Niketan Class 4 Science Chapter 22 কাৰ্য্য আৰু শক্তি

Niketan Class 4 Science Chapter 22 কাৰ্য্য আৰু শক্তি, Sankardev Sishu Niketan Chapter 22 কাৰ্য্য আৰু শক্তি Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

কাৰ্য্য আৰু শক্তি

Chapter – 22

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। বল দিলে কি হয়?

উত্তৰঃ বল দিলে বস্তুৰ স্থানৰ পৰিবৰ্তন হয়।

২। শক্তি বুলিলে কি বুজা?

উত্তৰঃ কোনো এটা কাৰ্য্য কৰিবলৈ যি বল প্রয়োগ কৰা হয়, তাকে শক্তি বোলে।

৩। ইন্ধন কি? আমি কেইপ্ৰকাৰৰ ইন্ধনৰ বিষয়ে জানো?

উত্তৰঃ যি বস্তু পুৰিলে কোনো তাপ শক্তি পোৱা যায়, তাকে ইন্ধন বোলে।আমি তিনি প্ৰকাৰ ইন্ধনৰ বিষয়ে জানো। যেনে :-

ক) গোটা ইন্ধন।

খ) জুলীয়া ইন্ধন।

গ) গেছীয় ইন্ধন।

উদাহৰণ :- গোটা ইন্ধন ― কলা

গেছীয় ইন্ধন — প্রাকৃতিক গেছ 

জুলীয়া ইন্ধন — পানী

৪। গতি শক্তি মানে কি?

উত্তৰঃ কোনো এটা বস্তুৱে চলি থাকোতে বা গতি কৰি থাকোতে যি শক্তি লাভ কৰে,তাকে গতি শক্তি বোলে।

৫। ধনুৰ গুণডাল টানি ৰাখিলে কি শক্তি পায় ?

উত্তৰঃ ধনুৰ গুণডাল টানি ৰাখিলে স্থিতি শক্তি পোৱা যায়।

৬। পতাকা এখন খুটাত ওলোমাই থলে উৰি থাকে কিয়?

উত্তৰঃ পতাকা এখন খুটাত ওলোমাই থলে পতাকাখনত বায়ুৱে ক্ৰিয়া কৰি থাকে ফলত পতাকাখনে গতি শক্তি লাভ কৰি উৰি থাকে।

৭। পাহাৰৰ টিঙত থকা শিলটো তললৈ বাগৰি আহে কিয় ? 

উত্তৰঃ পৃথিৱীয়ে সকলো বস্তুকে নিজৰ গাৰফালে টানি থাকে। পৃথিৱীৰ এই মাধ্যাকৰ্ষণিক বলৰ বাবে পাহাৰৰ টিঙত থকা শিলটো তললৈ বাগৰি আহে।

৮। তেলৰ চাকি এটা জ্বলালে কি শক্তি পাম? 

উত্তৰঃ তেলৰ চাকি এটা জ্বলালে তাত তাপ শক্তি পোৱা যায়।

৯। শক্তিৰ ৰূপান্তৰ মানে কি?

উত্তৰঃ এবিধ শক্তিক আন এবিধ শক্তিলৈ পৰিবৰ্তন কৰাকে শক্তিৰ 

ৰূপান্তৰ বুলি কোৱা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। কাৰ্য্য কাক বোলে?

উত্তৰঃ বল প্রয়োগৰ দ্বাৰা বস্তুৰ স্থানৰ পৰিবৰ্তন কৰাকে কাৰ্য বোলে।

২। কাৰ্য কৰিবলৈ কিহৰ প্ৰয়োজন?

উত্তৰঃ কাৰ্য কৰিবলৈ শক্তিৰ প্ৰয়োজন। 

৩। কেইবিধমান শক্তিৰ নাম লিখা ?

উত্তৰঃ কেইবিধমান শক্তিৰ নাম হ’ল-

ক) স্থিতি শক্তি

খ) গতি শক্তি

গ) তাপ শক্তি

ঘ) বিদ্যুৎ শক্তি

ঙ) চুম্বকীয় শক্তি

৪। চুম্বকীয় শক্তি কাক বোলে?

উত্তৰঃ যি শক্তিৰ জৰিয়তে চুম্বকে বস্তুসমূহ নিজৰ গাৰফালে টানে, তাকে চুম্বকীয় শক্তি বোলে।

৫। মাধ্যাকৰ্ষণ শক্তি কাক বোলে?

উত্তৰঃ পৃথিবীয়ে সকলো বস্তুকে নিজৰ গাৰ ফালে টানে।পৃথিৱীৰ এই শক্তিটোক ’ মাধ্যাকর্ষণ শক্তি বোলে।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top