গোষ্ঠী নিৰপেক্ষ আন্দোলন Class 10 Elective History Important Notes

গোষ্ঠী নিৰপেক্ষ আন্দোলন Class 10 Elective History Important Notes to each chapter are provided in the list so that you can easily browse through different chapters গোষ্ঠী নিৰপেক্ষ আন্দোলন Class 10 Elective History SEBA Important Notes and select need one. গোষ্ঠী নিৰপেক্ষ আন্দোলন Class 10 Elective History Important Notes.

Class 10 Elective History Important Notes গোষ্ঠী নিৰপেক্ষ আন্দোলন

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective History Important Notes গোষ্ঠী নিৰপেক্ষ আন্দোলন These solutions are part of SCERT All Subject Solutions. Class 10 Elective History Important Notes গোষ্ঠী নিৰপেক্ষ আন্দোলন Here we have given Class 10 Elective History Important Notes গোষ্ঠী নিৰপেক্ষ আন্দোলন Solutions for All Subjects, You can practice these here.

গোষ্ঠী নিৰপেক্ষ আন্দোলন

Chapter – 7

ELECTIVE HISTORY

IMPORTANT NOTES

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। কিমান চনত চীনত কমিউনিষ্ট শাসন প্ৰৱৰ্তিত হৈছিল —

(ক) ১৯৪৮ চনত।

(খ) ১৯৪৯ চনত।

(গ) ১৯৫৯ চনত।

(ঘ) ১৯৬৯ চনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (খ) ১৯৪৯ চনত।

২। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন শীৰ্ষ সন্মিলন যুগোশ্লোভিয়াতে অনুষ্ঠিত হৈছিল —

(ক) ১৯৬১ চনত।

(খ) ১৯৬২ চনত।

(গ) ১৯৬৩ চনত।

(ঘ) ১৯৬৪ চনত।

উত্তৰঃ (ক) ১৯৬১ চনত।

৩। বলছেভিক বিপ্লৱ কোন চনত সংঘটিত হৈছিল —

(ক) ১৯১৪ চনত।

(খ) ১৯১৫ চনত।

(গ) ১৯১৬ চনত।

(ঘ) ১৯১৭ চনত।

উত্তৰঃ (ঘ) ১৯১৭ চনত।

৪। ‘NATO’ ৰ সম্পূৰ্ণৰূপটো কি —

(ক) North America Treaty Organisation.

(খ) North Atlantic Treaty Organisation.

(গ) North Africa Treaty Organisation.

(ঘ) North Asia Treaty Organisation.

উত্তৰঃ (খ) North Atlantic Treaty Organisation.

৫।  “ওৱাৰশ্ব সন্ধি” সংগঠন কোন চনত গঢ়ি উঠিছিল —

(ক) ১৮৫৫ চনত।

(খ) ১৯৫৩ চনত।

(গ) ১৯৫৫ চনত।

(ঘ) ১৯৬৫ চনত।

উত্তৰঃ (গ) ১৯৫৫ চনত।

৬। কোন চনত ৰুচ দেশত সমাজতান্ত্ৰিক বিপ্লৱ সংঘটিত হৈছিল —

(ক) ১৯১৭ চনত।

(খ) ১৯১৮ চনত।

(গ) ১৯২১ চনত।

(ঘ) ১৯২৩ চনত।

উত্তৰঃ (ক) ১৯১৭ চনত।

৭। কিমান চনত ছোভিয়েট ৰাচিয়াই আণৱিক বোমা তৈয়াৰ কৰিছিল —

(ক) ১৯৩৭ চনত।

(খ) ১৯৩৯ চনত।

(গ) ১৯৪৫ চনত।

(ঘ) ১৯৪৯ চনত।

উত্তৰঃ (ঘ) ১৯৪৯ চনত।

৮। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল —

(ক) ওৱান্টাৰ লিপমেন।

(খ) হেৰী এছ. ট্রুমেন।

(গ) উদ্ৰ উইলছন।

(ঘ) মেটৰনিখ।

উত্তৰঃ (খ) হেৰী এছ. ট্রুমেন।

৯। কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰই হাইড্ৰ’জেন বোমা তৈয়াৰ কৰে —

(ক) ১৯৪২ চনত।

(খ) ১৯৪৯ চনত।

(গ) ১৯৫০ চনত।

(ঘ) ১৯৫২ চনত।

উত্তৰঃ (ঘ) ১৯৫২ চনত।

১০। যুগোশ্লাভিয়াৰ ৰাজধানী কি —

(ক) বেলগ্ৰেড।

(খ) ইউৰোপ।

(গ) ফ্ৰান্স।

(ঘ) আমেৰিকা।

উত্তৰঃ (ক) বেলগ্ৰেড।

অতি চমু প্ৰশ্নোত্তৰ

১। কোন চনত কমিউনিষ্ট শাসন প্ৰৱৰ্তিত হৈছিল?

উত্তৰঃ ১৯৪৯ চনৰ ১ অক্টোবৰ তাৰিখে চীনত কমিউনিষ্ট শাসন প্ৰৱৰ্তিত হৈছিল।

২। বান্দুং সম্মিলনত অংশগ্রহণ কৰা ভাৰতবৰ্ষৰ প্রধানমন্ত্রীজনৰ নাম কি?

উত্তৰঃ বান্দুং সম্মিলনত অংশগ্রহণ কৰা ভাৰতবর্ষৰ প্রধানমন্ত্রীজনৰ নাম আছিল জৱাহৰলাল নেহৰু।

৩। ওৱাছিংটনত কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত সামৰিক শক্তি জোঁট সংগঠন কৰা হৈছিল?

উত্তৰঃ ১৯৪৯ চনৰ এপ্ৰিল ৪ তাৰিখে ওৱাছিংটনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত সামৰিক শক্তি জোঁট সংগঠন কৰা হৈছিল।

৪। ‘ওৱাৰশ্ব’ সন্ধি সংগঠন কোন চনত গঢ়ি উঠিছিল?

উত্তৰঃ ১৯৫৫ চনৰ মেৰ ১৪ তাৰিখে ওৱাৰৰ্শ্ব সন্ধি সংগঠন গঢ়ি উঠিছিল।

৫। কোন চনত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রথমখন সম্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৬১ চনত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রথম সম্মিলনখন অনুষ্ঠিত হৈছিল।

৬। কোন দেশত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রথমখন সম্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰঃ যুগোশ্লাভিয়াৰ ৰাজধানী বেলগ্রেড চহৰত গোষ্ঠী নিৰগেক্ষ আন্দোলনৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল।

৭। ভাৰতবৰ্ষৰ কোন ঠাইত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ শীৰ্ষ সম্মিলন এখন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ভাৰতবৰ্ষৰ নতুন দিল্লীত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ শীর্ষ সম্মিলন এখন অনুষ্ঠিত হৈছিল।

৮। কোন চনত কিউবাত কমিউনিষ্ট শাসন প্রৱর্তিত হৈছিল?

উত্তৰঃ ১৯৫৯ চনত কিউবাত কমিউনিষ্ট শাসন প্রৱর্তিত হৈছিল।

৯। বান্দুং সম্মিল কোন চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ বান্দুং সন্মিলন ১৯৫৫ চনৰ এপ্রিল মাহৰ ১৭-ৰপৰা ২৪ তাৰিখলৈ অনুষ্ঠিত হৈছিল।

১০। কোন চনত ছোভিয়েট ৰাচিয়াই আণৱিক বোমা তৈয়াৰ কৰি পৰীক্ষা চলাইছিল?

উত্তৰঃ ১৯৪৯ চনৰ ১ অক্টোবৰত ছোভিয়েট ৰাছিয়াই আণৱিক বোমা তৈয়াৰ কৰি পৰীক্ষা চলাইছিল।

চমু প্ৰশ্নোত্তৰ

১। ওৱাৰশ্ব’ সন্ধি সংগঠন সম্পৰ্কে চমুকৈ লিখা। 

উত্তৰঃ ১৯৪৯ চনৰ এপ্রিল ১ মাহৰ ৪ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত উত্তৰ আটলান্টিক সন্ধি সংগঠন নামে এটি সামৰিক শক্তি জোঁট সংগঠন কৰা হৈছিল। বিশ্বৰ পুঁজিবাদী শিবিৰক নেতৃত্ব দিয়া এই সামৰিক শক্তি জোঁটত পূর্বতে জার্মানি সদস্যভূক্ত হোৱা নাছিল। ১৯৫৫ চনৰ মে’ মাহত পশ্চিম জার্মানীক উত্তৰ আটলান্টিক সন্ধি সংগঠনৰ সদস্যৰূপে স্বীকৃতি দিয়াত ছোভিয়েট ৰাচিয়াৰ নেতৃত্বত সেই মাহৰ ১৪ তাৰিখে পূর্ব ইউৰোপৰ কমিউনিষ্ট ৰাষ্ট্ৰসমূহক লৈ ‘ওৱার্শ্ব’ সন্ধি সংগঠন গঠন কৰা হয়। ইয়াৰ কেইবছৰমান আগতে ছোভিয়েট ৰাচিয়াৰ উদ্যোগত আৰু নেতৃত্বত ওৱার্শ্ব’ত কমিনফর্ম অর্থাৎ কমিউনিষ্ট তথ্য সৰবৰাহ কেন্দ্ৰ এটি খোলা হৈছিল। ফ্রান্স, ছোভিয়েট ৰাচিয়া, ইটালী, বুলগেৰিয়া, ছেক শ্লোভাকিয়া, হাংগেৰী, পোলেণ্ড, বোমানিয়া, যুগোশভিয়া আদি দেশৰ কমিউনিষ্ট দলৰ নেতা সদস্য এই সংগঠনৰ সদস্যভূক্ত হৈছিল।

২। শীতল যুদ্ধৰ সূচনাৰ সম্পৰ্কে লিখা। 

উত্তৰঃ শীতল যুদ্ধ বোলা এই ব্যাক্যাংশটোৰ স্ৰষ্টা হ’ল ওৱান্টাৰ লিপমেন। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ইতিহাসত এই শীতল যুদ্ধ বোলা বাক্যাংশৰ সৃষ্টি কৰিছে। সাধাৰণতে বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ঘটনাৱলী আৰু সেইবোৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কূটনৈতিক সম্পৰ্কৰ বিচাৰ বিশ্লেষণ কৰা বুজাবৰ বাবে এই শীতল যুদ্ধ শব্দটোৰ প্রয়োগ কৰা হয়। কোনো কোনো সমালোচকে উক্ত বাক্যাংশটোৰ স্রষ্টা হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্ণাড মানেছ বাৰুখ বোলা ব্যক্তিজনৰ নামো ল’ব খোজে।

আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক সম্পৰ্কত শীতল যুদ্ধৰ ধাৰণাটো হ’ল প্রত্যক্ষভাৱে সামৰিক সংঘৰ্ষত চামিল নোহোৱাকৈ প্রতিনিয়ত ৰাজনৈতিক মতাদর্শগত সংগ্ৰামত আৰু প্ৰতিৰক্ষামূলক আৰু আক্রমণাত্মক দিশত খৰতকীয়াকৈ ব্যৱহাৰ কৰিব পৰাকৈ নিত্য নতুন সামৰিক উত্তেজনা আৰু প্রতিযোগিতাত লিপ্ত থকাটো। আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক সম্পৰ্কৰ বিশেষজ্ঞ এজনে শীতল যুদ্ধৰ এইদৰে দাঙি ধৰিছে-“a state of intensive competition, political, economic and ideological, which yet falls become the threshold of armed conflict between states.” প্রকৃততে ক’বলৈ গলে শীতল যুদ্ধ হ’ল এফালে বিশ্বৰ পুঁজিবাদী ৰাষ্ট্ৰসমূহৰ হৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনফালে ছোভিয়েট ৰাচিয়াৰ নেতৃত্বত পূর্ব ইউৰোপৰ কমিউনিষ্ট দেশসমূহৰ মাজত গঢ়ি উঠা ৰাজনৈতিক মতাদর্শগত সংগ্ৰাম আৰু সামৰিক উত্তেজনা আৰু সংঘর্ষ।

বিভিন্ন ঐতিহাসিক আৰু বিশ্ব ৰাজনীতিৰ বিশেষজ্ঞৰ মতে ১৯১৭ চনৰ বলছেভিক বিপ্লৱৰ পিছৰপৰাই বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ সূচনা হয়।

৩। উত্তৰ আটলান্টিক সন্ধি আৰু সংগঠনৰ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ ১৯৪৯ চনৰ এপ্রিল ৪ তাৰিখে ওৱাছিংটনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত এক সামৰিক শক্তি জোঁট সংগঠন কৰা হৈছিল। ইয়, ক উত্তৰ আটলান্টিক সন্ধি সংগঠন (North Atlantic Treaty Organisation, NATO) বুলি কোৱা হয়। বিশ্বৰ পুঁজিবাদী শিৱিৰক নেতৃত্ব দিয়া এই সামৰিক শক্তি জোঁটৰ সদস্য ৰাষ্ট্ৰসমূহ হ’ল- ব্রিটেইন, ফ্রান্স, বেলজিয়াম, ডেনমার্ক, আইছলেণ্ড, ইটালী, হলেণ্ড, নওবে পর্তুগাল, আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰীচ আৰু তুৰস্ক আদি। এই চুক্তিৰ মূল মর্ম আছিল সাম্রাজ্যবাদী পুঁজিবাদী দেশসমূহৰ মাজত পাৰস্পৰিক সামৰিক সাহায্য আৰু সহযোগিতা বৃদ্ধি কৰাটো।

৪। শীর্ষ ক্ষমতাৰ অধিকাৰী দেশ সম্পৰ্কে চমু টোকা লিখা। 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধত লিপ্ত থকা দেশসমূহৰ ভিতৰত যুদ্ধ সামৰণি পৰাৰ পিছত কেৱল দুখন দেশহে শীর্ষ ক্ষমতাৰ অধিকাৰী দেশ হিচাপে পৰিগণিত হয়। সেই দেশদুখন হৈছে ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্র। প্রথম বিশ্বযুদ্ধৰ শেষৰ পিনে অর্থাৎ ১৯১৭ চনত ৰুছ দেশত সংঘটিত হোৱা বলছেভিক বিপ্লৱে পৰৱৰ্তীকালত ছোভিয়েট ৰাচিয়াক বিশ্বৰ শীর্ষ ক্ষমতাৰ অধিকাৰী দেশ হিচাপে পৰিগণিত হোৱাত সহায় কৰে। এই বিপ্লৱৰ সময়ত বিশ্বত এক নতুন ৰাজনৈতিক সমীকৰণৰ সূচনা হয়।

প্রথম বিশ্বযুদ্ধৰ পিছত বিশ্বৰ শীর্ষ ক্ষমতা দখল কৰা আন এখন ৰাষ্ট্ৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্র। এই দেশখন প্রথম বিশ্বযুদ্ধত আটাইতকৈ বেছি লাভৱান হৈছিল। যুদ্ধৰ পৰৱৰ্তীকালত বিশ্ব ৰাজনীতিত আমেৰিকাই অতি সক্রিয় ভূমিকা গ্রহণ কৰে। পূৰ্বৰ ইংলেণ্ডৰ স্থান অধিকাৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই লাহে লাহে বিশ্ব ৰাজনীতিত পুঁজিবাদী শিবিৰৰ নেতৃত্ব ল’বলৈ ধৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমকক্ষৰূপে আৰু সমান্তৰালভাৱে ছোভিয়েট ৰাচিয়াই সমাজবাদী শিবিৰৰ তথা সাম্রাজ্যবাদৰ দ্বাৰা পদানত দেশসমূহৰ নেতৃত্ব ল’বলৈ ওলাই আহে। দ্বিতীয় বিশ্বযুদ্ধত ছোভিয়েট ৰাচিয়াই লোৱা ভূমিকাই এফালে মিত্র শক্তিক জয়লাভ কৰাত সহায় কৰিলেও আনফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত থকা আন আন শিৱিৰৰ মাজত আতংক আৰু ভয়ৰ সঞ্চাৰ হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধত লিপ্ত থকা বৃহৎ দেশসমূহৰ ভিতৰত যুদ্ধৰ সামৰণি পৰাৰ পিছত কেৱল দুখন ৰাষ্ট্ৰইহে বৃহৎ ৰাষ্ট্ৰৰ মৰ্যদাৰ গণ্ডী চেৰাই শীর্ষ ক্ষমতাৰ অধিকাৰী হৈছিল। সেই দুখন ৰাষ্ট্ৰ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাচিয়া। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰ আণৱিক শক্তিৰ অধিকাৰী হয়, হিৰ চিমা আৰু নাগাছাকিত আণৱিক অস্ত্র ব্যৱহাৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক ক্ষমতাৰ পৰিচয় দিয়াৰ লগতে আনকো ভীতি সন্ত্রস্ত কৰি বিশ্ব ৰাজনীতিত নিজৰ আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছিল।

৫। হেৰী এছ ট্রুমেনৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ হেৰী এছ ট্রুমেন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰপৰা ফেচিষ্ট আব নাজীসকলক পৰাভূত কৰিবলৈ যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্রিটেইনে ছোভিয়েট ৰাচিয়াৰ সৈতে সম্মিলিতভাৱে যুদ্ধ কৰিবলৈ বাধ্য হৈছিল তথাপিও দুয়োটা শিৱিৰৰ মাজত সন্দেহ আশংকা আৰু ভয় আঁতৰ হোৱা নাছিল। সেয়েহে সুদূৰ প্ৰাচ্য আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত ছোভিয়েটৰ অনুপ্ৰৱেশ প্রতিহত কৰিবলৈ এই গৰাকী প্রেচিডেণ্টৰ নিৰ্দেশত জাপানৰ হিৰ’চিমা আৰু নাগাচাকি নামে চহৰ দুখনত আণৱিক বোমা নিক্ষেপ কৰা হৈছিল।

মার্কিন প্রেচিডেন্ট ট্রুমেন ছোভিয়েট ৰাচিয়া আৰু কমিউনিষ্ট প্রভাৱ প্ৰতিৰোধ কৰিবলৈ গ্ৰীচ আৰু তুৰ্দ্ধৰ বাবে ৪০০ মিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে। এই আর্থিক সাহায্য দিবলৈ মার্কিন কংগ্ৰেছৰ অনুমোদন বিচাৰি দিয়া ভাষণত ট্রুমেনে কৈছিল; “যিবিলাক মুক্ত আৰু স্বাধীন দেশৰ মানুহ অল্পসংখ্যক অস্ত্ৰধাৰী লোকৰ নাইবা বহির্দেশৰ বিপৰীতে প্রতিৰোধ কার্যত ব্যস্ত, তেনে দেশৰ লোকক সমর্থন দিয়াটো মার্কিন যুক্তৰাষ্ট্ৰৰ স্পষ্ট নীতি।” “এই নীতিবোৰক তেওঁৰ নাম অনুযায়ী টু’মেন নীতি বুলি কোৱা হয়।

দীঘলীয়া প্ৰশ্নোত্তৰ

১। গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি তোলাত ভাৰতবৰ্ষই লোৱা ভূমিকাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ আধাৰত গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠিছিল। ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ আধাৰ আছিল পঞ্চশীল নীতি। ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ প্রতিফলন ঘটিছিল পোনতে ১৯৫৪ চনৰ ২৯ মে’ত স্বাক্ষৰিত ভাৰত-চীন দ্বিপাক্ষিক চুক্তিত। ইয়াৰ পিছত ১৯৫৫ চনৰ ১৭-২৪ এপ্রিলত এক ইন্দোনেছিয়াৰ বান্দুঙত অনুষ্ঠিত প্রথম আফ্রো-এছীস সম্মিলনৰ বিশ্বশান্তি আৰু সহযোগিতা শীর্ষক ঘোষণা পত্ৰতো এই নীতিসমূহ সন্মিৱিষ্ট কৰা হৈছিল। এই সম্মিলনত এছিয়াৰ ২৩ খন আৰু আফ্রিকাৰ ৬ খন ৰাষ্ট্রই অংশগ্রহণ কৰিছিল আৰু ভাৰতবৰ্ষৰ পঞ্চশীল নীতিৰ প্রতি তেওঁলোকৰ আনুগত্য প্রকাশ কৰিছিল। এই নীতিসমূহ অন্যান্য আফ্রো-এছীয় ৰাষ্ট্রৰ দ্বাৰাও সমাদৃত হৈছিল। গতিকে বান্দুং সম্মিলনেই বিশ্বত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আৰম্ভণি বুলি ক’ব পাৰি। 

ভাৰতবৰ্ষই ঔপনিৱেশিকতাবাদ আৰু সাম্রাজ্যবাদ বিৰোধিতাৰ নীতিক বিশ্বৰ ৰাজনৈতিক প্রেক্ষাপটলৈ লৈ যোৱাৰ বাবে বান্দুত পঞ্চশীল নীতিসমূহ সাম্রাজ্যবাদৰ কৱলৰপৰা সদ্য মুক্তিপ্রাপ্ত দেশসমূহৰদ্বাৰা সমাদৃত হৈছিল। উদাহৰণস্বৰূপে ভাৰতবৰ্ষই পূর্ব এছিয়াৰ ইন্দোনেছিয়া আৰু আফ্রিকাৰ লিবিয়া, টিউনিছিয়া আদি  দেশৰ জনসাধাৰণে সাম্রাজ্যবিৰোধী যি স্বাধীনতা সংগ্রাম চলাইছিল তাত সমর্থন দিছিল। তদুপৰি পেলেষ্টাইনৰ আত্মনিয়ন্ত্ৰাৰ অধিকাৰ সম্পৰ্কত ভাৰতবৰ্ষই নিজৰ সমৰ্থন আৰু সহানুভূতি প্রকাশ কৰিছিল। চীনত কমিউনিষ্ট শাসন ব্যৱস্থা প্রতিষ্ঠিত হোৱাৰ লগে লগে ভাৰতে তাৰ প্ৰতি তৎকালেই স্বীকৃতি প্রদান কৰি সাহসিকতাৰ পৰিচয় দিয়াৰ লগতে নিজৰ স্বাধীন সত্বাৰ পৰিচয় দাঙি ধৰিছিল। এনেধৰণৰ কাৰ্যৰদ্বাৰা ভাৰতবৰ্ষৰ প্ৰতি বিশ্বৰ ‘নিপীড়িত’ জনগণৰ আস্থা বৃদ্ধি পাইছিল। ফলত বান্দুং সন্মিলনত চীন-ভাৰত পঞ্চশীল নীতি সকলো দেশৰদ্বাৰা সমানেই সমাদৃত হৈছিল। গতিকে এই সম্মিলনে গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি তোলাত মুখ্য ভূমিকা গ্রহণ কৰিছিল। 

সদ্য স্বাধীনতাপ্রাপ্ত তৃতীয় বিশ্বৰ দেশসমূহ বহুকাল ধৰি ঔপনিৱেশিক সাম্রাজ্যবাদী শাসন আৰু শোষণৰ কৱলত থকাৰ বাবে সেই দেশসমূহৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক অৱস্থা একেবাৰে অনুন্নত হৈ আছিল। গতিকে সাম্রাজ্যবাদৰ পৰা মুক্তি লাভ কৰি অৰ্থনৈতিক পুনগঠন আৰু আনুষংগিক মানৱীয় দিশসমূহৰ সুষম বিকাশ আৰু উন্নয়ন সাধন কৰিবলৈ উক্ত দেশসমূহক প্ৰচুৰ অৰ্থৰ প্রয়োজনে দেখা দিছিল।

গতিকে সদ্য স্বাধীনতাপ্রাপ্ত ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক অর্থনৈতিক সংহতি আৰু সহযোগিতা অপাৰহাৰ্য আছিল। সেই সংহতি আৰু সহযোগিতাৰ সৃষ্টি কৰিবলৈ অনুন্নত দেশবোৰৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্রয়োজনে দেখা দিছিল। গতিকে সদ্য স্বাধীনতাপ্রাপ্ত দেশসমূহৰ বাবে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰয়োজনে দেখা দিছিল। এই অৱস্থাত ইন্দোনেছিয়াৰ প্ৰেছিডেন্ট চুকার্ণোৰ আতিথ্যত অনুষ্ঠিত হোৱা বান্দুং সন্মিলনত এই ধৰণৰ এটি আন্তঃৰাষ্ট্ৰীয় সংগঠন গঢ়ি তোলাৰ সম্ভাৱনা আন্তৱত ৰূপায়িত হৈছিল।

২। কি ঐতিহাসিক পৰিস্থিতিত গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠিছিল আলোচনা কৰা।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ছোভিয়েট ৰাচিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই শীর্ষ ক্ষমতাৰ অধিকাৰী দেশৰূপে পৰিগণিত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্র আণৱিক শক্তিৰ অধিকাৰী দেশৰূপে পৰিগণিত হয়। এই শক্তিৰ সহায় নিজৰ সামৰিক শক্তিৰ পৰিচয় দিয়াৰ লগতে আনকো ভীতি সন্ত্রস্ত কৰি বিশ্ব কৰ ৰাজনীতিত নিজৰ আধিপত্য স্থাপন কৰে। ই আছিল বিশ্বৰ বৃহৎ শক্তিসমূহ মাজত পৰস্পৰ বিৰোধী মতাদর্শ আৰু এই মতাদৰ্শৰ সহায়ত নিজ নিজ বৈদেশিক নীতি পৰিচালনা কৰাৰ ফলতেই শীতল যুদ্ধৰ সৃষ্টি হয়।

কেইগৰাকীমান ঐতিহাসিক আৰু বিশ্ব ৰাজনীতিৰ বিশেষজ্ঞৰ মতে ১৯১৭ চন বলছেভিক বিপ্লৱৰ পিছৰপৰাই বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ সূচনা হয়। এই বিপ্লৱৰ ফলতেই ছোভিয়েট ৰাষ্ট্ৰ ব্যৱস্থা তৈয়াৰ হোৱাৰ লগে লগে ছোভিয়েট” ৰাচিয়াত সেই বিপ্লৱ দমন কৰি তাত পূৰ্বৰ অৱস্থা বাহাল ৰাখিবলৈ ব্রিটেইনে বৈদেশিক সামৰিক হস্তক্ষেপ আৰম্ভ কৰে। ইয়াৰ লগে লগে কমিউনিষ্ট ৰাষ্ট্ৰ ব্যৱস্থা আৰু পুঁজিবাদী ৰাষ্ট্ৰ ব্যৱস্থাৰ মাজত মতাদর্শগত সংঘৰ্ষৰ সৃষ্টি হৈছিল সমূহ পুঁজিবাদী ৰাষ্ট্ৰৰ মাজত এখন সমাজতান্ত্রিক ৰাষ্ট্র বর্তি থকাটো অতি জটিল ৰাজনৈতিক সমস্যা আছিল। ছোভিয়েট ৰাচিয়াই শিল্প, শিক্ষা, কৃষি, অর্থনীতি, বাণিজ্য আৰু সামৰিক সকলো দিশতে যি ধৰণৰ পাৰদৰ্শিতা দেখুৱাইছিল সেইবোৰে তক বিশ্বৰ পুঁজিপতি দেশসমূহক স্তম্ভিত আৰু শংকিত কৰি তুলিছিল। প্রশান্ত মহাসাগৰীয় অঞ্চলত ছোভিয়েটৰ অনুপ্রৱেশ প্রতিহত কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই হিৰ’চিমা আৰু নাগাচাকিত আণৱিক বোমা বিস্ফোৰণ ঘটাইছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰই বিশেষকৈ ইটালী আৰু পশ্চিম জার্মানী আদি যুদ্ধ বিধ্বস্ত ইউৰোপৰ দেশসমূহৰ প্রতি মাৰ্ছাল প্লেনৰ অধীনত আর্থিক সাহায্য দিয়াৰ নীতি লৈ পিছত উত্তৰ আটলান্টিক সামৰিক শক্তি জোঁটৰ গঠন কৰে। ১৯৪৭ চনত মার্কিন যুক্তৰাষ্ট্ৰই মাৰ্ছাল প্লেনৰ জৰিয়তে ব্রিটেইন, ফ্রান্স, ইটালী, বেলজিয়াম আৰু পশ্চিম জার্মানী আদি দেশৰ অৰ্থনৈতিক পুনৰ গঠন প্রক্রিয়াক শক্তি প্রদান কৰিবলৈ বহু কোটি ডলাৰৰ আৰ্থিক সাহায্য আগবঢ়াইছিল। এই ব্যৱস্থা কমিউনিষ্ট সম্প্ৰসাৰণে সৃষ্টি কৰা: ভীতি প্রতিহত কৰিবলৈ লোৱা হৈছিল।

ইয়াৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই ১৯৪৯ চনৰ এপ্রিল মাহৰ ৪ তাৰিখে ওৱাছিংটনত উত্তৰ আটলান্টিক সন্ধি সংগঠন নামে এটি সামৰিক শক্তি জোঁট গঠন কৰে। এই সামৰিক শক্তি জোঁটটোৱে বিশ্বৰ পুঁজিপতি দেশসমূহক সংগঠন কৰে।

১৯৫৫ চনৰ মে’ মাহৰ ১৪ তাৰিখে ছোভিয়েট ৰাচিয়াৰ নেতৃত্বত পূর্ব ইউৰোপৰ কমিউনিষ্ট ৰাষ্ট্ৰসমূহক লৈ ‘ওৱাবশ্ব’ সন্ধি সংগঠন গঠন কৰা হয়। ইয়াত এটা কমিনফর্ম অর্থাৎ কমিউনিষ্ট তথ্য সৰবৰাহ কেন্দ্ৰও খোলা হয়।

বোমা তৈয়াৰ কৰি ১৯৪৯ চনৰ আগলৈকে আণৱিক শক্তিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ একা টিয়া অধিকাৰ আছিল। ১৯৪৯ চনত ছোভিয়েট ৰাচিয়াই আণৱিক বোমা তৈয়াৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেই অধিকাৰ খর্ব কৰে। সেই বছৰতে চীন দেশত কমিউনিষ্ট শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। প্রশান্ত মহাসগাৰীয় অঞ্চল তথা সুদূৰ প্রাচ্যত সংঘটিত হোৱা এই ৰাজনৈতিক ঘটনাই আমেৰিকাৰ বাবে উৎকণ্ঠাৰ আন এক কাৰণ হৈ পৰে। ১৯৫২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই হাইড্র’জেন বোমা তৈয়াৰ কৰে। তাৰ পিছৰ বছৰত ছোভিয়েট ৰাচিয়াই হাইড্র’জেন বোমা বৈ কৰে।

পৰৱৰ্তীকালত বিশ্বৰ বিভিন্ন দেশত কমিউনিষ্ট শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। ছোভিয়েট ৰাচিয়াই এই দেশবোৰৰ প্রাত সমর্থন আগবঢ়াৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাচিয়াৰ মাজত শীতল যুদ্ধখন অতি তীব্ৰতৰ হৈ পৰে।

গতিকে দেখা যায় যে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তীকালত বিশ্বৰ দেশসমূহ পৰস্পৰ দুটি বিবদমান শিৱিৰত বিভক্ত হৈ পৰে। তেনে অৱস্থাত ভাৰতবৰ্ষৰদৰে সদ্য স্বাধীনতা প্রাপ্ত তৃতীয় বিশ্বৰ দেশসমূহৰ বাবে উক্ত পৰস্পৰ বিৰোধী শিৱিৰসমূহৰ কোনটোত অনুগত হ’ব সেইটো আছিল এক প্রধান আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক প্রশ্ন। ভাৰতবৰ্ষই উক্ত শিৱিৰসমূহৰ কোনো এটাতে অন্তর্ভুক্ত নহৈ নিজস্ব ঐতিহাসিক দৰ্শনৰ ভিত্তিত নিজৰ বৈদেশিক নীতি স্বতন্ত্রভাৱে পৰিচালনা কৰাৰ বাবে গোষ্ঠী নিৰপেক্ষ নীতি নির্ধাৰণ কৰে।

৩। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভৱিষ্যৎ সম্পর্কে তুমি কি ভাবা বিতং কৈ আলোচনা কৰা।

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠিছিল প্রধানকৈ মার্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন পুঁজিবাদী আৰু আনফালে ছোভিয়েট ৰাচিয়াৰ নেতৃত্বাধীন সমাজবাদী বিশ্বৰ মাজত সৃষ্টি হোৱা শীতল যুদ্ধক কেন্দ্ৰ কৰি। গোষ্ঠী নিৰপেক্ষ আন্দোলন আছিল দুই বিবদমান দেশৰ মাজত চলা ৰাজনৈতিক-অর্থনৈতিক মতাদর্শগত সংগ্ৰামৰ মাজত গঢ়ি উঠা কূটনৈতিক আন্দোলন।

পুঁজিবাদ সমাজবাদৰ বিকল্প হ’ব নোৱাৰে। ফলত বিশ্বত মানুহৰ ওপৰত মানুহৰ শোষণৰ অন্ত নপৰালৈকে পুঁজিবাদী আৰু সমাজবাদী ৰাজনৈতিক অর্থনৈতিক মতাদৰ্শৰ মাজত দ্বন্দ্ব বিৰোধ আদি চলিয়েই থাকিব। যিহেতু পুঁজিবাদী ব্যৱস্থাই সমাজত শোষণ বঞ্চনাৰ অন্ত পেলাব নোৱাৰে আৰু সেই ব্যৱস্থাৰদ্বাৰা পৰিচালিত ৰাষ্ট্ৰই নিজৰ স্বাৰ্থত সততে পৰৰাষ্ট্ৰ গ্ৰাস কৰা বা পৰৰাজ্যৰ ওপৰত নিজৰ আধিপত্য স্থাপনৰ পন্থা হাতত নোলোৱাকৈ নাথাকে সেয়ে সমাজবাদী আৰু পুঁজিবাদী ৰাজনৈতিক মতাদৰ্শৰ মাজত প্রতিদ্বন্দ্বিতা চলিয়েই থাকিব।

বর্তমান সময়ত ছোভিয়েট ৰাচিয়াৰ পতন হৈছে যদিও বিশ্বৰ পুঁজিবাদী সাম্রাজ্যবাদী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত সংগঠিত সামৰিক চুক্তিসমূহৰ অস্ত হোৱা নাই, বৰং সেই বিলাকৰ পৰিসৰ আৰু শক্তি বৃদ্ধিহে পাইছে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ আধিপত্যবাদী মনোভাৱ ত্যাগ কৰিবপৰা নাই। বিশ্বৰ যিকোনো দেশে নিজৰ প্ৰভাৱ আৰু প্ৰতিপত্তিৰ সম্প্ৰসাৰণ কৰিব বিচাৰে। আনহাতে আণৱিক শক্তিৰ অধিকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ অধিকাৰত ৰাখিব বিচাৰে। শীতল যুদ্ধৰ অৱসান হ’বলৈ হ’লে বিশ্বৰ সকলো দেশেই নিৰস্ত্ৰীকৰণৰ নীতি মানি ল’ব লাগিব আৰু সেই নীতি সম্পূর্ণভাৱে বলবৎ হ’ব লাগিব। কাৰণ ছোভিয়েট ৰাচিয়াৰ ৰাষ্ট্ৰ ব্যৱস্থাৰ অন্ত পৰিলেও ইয়াৰ অস্ত্র ভাণ্ডাৰ আজিও আছে, নাইবা আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ অস্ত্ৰ ভাণ্ডাৰ ধ্বংস কৰা নাই।

ছোভিয়েট ৰাষ্ট্ৰ ব্যৱস্থাৰ অস্ত হ’লেও বিশ্বত কমিউনিষ্ট বা সমাজবাদী ৰাষ্ট্ৰ আজিও আছে। কিউবা, ভিয়েটনাম, উত্তৰ কোৰিয়া, চীন আদি ভালেমান কমিউনিষ্ট ৰাষ্ট্ৰ বৰ্তমানেও বিশ্বৰ বহু দুখীয়া আৰু নিপীড়িত দেশৰ মানুহৰ বাবে আদর্শস্বৰূপ হৈ আছে। লেটিন আমেৰিকাৰ দেশে দেশে মানুহে অর্থনৈতিক মুক্তি সংগ্ৰামৰ পথত অগ্ৰসৰ হৈছে আৰু এইবোৰ দেশে মার্কিন সাম্রাজ্যবাদৰ বিৰোধিতা কৰি আহিছে।

বর্তমান ছোভিয়েট ৰাষ্ট্ৰব্যৱস্থাৰ পতন হ’লেও শীতল যুদ্ধৰ কালছোৱাত বৰ্তি থকা দুয়োটা পৰস্পৰ বিৰোধী সামৰিক শক্তি জোঁটৰ পতন ঘটা নাই, বর্তমানো মার্কিন যুক্তৰাষ্ট্ৰই আগৰ দৰেই বা আগতকৈয়ো শক্তিশালী হৈয়ে বর্তি আছে। ছোভিয়েট ৰাষ্ট্ৰ ব্যৱস্থাৰ অস্ত পৰাৰ সময়তে ইৰাকে মানৱ বিধ্বংসী অস্ত্র মজুত ৰখা বুলি ভিত্তিহীন অভিযোগ আনি আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক শক্তিৰ বলত সেই দেশখন অতি নির্মমভাৱে ধ্বংস কৰিপেলাইছিল। গতিকে মার্কিন যুক্তৰাষ্ট্ৰৰ ফালৰপৰা বিশ্ববাসীলৈ আহিব পৰা বিপদৰ আজিও অন্ত পৰা নাই আৰু সেইবাবে পুনৰ বিশ্বযুদ্ধৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। এই ক্ষেত্ৰত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রাসংগিকতা আজিও আছে বুলি ক’ব পাৰি।

বর্তমান জাতীয় মৰ্যদাৰ প্ৰশ্নই বিশ্বৰ শক্তিশালী আৰু আর্থিকভাৱে উন্নত দেশসমূহৰ মাজত পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত প্রতিদ্বন্দ্ববিতাৰ ভাৱ জগাই তুলিছে। এই অৱস্থাই সময়ে সময়ে দুই বা ততোধিক ৰাষ্ট্ৰক সামৰিক সন্ধি চুক্তিৰ মাজেদি অন্যান্য প্রতিসম আৰু প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰৰ বিৰুদ্ধে সামৰিক সংঘৰ্ষত লিপ্ত হ’বলৈ প্ৰৰোচিত কৰিব বুলি ক’ব পাৰি। এনে ধৰণৰ ৰাষ্ট্ৰ জোঁটক নিয়ন্ত্রণ কৰাটো ৰাষ্ট্ৰসংঘৰ প্ৰতি অসম্ভৱ হৈ পৰিব। মার্কিন যুক্তৰাষ্ট্ৰৰ দ্বাৰা ইৰাক আক্রান্ত হোৱাৰ ঘটনাই ৰাষ্ট্ৰসংঘৰ ব্যর্থতাকে প্রতিপন্ন কৰে। গতিকে এনে অৱস্থাত বিশ্বত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰয়োজনীয়তাই দেখা দিব। অৱশ্যে এই ক্ষেত্ৰত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রাসংগিকতা থাকিলেও সেই আন্দোলনক সদস্য ৰাষ্ট্ৰসমূহে কিদৰে পৰিচালিত কৰিব তাৰ ওপৰতে এই আন্দোলনৰ ভৱিষ্যৎ নির্ভৰশীল হ’ব।

৪। শীতল যুদ্ধ কাক বোলে? কেতিয়া শীতল যুদ্ধৰ অৱসান ঘটিছে?

উত্তৰঃ প্রত্যক্ষ সামৰিক সংঘৰ্ষত চামিল নোহোৱাকৈ প্রতিনিয়ত ৰাজনৈতিক মতাদর্শগত সংগ্ৰামত আৰু প্ৰতিৰক্ষামূলক আৰু আক্ৰমণাত্মক দিশত খৰতকীয়াকৈ ব্যৱহাৰ কৰিব পৰাকৈ নিত্য নতুন অস্ত্র-শস্ত্ৰ নিৰ্মাণ কৰি সামৰিক উত্তেজনা আৰু প্ৰতিযোগিতাত লিপ্ত থকাকে শীতল যুদ্ধ বুলি ক’ব পাৰি। আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক সম্পৰ্কৰ বিশেষজ্ঞ এজনে শীতল যুদ্ধৰ সূত্র এইদৰে নির্ধাৰণ কৰিছে, A state of intensive competition, political, economic and ideological, which yet falls below the threshold of armed conflict between states” প্রকৃততে ক’বলৈ গ’লে শীতল যুদ্ধ হ’ল এফালে বিশ্বৰ পুঁজিপতি দেশসমূহৰ হৈ আমেৰিকা যুক্তৰাষ্ট্র আনফালে ছোভিয়েট ৰাচিয়াৰ নেতৃত্বত পূর্ব ইউৰোপৰ কমিউনিষ্ট দেশসমূহৰ মাজত গঢ়ি উঠা ৰাজনৈতিক মতাদর্শগত সংগ্ৰাম আৰু সামৰিক উত্তেজনা আৰু সংঘর্ষ।

শীতল যুদ্ধ শব্দটোৰ পোন প্ৰথম স্রষ্টা হ’ল ওৱান্টাৰ লিপ্মেন। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাচিয়াৰ মাজৰ দ্বি-পাক্ষিক সম্পৰ্কৰ প্রতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ইতিহাসত শীতল যুদ্ধ বোলা ব্যাক্যাংশৰ সৃষ্টি কৰিছে। কোনো কোনোৱে এই বাক্যাংশৰ স্রষ্টা হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্ণাড মানেছ বাৰুখৰ নামো ল’ব খোঁজে।

জাকার্টাত অনুষ্ঠিত শীর্ষ সন্মিলনৰ সময়ত বিশ্বত শীতল যুদ্ধৰ অৱসান ঘটিছে। এফালে ছোভিয়েট ৰাষ্ট্ৰ ব্যৱস্থাৰ বিলুপ্তি ঘটাৰ লগতে ভাৰতবৰ্ষ আদি দেশেও আণৱিক অস্ত্র তথা শক্তিৰ অধিকাৰী হোৱাত বিস্তৃত পাৰমাণৱিক যুদ্ধৰ ভয়াৱহতা বহু পৰিমাণে কমি আহিছে। ছোভিয়েট ৰাচিয়াৰ বিলুপ্তি ঘটাৰ পিছৰপৰাই বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত একক ৰাজনৈতিক মেঝ-কৰণ ব্যৱস্থাৰ আৰম্ভ হৈছে। এই পৰিণতি আকৌ স্বাধীন আৰু অৰ্থনৈতিক আৰু সামৰিকভাৱে দুৰ্বল ৰাষ্ট্ৰসমূহৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে। ফলস্বৰূপে বিশ্ব ৰাজনীতিত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ গুৰুত্ব বৃদ্ধি পাইছে। গোষ্ঠী নিৰপেক্ষ আন্দোলনে বিশ্বত সংঘটিত ভালেমান যুদ্ধক বিশ্বযুদ্ধলৈ উন্নীত হোৱাত বাধা প্রদান কৰি সেইবিলাকক একোটা নির্দিষ্ট এলেকাত সীমাৱদ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে। মুঠতে ক’ব পাৰি যে শীতল যুদ্ধৰ সৃষ্টি হোৱাৰ পৰিণতিতে বিশ্বত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সূত্রপাত হৈছিল আৰু গোষ্ঠী নিৰপেক্ষ আন্দোলনে শীতল যুদ্ধ প্রশমিত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল।

৫। গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠাৰ ঐতিহাসিক পটভূমি বিশ্লেষণ কৰা।

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলন বিশ্বৰ কোনো দেশৰে আভ্যন্তৰীণ ৰাজনৈতিক আন্দোলন নাছিল। এই আন্দোলন আছিল বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত প্রচলিত কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত দেখা দিয়া এক নতুন সমীকৰণ, পদ্ধতি আৰু বিপ্লৱ। এই আন্দোলনক কূটনৈতিক বিপ্লৱ বুলিও ক’ব পাৰি। এই বিপ্লৱৰ গুৰি ধৰিছিল ব্রিটিছ সাম্রাজ্যবাদৰ কৱলৰপৰা সদ্য মুক্তিপ্রাপ্ত দেশ ভাৰতবৰ্ষই। এই আন্দোলনৰ এক ঐতিহাসিক পটভূমি আছিল। প্রথম বিশ্বযুদ্ধৰ সময়ৰপৰাই বিশ্বৰ ৰাজনৈতিক মঞ্চত যিবিলাক ঘটনা-পৰিঘটনা সংঘটিত হৈছিল, এই ঘটনা পৰিঘটনাই এই পটভূমিটো তৈয়াৰ কৰি আনিছিল।

প্রথম বিশ্বযুদ্ধৰ আগতে জার্মানী, অষ্ট্ৰিয়া, হাংগেৰী, ফ্রান্স, ইংলেণ্ড আদি ৰাষ্ট্ৰ বিশ্বৰ বৃহৎ শক্তিৰূপে পৰিগণিত আছিল। যুদ্ধৰ পাছত ব্রিটেইনৰ লগতে ছোভিয়েট ৰাচিয়া, ফ্রান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ বৃহৎ শক্তিত পৰিগণিত হ’ল। জার্মানী সম্পূর্ণৰূপে ধ্বংসপ্রাপ্ত হ’ল, অষ্ট্ৰিয়া, হাংগেৰী বিভক্ত আৰু দুৰ্বল হৈ পৰিল। ইংলেণ্ডৰ প্রতিপত্তি বহু পৰিমাণে হ্রাস পালে।

প্রথম বিশ্বযুদ্ধৰ শেষত ৪৫ দেশত সংঘটিত হোৱা বলছেভিক বিপ্লৱে পৰৱৰ্তীকালত ছোভিয়েট ৰাচিয়াৰূপে প্রতিভাত হৈ বৃহৎ শক্তি হিচাপে পৰিগণিত হ’ল। বিশ্বযুদ্ধৰ পিছৰেপৰা বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰ অত্যন্ত ক্রিয়াশীল হৈ পৰিল। বিশ্বযুদ্ধখনৰ পিছত জাপানৰো শক্তি বৃদ্ধি পাবলৈ ধৰে আৰু অতি সোনকালেই বিশ্বৰ এক বৃহৎ শক্তিত পৰিণত হ’ল।

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত যুদ্ধত লিপ্ত দেশসমূহৰ ভিতৰত কেৱল দুখন দেশহে বৃহৎ ৰাষ্ট্ৰৰ মৰ্যদাৰ গণ্ডী চেৰাই শীর্ষ ক্ষমতাৰ অধিকাৰী হ’ল। এই ৰাষ্ট্ৰদুখন হ’ল ছোভিয়েট ৰাচিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ।

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পূর্ব ইউৰোপত ছোভিয়েট ৰাচিয়া ৰাজনৈতিক মতাদর্শগত সম্প্রসাৰণে আমেৰিকা যুক্তৰাষ্ট্র আদি পুঁজিবাদী শিবিৰত আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। সেইবাবে আমেৰিকা যুক্তৰাষ্ট্রৰ নেতৃত্বত পুঁজিবাদী শিবিৰত ছোভিয়েটক প্রতিৰোধ কৰাব প্রয়োজনতেই শীতল যুদ্ধৰ সূচনা হয়। প্রধানকৈ গ্রীচ আৰু তুৰস্কত ছোভিয়েটৰ নেতৃত্বত সাম্ভাব্য কমিউনিষ্ট অভ্যুত্থান প্রতিহত কৰাৰ প্রয়োজনতেই আন্তঃৰাষ্ট্রীয় ৰাজনীতিত শীতল যুদ্ধৰ আৰম্ভণি হৈছিল। শীতল যুদ্ধৰ পৰৱৰ্তী পদক্ষেপ গ্রহণ কৰা হয় সামৰিক শক্তি জোঁট তৈয়াৰ কৰাৰ দিশত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত উত্তৰ আটলান্টিক সন্ধি সংগঠন নামেৰে এটি সামৰিক শক্তি জোঁট সংগঠিত কৰা হয়। ইয়াৰ সদস্য ৰাষ্ট্ৰ হ’ল — ব্রিটেইন, ফ্রান্স, বেলজিয়াম, ডেনমার্ক, আইছলেগু, ইটালী, হলেণ্ড, নবওৱে, পৰ্টুগাল, আমেৰিকা যুক্তৰাষ্ট্র, গ্রীচ, তুৰষ্ক আদি।

১৯৫৫ চনৰ মে’ মাহৰ ১৪ তাৰিখে ছোভিয়েট ৰাচিয়াই কমিউনিষ্ট দেশসমূহক লৈ ‘ওৱার্শ্ব’ সন্ধি সংগঠন নামেৰে আন এক শক্তি জোট গঠন কৰে। এই শক্তি জোটৰ সদস্য ৰাষ্ট্ৰসমূহ হৈছে — ফ্রান্স, ছোভিয়েট ৰাচিয়া, ইটালী, বুলগেৰিয়া, ছেক শ্লোভাকিয়া, হাংগেৰী, পোলেণ্ড, ৰোমানিয়া, যুগোশ্লাভিয়া আদি।

গতিকে দেখা যায় যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিশ্বৰ দেশসমূহ পৰস্পৰ দুটা বিবদমান শিবিৰত ভাগ হৈ পৰে। তেনে অৱস্থাত ভাৰতবৰ্ষই কোনটো শিবিৰৰ অনুগত হ’ব সেয়া আছিল এক প্রধান আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক প্রশ্ন। ভাৰতবৰ্ষই এই শিবিৰৰ কোনো এটাতে অন্তর্ভুক্ত নহৈ বৰং নিজস্ব ঐতিহাসিক, দৰ্শনৰ সহায়ত আৰু নিজৰ বৈদেশিক নীতিৰ পৰিচালনাৰে উক্ত পৰস্পৰ বিৰোধী কোনো এটা শিৱিৰৰ প্ৰতিয়েই কোনো ধৰণৰ শত্রুতা পোষণ নকৰিলে আৰু আনুগত্যও প্রকাশ নকৰিলে। নিজ দেশৰ বৈদেশিক নীতি স্বতন্ত্রভাৱে পৰিচালনা কৰাৰ প্রয়োজনীয়তা অনুভৱ কৰি ভাৰতবৰ্ষই গোষ্ঠী নিৰপেক্ষ নীতি নির্ধাৰণ কৰিলে। সেই নীতি দ্বি-পাক্ষিক বা বহু-পাক্ষিক বৈদেশিক সম্পর্ক স্থাপন আৰু পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তীকালত বিশ্ব ৰাজনৈতিক ইতিহাসত পৰিচিত সেয়াই আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলন। এই আন্দোলনৰ প্ৰতি ভাৰতবৰ্ষৰ লগতে সমসাময়িক বিশ্বৰ বহুতো স্বাধীন ৰাষ্ট্ৰয়ো সমর্থন জনাইছিল। এইটোৱেই আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিশেষ ঐতিহাসিক পটভূমি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top