প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান Class 10 Elective History Important Notes

প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান Class 10 Elective History Important Notes to each chapter are provided in the list so that you can easily browse through different chapters প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান Class 10 Elective History SEBA Important Notes and select need one.

Class 10 Elective History Important Notes প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective History Important Notes প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান These solutions are part of SCERT All Subject Solutions. Class 10 Elective History Important Notes প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান Here we have given Class 10 Elective History Important Notes প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান Solutions for All Subjects, You can practice these here.

প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান

Chapter – 3

ELECTIVE HISTORY

IMPORTANT NOTES

শুদ্ধ উত্তাৰটো বাছি উলিওৱা:

১। হিটলাৰৰ পোলেণ্ড আক্ৰমণ কিমান চনত সংঘটিত হৈছিল —

(ক) ১৯৩৬ চনত।

(খ) ১৯৩৭ চনত।

(গ) ১৯৩৮ চনত।

(ঘ) ১৯৩৯ চনত।

উত্তৰঃ (ঘ) ১৯৩৯ চনত।

২। “New Deal” নামে পৰিচিত নীতিটো কোনে উদ্ভাৱন কৰিছিল —

(ক) হিটলাৰ।

(খ) গীয়াকামো মেট্ৰিওটিক।

(গ) ফিডেল কাস্ত্রো।

(ঘ) ডেলানে ফ্ৰেংকলিন ৰুচভেণ্ট।

উত্তৰঃ (ঘ) ডেলানে ফ্ৰেংকলিন ৰুচভেণ্ট।

৩। ভূমধ্য সাগৰৰ বন্দীনী বুলি কোনখন দেশক কোৱা হৈছিল —

(ক) জাৰ্মানী।

(খ) অষ্ট্ৰিয়া।

(গ) ইটালী।

(ঘ) ফ্ৰান্স।

উত্তৰঃ (গ) ইটালী।

৪। ৰাচিয়াৰ অক্টোবৰ সমাজতান্ত্ৰিক বিপ্লৱ কিমান চনত সংঘঠিত হৈছিল —

(ক) ১৯১৭ চনত।

(খ) ১৯১৮ চনত।

(গ) ১৯১৯ চনত।

(ঘ) ১৯২০ চনত।

উত্তৰঃ (ক) ১৯১৭ চনত।

৫। কিমান চনত ফেক্তাই প্ৰধানমন্ত্ৰীৰ পদৰপৰা পদত্যাগ কৰে —

(ক) ১৯২১ চনত।

(খ) ১৯২২ চনত।

(গ) ১৯২৩ চনত।

(ঘ) ১৯২৪ চনত।

উত্তৰঃ (খ) ১৯২২ চনত।

৬। ইটালীয়ে কিমান চনত আলবানিয়া দখল কৰিছিল —

(ক) ১৯৩৬ চনত।

(খ) ১৯৩৭ চনত।

(গ) ১৯৩৮ চনত।

(ঘ) ১৯৩৯ চনত।

উত্তৰঃ (ঘ) ১৯৩৯ চনত।

৭। মিউনিক চুক্তি কিমান চনত সংঘটিত হৈছিল —

(ক) ১৯৩৭ চনত।

(খ) ১৯৩৮ চনত।

(গ) ১৯৩৯ চনত।

(ঘ) ১৯৪০ চনত।

উত্তৰঃ (খ) ১৯৩৮ চনত।

৮। লেনিনৰ মৃত্যু কিমান চনত হৈছিল —

(ক) ১৯২৪ চনত।

(খ) ১৯২৫ চনত।

(গ) ১৯২৬ চনত।

(ঘ) ১৯২৭ চনত।

উত্তৰঃ (ক) ১৯২৪ চনত।

৯। মই ফ্ৰান্সক গুৰি কৰি পেলাম বুলি কোনে কৈছিল — 

(ক) হিটলাৰে।

(খ) ডেলানে ফ্ৰেংকলিন ৰুচভেণ্টএ।

(গ) গীয়াকামো মেট্ৰিওটিকে।

(ঘ) ফিডেল কাস্ত্রোএ।

উত্তৰঃ (ক) হিটলাৰে।

১০। ৰুচ-জাৰ্মান অনাক্ৰমন চুক্তি কিমান চনত সংঘটিত হৈছিল —

(ক) ১৯৩৭ চনত।

(খ) ১৯৩৮ চনত।

(গ) ১৯৩৯ চনত।

(ঘ) ১৯৪০ চনত।

উত্তৰঃ (গ) ১৯৩৯ চনত।

অতি চমু প্ৰশ্নোত্তৰ

১। ফেছিবাদ শব্দটো কোন ভাষাৰ কি শব্দৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ ফেছিবাদ শব্দটো লেটিন ভাষাৰ “Fasces” শব্দৰ পৰা উৎপত্তি হৈছে।

২। জাৰ্মান সংসদ ভৱনত কেতিয়া আৰু কোনে অগ্নি সংযোগ কৰিছিল?

উত্তৰঃ জার্মান সংসদ ভৱনত ১৯৩৩ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে লুৱে নামে ওলাণ্ডাজ লোক এজনে অগ্নি সংযোগ কৰিছিল।

৩। হিটলাৰে দেশৰ সেনাবাহিনীৰ সংখ্যা কিমানৰ পৰা কিমানলৈ বৃদ্ধি কৰাৰ আঁচনি গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৯৩৫ চনত হিটলাৰে দেশৰ সেনাবাহিনীৰ সংখ্যা ১০০,০০০-ৰপৰা ৫৫,৫০,০০০ লৈ বৃদ্ধি কৰাৰ আঁচনি গ্রহণ কৰিছিল।

৪। অৱন্তীৰ সম্পাদক কোন আছিল?

উত্তৰঃ অৱন্তীৰ সম্পাদক আছিল বেনিটো মুছোলিনি।

৫। হিটলাৰে কেতিয়া অষ্ট্ৰিয়া দখল কৰে?

উত্তৰঃ ১৯৩৮ চনৰ মাৰ্চ মাহত হিটলাৰে অষ্ট্ৰিয়া দখল কৰে।

৬। “The Main Kampf” নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ “The Main Kampf” নামৰ গ্ৰন্থখন এডলফ হিটলাৰে ৰচনা কৰিছিল।

৭। ইটালীক কোনে “Geographical Expression” বুলি অভিহিত কৰিছিল?

উত্তৰঃ আষ্ট্ৰিয়াৰ প্রধানমন্ত্রী মেটৰনিখে ইটালীক “Geographical Expression” বুলি অভিহিত কৰিছিল।

৮। জাৰ্মানীৰ ৰাষ্ট্ৰপতি হিন্দেনবার্গে হিটলাৰক কেতিয়া জাৰ্মানীৰ প্ৰধানমন্ত্ৰীৰূপে নিযুক্তি দিয়ে?

উত্তৰঃ ১৯৩৩ চনৰ ৩০ জানুৱাৰী তাৰিখে জাৰ্মানীৰ ৰাষ্ট্ৰপতি হিন্দেনবার্গে হিটলাৰক জাৰ্মানীৰ প্ৰধানমন্ত্ৰীৰূপে নিযুক্তি দিয়ে।

৯। “The Fascisti Exposed” নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ “The Fascisti Exposed” নামৰ গ্ৰন্থখন গিয়াকামো মেট্রিওটিকে ৰচনা কৰিছিল।

১০। ৰাচিয়াৰ অক্টোবৰ সাম্যতান্ত্রিক বিপ্লৱ কিমান চনত সংঘটিত হৈছিল?

উত্তৰঃ ৰাচিয়াৰ অক্টোবৰ সাম্যতান্ত্রিক বিপ্লৱ ১৯১৭ চনত সংঘটিত হৈছিল।

চমু প্ৰশ্নোত্তৰ

১। ফেছিষ্ট ৰাষ্ট্ৰৰ চাৰিটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ফেছিষ্ট ৰাষ্ট্ৰৰ চাৰিটা প্রধান বৈশিষ্ট্য হৈছে — 

(i) ফেছিবাদ সমাজবাদৰ পৰিপন্থী, ইয়াত সমাজবাদৰ সলনি একনায়কত্ববাদক প্রাধান্য দিয়া হয়।

(ii) ফেছিবাদ শাস্তিৰ পৰিপন্থী।

(iii) ফেছিবাদ মুক্ত বাণিজ্যিক আদান-প্রদানৰ পৰিপন্থী।  আৰু 

(iv) ফেছিবাদ সংবাদপত্ৰৰ স্বাধীনতাৰ পৰিপন্থী। ইয়াত বাতৰিকাকত, সংবাদ পত্র আদিয়ে নির্ভীক, নিৰপেক্ষ সংবাদ প্ৰেৰণ কৰিব নোৱাৰিছিল।

২। ফেছিবাদৰ চাৰিটা নীতি উল্লেখ কৰা।

উত্তৰঃ ফেছিবাদৰ চাৰিটা নীতি হৈছে —

১। ফেছিবাদ গণতন্ত্ৰ আৰু গণতান্ত্রিক প্রমূল্য আৰু পৰম্পৰাৰ পৰিপন্থী আছিল।

২। ফেছিবাদৰ মতে ৰাষ্ট্ৰসকলোৰে ঊর্ধ্বত, ৰাষ্ট্ৰৰ ওপৰত কোনো নাই। ৰাষ্ট্ৰৰ এক সর্বাত্মক কর্তৃত্ব আছে, ই সকলোতে বিদ্যমান। ইয়াক নেতাৰ মাধ্যমেৰে চনাক্ত কৰা হয়। অর্থাৎ নেতাই ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰই নেতা। ৰাষ্ট্র আৰু নেতাৰ মাজত কোনো পার্থক্য নাই।

৩। ফেছিবাদ ব্যক্তিস্বাতন্ত্র্যবোধৰ পৰিপন্থী। ইয়াত ব্যক্তিৰ স্বাধীনতা মানি লোৱা হয়। আৰু 

৪। ফেছিবাদৰ মূল চালিকা শক্তি আছিল যুদ্ধ, সামৰিক সংঘৰ্ষ। ফেছিবাদে এইবোৰৰ দ্বাৰা পৰিচালিত হৈছিল।

দীঘলীয়া প্ৰশ্নোত্তৰ

১। হিটলাৰৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্য কি আছিল আলোচনা কৰা।

উত্তৰঃ হিটলাৰৰ নেতৃত্বত গঠিত হোৱা নাৰ্জী দলে ২৫ দফীয়া আঁচনিৰ মাধ্যমত এক ৰাজনৈতিক কার্যসূচী গ্রহণ কৰিছিল। তাতেই তেওঁ গ্রহণ কৰা বৈদেশিক নীতিৰ সবিশেষ উল্লেখ কৰিছে। হিটলাৰৰ বৈদেশিক নীতিৰ মূল আধাৰ আছিল সামৰিক শক্তি।

ভার্চাই শান্তি চুক্তিৰ দ্বাৰা জার্মানীৰ সামৰিক শক্তিৰ ওপৰত ব্যাপক বাধা নিষেধ আৰোপ কৰা হৈছিল। কিন্তু ভার্চাই শান্তি চুক্তিক উলংঘা কৰি হিটলাৰে জার্মানীত এক বৃহৎ সামৰিক শক্তি গঢ়ি তুলিলে আৰু ৰাজ্য বিস্তাৰ কৰাত মনোনিৱেশ কৰিলে। ভার্চাই শান্তি চুক্তিত স্বাক্ষৰ কৰা কোনো এখন দেশেই এই দিশত বাধা দিব নোৱাৰিলে।

হিটলাৰে ১৯৩৩ চনত নিবস্ত্ৰীকৰণ সম্মিলন আৰু তাৰ লগতে জাতি সংঘৰপৰা জার্মানীৰ সদস্য পদ প্রত্যাহাৰ কৰে আৰু ভাৰ্চাই শান্তি চুক্তি বাতিল কৰে। জার্মান জনসাধাৰণে গণভোটৰ মাধ্যমেৰে সেই কাৰ্যৰ সমর্থন আগবঢ়ায়। ১৯৩৫ চনত হিটলাৰে দেশৰ সেনাবাহিনীৰ সংখ্যা ১০০,০০০-ৰপৰা ৫৫,৫০,০০০ লৈ বৃদ্ধি কৰাৰ আঁচনি গ্রহণ কৰে।

ইয়াৰ পিছত হিটলাৰে নৌ-বাহিনীৰ শক্তি বৃদ্ধিত মনোনিবেশ কৰে। এই ক্ষেত্ৰত তেওঁ ব্রিটেইনৰ সহানুভূতিও লাভ কৰে।

১৯৩৪ চনত হিটলাৰে অস্ট্রিয়া অধিকাৰ কৰাৰ অভিপ্ৰায়েৰে অষ্ট্ৰিয়াৰ আভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ কৰে। কিন্তু ব্রিটেইন, ফ্রান্স আৰু ইটালীৰ হস্তক্ষেপৰ বাবে তেওঁ এই ক্ষেত্রত সাময়িকভাৱে থমকি ৰবলৈ বাধ্য হয়। ১৯৩৫ চনত তেওঁ অষ্ট্ৰিয়াৰ সৈতে এক চুক্তি সম্পাদন কৰে। ১৯৩৮ চনত পুনৰ অষ্ট্রিয়াত হস্তক্ষেপ কৰে। এইবাৰ ইটালীয়ে হিটলাৰৰ প্ৰতি সহযোগিতা দেখুৱাৰ সম্ভাৱনাই দেখা দিয়ে।ইতিমধ্যে আবিছিনিয়াৰ ক্ষেত্ৰত ইটালীয়ে লোৱা নীতিৰ ক্ষেত্ৰত ফ্রান্স আৰু ব্রিটেইনে লোৱা দৃষ্টিভংগীৰ বিপৰীতে জার্মানীয়ে গ্ৰহণ কৰা নীতিয়ে ইটালী অ: দার্মানীক ওচৰ চপাই আনিছিল। এই সুযোগতে হিটলারে ১৯৩৬ চনত মুছোলিনিৰ সৈতে ‘ৰোম-বার্লিন একছিছ শামে এটি চুক্তি স্বাক্ষৰ কৰে। পিছত ১৯৩৭ চনত জাপানেও ইয়াৰ অংশীদাৰ হৈ ‘বোম-বার্লিন-টকিঅ’ একছিছ’ গঠন কৰাত সহায় কৰে।

গতিকে দেখা যায় হিটলাৰে অতি কম সময়ৰ ভিতৰতে ইউৰোপত জার্মানীৰ হেৰুওৱা গৌৰব পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হয়। ভাৰ্চাই সন্ধিৰ সকলোবোৰ চৰ্তৰপৰা জার্মানীক মুক্ত। আধিপত্য স্থাপন কৰে। জার্মানীৰ এই অগ্রগতিয়ে কৰি ইউৰোপত পুনৰ জার্মানীৰ ইউৰোপত পুনৰ যুদ্ধৰ সম্ভাৱনা বৃদ্ধি কৰে।

প্রথম বিশ্বযুদ্ধৰ পিছত সামুহিক নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় শক্তি জোঁটৰ বিপৰীত পক্ষৰ দেশসমূহৰ মাজত দেখা পোৱা তৎপবতা জার্মানীত হিটলাৰে ক্ষমতা দখল কৰাৰ পিছৰপৰা স্তিমিত হৈ পৰা দেখা যায়। হিটলাৰৰ নেতৃত্বত সংঘটিত জার্মানীৰ এই ক্রমবর্ধমান সামবিক শক্তি বৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত জার্মানীয়ে লাভ কৰা সফলতাৰ বাবে ফ্রান্স আৰু ব্রিটেইনৰ বৈদেশিক নীতিক বহু পৰিমাণে জগবীয়া কৰিব পাৰি।

১৯৩৮ চনৰ মাৰ্চ মাহত হিটলাৰে অষ্ট্ৰিয়া দখল কৰে। ১৯৩৯ চনত ছেক’শে-শভাকিয়াকো জার্মানীৰ অন্তর্ভুক্ত কৰি লয়। ইয়াৰ পিছত বাল্টিক সাগৰৰ উপকূলত সেমেলে নামে বন্দৰটো দখল কৰি তাত সামৰিক ঘাটি পাতে। এই ঘটনাৰ পিছত ডান জিগ দখলৰ প্ৰস্তুতি চলায়। জার্মানীয়ে এইবাৰ ডানজিগসহ পোলেণ্ডৰ মাজেৰে পূৰ্ব প্ৰুচিয়াক সংলগ্ন কৰি এটি কৰিডৰ এৰি দিবলৈ পোলেণ্ডৰ ওচৰত দাবী উত্থাপন কৰে।

এই ঘটনাসমূহে হিটলাৰ আৰু মুছোলিনিৰ বিপৰীত শিৱিৰত যথেষ্ট ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰে। ১৯৩৯ চনৰ ২২ মে’ৰ দিনা স্বাক্ষৰিত ‘পেক্ত অৱ ষ্টীল’ চুক্তি অনুযায়ী এই দুয়োজন নেতাই দুয়োখন দেশৰ মাজত ঘনিষ্ঠ, সম্পর্ক স্থাপন কৰে। তাৰ পিছত ২১ আগষ্টৰ দিনা জার্মানীয়ে ছোভিয়েট দেশৰ সৈতে ‘কছ-জার্মান অনাক্রমণাত্মক চুক্তি স্বাক্ষৰ কৰি বিশ্বৰ কূটনৈতিক ইতিহাসক চমক লগায়।

এই ঘটনাৰ পাছতে জার্মানীয়ে চেপ্তেম্বৰৰ ১ তাৰিখে পোলেণ্ড আক্রমণ কৰে। পোলেণ্ডৰ স্বাধীনতা আৰু ৰাষ্ট্রীয় অখণ্ডতা ৰক্ষাৰ দোহাই দি তাৰ দুদিন পিছত ফ্রান্স আৰু জার্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এইদৰে, হিটলাৰে তেওঁৰ ৰাজত্বকালত দেশৰ বৈদেশিক নীতি নির্ধাৰণ কৰিছিল।

২। ইটালীত ফেছিবাদৰ চমু ইতিহাস বিবৃত কৰা।

উত্তৰঃ ফেছিবাদ শব্দটো লেটিন ভাষাৰ “Fasces” শব্দৰপৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হৈছে দল বা আঁটি। বেনিটো মুছোলিনিৰ নেতৃত্বত এই দলটো গঠন কৰা হৈছিল। মুছোোলিনিয়ে ইটালীৰ ডেকা তথা যুৱকসকলক ‘ফেছেদ’ নামে দলত সংগঠিত কৰি জাতিৰ বাবে শত্রু গণ্য কৰা লোকৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিবলৈ নিয়োগ কৰিছিল। মিলান চহৰত ১৯১৯ চনৰ ২৩ মার্চত পোনতে ফেছিষ্ট গোট গঠন কৰা হৈছিল। এওঁলোকে গণতন্ত্রত বিশ্বাস কৰিছিল, গতিকে বিৰোধী দল থকাটো তেওঁলোকে পছন্দ নকৰিছিল। এওঁলোকে বিশ্বাস কৰা বাজনৈতিক আদর্শকে ফেছিবাদ বুলি কোৱা হয়।

বেনিটো মুছোলিনিয়ে জীৱনৰ আদিতে সমাজবাদৰ প্রতি আকর্ষিত হৈ পৰিছিল। ১৯০৮ চনত ৰামাগনাৰ কৃষক বিদ্রোহত অংশগ্রহণ কৰাৰ অপৰাধত তেওঁক বন্দী কৰি কাৰাগাৰত থোৱা হৈছিল। পিছত সমাজবাদীদলৰ মুখপত্র ‘অৱন্তী’ৰ সম্পাদক পদত নিযুক্ত হয়। ইটালীয়ে বিশ্বযুদ্ধত অংশ গ্রহণ নকৰিবলৈ প্ৰচাৰ কৰাত মুছোলিনিয়ে সমাজবাদী দলৰপৰা পদত্যাগ কৰি ছিন্দিকেলিষ্টসকলৰ লগ লাগে আৰু যুদ্ধত ইটালীৰ অংশগ্ৰহণৰ পোষকতা কৰে।

ইফালে সেই সময়ত ইটালীত বৃদ্ধি পোৱা সাম্যবাদী প্ৰচাৰ আৰু সংগঠনসমূহে সমাজৰ তথাকথিত ধনীশ্রেণীক ভীতি সন্ত্রস্ত কৰি তুলিছিল। গতিকে এই শ্ৰেণীৰ লোকৰ লগতে প্রাক্তন সৈনিকসকল ছে লাহে কেছিষ্ট দলৰ প্ৰতি আকর্ষিত হৈছিল। ইটালী দেশৰ লোকসকলে ভাবিছিল যে বেনিটো মুছোলিনিয়ে তেওঁলোকক সকলো দিশৰপৰা সহায় আগবঢ়াবলৈ সক্ষম হব। মুছোলিনিয়ে প্রথমতে ফেঁছিষ্ট গোটক ৰাজনৈতিক দল বুলি স্বীকাৰ কৰা নাছিল। এই দলে চূড়ান্ত স্রষ্টাচাৰ আৰু দুর্নীতিত নিমজ্জিত সকলোবোৰ ৰাজনৈতিক দলৰ প্ৰতি চূড়ান্ত ঘৃণা আৰু অসন্তুষ্টি হৈ প্রকাশ কৰিছিল। সেয়েহে এই দলৰ প্ৰতি দেশৰ লোকসকল আকর্ষিত হোৱা দেখা গৈছিল।

ফেছিষ্ট সকলৰ প্ৰথম দেশজোৰা কংগ্ৰেছ বহিছিল ১৯১৯ চনত, তাত ২২টা গোটে অংশগ্রহণ কৰিছিল আৰু মুঠ সদস্যৰ সংখ্যা আছিল ১৭,০০০। ১৯২০ চনত বহা দ্বিতীয় কংগ্রেছত ফেহিষ্ট গোটৰ সংখ্যা আছিল ১১৮টা আৰু মুঠ সদস্য সংখ্যা আছিল ৩০,০০০। তৃতীয় কংগ্ৰেছৰ সময়ত ফেছিষ্ট গোটৰ সংখ্যা আছিল ২২০০টা আৰু সদস্যৰ সংখ্যা আছিল ৩,০০,০০০। এই গোটসমূহৰ পৰা অত্যন্ত বিশ্বস্তসকলক লৈ ক’লা বোলা পৰিধান কৰা এটি স্বেচ্ছাসেৱব বাহিনী গঠন কৰা হৈছিল আৰু আৰম্ভণিৰেপৰাই এওঁলোকে কমিউনিষ্টসকলক আক্রমণ কৰা কামত নিয়োজিত আছিল। ১৯২১ চনৰ আৰম্ভণিৰেপৰা এই আক্রমণ সংঘৰ্ষসমূহৰ বাবে দেশখনও এক গৃহযুদ্ধ সদৃশ পৰিস্থিতিয়ে দেখা দিছিল। আইন শৃংখলা বোলা বস্তুটো নোহোৱা হৈছিল। 

ফেছিষ্টসকলৰ ভয়ত চৰকাৰী আমোলা বিষয়াসকল নিৰ্বিকাত হৈ পৰিছিল। সেই সময়তে ১৯২১ চনৰ মে মাহত দেশত সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল। সেই নির্বাচনত অংশগ্রহণ কৰি ফেছিষ্টসকলে সংসদলৈ মুছোলিনিসহ ৩৬ জন সদস্য নির্বাচিত কৰি পঠিয়াইছিল। সেই বছৰৰে নৱেম্বৰ মাহত মুছোলিনিয়ে ফেছিষ্ট গোটসমূহক সুসংহত কৰি এক ৰাজনৈতিক দলৰূপে সংঘবদ্ধ কৰে। এই দলৰ দ্বাৰা হত্যা, লুণ্ঠন, মাৰ-পিট সাধাৰণ ঘটনাত পৰিণত হয়। ১৯২২ চনৰ ৩ মার্চত মুছোলিনিয়ে ফিউমৰ প্রতিষ্ঠিত চৰকাৰ উচ্ছেদ কৰি তাত ক্ষমতা দখল কৰে। এই সময়তো কমিউনিষ্ট আৰু সমাজবাদীসকলৰ ওপৰত ফেছিষ্টসকলৰ অত্যাচাৰ অব্যাহত আছিল।

মুছোলিনিৰ নেতৃত্বত ফেছিষ্টসকলে ১৯২২ চনৰ অক্টোবৰ মাহৰ শেষৰফালে ৰোম দখলৰ বাবে এটা বৃহৎ অভিযান চলাইছিল। তাৰে আগতে ২৪ অক্টোৱৰত নেপ’লছত অনুষ্ঠিত বিশাল জনসভাত ভাষণ দি মুছোলিনিয়ে কৈছিল, ‘হয় আমাক চৰকাৰ গঠন কৰিবলৈ দিয়ক, নহয় আমি ৰোমলৈ যাত্ৰা কৰিম।’ প্রধানমন্ত্রী ফেক্তাই দেশত সামৰিক আইন বলবৎ কৰাৰ পৰামৰ্শ দিছিল যদিও ৰজাই তৃতীয় ভিক্তৰ ইমানুৱেলে সেইটো নকৰিলে। সেয়ে ১৯২২ চনৰ ২৭ অক্টোবৰ মাহত ফেক্তাই প্ৰধানমন্ত্ৰীৰ পদৰপৰা পদত্যাগ কৰে। পিছদিনাখন মুছোলিনিয়ে ৰোমলৈ অভিযান আৰম্ভ কৰিলে আৰু ৰজাই ফেছিহৰণৰ হেঁচাত ৩০ অক্টোবৰ তাৰিখে মুছোলিনিক ইটালীৰ প্ৰধানমন্ত্ৰীৰূপে ঘোষণা কৰিলে। সংসদে দেশত আইন আৰু শাস্তি-শৃংখলা স্থাপনৰ বাবে এবছৰলৈ মুছোলিনিক একচ্ছত্রী ক্ষমতা প্রদান কৰিলে।

৩। হিটলাৰৰ ৰাছিয়া আক্রমণৰ চাৰিটা লক্ষ্য লিখা।

উত্তৰঃ হিটলাৰৰ ৰাছিয়া আক্রমণৰ চাৰিটা লক্ষ্য হ’ল —

(i) হিটলাৰে ভাৰ্চাই শান্তি চুক্তিৰ চৰ্তসমূহে জার্মানীৰ সম্প্ৰসাৰণত বাধাৰ সৃষ্টি কৰিছিল বুলি অভিযোগ কৰি তাক উলংঘা কৰাৰ পোষকতা কৰিছিল। সকলো জার্মান লোককে এক জার্মানী ৰাষ্ট্ৰৰ তলতীয়া কৰিব লাগে বুলি দাবী উত্থাপন কৰাৰ লগতে জার্মানীৰ বর্ধিত জনসংখ্যালৈ চাই ইয়াৰ ৰাজ্যক্ষেত্ৰৰ সম্প্ৰসাৰণৰ পোষকতা কৰিছিল। এই সম্প্ৰসাৰণৰ বাবে ৰাচিয়া আৰু উত্তৰ পুৱ ইউৰোপক বাচি লৈছিল।

(ii) হিটলাৰে জাৰ্মানীৰ ৰক্তকৌলিন্যতত্ত্বত বিশ্বাস কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে জান। ল আর্য গোষ্ঠীসম্ভূত লোক। সকলো মানুহৰ ভিতৰত আৰ্যসকল শ্রেষ্ঠ, গতিকে এই শ্রেষ্ঠ জার্মান জাতিটোরে সকলো জাতিকে দমন কৰি শাসন কৰাৰ অধিকাৰ আছে। জার্মান জাতিৰ এই তথাকথিত শ্রেষ্ঠত্বৰ তত্ত্বই দেশৰ নিবনুৱা ডেকা-যুৱকসকলক মতলীয়া কৰি তুলিছিল।

(iii) জার্মানীত জার্মান জাতিৰ এই শ্রেষ্ঠত্ব তত্ত্ব প্ৰচাৰ কৰাৰ লগে লগে সমাস্তবালভাৱে ইয়াত বসবাস কৰা ইহুদী আৰু শ্লাভ জনগোষ্ঠীৰ লো তথা নাগৰিকসকলৰ বিৰুদ্ধে অনৱবর্ত অপপ্ৰচাৰ চলোৱা হৈছিল। জার্মান সমাজত প্রচলিত সকলো ব্যভিচাৰ ভ্ৰষ্টাচাৰৰ মূল বুলি এওঁলোকক কোৱা হৈছিল। এওঁলোকক জার্মান ৰাষ্ট্ৰৰ নাগৰিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লগতে চৰকাৰী চাকৰি বাকৰিৰ পৰাও অপসাৰিত কৰা হৈছিল। আৰু 

(iv) ২৫ দফীয়া আঁচনিৰ মাধ্যমত হিটলাৰে নাজী দলৰ ৰাজনৈতিক কাৰ্যসূচী বিস্তাৰিতভাৱে প্ৰচাৰ কৰিছিল। সেইবোৰৰ ভিতৰত আছিল আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ নীতিৰ ভিত্তিত সকলো জার্মান লোককে এক ৰাষ্ট্ৰৰ অধীন কৰা, ভাৰ্চাই আৰু ছেন্ট জার্মান শান্তি চুক্তি বাতিল কৰা, জার্মানীৰ বর্ধিত জনসংখ্যাৰ বাবে উপনিবেশ স্থাপন কৰা, বৃত্তিজীৱী সেনাবাহিনীৰ পৰিৱৰ্তে জাতীয় সেনাবাহিনী গঠন কৰা, শক্তিশালী কেন্দ্ৰীয় চৰকাৰ গঠন কৰা ইত্যাদি।

৪। জার্মানীত নাজীবাদৰ উৎপত্তি আৰু বিকাশ সম্পর্কে আলোচনা কৰা।

উত্তৰঃ হিটলাৰে জার্মানীত সৃষ্টি কৰা নাজীবাদ হৈছে ইটালীৰ কেছিবাদ বা সাম্রাজ্যবাদৰে নামান্তৰ মাথোন। কিন্তু জার্মানীৰ নাজীবাদ ইটালীৰ ফেঁছিবাদতকৈ অধিক উগ্ৰ আৰু ভয়ংকৰ আছিল। এই নাজীবাদৰ সমৰ্থক বা নাজীসকলে তেওঁলোকৰ নেতা এডল্ফ হিটলাৰৰ নেতৃত্বত আধুনিক কালৰ সকলোতকৈ বৰ্বৰ একনায়কত্ববাদৰ প্ৰতিষ্ঠা কৰিছিল।

প্রথম বিশ্বযুদ্ধৰ অন্তত জার্মানীৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল। ৰাজনৈতিক বিশৃংখলতা, অর্থনৈতিক সংকট, সামাজিক উত্তেজনা আদিয়ে ইয়াৰ সকলোফালে গা কৰি উঠিছিল। ১৯১৯ চনৰ আগভাগৰপৰা ১৯৩৩ চনৰ আগভাগলৈ দেশত ১৯খন মন্ত্রীসভা গঠন আৰু পতন হোৱাত জার্মানসকলে সংসদীয় গণতন্ত্ৰৰ ওপৰত আস্থা হেৰুবাই পেলায়। জার্মানীত দেখা দিয়া এই ৰাজনৈতিক আৰু অর্থনৈতিক দুর্দশাৰ ফলত দেশৰ সাম্যবাদী সংগঠন আৰু ৰাজনৈতিক দলসমূহ অতি সক্রিয় আৰু জনপ্রিয় হৈ উঠিল। সৰকাৰ সম্মুখত অসংখ্য সমস্যা। জনসাধাৰণৰ দুখ-দুর্দশা আদিয়ে চৰম অৱস্থাত উপনীত হোৱাৰ সময়তে এই দুখ-দুর্দশা অৱসানৰ আশ্বাস দি হিটলাৰ আৰু তেওঁৰ নাৰ্জীদলে জার্মানীৰ ৰাজনৈতিক ক্ষেত্রত পদার্পণ কৰে।

১৯২০ চনত হিটলাৰৰ নেতৃত্বত জার্মানীত “জাতীয় সমাজবাদী জার্মান শ্রমিক দল” [National Socialist German Worker’s Party] চমুকৈ নাৰ্জী পাটিৰ সংগঠন গঢ়ি তোলা হয়। ১৯২৩ চনত মিউনিখ বলপূর্বক ক্ষমতা দখল কৰিবলৈ গৈ হিটলাৰে ব্যৰ্ণ হৈ ধৰা পৰি কাৰাগাৰৰ ভাত খাবলগীয়া হৈছিল। কাৰাগাৰত থকা কালছোৱাত তেওঁ নিজ জীবন আৰু আদৰ্শৰ বিষয়ে ‘মেইন কেম্পফ’ বা ‘মোৰ সংগ্রাম’ নামে আত্মজীৱনী লিখি উলিয়ায়। পিছলৈ পুথিখন নাজীদলৰ বাইবেলস্বৰূপ হৈ পৰিছিল।

বল প্রয়োগৰ দ্বাৰা ক্ষমতা দখল কৰিবলৈ ব্যর্থ হোৱাত হিটলাৰে এইবাৰ নিৰ্বাচনৰ জৰিয়তে ক্ষমতালৈ আহিবলৈ সিদ্ধান্ত লয়। ১৯২৫ চনৰ ফেব্ৰুৱাৰী ‘মাহত তেওঁ নাজীদলক পুনৰ সংগঠিত কৰে। সেই সময়ত জার্মানীৰ জনপ্ৰিয় আৰু শক্তিশালী দল ‘ছ’ছিয়েল ডেমক্রেটিক পার্টি’ আৰু ‘কমিউনিস্ট পার্টি’য়ে জার্মানীৰ বিৰুদ্ধে ঐক্যৱদ্ধ হোৱাত ব্যর্থ হয়। ১৯৩৩ জনৰ ৩০ জানুৱাৰী তাৰিখে জার্মানীৰ ৰাষ্ট্ৰপতি হিন্দেনবার্গে হিটলাৰক জার্মানীৰ প্ৰধানমন্ত্ৰীৰূপে নিযুক্তি দিয়ে। প্ৰধানমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই হিটলাৰে অবাধ ক্ষমতা আৰু অসীম ‘কর্তৃত্বৰ অধিকাৰ বিচাৰিলে। তেঁওঁ জার্মানীত নিজৰ তথা নাজীদলৰ একনায়কত্ববাদ প্রতিষ্ঠা কৰিবলৈ অগ্ৰসৰ হ’ল। ১৯৩৩ চনৰ ২৭ ফেব্ৰুৱাৰীত তেওঁৰ গোপন নির্দেশ মতে ৰাইসষ্টেগ বা সংসদ ভৱনটো জ্বলাই দিয়া হ’ল আৰু পিচত এই কাৰ্যৰ বাবে কমিউনিষ্ট পাৰ্টিৰ সদস্যসকলক দোষাৰোপ কৰি কঠোৰভাৱে শাস্তি দিয়া হ’ল। নাজীদলৰ বাহিৰে আন সকলো ৰাজনৈতিক দলক নিষিদ্ধ ঘোষণা কৰা হ’ল। ১৯৩৪ চনৰ আগষ্ট মাহত ৰাষ্ট্ৰপতি হিন্দেনবাৰ্গৰ মৃত্যু হোৱাত হিটলাৰে প্ৰধানমন্ত্ৰীৰ উপৰিও ৰাষ্ট্ৰপতিৰ পদটোও গ্রহণ কৰিলে।দেশৰ নাজীবিৰোধী শক্তিবোৰ ‘দমন কৰাৰ উপৰিও সকলো জার্মান ভাষা-ভাষী লোকক একগোট কৰি এক শক্তিশালী জার্মান ৰাষ্ট্র গঠন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। সেয়েহে ভার্চাই শান্তি চুক্তিক পদদলিত কৰি জাৰ্মানীক সামৰিকতাৱে সুসজ্জিত কৰি যুদ্ধৰ বাবে প্ৰস্তুত কৰি লোৱা হয়। নাজীবাদে লাভ কৰা এই সফলতাই কেৱল জার্মানীসকলৰ বাবেই নহয়, সমগ্র ইউৰোপ তথা বিশ্বৰ বাবে এক বিপর্যয়ৰ আগজাননী কঢ়িয়াই আনিছিল বুলি ক’ব পাৰি।

৫। ১৯১৭-৪১ চনৰ ভিতৰত ছোভিয়েট ৰাচিয়াই অনুসৰণ কৰা বৈদেশিক নীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ বিশ্বযুদ্ধৰ আকাংখা আৰু লক্ষ্য আগত ৰাখি ছোভিন্টে ৰাচিয়াই নিজৰ বৈদেশিক নীতি উদ্ভাৱন কৰি তাক পৰিচালনা কৰিবলৈ লৈছিল। ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত বলছেভিক পার্টিয়ে জাৰতন্ত্ৰৰ আমোলত ৰুছ দেশে স্বাক্ষৰ কৰা সকলো বৈদেশিক চুক্তি, সন্ধি আদি বাতিল কৰাৰ লগতে জাৰ আমোলত লোৱা বৈদেশিক ঋণ পৰিশোধ কৰাৰ দায়িত্বও প্রত্যাখান কৰিছিল। সমাজতান্ত্রিক বিপ্লৱত সফলতা লাভ কৰাৰ পিছত লেনিনে কৈছিল, বিশ্বৰ বিভিন্ন দেশত প্রধানকৈ ঔপনিবেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ কৱলত থকা শোষিত আৰু নিপীড়িত মানুহৰ মুক্তিৰ স্বার্থত সংঘটিত হোৱা বিপ্লৱৰ প্রতি বলছেভিক দলে সমর্থন আগবঢ়াব। এই বক্তব্যৰ দ্বাৰা তেওঁ ভাৰতবৰ্ষ, চীন, পাৰস্য আদি এচিয়া মহাদেশৰ দেশসমূহলৈ আঙুলিয়াইছিল। সেই সময়ত উক্ত দেশমূহত সাম্রাজ্যবাদ বিৰোধী আন্দোলনে ব্যাপক জনসমর্থন লাভ কৰিবলৈ সক্ষম হৈছিল।

এই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি লেনিনে ১৯১৯ চনত কমউনিষ্ট আন্তর্জাতিক চমুকৈ কমিনটার্ণ গঠন কৰিছিল। এই সংগঠনৰ মূল উদ্দেশ্য আছিল সাম্রাজ্যবাদ আৰু পুঁজিবাদৰ উচ্ছেদ সাধন কৰি তাৰ ঠাইত সৰ্বহাবাৰ চৰকাৰ।স্থাপন কৰা। এই নীতি ১৯১৮ চনৰপৰা ১৯২১ চনলৈ বিশেষভাৱে কাৰ্যকৰী কৰা হৈছিল।

১৯২০ চনত ছোভিয়েট ৰাচিয়াই ফিনলেগু, লাটভিয়া, এষ্টোনিয়া, লিথুৱানিয়া আৰু ১৯২১ চনত পোলেণ্ডৰ সৈতে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰি সেই দেশবোৰৰ সৈতে বৈদেশিক সম্পর্ক স্থাপন কৰিছিল। সেই সময়তে আফগানিস্থান, তুৰস্ক আৰু পাবস্যৰ সৈতেও ছোভিয়েটে পৃথক পৃথকচুক্তিৰ দ্বাৰা দ্বিপাক্ষিক সম্পর্ক স্থাপন কৰিছিল। সমসাময়িকভাৱে ৰাচিয়াই ইংলেণ্ড আৰু জার্মানীৰ সৈতেও বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰি অৰ্থনৈতিক ক্ষেত্ৰত দুয়োখন দেশৰ সৈতে সম্পর্ক স্থাপন কৰিছিল।

১৯২২ চনত জার্মানী আৰু ১৯২৪ চনত ইটালী, ফ্রান্স আৰু ইংলেন্ডে ছোভিয়েট বাচিয়াৰ বলছেভিক চৰকাৰৰ প্ৰতি স্বীকৃতি দিয়ে। ১৯২৪ চনত স্বাক্ষৰিত হোৱা ইংগ-ছোভিয়েট চুক্তিৰ জৰিয়তে ছোভিয়েট দেশে ইংলেণ্ডৰ পৰা যথেষ্ট আর্থিক সাহায্য লাভ কৰিছিল ।আমেৰিকা যুক্তৰাষ্ট্ৰই ফ্রেংকলিন কণ্ঠভেণ্টৰ শাসনকালত ছোভিয়েট চৰকাৰৰ প্ৰতি স্বীকৃতি প্রদান কৰিছিল।পিছৰ বছৰ ছোভিয়েট দেশে জাতিসংঘৰ সদস্য পদ লাভ কৰিছিল আৰু সেই সংগঠনৰ পৰিষদৰ স্থায়ী সদস্যৰূপেও মনোনীত হৈছিল।

জাৰৰ আমোলত ৰাচিয়াৰ সৈতে সুসম্পর্ক নথকা জাপানৰ সৈতে বলছেভিক দলে ক্ষমতা দখল কৰি উঠি ১৯২০ চনত কচ-জাপান চুক্তি স্বাক্ষৰ কৰিছিল। এই চুক্তি মর্মে জাপানে ছাইবেৰিয়া আৰু ছাখালীন দ্বীপৰ উত্তৰাংশৰপৰা নিজ সৈন্য অপসাৰণ কৰিছিল। জার্মানীত হিটলাৰে ক্ষমতা দখল কৰাৰ পিছৰ পৰা ছোভিয়েট বাচিয়াৰ ৰাষ্ট্ৰীয় অখণ্ডতা আৰু নিৰাপত্তাৰ প্রশ্নটো অতি জটিল হৈ পৰিছিল। কাৰণ হিটলাবে ছোভিয়েট বাচিয়ালৈ নিজ ৰাজ্য সম্প্ৰসাৰণ কৰিব বিচাৰিছিল আৰু এই ক্ষেত্ৰত ফ্রান্স আৰু ব্রিটেইনে হিটলাৰৰ প্ৰতি সহানুভূতিশীল আছিল।

অৱশেষত ১৯৩৯ চনত জার্মানী আৰু ৰাচিয়াৰ মাজত এটি অনাক্রমণাত্মক চুক্তি স্বাক্ষৰিত হোৱাত ছোভিয়েট ৰাচিয়া নিৰাপত্তাৰ ক্ষেত্ৰত নিশ্চিত হৈছিল। কিন্তু ইয়াৰ অন্তৰালত হিটলাৰৰ কু-অভিসন্ধি জড়িত হৈ আছিল। ১৯৪১ চনত হিটলাবে ছোভিয়েট দেশ আক্ৰমণ কৰাৰ ঘটনাৰ পৰাই হিটলা কু-অভিসন্ধি বিশ্ববাসীৰ আগত উন্মোচিত হৈ পৰে। এই ঘটনাবোৰৰ বাবেই ছোভিয়েট ৰাচিয়াই বিশ্বযুদ্ধত লিপ্ত হ’বলগীয়া হয়। ‘ৰোম-বার্লিন-টকিঅ’ একছিছ’ৰ বিপৰীতে ছোভিয়েট বাচিয়াই মিত্র পক্ষৰ অংশীদাৰত পৰিণত হৈ যুদ্ধত নামি পৰিবলগীয়া হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top