মফিজুদ্দিন আহমদ হাজৰিকা জীৱনী – চুফীবাদী দাৰ্শনিক কবি | Mafizuddin Ahmed Hazarika 

অসমীয়া সাহিত্য জগতলৈ বিভিন্ন জন ব্যক্তিয়ে বিভিন্ন ধৰণেৰে অৱদান আগবঢ়াই থৈ গৈছে। তাৰ ভিতৰত এজন উল্লেখযোগ্য সাহিত্যক তথা কবি হ’ল মফিজুদ্দিন আহমদ হাজৰিকা। জোনাকী যুগৰ লেখকসকলৰ সমসাময়িক হ’লেও জোনাকী কাকতৰ সৈতে জড়িত নথকা অসমীয়া ভাষাৰ প্ৰথম চুফীবাদী দাৰ্শনিক কবি হৈছে মফিজুদ্দিন আহমদ হাজৰিকা (Mafizuddin Ahmed Hazarika)। নিজৰ সৃষ্টিশীল প্ৰতিভাৰ জৰিয়তে কিছু পৃথক বৈশিষ্ট্যৰে কবিতা ৰচনা কৰি অসমীয়া কাব্য সাহিত্যৰ ক্ষেত্ৰখনত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা মফিজুদ্দিন আহমদ হাজৰিকাৰ অসমীয়া কাব্য সাহিত্যত এক বিশেষ পৰিচয় আছে।

মফিজুদ্দিন আহমদ হাজৰিকা

মফিজুদ্দিন আহমদ হাজৰিকা জীৱনী | Mafizuddin Ahmed Hazarika Biography

Join Telegram channel

Table of Contents

নামমফিজুদ্দিন আহমদ হাজৰিকা (Mafizuddin Ahmed Hazarika[1])
জন্ম চন৩০ আগষ্ট, ১৮৭০ চন
জন্ম স্থানডিব্ৰুগড়, অসম
পৰিয়ালপিতৃৰ নাম- হিম্মতুদ্দিন আহমদ হাজৰিকা
মাতৃৰ নাম- ৰাহনুৰী আহমদ হাজৰিকা
শিক্ষাডিব্ৰুগড় চৰকাৰী হাইস্কুল      
মৃত্যু ২৯ অক্টোবৰ, ১৯৫৮ চন

Also Read: জীৱনী: অম্বিকাগিৰী ৰায়চৌধুৰী- অসমীয়া সাহিত্যিক | Ambikagiri Raichoudhury

মফিজুদ্দিন আহমদ হাজৰিকা প্ৰাৰম্ভিক জীৱন

কিছু পৃথক তথা অনন্য বৈশিষ্ট্যৰে কবিতা ৰচনা কৰি কাব্য সাহিত্যত এক বিশেষ স্থান দখল কৰা মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হৈছিল ১৮৭০ চনত ডিব্ৰুগড় জিলাত এক সম্ভ্ৰান্ত মুছলমান পৰিয়ালত। গুৰুত্বপূৰ্ণ কথা যে শৰাইঘাট যুদ্ধত মোগলক পৰাস্ত কৰিবলৈ লাচিত বৰফুকনৰ সৈতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বাঘ হাজৰিকাৰ বংশধৰ হ’ল মফিজুদ্দিন আহমদ হাজৰিকা।

শিক্ষা আৰু জীৱিকা

জন্ম স্থান ডিব্ৰুগড়তে আনুষ্ঠানিক শিক্ষা শেষ কৰা আহমদ হাজৰিকাই ১৮৯২ চনত ডিব্ৰুগড়ৰৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত দিছিল যদিও উত্তীৰ্ন হ’ব নোৱাৰিলে যদিও ১৮৯৩ চনত উত্তৰ লক্ষীমপুৰৰ বন বিভাগৰ চাকৰিত যোগদান কৰে। ইয়াৰ পৰৱৰ্তী সময়ত লক্ষ্মীপুৰ আদালততো আমোলা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ডিব্ৰুগড় কাছাৰীলৈ ১৯০২ চনত স্থানান্তৰ হৈ ডিব্ৰুগড় কাছাৰীৰ ক্লাৰ্ক তথা পেস্কাৰ হিচাপে ১৯২৬ চনত অৱসৰ গ্ৰহণ কৰে। 

কবি ৰূপে মফিজুদ্দিন আহমদ হাজৰিকা

কেৱল অসম বা ভাৰতৰ মাজতে সীমাবদ্ধ নাথাকি সমগ্ৰ বিশ্বৰে শ্ৰেষ্ঠ আধ্যাত্মিকতাবাদী কবিসকলৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হোৱা এজন অন্যতম কবি হ’ল মফিজুদ্দিন আহমদ হাজৰিকা। জন্মসূত্ৰে মুছলমান হোৱা স্বত্বেও কোনো ধৰ্মীয় পৰিধিৰ মাজত আৱদ্ধ নহৈ আধ্যাত্মিক চিন্তাক সীমাবদ্ধ কৰি নৰখা মফিজুদ্দিন আহমদ হাজৰিকাক ভাৰতীয় সনাতন ধৰ্ম আৰু ইছলাম ধৰ্মৰ মূল আদৰ্শই সমানে প্ৰভাৱান্বিত কৰিছিল। 

নিচেই কম বয়সতে মফিজুদ্দিন আহমদ হাজৰিকাৰ প্ৰথম কবিতা পুথিখন প্ৰকাশ পাইছিল। ২৬ বছৰ বয়সত “বিশ্বখনিকৰ”, “মৰিশালীখনি”, “মুনিচুনি বেলি” আদি কবিতা সন্নিৱিষ্ট কৰি  ১৮৯৬ চনত প্ৰকাশ কৰিছিল তেওঁৰ প্ৰথম কবিতা পুথি জ্ঞান মালিনী। উল্লেখ্য যে জ্ঞান মালিনীত সন্নিৱিষ্ট হোৱা কবিতা সমূহৰ প্ৰকাশ ভংগী তথা ভাৱ ভাষাই সেই সময়ত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল সাহিত্যিক আৰু সাহিত্যানুৰাগী ব্যক্তি সমাজৰ মাজত এক আলোড়নৰ সৃষ্টি কৰিছিল। আধুনিক ভাবধাৰাৰে আৰু আধ্যাত্মিকতাৰে আত্মপ্রকাশ কৰা ‘জ্ঞান-মালিনী অসমীয়া কাব্য-সাহিত্যত জীৱনবোধৰ দাপোণ স্বৰূপ৷ এক চিৰন্তনীয়, সত্য জ্ঞানবর্ধক কাব্য প্রতিভূ হিচাপে আজিৰ পৰা ঠিক এশ পোন্ধৰ বছৰ পূর্বে প্রকাশিত জ্ঞান-মালিনী কাব্য সংকলনটো আজিও স্থিতপ্রজ্ঞ হৈ আছে। ইয়াৰ বাবেই অসমীয়া সাহিত্য জগতত মফিজুদ্দিন আহমদ হাজৰিকা পৰিচিত জ্ঞান মালিনীৰ কবি হিচাপে। উল্লেখ্য যে অতি সৱল তথা শক্তিশালী অথচ সৰল ভাষাত অসমীয়া কবিতাত আহমদ হাজৰিকাৰ জ্ঞান মালিনীৰ পূৰ্বে কেতিয়াও আধ্যাত্মিকতা আৰু নৈতিকতাৰ আদৰ্শ প্ৰতিফলিত হোৱা নাছিল। সেয়েহে অসমীয়া কাব্য সাহিত্যত জ্ঞান মালিনীৰ স্থান অদ্বিতীয়। ইছলামৰ চুফীবাদ দৰ্শন আৰু হিন্দুৰ পৰম ব্ৰক্ষ্মাৰ ধাৰণাক স্পষ্ট ৰূপত প্ৰকাশ কৰিছে আজিৰ পৰা প্ৰায় ১২৫ বছৰ আগতে ৰচনা কৰা জ্ঞান মালিনী’ৰ জৰিয়তে। 

বৈৰাগ্য ভাব স্পষ্ট ভাৱে প্ৰকাশ পোৱা মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাসমূহে জীৱনটোক শুদ্ধ পথেৰে নিয়াৰ ক্ষেত্রত এক গঠনমূলক তাত্ত্বিক ধাৰণা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ড০ নগেন শইকীয়াই মন্তব্য প্ৰকাশ কৰিছিল যে মফিজুদ্দিনৰ আহমদ হাজৰিকাৰ জ্ঞান মালিনীয়ে ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভৰ অসমীয়া কাব্য-সাহিত্যৰ প্রবাহত এটা ঐতিহ্যৰ জলধাৰাৰে বৰঙনি যোগাইছিল সেই কথা অসমীয়া জাতিয়ে, অসমীয়া সাহিত্যই কেতিয়াও নাপাহৰে।

জ্ঞান মালিনীৰ উপৰিও মফিজুদ্দিন আহমদ হাজৰিকাৰ প্ৰকাশিত আন এখন কবিতাৰ সংকলন হ’ল তত্ত্ব পাৰিজাত’। মৰণোত্তৰভাৱে প্ৰকাশিত এইখন কবিতাৰ সংকলন প্ৰকাশ পাইছিল ১৯৭০ চনত অৰ্থাৎ হাজৰিকাৰ মৃত্যুৰ ১২ বছৰ পাছত। গুৰুত্বপূৰ্ণ কথা যে এইখন কবিতা পুথিৰ মাত্ৰ চাৰিটা কবিতাহে বৰ্তমান উপলব্ধ।

সহজ সৰল ঘৰুৱা ভাষা, জতুৱা ঠাঁচৰ ব্যৱহাৰ, ভাষাৰ ক্ষেত্ৰত কোনোধৰণৰ জটিলতা নথকাকৈ শুৱলা কথনশৈলীৰে অসমীয়া মানুহৰ মাত কথাৰ সুৰ আৰু ভাষা ব্যৱহাৰ কৰাটো মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য। উল্লেখ্য যে আহমদ হাজৰিকাৰ কবিতা সমূহ প্ৰত্যক্ষ কৰিলে এগৰাকী সার্থক চিত্রকল্পবাদী কবি হিচাপেও প্ৰত্যক্ষ কৰিব পাৰি। এক কথাত তেওঁ হ’ল প্রথম অসমীয়া আধুনিক চিত্রকল্পবাদী কবিসকলৰ অন্যতম এজন কবি।

কনকলাল বৰুৱাদেৱে মফিজুদ্দিন আহমদ হাজৰিকাৰ সৃষ্টিৰাজীৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছিল যে, নিখুঁত ঘৰুৱা অসমীয়া শব্দেৰে ইমান সুন্দৰকৈ ভাৱ বিলাক প্ৰকাশ কৰিব পাৰি তাক ভবা হোৱা নাছিল। দৰাচলতে অসমীয়া ভাষাত সংস্কৃত ভাষাৰ সুন্দৰ ব্যৱহাৰ তাক কম ব্যৱহাৰ কৰি কৰি এনে কবিতা লিখা অসম্ভৱ।

গুৰুত্বপূৰ্ণ কথা যে ক্ষুদ্ৰ কলেবৰৰ হ’লেও মফিজুদ্দিন আহমদ হাজৰিকাৰ প্ৰথম প্ৰকাশিত কবিতা সংকলন “জ্ঞান মালিনী”ত বহু কেইটা গভীৰ ভাবোদ্দীপক কবিতা সন্নিৱিষ্ট আছে। উল্লেখ্য যে তেওঁৰ প্ৰকাশিত কবিতা সমূহৰ ভিতৰত এটা উল্লেখযোগ্য কবিতা হৈছে ‘বিশ্বখনিকৰ’। বহু কবিতা সমালোচকৰ মতে এই কবিতাটোৰ আধ্যাত্মিক উচ্চতা অসাধাৰণ। আধ্যাত্মিকতাৰ জগত খন অতুলনীয় ভাৱে প্ৰতিফলিত কৰা এই কবিতাটোৰ জৰিয়তে মফিজুদ্দিন আহমদ হাজৰিকাৰ চিন্তা-চেতনা তথা জীৱন-বীক্ষাৰ আভাস পাব পাৰি। 

Also Read: লক্ষ্মীনাথ বেজবৰুৱা | Lakshminath Bezbaroa

চুফীবাদ দৰ্শনৰ প্ৰভাৱ

মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত চুফীবাদৰ দৰ্শনৰ প্ৰভাৱৰ বাবে কবিতাৰ বিষয়বস্তু আধ্যাত্মিক ভাৱ পৰিলক্ষিত হয়। গুৰুত্বপূৰ্ণ কথা যে যি সময়ত মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক দৰ্শন শক্তিশালী ৰূপত প্ৰতিফলিত হোৱা সময়ত তেওঁৰ সমসাময়িক আন কবি সকলৰ কবিতাত আধ্যাত্মিক দৰ্শন সবল ৰূপত প্ৰতিফলিত হোৱা নাছিল। আহমদ হাজৰিকা আছিল অসমীয়া ভাষাৰ প্ৰথম চুফীবাদী দাৰ্শনিক কবি। 

উল্লেখ্য যে চুফী দৰ্শনৰ ভগৱান প্ৰাপ্তিৰ চাৰিটা স্তৰ থাকে। এইসমূহ হ’ল- 

ক) গুৰত আত্মালোপ (ফানা ফিচ্ছেখ)

খ) হজৰত মহম্মদত আত্মালোপ (ফানা ফিৰৰছুল)

গ) আল্লাহত আত্মালোপ (ফানা ফিল্লাহ)

ঘ) আল্লাহৰ মাজত অনন্ত কালৰ বাবে আত্মালোপ (বাকাবিল্লাহ)

উল্লেখ্য যে মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত তৃতীয় স্তৰ পৰিলক্ষিত হয়। সৰল ভাষা প্ৰয়োগৰ জৰিয়তে আধ্যাত্মিকতা আৰু চুফীবাদৰ ৰহস্যময় জগতখন সাৱলীলভাৱে উপস্থাপন কৰাৰ বাবে সাধাৰণ পাঠকৰ বাবে ই সহজ আৰু বোধগম্য। আহমদ হাজৰিকাৰ কবিতাত ধৰ্মীয় সকীৰ্ণতাৰ বিপৰীতে ধৰ্মীয় নৈতিকতা পৰিলক্ষিত হয়। সাংসাৰিক মায়া মোহৰ পৰা মুক্ত হৈ মোক্ষ লাভ তথা ভগৱানৰ সান্নিধ্য লাভ কৰাৰ কথাই কবিতাৰ মাজেৰে প্ৰকাশ কৰিছে তেওঁ।

উল্লেখ্য যে মফিজুদ্দিন আহমদ হাজৰিকাই ১৯০৪ চনৰ পৰা ১৯৩৪ চনলৈকে সুদীৰ্ঘ ৩০ টা বছৰ ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও তেওঁ গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভা অধিবেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল ১৯৩০ চনত। মফিজুদ্দিন আহমদ হাজৰিকাই ১৯১৩ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা ছাত্ৰ সভাৰো সভাপতিৰ দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে মফিজুদ্দিন আহমদ হাজৰিকাই অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনো লাভ কৰিছিল অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদান বাবে। 

১৮৮৯ চনত কলিকতাৰ পৰা প্ৰকাশিত জোনাকী আলোচনীত কবিতা প্ৰকাশ নকৰিলেও নিজৰ সৃষ্টিশীল প্ৰতিভাৰ জৰিয়তে অসমীয়া কাব্য সাহিত্যত এক বিশেষ স্থান অধিকাৰ কৰিছে মফিজুদ্দিন আহমদ হাজৰিকাই। কবিতাৰ জৰিয়তে আহমদ হাজৰিকাই বিষয়ৰ পৰা মুক্তি পাবৰ কাৰণে, পূণ্যৰ পথত আগবাঢ়ি যাবৰ বাবে পৰমাত্মা সৈতে বিলীন হৈ যাবৰ বাবে আহ্বান জনাইছে। কবিৰ মতে মানুহৰ অমূল্য জীৱনবোৰ সাংসাৰিক জগতৰ লোভ মোহত পৰি অপচয় হয়। গতিকে আহমদ হাজৰিকাই সংসাৰৰ মায়া মোহৰ পৰা মুক্ত হৈ জীৱনৰ প্ৰকৃত সত্য আৰু ৰহস্য ভেদ কৰি চুফীবাদৰ পৰমাৰ্থ লাভ কৰি জীৱনৰ প্ৰকৃত অৰ্থ সাৱলীল ৰূপত প্ৰকাশ কৰিছিল তেওঁ।

চুফীবাদী দৰ্শনৰ কবিতা ৰচনা কৰি অসমীয়া কাব্য সাহিত্যত এক নতুন ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হোৱা মফিজুদ্দিন আহমদ হাজৰিকা এনে এজন সাহিত্যক যাৰ চিৰসেউজ সৃষ্টিৰাজীয়ে আজিও পাঠক সমাজক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পাৰিছে। কিন্তু দুৰ্ভাগ্যবশতঃ আজিও জ্ঞান-মালিনী’ৰ স্রষ্টা মফিজুদ্দিন আহমদ হাজৰিকাৰ সমগ্র কবিতাৰ ওপৰত আজিলৈকে বিশদ আলোচনা নহ’ল। যিটো অসমীয়া সাহিত্যৰ বাবে অতি দুর্ভাগ্যজনক কথা। কেৱল সাহিত্যিক দৃষ্টিভংগীৰেই নহয় আহমদ হাজৰিকাৰ কবিতা সমূহে পাঠক সমাজক জীৱনটোক শুদ্ধ পথেৰে নিয়াৰ ক্ষেত্রত এক গঠনমূলক তাত্ত্বিক ধাৰণা দিবলৈ সক্ষম হৈছিল। 

সামৰণি

সূক্ষ্ম অন্তৰ্দৃষ্টি, সুগভীৰ পৰ্যৱেক্ষণ আৰু স্বকীয় ৰচনাশৈলীৰে পাঠক সমাজৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা মফিজুদ্দিন আহমদ হাজৰিকাৰ সৃষ্টিৰাজী একক আৰু অনান্য। নিজৰ অনন্য আৰু অনবদ্য সৃষ্টিৰাজীৰ বাবে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত  এক সুকীয়া স্থান দখল কৰিছে আহমদ হাজৰিকাই। মানৱীয় প্ৰমূল্যবোধেৰে উজ্জীৱিত এইজন ব্যক্তি হ’ল অসমীয়া জাতিৰ গৌৰৱ।অসমীয়া সাহিত্যৰ তথা ইতিহাসৰ ওপৰত একনিষ্ঠ সাধনা কৰা মফিজুদ্দিন আহমদ হাজৰিকা হ’ল অসমৰ গৌৰৱ তথা অসমীয়াৰ স্বাভিমান। অসমীয়া কাব্য সাহিত্যত চুফীবাদী দৰ্শনৰ কবি  হিচাপে পৰিচিত মফিজুদ্দিন আহমদ হাজৰিকাই প্ৰমাণ কৰি দেখুৱাওলে যে আনুষ্ঠানিক শিক্ষা বহুত বেছি নাথাকিলেও যে নিজৰ সৃষ্টিশীল প্ৰতিভা, কঠোৰ অধ্যাৱসায় আৰু নিৰলস সাধনাৰ জৰিয়তে যে মানুহ সফল হব পাৰে। মফিজুদ্দিন আহমদ হাজৰিকা ভৱিষ্যতৰ প্ৰজন্মৰ বাবে পাথেয়।

ঊনবিংশ শতিকাৰ শেষত আৰু বিংশ শতিকাৰ প্ৰথম ভাগতে অসমীয়া সাহিত্যত এক নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা মফিজুদ্দিন আহমদ হাজৰিকাই ১৯৫৮ চনত  ইহলীলা সম্বৰণ কৰে।

Also Read: কনকলতা বৰুৱা জীৱনী | Biography of Kanaklata Barua

FAQ

১) মফিজুদ্দিন আহমদ হাজৰিকা কোন আছিল?

উঃ- অসমীয়া ভাষাৰ প্ৰথম চুফীবাদী দাৰ্শনিক কবি হৈছে মফিজুদ্দিন আহমদ হাজৰিকা। নিজৰ সৃষ্টিশীল প্ৰতিভাৰ জৰিয়তে কিছু পৃথক বৈশিষ্ট্যৰে কবিতা ৰচনা কৰি অসমীয়া কাব্য সাহিত্যৰ ক্ষেত্ৰখনত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম তেওঁ। 

২) মফিজুদ্দিন আহমদ হাজৰিকা কʼত জন্ম হৈছিল?

উঃ- অসমৰ ডিব্ৰুগড় জিলাত।

৩) মফিজুদ্দিন আহমদ হাজৰিকাৰ পিতৃৰ নাম কি আছিল?

উঃ- হিম্মতুদ্দিন আহমদ হাজৰিকা।

৪) বিশ্বখনিকৰ কোনে ৰচনা কৰিছিল?

উঃ- মফিজুদ্দিন আহমদ হাজৰিকায়ে।

৫) মফিজুদ্দিন আহমদ হাজৰিকাৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ২৯ অক্টোবৰ, ১৯৫৮ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top