ঘৰ সাজিবলৈ অনুমতি বিচাৰি পৌৰসভালৈ কৰা আবেদন পত্ৰ।
প্ৰতি,
মাননীয় চেয়াৰমেন ডাঙৰীয়া
সমীপেষু,
নগাঁও পৌৰসভা,
নগাঁও, অসম।
তাৰিখ…………….
বিষয়: ঘৰ সাজিবলৈ অনুমতি বিচাৰি পৌৰসভালৈ কৰা আবেদন পত্ৰ।
মাননীয় মহোদয়,
অধীনৰ বিনীত নিবেদন এই যে মই নগাৱতে আজি দহ বছৰ ধৰি বাস কৰি আহিছোঁ। বৰ্তমান মই ভাৰাঘৰতে আছোঁ। মোৰ চাকৰিৰ কাৰ্য্যকালো আৰু বেছিদিন নাই। সেয়েহে চাকৰি থাকোতেই ইয়াতে স্থায়ীভাৱে থাকিবলৈ নিজাকৈ এটা ঘৰ সাজিবলৈ স্থিৰ কৰিছোঁ। সেই উদ্দেশ্য ইয়াৰে আমোলাপট্টীত দুইকঠাৰ এটুকুৰা মাটি কিনিছো। ইতিমধ্যে মই ঘৰৰ যাৱতীয় নক্সা আদি তৈয়াৰ কৰিছো। মাটিৰ খাজনা দিয়া ৰচিদসহ-ঘৰৰ নক্সা আদি এই আবেদন পত্ৰৰ লগত গাঠি দিছো আপোনাৰ বিবেচনাৰ্থে।
গতিকে দয়ালু মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি যেন ঘৰ সজোৱাৰ যাৱতীয় অনুমতি সোনকালে দি মোক বাধিত কৰে যেন।
ইয়াৰ লগতে মাটিৰ খাজনা দিয়া ৰচিদৰ ফটোকপি আৰু দুখন ঘৰৰ নক্সা গাঠি দিয়া হ’ল।
ধন্যবাদসহ,
ইতি
আপোনাৰ বিশ্বাসী
জ্যোতিপ্ৰসাদ ডেকা
ফৌজদাৰীপট্টি
নগাঁও (অসম)
A Petition to The Chairman Seeking Permission to Construct House.
To
Hon’ble Chairman,
Municipality,
Nagaon (Assam)
Date_________
Sub: A Petition to The Chairman Seeking Permission to Construct House.
Respected Sir,
With due respect I would like to state that I have been living in Nagaon since last ten years in the rented house. My service period is also coming to end soon. Therefore, I have decided to live here permanently for which I would like to construct a house of my own. I have already purchased a plot of land measuring “two Katha” at Amolapatty here. I have also prepared necessary plans and drawings of the proposed house. As such land-revenue receipt and the plan and drawing of the house has been attached with this application for your kind consideration.
Therefore, Sir, this is my humble request and prayer to you to accord necessary permission to me soon to construct the proposed house and oblige.
Enclosed:
1. A Xerox copy of land revenue receipt.
2. Two copies of plan and drawing of the proposed house.
With thanks,
Yours faithfully,
Jyotiprasad Deka
Fouzdary patty, Nagaon (Assam)
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application for New Telephone at Residence

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.