এক হাতী আৰু ফেঁচাৰ কথা | Story of An Elephant and Owl

এক হাতী আৰু ফেঁচাৰ কথা | Story of An Elephant and Owl, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, হাতী আৰু ফেঁচা গল্প, হাতী আৰু ফেঁচাৰ কাহিনী, সাধু কথা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

এখন নদীৰ কাষত এক ফেঁচাই এজোপা গছৰ খোৰোঙত বাহ লৈ আছিল। সেই গছৰ তলেদি গজেন্দ্ৰ নামেৰে এক হাতীয়ে সদায় পানী খাবলৈ অহা যোৱা কৰিছিল।

বৈবাৎ এদিন ফেঁচাই বাহ লোৱা গছজোপা পানীত হালি পৰিল। ফেঁচাই একো উপায় নাপাই হাতীৰে সৈতে সখী বন্ধাই সেই গছডাল পোন কৰি লʼলে। সেই দিনৰে পৰা ফেঁচা আৰু হাতী দুয়ো দুয়োৰো মহামিত্ৰ হʼল। এদিন পাৰ্বতীৰ বাঘে সামাজিক দেখিলে যে সি গজেন্দ্ৰ হাতীৰ মূৰটো খাইছে। স্বপ্নৰ ফলৰ কথা বাঘে মহাদেৱক সুধাত মহাদেৱে বাঘক কলে, “স্বপ্নত দেখিছ যেতিয়া, তই গজেন্দ্ৰৰ মূৰটো খাব পাৰ। যা খা গৈ।”

বাঘে মহাদেৱৰ কথা শুনি সেই নদীৰ কষলৈ গৈ হাতীলৈ বুলি ৰৈ আছে। সিফালৰ পৰা হাতীটো পানী খাবলৈ আহিলত বাঘে তাক কলে,  “ককাই, আজি তোৰ মূৰটো সমাজিকত খাইছিলোঁ, পিছে দিঠকতো খাব পায় নে বুলি মই মহাদেৱক সুধাত মহাদেৱে মোক খাবলৈ আজ্ঞা দিছে, এতেকে এতিয়া মই তোক খাওঁ। তই কি কৰ কৰি ল বেগতে।” বাঘৰ কথা শুনি হাতীৰ মহা ভয় হʼল আৰু সি একো নামাতি ৰৈ থাকিল। ফেঁচাই সখীয়েকৰ ভয় দেখি বাঘক কলে, “বাৰু মহাদেৱে যদি তোমাক খাবলৈ দিছে খাবা,  তাত কোনো কথা নাই, কিন্তু কথাটো সঁচা নে মিছা আমি এবাৰ মহাদেৱক সুধি লওঁ। এতেকে বলা আমি তিনিও মহাদেৱৰ ওচৰলৈ যাওঁ।”

বাঘ ফেঁচাৰ কথাত সন্মত হʼলত তিনিওৱে মহাদেৱৰ ওচৰলৈ বুলি বাট ধৰিলে। কিন্তু ফেঁচাই সিহঁতক পাছ পেলাই আগেয়ে গৈ মহাদেৱৰ আগত পৰি টোপনিৰ ভাও জুৰি তাৰ মূৰটো নচুৱাবলৈ ধৰিলে। মহাদেৱে “ফেঁচাৰ কি হৈছে” বুলি সুধাত ফেঁচাই চকমক খাই সাৰ পোৱা যেন দেখুৱাই কলে, “প্ৰভু, মই এতিয়াই স্বপ্নত পাৰ্বতীক বিয়া কৰিইছিলোঁ; পাছে দিঠকতো বিয়া কৰাবলৈ পাম নে নাপাম?” মহাদেৱে কলে, “স্বপ্নত পালি বুলিয়েই পাবি নে? নেপাৱ।” ফেঁচাই কলে, “কিয়, তেনেহʼলে বাঘে নো কেনেকৈ স্বপ্নত গজেন্দ্ৰক খোৱা দেখি দিঠকত খাবলৈ পালে?” মহাদেৱে কʼলে, ‘অ’ বাঘেও গজেন্দ্ৰক খাব নোৱাৰে।” এনেতে হাতী আৰু বাঘ আহি ওলালহি।

বাঘে হাতীক খাব নোপোৱা শুনি বিমৰ্ষ হৈ ৰʼল, হাতীয়ে ফেঁচাৰ সৈতে ৰং মনেৰে গুচি আহিল।

2 thoughts on “এক হাতী আৰু ফেঁচাৰ কথা | Story of An Elephant and Owl”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top