্বীপসমূহত তেওঁলোকৰ উপনিৱেশ স্থাপন কৰিছিল আৰু তাৰ খিলঞ্জীয়া জনসাধাৰণৰ জীবন যাত্রা পদ্ধতি বিপণপন্ন কৰি তুলিছিল আৰু তাৰ পৰিণতিতেই ঊনবিংশ শতিকাৰ প্রায় আনম্ভণিৰেপৰা ইন্দোনেছিয়াত জাতীয়তাবাদী সংগঠন আৰু আন্দোলনে মূৰ দাঙি উঠিছিল।

ইন্দোনেছিয়া মুক্তি আন্দোলনৰ নেতৃত্ব দিছিল হাডিনীংঘাট (Hadiningrat) আৰু ৰাডেন আডজাং কাৰটিনী (Raden Adjang Kartini) এওঁলোকৰ নেতৃত্বত বিংশ শতিকাৰ প্ৰায় দ্বিতীয় দশকৰ পৰা ইন্দোনেছিয়াত ওলান্দাজবিৰোধী জাতীয়তাবাদী আন্দোলন এক সুসংহত ৰূপ লৈছিল। ইন্দোনেছিয়াত মূলত … তিনিটা প্রধান ৰাজনৈতিক সংগঠন যেনে— ছাৰেকটি ইছলাম (Sarekat) Islam), মোহাম মেদিয়া (Muhammadiyah) আৰু সমাজতান্ত্রিক গণতান্ত্রিক সংগঠন, জাতীয়তাবাদী আন্দোলনৰ ক্ষেত্রত মুখ্য ভূমিকা গ্রহণ কৰিছিল।

বিংশ শতিকাৰ তৃতীয় দশকত ইন্দোনেছিয়াৰ খিলঞ্জীয়া লোকৰ ৰাজনৈতিক সংগঠন আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। এই সময়ছোৱাত ইন্দোনেছিয়াৰ বিভিন্ন ঠাইত ছাত্র-যুৱকসকল জাতীয়তাবাদী আদর্শৰে উদ্বুদ্ধ হৈ ৰাজনৈতিক কর্মীৰূপে বাহিৰলৈ ওলাই আহি ৰাজনৈতিক অধ্যয়ন চক্ৰ আৰু ক্ষুদ্র ক্ষুদ্র সংগ্রামী গোট গঢ়ি তুলিছিল। সেই সময়তে পাৰছেৰিকাটান কমিউনিষ্ট ইণ্ডিয়া (Perserikatan Komunist India বা চমুকৈ PKI) নামৰ মা’বাদী ৰাজনৈতিক সংগঠনটোৰ নেতৃত্বত বিদ্রোহাত্মক ৰাজনীতিৰ ব্যাপক প্রচাৰ ঘটিছিল। একেদৰে ১৯২৭ চনত বান্দুঙত ছাত্র-যুৱকসকলৰ নেতৃত্বত সংগঠিত হৈছিল ইন্দোনেছিয়াৰ জাতীয়তাবাদী সংগঠন (Indonesian National Association)। এই সংগঠনটোৰ মুখ্য উদ্দেশ্য আছিল ইন্দোনেছিয়াত ৰাজনৈতিক একতা স্থাপন কৰা আৰু দেশখনক ওলন্দাজসকলৰ পৰা মুক্ত কৰা।

সেই উদ্দেশ্যে পৰৱৰ্তী কালত ছাত্রনেতা আহমেদ চুকাণ্টোই ‘Associa of Political Organisation of the Indonesian People’ নামে এক শক্তিশালী উপনিৱেশ বিৰোধী মঞ্চ তৈয়াৰ কৰিছিল আৰু তাৰ সভাপতিৰ দায়ি দিছিল মহম্মদ হোছনী থামৰিণক। ইন্দোনেছিয়াৰ স্বাধীনতা আন্দোলন মষিমূৰ কৰিবলৈ ওলন্দাজসকলে তাৰ জনসাধাৰণৰ ওপৰত তীব্র নির্যাতন চলাইছিল আৰু লোকসকলে পুলিচৰ ৰাজত্বত অশেষ যন্ত্রণা পাবলগীয়া হৈছিল। দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ পৰাজয়ৰ লগে লগে ইন্দোনেছিয়াৰ স্বাধীনতাকাংখী বিদ্রোহীসকলে ১৯৪৫ চনৰ ১৭ আগষ্টত জাকার্তাত নিজ দেশৰ স্বাধীনতা ঘোষণা কৰিছিল যদিও কেইদিনমান পাছতে ওলান্দাজসকলে পুনৰ ইন্দোনেছিয়াত প্রভুত্ব দেখুৱাবলৈ আৰম্ভ কৰিছিল। তাৰ পাছৰেপৰা ইন্দোনেছিয়াৰ মুক্তি সংগ্রামী আৰু ওলান্দাজসকলৰ মাজত শত্রুতা তীব্ৰতৰ হৈছিল। ফলস্বৰূপে ১৯৪৬ চনৰ ১৫ নৱেম্বৰত ওলান্দাজসকলে ইন্দোনেচিয়াৰ সুমাত্ৰা আৰু জাভাক দেশীয় চৰকাৰৰ স্বীকৃতি দিছিল আৰু সংযুক্ত ইন্দোনেছিয়া নামে এখন গণতান্ত্রিক সার্বভৌম চৰকাৰৰ প্রতি সমর্থন আগবঢ়াবলৈ প্রতিশ্রুতি দিছিল। অৱশেষত ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ হস্তক্ষেপত ওলান্দাজসকলে ইন্দোনেচিয়া ত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু ১৯৪৯ চনৰ ২ ডিচেম্বৰ তাৰিখে ইন্দোনেছিয়া ওলান্দাজসকলৰ পৰা স্বাধীন হয় আৰু তাৰ লগে লগে ইন্দোনেচিয়াৰ জনগণৰ স্বাধীনতা সংগ্ৰামৰ অক্ত পৰিছিল। ইন্দোনেছিয়াই স্বাধীনতা লাভ কৰাৰ পাছত ছাত্র নেতা আছমদ চুকার্ণোই দেশখনৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্রহণ কৰে।

৪। এছিয়াৰ উপনিবেশসমূহত আৰম্ভ আৰু বিকাশ লাভ কৰা মুক্তি আন্দোলনৰ কাৰক সম্পর্কে আলোচনা কৰা।

উত্তৰঃ এছিয়াৰ উপনিৱেশসমূহত আৰম্ভ আৰু বিকাশ লাভ কৰা মুক্তি আন্দোলনৰ কাৰকসমূহ হৈছে — 

সাম্রাজ্যবাদী দেশসমূহে কৰা অৰ্থনৈতিক শোষণৰ ফলশ্রুতিতেই দেশসমূহর্ত মুক্তি আন্দোলনে বিকাশ লাভ কৰিছিল। সাম্রাজ্যবাদৰ কৱলত থকা দেশসমূহতে সাম্রাজ্যবাদী শাসন ব্যৱস্থাই বিভিন্ন ভাষিক সাংস্কৃতিক ৰাজনৈতিক গোটৰ মাজৰ পূৰ্বৰেপৰা চলি থকা বিভিন্নতা দূৰ কৰি এক কেন্দ্রীভূত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। ইয়াৰ ফলত সাম্রাজ্যবাদীৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ দৰে বিশাল দেশসমূহত বহু জাতিক বহু ভাষিক জাতীয়তা আৰু জাতীয়তাবাদৰ জন্ম আৰু বিকাশ হৈছিল। পশ্চিমীয়া ঔপনিৱেশিক সাম্রাজ্যবাদী শাসন ব্যৱস্থাই পদানত দেশসমূহৰ প্ৰচলিত কৃষ্টি, সংস্কৃতি আৰু সভ্যতাৰ প্রতি প্রত্যাহ্বান সৃষ্টি কৰাৰ লগতে পূৰ্বৰেপৰা চলি অহা জীৱনবোধ আৰু অনুষ্ঠান প্রতিষ্ঠানৰো অস্ত পেলোৱাৰ আশংকাৰ সৃষ্টি কৰিছিল। ফলস্বৰূপে মুক্তি আন্দোলনৰ ভাৱধাৰা জাগ্ৰত হৈছিল।

সাম্রাজ্যবাদী নির্মম শোষণে জাতিসমূহৰ বিকাশৰ পথ বন্ধ কৰাৰ লগতে তেওঁলোকক জাতিগত উন্নসিক মনোবৃত্তিৰে দমন কৰিবলৈ চেষ্টা কৰিছিল, ফলত পদানত দেশৰ শিক্ষিত শ্ৰেণীটোৰ মাজত ব্যাপক ক্ষোভ আৰু হতাশাৰ সৃষ্টি কৰিছিল। সাম্রাজ্যবাদী শোষণে সৃষ্টি কৰা অৰ্থনৈতিক পশ্চাদপদতাই শিক্ষিত শ্ৰেণীৰ লোকসকলকেই প্রথমতে ৰাজনৈতিকভাৱে সংগঠিত হ’বলৈ প্ৰবোচিত কৰিছিল। পদানত দেশসমূহৰ শিক্ষিত মধ্যবিত্ত শ্ৰেণীটোৰ উদ্যোগ আৰু নেতৃত্বতেই পোনতে ইউৰোপীয়সকলৰ জাতিগত শ্রেষ্ঠত্বৰ ধাৰণা আৰু দাম্ভিকতাৰ বিৰুদ্ধে সাম্রাজ্যবাদ বিৰোধী চেতনা জাগি উঠিছিল।

সাম্রাজ্যবাদে প্রবর্তন কৰা শিক্ষা ব্যৱস্থাই শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ মাজত ইউৰোপীয় গণতান্ত্রিক ধ্যানধাৰণা, উদাৰতাবাদ আৰু ব্যক্তি স্বাতন্ত্র্যবোধৰ সৃষ্টি কৰিছিল। ইয়ে বিকাশমান মধ্যবিত্ত শ্ৰেণীৰ বিবেকত আঘাত হানিছিল আৰু তেওঁলোকে নিজৰ দেশৰ প্রশাসনৰ মাধ্যমত জনসাধাৰণে সেই সুবিধাবিলাক উপভোগ কৰাৰ পৰা অবকাশ পাবলৈ আন্দোলন আদি সংগঠন কৰি নেতৃত্ব দিছিল।

প্রথম বিশ্বযুদ্ধৰ সময়ত সাম্রাজ্যবাদী দেশসমূহে কৰা যুদ্ধ সম্পৰ্কীয় ঘোষণাই পদানত দেশসমূহৰ ৰাজনৈতিকভাৱে সচেতন মধ্যবিত্ত শ্ৰেণীৰ মাজত ব্যাপক আশাৰ সঞ্চাৰ সৃষ্টি কৰিছিল। যুদ্ধৰ অন্তত সাম্রাজ্যবাদৰ দ্বাৰা পদানত দেশসমূহে আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ ভিত্তিত স্বাধীনতা লাভ কৰিব বুলি আশা কৰিছিল কিন্তু এছিয়া আৰু আফ্ৰিকা মহাদেশৰ কোনো দেশেই উপকৃত হোৱা নাছিল। সাম্রাজ্যবাদী দেশসমূহৰ এনে বৈষম্যমূলক আচৰণে এছিয়াৰ পদানত দেশসমূহৰ মাজত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল আৰু জাতীয় মুক্তি আন্দোলনে বিভিন্ন দেশত ঠন ধৰি উঠিছিল। তদুপৰি সাম্রাজ্যবাদৰ দ্বাৰা পদানত দেশসমূহত শোষিত জনতাৰ মাজত সার্কসবাদী ধাৰণাৰ প্ৰতি আকর্ষণ কৰিছিল। ১৯১৭ চনত মার্কসবাদৰ ভিত্তিত সংঘটিত ৰুচদেশৰ অক্টোবৰ বিপ্লৱৰ সাফল্যই ঔপনিৱেশিক দেশৰ একাংশ লোকৰ মাজত ৰাজনৈতিক মতাদৰ্শৰ প্রতি আকর্ষণ সৃষ্টি কৰিছিল। ইয়ে সাম্রাজ্যবাদৰ দ্বাৰা পদানত দেশসমূহত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছিল আৰু দেশে দেশে স্বাধীনতা প্রাপ্তিৰ বাবে মুক্তি আন্দোলনে বিকাশ লাভ কৰিছিল। এনেবোৰ বিভিন্ন কাৰকৰ বাবে পদানত দেশসমূহত মুক্তি আন্দোলন আৰম্ভ হৈছিল।

৫। আফ্রিকা মহাদেশত সূচনা হোৱা মুক্তি আন্দোলনৰ ঐতিহাসিক পটভূমি সম্পর্কে চমুকৈ আলোচনা কৰা। 

উত্তৰঃ আফ্রিকা মহাদেশৰ দেশসমূহৰ স্বাধীনতা তথা মুক্তি আন্দোলন আছিল ঔপনিৱেশিকতাবাদী আৰু সাম্রাজ্যবাদী শোষণ-নির্যাতনৰ প্ৰতিবাদৰূপে গঢ়ি উঠা গণ বিক্ষোভৰ স্বাভাৱিক পৰিণতি। প্রথম আৰু দ্বিতীয় বিশ্বযুদ্ধই সৃষ্টি কৰা বহুতো ঘটনা-পৰিঘটনা, দেশত সংঘটিত হোৱা অক্টোবৰ বিপ্লৱ আৰু মার্কসবাদৰ প্রতি জনসাধাৰণৰ আকৰ্ষণ, পশ্চিমীয়া দেশসমূহত চলি থকা গণতান্ত্রিক শাসন পদ্ধতি, ব্যক্তি স্বাধীনতা, নাগৰিক অধিকাৰ আদিয়ে বিশ্বযুদ্ধ সমাপ্তিৰ পাছৰেপৰা আফ্রিকাৰ বিভিন্ন দেশৰ মানুহৰ ওপৰত সদৰ্থক প্ৰভাৱ পেলাইছিল। বিংশ শতাব্দীৰ আৰম্ভণিতে ৰাজনৈতিক স্বাধীনতা আন্দোলনৰ পোহৰেৰে আফ্রিকা আলোকিত হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধ ঔপনিবেশিকতাবাদ আৰু সাম্ৰবাদৰ দ্বাৰা পদানত দেশসমূহৰ বাবে আশীর্বাদস্বৰূপ আছিল। তদুপৰি ইউৰোপত বিকাশ লাভ কৰা জাতীয়তাবাদী মতাদর্শ আৰু জাতি ৰাষ্ট্ৰৰ আৰ্হিত বিশ্বৰ বিভিন্ন দেশত জাতীয়তাবাদী আন্দোলন সাম্রাজ্যবাদৰ শত্রুৰূপে দেখা দিছিল আৰু একে সময়তে আফ্ৰিকাৰ দেশসমূহতো এই প্রক্রিয়া চলিছিল। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ প্রভাৱ আফ্রিকাৰ দেশসমূহত পৰিছিল আৰু আফ্রিকাৰ অধিকাংশ দেশৰ স্বাধীনতা সংগ্রামীসকলে ভাৰতীয় স্বাধীনতা সংগ্রামীসকলৰ আদৰ্শকে সৰোগত কৰি যাত্রাপথত অগ্ৰসৰ হৈছিল। আফ্রিকাৰ শিক্ষিত লোকসকলে পোনতে স্বাধীনতা আন্দোলনৰ নেতৃত্ব দি তাক আগুৱাই নিছিল। ভাৰতৰ স্বাধীনতা সংগ্রামৰ আদর্শ আৰু শিক্ষা আফ্রিকাৰ সংগ্রামী লোকৰ পাথেয় আছিল। দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বৈষম্যবাদী শ্বেতাংগ শাসকসকলৰ বিৰুদ্ধে আপোচহীন সংগ্ৰামৰ নেতা নেলছন মেন্ডেলা মহাত্মা গান্ধীৰ হিংসাবর্জিত ৰাজনৈতিক আন্দোলনৰ আদৰ্শৰ দ্বাৰা সততে অনুপ্রাণিত আৰু পৰিচালিত হৈছিল।

আফ্রিকা মহাদেশৰ দেশসমূহত স্বাধীনতা আন্দোলনৰ মূল চালিকা শক্তি আছিল শ্বেতাংগ লোকসকলে কৃষ্ণাংগসকলৰ বিৰুদ্ধে প্ৰৱৰ্তন কৰা বর্ণবৈষম্যবাদ। এই নীতিয়ে বিভিন্ন দেশৰ লোকসকলক স্বাধীনতাৰ বাবে আগ্রহী কৰি তুলিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত কেইবছৰমানৰ ভিতৰতে ১৯৫১ চনত আফ্রিকাৰ লিবিয়াই স্বাধীনতা লাভ কৰিছিল আৰু ইয়ে আফ্রিকাৰ অন্যান্য দেশসমূহক স্বাধীনতা প্রাপ্তিৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাইছিল। মুঠৰ ওপৰত ভাৰতবৰ্ষত আৰম্ভ হোৱা স্বাধীনতা মুক্তি সংগ্রামে আফ্ৰিকাৰ মুক্তি সংগ্রামর্ক বাৰুকৈয়ে প্রভাৱান্বিত কৰিছিল আৰু সেয়ে আফ্রিকাৰ প্ৰায়বোৰ দেশে ঔপনিৱেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ পৰা মুক্ত হ’বলৈ আপ্রাণ চেষ্টা চলাইছিল। ১৯৬০ৰ দশকটোতে আফ্রিকাৰ অধিকাংশ দেশে স্বাধীনতা লাভ কৰি ঔপনিৱেশিক শোষণৰপৰা মুক্তি পাইছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top