নিমাতী কন্যা – সাধু | Nimati Konya

নিমাতী কন্যা – ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, Nimati Konya in Assamese Story, Nimati Konya Hadhu Kotha

Join Telegram channel

লক্ষ্মীনাথ বেজবৰুৱা

এজ ৰজা আছিল । ৰজাৰ লৰা ছোৱালী একোৱেই নাই । এদিন ৰজা মৃগয়া কৰিবলৈ যাওঁতে এজন লৰা ছোৱালী একোৱেই নাই । এদিন ৰজা মৃগয়া কৰিবলৈ যাওঁতে এজন সন্ন্যাসীক লগ পালে । ৰজাই সন্ন্যাসীৰ আগত তেওঁৰ লৰা ছোৱালী নোহোৱাৰ বিষয়ে ভাঙি ক’লত সন্ন্যাসীয়ে ৰজাক এটা গছৰ গুটি দি কলে , ” এই গুটিটো আপোনাৰ মাদৈক খুৱাব ; খুৱালে তেওঁৰ দুটি পুত্ৰ হব , কিন্তু প্ৰথমে হোৱা সন্তানটি মোক দিব লাগিব । ” ৰজাই সেই কথাতে মান্তি হৈ ফলটি লৈ ঘৰলৈ গুটি আহিল আৰু ঘৰ পাই সেই ফলটো মাদৈক খাবলৈ দিলে । কিছুমান দিনৰ পাছত ৰাণীয়ে ক্ৰমান্বয়ে দুটি পুত্ৰ সন্তান লাভ কৰিলে । লাহে লাহে লৰা দুটি ডাঙৰ হল , দুয়ো দুয়োকো ভাল পায় আৰু একেলগে ধেমালি কৰি ফুৰে । ৰজাই লৰা দুটিৰ ৰেহ ৰূপ চাই আনন্দতে বিভোল হয় ; সন্ন্যাসীৰ কথা একেবাৰেই পাহৰিলে । সিপিনে সন্ন্যাসীয়ে দিন বাৰ লেখি আছিল । লৰা দুটাৰ প্ৰথমটিৰ ষোল বছৰ আৰু দ্বিতীয়টিৰ পোন্ধৰ বছৰ হলত এদিন সন্ন্যাসী আহি ৰজাৰ নগৰত ওলালহি আৰু ৰজাক পূৰ্বৰ কথা সোঁৱৰাই দি বৰটো কোৱৰক খুজিলে । ৰজাইও অন্য উপায় নেদেখি তেওঁৰ প্রিয় পুত্ৰ বৰকোঁৱৰক সন্ন্যাসীৰ হাতত সমৰ্পন কৰিলে ।

নিমাতী কন্যা

কোঁৱৰে ঘোঁৰাশাললৈ  গৈ এটা সুন্দৰ ঘোঁৰা বাছি ললে ;তেওঁৰ অতি উত্তম সাজ পিন্ধি মূৰত এটা পাগুৰি মাৰিলে আৰু পাগুৰিৰ পাছফালে এডোখৰ কাপোৰ ওলোমাই ললে । পাছে সকলোকে বিদায় লৈ ঘোঁৰাত উঠি কোঁৱৰ সন্ন্যাসীৰ পাছে পাছে যাবলৈ ধৰিলে । এইদৰে তিনি দণ্ডমান যোৱাৰ পাছত কোঁৱৰে কিছুমান ঘৰ দেখিবলৈ পালে , সেই ঘৰবিলাকেই সন্ন্যাসীৰ আশ্ৰম । কোঁৱৰে বাটৰ চিন ৰখাবৰ মনেৰে ওলোমাই ৰখা পাগুৰিডোখৰ ফালি ফালি ওৰে বাটে পেলাই গৈছিল , এতিয়া অশ্ৰাম পালত আৰু ফালিবলৈ এৰিলে । সন্ন্যাসীৰ আদেশমতে ঘোঁৰাৰ পৰা নামি কোঁৱৰ এটা ঘৰত সোমাল । তাত তেওঁ এখন ভয়ংকৰ কালি গোসাঁনীৰ মূৰ্তি আৰু কোষা অৰ্ঘা , শঙ্খ ঘণ্টা আজি পূজাৰ অনেক সঁজুলি দেখিবলৈ পালে । কোঁৱৰক সেই ঘৰত সুমুৱাই থৈয়েই সন্ন্যাসী গা ধুবলৈ গল । ইপিনে কোঁৱৰে অন্যকেইটা ঘৰত কি আছে চাবলৈ আহি দেখে যে এটাত কিছুমান মানুহৰ কটা মূৰ শাৰী শাৰী কৈ ওলোমাই থোৱা আছে । সেই কটা মূৰকেইটাই কোঁৱৰক দেখা মাত্ৰেই হাঁহিবলৈ ধৰিলে , কিন্তু একোকে নকলে । আন এটাত সোমাই কোঁৱৰে কিছুমান মানুহৰ তেজ ডাঙৰ ডাঙৰ চাৰিটা থালিত তপতোৱা দেখা পালে । এইবিলাক দেখি শুনি কোঁৱৰ বিচুৰ্তি হল । ইতিমধ্যে সেই সন্ন্যাসী বেশধাৰী ৰাক্ষস আহি পালেহি আৰু কোঁৱৰক সেই গোঁসাই মূৰ্তিৰ আগত অষ্টাঙ্গে প্ৰণাম কৰিবলৈ কলে । কোঁৱৰেও সেইদৰে কৰিলত হাতত খড়্গ লৈ ৰাক্ষসে তেওঁক গোঁসানীৰ আগত বলি দিলে ।

ইফালে , সৰু কোঁৱৰে ককায়েকৰ বহুদিন একো খবৰ নেপাই , পিতাকৰ আদেশমতে এটা ঘোঁৰাৰ উঠি ককায়েকক বিচাৰি গল । এওঁ ককায়েকৰ পাগুৰিৰ চিনে চিনে গৈ সেই ঠাই পালেগৈ । সেই সময়ত সন্ন্যাসীৰ বেশ ধৰা ৰাক্ষস ঘৰত নাছিল । কোঁৱৰ গৈ পানেই মানুহৰ কটা মূৰবোৰ থকা কোটালীত সোমালগৈ । সেই কটা মুৰবোৰে কোঁৱৰক দেখি হাঁহিবলৈ ধৰিলে আৰু তাতে কোঁৱৰে ককায়েকৰ কটা মুৰটোও দেখিবলৈ পালে । সেই মুৰটোৱে মাত লগালে – ” ভাইটি , তুমি ইয়ালৈ কেলৈ আহিলা ? এই সন্ন্যাসী আচল সন্ন্যাসী নহয় – ৰাক্ষসহে । তোমাক দেখিলে ই কাটিবলৈ মন কৰি গোসাঁনীৰ আগত প্ৰণাম কৰিবলৈ কব , তেতিয়া তুমি মই ৰজাৰ লৰা প্ৰমাণ কৰিব নেজানো বুলি কবা । তেতিয়া সন্ন্যাসীয়ে প্ৰণাম কৰি দেখুৱাই দিব । সেই ছগেতে তুমি খড়্গখন তুমি লৈ একেঘাপতে ৰাক্ষসক কাটি পেলাবা । তাৰ পাছত গোসাঁনীৰ ওচৰত থকা অমৃতৰ কলহৰ পৰা অমৃত আনি আমাৰ মুখত দিবা , আমি তেতিয়া আমাৰ পূৰ্বৰ দেহা পাম ।” ইয়াৰ  পাছত সৰু কোঁৱৰ জিভা লহ লহ কৰি থকা কালি মূৰ্তিৰ মন্দিৰত সোমাল । এনেতে সন্ন্যাসী ওলালহি আৰু একস্মাৎ এটা সুন্দৰ ৰাজকোঁৱৰক তেওঁ তেওঁৰ ঘৰত দেখি মনত বৰ ৰং পালে । তেতিয়া কোঁৱৰে সন্ন্যাসীক সুধিলে যে তেওঁৰ ককায়েক কলৈ গল ? সন্ন্যাসীয়ে তেওঁক গোসাঁনীৰ আগত বলি দিয়াৰ কথা নকৈ  “বহু দূৰৈৰ বাটলৈ গৈছে , দুদিনমান পাছত আহি পাবহি” – বুলি কলে। তাৰ পাছত সন্ন্যাসীয়ে কোঁৱৰক কলে , “কোঁৱৰ , তুমি এই ঠাইলৈ আহিলা যেতিয়া গোসাঁনীক সেৱা নকৰাকৈ যাব নেপায় । তোমাৰ মংগলৰ অৰ্থে এই কালি গোসাঁনীৰ আগত এবাৰ প্ৰণাম কৰা ” তাতে কোঁৱৰে কলে , ” মই ৰজাৰ লৰা , প্ৰণাম কৰিব নেজানো ।” “বাৰু চোৱা , এইদৰে কৰিবা” – সন্ন্যাসীয়ে গোসাঁনীৰ আগত প্ৰণাম কৰি দেখুওৱাতেই কোঁৱৰে হাতত খড়্গ তুলি লৈ গাৰ বলেৰে সন্ন্যাসীৰ ডিঙিত ঘাপ মাৰি দিলে । বিকট চিঞৰ মাৰি ৰাক্ষস সন্ন্যাসী মৰি থাকিল ।

ইয়াৰ পিছত কোঁৱৰে কলহৰ অমৃত আনি সকলোটি কটা মূৰৰ মুখত অলপ অলপ দিলত এটাইবিলাক ৰজাৰ লৰাই পূৰ্বৰ দেহা পালে ।

নিমাতী কন্যা - সাধু

সেই ৰাক্ষসৰ এজনী ভনীয়েক আছিল । ৰাক্ষৰ মৰাৰ সময়ত তাই অমংগল দেখি লৰি আহিল । কোঁৱৰে শত্ৰু ভাবি তাইকো কাটিবলৈ ধৰিছিল , পাছে তাই কলে , ” কোঁৱৰ , মোক নেকাটিবা , মোৰ ককাইক মৰাৰ নিমিত্তে মই তোমাৰ একো প্ৰতিশোধ নলও বৰং এটা উপকাৰহে কৰিম ।”  এটাইবিলাক কোঁৱৰে সৰু কোঁৱৰক ধন্যবাদ দি নিজ নিজ ঘৰলৈ গল । সৰু কোঁৱৰ আৰু ৰাক্ষসী দুয়ো পৰ্বতৰ ওপৰলৈ গল । তাতে এটা ডাঙৰ শিল ৰাক্ষসীনীয়ে গুচাই দিয়াত বৰ সুৰংগ এটা ওলাল । সেই সুৰংগদি দুয়ো নামি গল । তাত এখন সুন্দৰ নগৰ কোঁৱৰে দেখিবলৈ পালে । সেই নগৰৰ ভিতৰলৈ কোঁৱৰ আৰু ৰাক্ষসী দুয়ো সোমাই গৈ মানুহ দুনুহ একোকে দেখা নাপাই এটা ভাল ঘৰৰ ভিতৰলৈ গল । তেওঁলোকে তাত এখন অতি মনোৰম শয্যাত এজনী সুন্দৰী ছোৱালী বহি থকা দেখিলে , ওচৰত কেৱেই নাই । এই কন্যাজনী এক ৰজাৰ জীয়ৰী । জন্মৰে পৰা এই ছোৱালীজনী মাত বোল নাই । এদিন ৰজাই স্বপ্নত দেখিবলৈ পালে যে “যেয়ে এই ছোৱালীজনীৰ মাত উলিয়াব পাৰিব সেয়ে এইৰ স্বামী হব আৰু ছোৱালীক সেই পৰ্বতটোৰ শিলটো দাঙি তাৰ তলৰ নগৰখনত থব লাগে ।” ৰজাইও সেইমতেই কৰিলে । নিমাতী কন্যা ওচৰত এজোপা সুন্দৰ গছ আছিল , সেই গছজোপা ৰূপৰ , তাৰ পাতবিলাক সোণৰ আৰু তাত মাণিক লাগি লাগি থাকে ।

“সোণৰ গছ , ৰূপৰ পাত । 

মাণিক লাগি লাগি থাকে তাত ।” 

নিমাতী কন্যা ৰ ওচৰত আৰু পাঁচ ৰকমৰ পাঁচোটা বাজনা আছিল আৰু তেতিয়া নিমাতী কন্যাই মাতিব , বাদ্য পাঁচোটা সেই সময়তে একেলগে বাজিব ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

“নিমাতী কন্যা ই মাতে ।

পাঁচ বাজনা বাজে ।”

সোণৰ গছ , ৰূপৰ পাত

ৰাক্ষসীয়ে বাটত যাওঁতে কোঁৱৰক শিকাই গৈছিল যে নিমাতী কন্যা ৰ ওচৰত তেওঁ সাধু কব , ৰাক্ষসীয়ে মায়া কৰি সেই সাধু শুনি থাকিব ; কোঁৱৰেও সেইমতেই সাধু জুৰিলে । ৰাক্ষসীয়ে মায়া কৰি প্ৰথমে নিমাতী কন্যা ৰ ওচৰত থকা এগছ বন্তিত এটা মাখি হৈ পৰি শুনিবলৈ লাগিল । 

“এক বুঢ়া বুঢ়ী আছিল , জানিছা বন্তি ! সিহঁতৰ এটা সৰু লৰা আছিল । লৰাটোক এটা পলৰ মাজত সুমুৱাই সি উমলী থাকিবলৈ এবাটি পানী দি বুঢ়া বুঢ়ী ধান দাবলৈ গল আৰু ওচৰত এটা মৰমৰ পোহনীয়া নেউলক ৰখীয়া থৈ গল , জানিছা বন্তি ! এযোৰ গোম গুমুনী সাপৰ পিয়াহ লাগিলত সিহঁতে বহুত ঠাইত বিচাৰি পানী খাবলৈ নেপাল । পাছে গুমুনীয়ে সেই লৰাটোৰ পানিবাটি থকা দেখা পাই তালৈকে আহিল আৰু পলৰ বিন্ধাৰে মাজেদি মূৰ সুমুৱাই পানী খাই গলহি । গুমুনী তিৰোতা জাতি , লৰাটি মৰম লাগি তাই একোকে নকৰিলে ; কিন্তু মতাটোৱে তাৰপৰা পানী খালে লৰাক খাব বুলি তাই গোমৰ আগত পানী খোৱাৰ কথা নকলে । কিন্তু গোমে তাই পানী খোৱাৰ গম পাই সুধিলে , “গুমুনী , তই কত পানী খালি ক ?” গুমুনীয়ে কলে , “মই পানী খাবলৈ পোৱা নাই । তেতিয়া গোমে কলে , “নহয় , তই যতে পানী খাইছ ক , কলেহে এৰিম ।” উপায় নাপাই গুমুনীয়ে কলে । কিন্তু লৰাটোক নেখাবলৈ বুলি বুঢ়াই দঢ়াই তাই গিৰীয়েকক শপত খুৱালে । পাছে গোম গৈ লৰাটোৰ ওচৰ পালে আৰু বাটিত পানী দেখি ৰং পাই খাবলৈ ধৰিলে । তাতে একো নজনা সৰু লৰাই সাপ বুলি নেজানি গোমৰ মূৰত থপিয়াবলৈ ধৰিলে । গোমৰ খং উঠি গুমুনীৰ আগত খাই অহা শপত সি পাহৰি গল আৰু লৰাটোৰ মূৰত খোট মাৰি দিলে । কিছুমান পৰ বিষৰ যন্ত্ৰণা ভুগি লৰাটো মৰি থাকিল । গধূলি পৰত বুঢ়া বুঢ়ী আহি দেখিলে লৰা মৰিল । সাপে খোৱা চিন নাই সাপে খাই মাৰিলে বুলি জানি বুঢ়া বুঢ়ীয়ে কান্দিবলৈ ধৰিলে । ইয়াৰ ভিতৰতে নেউলটো “সঞ্জীৱনী মাটি” আনিবৰ কাৰণে পৰ্বতলৈ গৈছিল । এনেতে নেউলটো আহি পালেহি । “কটা মোৰ লৰাক এৰি তই কলৈ গৈছিলি , তই থাকোতেও মোৰ লৰাক সাপে খালে” –বুলি বুঢ়াই নেউলক বেজাৰত এটাঙোন সোধাই দিলে , তাতে নেউল মৰি থাকিল । এনেতে ওচৰৰ এজনী মানুহে কলে , “বুঢ়া !  নেউলৰ মুখত সঞ্জীৱনী মাটি থাকে ; আছে যদি তাৰে অকণ লৰাটোৰ মুখত দিয়াচোন  , কিজানি লৰাটো জীয়াই ।” বুঢ়াই নেউলটোৰ মুখত মাটিকন পাই আনি লৰাৰ মুখত দিলত লৰা জী উঠিল । এতিয়া বুঢ়া বুঢ়ীয়ে নেউলৰ নিমিত্তে কান্দিবলৈ ধৰিলে , জানিছা বন্তি ! বন্তিত পৰি থকা মাখিটোৱে “বো” বুলি শলাগিলে । কোঁৱৰে আৰু এটা নতুন সাধু আৰম্ভ কৰিলে । ৰাক্ষসীয়ে মায়াৰূপ ধৰি মাখি এটা হৈ নিমাতী কন্যাৰ ৰিহাৰ আচলত পৰিলগৈ ।

(২) “এঘৰ গিৰিহঁতৰ এটা চোকা কুকুৰ আছিল , জানিছা আচল ! এদিন কেইটামান চোৰ আহি সেই মানুহৰ ঘৰৰ বস্তু বাহানি এটাইবিলাক চুৰ কৰি লৈ গল , জানিছা আচল ! পাছে কুকুৰে ইয়াকে দেখি ভৌউ ভৌউ কৰি ভুকিবলৈ ধৰিলে । গিৰিহঁত কোনেও সাৰ নেপালে । চোৰে বস্তুবোৰ চোঁচোৰাই বগৰাই নি বাঁহৰ তল পোৱালেগৈ । তেনেতে কুকুৰে সিহঁতৰ হাতে ভৰিয়ে কামুৰিবলৈ ধৰিলে , জানিছা আচল ! আৰু চোৰ তৎ নেপাই বস্তুবোৰ এৰি গুচি গল । পাছদিনা গিৰিহঁতে সাৰ পাই পেৰা পেটায়ে সৈতে বস্তুবোৰ নোহোৱা দেখি বিচুৰ্তি হল । ইটো সিটো কৰি অনেক মানুহ গোট খালেহি । সকলোৱে বস্তু চুৰিৰ বিষয় গলাগোপা কৰিবলৈ লাগি গল । ইফালে কুকুৰটোৱে ঘনে ঘনে গিৰিহঁতৰ মুখলৈ চাই বাঁহতলৰ ফালে লৰি গৈ ভৌ ভৌৱাবলৈ ধৰিলে । গিৰিহঁতৰ খং উঠি “উঃ কটা তই এতিয়া মোৰ মুখলৈ চাই ভৌ ভৌৱাবলৈ আহিছ ? ৰাতি চোৰ আহোঁতে কি কৰিছিলি ?” – বুলি এডাল টাঙোনেৰে মাৰ মাৰি , মাৰি পেলালে । তাৰ পাছত এজনী মানুহে বোলে , “হেৰা কুকুৰটোৱে নো বাঁহৰ তলৰ ফালে কিয় লৰি গৈছিল চোৱাচোন ” – বুলি কোৱাত গিৰিহঁতজন গৈ বাঁহৰ তলৰ থিয় হল , আৰু তাতে তেওঁৰ বস্তু পেটাৰিয়ে সৈতে সকলোবিলাক ওলাল । গিৰিহঁত উপকাৰী কুকুৰাৰ নিমিত্তে কান্দিবলৈ ধৰিলে , জানিছা আচল ! আচলতে পৰি থকা মাখিটোৱে “বো” কৰিলে ।

এনেতে নিমাতী কন্যাৰ এটা হামি আহিল । মাখিটো কন্যাৰ মুখত সোমাই পেট পালেগৈ । কোঁৱৰে এটা সাধু আৰম্ভ কৰিলে ; আৰু এইবাৰ কন্যাকে সম্বোধন কৰি কবলৈ ধৰিলে ।

(৩) “এক সদাগৰ আছিল । তেওঁৰ এটা সুন্দৰ মৰমৰ মইনা চৰাই আছিল , জানিছা কন্যা ! এদিন সদাগৰ বেপাৰ কৰিবলৈ গল । মইনাক ঘৰৰ গৰাকী পাতি চাকৰক মইনাৰ হুকুমমতে চলিবলৈ তেওঁ কৈ গল ; জানিছা কন্যা ! সদাগৰৰ এডাৰ ধান আছিল । ধানডৰা দাবৰ হল । চাকৰবিলাককে মইনাক বুধি সুধিলে । মইনাই ধান দাবলৈ নিদি গোটেইডৰা ধানতে জুই লগাই দিবলৈ কলে । ধান পুৰি ছাই হল । পাছে মইনা গৈ ডাঙৰ পৰ্বতৰ পৰা বহুত পৰ্বতীয়া মইনা মাতি আনিলে আৰু সেই পোৱা ধানত লগাই দিলে , জানিছা কন্যা ! সেই মইনাবিলাকে ধানৰ আখৈ খাই সোণ লাদিবলৈ লাগিল ; জানিছা কন্যা ! তাৰ পাছত পোহনীয়া মইনাই আটাইবিলাক ধানৰ ছাই মইনাৰ লাদৰে সৈতে টোমত বান্ধি থবলৈ কলে । চাকৰবিলাকেও সেইদৰে কৰিলে । সদাগৰ বেপাৰৰ পৰা আহি ধান কিমান হল বুলি সোধাত চাকৰবিলাকে সকলো কথা ভাঙি পাতি কলে । তাতে সদাগৰৰ খং উঠি “তোক ইয়াকে কৰিবলৈ কৈছিলোঁ ?” – বুলি একে চাপৰে মইনাক মাৰি পেলালে ; জানিছা কন্যা ! পাছে সদাগৰৰ খং মাৰ গলত চাকৰবিলাকক তেওঁ কলে “বাৰু টোমকেইটা আনহকচোন । তাত নো কি আছে চাওঁ !” চাকৰহঁতে টোম আনিলত মেলি চাই ছাইৰ লগত এটাইবিলাক সোণ দেখি সদাগৰে আচৰিত মানিলে আৰু “মইনাই ভালকেহে কৰিছিল” – বুলি মইনাৰ বেজাৰত কান্দিবলৈ ধৰিলে ; জানিছা কন্যা !” মাখিৰূপী ৰাক্ষসীয়ে নিমাতী কন্যা ৰ পেটৰ ভিতৰত পৰা “বো” কৰিলে । পাঁচ বাদ্য বাজিবলৈ ধৰিলে । বাদ্য বজা শুনি নিমাতী কন্যা ৰ পিতাক লৰি আহিল আৰু সেই ৰূপৰ গছজোপা , পাঁচ বাদ্য আৰু অনেক ধন সম্পত্তি তেওঁ যৌতুকত দি নিমাতী কন্যাক কোঁৱৰলৈ বিয়া দিলে । কোঁৱৰেও সুন্দৰী কন্যা লাভ কৰি আনন্দ মনেৰে নিজৰ দেশলৈ গুচি আহিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top