ৰজাৰ লৰা আৰু শিয়াল | King’s Son and The Fox

ৰজাৰ লৰা আৰু শিয়াল – The King Son and The Fox In Assamese Story, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, ৰজাৰ লৰা আৰু শিয়াল কাহিনী, ৰজাৰ লৰা আৰু শিয়াল গল্প, ৰজাৰ লৰা আৰু শিয়াল সাধু,,ৰজাৰ লৰা আৰু শিয়াল Hadhu,

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

এক ৰজাৰ লৰাই দেশ চাবৰ মনেৰে এটা ঘোঁৰাত উঠি ঘৰৰপৰা বাজ হল । তেওঁ সেইদৰে দুই তিনিখন দেশ ফুৰাৰ পাছত এদিন হাবিৰ মাজত বাট এটাতে তেওঁৰ গধূলি হল । সেই সময়তে এটা শিয়াল হাবিৰপৰা ওলাই আহি সেই বাটতে ভেম জুৰি বহি আছিল । ৰজাৰ লৰাই তাক দেখিয়েই মাত লগালে , “হেৰৌ ! খোলোকটিৰ মূৰ খোৱা হেৰৌ ! মোৰ ঘোঁৰাই ভয় খাব ; আঁতৰ হ ! নহলে মই নামিবলৈ পালে তোৰ কঁকালৰ জোৰা ভাঙিম !” শিয়ালে উত্তৰ দিলে , “মই আঁতৰ হব নোৱাৰোঁ। তোৰ ঘোঁৰা এফলীয়াকৈ লৈ যা ।” একোপধ্যে শিয়াল বাটৰপৰা নাতৰা দেখি লৰাই তেওঁৰ ঘোঁৰা এফলীয়াকৈ লৈ গল কিন্তু যাওঁতে কৈ গল “ঠাল , তই আজি থাক ! আজি নিশা হল , তোক আৰু নোজোকাও ; মই আহোঁগৈ , দেখিম তই মোৰ ভৰিত দীঘল দি পৰ নে নপৰ । ৰজাৰ লৰাৰ কথা শুনি শিয়ালেও কলে , “যা যা ঘূৰিয়েই আগগৈ ! তয়ে মোৰ ভৰিত পৰ নে ময়েই তোৰ ভৰিত পৰোঁ চাম ।”

ৰজাৰ লৰা আৰু শিয়াল
King_Son_and_The_Fox_In_Assamese

এই দৰে চুপতা চুপতি কৰি ৰজাৰ লৰা গাঁৱৰ ফালে গুচি গল । শিয়ালেও তাতে বহি থাকিল । বৰকৈ ৰাতি হোৱা দেখি ৰজাৰ লৰা এক গৃহস্থৰ ঘৰত আলহী হবলৈ বুলি সোমাল । সোমাই যাওঁতেই তেওঁ তেওঁৰ ঘোঁৰাটো গৃহস্থক কোনোৱাকৈ সেই গৃহস্থৰে তেলীশালত বান্ধি থৈ গৈ শুদা মানুহটো থাকিবৰ নিমিত্তে গিৰিহঁতক ঠাই খুজি লৈ ৰাতিটো পৰি থাকিল । পিছদিনা পুৱাই গিৰিহঁতে তেলীশালৰ ফালে গৈ দেখিলে তাত এটা ঘোঁৰা বন্ধা আছে । ঘোঁৰাটো দেখিয়েই সি ৰিঙিয়াই কবলৈ ধৰিলে – “ঔ আমাৰ তেলীশালে ঘোঁৰা এটা জগালে ঔ !” – এইবুলি বাৰে বাৰে কৈ সি ৰঙত নাচিবলৈ ধৰিলে । এনেতে ৰজাৰ লৰাই সাৰ পাই উঠি আহি তেওঁৰ ঘোঁৰাটো গৃহস্থই নিজৰ ঘোঁৰা বোলা দেখি আচৰিত মানি কলে , “কেলেই , এইটো মোৰ ঘোঁৰা । কালি ৰাতি মই আহোঁতে লৈ আহিছিলোঁ আৰু ইয়াতে বান্ধি থৈ গৈছিলোঁ । কৰ তোমাৰ তেলীশালে ঘোঁৰা জগালেহে ? দিয়া মোৰ ঘোঁৰাটো মই লৈ যাওঁ !” যেই ৰজাৰ লৰাই এইদৰে কলে , গিৰিহঁতে তেওঁক গালি শপনি পাৰি সাং কৰিলে আৰু মাথোন চুইহে নিকিলালে । শেহত ৰজাৰ লৰাই একো উপায় নাপাই সেই ঠাইৰ ৰজাৰ আগত গোচৰ দিলেগৈ । ৰজাই গৃহস্থক ধৰাই নি সেই কথা সুধিলত , সি তাৰ তেলীশালে সেইটো ঘোঁৰা জগালে বুলি কৈ তাৰ ফলিয়া সাক্ষী বাদী দিলে । ৰজাই ৰজাৰ লৰাক “তোমাৰ কোন সাক্ষী আছে ” – বুলি সুধিলত , ৰজাৰ লৰাই কলে , “মোৰ সাক্ষী কোনো নাই । ৰাতি আনি মই ঘোঁৰা বান্ধি থৈছিলোঁ , কোনেও দেখা নাছিল ।” ৰজাই কলে , “তোমাৰ সাক্ষী নাই যদি এইখন মিছা গোচৰ । তুমি ঘোঁৰা অনাই নাই আৰু এইটো ঘোঁৰা তোমাৰ নহয় ।” এই কথা শুনি ৰজাৰ লৰাই বিমোৰত পৰি অলপ ভাবি থাকি মাত লগালে , “স্বৰ্গদেউ , মই ঘোঁৰা অনা সঁচা । মই ৰাতি ঘোঁৰা আনিছিলোঁ , সেইদেখি মোক কোনেও দেখা নাছিল আৰু দেখিবলৈ যদিও মই হলে দেখা নাভবিলো বাটত এটা শিয়ালে মাথোন মোক ঘোঁৰাত উঠি অহা দেখিছিল । স্বৰ্গদেৱৰ আদেশ হলে সেই শিয়ালটোকে আনিবলৈ বিচাৰি যাব পাৰোঁ ।” ৰজাই উত্তৰ দিলে , “বেছ কথা , যোৱা , শিয়ালটোকে মোৰ ওচৰলৈ পাৰা যদি মাতি লৈ অহাগৈ ।”

ৰজাৰ লৰাই এই কথা শুনি তেতিয়াই শিয়ালটো বিচাৰি তেওঁ অহা বাটে বাটে গল । গৈ গৈ সেই আগৰ ঠাই পাই তেওঁ দেখিলে যে শিয়ালটো সেইখিনিতে আগৰ দৰেই ভেম জুৰি বহি আছে । ৰজাৰ লৰাই ইফালৰ পৰা আমন জিমনকৈ খোজকাঢ়ি যোৱা দেখি শিয়ালে মাত লগালে – “কিহে ৰজাৰ পোৱালি । বোলো এইবাৰ দেখোন শেনৰ এজাতহে একা ? ঘোঁৰা ডুখৰ গল ? ” শিয়ালৰ এই কথা শুনি ৰজাৰ লৰাই কলে , “মোক ক্ষমা কৰিবা , মই তোমাক বৰ কেটেৰা মাত দি গৈছিলোঁ । মই বৰ বিপদত পাৰিছো ; সেইদেখিহে তোমাৰ কাষলৈ আহিছোঁ । মোক বিপদৰপৰা উদ্ধাৰ কৰিব লাগিব ।” শিয়ালে কলে , “মোৰ খং নাই । তোমাৰ কি হল কোৱা ? ” পাছে ৰজাৰ লৰাই কত সোমাইছিলগৈ  , কেনেকৈ গিৰিহঁতে তেওঁৰ ঘোঁৰা ৰাখিলে , আগৰ পৰা গুৰিলৈকে সকলোবোৰ কথা কলত , শিয়ালে মন দি শুনি কলে , “তুমি এতিয়া যোৱা । আজি মই নাজাও , কাইলৈ মই ঠিক সময়ত সাক্ষী দিবলৈ যাম বুলি ৰজাক কোৱাগৈ ।”

পিছদিনা আবেলি পৰত শিয়ালে এটা হোলাত নামি গাটো তিয়াই লৈ , আলিৰ কাষত পৰি চাই এসোপাত লুটিবাগৰ দি গোটেইটো গাত চাই সানি ৰজাৰ চৰাত উলালগৈ । ৰজাই শিয়ালক দেখি সুধিলে , “কি হে ডেকা ৰজা ! আজি বোলো নো তোমাৰ সভালৈ অহা পলম হল কিয় ?” শিয়ালে কলে , “স্বৰ্গদেউ , আজি মোৰ দুখৰ কথা নো কি কম ? আজি সাগৰত জুই লাগি কি হৈছে ! – গোটেইখন ৰাঙলী হৈ পৰিছিল । ইমান পৰ মই জুই নুমাওতে হাইৰাণ হলোঁ । সেয়েহে মোৰ গাৰ এই অৱস্থা হল আৰু অহাত পলম হল ।” শিয়ালৰ কথা শুনি ৰজাই কলে , “আমাৰ ডেকা ৰজাই কেতিয়াবা কেতিয়াবা বৰ অসম্ভৱ কথাবোৰ কয় । কৰবাত সাগৰত নো জুই লাগিব পাৰে নে ?” শিয়ালে লাহেকৈ মাত লগাই ৰজাক সুধিলে , “স্বৰ্গদেও পানীত যে জুই লাগিব নোৱাৰে , কাঠৰ তেলীশালে নো কেনেকৈ ঘোঁৰা এটা জগাব পাৰে ?” শিয়ালৰ মুখৰপৰা এই কথাষাৰ ওলোৱা মাত্ৰকে ৰজা প্ৰজা সকলোৱে হাত চাপৰি মাৰি শিয়ালক শলাগিবলৈ ধৰিলে ; আৰু তেতিয়াই ৰজাই ঘোঁৰাটো ৰজাৰ লৰাক দি পঠিয়াই দিলে । ইয়াৰ পিছত শিয়ালেৰে সৈতে সখী বন্ধাই ৰজাৰ লৰা নিজ দেশলৈ গুচি গল ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top