কাহিনী: কণা আৰু কুঁজা | Kona Aru Kuja

কণা আৰু কুঁজা কাহিনী | Kona Aru Kuja, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, কণা আৰু কুঁজা গল্প, সাধুকথা, অসমীয়া কাহিনী, কণা আৰু কুঁজা কথা, শিশুৰ বাবে কাহিনী

Join Telegram channel

এখন গাঁৱত এটা কণা আৰু কুজা মানুহ আছিল। দুইৰো বৰ মিল আছিল। এদিন কণাই কুজাক কলে, “বান্ধ, আমি দুয়ো বিদেশত ধন ঘটিবলৈ যাওঁ বলা। ঘৰত বহি থাকি থাকি মিছাতে কাল কটাইহে আহিছোঁ হক।” এই কথা শুনি কুজাই কলে, “এ বান্ধ, তুমিনো এনেবোৰ গছত গৰু উঠা হোলোঙাৰে কাণ বিন্ধুৱা কথা কবলৈ শিকিলা। কেতিয়াৰ পৰা দেও হে? মই হলো কুজা, তুমি হলা কণা। মই জানিবা কোনোমতে কুজা কুঁজীকৈ  ইফালে সিফালে যাওঁৱেই, তুমি এখোজ কাঢ়িবলৈকে চকুৰে নেদেখা। এনে খলত আমি বিদেশলৈ গৈ ধন ঘটিমহক? ভাল কথা কৈছা দেও হে।” কুজাৰ কথা কথা শুনি কণাই হাঁহি কলে, “বান্ধ, তুমি নো ভয় খাইছা কেলৈ? তাৰ বুদ্ধি আছে। মই তোমাক কান্ধত তুলি লৈ যাম তুমি মোক বাট দেখুৱাই যাবা। মোৰ ভৰি আৰু তোমাৰ চকু আছে যেতিয়া চিন্তা কিহৰ? তাৰ উপৰি মোৰ বুদ্ধি নথকাও নহয়।” কণাৰ কথাটো কুজাৰ মনত খাই গল। কুজাই মাত লগালে – “ভাল কথা, বান্ধ, আহাঁ আমি ওলাই যাওঁসক; আমাৰ নো কপালত কি কি আছে এবাৰ তাকে খেপিয়াই জপিয়াই চাওঁকেইচোন; ঘৰতে বহি বহি আমি শুদাতে ভেকুৰী বুঢ়াহে হৈছোঁহক।”

ইয়াৰ পিছদিনা পুৱাই কণাৰ কান্ধত কুজা উঠিল আৰু দুয়ো ঈশ্বৰক চিন্তি বিদেশলৈ যাত্ৰা কৰিলে। এইদৰে দুয়ো গৈ থাকোঁতে বাটতে পৰি থকা এডাল দীঘল ফই কুজাৰ চকুত পৰিলত কুজাই মাত লগালে, “বান্ধ, এডাল বৰ দীঘল লেজু বাটতে পৰি আছে, লম নে?” কণাই উত্তৰ দিলে, “লৈ থোৱা বান্ধ, সিও এসময়ত উপকাৰ দিব পাৰে।” কণাৰ কথা শুনি কুজাই কণাৰ কান্ধৰ পৰা  নামি লেজুডাল সামৰি লৈ আকৌ কণাৰ কান্ধত উঠিল। এইদৰে গৈ থাকোঁতে বাটৰ কাষতে এমলা চূণ পৰি থকা দেখি কুজাই কণাক কলত, কণাই চূণ মলাও লৈ থবলৈ কলত, তাকো তুলি ললে। এইদৰে সিহঁত গৈ আছে তেনেতে পথাৰৰ মাজৰ আলিত গা ৰদাই থকা দুৰাকাছ এটা কুজাৰ চকুত পৰিলত কুজাই মাত লগালে, “বান্ধ, এটা দুৰাকাছ দেখিছোঁ। কণাই কলে, “নামা, নামি লাহেকৈ গৈ কাছটো ধৰি লৈ আহাগৈ; কোনে জানে সিও সময়ত উপকাৰ দিব পাৰে।” কণাই এইদৰে পাচি দিলত কুজাই হাতত সাৰে ভৰিত সাৰে গৈ কাছটো খপকৰে ধৰি লুটিয়াই পেলালে আৰু পেলায়েই তাৰ বুকুত গোৰ এটা মাৰি দি কাছটো ধৰি লৈ আহিল।

এইদৰে দুয়ো গৈ গৈ গধূলি পৰত এক মহা অৰণ্যত ওলালগৈ। সেই অৰণ্যৰ মাজতে এটা ডাঙৰ ঘৰ দেখি কুজাই কণাক কলে, “বান্ধ, এইখন মহা অৰণ্য; গধূলিও হৈ আহিছে; তোমাৰো ভাগৰ লাগি আহিছে; ইয়াতে কাৰোবাৰ এটা ডাঙৰ ঘৰ দেখিছোঁ;  ইয়াতে থাকি ৰাতিটো কটাওহঁক আহা।” কণাইও “বাৰু” – বুলি কুজাৰে সৈতে গৈ সেই ঘৰৰ দুৱাৰমুখ পাই দেখিলে যে ঘৰটোৰ ভিতৰত এটা বৰ ডাঙৰ ৰাক্ষস বহি টোপনিয়াই আছে। হঠাৎ ওলাই পৰা বিপদ দেখি কুজাই খপকৰে বাহিৰৰ পৰা ঘৰৰ দুৱাৰখন মাৰি পেলাই ডাঙ দি খুন্দি খুন্দি বান্ধি পেলালে। দুৱাৰ মৰাৰ শব্দ শুনি ৰাক্ষসৰ টোপনি ভাগিল; আৰু তেতিয়া সি দেখিলে মহাবিপদ, কোনোবাই বাহিৰৰ পৰা দুৱাৰ মাৰি তাক ঘৰৰ ভিতৰতে বন্দী কৰি পেলালে। সি যে এনেকৈ ঠেকত পৰিব, এই কথা ৰাক্ষসে আগেয়ে নাভাবিছিলেই; এতিয়া সেইদেখি সি নিৰূপায় হৈ ঘৰৰ ভিতৰত ডেডাউৰিবলৈ ধৰিলে। ডেডাউৰি শুনি কণা আৰু কুজা দুয়ো ওফাইদাং মাৰি বাহিৰৰপৰা মাত লগালে, “ভাই, আমি তোৰ ডাবিলৈ ভয় কৰা ভকত নহওঁ! আমি তাতকৈও ডাঙৰ বীৰ, তোৰ নিচিনা টোক আমি আমাৰ চূণৰ টেমিত ভৰাই থৈ চুণেৰে সৈতে পাণত সানি খাই থব পাৰো বুলি জানিবি। টোক মোহাৰি মাৰিলে আমাৰৰ হাতত গোন্ধৰ বাহিৰে একো চিনেই নাথাকিব।” সিহঁতৰ কথা শুনি ৰাক্ষসে ভিতৰৰপৰা কলে, “তহঁত যে ইমান ডাঙৰ বীৰ তাৰেই বা চিন কি?” সিহঁতে উত্তৰ দিলে, “তই যে ইমানকৈ ভিতৰত দমদমাই আছ, তয়েই যে বৰ বীৰ তাৰে বা চিন কি?” এই কথা শুনি ৰাক্ষসে তাৰ মূৰৰ পৰা চুলি এডাল উঘালী ঘৰৰ বাৰ আৰু চালৰ পানী পাছৰ মাজৰ সুৰুঙাইদি উলিয়াই দি সিহঁতক কলে– “চাচোন এইডাল মোৰ মূৰৰ চুলি কিমান ডাঙৰ কুজাই ততালিকে সেই সুৰুঙাৰেই বাটত পাই অনা লেজুডাল সৰকাই দি কলে, “আমাৰো চুলি এডাল চিঙি দিছোঁ, ধৰিবি।” লেজুডাল দেখিয়েই ৰাক্ষস কোঁচ মোচ খাই পৰিল। সি ভাবিলে – আও! ইহঁতৰ ইমানডাল যদি চুলিয়েই হয়, তেন্তে ইহঁত বীৰকেইটাই বা কিমান ডাঙৰ! ৰাক্ষসে এইদৰে ভাবি থাকোঁতেই কুজাই ৰাক্ষসৰ চুলিডাল ডুখৰ ডুখৰকৈ ছিঙি পেলাই পেংলাই কৰি মাত লগালে, “বৰ বীৰটোৰ চুলিতে চিন পালোঁ। বাৰু তোৰ মূৰৰ ওকণী এটা দেচোন চাওঁ কিমান ডাঙৰ?” ৰাক্ষসে এই কথা শুনি মূৰৰ পৰা ওকণী এটা আনি সৰকাই কুজাৰ হাতত পেলাই দিলত কুজাই হো হো কৰে হাঁহি ওকণীটো ফুটাই, “হো, মোৰ মূৰৰ এইটো ওকণী নি ফুটাচোন ” – বুলি দুৰকাছটো ৰাক্ষসক দিলে। ৰাক্ষস অবাক। সি কোনোমতেই দুৰাকাছটো ফুটাব নোৱাৰিলে। তেতিয়া সি ভাবিলে, সঁচাকৈয়ে তাতকৈ ইহঁত ডাঙৰ বীৰ। এনেতে কণাই মাত লগালে, “হেৰ, তোৰ এচৰু গাখীৰ আমাক দে আমি খাওঁ আৰু আমাৰ এই চৰু গাখীৰ তই খাচোন।” – এইবুলি চূণৰ মলাটো ৰাক্ষসৰ হাতত কুজাই দিলে। ৰাক্ষসেও ভিতৰৰ পৰা তাৰ গাখীৰ এচৰু উলিয়াই দিলে। ৰাক্ষস আগৰ দুটা কথাত আগত পৰি আছিল, সেইদেখি চূণমলা পায়েই সি গাখীৰ বুলি একেসোহাই খাই পেলালে। চুণে ডকাত তৎ নাপাই ৰাক্ষস বলিয়া হল আৰু দেহত সি নিজৰ জিভাখনকে আজুৰি ছিঙি ডেডাউৰীয়াই মৰি থাকিল। 

কণা কুজা ৰাতি বাহিৰতে থাকিল। পিছদিনা পুৱা সিহঁতে ৰাক্ষসটো মৰি পৰি থকা দেখি দুৱাৰখন মেলি ঘৰৰ ভিতৰত সোমাই দেখিলে যে তাত অনেক হীৰা, মুকুতা, সোণ, ৰূপ আছে। দুয়ো সেইবোৰ টোপোলা বান্ধি লৈ সিহঁতৰ গাঁৱলৈ উভতি আহিল। সিহঁতে ঘৰৰ ওচৰা ওচৰি পালত, সোণ, ৰূপ, হীৰা, মুকুতা বোৰ ভগাই লবৰ মন কৰিলে। কুজাই এভাগত সৰহকৈ আৰু এভাগত তাকৰকৈ দি ভগাই কণাক এভাগ লবলৈ কলত, কণাৰ হাত সৰহীয়া ভাগত পৰিল। কুজাই দেখি “ভগোৱা বেয়া হৈছে ” – বুলি কৈ আকৌ আগৰদৰে ভগাই সৰহীয়া ভাগ নিজৰ ফালে আৰু তাকৰীয়া ভাগ কণাৰ ফালে থৈ কণাক লবলৈ কলত, ঈশ্বৰৰ ইচ্ছাত এইবাৰো কণাৰ হাত সৰহীয়া ভাগতহে পৰিল। কুজাই ভাবিলে “ই কণাই কণা চকুৰেও কেনেবাকৈ দেখে।” ইয়াকে ভাবি সি কণাৰ চকু দুটা ভালকৈ ফুটাই দিবলৈ মন কৰি তাত এমুঠি বালি ঘঁহি দিলে। কিন্তু কণাৰ চকুত চামনি পৰিহে সি এদেখা হৈ আছিল; এতিয়া তাত বালি ঘঁহি দিলত সেই চামনি কাটি গল আৰু তেওঁ চকুৰে দেখা হল। সেইদেখি কণাই চকু মেলিয়েই কুজাৰ ফাঁকি বুজিব পাৰি কুজাৰ কুজত এটা থিয়গোৰ মাৰি দিলে। গোৰ খাই কুজাৰ কুজ পোন হৈ গল। তেতিয়া দুয়ো মিল হৈ সমানে ধনখিনি ভগাই লৈ ঘৰাঘৰি গুচি গল।

NOTE: কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। কণা আৰু কুঁজা এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। এজন কণা আৰু কুঁজা মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। কণা আৰু কুঁজা এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top