প্ৰথম বিশ্বযুদ্ধ Class 10 Elective History Important Notes

প্ৰথম বিশ্বযুদ্ধ Class 10 Elective History Important Notes to each chapter are provided in the list so that you can easily browse through different chapters প্ৰথম বিশ্বযুদ্ধ Class 10 Elective History SEBA Important Notes and select need one.

Class 10 Elective History Important Notes প্ৰথম বিশ্বযুদ্ধ

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective History Important Notes প্ৰথম বিশ্বযুদ্ধ These solutions are part of SCERT All Subject Solutions. Class 10 Elective History Important Notes প্ৰথম বিশ্বযুদ্ধ Here we have given Class 10 Elective History Important Notes প্ৰথম বিশ্বযুদ্ধ Solutions for All Subjects, You can practice these here.

প্ৰথম বিশ্বযুদ্ধ

Chapter – 2

ELECTIVE HISTORY

IMPORTANT NOTES

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। ফৰাচী বিপ্লৱ কিমান চনত হৈছিল —

(i) ১৮৫৬ চনত।

(ii) ১৮৫৭ চনত।

(iii) ১৮৫৮ চনত।

(iv) ১৮৫৯ চনত।

উত্তৰঃ (iv) ১৮৫৯ চনত।

২। অষ্ট্ৰো প্ৰুচিয়াৰ যুদ্ধ কিমান চনত সংঘঠিত হৈছিল —

(i) ১৮৬৬ চনত।

(ii) ১৮৬৭ চনত।

(iii) ১৮৬৮ চনত।

(iv) ১৮৬৯ চনত।

উত্তৰঃ (i) ১৮৬৬ চনত।

৩। কিমান চনত ত্রি-সম্ৰাট মৈত্ৰী সংঘ সৃষ্টি কৰা হৈছিল —

(i) ১৮৭১ চনত।

(ii) ১৮৭২ চনত।

(iii) ১৮৭৩ চনত।

(iv) ১৮৭৪ চনত।

উত্তৰঃ (iii) ১৮৭৩ চনত।

৪। প্ৰথম বিশ্বযুদ্ধৰ কালছোৱাত কোনখন দেশে পোনতে টেংক ব্যৱহাৰ কৰিছিল —

(i) ইংলেণ্ড।

(ii) আমেৰিকা।

(iii) জাৰ্মানী।

(iv) ফ্ৰান্স।

উত্তৰঃ (i) ইংলেণ্ড।

৫। প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল —

(i) ১৯১৩ চনত।

(ii) ১৯১৪ চনত।

(iii) ১৯১৫ চনত।

(iv) ১৯১৬ চনত।

উত্তৰঃ (ii) ১৯১৪ চনত।

৬। দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰিছিল —

(i) ১৯৪৫ চনত।

(ii) ১৯৪৬ চনত।

(iii) ১৯৪৭ চনত।

(iv) ১৯৪৮ চনত।

উত্তৰঃ (i) ১৯৪৫ চনত।

৭। ব্ৰেষ্ট লিটোভষ্ক চুক্তি কিমান চনত হৈছিল —

(ক) ১৯১৬ চনত।

(খ) ১৯১৭ চনত।

(গ) ১৯১৮ চনত।

(ঘ) ১৯১৯ চনত।

উত্তৰঃ (গ) ১৯১৮ চনত।

৮। গেলিপলিৰ নৌ-যুদ্ধত কোন কোন দেশ পৰাভূত হৈছিল —

(ক) আমেৰিকা আৰু জাৰ্মান।

(খ) ইউৰোপ আৰু অষ্ট্ৰেলিয়া।

(গ) ৰাছিয়া আৰু ব্ৰিটেইন।

(ঘ) ইংলেণ্ড আৰু ফ্ৰান্স।

উত্তৰঃ (ঘ) ইংলেণ্ড আৰু ফ্ৰান্স।

৯। ১৪-দফীয়া পৰামৰ্শাৱলীৰ ৰচক কোন আছিল —

(ক) লয়ড জৰ্জ।

(খ) এডলফ হিটলাৰ।

(গ) গিয়াকামো মেট্রিওটিক।

(ঘ) উদ্র. উইলছন।

উত্তৰঃ (ঘ) উদ্র. উইলছন।

১০। ভার্চাই শান্তি আলোচনাত কিমান জন প্ৰতিনিধি সমবেত হৈছিল —

(ক) ৭০ জন।

(খ) ৮০ জন।

(গ) ৯০ জন।

(ঘ) ১০০ জন।

উত্তৰঃ (ক) ৭০ জন।

অতি চমু প্ৰশ্নোত্তৰ

১। কেন্দ্ৰীয় শক্তি জোঁটৰ সদস্য ৰাষ্ট্ৰসমূহ কোন কোন আছিল?

উত্তৰঃ কেন্দ্ৰীয় শক্তি জোঁটৰ সদস্য ৰাষ্ট্ৰসমূহ আছিল —  অষ্ট্ৰিয়া, জাৰ্মানী আৰু হাংগেৰী।

২। ভার্চাই শান্তি আলোচনাত কোনে ইংলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল?

উত্তৰঃ ভার্চাই শান্তি আলোচনাত ইংলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল প্ৰধানমন্ত্ৰী লয়ড জৰ্জ-এ।

৩। ত্ৰিপাক্ষিক চুক্তিৰ সদস্য ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ত্ৰিপাক্ষিক চুক্তিৰ সদস্য ৰাষ্ট্ৰৰসমূহ হৈছে — অষ্ট্ৰিয়া, জাৰ্মানী আৰু ইটালী।

৪। ছেৰাজাভোেত অষ্ট্ৰিয়াৰ যুৱৰাজ ফ্রেনছিচ ফার্দিনান্দক কোনে হত্যা কৰিছিল?

উত্তৰঃ ছেৰাজাভোত অষ্ট্ৰিয়াৰ যুৱৰাজ ফ্রেনছিচ ফার্দিনান্দক গাভৰাইলো প্রিঞ্চেপ নামে বিদ্রোহী চাৰবিয়ান যুৱক এজনে নিচেই ওচৰৰ পৰা গুলিয়াই হত্যা কৰে।

৫। প্রথম বিশ্বযুদ্ধত কিমান সৈনিক মৃত্যুমুখত পৰিছিল?

উত্তৰঃ প্ৰথম বিশ্বযুদ্ধত ১৩ নিযুত সৈনিক মৃত্যুমুখত পৰিছিল।

৬। জার্মানীৰ ওপৰত নিৰ্ধাৰণ কৰা যুদ্ধৰ ক্ষতিপূৰণৰ পৰিমাণ কিমান আছিল?

উত্তৰঃ জার্মানীৰ ওপৰত নিৰ্ধাৰণ কৰা যুদ্ধৰ ক্ষতিপূৰণৰ পৰিমাণ আছিল ৬,৬০০ মিলিয়ন পাউণ্ড স্টার্লিং।

৭। ১৮৭০-১৯১৪ ৰ কালছোৱাত ব্রিটেইনৰ প্রতিৰক্ষা শিতানৰ খৰচৰ শতাংশ হিচাপ কিমান আছিল?

উত্তৰঃ ১৮৭০-১৯১৪ ৰ কালছোৱাত ব্রিটেইনৰ প্রতিৰক্ষা শিতানত খৰছৰ পৰিমাণ ১৮০ শতাংশ আছিল।

৮। ভাৰ্চাই শান্তি চুক্তিৰ মাধ্যমত ইটালীয়ে কি লাভ কৰিছিল?

উত্তৰঃ ভাৰ্চাই শান্তি চুক্তিৰ মাধ্যমত ইটালীয়ে অষ্ট্ৰিয়াৰপৰা টাইৰোল লাভ কৰিছিল।

৯। জার্মানীয়ে লুইচিটানিয়াৰ ওপৰত আক্ৰমণ কৰাৰ ফলত কিমান মানুহৰ প্ৰাণহানি হৈছিল?

উত্তৰঃ জার্মানীয়ে লুইচিটানিয়াৰ ওপৰত আক্রমণ কৰাৰ ফলত ১১৮ জন মার্কিন নাগৰিকসহ ১২০০ জন মানুহৰ প্ৰাণহানি হৈছিল।

১০। ভার্চাই শান্তি চুক্তিত কিমানটা চর্ত আছিল?

উত্তৰঃ ভাৰ্চাই শান্তি চুক্তিত সর্বমুঠ ৪৪০ টা চর্ত আছিল।

চমু প্ৰশ্নোত্তৰ

১। ভার্চাই শান্তি চুক্তিৰ চাৰিটা চর্ত উল্লেখ কৰা।

উত্তৰঃ ভাৰ্চাই শাস্তি চুক্তিৰ চাৰিটা চৰ্ত হ’ল–

(ক) ৰাজ্যক্ষেত্ৰ সম্পৰ্কীয় চৰ্ত।

(খ) ঔপনিৱেশিক-ৰাজ্যক্ষেত্ৰ সম্পৰ্কীয় চর্ত।

(গ) সামৰিক চৰ্ত। আৰু

(ঘ) আইন সংগত আৰু বিত্তীয় তথা অর্থনৈতিক চর্ত।

২। ১৯১৮ চনৰ যুদ্ধ পৰিস্থিতি।

উত্তৰঃ ১৯১৮ চনৰ মাৰ্চ মাহত মিত্র শক্তি জোঁটে ফৰাচী দেশৰ বিপক্ষে আৰু ব্রিটিছ সেনাবাহিনীয়ে কেন্দ্রীয় শক্তি জোঁটৰ বিৰুদ্ধে সমৰ অভিযান আৰম্ভ কৰে।

১৯১৭ চনৰ শেষৰ ফালে জার্মানসকলে মিত্র শক্তিৰ বিৰুদ্ধে যুদ্ধ জয়ৰ আশা পৰিত্যাগ কৰিছিল যদিও জার্মান সেনাধ্যক্ষ লডেনডর্ফে শেষ বাৰৰ বাবে ১৯১৮ চনৰ মাৰ্চ মাহত ব্ৰিটিছ আৰু ফৰাচী মিলিত সেনাবাহিনীৰ ওপৰত তীব্র আক্রমণ চলায়। কিন্তু জার্মানসকলে যুদ্ধত পৰাভূত হয়।

ইউৰোপৰ আটাইকেইখন যুদ্ধক্ষেত্ৰত মিত্রপক্ষৰ বিজয় সূচীত হ’বলৈ ধৰে। ১৯১৮ চনৰ ২৯ ছেপ্তেম্বৰত বুলগেৰিয়াই আত্মসমর্পণ কৰে। ৩০ ছেপ্তেম্বৰত তুৰষ্কই আত্মসমর্পণ কৰে আৰু ৩ নৱেম্বৰত আষ্ট্রিয়া হাংগেৰীয়ে আত্মসমর্পণ কৰে। ৩ অক্টোবৰত জার্মান সেনাধ্যক্ষ লডেনডর্ফে চৰকাৰক যুদ্ধ বিৰতি ঘোষণা কৰিবলৈ পৰামৰ্শ দিয়ে। ৯ নৱেম্ববত জার্মান সম্রাট দ্বিতীয় উইলিয়ামে যুৱৰাজসহ হলেণ্ডলৈ পলায়ন কৰে, আৰু ইয়াৰ লগে লগে জার্মানীত প্রজাতান্ত্রিক চৰকাৰৰ প্রচলন হয়। এই নতুন জার্মান প্রজাতান্ত্রিক চৰকাৰখনে ১৯১৮ চনৰ নৱেম্বৰ মাহৰ ১১ তাৰিখে দিনৰ ১১টা বজাৰপৰা কাৰ্যকৰী হোৱাকৈ যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰে। এইদৰে প্রথম বিশ্বযুদ্ধৰ সামৰণি পেলোৱা হয়।

৩। বলকান উপমহাদেশৰ দেশসমূহৰ নাম লিখা।

উত্তৰঃ বলকান উপমহাদেশৰ দেশসমূহ হৈছে — বুলগেৰিয়া, থ্রেছ, মেচিডনিয়া, গ্রীচ, মন্টেনেগ্রো, ছাৰবিয়া, বছনিয়া, হার্জেগভিনা, আলবানিয়া আদি।

৪। ভাৰ্চাই শান্তি চুক্তিৰ সামৰিক চৰ্তাৱলী উল্লেখ কৰা।

উত্তৰঃ ভাৰ্চাই শান্তি চুক্তিৰ সামৰিক চৰ্তাৱলী উল্লেখ কৰা হ’ল এই চুক্তিয়ে জার্মানীৰ নিৰস্ত্ৰীকৰণত বিশেষ প্রাধান্য দিছিল। জার্মানীত বাধ্যতামূলকভাৱে সামৰিক সেৱাত লোক নিযুক্ত কৰাৰ নীতি বাতিল কৰা হৈছিল। জার্মানীৰ সাধাৰণ সেনাবাহিনীৰ সংখ্যা ১,০০,০০০ সীমিত কৰা হৈছিল। নৌ-বাহিনীৰ ক্ষমতাও সীমিত কৰি পেলোৱা হৈছিল। নৌবাহিনীত মাত্র ১৫,০০০ আৰু যুদ্ধ জাহাজৰ সংখ্যা ৬ খনলৈ হ্রাস কৰা হৈছিল। লগতে ক্রুইজাৰ ৬ খনলৈ আৰু ডেষ্ট্ৰয়াৰ ১২ খনলৈ হ্রাস কৰা হৈছিল। জার্মানীয়ে ছাবমেৰিণ বখাটো নিষিদ্ধ কৰা হৈছিল। জার্মানীয়ে ৰাইন উপত্যকাৰ উপৰিও হেলিগোলেণ্ডত থকা সামৰিক কোঠ বিধস্ত কৰি পেলাব লাগিছিল।

৫। ১৯১৪ চনৰ যুদ্ধ পৰিস্থিতি।

উত্তৰঃ ১৯১৪ চনৰ যুদ্ধৰ বাবে কেন্দ্ৰীয় শক্তি জোঁট আৰু মিত্র শক্তি জোঁট দুয়োটাই সাজু হৈ উছিঠিল। অস্ত্র শস্ত্ৰৰ ক্ষেত্ৰত কেন্দ্রীয় শক্তি জোঁটতকৈ মিত্র শক্তি জোঁট বেছি পৰাক্ৰমী আছিল। ১৯১৪ চনৰ ৩ আগষ্টত জার্মানীয়ে বেলজিয়াম অধিকাৰ কৰি ফ্ৰান্সৰ পিনে অগ্ৰসৰ হয়। বাটত তেওঁলোকে ব্রিটিছ সেনাবাহিনীক পৰাভূত কৰি থৈ যায়। জাৰ্মানসকলৰ মুঠ সাতটা সেনাবাহিনীয়ে ফ্রান্স আক্রমণত অংশগ্রহণ কৰে। মার্ণ নদীৰ পাৰত ফৰাচী সৈন্য আৰু জার্মান সৈন্যৰ মাজত প্রথম বিশ্বযুদ্ধৰ আটাইতকৈ ভয়াৱহ আৰু বক্তাক্ত যুদ্ধখন সংঘটিত হয়। এই যুদ্ধখন চাৰি বছৰ ধৰি চলিছিল আৰু ইয়াত কোনেও কাৰো বিৰুদ্ধে সফলতা অর্জন কৰিব পৰা নাছিল।

পশ্চিম সীমান্তত দেখা পোৱা যুদ্ধৰ এই চিত্ৰখনৰ বিপৰীতে পূর্ব সীমান্তত কেন্দ্রীয় শক্তি জোঁটৰ জাৰ্মান আৰু অষ্ট্ৰিয়ান সেনাবাহিনীয়ে টেনেনবাৰ্গৰ যুদ্ধত বাচিয়ান সেনাবাহিনীক পৰাভূত কৰে ১৯১৪ চনৰ ২৯ আগষ্ট তাৰিখে। ইয়াৰ পিছতে মাঞ্চুৰিয়ান হ্ৰদৰ ওচৰত পুনৰ জাৰ্মান বাহিনীয়ে বচ বাহিনীক পৰাভূত কৰি যুদ্ধৰ গতি নিজৰ নিয়ন্ত্ৰণলৈ আনে। পূর্ব প্রুচিয়াৰপৰা ৰুচ সেনাবাহিনী সম্পূর্ণৰূপে বিতাৰিত কৰা হয়। কিন্তু ইয়াৰ পৰৱৰ্তীকালৰ যুদ্ধত ৰুচসকলে কিছু সাফল্য লাভ কৰিবলৈ সক্ষম হয়। জার্মানসকলৰ পৰা ৱাৰ্শ্বক ৰক্ষা কৰাৰ উপৰিও ৰচসকলে অষ্ট্ৰিয়াৰ আক্রমণপৰা ছাববিয়াক ৰক্ষা কৰে। ইফালে অক্টোবৰৰ ২০ তাৰিখে (১৯১৪) তুই কেন্দ্রীয় শক্তি জোঁটৰ সমর্থনত ৰচসকলৰ ওপৰত আক্রমণ আৰম্ভ কৰে। আনফালে ইংলেন্ডে আফ্রিকাত আৰু এছিয়াৰ মেছ’পটেমিয়া আৰু পেলেষ্টাইনত কেন্দ্রীয় শক্তি জোঁটক পৰাভূত কৰিবলৈ সক্ষম হয়।

দীঘলীয়া প্ৰশ্নোত্তৰ

১। প্রথম বিশ্বযুদ্ধৰ পৰিণতি সম্পর্কে আলোচনা কৰা।

উত্তৰঃ প্রথম বিশ্বযুদ্ধৰ পৰণতিস্বৰূপে বিশ্বশান্তি প্রতিষ্ঠাৰ হকে ১৯২০ চনত জাতি সংঘ প্রতিষ্ঠা কৰা হৈছিল। যুদ্ধত বিধ্বস্ত হোৱা ৰাষ্ট্রৰপৰা নতুন নতুন, থাক্টৰ সৃষ্টি হৈছিল। যুদ্ধৰ পৰিণতিস্বৰূপে পোলেঙে স্বাধীনতা লাভ কৰিছিল আৰু যুগোশ্লাভিয়া আৰু ছেকোশ্লোভিয়া নামে দুখন দেশৰ সৃষ্টি হৈছিল। বিশ্বযুদ্ধৰ ফলস্বৰূপে বিশ্বত বৃহৎ দেশসমূহৰ মাজত শক্তিৰ ভাৰসাম্যৰ পৰিৱৰ্তন ঘটিছিল। প্রথম বিশ্বযুদ্ধই আমেৰিকা মহাদেশক খাদ্য যোগান ধৰা দেশৰপৰা পুঁজিৰ যোগান ধৰা দেশলৈকে পৰিৱৰ্তন কৰিছিল। যুদ্ধৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ইংলেণ্ডৰ এক তীব্র প্রতিদ্বন্দ্বীত পৰিণত হৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ইউৰোপ মহাদেশৰ অভ্যস্তৰত থকা দেশসমূহৰ ত্ৰাণকর্তা হ’বলগীয়া হৈছিল। যুদ্ধৰ পিছৰেপৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিপত্তি বৃদ্ধি পাইছিল আৰু ইয়ে ইউৰোপৰ দেশসমূহৰ ৰাজনৈতিক শূন্যতা পূৰণ কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ পৰিণতিস্বৰূপে জার্মানী, ৰাছিয়া আৰু চীনৰ বিপৰীতে জাপান দেশ মহা পৰাক্ৰমী হৈ পৰিছিল।

প্রথম বিশ্বযুদ্ধই জাৰ শাসিত ৰুছ দেশত সমাজতান্ত্রিক বিপ্লৱ সংঘটিত হোৱাত সহায় কৰিছিল আৰু এক নতুন ধৰণৰ গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। যুদ্ধৰ প্রত্যক্ষ ফলস্বৰূপে অষ্ট্রিয়া, হাংগেৰী, জার্মানী, ক্রুৰস্ক আদি দেশত আৰু নতুনকৈ সৃষ্টি হোৱা দেশবিলাকত প্রজাতান্ত্রিক চৰকাৰ গঢ়ি তোলাত ইন যোগাইছিল। যুদ্ধৰ পাছতেই ইটালী, জার্মানী, স্পেইন আদি দেশত ফেছিজিমব অভ্যুদয় হৈছিল আৰু ইয়ে দ্বিতীয়বাৰৰ বাবে বিশ্বত মহাৰণৰ সূত্রপাত কৰিছিল।

প্রথম বিশ্বযুদ্ধই সাম্রাজ্যবাদী ৰাষ্ট্ৰৰদ্বাৰা পদানত আৰু নিপীড়িত ৰাষ্ট্ৰসমূহত জাতীয়তাবাদী আন্দোলন বিকাশ হোৱাত সহায় কৰিছিল। সাম্রাজ্যবাদী ৰাষ্ট্ৰসমূহৰ শক্তি যে প্রকৃততে তেওঁলোকে দেখুওৱাতকৈ কম আছিল সেই কথা বিশ্বযুদ্ধৰ ফলাফলে প্রতীয়মান কৰে। ব্রিটিছ সাম্রাজ্যবাদী ৰাষ্ট্রৰদ্বাৰা পদানত ভাৰতবৰ্ষত বিশ্বযুদ্ধৰ পাছৰেপৰা তীব্ৰ জাতীয়তাবাদী স্বাধীনতা আন্দোলনে গা কৰি উঠিছিল।

প্রথম বিশ্বযুদ্ধত অধিক ক্ষতিগ্রস্ত দেশ হৈছে ফ্রান্স, জার্মানী আদি। যুদ্ধৰ পৰিণতিস্বৰূপে ১৯১৯ চনত ৰুচ দেশে জার্মানীৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল। যুদ্ধৰ পৰিণতিস্বৰূপে নাৰীসকলৰ মাজত সামাজিক তথা ৰাজনৈতিক গুৰুত্ব বৃদ্ধি পাইছিল আৰু প্রজাতান্ত্রিক দেশসমূহত নাৰীৰ ভেটাধিকাৰ স্বীকৃত হৈছিল।

২। প্রথম বিশ্বযুদ্ধৰ তাৎক্ষণিক কাৰণ সম্পর্কে চমু বর্ণনা দিয়া।

উত্তৰঃ প্ৰথম বিশ্বযুদ্ধৰ তাৎক্ষণিক কাৰণসমূহ তলত আলোচনা কৰা হৈছে —

(ক) সাম্রাজ্যবাদী দেশসমূহৰ মাজৰ প্রতিদ্বন্দ্বিতা। 

(খ) ইউপোৰত ৰাজনৈতিক ঘটনাৱালী। 

(গ) সামৰিক চুক্তি সম্পাদন। আৰু

(ঘ) ইউৰোপ মহাদেশৰ সামৰিকসংঘর্ষ।

ইউৰোপত প্রথম ঔপনিবেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ উৎপত্তি হৈছিল। এই সাম্রাজ্যবাদী দেশসমূহৰ মাজত সৃষ্টি হোৱা তীব্র প্রতিদ্বন্দ্বিতা আৰু অৰিয়াঅঁৰিৰ ফলতেই প্রথম বিশ্বযুদ্ধৰ সৃষ্টি হৈছিল।

সাম্রাজ্যবাদী দেশসমূহৰ অগ্রাসী মনোভাৱ তথা পৰৰাজ্য গ্ৰাসৰ প্ৰৱণতা, পৰস্পৰৰ মাজত তীব্র প্রতিদ্বন্দ্বিতা আৰু একাধিক বিবদমান দেশত সামৰিক শক্তি বৃদ্ধি আৰু সেই দিশত গঢ়ি উঠা সামৰিক প্রতিদ্বন্দ্বিতা, একাধিক সমধর্মী ৰাষ্ট্ৰৰ মাজত গঢ়ি উঠা গোপন ৰাজনৈতিক সামৰিক চুক্তি আৰু সেই প্রক্রিয়াই ৰাষ্ট্ৰসমূহৰ  মাজত সৃষ্টি কৰা সন্দেহ আৰু অবিশ্বাস আৰু অনিশ্চয়তা, জাতীয়তাবাদী মতাদর্শ আৰু অৱদমিত আৰু নিপীড়িত ক্ষুদ্র ক্ষুদ্র জাতি-সত্বাসমূহৰ মাজত জাতি ৰাষ্ট্ৰ গঢ়ি তোলাৰ প্ৰৱণতা, তাৰ ফলত সৃষ্টি হোৱা উগ্র জাতীয়তাবাদৰ সম্প্ৰসাৰণ আদিয়েই প্রথম বিশ্বযুদ্ধৰ কাৰণ আছিল বুলি ক’ব পাৰি।

সেই সময়ত ইউৰোপ মহাদেশৰ ইংলেণ্ড, ফ্রান্স, ইটালী, জার্মানী, ৰাচিয়া, বেলজিয়াম, পটুগাল আদি দেশ পৰস্পৰৰ মাজত সংঘর্ষ আৰু প্রতিদ্বন্দ্বিতাত লিপ্ত হৈ পৰিছিল। আনহাতে এচিয়া, আফ্রিকা, লেটিন আমেৰিকা, অষ্ট্রেলিয়া আদি মহাদেশৰ বিভিন্ন দেশত নিজ নিজ উপনিৱেশ গঢ়ি তোলাৰ প্রচেষ্টা অব্যাহত আছিল। ইউৰোপৰ শক্তিসমূহৰ এই ঘটনাপ্রৱাহৰ লগত ক্রমান্বয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপানো জড়িত হৈ পৰিছিল। অর্থাৎ উপনিৱেশ তথা ঔপনিৱেশিক স্বাৰ্থক কেন্দ্ৰ কৰি পৃথিবীৰ বিভিন্ন ঠাইত পুঁজিবাদী দেশসমূহৰ মাজত ঔপনিৱেশিক সংঘর্ষ তথা প্রতিদ্বন্দ্বিতা অব্যাহত আছিল। ঊনবিংশ শতিকাৰ শেষৰফালে এই প্রতিদ্বন্দ্বিতাই শীর্ষ বিন্দু পাইছিলগৈ।

প্রথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ কেই বছৰমান আগৰেপৰাই ইউৰোপত বৃহৎ শক্তিসমূহৰ মাজত কেইবাটাও গোপন সামৰিক চুক্তি স্বাক্ষৰিত হৈছিল। জার্মানীৰ প্রধানমন্ত্রী বিচমার্কে জার্মানক জাতি ৰাষ্ট্রৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টাত এখনৰ পিছত এখনকৈ কেইবাখনো সামৰিক চুক্তিত স্বাক্ষৰ কৰিছিল। ১৮৭৩ চনত ‘ত্রি-সম্রাট মৈত্রী সংঘ’ৰ দ্বাৰা তেওঁ জার্মানী, ৰাচিয়া আৰু অষ্ট্ৰিয়াৰ সম্ৰাটসকলক একেখন চুক্তিৰ গণ্ডীলৈ আনিছিল। ১৮৭৫ চনত জার্মানীয়ে ফ্রান্স আক্রমণ কৰিব বুলি গুজব ওলোৱাত আৰু ৰাচিয়াই ফ্রান্সক সহায় কৰিব বুলি কোৱাত বিচমার্কে ১৮৭৯ চনত আষ্ট্ৰিয়াৰ সৈতে আষ্ট্রো জার্মান দ্বিপাক্ষিক চুক্তি গঢ়ি তোলে। ইয়াৰ পিছত বুলগেৰিয়াক কেন্দ্ৰ কৰি অষ্ট্ৰিয়া আৰু ৰাচিয়াৰ মাজত দেখা দিয়া সংঘৰ্ষৰ সময়ত বিচমাৰ্কে ৰাচিয়াৰ পক্ষ লোৱাত অস্ট্রিয়া অসন্তুষ্ট হয় আৰু ত্ৰি-সম্ৰাটৰ মৈত্রী সংঘ সম্পূর্ণরূপে ভাঙি পৰে। বিচমার্কে এইবাৰ ১৮৮৭ চনত ৰাচিয়াৰ সৈতে বি- ইঞ্চিওৰেঞ্চ চুক্তি সম্পাদন কৰি ৰুচ জার্মান সম্পর্ক অটুট ৰখাৰ ব্যৱস্থা কৰে। ইয়াৰ পিচত সুচতুৰ বিচমার্কে ইটালীৰ লগত সম্পর্ক স্থাপন কৰে আৰু ইটালীক আষ্ট্রো জার্মান দ্বিপাক্ষিক চুক্তিৰ সদস্যভূক্ত হ’বলৈ আহ্বান জনায়। ১৮৮২ চনত ইটালী উক্ত চুক্তিৰ সদস্যভূক্ত হৈ পৰে।

৩। ১৯০২-১৪ চনৰ কালছোৱাত ইউৰোপ আৰু আফ্রিকাত সংঘটিত সামৰিক সংঘর্ষ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ প্রথম বিশ্বযুদ্ধৰ কেইবছৰমান আগয়ে ইউৰোপ মহাদেশৰ বৃহৎ শক্তিসমূহ দুটা প্রতিসম সামৰিক শিৱিৰত বিভক্ত হৈ পৰে। ১৯০৫-০৬, ১৯০৮ ১৯১১ চনত মৰক্কোক কেন্দ্ৰ কৰি ফ্রান্স আৰু জার্মানীৰ মাজত সামৰিক সংঘৰ্ষৰ সম্ভাৱনাই দেখা দিয়ে। মক্কোক  কেন্দ্ৰ কৰি ১৯১১ চনত দ্বিতীয়বাৰ সংঘর্ষ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিয়ে। সেই বছৰতে আভ্যন্তৰীণ আইন শৃংখলাৰ অৱনতি হোৱাৰ অজুহাতত ফ্রান্সে মৰক্কোলৈ এটি সামৰিক বাহিনী প্ৰেৰণ কৰে। তাৰ প্ৰতিবাদত এই জার্মানীয়ে আটলান্টিক মহাসাগৰৰ উপকূলত থকা মৰক্কোৰ সামুদ্রিক বন্দৰ আগাদিৰলৈ পেস্থাৰ নামৰ নৌ- জাহাজখন প্ৰেৰণ কৰে।

ফলত ফ্রান্স আৰু জার্মানীৰ মাজত আটে বৃদ্ধৰ সম্ভাৱনাই দেখা দিয়ে। মৰক্কো সমস্যাৰ সমাধান নহওঁতে ইটালীয়ে ১৯১১ চনৰ ছেপ্তেম্বৰ মাহত তুৰস্ক আক্রমণ কৰি আফ্ৰিকাৰ ভূমধ্য সাগৰীয় উপকূলত ত্ৰিপ’লী দখল কৰে। ইটালীয়ে অকল ত্রিপ’লী দখলতে ক্ষান্ত নাথাকি সেই সময়তে ওর্দানলিছ প্ৰণালীৰ প্রবেশ পথত বোমা নিক্ষেপ কৰি ভূমধ্যসাগৰত ৰোড্ছ আৰু অন্যান্য দ্বীপ দখল কৰে। তুবস্কৰ বিৰুদ্ধে একে সময়তে আলবানিয়াতো বিদ্রোহ সংঘটিত হৈছিল। গতিকে অনিচ্ছা স্বত্বেও তুৰস্কই লুছান শান্তি চুক্তিৰ মাধ্যমত ইটালীক ত্ৰিপ’লী এৰি দিয়ে।

এই আন্দোলন তীব্র হোৱাৰ সময়তে ১৯১৪ চনৰ ২৮ জুন তাৰিখে অষ্ট্ৰিয়াৰ সিংহাসনৰ উত্তৰাধিকাৰী যুৱৰাজ ফ্রেঞ্চিছ ফার্ডিনান্দে বছনিয়াৰ ৰাজধানী ছেৰাজাভো ভ্ৰমণ কৰিবলৈ যায়। তাত তেওঁক বিদ্রোহী ছাৰবিয়ান যুৱক এজনে নিচেই কাষৰপৰা গুলীয়াই হত্যা কৰে। এই ঘটনাই অষ্ট্ৰিয়াৰ লগতে ইউৰোপৰ বিভিন্ন দেশৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰে। অৱশেষত অষ্ট্রিয়াই ছাৰবিয়/ বিপক্ষে সামৰিক সংঘৰ্ষৰ পথ বাচি লয়। ১৯১৪ চনৰ ২৮ জুলাইৰ দিনা অষ্ট্ৰিয়াই ছাৰবিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ৰাজধানী চহৰ বেলগ্রেডত বোমা বর্ষণ কৰে। ইয়াৰ লগে লগে বিশ্বৰ প্ৰথমখন মহাসমৰ আৰম্ভ হয়। ১৯১৪ চনৰ ৩ আগষ্টত জার্মানীয়ে বেলজিয়ামত সোমাই অনায়াসে সেই দেশ দখল কৰি ফ্ৰান্সৰ পিনে আগুৱাই যায়। বেলজিয়ামৰ পৰা ফ্রান্স অভিমুখে যাত্রা কৰোঁতে জার্মান সেনাবাহিনীয়ে বাটত ব্রিটিছ সেনাবাহিনীক পৰাভূত কৰি ফ্ৰান্সত প্ৰৱেশ কৰে। মার্ণ নদীৰ পাৰত অৱস্থান কৰি ফৰাচী সেনাবাহিনী আৰু জার্মান সেনাবাহিনীৰ মাজত প্রথম বিশ্বযুদ্ধৰ আটাইতকৈ ভয়াবহ আৰু বক্তাক্ত যুদ্ধখন সংঘটিত হয়। এই যুদ্ধখন দীর্ঘ দিন ধৰি চলিছিল আৰু যুদ্ধত কোনেও কাৰো পৰাজয় কৰিবপৰা নাছিল।

আনহাতে কেন্দ্রীয় শক্তি জোঁটৰ জার্মান আৰু আষ্ট্রিয়ান সেনাবাহিনীয়ে টেনেনবার্গৰ যুদ্ধত ৰাচিয়ান সেনাবাহিনীক বিষমভাবে পৰাভূত কৰে ১৯১৪ চনৰ ২৯ আগষ্টত। ইয়াৰ পিছতে মাছুৰিয়ান হ্ৰদৰ ওচৰত ৰুচ বাহিনীক জার্মান সেনাবাহিনীয়ে পৰাভূত কৰি যুদ্ধৰ অগ্রগতি নিজ নিয়ন্ত্রণত ৰাখে। ইফালে অক্টোবৰ মাহৰ ২০ তাৰিখে তুৰস্কই কেন্দ্রীয় শক্তি জোঁটৰ সমৰ্থনত ৰুচসকলৰ ওপৰত আক্রমণ কৰে।

৪। প্রথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগত ইউৰোপীয় শক্তিবর্গক দুটা প্রধান প্রতিদ্বন্দ্বী সামৰিক গোটত বিভাজিত কৰা পৰিস্থিতি সম্পর্কে আলোচনা কৰা।

উত্তৰঃ প্রথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগত ইউৰোপীয় শক্তিবর্গক দুটা প্রধান প্রতিদ্বন্দ্বী সামৰিক গোটত বিভাজন কৰা হৈছিল। এটা গোটত আছিল জার্মানীৰ নেতৃত্বত অষ্ট্ৰিয়া আৰু ইটালী আৰু আনটো গোটত আছিল ইংলেণ্ডৰ নেতৃত্বত ফ্রান্স আৰু ৰাচিয়া। 

উপনিৱেশ তথা ঔপনিৱেশিক স্বার্থক কেন্দ্ৰ কৰি পৃথিবীৰ বিভিন্ন ঠাইত পুঁজিবাদী দেশসমূহৰ মাজত প্ৰায় আৰম্ভণিৰেপৰাই ঔপনিৱেশিক সংঘর্ষ আৰু প্রতিদ্বন্দ্বিতা অপ্রতিহত ৰূপত চলি আছিল। ঊনবিংশ শতিকাৰ শেষৰপৰা এই প্রতিদ্বন্দ্বিতাই শীর্ষ বিন্দু পাইছিলগৈ।

প্রথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ ভালেমান বছৰৰ পূৰ্বৰেপৰাই ইউৰোপত বৃহৎ শক্তিসমূহৰ মাজত কেইবাটাও চুক্তি স্বাক্ষৰিত হৈছিল। জার্মানীক জাতি ৰাষ্ট্রৰূপে গঢ়ি তুলিবলৈ বিচমার্কে যি ৰাজনৈতিক  প্ৰক্ৰিয়া আৰম্ভ কৰিছিল তাৰ পৰিণতিস্বৰূপে অষ্ট্ৰিয়া আৰু ফ্ৰান্সৰ সৈতে জার্মানীৰ শত্রুতা বৃদ্ধি পাইছিল। ১৮৬৬ চনত সংঘটিত হোৱা অষ্ট্রো প্রুচিয়াৰ যুদ্ধত অষ্ট্ৰিয়াৰ পৰাজয় হৈছিল। সেইদৰে ১৮৭০ চনত ফ্রেংকো-প্ৰপ্ৰুচিয়াৰ যুদ্ধতো ফ্রান্সে পৰাজয় বৰণ কৰিছিল। এই যুদ্ধত ফ্ৰান্সৰ সম্ৰাট তৃতীয় নেপোলিয়ন প্রুচিয়াৰ হাতত বন্দী হৈছিল। যুদ্ধৰ পৰিণতি হিচাপে প্রুচিয়া তথা জার্মানীয়ে খনিজ সম্পদেৰে ভৰপূৰ ফ্ৰান্সৰ উত্তৰ সীমান্তত অৱস্থিত আলছেছ আৰু লোৰেইন দখল কৰিছিল।

জার্মানীৰ হাতত পৰাজিত ফ্রান্সে সুবিধা পালেই যে জার্মানীৰ ওপৰত প্ৰতিশোধমূলক যুদ্ধত অবতীর্ণ হ’ব সেই বিষয়ে জার্মানীৰ প্ৰধানমন্ত্ৰী বিচমাৰ্কৰ কোনো সন্দেহ নাছিল। সেইবাবে এনেধৰণৰ প্ৰতিশোধমূলক যুদ্ধক এৰাই চলিবলৈ বিচমার্কে ৰাজনৈতিকভাৱে ফ্রান্সক ইউৰোপত এঘৰীয়া কৰিবলৈ যত্পৰোনাস্তি চেষ্টা চলাইছিল। ইয়াৰ ফলতেই ১৮৭৩ চনত “ত্রি-সম্রাট মৈত্রী সংঘ”ৰ সৃষ্টি কৰা হৈছিল। ইয়াৰ দ্বাৰা জার্মানী, বাচিয়া আৰু অষ্ট্ৰিয়াৰ সম্রাটসকলক একেখন চুক্তিৰ অধীনলৈ অনা হৈছিল।

১৮৭৫ চনত জার্মানীয়ে ফ্রান্স আক্রমণ কৰিব বুলি গুজব ওলোবাত আৰু হুবাচিয়াই ফ্রান্সক সমর্থন কৰিব বুলি কোৱাত সেই “ত্রি সম্রাট মৈত্রী সংঘ” সাময়িকভাৱে নিষ্ক্রিয় হৈ পৰে। এই পৰিস্থিতিত বিচমার্কে অষ্ট্ৰিয়াৰ লগত ঘনিষ্ঠ সম্পর্ক স্থাপন কৰিবলৈ চেষ্টা কৰি ১৮৭৯ চনত ‘অষ্ট্ৰো-জার্মান দ্বিপাক্ষিক চুক্তি” স্বাক্ষৰ কৰে। কিন্তু বুলগেৰিয়াক কেন্দ্র কৰি অষ্ট্ৰিয়া আৰু ৰাচিয়াৰ মাজত দেখা দিয়া সংঘর্ষৰ সময়ত বিচমার্কে ৰাচিয়াৰ পক্ষ লোৱাত অষ্ট্ৰিয়া অসন্তুষ্ট হয় আৰু ত্রি সম্রাটৰ মৈত্রী সংঘ সম্পূর্ণৰূপে ভাঙি পৰে। এইবাৰ বিচমার্কে ১৮৮৭ চনত ৰাচিয়াৰ লগত ৰি-ইঞ্চিওৰেঞ্চ চুক্তি সম্পাদন কৰি ৰুচ-জার্মান সম্পর্ক অটুট ৰখাৰ ব্যৱস্থা কৰে।

বিচমার্কে ফ্রান্সক এঘৰীয়া কৰিবলৈ এটাৰ পিছত এটাকৈ গোপন চুক্তি কৰাৰ যি পোষকতা কৰিছিল আৰু তাক কাৰ্যকৰী কৰিছিল তাৰ বিপৰীতে অন্যান্য দেশৰ মাজতো গোপন সামৰিক চুক্তি কৰাৰ পৰিৱেশ তথা তাগিদাৰ সৃষ্টি হৈছিল।

উনবিংশ শতিকাৰ শেহৰ পিনে ইউৰোপীয় ৰাজনীতিত সংঘটিত ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত ইংলেন্ডে সক্রিয় ভূমিকা গ্রহণ কৰে। বিচমাৰ্কৰ নেতৃত্বত জার্মানীয়ে ইউৰোপত যিদৰে নিজৰ আধিপত্য স্থাপন কৰিছিল সেয়া ইংলেণ্ডৰ দৰে দেশখনৰ বাবে অতি ঈৰ্ষাৰ বিষয়ৰূপে পৰিগণিত হৈছিল।

১৮৯৪ চনত ৰাচিয়া আৰু ফ্ৰান্সৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিয়ে ভৱিষ্যতে ইংলেণ্ডৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে বুলি সন্দেহৰ সৃষ্টি কৰি ইংলেণ্ডে ইউৰোপীয় ৰাজনীতিত আত্মপ্রকাশ কৰে। ১৯০২ চনত ইংলেন্ডে জাপানৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিমতে সুদূৰ প্ৰাচ্যত সাম্রাজ্যবাদী দেশসমূহৰ মাজত যথাস্থিতি অক্ষুন্ন ৰাখি শান্তি বজাই ৰখাৰ লগতে চীন আৰু কোৰিয়াৰ ৰাষ্ট্ৰীয় অখণ্ডতা নিৰাপদে ৰাখি সম-অধিকাৰৰ ভিত্তিত বাণিজ্যিক সুবিধা লাভ কৰাটো, কিন্তু জাপানৰ সৈতে কৰা এই চুক্তিৰ পিছতো ইংলেন্ডে শান্তিৰে থাকিব পৰা নাছিল। জার্মানীৰ ক্রমবর্ধমান আগ্রাসী নীতিৰ পৰিপ্ৰেক্ষিতত ইংলেন্ডে যেন এতিয়াও সম্পূৰ্ণৰূপে নিজৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিবপৰা নাই তেনে এটা ধাৰণা মনতে পোষণ কৰিছিল। সেয়েহে তেওঁলোকে ফ্ৰান্সৰ সৈতে বন্ধুত্বপূৰ্ণ সামৰিক সম্পর্ক স্থাপন কৰিবলৈ “এংলো-ফ্রেন্স আঁটাট কৰডিয়েল” সম্পাদিত কৰে।

ফ্রান্স আৰু ইংলেণ্ডৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক আৰু বুজাপৰা বাঢ়ি অহাৰ লগে লগে ফ্ৰান্স প্রতিবেশী ৰাষ্ট্র ইংলেণ্ড আৰু ৰাচিয়াৰ মাজত সহযোগিতা আৰু বন্ধুত্বপূর্ণ সম্পর্ক স্থাপনৰ প্ৰতি আগ্ৰহী হৈ পৰে। ইয়াৰ ফলত ১৯০৭ চনত ইংলেণ্ড আৰু ৰাচিয়াৰ মাজত এক সুদূৰপ্ৰসাৰী ৰাজনৈতিক বুজাপৰা সংঘটিত হয়। ইয়াৰ লগে লগে ইংগ-ফৰাচী দ্বিপাক্ষিক চুক্তি ত্রিপাক্ষিক চুক্তিত পৰিণত হয়।

এই ঘটনাৰ লগে লগে ইউৰোপ মহাদেশৰ বৃহৎ শক্তিসমূহ দুটা প্রতিসজ সামৰিক শিৱিৰত বিভক্ত হৈ পৰে। এই সামৰিক চুক্তিসমূহে প্রথম বিশ্বযুদ্ধ সংঘটিত কৰাত প্রভূত অৰিহণা যোগায়। এই গোপন সামৰিক চুক্তিসমূহে বিবদমান ৰাজনৈতিক-ঔপনিৱেশিক- সাম্রাজ্যিক সমস্যাসমূহ শান্তিপূর্ণভাৱে সমাধান কৰাৰ সকলো সম্ভাৱনা নোহোৱা কৰে। এই চুক্তিসমূহৰ ফলত বিবাদম পক্ষ দুটাৰ মাজত পাৰস্পৰিক সন্দেহ, বিশ্বাসহীনতা আৰু সামৰিক শক্তিৰ ওপৰত নিৰ্ভৰশীলতা অধিক পৰিমাণে বৃদ্ধি হয়। অৱশেষত ইয়ে প্রথম বিশ্বযুদ্ধৰ এটা কাৰণৰূপে দেখা দিয়ে।

৫। “প্রথম বিশ্বযুদ্ধত কেন্দ্রীয় শক্তি জোটৰ পৰাজয়ে ইউৰোপত ভালেমান জাতি-ৰাষ্ট্ৰৰ অভ্যুদয়ত ইন্ধন যোগাইছিল।” — আলোচনা কৰা।

উত্তৰঃ প্রথম বিশ্বযুদ্ধত কেন্দ্রীয় শক্তি জোঁট বিষমৰূপে পৰাজিত হয়। বিশেষকৈ বিচমার্কে আটোমটোকাৰীকৈ গঢ়ি তোলা জার্মানী সম্পূর্ণৰূপে ধ্বংসপ্রাপ্ত হৈ পৰে। ১৮৭১ চনৰপৰা ১৮৯০ চনলৈ প্ৰায় বিশ বছৰ কাল বিচমার্ক জাতি ৰাষ্ট্রৰূপে গঢ়ি উঠা জার্মানীৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁৰ প্রধানমন্ত্রীত্বৰ কালছোৱাত ১৮৮৮ চনৰ মাৰ্চ মাহত জার্মানীৰ সম্রাট প্রথম উইলিয়ামৰ মৃত্যু হয় আৰু দ্বিতীয় উইলিয়ামে সিংহাসনত আৰোহণ কৰে। এই সম্রাটজনে দেশৰ বৈদেশিক নীতিৰ আমূল পৰিৱৰ্তন ঘটাই বিশ্বৰ ৰাজনীতিত জাৰ্মানৰ প্ৰভৃত্ব স্থাপনৰ প্ৰচেষ্টা চলায়। ইয়ে জার্মান দেশখন সম্পূর্ণৰূপে ধূলিৰ লগত মিহলি কৰি দিয়ে। প্রথম বিশ্বযুদ্ধই তৎক্ষণিকভাৱে ইউৰোপৰ চাৰিখন সাম্ৰাজ্যৰ পতন ঘটাইছিল।

সেই চাৰিখন সাম্রাজ্য হ’ল — ৰাচিয়া, তুৰঙ্ক বা অট’মেন সাম্রাজ্য, জার্মানী আৰু অষ্ট্রিয়া-হাংগেৰী। এই পতিত সাম্রাজ্যকেইখনৰ পৰা নতুন নতুন জাতি ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। যুদ্ধৰ শেষৰ ফালে ঝচ দেশত সংঘটিত হোৱা সমাজতান্ত্রিক বিপ্লৱৰ পৰিণতিস্বৰূপে পোলেণ্ডে স্বাধীনতা লাভ কৰিছিল। ইয়াৰ লগে লগে ৰুচ দেশৰ অধীনত থকা এষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া আদি বাল্টিক সাগৰীয় দেশসমূহেও স্বাধীনতা লাভ কৰিছিল।

বলকান উপমহাদেশত শ্লাভ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া বিপ্লৱৰ পৰিণতিস্বৰূপে যুগোশ্লাভিয়া আৰু ছেকোশ্লোভাকিয়া নামে দুখন নতুন দেশৰ সৃষ্টি হৈছিল।

জার্মানী আৰু অষ্ট্ৰিয়া-হাংগেৰীৰ পতনে মিত্র শক্তি জোঁটৰ অন্তৰ্ভূক্ত দেশসমূহত সাম্রাজ্যবাদী মতাদর্শ তথা ধ্যান-ধাৰণাক নতুন প্ৰেৰণা যোগান ধৰিছিল। উক্ত পৰিঘটনাবোৰৰ বাবে প্রথম বিশ্বযুদ্ধত কেন্দ্রীয় শক্তি জোঁটৰ পৰাজয়ে, ইউপোৰত ভালেমান জাতি ৰাষ্ট্ৰৰ উৎপত্তি হোৱাত অৰিহণা যোগাইছিল বুলি ক’ব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top