শিয়াল পগলা সাধু | The Crazy Fox

শিয়াল পগলা সাধু | The Crazy Fox Story, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, শিয়াল পগলা কাহিনী, শিয়াল পগলা গল্প, শিয়াল পগলা সাধু,, শিয়াল পগলা Hadhu Kotha.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

একালত বিক্ৰমাদিত্য নামে এজন ৰজা আছিল। তেওঁৰ পুতেকে ভোজ ৰজাৰ জীয়েকক বিয়া কৰিছিল। বিক্ৰমাদিত্য ৰজাৰ মৰণ হেনো গংগাৰ তীৰত আছিল। সেইদেখি বিক্ৰমাদিত্যৰ মৰণৰ সময় হলত তেওঁক গংগাতীৰলৈ অনা হল। কিন্তু গংগাযাত্ৰা কৰি তেওঁক গংগাৰ তীৰতে থোৱা হৈছিল , কোনোমতেই তেওঁৰ জীৱ নাযায়। লগত পুতেক আৰু বোৱাৰীয়েক দুয়ো আছিল। তিন দিনৰ মূৰত বিক্ৰমাদিত্যই অলপ জ্ঞান পাই পুতেকক মাতি আনি কলে , “বোপাই , মোৰ সোণৰ ধুৱাখোৱাটোত ধপাত এহোপা খাবৰ মন গৈছে , দেচোন।” তালৈ ধোঁৱাখোৱাটো লৈ যোৱা হোৱা নাছিল , সেইদেখি পুতেকে ঘৈণীয়েকক শহুৰেকৰ ওচৰত থৈ লৰি ধোঁৱাখোৱাটো আনিবলৈ গল। এনেতে বুঢ়া ৰজাৰ অন্তিমকাল উপস্থিত হল। ৰজাই তেওঁৰ মৰণ মূৰশিতানত জানি পুতেকক মাত লগালে – “বোপাই অ’। ওচৰ চাপি আহ , শুন।” বোৱাৰীয়েকেই “কি কৈছে , কওক ” – বুলি কলত ৰজাই পুতেকে উত্তৰ দিছে বুলি ভাবি কলে , “মোৰ এতিয়া প্ৰাণ যাব। এতেকে তোক কথা এটা কওঁ শুন – মোৰ শোৱা পালেংৰ তলত এক লাখ ৰূপ পোতা আছে , তুলসীৰ তলত এক লাখ আৰু গা ধোৱা শিলছটাৰ তলত এক লাখ , মুঠতে তিনি লাখ টকা আছে । তই গা পা ধুই মোৰ তুলসীৰ মালাধাৰ হাতত লৈ ‘মোৰ পিতৃৰ ৰূপ বান কত কি আছ ওলাই পৰ’ বুলিলেই এটাইবোৰ ওলাই পৰিব । সেই ৰূপ বানেৰেই তই সুখেৰে ৰাজ্য পালন কৰি খাই বৈ থাকিব পাৰিবি ।” বোৱাৰীয়েকে “ভাল দেউতা” বুলি শলাগিলত বিক্ৰমাদিত্যৰ ভেলটোৰ পৰা জীৱটো ওলাই গল , পুতেকে ধুৱাখোৱা লৈ বেগাবেগিকৈ আহিও বাপেকক নেপালেহি । বাপেকৰ মৰা শটোৰ ওচৰত ঘৈণীয়েকক দেখি তেওঁ সুধিলে –  “দেউতাই মৰিবৰ সময়ত কিবা কৈছিল নে ?” ঘৈণীয়েকে “একো কোৱা নাই” বুলি গিৰিয়েকক ফাঁকি দিলে ।

শিয়াল পগলা সাধু - Fox is crazy In Assamese Story
শিয়াল পগলা সাধু

ইয়াৰ পিছত পিতাকৰ কাঠ সংস্কাৰ কৰি ৰজাৰ পুতেক, ঘৈণীয়েকেৰে সৈতে ঘৰলৈ গল । ঘৰত কিছুদিন থকাৰ পিছত তেওঁলোকৰ খাবলৈ ভাত, পিন্ধিবলৈ কাপোৰ নাইকিয়া হৈ বৰ দুৰৱস্থা হল । মাকে দিনটো মাগি খুজি কোনোমতে দুকঠিমান চাউল গোটাই আনে, তাৰ একঠী মাক পুতেকে দুয়ো খায়, আৰু একঠী অকলৈ বোৱাৰীয়েকক দিয়ে, কাৰণ লোকৰ জীয়ৰী, তাই খোৱাত দুখ পালে আজি ধৰিয়েই যদি গুচি যায়, তেন্তে কোনে তাইক কি কৰে ।

এইদৰে তেওঁলোকে দুখে কষ্টে কিছুদিন চলিছে, এনেতে এদিনা প্ৰতি ভোজ ৰজাই তেওঁৰ ঘৰত ভোজ পাতি জ্ঞাতি কুটুম, অংহী বংহী সকলোকে ভোজ খাবলৈ নিমন্ত্ৰণ কৰিলে । জীয়েকক ৰজাই ভোজ ৰান্ধনী পাতি মাতি পঠিয়ালে । যিদিনা বাপেকৰ ঘৰৰপৰা জীয়েকক লৈ যাবলৈ মানুহ আহিছিল, সেইদিনা বিক্ৰমাদিত্য ৰজাৰ পুতেক কৰবালৈ ওলাই গৈছিল, ঘৰত নাছিল, সেইদেখি ঘৈণীয়েকে গিৰিয়েকক লগ নাপাই শাহুয়েকৰ আগতে কৈ গল – “আই, দহোকুৰি বধলাগে, মোৰেই শপত, আপোনাৰ পুতেকক মোৰ বোপাইৰ ঘৰলৈ পঠিয়াই দিব আৰু ভোজৰ ৰভাৰ মাজত খুটাটোতে বহিবলৈ কব।” শাহুৱেক “বাৰু কম” বুলি শলাগি থাকিল । পুতেক আহিলত মাকে কলে, “বোপাই, শহুৰেক ঘৰত আজি বৰ ভোজ পাতিছে । ঘৈণীয়েক ৰান্ধনী পাতি মাতি নিছে আৰু তোক নিমন্ত্ৰণ কৰি গৈছে । আৰু ঘৈণীয়েৰে বৰ শপত দি গৈছে, জা বোপাই, গৈ আহ, নহলে শহুৰেৰে বেয়া পাব । ঘৈণীয়েৰে তোক মাজৰ খুটাটোৰ ওচৰতে বহিবলৈ কৈ গৈছে নহলে বহুত মানুহৰ মাজত তাই তোক চিনি নাপাব পাৰে ।” পুতেকে কলে, “আই এতিয়া গধূলি হলহি, কিনো যাম, নেযাওঁৱেই দে ।” মাকে কলে “নহয় বোপাই, শহুৰেৰে মাতিছে যেতিয়া যাবই লাগিব, নগলে তেওঁ বৰ বেজাৰ পাব । যা মোৰ বোপাই যা ।” মাকে এইদৰে কলত বিক্ৰমাদিত্যৰ পুতেক ভোজলৈ গল ।

এন্ধাৰ ৰাতি খেপিয়াই জপিয়াই কোনোমতে গৈ বিক্ৰমাদিত্যৰ পুতেকে শহুৰেকৰ ঘৰ পালেগৈ । ভোজৰ ৰভাৰ কেওফালে প্ৰহৰী আৰু দুৱাৰত দুৱৰী আছিল । বাহিৰৰ বেৰ এৰিও ৰভাৰ ভিতৰত আৰু এখন বেৰ আৰু দুৱাৰ আছিল , তাতো প্ৰহৰী আৰু দুৱৰী আছিল । তেওঁ গৈয়েই প্ৰথমটো দুৱৰীক কলে , “দুৱৰী , দুৱাৰ এৰি দে ।” দুৱৰীয়ে উত্তৰ দিলে , “ৰজাৰ হুকুম নহলে দুৱাৰ এৰি দিব নোৱাৰোঁ ।” বিক্ৰমাদিত্যৰ পুতেকে কলে , “দে বোপাই দে দুৱাৰ এৰি , সাত সজীয়া লঘোণত মোৰ প্ৰাণ যায় ।” – এইবুলি ভালেখিনি খটবান্ধ কৰাৰ পিছতহে দুৱৰীয়ে তেওঁক দুৱাৰ এৰি দিলে । তাৰ পিছত তেওঁ গৈ দ্বিতীয় দুৱৰীক পাই কলে ,  “দুৱৰী , দুৱাৰ এৰি দে ।” সিও আগৰটোৰ দৰে অনেক খটবান্ধ কৰি পিছত দুৱাৰ এৰি দিলত , তেওঁ ৰভাৰ ভিতৰ সোমায়েই ৰভাৰ মাজত খুটাটোৰ ওচৰতে বহিল আৰু সকলো ৰাইজে পাত পাৰি লোৱা দেখি তেৱোঁ এখন পাত পাৰি ললে ।

ঘৈণীয়েকে চাউল সিজোৱা আৰু আঞ্জা আদি দিবলৈ আহি গিৰিয়েকক দেখিও নেদেখাৰ ভাও ধৰিলে আৰু সকলোতে ভাত আঞ্জা দিলে কিন্তু গিৰিয়েকক নিদিলে । তাই সকলোকে সুধিলে – “আপোনা সকলে ভাত আঞ্জা পালেনে ?” সকলোৱে “পালোঁ” বুলি মুখত গৰাহ ললে । এনেতে বিক্ৰমাদিত্যৰ পুতেকে মাত লগালে – “কি নো অগিয়ানী ৰজাৰ জীয়েক অ’ ! সকলোকে চাউল সিজোৱা দিলে , মোক দেখোন নিদিলে !” এই কথা কাণত পৰিলতে ৰজাৰ জীয়েক তাৰপৰা গৈ ৰোহঘৰত সোমাইলগৈ । সকলো ৰাইজৰ পাতৰ ভাত আঞ্জা ঢুকালত আকৌ দিবলগীয়া হলত ৰান্ধনীৰ বিচাৰ লাগিল । ৰান্ধনীক কতো বিচাৰি নাপাই , শেহত ৰোহ ঘৰত বিচাৰিলত তাতে ৰান্ধনী ওলাল । বাপেকে কলে , “আই , তোৰ নো কি হল ? কিয় ৰোহ পাতি শুই আছহি ? ইমানখন ৰাইজ ভাতৰ পাতত বহি আছে , তই ভাত নিদি শুই উঠি আছহি , ৰাইজে মোক শাও দিব এতিয়া । তই উঠি আহ , ৰাইজক ভাত দে হি , তোক যি লাগে মই তাকে দিম ।” জীয়েকে উত্তৰ দিলে , “সেই ৰভাৰ মাজত খুটাটোৰ ওচৰত বহি থকা মানুহটোক কাটি তাৰ তেজ মোক দেখুৱালেহে মই যাম ; সি মোক আজি বৰকৈ অপমান কৰিলে ।” জীয়েকৰ কথা শুনি ৰজাই তেতিয়াই কুকুৰা কটা চাওঁদাংক মতাই আনি সেই নানুহজনক কাটিবলৈ হুকুম দিলে ।

এই কথা দেখি পাত্ৰ মন্ত্ৰী সকলোৱে ভাবিলে – ‘এস ! কি অন্যায় কথাটো হল । এইৰ কথাৰেই এইহেন ঠানুৱা মানুহজনক কটাব লাগিল নে কি ?” – এইবুলি তেওঁলোকে মনে মনে তেওঁক হাৰীৰ ঘৰৰ ওচৰৰ জাপ টাটিৰ মাজত সোমাই থৈ , চাওঁদাংৰ হতুৱাই কুকুৰ এটা কটাই তাৰ তেজ আনি ৰজাক আৰু ৰজাৰ জীয়েকক দেখুৱালে । তেজ চাইহে ৰান্ধনীয়ে উঠি আহি ৰাইজক ভাত আঞ্জা দিলেহি । ৰাইজে খাই বৈ উঠি গলত ৰজাৰ জীয়েকে সোণৰ মাইহাঙত ভাত লৈ হাৰীটোক দিলেহি । ভাত অনা বেলি হোৱা দেখি হাৰীটোৱে ৰজাৰ জীয়েকক গালি পাৰি কলে , “কটা কুকুৰৰ জীয়েক ! ইমান পৰলৈকে তই মোলৈ ভাত নানি কি কৰিছিলি হয় ? ” ৰজাৰ জীয়েকে উত্তৰ দিলে – “কিনো খংখন খাইছে এ আই । তাক মাকতিয়েকে কটালো নহয় , সেই হে ইমান বেলি হল । এতিয়া আৰু কি ভয় আছে ? আমি দুয়ো সুখেৰে খাই বৈ থাকিব পাৰিম । সেই যে তাৰ বাপেকৰ মালাধাৰ আছে , মই গা ধুই উঠি সেইবোৰ হাতত লৈ , ‘মোৰ পিতৃক টকা কত কিমান আছ ওলাই পৰ’ বুলিলেই , তাৰ পালেংৰ তলৰপৰা এক লাখ , তুলসী তলৰ পৰা এক লাখ আৰু গা ধোঁৱা শিলৰ তলৰ পৰা এক লাখ ওলাব ; তাৰে আমি দুয়ো সুখেৰে খাই বৈ থাকিম , আমাৰ আৰু কিহৰ চিন্তা ?” 

বিক্ৰমাদিত্যৰ পুতেকে জাপ টাটীৰ মাজৰ পৰা এইবোৰ কথা শুনি আছিল । তেতিয়া তেওঁ তাৰ ভিতৰৰ পৰা ওলাই ঘৰলৈ গৈ পদূলিৰ মুখতে থকা পুখুৰীটোত গা ধুই , মালাধাৰ হাতত লৈ “মোৰ পিতৃৰ ধন যত আছে ওলাই পৰ” বুলিলতে সকলোখিনি ওলাই পৰিল । তেওঁ তেতিয়াই সেই ধনৰ কিছুমান মাকক দি কলে , “আই , কাইলৈ যদি কোনোবা আহি তোক খচকীও নিয়ে তথাপি তই এই টকাৰ সৈ নলবি ।” – এই বুলি মাকক কৈ তেওঁ বাকী টকাবোৰ লৈ বাটত থকা জৰীগছ এজোপাৰ আগত উঠি থাকিল । পিছদিনা ভোজ ৰজাৰ জীয়েকে হাৰীটোৰে সৈতে আহি ৰূপ বান একো নেপাই বুঢ়ীক সুধিলে একো উৱাদিহ উলিয়াব নোৱাৰি নিৰাশ হৈ গুচি গল । ইয়াৰ পিছত বিক্ৰমাদিত্যৰ পুতেকে গছৰপৰা নামি আহি কিছুমান ৰূপ লগত লৈ বাকীখিনি পুখুৰীটোতে ভালকৈ বুৰাই পুতি থলে । আগৰদৰে দেখাশুনাকৈ থাকিলে আপদৰ ভয় দেখি তেওঁ মৰা শিয়ালৰ মোট এটা পিন্ধি পগলাৰ ভাও জুৰি ঘৰ এৰি গাঁৱে গাঁৱে ফুৰিবলৈ ধৰিলে । তেতিয়াৰে পৰা তেওঁৰ নাম ‘শিয়াল পাগল’ হল ।

শিয়াল পগলা ই এইদৰে ফুৰি ফুৰি এখন বেলেগ ৰজাৰ নগৰত ওলালগৈ । সেই ৰজাৰ নগৰতে সোণাৰি এটাই কিছুমান ৰজা ঘৰীয়া অলংকাৰ কৰি থকা দেখি তেওঁ সোণাৰিটোক কলে , “হেৰ সোণাৰি , তোক ধন দিওঁ , তোৰ অলংকাৰবোৰ মোক দিবি নে ?” সোণাৰিয়ে কলে , “ৰজাৰ অলংকাৰ মই তোক কেনেকৈ দিম বোপাই ?” শিয়াল পগলা ই কলে , “যিমান বেচ তাতকৈ সৰহ কৈ টকা দিম দিওঁ দে ।” সোণাৰিয়ে অলংকাৰৰ বেচতকৈ বেছি টকা পাই অলংকাৰবোৰ শিয়াল পগলা ক দিলে । শিয়াল পগলা ই অলংকাৰবোৰ জোকাৰি পোকাৰি নাচি ফুৰিবলৈ ধৰিলে । শিয়াল পগলাই শিয়ালৰ ছালৰ মোট টোৰ ওপৰত লালি গুড় সানি লৈছিল , সেই দেখি তাত ভেনামাখিয়ে ভেন ভেনাই থাকে  । 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

এইদৰে গৈ গৈ শিয়াল পগলা ৰজাৰ ঘৰৰ ওচৰ পালেগৈ । সি নো কৰে কি , তেতিয়া ৰজাৰ জীয়েক আৰু পাতৰৰ জীয়েক পঢ়ালিলৈ যায় , তেতিয়া সি বাটতে পথালি দি পৰি থাকে । পাতৰৰ জীয়েকে কয় , – “এই পোক লগা শগুণেখোৱাটোকনো বাটত পৰি থাকিবলৈ কিহে পাইছে অ’ ?” তেতিয়া শিয়াল পগলাই কেকাই কেকাই কয় , “কত মানুহ মোৰ উপৰেদিয়েই যাব লাগিছে , তোমালোক গলে নো কি সানি আছে  । যোৱা আইহঁত , মোক ডেইয়েই যোৱা ।” কিন্তু তেওঁলোক সেইদৰে যাবলৈ অসন্মান হলে সি অলপ কৰি হৈ বাট এৰি দিয়ে আৰু সেইপিনেই দুয়ো গুচি যায় । এইদৰে বহুত দিন যোৱাত এদিন শিয়াল পগলাই ভাবিলে , “আজি বাট এৰি নিদিওঁ ।” ইয়াকে ঠিক কৰি সেই দিনাও আগৰদৰে বাটত পথালি দি পৰি থাকিল । ৰজাৰ জীয়েকে তো নামাতেই ; পাতৰৰ জীয়েকে মাত লগালে , “হেৰ পোক লগা । বাট এৰি দে । নিতৌ তই কি এইদৰে মাজ বাটত পথালি দি পৰি থাক ? বাট এৰি দে , নহলে ঠিক কৈছোঁ , আজি বুঢ়ীমাৰে তোক ডেই গুচি যাম ।” এই কথা শুনি শিয়াল পগলাই কলে , “যোৱা আইটি যোৱা , কত মানুহ ডেই যাব লাগিছে , তুমি গলে নো কি হল ? মই উঠিব নোৱাৰো , তুমি ডেই যোৱা ।” এই কথা শুনি পাতৰৰ জীয়েকৰ খং উঠি তাৰ বুকুতে তাই ভৰি দি গুচি গল । কিন্তু ৰজাৰ জীয়েকে নামাতিলে নচলাত পৰিলে দেখি লাহেকৈ মাত লগালে , “শিয়াল পগলা , মোক এলপ বাট এৰি দিয়া দেওঁহে । বেলি হল , ঘৰত খং কৰিব ।” সি উত্তৰ দিলে – “যোৱা আইটি মোক ডেইয়েই যোৱা , তোমাৰ লগৰীয়া সখীয়েৰাইতো বুকুত ভৰি দিয়েই গল , তুমিও যোৱা , একো সানি নাই ।” ৰজাৰ জীয়েকে মিহিকৈ উত্তৰ দিলে , “মই সেইদৰে নেযাওঁ দেওঁহে ; তেওঁ গল , যাওক ; মইতো আৰু মোৰ সখী নহওঁ । মোক কৃপা কৰি অলপ কাতি হৈ বাট এৰি দিয়া দেওঁহে ।” ৰজাৰ জীয়েকৰ কথা শুনি শিয়াল পগলাই কলে , “তুমি যদি মোলৈ আহিম বুলি সইত খোৱা তেহে মই বাট এৰি দিম , নহলে নিদিওঁ । তোমাৰ মন যায় যদি ডেইয়েই যোৱা ।” শিয়াল পগলাৰ কথা শুনি ৰজাৰ জীয়েকে মহা মস্কিলত পৰি ভালেখিনি বেলি ভাবি থাকি নিৰূপায় হৈ শেষত কলে , “বাৰু সইত সইত তিনি সইত খাই কৈছোঁ তোমালৈ আহিম । এতিয়া তুমি মোক বাট এৰি দিয়া ।” ৰজাৰ জীয়েকে তালৈ আহিম বুলি সইত খালত শিয়াল পগলাই বাট এৰি দিলে ।

ৰজাৰ জীয়েক ঘৰ পায়েই পোনেই ৰোহ ঘৰত সোমালগৈ । ৰজাৰ জীয়েকক বিচাৰি নাপাই জীয়েকৰ সখীয়েকক সুধালে সখীয়েকে কলে , শিয়াল পগলা বুলি পোক লগা মানুহ এটা বাটত পৰি বাট ভেটি আছিল । মই তাৰ বুকুতে ভৰি দিয়েই  গুচি আহিলোঁ , কিন্তু সখী নাহি তাতে তাৰে সৈতে খটবন্ধা কৰি আছিল । এতিয়াও তাতে থাকিব পায় ।” এই কথা শুনি ৰজা তালৈ গৈ তাতো জীয়েকক নাপাই , ৰোহ ঘৰত চাই তাতে পালে । “তোৰ কি হল ? কিয় ৰোহ ঘৰত পৰি আছ ?” – বুলি ৰজাই জীয়েকক সুধিলত জীয়েকে কলে , “দেউতা , আপুনি মোক যদি শিয়াল পগলালৈ বিয়া দিয়ে , তেন্তে মই ভাত খাম , নহলে নাখাও ; নাখাই মৰি যাম ।” ৰজাই অনেক বুজাই বঢ়াইও জীয়েকৰ মনৰপৰা সেই সংকল্প এৰুৱাব নোৱাৰি শেষত নিৰূপায় হৈ “বাৰু শিয়াল পগলালৈকে তোক বিয়া দিম , এতিয়া আহ , ভাত খাহি ।” – বুলি কৈ জীয়েকক মাতি আনি ভাত খুৱালেহি । পিছে ৰজাই এই কথা পাত্ৰ মন্ত্ৰী সভাসদসকলক  মাতি আনি কলত তেওঁলোকে কলে , “মহাৰাজে যেতিয়া দিম বুলি সৈ কাঢ়িছে , আইদেউক শিয়াল পগলালৈ দিবই লাগিব । কিন্তু মহাৰাজ এটা কাম কৰক – চাৰিওফালৰপৰা ৰজাৰ কোঁৱৰসকলক নিমন্ত্ৰণ কৰি আনি স্বয়ম্বৰ পাতি আইদেউক নোৱাই ধুৱাই শুকুলী হাতীত তুলি তেওঁৰ হাতত মালা দি স্বয়ম্বৰ সভালৈ পঠিয়াই দিয়ক । তেওঁ যাকে মন যায় তাৰে ডিঙিত মালা দি বৰক সেয়ে মহাৰাজৰ জীয়েকক পাব । তেতিয়া আৰু স্বৰ্গদেৱৰ গাত প্ৰত্যবায় নাথাকে ।” 

পাত্ৰ মন্ত্ৰী সভাসদসকলকৰ মন্ত্ৰণা শুনি ৰজাই জীয়েকক নোৱাই ধুৱাই শুকুলী হাতীত তুলি সভালৈ পঠিয়াই দিলে । জীয়েকে সভালৈ আহি কাৰো ডিঙিত মালা নিদি , সভাৰ আগচোতালত পৰি থকা শিয়াল পগলাৰ ডিঙিত মালা দিলে । এই কাণ্ড দেখি সকলোবোৰ ৰজাই ছি : ছি : ।’ কৰি কন্যাৰ বাপেক ৰজাক গৰিহণা দি সভাৰপৰা গুচি গল ।

ইয়াৰ পিছত ৰজাই দূৰত এটা ঘৰ সজাই বন্দী বেটি লগত দি জীয়েক জোঁৱায়েকক তাতে থৈ দিলে । পাতৰৰ জীয়েকে মাজে মাজে সখীয়েকক চাবলৈ আহি বাহিৰৰপৰা  মাতে – “সখী , তোমাৰ সেই পোক লগাটো ঘৰৰ ভিতৰত আছে নে ? আছে যদি মই ঘৰৰ ভিতৰলৈ আৰু নাযাওঁ ; তুমিয়েই এখন্তেক ওলাই আহা , তোমাক চাই গুচি যাওঁ ।”

এই দৰে কিছুদিন থকাৰ পিছত এদিন শিয়াল পগলাই গা ধুবলৈ তপত পানী বিচাৰি লিগিৰীজনীক পানী তপতাই আনি দিবলৈ কলে । লিগিৰীয়ে পানী আনিলত , শিয়াল পগলাই তাইক পানী থৈ যাবলৈ কলত লিগিৰিজনীয়ে তাৰপৰা গৈ আঁতৰৰ পৰা লুকাই থাকি , সি গা ধোৱা চাই আছিল । এনেতে শিয়াল পগলাই তাৰ মোটটোৰ মুখৰডুখৰ গুচাওঁতেই মুখখন ডিঙিলৈকে ওলাই জোনটো জিলকাদি জিলিকিবলৈ ধৰিলত , তাই দেখি লৰি গৈ ৰজাৰ জীয়েকৰ আগত কলেগৈ – “আইচু লৰি আহক , চাওঁকচোন ! তেওঁ কিবা মোট পিন্ধিহে ভেশচন কৰি আছিল ।” 

এই কথা শুনি ৰজাৰ জীয়েকে লৰি আহি দেখিলে যে লিগিৰীৰ কথা সঁচা । ঠানুৱা গিৰিয়েকৰ ৰূপ চাৰিওফালে চিটিকি পৰিছে । তেওঁ লৰালৰিকৈ আহি গিৰিয়েকৰ মোটটো ফালি পেলাই দি হুৰ হুৰ কৰে গাত পানী ঢালি ঘঁহি পিহি দিলে ; আৰু তেতিয়াই তেল টেঙা অনাই ঘঁহি চাফ চিকুণ কৰি কাপোৰ কানি পিন্ধাই দিলত গিৰিয়েক দিপলিপ পুৰুষজন হল ।

ইয়াৰ পিছত গিৰিয়েকে ঘৈণীয়েকৰ আগত আগৰেপৰা গুৰিলৈকে তেওঁৰ সকলো কথা কলে । লিগিৰীয়ে লৰি গৈ ৰজাৰ মাদৈক কলে – “মাদৈ , আহক চাওকহিচোন আপোনাৰ জোঁৱায়েকক । তেওঁ কিবা ভেশচন কৰিহে আজি অতদিন  আছিল । আজি আইচুৱে তেওঁক গা ধুৱাই দিছে , জেনেকৈহে তেওঁ জিলিকিছে , বেলিটোলৈকে চাব পাৰি তেওঁ আপোনাৰ জোঁৱায়েকৰ ফালে চাব নোৱাৰি ।” এই কথা শুনি , লিগিৰিজনীয়ে তেওঁক ঠাট্টা কৰিছে বুলি মাদৈয়ে হিয়া ভুকুৱাই কান্দিবলৈ ধৰিছে । ৰজাই মাদৈৰ কান্দোন শুনি লৰি আহি কি হৈছে বুলি সুধি সেই কথা শুনি একেলৰেই জীয়েক জোঁৱায়েকৰ ঘৰ ওলালগৈ । তেওঁ গৈ দেখে যে কথা সঁচা । তেতিয়া মাদৈও আহি তাতে ওলাই আনন্দত জীয়েক জোঁৱায়েকৰ ডিঙিত ধৰি কান্দিবলৈ ধৰিলে । ৰজাই জোঁৱায়েকৰ মুখৰপৰা তেওঁ এজন ৰজাৰ কোঁৱৰ বুলি জানি বৰ ৰং পালে । 

নগৰত এই কথা বিয়পি পৰিলত পৰিলত ৰজাৰ জোঁৱায়েকক চাবলৈ মানুহ ভাগি পৰিলহি । মানুহৰ হেঁচা কমিলত গধূলি পৰত পাতৰৰ জীয়েক ওলালহি । পাতৰৰ জীয়েকে এই কথা কোনোমতে পতিওৱা নাছিল । তাই ভাবিছিল এইটো কিবা মিছাকৈয়ে এটা ঢৌ তুলি দিছে । তাকে ভাবি তাই আহি সখীয়েকক মাতি সুধিলে ?”

“কিয়নো ঠাট্টা কৰা দেওঁহে ?” – বুলি ৰজাৰ জীয়েকে সখীয়েকক কৈ মনে মনে থাকিল । পিছে ৰজাৰ জীয়েকৰ গিৰিয়েকে পাতৰৰ জীয়েকক ভিতৰলৈ মাতি নিবলৈ ঘৈণীয়েকক কলত পাতৰৰ জীয়েকে সখীয়েকক সুধিলে – “সখী , তোমাৰ পোকপৰা শগুণে খোৱা ধুনীয়াটো ভিতৰতে আছে নেকি ?” ৰজাৰ জীয়েকে লাহেকৈ “নাই” বুলি কলত পাতৰৰ জীয়েক ঘৰৰ ভিতৰলৈ সোমাই গল ।

পাতৰৰ জীয়েকক ঘৰৰ ভিতৰত পাই ৰজাৰ জোঁৱায়েকে ধৰি তাইৰ নাক কাণ কাটি খেদি পঠিয়াই দিলে । পাতৰৰ জীয়েকে কান্দি কাটি তাইৰ ঘৰলৈ গৈ , কটা নাক কাণ বাপেকক দেখুৱাই সেই কথা কলত পাতৰে ৰজাৰ আগত গোচৰ দিলেহি । পাতৰৰ কথা শুনি ৰজাৰ বৰ খং উঠিল । ৰজাই তেতিয়াই জীয়েকৰ ঘৰলৈ গৈ জীয়েকক সুধিলে , “জোঁৱাইয়ে পাতৰৰ জীয়েকৰ নাক কাণ কাটিবৰ কোন ?” জীয়েকে উত্তৰ দিলে , “আপুনি নো এই কথা সুধিবৰ কোন ?” ৰজাই এনে উত্তৰ শুনি তধা লাগি কলে – “মই কোন তই নাজান ? মই ৰজা ।” জীয়েকে উত্তৰ দিলে – “মোৰ গিৰিহঁতও মহাৰাজ বিক্ৰমাদিত্যৰ পুতেক মহাৰাজা ।”

বিক্ৰমাদিত্যৰ নাম শুনিয়েই ৰজা জয় পৰি গল । তেওঁ তেতিয়া জোঁৱায়েকৰ আঁতিগুৰি বুজি লৈ কলে , “তেওঁ দেখোন পাতৰৰ জীয়েকৰহে নালাগে আমাৰও নাক কাণৰ গৰাকী । তেওঁৰ আগত আমি নো কি এখুদমান ৰজা ।” – এইবুলি ৰজাই জোঁৱায়েকক বৰ মান সৎকাৰ কৰিলত , জোঁৱায়েকে তেতিয়া নিজৰ আঁতিগুটি আৰু কিয় তেওঁৰ ৰাজ্য এৰি তেওঁ এইদৰে বলিয়া হৈ ঘূৰি ফুৰিছিল ইত্যাদি সকলো কথা শহুৰেকৰ আগত ভাঙি পাতি কলে আৰু পাতৰৰ জীয়েকে তেওঁক কেনেকৈ সদায় অপমান কৰি আছিল আৰু সেইবাবেহে যে তেওঁ তাইৰ নাক কাণ কাটিলে এই কথাও কলে ।

এইবোৰ কথা শুনি শহুৰেক ৰজাই জোঁৱায়েকক আনি নিজৰ সিংহাসনত বহুৱাই নিজে নামনিৰ ঘাটোলাত বহিল । ইয়াৰ পিছত ৰজাই কন্যাদানৰ ভোজ দিবলৈ ন কুৰি হজুৱাক ন কুৰি পহু মাৰি আনিবলৈ হাবিলৈ পঠিয়ালে । হজুৱাবোৰে পহু নাপাই , গধূলি উভতি আহি ৰজাৰ যোৱায়েকৰ আগত দীঘল দি পৰি কলে , “আমাক ৰাখক ! আমি পহু নাপালোঁ বুলি কলে ৰজাই আমাক কাটিব ।” জোঁৱায়েকে হজুৱাহতক অভয় দিলত সিহঁত ৰাতি তাতে থাকিল । বিক্ৰমাদিত্য ৰজাৰ পুতেকে সেই ন কুৰি হজুৱাৰ টিকাত চাব দি সিহঁতক নিজৰ কৰি ললে আৰু পিছদিনা নিজে হাবিলৈ গৈ ন কুৰি পহু মাৰি আনি শহুৰেকক দি বৰ ভোজ পিতাই সকলোকে খুৱালে ।

বিক্ৰমাদিত্য ৰজাৰ পুতেক কিছুমান দিন তাতে থাকি , তাৰ পিছত নিজৰ ঘৰলৈ যাবলৈ ওলাল । শহুৰ শাহুৱেকক বিদায় লৈ তেওঁ যৌতুকত পোৱা বেটি বন্দী , লা লগুৱা , দোলা ঘোঁৰাৰে সৈতে সেই ন কুৰি হজুৱা লগত লৈ ঢোল , খোল , বায়নে তলৰ মাটি ওপৰলৈ যাবলৈ ধৰিলে । বিক্ৰমাদিত্যৰ পুতেক এইদৰে গৈ নিজৰ ঘৰৰ ওচৰ পালত অলৰ অচৰ বুঢ়ীমাকে ভয় খাই চুচৰি বাগৰি কোনোমতে গৈ বাৰী চুকৰ হাবিত সোমালগৈ । পুতেকে ঘৰ পাই মাকক নেদেখি বিচাৰি বাৰী চুকৰ হাবিত পাই , নিজৰ চিনাকি দি আৰু নিৰ্ভয় দি উলিয়াই আনিলে । ইয়াৰ পিছত তেওঁ নিজৰ ৰাজ্য খন ভালকৈ পাতি লৈ মহাপয়োভৰেৰে ৰাজত্ব কৰিবলৈ ধৰিলে ; আৰু তেওঁৰ প্ৰাণ ৰক্ষা কৰা সেই ভোজ ৰজাৰ মন্ত্ৰীকেইজনক মতাই অনাই নিজৰ মন্ত্ৰী পাতি বিষয়া বাসনা দি ৰাখিলে । ভোজ ৰজাৰ জীয়েকক হাৰীটোৰ সৈতে ধৰাই আনি একেটা গাততে পুতি মাৰিলে ; আৰু আগেয়ে পুখুৰীত থৈ যোৱা ৰূপবোৰ উলিয়াই আনি ককণ্টকা ৰাজ্য ভোগ কৰিবলৈ ধৰিলে ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top