কাহিনী: ভূত আৰু বাঢ়নী | Bhoot Aru Barhoni

ভূত আৰু বাঢ়নী কাহিনী | Bhoot Aru Barhoni, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, ভূত আৰু বাঢ়নী গল্প, সাধুকথা, অসমীয়া কাহিনী, ভূত আৰু বাঢ়নী কথা, শিশুৰ বাবে কাহিনী

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

এক বামুণ আছিল। সংসাৰত বামুণৰ এজনী ঘৈণীয়েকৰ বাদে আৰু আপোন বুলিবলৈ কোনো নাছিল। বামুণৰ অৱস্থাও  ভাল নাছিল; খুজি মাগি কোনোমতে তেওঁ পেট প্ৰৱৰ্তাছিল আৰু প্ৰায় দুভাগ লঘোণে থাকিব লগাত পৰিছিল। তাৰ উপৰি ঘৈণীয়েকজনাওঁ বৰ ডাকু তিৰোতা আছিল। কেতিয়াবা বামুণ শুদা হাতে ঘৰলৈ উভতিলে তিতা মাত কথাৰে বামুণীয়ে বামুণৰ তৎ এৰুৱাই দিছিল।

এদিন গধূলি বামুণ শুদা হাতে ঘৰলৈ উভতিব লগাত পৰিল। আৰু আগদিনাও গিৰিয়েক ঘৈণীয়েক দুয়ো লঘোণে আছিল। সেইদৰে গিৰিয়েক শুদা হাতে ঘৰলৈ উভতা দেখি বামুণীয়ে উগ্ৰমূৰ্ত্তি ধৰি বামুণক মাৰিবলৈ বাঢ়নী এডাল লৈ খেদি আহিল। বামুণে গতি বেয়া দেখি ৰজাৰ নগৰৰ ফালে লৰ ধৰিলে। বামুণীয়ে খঙত একো নেপাই, ওচৰত থকা আঁহত গছ এজোপাতে বাঢ়নীৰে কোব ধৰিলেহি। দৈৱ ক্ৰমে সেই গছজোপাত এটা ভূত আছিল। বামুণীয়ে গছজোপাত বাঢ়নীৰে কোবোৱা দেখি ভূতে ভাবিলে বামুণীয়ে মোকহে বাঢ়নীৰে মাৰিবলৈ আহিছে, ইয়াকে ভাবি ভূতে ভয় খাই তাৰপৰা পলাই ৰজাৰ নগৰ উলালগৈ। 

এদিন বামুণ ৰজাৰ নগৰৰ বজাৰত ফুৰোতে ভূতে তেওঁক দেখা পাই আঁতৰলৈ মাতি নি সুধিলে, “তুমি সেই বাঢ়নী দেখি পলাই অহা বামুণ নোহোৱা নে?” বামুণে আচৰিত হৈ কলে, হওঁ! তুমি নো কোন?” ভূতে কলে, “সেইদিনা তোমাৰ ঘৈণীয়েৰাই বাঢ়নী লৈ তোমাক মাৰিবলৈ অহাত তুমিতো পলাই সাৰিলা, তাৰ পিছত তেওঁ খঙত একো নেপাই মই থকা গছজোপাতে বাঢ়নীৰে কোব ধৰিলেহি, মোকো মাৰে বুলি ভয়ত মই পলাই আহি এইখিনি পাইছোহি। এতিয়া তোমাৰে মোৰে একে দশা, সেইদেখি তোমাৰ মই অলপ উপকাৰ কৰিব খোজোঁ। মই এই নগৰৰ মন্ত্ৰীৰ জীয়েকক ধৰিমগৈ; মন্ত্ৰীয়ে অনেক চিকিৎসা কৰাব, অনেক বেজ গীয়ানী লগাব, কোনোমতেই মই নেৰো, কিন্তু তুমি কোনোমতে সেই ঠাইত হাজিৰ হলেই এৰি গুচি যাম। তেতিয়া মন্ত্ৰীয়ে তোমাক অনেক ধন সম্পত্তি দিব, তাৰে তুমি সুখেৰে খাই বৈ থাকিব পাৰিবা। তাৰ পিছত মই ৰজাৰ জীয়েকক ধৰিম গৈ; কিন্তু তুমি তালৈ কেতিয়াও নেযাবা; গলেই তোমাক মাৰিম। কাৰণ মই ৰজাৰ জীয়েকক ভাল পাওঁ।”

বামুণৰ লগত ভূতৰ এইদৰে কথা বতৰা হোৱাৰ পিছদিনা সকলোৱে দেখিলে, মন্ত্ৰীৰ জীয়েকক ভূতে ভূতে পাই বলিয়া কৰিছে। মন্ত্ৰীয়ে অনেক চিকিৎসা কৰাইছে, অনেক বেজ গীয়ানী লগাইছে তথাপি কোনোমতে জীয়েক ভাল হোৱা নাই। শেহত মন্ত্ৰীয়ে কৈ দিলে যে যেয়ে তেওঁৰ জীয়েকক ভাল কৰিব পাৰিব তাকে তেওঁৰ আধা সম্পত্তিৰে সৈতে জীয়েকক বিয়া দিব। তাৰ পিছদিনা ৰাতিপুৱা বামুণে  সন্ন্যাসীৰ বেশ ধৰি মন্ত্ৰীৰ পদূলিমূৰত টহল দিবলৈ ধৰিলে। এটা লগুৱাই তাকে দেখি মন্ত্ৰীৰ আগত কোৱাত, মন্ত্ৰীয়ে বামুণক জীয়েকক ভূতে পোৱাৰ কথা কলে আৰু ভাল কৰিব পাৰিব নে নোৱাৰে বুলি সুধিলে। বামুণে মনে মনে হাঁহি “বাৰু এবাৰ চাওঁচোন ” – বুলি কলে। এই কথাত মন্ত্ৰীয়ে বামুণক জীয়েক থকা কোঠালিলৈ লৈ গল আৰু তেওঁলোক তাত সোমোৱা মাত্ৰকে “ঔ নাহিবি ঐ! মই যাওঁ ঐ!” – বুলিয়েই মন্ত্ৰীৰ জীয়েক মাটিত পৰি গল। তাৰ পিছত তেওঁ সুস্থ হৈ আগৰ দৰে সকলোৰে লগত কথা বতৰা হবলৈ ধৰিলে। মন্ত্ৰীয়ে দেখি বামুণৰ ওচৰত বৰ সন্তুষ্ট হল আৰু পূৰ্বৰ কথামতে বামুণৰ লগত জীয়েকক বিয়া দিলে।

সিফালে সেই দিনাই ভূতে মন্ত্ৰীৰ জীয়েকক এৰি ৰজাৰ জীয়েকক ধৰিলেগৈ। ৰজাৰ ঘৰত হুলুস্থূল লাগি পৰিল। কত বেজ লাগাইছে, কত দৰৱ জাতি খুৱাইছে, তথাপি কোনোমতেই একো হোৱা নাই। শেহত ৰজাই নগৰত ঢোল পিটি শুনাই দিলে যে যিয়ে তেওঁৰ জীয়েকক ভাল কৰিব পাৰিব তাকে তেওঁৰ অৰ্দ্ধৰাজ্য দি দিয়েকক বিয়া দিব। এই জাননী পাই আশাত কত মানুহ গল, কত আহিল ৰজাৰ ঘৰলৈ, কিন্তু কোনোৱে ৰজাৰ জীয়েকক ভাল কৰিব নোৱাৰিলে। অন্তত মন্ত্ৰীৰৰ জীয়েকক ভূতে পোৱাৰ আৰু তেওঁৰ জোঁৱায়েকে ভাল কৰাৰ কথা শুনি ৰজাই বামুণক মাতি পঠালে। আগৰ কথালৈ মনত পেলাই বামুণ কোনোমতেই নেযায়, ৰজায়ো নেৰে। নোযোৱা দেখি শেহত ৰজাৰ খং উঠি কৈ পঠালে যে সি নাহিলে তাক কটাম। কি কৰিব বামুণ নিৰূপায়; গলেও মাৰে ভূতে নগলেও কাটে ৰজাই; দুয়ো পিনে মৰণ। শেহত বামুণ যোৱাকে ঠিক কৰিলে। বামুণ গৈ যেই ৰজাৰ জীয়েকৰ উলালগৈ, তেতিয়াই ভূতে গৰ্জি উঠিল আৰু কলে, “কি মই হাক দিয়াতো তই আকৌ আহিছ?” তেতিয়া বামুণে কলে, “নহয়, মই সেই কাৰণে অহা নাই, আন কথা এটাৰ নিমিত্তেহে আহিছোঁ, তোমাৰ কাণে কাণেহে কব পাৰিম।” ভূতে “বাৰু কি কথা ক” – বোলাত বামুণে ৰজাৰ জীয়েকৰ কাণৰ ওচৰত ফুচফুচাই কবলৈ ধৰিলে – “সেই আগৰ মোৰ তিৰোতাজনীয়ে মই ইয়াত থকা গম পাই বাঢ়নীটাৰ লৈ খেদি আহিছে!” এই মই পলাই আহিছোঁ! তোমাকো তাই মাৰে বুলিহে লৰি কবলৈ আহিছিলোঁ!” এই কথাত ভূতে বিচুৰ্তি খাই “ইয়ালৈকে আহিছেনে?” কোনখিনি পাইছেহি?” – বুলি দুধিলে। বামুণে “মই বাটত দেখি আহিছিলোঁ; এতিয়া পদূলি সোমাব পায়! এইবুলি কোৱা মাত্ৰকে ৰজাৰ জীয়েকক ভূতে এৰি ভিৰাই ধৰি লৰ মাৰিলে আৰু তাৰ পিছত ৰজাৰ জীয়েকো ভাল হল। ৰজাই পূৰ্বৰ প্ৰতিজ্ঞামতে বামুণক আধা ৰাজ্য যৌতুক দি তেওঁৰে সৈতে জীয়েকক বিয়া দিলে। ইয়াৰ পিছত বামুণে সুখেৰে খাই বৈ দিন কটাবলৈ ধৰিলে।

NOTE: কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। ভূত আৰু বাঢ়নী এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। এটা ভূত আৰু বাঢ়নী মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। ভূত আৰু বাঢ়নী এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।  

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top