গল্প: দেৱাংভূষণ বস্ত্ৰ | Story of Drape Of God

দেৱাংভূষণ বস্ত্ৰ গল্প | Story of Drape Of God, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, দেৱাংভূষণ বস্ত্ৰ কাহিনী, সাধুকথা

Join Telegram channel

এজন ৰজা আছিল। এদিন তেওঁ পাত্ৰ মন্ত্ৰী আৰু সভাসদসকলক কলে, ‘সকলো মানুহে দিনত বন কৰে, ৰাতি হʼলে শুই থাকে; আমিওচোন দিনকে ৰাতি, ৰাতিকে দিন কৰি লওঁহক – আমি ৰাতি হলে দিন বুলি কাম বন কৰিম, দিনত ৰাতি বুলি শুই থাকিমহক। পাত্ৰ মন্ত্ৰীসকলে ৰজাৰ কথাত হয় দিলে। পাছদিনা ৰজাই নগৰত ঢোল পিটি শুনাই দিলে যে আজিৰ পৰা ৰাতিক দিন আৰু দিনক ৰাতি কৰা হʼল। যি এই নিয়ম নাপালিব তাৰ শাস্তি হব। ৰজাৰ দণ্ডৰ ভয়ত সকলো সেইদৰে চলিবলৈ ধৰিলে। ইয়াৰ পিছত সেই ৰাজ্যৰ মানুহে ৰাতি কাম কৰে, দূৰলৈ যায়, সাৰে থাকে, কিন্তু দিন হলে সোনকালে খাই বৈ শুই থাকে। ৰজাৰ পালি পহৰীয়াই দিনত ৰাতি বুলি পহৰা দিয়ে। 

এদিন সেই দেশলৈ অন্য দেশৰ পৰা কেইটামান তাতি আহিছিল। সিহঁতে সেই দেশৰ নিয়ম নুবুজি দুপৰীয়া আলিয়ে আলিয়ে ঘূৰি ফুৰিছিল আৰু পিয়াহ লগাত ৰজাৰ পুখুৰীত নামি পানী খাবলৈ গৈছিল। পুখুৰী ৰখীয়াহঁতে সিহঁতক দুপৰ ৰাতি কিয় আহিছ ?” – বুলি বন্দী কৰি থৈ দিলে। সিহঁতে কলে, কিয়, আমি দিনতহে আহিছোঁ; ৰাতি কেতিয়া আহিলোঁ ?” তেতিয়া ৰখীয়াহঁতে কলে, “অ’ তহঁত এই দেশৰ মানুহ নহৱ; সেইকাৰণে নেজানহক – আমাৰ ৰজাই দিনক ৰাতি, ৰাতিক দিন পাতিছে।”তাতীকেইটাই কলে, “ককাইহঁত, আমি সেইবোৰ নেজানো; আমাক এইবাৰলৈ এৰি দেহক।”সিহঁতে কলে, নহয়, আমি তহঁতক এৰি দিব নোৱাৰোহক; কাইলৈ ৰজাই সুধি পুছি যি কৰে কৰিব। “সেইদিনা তাঁতীকেইটাই বন্দীশালত থাকিল। ৰাতি হলত ৰখীয়াই নি সিহঁতক ৰজাক গতাই দিলে; ৰজাই সিহঁতক প্ৰাণদণ্ড দিবলৈ হুকুম দিলে। সিহঁতে সাৰিবলৈ এটা উপায় চিন্তি দুখ মনেৰে ৰজাৰ আগত এইদৰে কলে, “মহাৰাজ, আমাৰ গাত এটি বিদ্যাহে গʼল, কোনেও শিকিবলৈ নাপালে। “ৰজাই সুধিলে, “কি বিদ্যা কহকচোন বাৰু?” সিহঁতে কলে, “মহাৰাজ, আমি দেৱাংভূষণ বস্ত্ৰ বব জানো।”

ৰজাই সুধিলে, “দেৱাংভূষণ অৰ্থাৎ দেৱতাৰ গাৰ কাপোৰ?” ৰজাই ভাবিলে বাৰু ইহঁতৰ প্ৰাণ ৰক্ষা কৰি সেই বস্ত্ৰ এযোৰকে  বোৱাই লওঁচোন ! ইয়াকে ভাবি ৰজাই কলে, তহঁতে যদি মোক এযোৰ দেৱাংভূষণ বস্ত্ৰ বৈ দিব পাৰ তেন্তে তহঁতক প্ৰাণ ৰক্ষা কৰিম।”সিহঁতেও পাৰিমহক বুলি কলে। সিহঁতে কাপোৰ বলৈ বুলি ৰজাৰ পৰা দহ সেৰ সোণ দিলেও আৰু আৰু মিছামিচিকৈ এখন তাঁতশাল পাতি সূতা নাইকিয়া শাল সপৰ খপৰকৈ ববলৈ ধৰিলে। ভাটিফালৰ কেইজনমান তাঁতীয়ে ৰজালৈ এজোৰ  দেৱাংভূষণ বস্ত্ৰ বৈছে, এই খবৰ নগৰৰ সকলো মানুহৰ মাজত জনাজাত হল। দেৱাংভূষণ বস্ত্ৰনো কেনেকুৱা বুলি অনেক মানুহ তাঁত চাবলৈ যায়, কিন্তু তাঁতীহতে কয় যে যি মানুহ জহৰা সি এই দিব্য বস্ত্ৰ নিদেখে, যি প্ৰকৃততে বাপেকৰ সিহে দেখে। সেই কাৰণে তাঁত চাবলৈ যোৱা মানুহে “আমি দেখিছোঁ” বুলি আন মানুহৰ আগত কয়হি; কাৰণ যেয়ে নাই দেখা বুলিব সেয়ে জহৰা হব। সাত দিনমানৰ মূৰত তাঁতীহঁতে দহ সেৰ সোণৰ সূতাই নাটিলে বুলি আৰু দহ সেৰ সোণ ৰাজভঁৰালৰ পৰা লৈ গলহি আৰু মিছাকৈয়ে এটা যঁতৰ লৈ শূন্যতে হাত চলাই সূতা কটা হল বুলি মানুহক দেখুৱাই খপং খপং কৰি তাঁত বলৈ ধৰিলে। কাপোৰ কিমান বোৱা হৈছে এই কথা জানিবৰ নিমিত্তে ৰজাই এদিন তেওঁৰ তামুলী আৰু বৰকটকীক তাঁতশাললৈ পঠালে। তাঁতীহতে সেইদিনা তেওঁলোকক দেখুৱাই ধুমাধুমিকৈ তাঁত ববলৈ ধৰিলে; কিন্তু এজনেও কাপোৰ দেখা নাপায়। তামূলীয়ে ভাবিলে, “মই তেন্তে জহৰা হবলা, নহলে কিয় কাপোৰ নেদেখিম ?” কটকীয়ে মনে মনে ভাবিলে, “হায় ! মইও জহৰাহে, নহলে কাপোৰ দেখিলোঁহেঁতেন !” এইদৰে দুয়ো ভাবি, লাজ আৰু ভয়ত আচল কথা প্ৰকাশ নকৰি “কাপোৰ দেখিছোহঁক, ভাল হৈছে”– বুলি ঘৰলৈ গল আৰু তাঁতীহঁতে উত্তম কাপোৰ বৈছে বুলি ৰজাক জনালেগৈ। 

তাৰ পাছদিনা তাঁতীহঁতে ফুল দিবলৈ বুলি এসেৰ হীৰা আৰু পাঁচ সেৰ মুকুতা ৰজাৰ ভঁৰালৰপৰা ৰজাক জনাই লৈ গলহি। আকৌ মিছামিছিকৈ সিহঁতে মানুহক দেখুৱাই কাঠি বাছি ফুল দিবলৈ লাগি গল। তিনদিনমাম ফুল দিয়াৰ ভাও দেখুৱাৰ পাছত, কাপোৰ ওলাল বুলি সিহঁতে খবৰ দিলে। এটি ভাল দিন চোৱাই ৰজাই দেৱাংভূষণ বস্ত্ৰ পিন্ধিবলৈ সাজু হল। কালিলৈ ৰজাৰ দেৱাংভূষণ পিন্ধাৰ দিন; সেই নিমিত্তে আজিয়েই ঢোল কোবাই শুনাই দিয়া হল যে কাইলৈ ৰজাৰ দেৱাংভূষণ বস্ত্ৰ পিন্ধিব; যাৰ ইচ্ছা আছে চাবলৈ যাব পাৰে। ৰজাই দেৱাংভূষণ বস্ত্ৰ পিন্ধিব শুনি নগৰৰ সকলো প্ৰজা ৰজাঘৰলৈ আহিল আৰু তাঁতীকেইটাও এটা জপা, তাত দেৱাংভূষণ বস্ত্ৰ আছে বুলি লৈ আহি সেই সভাত উপস্থিত হলহি। নগৰৰ মানুহত বাজেও গাঁৱৰপৰা বুঢ়া, তিৰোতা, খোৰা, কোঙা, লৰা, ছোৱালী অনেক আহিবলৈ ধৰিলে। নগৰৰ মানুহেৰে দলদোপ হেন্দোলদোপ লাগি পৰিল। কাপোৰ পিন্ধোৱাৰ সময় আহিলত তাঁতীহঁতৰ ভিতৰৰ মুখীয়ালটোৱে জপা মেলি মিছামিছাকৈয়ে কাপোৰ এখন উলিয়াওৱাৰ ভাও দেখুৱাই কলে, “আমি আজি এই দেৱাংভূষণ বস্ত্ৰ মহাৰাজক পিন্ধাম, যিসকল লোক প্ৰকৃত বাপেকৰ সন্তান তেওঁলোকেহে বস্ত্ৰ দেখিব, যিসকল লোক জহৰা তেওঁবিলাকে নেদেখে।”– এইবুলি সি মিছামিছিকৈ নতুন কাপোৰ গাত মৰাই দিয়াৰ দৰে দিলে। তাৰ পাছত সি কলে, “ৰাইজ, আপোনালোকে ৰজাক এতিয়া বস্ত্ৰ পিন্ধালত কেনে দেখিছে ?” সকলোৱে দেখিলে, ৰজাক নাঙঠহে কৰিছে; কিন্তু আচল কথা ভাঙি কলে জহৰা হব লাগে বুলি কোনেও সেই কথা কবলৈ সাহ নকৰিলে। সেইদেখি সকলোৱে বৰ সুন্দৰ হৈছে বুলি কবলৈ ধৰিলে। ইফালে ৰজাই চাই দেখে যে তেওঁ নাঙঠহে হৈছে, তেওঁৰ গাত একো কাপোৰ নাই। কিন্তু কথা ভাঙি কলে ৰজা নিজেই জহৰা হব লাগিব বুলি ৰজাই একো নোকোৱাকৈ মনে মনে থাকিলে। এনেতে এটা সাহিয়াল মানুহে আগবাঢ়ি কলে, “মহাৰাজ, কাটক বা মাৰক, বন্দীয়ে আপোনাক নাঙঠ কৰা যেন দেখিছোঁ। “তেতিয়া সাহ পাই ইটোৱে বোলে, “হয়, আমিও নাঙঠ কৰা যেনহে দেখিছোঁ। সিটোৱে বোলে, “আমিও তেনেহে দেখিছোঁ।”এইদৰে লাহে লাহে সকলো দৰ্শকেই ৰজাক নাঙঠ কৰিছে বুলি কবলৈ ধৰিলে। ৰজাই বৰ লাজ পালে আৰু তেতিয়াই সেই তাঁতীকেইটাক কাটিবলৈ কটোৱালক আদেশ দিলে। তাঁতীকেইটাই প্ৰাণদণ্ডৰ হুকুম শুনি ৰজাৰ আগত আঁঠু লৈ কলে – “মহাৰাজ, আমাকতো কাটিবলৈ হুকুম দিলেই, কাটক; কিন্তু তাৰ আগেয়ে আমি এটা কথা মহাৰাজৰ আগত কওঁ। মহাৰাজে দিনক ৰাতি আৰু ৰাতিক দিন পাতিছে। আমি বিদেশী মানুহ, পৃথিৱী গোটেইখনত দিন ৰাতি যাক বোলে তাকে বুলি দিনত মহাৰাজৰ আলিত ফুৰিছিলোঁ। আৰু পুখুৰীৰ পানী খাইছিলোঁ; মহাৰাজৰ এনে অদ্ভুত হুকুমৰ কথা নাজানিছিলোঁ; তথাপি মহাৰাজে আমাক কাটিবলৈ হুকুম দিছিল। মহাৰাজে দিনক ৰাতি বুলি ওলোটা শাস্ত্ৰ কৰিব পাৰে, নাঙঠটোক কাপোৰ পিন্ধা বুলিহে চলাব নোৱাৰে? আমি ভাবিছিলোঁ মহাৰাজৰ নিচিনা ক্ষমতাশালী ৰজাই ঠিক ইয়াকো চলাব পাৰিব। এতিয়াহে বুজিলোঁ, মহাৰাজৰ সেইটো ক্ষমতা নাই। ৰজাই তাঁতীহঁতৰ কথা শুনি ঠিক বুলি বুজি সিহঁতক এৰি দিলে আৰু সেইদিনাৰপৰা ৰাতিক দিন কৰা আৰু দিনক ৰাতি কৰা হুকুম ৰদ কৰিলে। তাঁতীকেইটাই সোণ, ৰূপ, হীৰামুকুতাবোৰ লৈ সিহঁতৰ দেশলৈ উভতি গল।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top